তাই আহোমৰ জন্ম তথা জাতক কৰ্ম, — ডামচাও হেম বুঢ়াগোঁহাঞি, চেপন



          বিবাহৰ মূল দূৰদৰ্শী উদেশ্য বংশ বৃদ্ধি ৷ পুৰুষ নাৰীৰ সুৰীয়া জীৱনৰ সুৰীয়া বিকাশ হয় সন্তান জন্মৰ যোগেদি ৷ ডেকা-গাভৰুৰ বিবাহৰ পিছত উভয় পক্ষৰ পিতৃ-মাতৃৰ শুভাৰ্থী হিতাকাংক্ষীয়ে মনে-প্ৰাণে সেই পুৰুষ নাৰীৰ পৰা সন্তান সৃষ্টিৰ আশা কৰা স্বভাৱ মানৱ প্ৰজাতিৰ চাৰিত্ৰিক বৈশিষ্ট্য ৷ পৃথিৱীৰ বৃহৎ জনগোষ্ঠী সমূহৰ অন্যতম তাই আহোম সকলেও পুত্ৰ কন্যা-বিবাহৰ পিছত তেওঁলোকৰ পৰা সন্তান সৃষ্টিৰ কামনা কৰে ৷ সেয়ে নিজৰ কন্যাজনী পৰৰ পুত্ৰলৈ উলিয়াই দিয়াৰ পৰা অথবা পৰৰ জী জনী নিজৰ পুত্ৰলৈ উলিয়াই দিয়াৰ পৰা অথবা পৰৰ জী জনী নিজৰ পুত্ৰলৈ অনাৰ পৰা উভয় পক্ষৰ মাতৃয়ে ন-বিবাহিতা গৰাকীৰ সন্তান গৰ্ভস্হ হৈছেনে নাই সততে ভু-ৰাখে ৷ প্ৰথম গৰ্ভস্হ মাতৃক পাঁচ মাহৰ ভিতৰত পুৰুষ-স্ত্ৰী দুয়োটাকে মাকৰ ঘৰলৈ নিমন্ত্ৰণ কৰি নি পঞ্চমৃত খুৱাই সন্মান জনোৱা নিয়ম তাই সমাজত আছে ৷ গৰ্ভস্থ মাতৃক শাহুয়েকে সকলো গতি বিধি লক্ষ্য কৰি দিহা -পৰামৰ্শ দি চৰম পৰ্যায়লৈ আগবঢ়াই নিয়ে ৷ ন-মাহ পূৰ্ণ হ'লে ক'লা দেৱতা বা বৰচেমান দেৱতা তুষ্টিৰ বাবে সন্ধ্যা কলা মতাহাঁহ বা কলা মতী কুকুৰাৰে নিৰ্দিষ্ট ভকতক নিয়ন্ত্ৰণ কৰি আনি চাউল খুৱায় ৷ এই চাউল খোৱাতেই ভাবি সন্তানৰ পিতৃ-মাতৃয়ে ভকতক সেৱা জনায় ৷ উল্লেখযোগ্য,  গৰ্ভস্থ মাতৃয়ে গৰ্ভস্থিতিৰ দিন ধৰি কোনো ব্যক্তিকে সেৱা জনোৱা তাই সকলৰ নিয়ম নাই ৷
         মাতৃৰ প্ৰসৱ বেদনা আৰম্ভ হোৱাৰ লগে লগেই সংশ্লিষ্ট লোক সকল ব্যস্ত হৈ পৰে ৷ কোঠাৰ ভিতৰত থকা সকলো বস্তুৰ পৰিপাটি কৰা,  সম্ভাৱ্য মাতৃ গৰাকীৰ পেৰা জপা সমূহ খুলি ৰখাৰ নিয়ম ৷ এনে কৰিলে প্ৰসৱ বেদনাত সহায় কৰা খৰ হয় বুলি বিশ্বাস ৷ পিতৃ-মাতৃৰ ব্ৰক্ষ্ম বীৰ্যৰ সংঘৰ্ষত সত্তাৰ গৰ্ভস্হিতি,  ভগৱানে শত্ৰু,  তেজবায়ু শক্তি প্ৰদান কৰি জীৱ আত্মা স্বৰূপ নামৰূপী মৰ্ত্যত স্হিতি দিয়ায় ৷ মাতৃৰ গৰ্ভৰ পৰা অনেক যন্ত্ৰণা ভুগি জীৱই বিনন্দীয়া পৃথিৱী দৰ্শনৰ সুযোগ পায় ৷ সন্তান ভূমিষ্ঠ হোৱাৰ পৰত তাই আহোমৰ পূৰ্বাপৰ ৰীতি অনুসৰি বেৰ , ঢেঁকি কাঁহ, কং বা ঢোল,  মৃদং বজাই আয়তীয়ে উৰুলি ধ্বনিৰে নবাগত সন্তানক স্বাগত জনায় ৷ ইকৰাৰে তৈয়াৰী মহুৰা এটিৰ সহায়েৰে জাতকৰ কাণৰ ওচৰত ফু মাৰি 'ৰজাৰ কথা শুনিবি ', 'পিতৃ-মাতৃৰ কথা শুনিবি', সমাজৰ সৰ্ম্পক ৰক্ষা কৰিবি', 'দেশৰ বাবে যুঁজিবি', আদি আপ্তবাক্য প্ৰয়োগ কৰি নীতি উপদেশ দিয়ে ৷ এই উপদেশ বাস্তবিকতে তাইলোক সকলৰ পঞ্চশীল নীতিৰে কিয়দংশ ৷
        ‍ সন্তান পৃথিৱীত পৰাৰ পিছতেই স্বামী সন্তান-সন্ততি থকা এগৰাকী পুৰঠ মাতৃয়ে সন্তানৰ নাড়ী কটা কাম কৰে ৷ নাড়ী বাঁহৰ চোঁচৰ সহায়েৰে কটা হয়৷ নাড়ী কটা কাম শেষ হোৱাৰ লগে লগেই হাঁহ বা কুকুৰা কণীৰ কুহুমেৰে গা ধুৱালে সন্তানৰ শৰীৰ মসৃণ আৰু চৰ্ম্মৰোগী নহয় বুলি পৰম্পৰাগত বিশ্বাস ৷ সন্তানৰ গা মোহাৰি নিজম কৰাৰ পিছতে মাতৃযে বাওঁস্তুনৰ পৰা তিনি চোঁচা দুগ্ধ মাটিত দেৱ-দেৱীৰ নাম স্মৰণ কৰি উছৰ্গি পেলাই সন্তানক খুওৱা নিয়ম ৷ সেই সময়ত মাতৃয়ে এনেদৰে মন্ত্ৰ উচ্চাৰণ কৰা নিয়ম ৷

"চাও কা ঐ (তিনিবাৰ)"
     চাও চেং বান চেং দিন মুতকুম তাইকুম কে খাই কাওলো কাম ঐ' কে খাই জাম লি কাম লি কাম ঐ " এইদৰে তিনিবাৰ উচ্চাৰি মাতৃয়ে স্তন পান কৰোৱা নিয়ম ৷
     তিনিদিনৰ দিনা প্ৰসূতি মাতৃ সন্তানক এনায়েকৰ ঘৰৰ পৰা খাদ্য সামগ্ৰী আনি "কচু জাল" দিয়া হয় ৷ প্ৰথম সন্তানক এনায়েকৰ কচুজাল দিয়া নিয়ম পৰম্পৰা আছে ৷ পিছতহে সন্তানৰ ঘৰৰ লোকে কচুজাল দিব লাগে ৷ কেতিয়াবা এই নিয়মো আগপিছত হোৱা দেখা যায় ৷ অৰ্থাৎ সন্তানৰ ঘৰৰ লোকে আগে আৰু এনায়েকৰ ঘৰৰ লোকে পিছে জাল দিয়ে ৷ বাৰীৰ পৰা কচু তোলোতেও সততে একে ঠাইতে থিয় হৈ ৩,৫,৭ বা ৯ ডাল কচু তোলা নিয়ম ৷ কেইবা ঠাইৰ পৰা কচু তুলিলে সন্তানৰ ভৱিষ্যৎ স্হিতি অস্হিৰ হয় বুলি বিশ্বাস ৷ ৰুচি আৰু সজুতি অনুসৰি অামিষ আৰু নিৰামিষ দুয়োবিধ খাদ্য সম্ভাৰকে কচুজালত আগবঢ়োৱা হ'ল ৷ ভোজনৰ খাদ্য সম্ভাৰ এখন ডলা বা চালনীত লৈ এগৰাকী পুষ্ট ৰান্ধনিক খাদ্য সিদ্ধ কৰিবলৈ দিওঁতে যথা নিয়মে উছৰ্গা কৰা হয় ৷ সেই ৰান্ধনী