সম্পাদকীয় প্ৰসংগ: ঐতিহাসিক হাবুঙ

সম্পাদকীয়

প্ৰসংগ:   হাবুঙ

ঐতিহাসিক হাবুঙ ৷ বৰ্তমান ধেমাজী জিলা অন্তগৰ্ত পশ্চিম ধেমাজী  অঞ্চলত কঢ়া নৈৰ উত্তৰ পাৰত অৱস্থিত চাৰিওফালে এটি ওখ গড়ে  আগুৰা ২৮৫ বিঘা মাটিৰে বিস্তীৰ্ণ ভূখণ্ড ৷ আহোমৰ দেওধাই বুৰঞ্জীমতে ১২৪০ খ্ৰীষ্টাব্দত এই ঠাইতে চাও লুঙ ছ্যু কা ফাই আহোমৰ দ্বিতীয়খন ৰাজধানী স্থাপন কৰিছিল ৷ দেওধাই বুৰঞ্জীত আমি পাওঁ,  " লাকনি ডাপপ্লাও শকত দিহিঙতে ভূৰ থৈ বাম উঠি উজাই গৈ লাখেম, তেলচা,  এই দুই গাঁৱৰ কাষৰত কোঠ দি বহিলহি ৷ লাকনি ৰাইঙ্গি শকত তাতে খুনতঙ্গত থৈ চুকাফা ৰাজা দিহিঙ্গে ভটীয়াই তিপাম পালেহি ৷ লাকনি মুংমাও,  প্লেকচি,  কাচেও এইতিনি লাকনি তিপামতে আছিলে ৷ পাছে তিপামৰ মাটি তল যোৱা দেখি ৰহিব নোৱাৰি বোলে - ' অ'ত থাকিবলৈ ভাল নহয় ৷ ' এইবুলি কানঙ্গনক থৈ চুকাফা ৰাজা দিহিঙ্গে ভটীয়াই আহি দিহিং কাষৰ শলগুৰিত ৰ'লহি ৷ লাকনি,  খুতচিঙা,  ৰুংমত,  তাওচান,  কাৰাও,  কাপমিত এই পাঁচ লাকনি তাতে থাকি বোলে - ' আত মানুহৰ লগ নাই,  শুন্য ঠাই,  থাকিবলৈ ভাল নহয় ৷ ' এই বুলি চুকাফা ৰাজা লুইতে ভটীয়াই হাবুঙত ৰ'লহি ৷  লাকনি ডাপকেও,  ৰাইচ্যেও,  মুংপ্লাও এই তিনি লাকনি তাতে থাকি হালি খেতি কৰি আছিলে ৷ "
             " আদাক দেখি উঠিল গা,  কেটকুৰিয়ে বোলে মোকো খা " প্ৰাপ্ত প্ৰবচন ফাঁকিৰ সত্যতাৰ উন্মেষণ ঘটাই অতি শেহতীয়া ভাৱে নামনি অসমৰ তিনিজনা বিদ্বগ্ধ পণ্ডিতে কিছুদিনৰ আগত অসমৰ খবৰ কাগজত বিবৃতি দিলে বোলে,  হাবুঙখন হেনো কলিতাসকলৰহে ৰাজধানী আছিল,  কলিতাসকলৰ কেইবাটাও পুৰুষে হাবুঙত ৰাজত্ব কৰিছিল ৷ " দেহি ঐ ইমান দিনে তেওঁলোকে ভেৱা লাগিহে আছিল ৷ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে হাবুঙত আহোমৰ কাৰণে দুশ কোটি টকীয়া পেকেজ ঘোষণা কৰোঁতেহে বোপাইহঁতৰ হোঁচ আহিল ৷ চৰকাৰী ধনখিনি উদৰস্থ কৰাৰ মানসিকতাৰে হাবুঙত কলিতা সকলৰ ৰহন সানিবলৈ চেষ্টা কৰা ল'ৰামতীয়া এই পণ্ডিত কেইটাই কব পাৰিবনে প্ৰকৃততে অসমত কলিতা সকলৰ ৰাজ্য কোন খন আছিল?  প্ৰাক আহোম যুগৰ কিবা স্থাপত্য শৈলী অথবা ঐতিহাসিক কিবা তথ্য আছেনে যাৰ দ্বাৰা তেওঁলোকে কলিতা সকলৰ ৰাজ্যৰ ৰাজধানী হাবুঙ বুলি প্ৰমাণ দিব পাৰিব?
          ইতিহাস মনে সজা, কল্প কাহিনীৰে ৰচনা কৰিব নোৱাৰি ৷ ইতিহাস ৰচিত হ'ব লাগিব নিৰ্ভৰযোগ্য প্ৰামাণিক প্ৰাথমিক তথ্যৰ ওপৰত ভিত্তি কৰি ৷  পৌৰাণিক মহাভাৰত, ৰামায়ণ বাদেই দিছোঁ,  আধুনিক ইতিহাসৰ তুলাচনীৰে বিশ্লেষণ কৰিলে প্ৰাক আহোম যুগৰ প্ৰাচীন অসমৰ বহুতো নায়ক-নায়িকাৰ চৰিত্ৰ লুপ্ত হৈ যোৱাৰ  আকংশাই সৰ্বাধিক ৷ বিশেষকৈ কলিতাসকলে দাবী কৰা তেওঁলোকৰ পূৰ্বপুৰুষ নৰকৰ পৰা আৰম্ভ কৰি বহুতো বংশৰ অস্তিত্ব সমসাময়িক সময় চোৱাৰ কোনো তথ্যই প্ৰাথমিক তথ্যৰ ওপৰত আধাৰিত নহয় ৷ নামনিৰ সেই লৰামতীয়া পণ্ডিত তিনিজনলৈ আমাৰ অনুৰোধ আহোমৰ ঐতিহ্যৰ ওপৰত নিজৰ আধিপত্য দেখুওৱাবলৈ যোৱাৰ আগত নিজৰ ইতিহাস ভালদৰে অধ্যয়ন কৰক ৷