চাও লুং ছ্যুকাফা --- বৃহত্তৰ অসমীয়া জাতিৰ আৰ্থ সামাজিক- ৰাজনৈতিক প্ৰাণপুৰুষ - -- উদয়াদিত্য ভৰালী

১২২৮ খ্ৰীঃ ত চাও লুং ছ্যুকাফাৰ নেতৃত্বত তাই-আহোমসকলৰ পাটকাই সিপাৰৰ পৰা আহি আজি অসম নামেৰে পৰিচিত ভূমিখণ্ডত প্ৰৱেশ কৰিছিলহি আৰু প্ৰতিষ্ঠা কৰিছিল আহোম ৰাজ্যৰ ভেটি ৷ প্ৰায় ছশ বছৰ ধৰি চলা আহোম ৰাজত্বই পিছলৈ যিহেতু অসমীয়া জাতীয় জীৱনৰ সৃষ্টিত অতি গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল আৰু যিহেতু সেই ৰাজত্বৰ প্ৰতিষ্ঠাপক আচল চাও লুং ছ্যুকাফা -- সেয়ে ইতিহাসে কয়--চাও লুং ছ্যুকাফাক বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ আৰ্থ ৰাজনৈতিক প্ৰাণপুৰুষ স্বৰূপে আখ্যা দিয়া উচিত ৷ বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ আৰ্থৰাজনৈতিক প্ৰাণপুৰুষ স্বৰূপ চাও লুং ছ্যুকাফাই আজি অসম নামেৰে পৰিচিত ভূমিখণ্ডত প্ৰৱেশ কৰি আহোম ৰাজ্যৰ ভেটি স্হাপন কৰাৰ ৮০০ বছৰ পূৰ্ণ হ'ল ৷ আজিৰ অসম, সমস্যা জৰ্জৰিত অসম ৷আজিৰ সময় বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ বাবে মহাসংকটৰ কাল ৷ এফালেদি শাসক শ্ৰেণীৰ দুৰ্নীতিময় তথা অপদাৰ্থ শাসন আৰু আনফালেদি অসমৰ অৰ্থনীতিৰ পঁয়ালগা অৱস্হাই অসমৰ সমাজ জীৱন আজি দুৰ্বহ কৰি তুলিছে ৷ নানান চক্ৰান্তকাৰীৰ বিভিন্ন চক্ৰান্তই আজি বৃহত্তৰ অসমীয়া জাতীয় জীৱন থানবান কৰি পেলাইছে
বৰ্তমান এই মহা সংকটৰ পৰত চাও লুং ছ্যুকাফাৰ স্মৃতি তথা কৃতি আৰু আৰ্দশ সমগ্ৰ অসমবাসী ৰাইজৰ বাবে অতি প্ৰাসংগিক তথা গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷ কু-শাসন আৰু পঁয়ালগা অৰ্থনীতি - এই যি দুটা ভীষণ সমস্যাৰ অত্যাচাৰতেই মূলতঃ অসমীয়া সাধাৰণ ৰাইজৰ অৱস্হা পানীত হাঁহ নচৰা হৈছে, এই দুয়োটা বিষয়ত চাও লুং ছ্যুকাফাৰ কৰ্মাৱলী পৰা আমি গুৰুত্বপূৰ্ণ শিক্ষা আহৰণ কৰিব পাৰো ৷
কিছু মহলে পক্ষপাত দুষ্টতাৰে আৰু ব্যক্তিগত তথা গোষ্ঠীগত স্বাৰ্থপূৰণৰ উদ্দেশ্যৰে এই সত্যক প্ৰকাৰন্তৰে অস্বীকাৰ কৰিব খুজিলেও ইতিহাসে স্পষ্টভাৱে কয় যে আহোম ৰাজত্বৰ প্ৰায় ছশ বছৰ ধৰি টিকি থকাৰ মূলতেই আছিল স্হানীয় পৰিস্হিতিত শাসক বৃন্দৰ এক বুজন অংশই বস্তুনিষ্ঠভাৱে বিশ্লেষন কৰি তাৰ সৈতে খাপ খোৱা শাসন প্ৰৱৰ্তন কৰাটো ৷ এই দিশত সেই শাসকবৰ্গক পথ নিৰ্দেশনা দি থৈ গৈছিল চাও লুং ছ্যুকাফাই ৷ ইয়াৰ অৰ্থ অৱশ্যে এইটো নহয় যে আহোম ৰাজত্বৰ যি প্ৰশাসনীয় কাঠামো