গোভা ৰাজ্য আৰু জোনবেলি মেলা ✍চাও ঋতুৰাজ ফু-কন

বৰ্তমান মৰিগাঁও জিলাৰ দক্ষিণ-পশ্চিম অঞ্চল আৰু জাগীৰোডৰ পৰা চাৰি কিল’মিটাৰ উত্তৰে এসময়ত গোভা ৰাজ্যৰ অৱস্থিতি আছিল৷ সেই প্ৰাচীন গোভা ৰাজ্যই ইতিহাসপ্ৰসিদ্ধ জোনবিল মেলাৰ স্থান৷ গোভা ৰজাই প্ৰচলন কৰা দেওৰজাৰ ৰাজ-দৰবাৰৰ সিদ্ধান্ত অনুসৰি অতীজৰে পৰা চিৰাচৰিত প্ৰথাৰে জোনবিল নামৰ বিলৰ পাৰৰ মুকলি ভূখণ্ডত তিনিদিনব্যাপী জোনবিল মেলা বছৰি অনুষ্ঠিত হৈ আহিছে৷ এই মেলাই অসমত বসবাস কৰা কিৰাত-মংগোলীয় গোষ্ঠীৰ অন্যতম আদিবাসী পাহাৰীয়া নৈপৰীয়া তিৱা (লালুং)সকলৰ সংস্কৃতিৰ এক ঐতিহাসিক স্বাক্ষৰ বহন কৰে৷
জোনবিল মেলা মধ্য অসমৰ তিৱা জনজাতি অধ্যুষিত অঞ্চলৰ জনজীৱনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত একক বৈশিষ্ট্যসম্পন্ন বাণিজ্য মেলা৷ মায়ং মৌজাৰ ওচৰৰ জোনবিলৰ পাৰত মাঘ বিহুৰ পিছৰ বৃহস্পতিবাৰৰ পৰা শনিবাৰলৈ তিনিদিন ধৰি বিৰাট মেলা বহে৷ এই মেলাৰ প্ৰধান কাৰ্য হ’ল সামগ্ৰীৰ পৰিৱৰ্তে সামগ্ৰী বিনিময়৷ এনে ধৰণৰ মেলা সম্ভৱতঃ এইখনেই বৰ্তমানলৈকে জীৱিত অৱস্থাত আছে৷
বিভিন্ন দিশৰ পৰা জোনবিল মেলাৰ তাৎপৰ্য অসীম৷ অনুমান কৰা যায় যে পূৰ্বতে সম্ভৱতঃ বস্তু বিনিময়ৰ উদ্দেশ্য আগত ৰাখিয়েই এই মেলাৰ আয়োজন কৰা হৈছিল৷ কাৰণ, পৰ্বতীয়া লালুং (তিৱা), মিকিৰ (কাৰবি), খাচি আৰু জয়ন্তীয়াসকলৰ লগত থলুৱা মানুহৰ বাণিজ্যৰ বাবে সুবিকশিত বজাৰ অতীজত নাছিল৷ নেলীত বজাৰ আছিল বুলি জনা যায় যদিও আজিৰ দৰে নাছিল৷ ইফালে, দীৰ্ঘ দূৰত্বলৈ সামগ্ৰী কঢ়িয়াই আনি বিক্রী কৰাটো ঝুম খেতিনিৰ্ভৰ জনজাতীয় লোকসকলৰ বাবে যথেষ্ট কষ্টসাধ্য আছিল৷ তেনেকুৱা এক পটভূমিত পৰ্বত-ভৈয়ামৰ মানুহৰ মাজত লেন-দেন বা আদান-প্ৰদানৰ বাবে মেলাৰ প্ৰয়োজন আছিল অনস্বীকাৰ্য৷