গৰাকীয়ে খাদ্য সামগ্ৰী প্ৰস্তুতি কৰাত আগপিছ হোৱা, আহাৰত নিশ্বাস-প্ৰশ্বাস পৰাৰ দায় ভাঙিবৰ বাবে প্ৰসৃতিয়ে সন্তানৰ ওচৰত নেদেখাজনলৈ প্ৰাৰ্থনা জনায় ৷ এই কাৰ্যই ৰান্ধনী গৰাকীৰ সৰলতা আৰু মাতৃত্ব গুণ বিকাশৰ বাহিৰে আন একো নহয় ৷ প্ৰসূতিয়ে সন্তানটি কোঁচত লৈ যথা নিয়মে সন্তানক খাদ্য সামগ্ৰী মুখত চেলেকাই নিজে ভক্ষণ কৰে ৷ শেষত অৱশিষ্টখিন এজোপা লাগনি গছৰ গুৰিত থৈ অহা হয় ৷ ইয়াৰে সৃষ্টি মুখৰতাৰ ইংঙ্গিতে দিয়ে ৷ গধূলি সন্তানৰ শিতানৰ মূৰত আগলি কলপাত এখিলাত পাণ-তামোল,  চাউল,  দক্ষিণা,  লেখন সামগ্ৰী তাই তাই লিক্ স্হাপন কৰি বন্তি এখনি প্ৰজ্জ্বলন কৰা হয় ৷ জাছিংফাক স্তুতি কৰি সন্তানৰ ভৱিষ্যত শুভাশুভ,  বুদ্ধি দীপ্ত গুণাগুণ লাভৰ বাবেই এনে কৰাৰ নিয়ম ৷ বাজ ওলোৱাৰ দিনা অৱধি এই সামগ্ৰী সমূহ থৈ পিছত ওঠন পূৰণ ভকত বা ভকতনীক দান কৰা নিয়ম ৷ উল্লেখযোগ্য,  সন্তান জন্ম দিনৰ পৰাই প্ৰসুতি গৃহত অপদেৱতা ৰোধৰবাবে দুৱাৰ দলিত তাঁতৰ চিৰি পাৰি থোৱা,  ওপৰত বগৰী জেং আঁৰি ৰখা মাতৃয়ে শৌচ পেচাব কৰিবলৈ বাহিৰলৈ যাওঁতে হাতত কাঁচি এখন লৈ আগে আগে জোকাৰি যোৱা,  সন্তানক মাকৰ অনুপস্হিতিত আপোনজনে ভিতৰৰ ৰখীয়া হৈ থকা কাৰ্য বাজ ওলোৱা দিনলৈকে চলি থাকে ৷
         সন্তানৰ নাড়ী সৰিলে ৫,৭,৯ দিনত মাতৃ আৰু সন্তানক বাজলৈ উলিওৱা হয় ৷ এই অনুষ্ঠানক বাজ উলিওৱা অনুষ্ঠান বুলি কোৱা হয় ৷ গৃহস্থই ঘৰ-দুৱাৰ মচি,  কাণি কাপোৰ তিয়াই,  চৰু সাৰি ধুই অশৌচ ভঙাৰ নিয়ম ৷ গঞা - গোপিনীক নিমন্ত্ৰন কৰি আনি সন্তানৰ বাজ উলিওৱা কাম সমাপন কৰাৰ প্ৰস্তুতি চলে ৷ চোতালত এখনি প্ৰতিকী ৰভা তৈয়াৰ কৰি যজ্ঞ আয়োজন কৰা হয় ৷ এই যজ্ঞৰ বাবে দুভাগ মাহ প্ৰসাদ, হাঁহৰ কণী এটা,  ফুল,  তামোল পাঁচখন, চাকি দুগছ, এবাটি পানী,  শিল এটা,  জুমুঠি এটা,  এযোৰ ধান খেৰৰ হোপা,  সন্তান হ'লে ধনুকাঁড়,  কন্যা হ'লে কপাহ টাকুৰী ইত্যাদি  প্ৰয়োজন  ৷ এই সামগ্ৰী সমূহ ফ্ৰা বা ভগৱানৰ নামত উছৰ্গা কৰা হয় ৷ গোপিনী সকলে ছিংকৰা পানী ছতিয়াই মাতৃ সন্তানক উৰুলি ধ্বনিৰে বাহিৰলৈ  উলিয়াই আনে ৷ মাতৃয়ে সন্তানক কোঁচতলৈ খেৰৰ হোপাত বহি অনুষ্ঠানত সেৱা জনায়, গোপিনী সকলে জনমিং(আৰ্শীবাদ) দিয়ে ৷ পুৰোহিতৰ পৰা অনা বা উপস্হিত পুৰুহিতে 'ঞাপ্লাক' দি শুদ্ধি কৰে ৷ ইয়াৰ পিছত মাজৰ আঁচল দাঙি সন্তান চেং বান চেং অৰ্থাৎ চন্দক দেখুৱাই গোপিনীয়ে আৰ্শীবাদ দিয়ে ৷ পূৰ্বতে যতনাই থোৱা পাঁচখন তামোলৰ দুখন সূৰ্যক,  তিনিখন চন্দ্ৰৰ নামত প্ৰদান কৰি স্তোত্ৰ পাঠ কৰা হয় ৷

চাও কা ঐ(তিনিবাৰ)
     চেং বন চেং দেন বয় মো চাও কা ঐ চাম ম মুন বাই জিম কন ম ছিং ফ্ৰা ম লাও খ্ৰীপ পু জাক জি জাছিংফা ছিংখান বয় মৌ চাও মৌ চাও কা ঐ চাও ক্কা ফান তাই লাং বাক লাং ক কি ক্ক চাং ক্ক বাক মাই চাম চাই ৰে ফা ইত্যাদি তিনিবাৰ উচ্চাৰণ কৰি ঞাপ্লাক জৰা হয় ৷
         সন্তানক জুই দেখুওৱা হয় ৷ (পূৰ্বতে যতনাই থোৱা জুমুঠি জ্বলাই), শিলত ঠেকেচা হয়, পানীত বুৰাই দিয়া হয় ৷ এইবোৰ এক প্ৰকাৰে ৰূপক অনুষ্ঠান ৷ তাই আহোমৰ এই নীতি পূৰ্বাপৰা প্ৰচলিত ৷ তদুপৰি ধনু-কাঁড় হাতত লগাই দিয়া প্ৰথাৰে ক্ষত্ৰিয় লোকৰ পৰিচয় সন্তানক দিয়া হয় ৷ কন্যা সন্তানক কপাহ টাকুৰী দি শিপিনী হোৱাৰ ইংগিতক পৰিচয় দিয়ে ৷ এনে ৰীতি ভাৰতৰ পূৰ্বাঞ্চলত বাস কৰা আটাই  কেইটা তাই গোষ্ঠীৰ পৰম্পৰাত মিলি আছে ৷
          সন্তান জন্মৰ পৰা ৯ দিনৰ পৰা ২১ দিনৰ ভিতৰত (বিযুৰীয়া দিনত) সন্তানক শুদ্ধি পতাৰ নিয়ম ৷ পুৰোহিত গঞা,  গিয়াতি,  নিমন্ত্ৰন কৰি যজ্ঞ নীতি,  আকা ৰুলেং পুক লাই কুই লেং লাক স্হাপন কৰি পাঁচখন চাকি জ্বলাই পাণ-তামোলৰ শৰাইত (ফুন), দক্ষিণা উছৰ্গা (হেওচু) কৰিব লাগে ৷ মলুংক প্ৰথমে বৰণ কৰা নিয়ম ৷ সেৱকীয়ে সেৱা জনাই,  সমবেত ভকতে আৰ্শীবাদ দি অনুষ্ঠানৰ সামগ্ৰী সমূহ ভকত বৰীয়া কৰে ৷
          অনুষ্ঠানতে প্ৰথমে ঞাপ্লক জাৰে ৷ এই ঞাপ্লক বা শান্তিৰ জাৰোতি পুৰোহিতে তাই মন্ত্ৰ উচ্চাৰণ কৰে এনেদৰে ৷
     চাও কা ঐ(তিনিবাৰ)