তাৰ পৰিপূৰ্ণ ৰূপ তেওঁ দি গৈছিল ৷ চাও লুং ছ্যুকাফাই যি শাসন পদ্ধতি স্হাপন কৰিছিল তাক পিছলৈ বহুকেইজন দক্ষ তথা গুণী শাসকে পৰিবৰ্ধিত, পৰ্ৰিশোধিত তথা সংহত কৰিছিল বিশেষকৈ চাওপা চুডাংফা, স্বৰ্গদেউ চুহুংমুং, স্বৰ্গদেউ প্ৰতাপসিংহ, স্বৰ্গদেউ গদাধৰ সিংহ, মোমাইতামুলি বৰবৰুৱা , আতন বুঢ়াগোহাঁই ইত্যাদি সকলৰ নাম এইক্ষেত্ৰত ল'বই লাগিব ৷
আনহাতেদি আহোম ৰাজত্বৰ কথা কওঁতে যে মাথোন তাই-আহোম সকলৰ অৱদানৰ কথাকে কোৱা হয় সেইটো নহয় ৷ আহোম ৰাজ্যত তাই আহোম সকলৰ উপৰি যিবোৰ জন সমষ্টি বসবাস কৰিছিল তেওঁলোকেও এই ৰাজত্বৰ সমৃদ্ধি তথা স্হায়িত্বৰ প্ৰতি উল্লেখযোগ্য অৰিহণা আগবঢ়াই গৈছে ৷ এই দিশত চাও লুং ছ্যুকাফাৰ গুৰুত্ব নিহিত হৈ আছে - যি কাৰ্যকৰী শাসন পদ্ধতিয়ে এই সমৃদ্ধি তথা স্হায়িত্ব পিছলৈ আনিছিল তাৰ আদি-আৰ্হি তেওঁ দেখুৱাই থৈ গৈছিল ৷ এফালেদি প্ৰজাৰ হিতচিন্তা আৰু আনফালেদি বিভিন্ন সময়ত দেখা দিয়া সংকট তথা সমস্যাৰ সমাধান সেই নিৰ্দিষ্ট যুগৰ পৰিস্থিতিৰ দাবী অনুসৰি বিচক্ষণতাৰে কৰিব পৰাটোৱেই যে যোগ্য শাসকৰ প্ৰধান গুণ তাক চাও লুং ছ্যুকাফাই বাস্তৱ দৃষ্টান্তৰে ভৱিষ্যত প্ৰজন্মৰ বাবে দেখুৱাই থৈ গৈছিল ৷
ই হওঁতে সচা চাও লুং ছ্যুকাফাৰ কৰ্মাৱলীক আজিৰ আধুনিক মানদণ্ডৰে জুখিবলৈ গ'লে তাত অনেক ক্ৰতি দেখা যাব ৷ কিন্তু তেনে মূল্যায়ন হ'ব কালবিসংগতিপূৰ্ণ ৷ কাৰণ চাও লুং ছ্যুকাফাৰ কৰ্মাৱলী মূল্যায়ন হ'ব লাগিব ৷ তেওঁৰ যি যুগ সেই যুগৰ বাস্তৱৰ পৰিপ্ৰেক্ষিততহে ৷ চাও লুং ছ্যুকাফা আছিল এখন অৰ্ধ- জনজাতীয় - অৰ্ধ সমাজতান্ত্ৰিক সমাজৰ বাসিন্দা ৷ সেই যুগতেই আধুনিক গণতান্ত্ৰিক বিধি ব্যৱস্থাক তেওঁৰ শাসনৰ মাজত বিচাৰিবলৈ যোৱাটো সম্পূৰ্ণ অবান্তৰ কথা ৷ " সাত ৰাজ মাৰি এক ৰাজ " কৰাৰ যি নীতি তেওঁৰ হাতত লৈছিল আনকি সেই নীতিটো আজিৰ গোষ্ঠীবিদ্বেষৰ বীজ নিহিত হৈ আছে বুলি কোনো কোনো মহলে মত দিয়া দেখা গৈছে ৷ কিন্তু সেই মত কোনোমতেই সমৰ্থনযোগ্য হ'ব নোৱাৰে ৷ কাৰণ সেই নীতি প্ৰৱতন নোহোৱা হ'লে পিছলৈ সেই প্ৰতিক্ৰিয়াৰো সৃষ্টি নহ'লহেঁতেন -- যাৰ ফলত বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ সৃষ্টি কালক্ৰমত হ'লগৈ ৷ আৰু যদি বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰেই সৃষ্টি নহ'লহেতেঁন তেন্তে আজি তাত ভাঙোন ধৰাৰ প্ৰশ্নই নুঠিলহেঁতেন ৷ যিটো সৃষ্টিয়েই নহ'ল তাত পিছলৈ ভাঙোনৰ প্ৰশ্ন অহাৰ অৱকাশ ক'ত ?