গোভাৰ ৰজাই মেলাৰ প্ৰথম আয়োজন কৰিছিল৷ লালুং ৰজাসকলৰ মাজত গোভাৰ ৰজা পৰম সন্মানিত ব্যক্তি আছিল৷ কাষৰীয়া খাচি, জয়ন্তীয়া আৰু পাৰ্বত্য লালুং জ্ঞাতিসকলৰ সৈতে নেলী, গোভা আদিৰ ৰজাসকলৰ সম্পৰ্ক অতি মধুৰ আছিল৷ ভৈয়ামৰ আহোমসকলৰ লগতো সম্পৰ্ক ভাল আছিল৷ এনে সুসম্পৰ্ক থকাৰ বাবেই গোভাৰ ৰজাই জোনবিলত আনুষ্ঠানিকভাৱে মাছ মৰা কাৰ্যৰ গাত ভেজা দিয়েই, সম্পদ বিনিময়ৰ উদ্দেশ্যে আগত ৰাখি মুদ্ৰাৰ অবিহনেই এখন বাণিজ্যিক মেলাৰ আয়োজন কৰিছিল৷ পাহাৰ-ভৈয়ামৰ ৰাইজৰ সমাৱেশত কালক্রমত এই মেলা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলৈ ধৰিলে৷ গতিকে জোনবিল মেলাৰ আয়োজনৰ দিশত সমূহীয়া মাছ মৰা কাৰ্যৰো এক গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলিব পাৰি নিশ্চয়৷
সময়ৰ লগে লগে দেশৰ ৰাজনৈতিক দৃশ্যপট সলনি হ’ল৷ জোনবিল মেলাৰ আয়োজক গোভা ৰজাৰ বংশধৰসকলৰ ৰাজত্ব এতিয়া আৰু নাই৷ তৎসত্ত্বেও অতীতৰ বৈশিষ্ট্যপূৰ্ণ সাংস্কৃতিক ইতিহাসক সোণসেৰীয়া কৰি ৰখাৰ নিমিত্তে জোনবিল মেলাৰ আয়োজন আৰু শুভাৰম্ভ প্ৰতীকী অৰ্থত হ’লেও আজিও পৰম্পৰাগতভাৱে গোভা ৰজায়ে কৰে৷ ৰাজকীয় ক্ষমতা নাই যদিও প্ৰতীকী ৰজাৰ নেতৃত্ব তথা নিৰ্দেশ তিৱা সমাজে অনুসৰণ কৰে৷ মাঘ বিহুৰ পিছৰ বৃহস্পতিবাৰে সমূহীয়া মাছ ধৰা কাৰ্যৰ আৰম্ভণি কৰাৰ লগতে জোনবিল মেলা সম্পৰ্কে আলাপ-আলোচনা চলায়৷জোনবিল মেলাৰ মন কৰিবলগীয়া আৰু এটা দিশ হ’ল জাতি, ধৰ্ম, বৰ্ণ, সম্প্ৰদায়জনিত সংকীৰ্ণতাৰ পৰা মুক্ত ইয়াৰ উদাৰ ৰূপটো৷ জোনবিল মেলাই সকলোকেই ঊৰ্ধ্ববাহু হৈ আমন্ত্ৰণ জনায়৷ দূৰ-দূৰণিৰ পৰ্বত-ভৈয়াম বা জনগোষ্ঠীভেদে মাতৃভাষা বা দোৱানৰ ভিন্নতা থাকিলেও জোনবিল মেলাত ভাষাই সমস্যাৰ সৃষ্টি কৰিব পৰা নাই৷ কৃষক ৰাইজৰ উৎপাদিত পণ্য ক্রয়-বিক্রয়ৰ ক্ষেত্ৰত জোনবিল মেলাই এই মাধ্যম স্বৰূপে কাম কৰিছে৷ সংহতি আৰু সম্প্ৰীতিৰ এক বৰ্ণাঢ্য মেলা হিচাপে জোনবিল মেলা গভীৰ আৰু বিশাল হৈ পৰক৷অসমৰ পাহাৰে-ভৈয়ামে, গাঁৱে-ভূঁয়ে বিভিন্ন স্থানত, বিভিন্ন সময়ত, বিভিন্ন উপলক্ষ্যত উৎসৱ-পাৰ্বণ, মেলা আদি অনুষ্ঠিত হৈ আহিছে৷ ধৰ্মীয় হওক বা ধৰ্মনিৰপেক্ষ, এই আটাইবোৰেই অসমৰ সাংস্কৃতিক সম্পদ৷ এইবিলাকৰ গাতে গইনা লৈয়ে সাংস্কৃতিক সম্পদ বৃদ্ধি পায়৷ জোনবিল