ছ্যু কা ফাৰ লগত পৰিয়াল: বুৰঞ্জীৰ তথ্য — ড° ভীমকান্ত বৰুৱা


         অসম বুৰঞ্জীৰ অধ্যয়নত ৰায়চাহেব গোপালচন্দ্ৰ বৰুৱাদেৱৰ দ্বাৰা অনুদিত আৰু সম্পাদিত ' Ahom Buranji' নামৰ গ্ৰন্থখনে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আছে ৷ শিৱসাগৰ জিলা খালৈঘোগুৰা মৌজাৰ এজন দেওধাই পণ্ডিতৰ ঘৰৰ পৰা মূল সাঁচিপতীয়া পুথিখন ১৮৯৪ চনত উদ্ধাৰ কৰা,হৈছিল ৷ সেই সময়ত অসমৰ  Honorary Director of Ethnography আছিল ছাৰ এডৱাৰ্ড গেইট আৰু তেখেতৰ অধীনতেই আহোম ভাষাৰ অনুবাদক হিচাপে ৰায়চাহেব গোলাপ চন্দ্ৰ বৰুৱাই অসম চৰকাৰৰ হৈ কাম কৰিছিল ৷ ইতিমধ্যে উদ্ধাৰ হোৱা দুষ্প্ৰাপ্য আৰু সাঁচিপাতত আহোম ভাষাত লিখা আহোম বুৰঞ্জী খন দেউধাই পণ্ডিত সকলৰ দ্বাৰা অসম চৰকাৰে প্ৰতিলিপি প্ৰস্তুত কৰাইছিল  আৰু অনুবাদো কৰাইছিল আৰু তেওঁলোকেই ৰায়চাহেব গোপাল চন্দ্ৰ বৰুৱাক আহোম পুথিৰ অনুবাদৰ ক্ষেত্ৰত যথেষ্ট পৰিমানে সহায় কৰিছিল ৷ সেই সময়ত অসম চৰকাৰৰ Director of Public Instruction J.R. Cunningham, Esqr, M.A. CIE ৰ যত্নত 'Ahom Buranji' নামৰ পুথিখনে ছপাৰ মুখ দেখিবলৈ সুবিধা পায় ৷ আহোম ভাষাৰ পৰা অনুবাদ কৰাৰ ক্ষেত্ৰত পুথিখনত এফালে আহোম লিপিত লেখা কথাখিনি আৰু সোঁকাষে ইংৰাজী অৰ্থবোৰ দিয়া হৈছে ৷ মূল অৰ্থ দিয়াৰ ক্ষেত্ৰত দেউধাই পণ্ডিত সকলেই অনুবাদ কৰি দিছে আৰু ৰায়চাহেব গোপাল চন্দ্ৰ বৰুৱাই দেউধাই সকলে দিয়া অৰ্থৰ পৰা ইংৰাজীৰ অনুবাদটো প্ৰস্তুত কৰিছে ৷ ছাৰ এডৱাৰ্ড চাহাবেও তেখেতৰ A History Of Assam নামৰ গ্ৰন্থত এই বুৰঞ্জী খনৰ সমলকেই বহুলাংশেই ব্যৱহাৰ কৰিছে ৷ ১৯৩০ চনত প্ৰকাশ পোৱা এই বুৰঞ্জীখন ১৯৮৫ চনত গুৱাহাটীৰ Spectrum Publication য়ে পুনৰ মুদ্ৰণ কৰি উলিয়াইছে ৷ বুৰঞীত বিষেশকৈ দুটা অংশ পোৱা যায় ৷ দেও বুৰঞ্জী আৰু দিন বুৰঞ্জী ৷ দেউ বুৰঞ্জীত সৃষ্টিৰ আদিম অৱস্হাৰ পৰা সৃষ্টি হোৱা অৱস্হালৈকে আৰু খুনলুঙ খুনলাই স্বৰ্গৰ পৰা মুংৰিমুংৰামলৈ নামি অহাৰ বৰ্ণনা পোৱা যায় ৷ আনহাতে দিন বুৰঞ্জীত তাই জাতিৰ ৰাজত্ব,  ছ্যুকাফাৰ আগমন,  মাওলুং ৰাজ্যৰ পৰা মুংদুন