চাও নূৰু চাও কাও ঐ, মহিমাময়ী হাবুং — চাও তোষেশ্বৰ ফুকন


     ৰূ-লাই,
     ঐতিহাসিক আৰু মহিমাময়ী হাবুং ৷ বৰ্তমান ধেমাজি জিলাৰ অন্তৰ্গত, পশ্চিম ধেমাজি অঞলৰ কঢ়া নৈৰ উত্তৰ পাৰত অৱস্থিতি চাৰিওফালে এটা গড়ে আগুৰা ২২৫ বিঘা মাটিৰ বিস্তৃৰ্ণ ওখ ভূখণ্ড ৷ ইয়াৰ মাজত আৰু এটি গড় আছে ৷ এই ভিতৰৰ গড়টি খহি যোৱা দেখা গৈছে ৷ তাতেই এটি ভেটি আছে যাক তাই ভেটি বুলি কোৱা হয় ৷
         এই হাবুঙৰ বিষয়ে বহুজনে বহু মতামত পোষণ কৰিছিল যদিও ইং ১৯৯০ চনৰ ১৪ এপ্ৰিল তাৰিখত সেই সময়ত ধেমাজী জিলাৰ অতিৰিক্ত উপায়ুক্ত মান চাও নগেন হাজৰিকাদেউৱে এই টাই ভেটিক হাবুং নামাকৰণ কৰি ৰাজহুৱা ভাবে ঘোষণা কৰে ৷
         বুৰঞ্জীৰ বিচাৰ মতে ১২১৪ চনত এই ঠাইতে আহোমৰ প্ৰথমজন ৰজা চাও ল্যুং ছ্যুকাফাই পঞ্চমখন ৰাজধানী পাতিছিল ৷ এই ভেটিৰ ওচৰতে থকা এটি মৈডাম আৰু এটি শ ধোৱা পুখুৰী দেখিবলৈ পোৱা যায় ৷ গড়ৰ সমীপতে থকা আজোহা নামৰ গাওঁত চাও নগেন হাজৰিকাদেউৱে এখনি অতি পুৰণি বুৰঞ্জী পুথিৰ (টাই ভাষাত লিখা) কেইটামান সাঁচিপাতৰ পাত উদ্ধাৰ কৰে ৷ এই পাততে তলত দিয়া ধৰণেৰে আহোম ফৈদৰ সোতৰ ঘৰ ৰাজ পৰিয়ালৰ নাম টাই ভাষাত বৰ্ণনা কৰা আছে ৷ যেনে --  খুন্ তাই এঘৰ, খুন্ লাই চিং এঘৰ, খুন্ লাই তাই অ্ এঘৰ, খুন্ লুং এঘৰ, খুন চিপচী এঘৰ,  খুন্ তৌংজ এঘৰ, খুন্ খুন্ ক্লাজ এঘৰ,  খুন্ কাম মক এঘৰ, খুন্ খৃপ ফা এঘৰ, খুন্ লাং নিম এঘৰ,  খুন্ কিউ ফ্ৰাং এঘৰ, খুন ফেৱ বান এঘৰ,  খুন কাপ ফ এঘৰ,  খুন খেঞ এঘৰ, খুন্ মাং ৰায় এঘৰ,  তাং ক্লাং এঘৰ, তাং-ঙৌন এঘৰ ৷ (১ নং হাবুং আলোচনীৰ পৰা উদ্ধাৰ কৰা হৈছে ৷)
      এইফালৰ পৰা চালে দেখা যায় যে নিশ্চয় এই ঠাইতে এই কেইঘৰ আহোমৰ ৰাজপৰিয়াল চাও ল্যুং ছ্যুকাফাৰ লগত আহি বসবাস কৰিছিল বুলি অনুমান কৰিব পাৰি ৷ সেই সময়তেই গড় বান্ধি ৰাজধানী পাতি কিছুবছৰ বাস কৰি আছিল ৷  কালক্ৰমত চাও লুংজনে এই ৰাজধানী এৰি যাব লগা হ'ল ৷ বৰ্তমান গড়ৰ সমীপত থকা গাওঁ আজোহাৰ পৰা আন এখন বান ছেং পুথিৰ (মন্ত্ৰ  পুথিৰ) কেইটামান পাত উদ্ধাৰ কৰে ৷ টাই ভাষাতে লিখা বান ছেং পুথিৰ সম্পুৰ্ণ অৰ্থ সাহিত্যিক আৰু সংস্কৃতিৰ পণ্ডিত মান পুং দেৱেও স্পষ্ট ভাৱে লিখি উলিয়াব পৰা নাই ৷