মেলা তিৱা জনজীৱনৰ পুৰণি ঐতিহ্য-পৰম্পৰাভিত্তিক অনুষ্ঠান৷ অসমৰ আন আন উৎসৱ-পাৰ্বণ-মেলাসমূহৰ দৰে ইয়াৰ পটভূমিতো সাংস্কৃতিক সমলৰ উপৰি থলুৱা ধ্যান-ধাৰণাৰ উপকৰণ আছে৷ ইয়াৰ তুলনামূলক অধ্যয়নে অসমৰ সংস্কৃতিৰ অতি পুৰণি বৈশিষ্ট্যৰে পূৰ্ণ শক্তিশালী ভেটিতো উদ্ধাৰ কৰাত নিশ্চয় ব্যাপকভাৱে সহায়ক হ’ব৷
মুদ্ৰা অবিহনে আজি বিশ্বৰ অৰ্থনীতি, ৰাজনীতি, সংস্কৃতি সকলোৱেই অথৰ্ব৷ কিন্তু প্ৰাচীন অৰ্থনীতিত মুদ্ৰাৰ গুৰুত্ব বিশেষ নাছিল৷ তাৰ প্ৰমাণ বিনিময় প্ৰথা৷ সময় আগ বঢ়াৰ লগে লগে মুদ্ৰাই নিজৰ স্থান নিকপকপীয়া কৰি পেলোৱাত বিনিময় প্ৰথা লুপ্ত হ’বলৈ ধৰিলে৷ এই মুহূৰ্তত বিশ্বৰ কোন প্ৰান্তত এই প্ৰথা আজিও বৰ্তি আছে বুলিলে সতকাই উত্তৰ দিয়া মস্কিল৷ সময় আৰু সমাজৰ তেনে এক ধামখুমীয়া সত্ত্বেও এই পৰম্পৰাক হয়তোবা জীয়াই ৰাখিছে কোনোবাই৷ তাৰ উত্তৰ পাবলৈ হ’লে অসমৰ অন্যতম জনগোষ্ঠী তিৱাসকলৰ সাংস্কৃতিক পৰম্পৰাৰ গভীৰতালৈ সোমালেই কৌতূহল দূৰ হ’ব৷
জোনবিল মেলা সম্পৰ্কে তিৱাসকলৰ মাজত বহুতো কাহিনীৰ প্ৰচলন আছে৷
‘জোনবিল’ নামটোৰ বিষয়ে এনেদৰে পোৱা যায়… এবাৰ জোনাক নিশা গোভা ৰজা পণ্টেশ্বৰে বিহাৰ কৰি স্বৰাজ্যলৈ ঘূৰি আহি আছিল৷ তেনেকৈ আহি থাকোঁতে বাটতে এক বিশাল জলধাৰাত জোনৰ অনুপম প্ৰতিবিম্ব দেখি তেওঁ অভিভূত হৈ পৰিল৷ জোনাক জলমলাই থকা সেই জলধাৰাৰ নাম ৰাখিলে ‘জোনবিল’৷ কোনো কোনোৰ মতে আকৌ গোভাধিপতি কন্তেশ্বৰ সিংহ (কোনোৰ মতে প্ৰান্তেশ্বৰ সিংহ)ই এবাৰ নিশা বিলৰ পাৰত ঘূৰি ফুৰোঁতে জোনাকৰ জিলমিল পোহৰৰ অপূৰ্ব সৌন্দৰ্য পানীত জিলিকি উঠা দেখি অভিভূত হৈ পৰিল৷ সেয়েহে এই বিলখনৰ নাম 'জোনবিল' হ'ল৷ এইজন ৰজাৰ দিনৰ পৰাই জোনবিল মেলাৰ প্ৰচলন হৈছে৷ আন কিছুসংখ্যক লোকৰ মতে, জনশ্ৰুতিমতে গোভা ৰাজ্যৰ প্ৰথমজন ৰজা আছিল জোনচিং আৰু তেওঁৰ নামটোৰ পৰাই বিলখনৰ নাম 'জোনবিল' হ'ল৷
