সাম্প্ৰতিক সময়ত জযমতী, মূলাগাভৰু আৰু সতী সাধিনীৰ দৰে মহীয়সী নাৰীৰ প্ৰাসংগিকতা — নাং ৰুমী বৰা চেতিয়া


      ইতিহাসৰ পাতত জিলিকি থকা মহান ব্যক্তি সকলৰ  লগতে এনে কেইগৰাকীমান বীৰাঙ্গনা আছে যিকেইগৰাকীৰ আত্মবলিদানেৰে নিজৰ জাতি আৰু দেশ মাতৃক ৰক্ষা কৰি গৈছে ৷ অসমৰ ইতিহাসৰ কেইগৰাকীমান বীৰ বীৰাঙ্গনা হৈছে - আহোম ৰাজত্বৰ জাতীয় বীৰ লাচিত বৰফুকন, মূলাগাভৰু,  সতী জয়মতী কোঁচ বংশৰ চিলাৰায় , চুতীয়া ৰাজ্যৰ ৰমনী সতী সাধিনী,  প্ৰাক স্বাধীনতা কালৰ যুঁজাৰু পিয়লিফুকন , কনকলতা,  কুশল কোঁৱৰ আদি বীৰৰ বীৰত্বক,  সতীৰ সতীত্বক শ্ৰদ্ধা আৰু সন্মান যাচিলেহে এটা জাতিৰ জাতীয় চেতনা বৃদ্ধি পায় আৰু উত্তৰ সুৰীয়ে সেই আদৰ্শ গ্ৰহণ কৰি জাতীয় চেতনাত উদ্বুদ্ধ হ'ব পাৰে ৷ বৰ্তমান জটিল সন্ধিক্ষণত অসমীয়া নাৰীৰ মানসত সতীজয়মতী, মূলা গাভৰুৰ দৰে আত্মত্যাগী বিৰাঙ্গনাৰ পুনৰ পৰ্যালোচনাৰ প্ৰাসংগিকতা আহি পৰিছে ৷ বৰ্তমান অসমীয়া সমাজত আধুনিক সভ্যতাক দোহাই দি নাৰী সকলে ৰীতি নীতি জাতীয় পৰম্পৰাক বিসৰ্জন দি গোটেই সমাজ ব্যৱস্হাটোক বিপথগামী কৰিছে ৷ ছশ বছৰীয়া অসম ৰাজত্বকালত আহোম বুৰঞ্জীত জিলিকি থকা সতী জয়মতীয়ে নিজৰ বংশ ৰক্ষা, জাতি ৰক্ষা আৰু দেশ ৰক্ষাৰ কাৰণে জীৱন বিসৰ্জন দিয়া সৰ্বজন বিদিত ৷ প্ৰৱল প্ৰতাপী চাওলুং ছ্যুকাফাই প্ৰতিষ্ঠা কৰা বৃহত্তৰ আহোম সাম্ৰাজ্যত যেতিয়া ষড়যন্ত্ৰ আৰু অন্তঃকন্দলত জৰ্জৰিত হৈ বেলি নুমাও নুমাও অৱস্হা হৈছিল জয়মতূৰ দৰে ধৈৰ্য্যশীল , সহনশীল নাৰীৰ আত্মত্যাগে পুনৰ অস্তমিত ৰাজতন্ত্ৰক উদয় হোৱাক সহায় কৰিছিল ৷ জয়মতী আছিল বহুবলী তুংখুঙীয়া ফৈদৰ ৰাজকোঁৱৰ গদাধৰ সিংহৰ পত্নী আৰু মাদুৰি চহৰৰ লাইথেপেনা বৰগোঁহাই আৰু চন্দ্ৰদাৰু আইদেউৰ জীয়ৰী ৷ লালুকসোলা বৰফুকনে কম বয়সতে চুলিকফাক লৰা ৰজা নাম দি ৰাজপাটত বহুৱাই নিজে শাসন কৰিব ধৰিলে আৰু এই ষড়যন্ত্ৰত বলি কৰা ৭ জন ৰজাৰ মৃত্যু ঘটাইছিল ৷ গদাধৰ সিংহৰ পিতৃ তথা জয়মতী কুঁৱৰীৰ শহুৰেকৰ মৃত্যু হৈছিল ৷ তেওঁ মাত্ৰ ৭ দিনহে ৰজা হবলৈ পাইছিল এই কথায়ে কোমল অন্তৰৰ জয়মতীক বৰকৈ আঘাট দিছিল ৷ ৰজা হৈয়ে চুলিকফায়ে লালুকসোলা বৰফুকনৰ কথামতে ৰাজলক্ষণ যুক্ত ৰাজকোঁৱৰৰ অংগক্ষত কৰা আৰম্ভ কৰিছিল ৷ সেই সময়ৰ প্ৰচলিত নীতি মতে নিৰ্ঘুণী সুন্দৰ সুস্বাস্হ্যৰ ৰাজকোঁৱৰহে ৰজা হব পাৰিছিল ৷ এনে নীতি অৱলম্বন কৰি চুলিকফাই ৰাজসিংহাসন নিষ্কণ্টক কৰিব বিছাৰিছিল ৷ সেয়ে জয়মতীয়ে গোবৰ ৰজাৰ পুতেক নিজৰ স্বামীৰ গদাপানিক নগাপাহাৰলৈ পলোৱাই পথালে ৷ চুলিকফাৰ সৈন্যয়ে গদাপানিক বিচাৰি নাপাই জয়মতীক লৈ গ'ল ৷ ৰাজসভাত চুলিকফা বা ল'ৰা ৰজাই  জয়মতীক গদাপানিৰ কথা সোধাত একো মাতকে উলিয়াব নোৱাৰিলে ৷ ল'ৰা ৰজাৰ খং উঠি চাওদাঙক জেৰেঙা পথাৰত জয়মতীক গদাপাণিৰ সম্ভেদ উলিয়াবলৈ শাস্তিৰ নিৰ্দেশ দিলে ৷ চাওদাঙে গছত বান্ধি জয়মতীক গৰম লোহা লগোৱা, গৰম পানী ঢালি,  চোৰাত পাতে কোবোৱা আদি অনেক নিৰ্য্যাতনৰ খবৰ শুনি গদাপাণি নগাপাহাৰৰ পৰা নগাৰ ভেশ ধৰি চাবলৈ আহিছিল , কিন্তু জয়মতীয়ে স্বামীক চিনিব পাৰি য'ৰ মানুহ তলৈ গুছি যাওঁক বুলি ইংগিত দিলে ৷ জয়মতীৰ সেই অসীম ধৈৰ্য্য কেৱল সম্ভৱ হৈছিল তেওঁৰ অগাধ পতিভক্তিৰ লগতে আহোম ৰাজ্যক লৰা ৰজা অত্যাচাৰৰ পৰা পৰা মুক্ত কৰি পুনৰ শান্তি প্ৰতিষ্ঠা কৰা ৷ শেষত ১৫ দিন অকৰ্থ্য নিৰ্য্যাতনৰ পিছত লাই আৰু লেচাই নামৰ দুটি সন্তানক এৰি জয়মতীৰ মৃত্যু হৈছিল ৷ ল'ৰা ৰজাৰো অত্যাচাৰ দিনক দিনে বাঢ়ি যোৱাত সকলো ডা-ডাঙৰীয়া লগ-লাগি ১৬৮১ খ্ৰীষ্টাব্দত গদাপাণিক ৰাজসিংহাসনত বহুৱাইছিল ৷ গদাপাণিয়ে হিন্দুমতে গদাধৰ সিংহ নাম লৈ সিংহাসনত বহিল ৷ দেশলৈ পুনৰ শান্তি ঘূৰি আহিল ৷ এই মহান মহীয়সী নাৰীগৰাকীৰ আত্মত্যাগৰ কাহিনীয়ে বৰ্তমান নাৰী সমাজক বংশ প্ৰেম জাতিপ্ৰেম আৰু পতিভক্তিৰ চূড়ান্ত নিদৰ্শনে যুগে যুগে অনুপ্ৰাণিত কৰিব ৷
ইতিহাসৰ পাত শুৱনি কৰা আৰু অন্য দুগৰাকী মহান নাৰী হৈছে বীৰাংগনা মূলাগাভৰু আৰু সতী সাধিনী ৷ আহোম কুঁৱৰী মূলাগাভৰু আছিল চুহুংমুং ৰজাৰ দিনৰ মন্ত্ৰী ফ্ৰাচেং মুং বৰগোঁহাইৰ পত্নী,  যাৰ বীৰত্বৰে মোগল সৈন্যক পৰাভূত কৰিছিল ৷ যিগৰাকী নাৰীৰ জাতি প্ৰেম দেশ প্ৰেমে আহোম ৰাজ্যক মোগল সাম্ৰাজ্যৰ লগত চামিল হোৱাৰ পৰা ৰক্ষা কৰিছিল ৷ মোগল সেনাপতি তুৰ্বকে অসম আক্ৰমণ কৰিবলৈ বিশাল সৈন্য বাহিনীৰে আগবাঢ়ি আহিল ৷ ৰজাই ফ্ৰাচেংমুং বৰগোঁহাইক সেনাপতি পাতি তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ নিৰ্দেশ দিলে ৷ স্বামীয়ে কবচ কাপোৰ বিচৰাত মূলাগাভৰু ঋতুমতী হৈ থকাত কবচ কাপোৰ বৈ দিব নোৱাৰিলে ৷ বিশ্বাস আছিল যে যুদ্ধলৈ গ'লে কবচ কাপোৰ পিন্ধি গ'লে শত্ৰুৱে অনিষ্ট কৰিব নোৱাৰে ৷ মূলাগাভৰুৱে কবচ বৈ দিব নোৱাৰিলেও দেশ ৰক্ষাৰ স্বাৰ্থত ফ্ৰাচেংমুং বৰগোঁহাইয়ে মোগলৰ সেনাপতি তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাজু হ'ল ৷ তুৰ্বকৰ বিশাল সু-সজ্জিত সৈন্যবাহিনীৰ ওচৰত দুৰ্ভাগ্যক্ৰমে ফ্ৰাংচেংমুং বৰগোঁহাই পৰাজয় বৰণ কৰি মৃত্যু ঘটিল ৷ এই খবৰ পাই আহোম ৰমণী মূলাগাভৰু  স্হিৰেৰে থাকিব নোৱাৰিলে ৷ কবচ কাপোৰ বৈ দিব নোৱাৰাৰ আঘাটত আৰু দেশ ৰক্ষাৰ স্বাৰ্থত সৈণ্যৰ বিৰুদ্ধে ৰণ হুংকাৰ দি ঘোঁৰাত উঠি যুদ্ধ কৰিবলৈ সাজু হ'ল ৷ স্বামী হন্তা তুৰ্বকক প্ৰতিশোধ ল'বলৈ অশেষ কষ্ট কৰিলে ৷ সুদ্ধত অসীম সাহসেৰে যুঁজ দি শেষত প্ৰাণ বিসৰ্জন দিয়ে ৷ মূলাগাভৰুৰ আগমণে আহোম সেনানীক শক্তি দিয়াত পুনৰ আহোম সেনাই যুদ্ধ কৰি মোগলক খেদি পঠিয়াই ৷ শেষত মোগল সেনাপতি তুৰ্বকৰ কনচেং বৰপাত্ৰ গোঁহাইৰ হাতত শিৰচ্ছেদ হয় ৷ মূলাগাভৰুৰ বীৰত্বৰে আহোম সেনানীয়ে হৃত শক্তি ঘূৰাই পাই মোগলক খেদি পঠাই আহোম ৰাজ্যক ৰক্ষা কৰিলে ৷ মূলাগাভৰুৰ বীৰত্বৰ অবিহনে ফ্ৰাচেংমুং বৰগোঁহাইৰ মৃত্যুৰ পিছতেই আহোম সম্ৰাজ্য মুছলমানৰ হাতলৈ গ'লহেঁতেন ৷ এই মহান মহীয়সী নাৰী গৰাকীৰ আত্ম বলিদান তথা দেশ প্ৰেমৰ বাবেই আহোম ৰাজ্য বিদেশী কবলৰ পৰা ৰক্ষা পৰিছিল ৷ এই মহান বীৰাংগনা গৰাকীৰ বীৰত্ব পতিভক্তি আৰু দেশপ্ৰেম অসমবাসীৰ লগতে নাৰী সমাজৰ আদৰ্শ হৈ ৰ'ব ৷