      এই অঞ্চলতে কিম্বদন্তি হৈ থকা এফাঁকি কথা আছে - "হাবুঙীয়া বুঢ়াৰ পেটত লাগিল ভোক, এমুঠি আৰৈ চাউল একুৰি ৰূপ ৷" এই কথা ফাঁকি ভালদৰে অনুসন্ধান কৰিলে দেখা যায় যে এই অঞলৰ নাম  নিশ্চয় হাবুং আছিল ৷
         মহিমা ----
         এই হাবুঙতে ১৯৯০ চনৰ ১৭ জুন তাৰিখে হলুং - হফি আধাৰশিলা স্হাপন আৰু লাইখুটা প্ৰতিষ্ঠা কৰাৰ দিনা হালুং ঘৰৰ খুটা পুতিবলৈ গাত খান্দোতে এজন মিস্ত্ৰিৰ হাতৰ আঙুলি এটা হঠাৎ কাটে ৷ ইয়াৰ তেজ চিটিকি পৰিবলৈ ধৰে ৷ কটা ঠাইৰ পৰা তেজ অহৰহ যাবলৈ ধৰাত দেউৰ নামত এটি তামোল পাণ আগবঢ়োৱাতহে তেজ পৰিবলৈ ধৰে ৷ আহোমৰ নীতি মতে কোনো মাঙ্গলিক কাৰ্য কৰিবলৈ হ'লে তেজৰ প্ৰয়োজন ৷ তেজ দিলেহে সেই কাৰ্য সফলকামী হয় বুলি বিশ্বাস৷ এতিয়াও সেইদৰে কোনোৱে দেও পূজা দিবলৈ হ'লে দেওশালত তেজ কুকুৰা,গাহৰি, গৰু,মহ, ছাগলী, পাৎসি কৰি তেজ দিয়ে ৷ উম্ ফা, ৰিক খন্, চাই ফা, খাও খাম্,  মে-ডাম-মে-ফি আদি পূজাত পৃথিৱীৰ পাৰ্থিৱ অপাৰ্থিৱ  আদি কাৰ্যত এই জন্তুৰ আৱশ্যক হয় ৷ সেইদিনা এই কাৰ্যত কেইবাটাও কুকুৰা পাৎসী কৰি পাং পাতি অতীজৰ ডাম সকলৰ নামত পূৰ্জা অৰ্চনা কৰা হৈছিল ৷ এই সময়তে আকাশত অসংখ্য জিঁঞা আহি  গোটেই চাৰিওসীমা আগুৰি আকাশ নেদেখা কৰিছিল ৷ সেই জিঁঞাবোৰ লাই খুটাৰ ওপৰক বহুবাৰ ঘূৰি ঘূৰি উত্তৰ দিশৰ পৰা দক্ষিণ দিশলৈ গতি কৰি উৰি যোৱা দেখা গৈছিল আৰু লগে লগে খাও খামে ধাৰাসাৰে বৰষুণ দি গোটেই ঠাই ডোখৰ পানীৰে চলচলীয়া কৰি দিছিল ৷  বৰষুণ চলি থকা অৱস্হাত যিটো লাইখুটা পোতা হৈছিল,  সেই খুটাটোৰ ওপৰত এজন থূলন্তৰ পুৰুষ  মূৰত পাগুৰি  বগা সাজ পিন্ধি বহি থকা মোৰ লগতে বহুকেইজন লোকে দেখা পাইছিল ৷ সেইয়া আছিল হাবুঙৰ প্ৰথম স্ব-চকুৱে দেখা সত্য ঘটনা ৷
