ঐতিহাসিক সোন্দৰপুখুৰীৰ পম খেদি — চাও দেৱজিৎ বৰগোঁহাই , শিৱসাগৰ



বহু বছৰৰ আগৰ এটা পুখুৰী । এতিয়া পুখুৰী টোৰ নাম খুউব কমকৈহে শুনিবলৈ পোৱা যায় । সম্ভৱ পুখুৰীটো ১৫৬৫~৬৬ খৃঃ মানৰ হ'ব । এই পুখুৰীটোত কিছুমান কিম্বন্দতি আছে বুলি শুনিবলৈ পোৱা যায় যিবোৰ এতিয়া আলোচনা কৰা বিষয় । আহোম স্বৰ্গদেউ বা ডা ডাঙৰীয়াই সকলে প্ৰজাৰ হিতাৰ্থে বাট পথ ,পুখুৰী আৰু দৌল দেৱালয় নিৰ্মাণ কৰোৱাইছিল । তাৰেই মাজৰ এটা পুখুৰী । নাম সোন্দৰ পুখুৰী । অধিকাংশ  বুৰঞ্জীতে এই পুখুৰী টোৰ বিষয়ে তথ্য পাবলৈ কঠিন ।
পুখুৰী টো তেতিয়াৰ ৰাজধানী গড়গাঁও চহৰৰ পৰা প্ৰায় ৮ কিঃমিঃৰ দক্ষিণ পূবত থকা নগা আলি আৰু দিখৌ নৈৰ মাজত অৱস্থিত । পুখুৰী টোৰ মাতি কালি প্ৰায় ৪৮৫ ফুট ✗ ৪০৫ ফুট । আহোম ৰাজত্ব কালৰ আনবোৰ পুখুৰী দৰে এইটো পুখুৰী চৌপাশে যমুনা দেখিবলৈ পোৱা নাযায় যদিও আছিল সংৰক্ষণৰ অভাৱত তাৰ অৱস্থা শোচনীয় । পুখুৰী টোৰ নাম এজন আহোম ৰাজসভাৰ বিষয়াৰ নামত ৰখা হৈছিল । তেওঁৰ নাম সোন্দৰ বৰগোঁহাই । তেওঁ চাওফা চুখাম ওৰফে খোৰা ৰজা আৰু চাওফা চুচেন ওৰফে প্ৰতাপ সিংহৰ দিনত নাওবৈচা ফুকন আছিল । তেঁওৱে প্ৰথম জন নাওবৈচা ফুকন আছিল । সোন্দৰ বৰগোঁহাই সলাল ফৈদৰ আছিল । তেওঁক আজু বৰগোঁহাই , আপচু বৰগোঁহাই , ভীম বৰগোঁহাই বুলিও জনা যায় । সাতসৰী অসম বুৰঞ্জীত তেওঁক আচপু গোহাঁই বুলি উল্লেখ কৰিছে । হিতেশ্বৰ বৰবৰুৱাই লিখিছে "আপচু গোহাঁই দেখনিয়াত বৰ ৰূপহ আছিল । এতেকে বেহাৰত সোন্দৰ বুলিলে "।
তেতিয়া দৰঙীয়া ৰজা বিশ্ব সিংহ আহোমৰ কৰতলীয়া ৰজা আছিল । আৰু তেওঁ স্ব ইচ্ছাৰে আহোমৰ কৰতলীয়া হৈছিল । তাৰ পিছত পুতেক চিলাৰায়ে স্বাধীন হবৰ বাবে আহোমৰ সৈতে যুদ্ধ আৰম্ভ কৰিলে । আহোমে আহোম সৈন্য সকলক ছদ্মবেশী বামুণ সজাই যুদ্ধ লৈ পঠিয়ালে । " চিলাৰায় সৈন্যই ৰণত বামুণ মাৰিব যেন দেখি ৰণ নকৰি হুহুকি গ'ল ৷ আহোমৰ ৰণৰকৌশল বুজিব পাৰি চিলাৰায়ে এবছৰৰ পাছত আহোমক এশিকনি দিবৰ বাবে সসৈন্যই আগুৱাই আহি মেছাঘৰত ৰ'লহি । (আহোমৰ দিন পৃ ৮২) । আহোম সৈন্য পিছুৱাই আহিবলৈ বাধ্য হ'ল । তিনি মাহৰ পিছত দুয়ো পক্ষৰ মাজত সন্ধি চুক্তি হ'ল । চুক্তি অনুসৰি আহোমে কোঁচ ৰজাক ধন - সোণ , হাতী ইত্যাদি দিব লগা হ'ল আৰু সুগম ৰাজকোঁৱৰ আৰু বৰগোঁহাইৰ  ডাঙৰীয়াৰ ভতিজাক আপচু গোহাঁইকে আদি কৰি ডা ডাঙৰীয়াসকলৰ এটা এটা ল'ৰা দিয়াত চিলাৰায়ে ৰণথলীৰ পৰা ল'ৰাবিলাক লৈ দেশলৈ গ'ল । (অসম বুৰঞ্জী পৃ ৯৮ ) তেনেকৈয়ে সোন্দৰ গোঁহাই চিলাৰায়ৰ হাতত বন্দী হৈছিল ।
আহোম ৰাজ্য জয় কৰা পাছত চিলাৰায়ে গৌড় ৰাজ্য আক্ৰমণ কৰে । চিলাৰায় গৌড় ৰজাৰ হাতত বন্দী হয় । তেতিয়া তেওঁৰ চিন্তা কৰিলে "এইসময়ত যদি অসম লোকজন সহিতে আহি আমাৰ দেশ কামৰূপ মাৰেহি , পাছে কি কৰা যাব "(আহোমৰ দিন পৃ ৯৮)। সেয়ে তেওঁ পত্র যোগে নৰনাৰায়ণক উপদেশ দিলে যে স্বৰ্গদেউৰ মানুহ কেইজনক এৰি পঠাই দিয়ক যিহেতু আমিয়েই আগতে আমাৰ মাজৰ ওল আনিছিলো তাৰবাবে আমাৰ এজনী কন্যা দি পঠাওক । নৰনাৰায়ণে তেতিয়া বুদ্ধিৰে পাশা খেলত সোন্দৰ গোঁহাইৰ লগত হাৰি তেওঁলোকক মুক্তি কৰি দিলে । এনেধৰণে সোন্দৰ বৰগোঁহাই মুক্তি হ'ল । সোন্দৰ বৰগোহাঁই মুক্ত হৈ ৰাজধানী লৈ আহিল চাওফাই সুখী হৈ তেওঁক নাওবৈচা ফুকন পাতিলে আৰু তেতিয়াৰ পৰাই আহোম ৰাজতন্তত এই বিষয় বাবৰ প্ৰচলন হয় । আৰু সেই দেশৰ ৰীতি নীতি আৰু মূৰ্তি পূজা পাতলৰ কথা শুনি আমাৰ দেশতো প্ৰৱৰ্ত্তন কৰিছিল ।
সেইসময়ত কছাৰী আৰু জয়ন্তীয়া ৰজা মাজত বিভেদ আছিল । কছাৰী সকলক প্ৰতিশোধ লবলৈ মনস্থ কৰি আহোম স্বৰ্গদেউ প্ৰতাপ সিংহলৈ এজনী ৰাজকুমাৰী দি বন্ধুত্ব কৰিবলৈ বিচাৰিলে এটি চৰ্ত অনুসৰি । চৰ্ত টো আছিল "ৰাজকুমাৰীক কছাৰী ৰাজ্যৰ মাজেৰে নিব লাগিব ।" কছাৰী ৰজা অমান্তি হ'ল ।
গাঁও, ধৰ্ম পুৰ ,লাহোৰ,হাকিম সকলোকে পৰাস্ত কৰি ডেমেৰাত কোঠ মাৰিলে । জয়ন্তীয়া ৰাজকুমাৰীক অনাৰ বাবে সোভা তামুলী গৈছিল । আৰু আদেশ গ'ল কন্যাৰ লগত সোন্দৰ বৰগোহাঁই ঘুৰি নাহিবলৈ । কন্যাৰ লগতে অনেক ৰণুৱা ৰাজধানী লৈ ঘুৰি আহিল । আহিব নোপোৱা দূখত সোন্দৰ বৰগোঁহায়ে কলে ৰণত মৰিলেও মৰা ,গড়গাওঁলৈ গলেও মৰা । বাটৰ কাঁইট আতৰত ৰাখি সোন্দৰ বৰগোঁহাইৰ পত্নীক বিয়া কৰালে । সেই লাজতে সোন্দৰ বৰগোহাঁইৰ দুই পুতেক আখেক বৰগোঁহাই আৰু কেৰা বৰগোঁহাই বঙাললৈ পলাই গ'ল । স্বৰ্গদেউ ৰ আদেশ অনুসৰি বৰগোঁহাই দেৱে কছাৰীৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিলে । আৰু কিছু দিনৰ পাছত কছাৰী ৰজাই সন্ধি কৰিবলৈ প্ৰস্তাৱ দিলে । কিন্তু পুতেক ভীমবল কুমাৰে ৰজাক কলে যে এই কামত তুমি সাত দিন সময় লোৱা । সেই সময়ত সোন্দৰ বৰগোঁহাই ঘৰৰ দুঃকীৰ্তি শুনি অসাৱধান হৈ কোঠতে আছিল । সেই কথা জানি কছাৰী সৈন্যই গোপনে আহি আমাৰ হিলৈৰ মুখত পানী ভৰালে । আৰু তাৰ পিছত সোন্দৰ বৰগোঁহায়ে হিলৈত জুই দিবলৈ গৈ গম পালে তাত পানী ভৰালে  ৷ তেওঁ কপিলী নৈ পাৰহৈ দৈয়াঙৰ কাষত থকা কাইটনি হাবিত লুকাই থাকিল । কছাৰী সৈন্যই বিচাৰি বিচাৰি তেওঁক পালে আৰু খুচি মাৰিলে । এনেদৰে তেওঁৰ মৃত্যু হল ১৫২৮ শকত ।