      ফিও ফান বাই জীমন কন্ ফাও ফান জীম চেন ক্ক ফা মৌ লাক হান চাও কা ঐ লাক থাক বাই জীম কন লাক বাই জীম চেন তাই লাং বাক টি ৰেণ দাই  মান ক্ক কুন ফু ঞিং লি লিখা ফু চাই ফে অন নক দাই চান চাও কা ঐ , তাং তাম বুংনম চাম ব্লক-চিংফা ঞচেওঞা বান ঞ ফেত নাম জাৰিও জাৰাই চা ৰিও চাৰাই চাও কা লিখা ফু চাই চান ক্ক খাই চিপ খাই চিপ খাই ঞেও উচ পাও উত ভিদ উৎখ উৎলেং ফিট ফ্ৰা চি খেন ৷ কিউচা কিউ দাইৱকিউহক ৰাপতাই ৰাপ খাই ৰাপ চিংলু জা হেউ চুপ জা হেউ বান হিত মুত দাই হিত খেন চাও কা ঐ কিন নাং মু নন মাংহু কাইখা বোতোখা চিলা চিপ কু ঞেও ৰং বয় বয় ৷ এনেকৈ শান্তি জাৰি সন্তানৰ মাক বাপেকে ঞাপ্লক খুওৱা হয় ৷
      ঞাপ্লক খুওৱাৰ পিছত এখন পদ্ম চক্ৰ অংকিত বেদী পতা হয় ৷ ইয়াৰ মাজত কুইলেং লাক (কলপুলি) স্হাপন কৰা হয় ৷ এই লাকৰ ওপৰত পাঁচ মুখীয়া এখনি মাটিৰ চাকি দিয়া হয় ৷ পাঁচোটা কল পটুৱাৰ দোঙত নৈবেদ্য সম্ভাৰ দিয়া হয় লগতে দক্ষিণা অপৰিহাৰ্য ৷ এটা এঁৱা টেকেলিত পঞ্চৰত্ন (সোণ, ৰূপ, তাম, কাহ,  পিতল) সৈতে বেদীৰ ওপৰত স্হাপন কৰাৰ নিয়ম ৷ পূৰ্ণাঙ্গ যজ্ঞ কৰিলে মলুং বৰণো কৰিব লাগে ৷ তাই' পেঞকাকা' স্হাপন কৰি অনুষ্ঠানৰ সকলো  সামগ্ৰী উছৰ্গি গৃহস্হই সেৱা জনায়, ভকতে জনমিং (আৰ্শীবাদ) দিয়ে ৷
         চাও ফ্ৰা চাও ক্ৰা ফ্ৰাত্ৰা আলুং বয়মৌ চাও ৰেণ মান কু ফু চাই ফে অক নক চাম হেউ দাই চাও ফ্ৰা চাও ক্ৰা কুখেক ফি ওম সেও চানা ৷ চাও ফ্ৰা কু কুই লেং লাক চাম বক পাই বেন বেনাই হেত হিত চ্যাও কা ঐ ৷  দিন বুদি বান দি বান বুদি খেন দি হিত দি হিত খেন ৷ ৰিং পি জাপিন বান ৷ লান ফা জ্বন মিং ম পান ম পান বয় মৌ চ্যাও কা ঐ ৷
        আৰ্শীবাদৰ অন্তত পুৰেহিতে ৰিক চিংখন (মঙ্গলাচৰণ) খাম চিংৰাও (প্ৰসঙ্গ নাম) , লিতফাত(তিন বা বেত  পাঠ) , চিং বান ৰীও ( দিহা নাম) অনুষ্ঠিত কৰি অনুষ্ঠানৰ পৰালি পেলায় ৷ ভকত সকলে নৈবেদ্য সামগ্ৰী  সম্যকভাৱে বিতৰণ কৰি ভক্ষণ কৰে ৷ গৃহস্থই প্ৰতিটো অনুষ্ঠানৰ অন্তত সেৱা জনায় ৷ শেহত মেলানিৰ শৰাই আগবঢ়াই গৃহস্হই সেৱা জনাই ভকতে আৰ্শীবাদ দি ঘৰাঘৰি যায় ৷
( প্ৰবন্ধটি যুগুত কৰোঁতে ক্ষেত্ৰ কৰ্ম আৰু ধেমাজিৰ মলুং চাও নবীন চন্দ্ৰ বৰগোহাঞি দেওৰ জাতক ফে অন তাক পুথিৰ আধাৰ লোৱা হ'ল -------- লেখক ৷ )