কৃতজ্ঞতা


       সমূহ জ্ঞাতিবৰ্গলৈ কৃতজ্ঞতা জ্ঞাপন কৰি আজি আমি  জনাবলৈ পাই সুখী হৈছো যে টাই আহোমৰ ভাষা সংস্কৃতি বিষয়ক সামৰি অনলাইন যোগে প্ৰকাশিত প্ৰথমখন অনলাইন  আলোচনী লগতে ডয় পাটকাই সমাজৰ মুখপ্ৰত্ৰ ৰুপে প্ৰকাশিত  " খ্বনমৗঙ " ৰ সৰ্বমুঠ পাঠকৰ সংখ্যাই ৫০ হাজাৰ অতিক্ৰম কৰিলে ৷ এই আপাহতে সমূহ পাঠকবৃন্দলৈ আমাৰ ধন্যবাদ জ্ঞাপন কৰিলো ৷ লগতে সম্পাদনাৰ লগত জড়িত প্ৰতিজন শুভাকাংক্ষীলৈ আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিলো ৷ জাতিটোৰ কৃষ্টি-সংস্কৃতিৰ প্ৰসাৰৰ আমাৰ এই যাত্ৰাত বিভিন্নজনে মূল্যৱান দিহা-পৰামৰ্শ আগবঢ়াই সহায় সহযোগ কৰা প্ৰতিজন অগ্ৰজ- অনুজলৈ আমাৰ ধন্যবাদ জনালো ৷ অনাগত দিনতো আমাৰ এই যাত্ৰা অব্যাহত থাকিব নিৰন্তৰ গতিৰে,
         পে অঙ লে ম্যুঙ ডুন ছুন খাম ৷
ধন্যবাদেৰে,
                সম্পাদনা সমিতি,  খ্বন মৗঙ ৷