চুন খাম বা অসমলৈ ছ্যুকাফাৰ আগমন আৰু তাৰ পৰৱৰ্তী কালৰ বিস্তৃত বিৱৰণ আৰু বিশ্লেষণ আছে ৷ দেও বুৰঞ্জী আৰু দিন বুৰঞ্জী এই দুই খনৰেই সম্পূৰ্ণ ৰূপ হ'ল ছপা আকৃতিৰ ' Ahom Buranji ' নামৰ পুথিখন ৷ যিখন ৰায়চাহেব গোপালচন্দ্ৰ বৰুৱাই অনুবাদ আৰু সম্পাদনো কৰিছে ৷ এই পুথিখনকে থাইলেণ্ডৰ থাই ভাষালৈ অনুবাদ কৰিছে ৰানু উইছাছিনে আৰু দুটা সুবৃহৎ খণ্ডত প্ৰকাশ কৰিছে Toyota Production ' এ ৷ পুথিখনত এফালে আহোম লিপিত আৰু আনফালে থাই লিপিত আৰু থাই ভাষাত কথাখিনিৰ অনুবাদ দিয়া  হৈছে ৷
           অসম বুৰঞ্জীৰ অধ্যযণৰ বেলিকা ' Ahom Buranji ' অধ্যয়ন কৰাটো অতি গুৰুত্বপূৰ্ণ কথা কিয়নো এই বুৰঞ্জী খনত আহোমসকলৰ তথ্য অসমৰ বিভিন্ন বিষয়বোৰে স্হান পাইছে আৰু আলোচিত হৈছে ৷ এই বুৰঞ্জী খনৰ ভাষাৰ পৰা আহোম ভাষাৰ কালক্ৰমিক ইতিহাস এটাও দিব পাৰি ৷ Ahom Buranji ত কালক্ৰমে অসমীয়া বুৰঞ্জী প্ৰয়োগ কৰিবলৈ ধৰা আৰু শব্দবোৰ আহোম লিপিৰে লিখিবলৈ চেষ্টা কৰাটো অন্যতম এটা মন কৰিবলগীয়া দিশ ৷ খুনলুঙ্ খুনলাইক স্বৰ্গাধিপতি লেভদেনে পৃথিৱীলৈ পঠিওৱাত মুংৰি মুংৰামৰ ঠাইলৈ কিছুমান মানুহ আৰু পৰিয়াল লৈ আহিছিল ৷ সেই পৰিয়াল আৰু মানুহবোৰ হ'ল খুংলাই,  খুন লাই ছিঙ্, খুন্ লা টাও, খুন্ ছিপ্ ছি, খুন লাই ছিঙ্, খুন্ লা টাও, খুন্ ছেং, খুন্  ছিপ্ ছি,  খুন্ খ্ৰুঙ্ ফা শান্ ম, খুন্ স্বাক্ফা, চাও লাঙ্ দিন্,  খুন্ ফু জাক্ জী, খুন্ ক্লাঙ্ ফু কেন্ খুং ফ্ৰ ফা,  খুন্ ত্বাং,  ফু কেন্,  মুঙ্, খা মুঙ্ পুম্,  ক্কন্ গন্ ফু কিন্ মুং মুংলি ৷ তেওঁলোকে লগত কিছুমান জীৱ- জন্তু লৈ আহিছিল ৷ এই জীৱ- জন্তু বিলাক হ'ল - বাঘ, ভালুক , ঘৰিয়াল, সাপ, বান্দৰ, সাতলাখ বনৰীয়া মেকুৰী, সাতজনী কাউৰী,  নটা গাহৰি আৰু দহোটা জেঠী ৷ খুনলুঙৰ ডাঙৰ পুতেক তাও লু লু মুংৰি মুংৰামৰ ৰজা হ'ল আৰু মৃত্যু পৰ্যন্ত ৰজা হৈ থাকিল ৷ তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ পুতেক চাও ছাংবুন ৰজা হয় ৷  চাও ছাংবুনৰ মৃত্যুৰ পাছত চাও চাং ন্যেউ মুংৰিমুংৰামৰ ৰজা হ'ল ৷ ইয়াৰ পাছত চাওচাঙ ন্যেউৰ ভায়েক চাও