ইয়াৰ আগতো ভালেকেইটা সত্য ঘটনা সমাজে দেখা পাইছিল ৷ ১৯৫০ চনত বিহলঙী সত্ৰৰ এজন গোঁসায়ে সত্ৰ পতাৰ উদ্দেশ্যে থাকিবলৈ লয় এই টাই ভেটিত ৷ কিন্তু সেইজন গোঁসাই কোনো ৰকম প্ৰাণটি লৈ মনৰ আশা মনতে লৈ পলাই যাবলৈ বাধ্য হয় ৷এই কথা এই অঞলৰ লোকে এনেদৰে কয় ৷ যেতিয়া এইজন গোঁসাই আহে তেতিয়া হাবি - জংঘলেৰে ভৰা মাত্ৰ  টাই ভেটি বোলা  ঠাইডোখৰ ওলাই আছিল ৷ তাতেই সেই গোঁসাইজনে থাকিবলৈ লয় ৷ কিন্তু বিধিৰ বিপাক প্ৰথম এদিন তেওঁক এটি সপোন দেখুৱালে যে এই ভেটি টাই ভেটি,  আহোম ৰজাৰ ভেটি,  ইযা়ত অন্য কোনো লোকে থিতাপি লৈ থাকিব নোৱাৰিব ৷ দ্বিতীয় এদিন সপোনত দেখুৱালে যে যদি এই ঠাই এৰি নাযায় তেন্তে মৰণ অনিবাৰ্য ৷ তৃতীয় এদিনত সপোনত এটা প্ৰকাণ্ড মূৰ্তি দেখালে আৰু পিছদিনাৰ পৰা সেই গোঁসাইজন তেজ গ্ৰহণী ৰোগত ভুগিবলৈ ধৰে ৷ আৰু লগে লগে সকলে লগ-লগৰীয়াৰ সৈতে টালি-টোপোলা বান্ধি সত্ৰ পতা আশা সামৰি কোনো ৰকম প্ৰাণটি লৈ পলাই যায় ৷ পুনৰ এই গোঁসাইৰ এই ঠাইলৈ আহিবলৈ সাহ নহ'ল ৷ আন এটি ঘটনা-- যি সময়ত মধুপুৰ বাগানৰ কামকাজ আৰম্ভ হৈছিল,  সেই সময়তে এগৰাকী নেপালী বুঢ়ীয়ে লগ- লগৰীয়াৰ সৈতে থাকিবলৈ লয় ৷ ৰাতি সেই ঠাইত কেইবাজনী ছোৱালীয়ে নাচি থকা দেখিবলৈ লয়  ৷ এই দৃশ্যৰ ভয়ত বুঢ়ী আৰু ওচৰত বাস কৰা চাহ শ্ৰমিকৰ বুঢ়িৰ লগতে গ্ৰহণী ৰোগত ভোগি কেইজন মান মৃত্যুমুখত পৰিল ৷ বুঢ়ীও কোনোমতে প্ৰাণটি ৰক্ষা কৰি পলাই যাব লগা হয় ৷ আগতেও এই ঠাইত পূজা পাতল চলি আছিল ৷
        ১৯৯০ চনত এই হলুং - হফি নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰে ৷ আঠটা খুটা ৯ জন শুভাকাংক্ষী লোকে দান দিয়াৰ হেতুকে  এই হলুং - হাফিটি সম্পূৰ্ণ কৰি তোলাত সহায়ক হয় ৷
         বৰ্তমান এই ঠাইত প্ৰায় লোকে নিজৰ উদ্দেশ্য সাধনৰ হেতু কুকুৰা, গাহৰি,  ছাগলী আদি পাৎসী কৰি মহৎ উপকাৰ লাভ কৰিছে ৷ ১৯৯১ চনৰ ৩১ জানুৱাৰীৰ দিনা ধেমাজি জিলাত মে-ডাম-মেফি মহোৎসৱ পালন কৰা হয় ৷ লৰা ছোৱালী লাভ নকৰা এজন লোকে বহুবাৰ দৈৱজ্ঞৰ ওচৰ চাপিও কোনো ফল নোপোৱাত মে-ডাম-মে-ফিৰ দিনা উৎসৱৰ থলিত এটা তামোল ধূলিত পৰি থকা দেখি তাকে বুটলি আনি সেই ঠাইৰ মাহাত্ম্যৰ কথা চিন্তা কৰি মনৰ বিশ্বাসত ঘৰলৈ লৈ গৈ পৰিবাৰক তামোলটি খাবলৈ দিয়াত তাৰ পিছৰ পৰা লৰা-ছোৱালী জন্মলাভ কৰে ৷ আজিও সেইজন লোকে প্ৰতি বছৰে এই ঠাইত একোখনকৈ শৰাই কুকুৰা পাৎসী কৰি পূজা দি সাফল্য লাভ কৰিছে ৷ উপকাৰ পোৱা লোকে বহুতো বাচন -বৰ্তন আৰু টকা পইচা দি নিজৰ উদ্দেশ্য সাধন কৰিছে ৷ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হবৰ বাবে টোপোলা বান্ধি পৰীক্ষাত উত্তীৰ্ণ হোৱা দেখা গৈছে  ৷ এজন লোকে পৰিবাৰৰ অসুখৰ বাবে টোপোলা বান্ধি অসুখ ভাল হোৱাত  এটি ডাঙৰ কাঠৰ আলমিৰা দান দিয়ে ৷ গৰু, মহ, মণি, অলংকাৰ,  কাঁহ বাটি হেৰুৱা বা চুৰি আদি ক্ষেত্ৰত টোপোলা বান্ধি সাফল্য পোৱা লোকে পূজা দিয়ে ৷
এই ঠাইলৈ কোনো লোকে যদি অন্যায় আচৰণ কৰিম বুলি যায় তেন্তে তেওঁৰ গত্যন্তৰ নাই ৷ এজন লোকে এই পূজা ঘৰৰ পৰা টকা পইচা আৰু অন্যান্য বস্তু নিয়াৰ উদ্দেশ্যেনে কি সেই ঠাইলৈ যায় যদিও নিব নোৱাৰিলে ৷ কাৰণ এটি ডাঙৰ ফেটি সাপ ওলাই তেওক খেদা দিয়ে আৰু সেই দিন ধৰি এইজন লোকৰ পুনৰ সেই ঠাইলৈ যাবলৈ সাহ নহ'ল ৷ এনেদৰে ওচৰতে থকা এটা ৰজাৰ দিনৰ পুখুৰীত বহুতো কাঁহী বাতি আগতে থকাৰ কথা ওচৰৰ লোকে জানিছিল আৰু দেখা পাইছিল ৷ কাৰণ কোনো লোকে সকাম নিকাম উৎসৱ আদি পাতিলে এই পুখুৰীৰ পৰা আৱশ্যক অনুসৰি কাঁহী-বাতি বিচাৰিলে আগদিনা এটি তামোল-পাণ আগবঢ়াই পাৰত থৈ আহিব লাগিছিল ৷ পিছদিনা সেইনতে কাঁহী-বাতি ওলাই থাকিছিল ৷ ঠিক যেনেদৰে নিয়ে তেনেদৰে দি গ'লে কোনো অপায় অমঙ্গল নহয় ৷ বৰ্তমান এই নীতি অপ্ৰচলিত ৷ কাৰণ কেনো লোকে অন্যায় কাৰ্য কৰাৰ বাবে ৰাইজ এই সুবিধাৰ পৰা বঞ্চিত হব লগা হয় ৷ এইবোৰ কাঁহী-বাতিৰ অনুসন্ধানত কেইজনমান বেজে চেষ্টা চলায় যদিও সাফল্য লাভ কৰিব নোৱাৰিলে ৷ কাৰণ বেজ সকলে পুখুৰীৰ পাৰত তন্ত্ৰ-মন্ত্ৰ আৰম্ভ কৰাৰ লগে লগে পুখুৰীৰ তলিত বিভিন্ন অস্বাভাৱিক শব্দৰ আচৰণ হয় ৷ সেই ভয়তে বেজ সকলে কাঁহী-বাতি  আদি অনাৰ সাহস কৰিব নোৱাৰি পলাই যায় ৷ বৰ্তমান এই পুখুৰীৰ ধন-সোণ আদি থকাৰ কথাও বিশ্বাস হৈ আছে ৷ এতিয়াও এই ভেটিৰ ওচৰে পাজৰে কোনো লোক বাস কৰি থাকিব পৰা নাই,  হয় কোনোজন মৃত্যুমুখত পৰিছে নহয় অচিন ৰোগত ভোগি এই ঠাই এৰিবলৈ বাধ্যত পৰিছে ৷