         অসম বুৰঞ্জীৰ পাতত নিজৰ দেশ জাতি আৰু দেশৰ বাবে জীৱন আত্মহুতি দিয়া অন্য এগৰাকী নাৰী হৈছে সতী সাধনী চুতীয়া  ৰজা ধীৰ নাৰায়ণৰ একমাত্ৰ জীয়ৰী ৷ নি: সন্তান ৰজা আৰু ৰাণীয়ে সাধনা কৰি কৰি সন্তানটো পোৱাৰ বাবে নাম ৰাখিছিল সাধনী ৷ সমন্বয়ৰ যোগেদি সাধাৰণ পৰিয়ালৰ সন্তান নীতাইয়ে সাধনীক লাভ কৰিছিল ৷  সাধনীক বিয়া পাতি নীতায়ে নীতিপাল নাম লৈ ১৫২২  খৃঃত চুতীয়া ৰাজ্যৰ বৰ্তমান শদিয়া (কুণ্ডিলৰ) ৰাজ সিংহানত বহে ৷ সাধাৰণ ঘৰৰ ল'ৰা নীতায়ে ৰাজকাৰ্যৰ মূৰ নোপোৱাত আহোম সম্ৰাট চুহুংমুঙে দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি চুতীয়া ৰাজ্য আক্ৰমণ কৰি নীতিপালক হত্যা কৰে ৷ স্বামীৰ মৃত্যুৰ বাতৰি পায় সাধনীয়ে পিতৃ কাব্য পালন কৰি চুতীয়াৰ ৰাজ সম্পদ কুবেৰ দত্তৰ সম্পত্তি বুকুত বান্ধি চন্দনগিৰি পৰ্বতৰ পৰা জাঁপ দি মৃত্যু বৰণ কৰিছিল ৷ সাধিনীৰ এই আত্মত্যাগ আছিল পতিভক্তিৰ নিদৰ্শনৰ লগতে জাতীয় ঐতিহ্যৰ মান ৰক্ষা আৰু জাতিৰ  প্ৰতি থকা গভীৰ স্বদেশ প্ৰেম ৷
ইতিহাসৰ পাতত আত্মবলিদানেৰে জাতীয় জীৱনৰ বাট সোণালী কৰা মহিয়সী নাৰী কেইগৰাকী পতিভক্তিৰ প্ৰেমৰ লগতে আছিল জাতিৰ প্ৰতি দ্বায়িত্ববোধ, দেশ আৰু জাতিৰ প্ৰতি কৰ্তব্য গভীৰ জাতীয়তাবোধ ৷ সতী জয়মতী, মূলাগাভৰু আৰু সতী সাধিনীৰ আত্মত্যাগে আমাক সোঁৱৰাই দিয়ে অতীতৰ প্ৰতি শ্ৰদ্ধাশীল হ'বলৈ ৷ নিজৰ লগতে জাতীয়তা ভাৱধাৰাৰে মানৱীয় মূল্যবোধৰ এখন সুস্থ সমাজ গঢ়িবলৈ প্ৰেৰণা দিয়ে ৷ প্ৰতিগৰাকী নাৰীকে মহীয়ান হৈ দেশ আৰু জাতিক উজ্বল কৰিবলৈ শিক্ষা দিয়ে ৷ সহজলভ্য ধনৰ বিপৰীতে নাৰীয়ে বিভিন্ন কৰ্মত নিয়োজিত হৈ নাৰীৰ পদদলিত সন্মানক ঘূৰাই আনিবলৈ শক্তিৰ যোগান ধৰে ৷ সমাজ আৰু দেশেও এনে নাৰীকহে আগবাঢ়ি অহাতো বিচাৰে যি নাৰীয়ে সমাজক আন্ধাৰৰ পৰা পোহৰ মূখী হ'বলৈ শিক্ষা দিয়ে ৷ এনে নাৰীয়ে যুগে যুগে মৰিও অমৰ হৈ থাকে ৷ শেষত কবি নলিনীবালা দেৱীৰ ভাষাৰে-------
       " আজি ভাৰত ৰণাঙ্গণ,
        আমি কৰিব লাগিব পণ
      অতীত সৌৰ্য্য কাহিনী সুঁৱৰি,
           বান্ধিব লাগিব মন,
     আমি ভাৰতৰ বিজয়ী সেনানী
         নহওঁ শ্ৰান্ত ল'লও জিৰণী
     বুকুৰ তেজেৰে লিখি যাম
           যুগমীয়া অভিধান
        চিৰ গৰৱিনী মাতৃভূমিৰ
       ৰাখিব লাগিব মান ৷" ™
( লেখিকা:  মধ্য যোৰহাট আ: প: সভানেত্ৰী,  মেলেং চাৰিআলি,  যোৰহাট)