তাই ফা ৰজা হ'ল ৷ তেওঁৰ মৃত্যুৰ পুত্ৰ ফান লাঙ্ জেং ক্লাঙ ৰাই ৰজা হ'ল ৷ তেওঁৰ মৃত্যুৰ তাও ঙা ক্লেম ৰজা হ'ল ৷ তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ তাও খুন মিং ৰজা হ'ল ৷ তেওঁৰ মৃত্যুৰ পাছত পুতেক তাও খুন মিং ৰজা হ'ল ৷ তেওঁৰ উত্তৰাধিকৰী পুত্ৰ ৰজা হ'ল - চাও তাই হুঙ্ ৷ চাও তাই হুঙৰ ডাঙৰ পুত্ৰ হ'ল চাও তাই লুং আৰু সৰু পুত্ৰ হ'ল পামেও পুং ৷ দুয়োজনকেই অতিক্ৰম কৰি তৃতীয় পুত্ৰ ফু চাও খাঙ মুংৰিমুংৰামৰ ৰজা হয় ৷ ফু চাও খাঙৰ তিনিজন পুত্ৰ ৷ তাৰে দুজনে ওচৰৰে দুখন ভাল ৰাজ্যৰ ৰজা হ'ল আৰু সেয়ে ছ্যুকাফাই মুংৰিমাঙৰ ৰজা হ'ব লগা হ'ল ৷ মুংৰিমুংৰাঙত ছ্যুকাফা ৰজা হৈ থাকিবলৈ মন নকৰিলে আৰু সেই দেশখন এৰি পশ্চিম দিশলৈ গতি কৰে ৷ আহি আহি ক্ৰমাৎ মুংদুনচুনখাম নামৰ ঠাইডোখৰ পালেহি ৷ মুংদুন চুন খামৰ অসমীয়া অৰ্থ হ'ল সোণালী শইচৰ দেশ ৷ এই মুংদুন চুন খামে অসম দেশৰ কথাকে বুজাইছে ৷ ছ্যুকাফাই লগত চোমদেওলৈ এঘাৰশ পঞ্চাশ শকৰ ষোল্ল আঘোণ,  ইংৰাজী ১২২৮ চনত মুংদুন্ চুন্ খাম্ বা অসম সোমায় ৷ লগত আছিল এহেজাৰ আশীজন মানুহ , এটা দঁতাল হাতী, এজনী মাখুন্দী হাতী,  তিনিশ ঘোঁৰা আৰু লগত আহিছিল থাও মুং ক্লিঙ লুন মাঙৰাই বুঢ়গোঁহাই আৰু থাওমুং কানঙ্গন বৰগোঁহাই ৷ ( সদৰামিন অসম বুৰঞ্জী,  পৃঃ ১১) ৷ ছ্যুকাফাৰ লগত কোন কোন মানুহ আৰু পৰিয়াল আহিছিল সেই সৰ্ম্পকে Ahom Buranji ত উল্লেখ আছে ৷
"ছৌ কাফা দয়্ কুন্ মা মৌঙ্ নুন্ খুন্ লাক্ ৰৌন্ লৌঙ্ ৷ খুন্ টঙ্ ৰৌন্ লৌঙ্ ৷ কঙ্ খু ৰৌন্ লৌঙ্ ৷ কঙ্ ছাম্ ৷ ৰৌন্ লৌঙ্ ৷ থাউ মৌঙ্ ছৌৱ খৌন্ ফু লৌঙ্ ৷ থাউ মৌঙ্ মাঙ্ খাম্ ফু লৌঙ্ ৷ খাই লুং ৰূ পাক্ ফু লৌঙ্ ৷ থাউ ম ছাম্ টুন্ লাউ খ্ৰী ৰৌন্ লৌঙ্ ৷ থাউ মৌঙ্ ম ছাই টুন্ ম ছাম্ ৰৌন লৌঙ্ ৷
          অৰ্থাৎ ছ্যুকাফাৰ লগত মুদুন চুন খাম বা অসমলৈ অহা মানুহৰ পৰিয়াল কেইটা হ'ল - খুনলাক পৰিয়াল এটা,  খুনটাঙ পৰিয়াল এটা,  ক্লাঙ খ্ৰু পৰিয়াল এটা,  ক্লাঙ ছাম পৰিয়াল এটা,  ছু খেন থাউ মুঙ (গোঁহাই)  পৰিয়াল এটা,  মান খুন থাও মুঙ পৰিয়াল এটা,  খেন লুঙ ৰূ পাক ( শইকীয়া)  