           এয়ে মহিমাময়ী হাবুং,  এই হাবুঙৰ মহিমা অসমৰ লোকৰ মুখে মুখে ৷ এই হাবুঙৰ কথা কৈ শেষ কৰিব নোৱাৰি ৷ ১৯৯৪ চনত এজন মলুঙৰ ঘৰত ফ্ৰালুং পূজা পতা শেষৰ দিনা তেওঁৰ এজনী ছোৱালী (বৰ্তমান বোৱাৰী) হঠাৎ নংৰাই লম্ভি প্ৰায় চাৰি কিলোমিটাৰ বাট খোজেৰে গৈ সেই ঠাইত পদাৰ্পণ কৰি কুকুৰাৰ কেঁচা তেজ আৰু লাউ খাই আৰোগ্য লভি পুনৰ ঘূৰি আহে ৷
          বৰ্তমান ৰাইজৰ বিশ্বাস যে হাবুং মানেই হ'ল চাও নগেন হাজৰিকা ৷ তেখেতে হাবুং আবিষ্কাৰ কৰি ৰাইজক এক গোট কৰি তাত হলুং -হফী স্হাপন কৰিলে ৷ বছৰে বছৰে নিজাববীয়াকৈ ৰাইজৰ মাজত খেক্ হাবুং পাতিলে ৷ গোটেই অসমতে এই কথা প্ৰচাৰ হ'ল ৷ আঠবাৰ একেৰাহে খেক্ হাবুং পাতি  ১/১/৯৮ তাৰিখে এই পূজা ভাগ ৰাইজলৈ হস্তান্তৰ কৰিলে ৷ সিদিনা হোৱা ৰাজহুৱা মিটিঙত এই উদ্দেশ্যে এখন হাবুং পূজা সমিতি গঠন হ'ল ৷ প্ৰত্যেক বছৰে জানুৱাৰী মাহৰ এক তাৰিখে খেক্ হাবুং অনুষ্ঠিত হৈ থাকিব ৷ তাৰ বাবে ৰাইজে চাও নগেন হাজৰিকাৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰব ৷ হাজৰিকাই মৈদাম যাবৰ বাবে হাবুঙতে এডোখৰ মাটি নিৰ্বাচন কৰি ৰাখিছে ৷
       ১৯৯৮ চনত এই হাবুঙত পশ্চিম ধেমাজী আঞ্চলিক ফ্ৰালুং সংঘৰ সহযোগত ৬ বিঘা মাটি চৰকাৰৰ পৰা আবৰ্তন কৰি চাৰিওফালে দ খালৈ কৰি পকা খুটা আৰু কাটা তাঁৰ দি ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷ অন্যহাতে চৰকাৰৰ পৰা দুই লাখ টকা অনুমোদন পোৱাত এটি স্হায়ী হলুং হফী নিৰ্মাণ কৰাৰ কাম পূৰ্ণোদ্যমে চলি আছে ৷
         এই মহৎ উদ্দেশ্য আগত ৰাখি অসম তথা ভাৰতবাসীৰ মাজলৈ পিছপৰা ঠাইখনিৰ কথা জনশ্ৰুতিকেই বুৰঞ্জী আকাৰে আগবঢ়োৱা হ'ল যাতে সকলো হিতাকাংক্ষী লোকে সৎ উদ্দেশ্য আগত ৰাখি উজ্বল কামনাৰে হাবুঙৰ মহত্বপূৰ্ণ দৃষ্টিভঙ্গী ইমানতে সামৰিছো ৷
            ম্যং দুন চুন খাম ৰং বয় বয়
            হাবুং চেং খাম ৰং বয় বয়
            ফাতু চিং ফ্ৰং হুং ৰং বয় বয় ৷