ইতিহাসে স্পষ্টভাৱে কয় - প্ৰটিটো জাতীয় জীৱন গঢ়ি উঠাৰ ক্ষেত্ৰত ইতিহাসত একোটা সময় আহে য'ত কোনো নহয় কোনো পৰাক্ৰমী গোষ্ঠীয়ে দক্ষ নেতাৰ নেতৃত্বত " সাতৰাজ মাৰি এক ৰাজ " কৰাৰ প্ৰক্ৰিয়াৰ আৰম্ভণি কৰিছিল ৷ পিক্ট, এংগোল, জুট, ডেন, ভাইকিং, চেক্সন, নৰ্মান আদি বিভিন্ন গোষ্ঠী সংমিশ্ৰিত হৈ যি ইংৰাজ জাতিৰ সৃষ্টি কৰিলে এই ক্ষেত্ৰত বিশেষকৈ নৰ্মানসকলে ইংেলণ্ডত " সাত ৰাজ মাৰি এক ৰাজ " কৰাৰ নীতি যদি গ্ৰহণ নকৰিলেহেঁতেন তেন্তে যি প্ৰক্ৰিয়াৰে ইংৰাজ জাতি গঢ়ি উঠিল সেই প্ৰক্ৰিয়াৰেই জন্ম নহ'লহেঁতেন ৷ তেওঁলোকৰ মাজত গোষ্ঠী চিন্তাক মষিমূৰ কৰি এক ভেদাভেদহীন জাতীয় জীৱনক সূদৃঢ়ভাৱে সংহত কৰিলে জাতীয় পুঁজিবাদৰ সবল বিকাশে ৷ অসমত আজিও সি হৈ উঠা নাই জাতীয় পুঁজিবাদে বাধাহীন ভালে বিকাশ লাভ কৰিব নোৱাৰে বাবে ৷ তাৰ বাবে এতিয়াওঁ একীভূত হোৱাৰ প্ৰক্ৰিয়া আধৰুৱা হৈ থাকিল আৰু ফলত গোষ্ঠী চিনাকী প্ৰবল হৈ থাকিল ৷ সেই গোষ্ঠীবোৰৰ মাজত মধ্যবিত্ত শ্ৰেণীৰ বিকাশ সিমানে সৱল হৈ আহিছে যিমানে মধ্যবিত্তৰ চিৰাচৰিত " জাতীয় খিটখিটনি " বোৰো বাঢ়িছে আৰু ফলত দেখা দিছে গোষ্ঠী বিদ্বেষে ৷ জাতীয় পুজিঁৰ এই পয়ালগা অৱস্হাৰ মূলতেই আছে সাম্ৰাজ্যবাদী লুন্ঠন ৷ এই দুখলগা তথা ভয়ংকৰ অৱস্হাৰ বাবে দায়ী আমাৰ দূৰ্ভগীয়া আধুনিক যুগৰ ইতিহাসহে ৷ তাৰ বাবে চাও লুং ছ্যুকাফা কোনোপধ্যেই দোষী হ'ব নোৱাৰে বা তেওঁৰ "সাত ৰাজ মাৰি এক ৰাজ " কৰাৰ নীতিও জগৰীয়া হ'ব নোৱাৰে ৷ অথবা সেই শুদ্ধ নীতিৰ যি গৰিমা সিও লাঘৱ হ'ব নোৱাৰে ৷
তাৰ বাবে চাও লুং ছ্যুকাফাই জনসংমিশ্ৰণৰ দিশত যি চতুৰ তথা বিচক্ষণ নীতি প্ৰৱৰ্তন কৰিছিল তাৰ পৰা শিক্ষা লৈ আজি সমস্যা সমাধানত সেই শিক্ষাক আধুনিকীৰণ কৰি আজিৰ পৰিস্তিতিৰ সৈতে তাক খাপ খুৱাই প্ৰয়োগৰ ব্যৱস্থাহে কৰা উচিত ৷ এই দিশত সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল - চাও লুং ছ্যুকাফাৰ শাসনৰ ৰাজহাড় আছিল প্ৰয়োজনীয় কাৰ্য্যক্ষমতা থকা অৰ্থনীতিহে ৷ এই অৰ্থনীতিয়ে জনসংমিশ্ৰণৰো মূল চালিকা শক্তি আছিল ৷ অস্ত্ৰ বলতকৈও চাও লুং ছ্যুকাফাৰ নেতৃত্বত তাই আহোমসকলে শালি ধানৰ খেতি ভিত্তিত যি উন্নত কৃষি - অৰ্থনীতি সেই অঞ্চলৰ জনজাতীয় স্হানীয় ৰাইজৰ মাজত প্ৰৱৰ্তন কৰিছিল, সেই শক্তিয়েহে তেও শাসনৰ ভেটি দৃঢ় কৰিছিল ৷ আজি আমাৰ বাবে এই দৃষ্টান্তৰ পৰা ল'ব লগা শিশাৰ গুৰুত্ব অপৰিসীম ৷ দেশত যদি সুশাসন প্ৰতিষ্ঠা হ'ব লাগে তেন্তে সবল জাতীয় অৰ্থনীতিক যে তাৰ ৰাজহাড় কৰিব লাগিব আৰু তেতিয়াহে যে দেশলৈ শান্তি-সমৃদ্ধি আহিব - সেই শিক্ষাই এই দৃষ্টান্তই দিয়ে ৷ সেই শিক্ষা গ্ৰহণ নকৰি ' চুকাফা দিৱস' পতাৰ নামত অতীত পূজাৰ ভেকুভাওনাৰহে যদি অৱতাৰণা কৰা হয় তেন্তে ই চাও লুং ছ্যুকাফাৰ মহান স্মৃতিৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰাৰ সলনি সেই স্মৃতিক অপমানহে কৰা হ'ব ৷