পৰিয়াল এটা,  থাও ম ছাম পৰিয়াল  এটা ( দেওধাই উপৰিপুৰুষ)  , এটা লাওখ্ৰী পৰিয়াল ( স্বৰ্গীয কালাকাৰ ) আৰু মছাম পৰিয়ালৰ থাও মুং ম ছাই পৰিয়াল এটা ৷ এই থাও মুং ম ছাই হ'ল মহানসকলৰ উপৰিপুৰুষ ৷ ৰায়চাহেব গোলাপ চন্দ্ৰ বৰুৱাই আহোম ভাষাৰ পৰা ইংৰাজী ভাষাৰ ভাঙনি দিওঁতে উদ্ধৃত তাই ভাষাত লেখা কথাখিনিৰ অনুবাদটো এনেদৰে দিছে --  " The names of the families and personsperso who accompanied Sukapha to Mungdun (Now Assam) were one Khunluk family,  one Khuntang family,  one Klang Khru family,  one Klangsham family,  one Su Khen Thoumung (Gogain) , one Maung Khun Thaumung,  one Khenlung Rupak (Saikia) , one Thap Masham (the forefather of Deodhais) of the family of Laokhri ( the heavenly artist)  and one thoumung Mashai (the forefather of the Mohans) of Masham family " (Ahom Buranji, page 25) .
        ইয়াৰ পৰা দেখা যায় যে ছ্যুকাফাই লগত কেইবাটও পৰিয়াল আৰু বিভিন্ন কামৰ বাবে লগত মানুহ আনিছিল ৷ পৰিয়াল বুলি কলে লৰা-ছোৱালী, পিতৃ-মাতৃ সমন্ধিতে বুজায় ৷ সেযযে কোনোৱে ভৱাৰ দৰে ছ্যুকাফাৰ লগত ল'ৰা- তিৰোতা অহা নাছিল বুলি ভৱাৰ কথাষাৰ শুদ্ধ নহয় ৷ Ahom Buranji য়েই এই কথা প্ৰমাণ কৰে ৷ বসবাস তথা ৰাজ্য স্হাপন কৰিবৰ বাবে নতুন ঠাইৰ সন্ধানত ছ্যুকাফাৰ লগত অহা লৰা তিৰোতাৰে এই পৰিয়াল আৰু মানুহ মুঠিয়েই আহোম বুলি কালক্ৰমত জনাজাত হৈ পৰে ৷ প্ৰথম অৱস্হাত আহোম ভাষাকেই মাতৃভাষা হিচাবে ব্যৱহাৰ কৰা সেই মানুহখিনিয়েই কালক্ৰমত অসমীয়া ভাষা গ্ৰহণ কৰি দ্বিভাষী হৈ পৰে আৰু পৰৱৰ্তীকীলত অসমীয়া ভাষাকেই অসমীযা ভাষা ৰূপে গ্ৰহণ কৰে ৷ ৰায়চাহেব গোপাল চন্দ্ৰ বৰুৱাৰ দ্বাৰা অনুদিত আৰু সম্পাদিত 'Ahom Buranji' নামৰ আহোম ভাষাত লেখা বুৰঞ্জী খনে এনেধৰণে ভালেমান তথ্যৰ সম্ভেদ দিব পাৰে ৷ অসমৰ ৰাজনৈতিক,  অৰ্থনৈতিক,  সামাজিক,  ধৰ্মীয় আৰু সাংস্কৃতিক জীৱনৰ পৰিচয় পাব পৰা এই বুৰঞ্জী পুথিখন নিতান্তই পঠিতব্য আৰু আলোচিতব্য বুলি গ্ৰহণ কৰিব পাৰি ৷