জোনবিল নামৰ ঠাইখনৰ বিষয়ে এনেকৈয়ো পোৱা যায়... গোভা ৰাজ্যৰ প্ৰতিষ্ঠাতা ৰজাজনে এদিন শুক্লপক্ষৰ ৰাতি ৰাণীৰে সৈতে বিহাৰ কৰি ফুৰোঁতে কাঁচিজোনটোৰ লেখীয়া এখন বিলৰ পাৰ পালেহি। বিলৰ ফটফটীয়া পানীত জোনটো দেখি ৰজাই বিলৰ পানীৰ পৰাই জোনৰ আবিৰ্ভাৱ বুলি ভাবিলে৷ লগতে ৰাণীক ক ’ লে... 'হেবে ছনাইনে পিল হংদ'৷ অৰ্থাৎ, এইখন জোনটোৰেই বিল হ 'ব। তিৱা ভাষাত 'ছনাই' শব্দে 'জোন' বুজায়। কালক্ৰমে মানুহৰ মুখত পৰি 'ছনাইবিল'ৰ পৰা 'জনাইবিল', 'জনাইবিল'ৰ পৰা 'জোনবিল' নামেৰে জনাজাত হ ’ ল৷
বুৰঞ্জীপ্ৰসিদ্ধ এই জোনবিলৰ পাৰতে কেইবাশ শতিকাৰো পূৰ্বৰ সময়ৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈ অহা পাহাৰ-ভৈয়াম সম্প্ৰীতি উৎসৱেই ‘জোনবিল মেলা’৷ উৎসৱ আৰু মেলাপ্ৰিয় তিৱাসকলৰ দেওশাল মেলা, খাৰবিল মেলা আৰু জোনবিল মেলাৰ ভিতৰত জোনবিল মেলাই আটাইতকৈ ডাঙৰ৷ আহোমৰ ৰাজত্ব কালত মেলাৰ দিনকেইটাতে ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কে উক্ত স্থানতে আলোচনা-বিলোচনা চলোৱা হৈছিল বুলি জানিব পৰা যায়৷ ধাৰাবাহিকতা ৰক্ষা কৰি তাহানিৰ সেই দিন ধৰি জোনবিল মেলা আজি পৰ্যন্ত বৰ্তি আছে৷ পৰ্বতীয়া তিৱা, কাৰবি, খাচি, জয়ন্তীয়াসকলৰ লগতে গাৰো, বড়ো, মিজো আদি ভৈয়ামনিৱাসী বিভিন্ন সম্প্ৰদায়ৰ ৰাইজে ইয়াৰ সৌষ্ঠৱ বৃদ্ধি কৰি আহিছে৷
জোনবিল মেলাক 'সাতোৰজা-পাঁচোৰজাৰ মিলন সেতু' বুলি কোৱা হয়। আনুমানিক ওঠৰশ শতিকামানৰ ভিতৰত জয়ন্তীয়া ৰাজ্যৰ দাঁতিত পাঁচখন ক্ষুদ্ৰৰাজ্য (পাঁচোৰাজ্য) গোভা, নেলী, খলা, উত্তৰ খলা আৰু চহৰী (এতিয়া পাঁচোৰাজ্য... টোপাকুছি, বাৰপূজীয়া, খাইগড়, ফুলগুৰি আৰু মিকিৰ গাঁও) গঢ় লৈ উঠে। আনহাতে কলং নৈৰ দক্ষিণ পাৰে সাতখন ক্ষুদ্ৰৰাজ্য (এতিয়া সাতোৰাজ্য... তেতেলীয়া, কুমৈ, শুখনাগোগ, বঘৰা, মগুৱা, তৰাণি ক'লাবাৰী আৰু কছাৰী গাঁও) গঢ় লৈ উঠে। গোভাৰ পাহাৰৰ শিলৰ মাজত থকা এটা প্ৰকাণ্ড পুখুৰীত তিনিজন ভাই-ককাই যথাক্ৰমে জয়তা, খৈৰাম আৰু মাৰ্জঙৰ জন্ম হৈছিল। তিনিজন দেওলগা মানুহৰ উত্পত্তি হোৱা বাবেই ইয়াক তিনমখলং বুলি কোৱা হয় । সেই পুখুৰীত থকা প্ৰকাণ্ড মালীমাছ এটাৰ পেটৰ পৰা মাৰ্জং ৰজা অৰ্থাৎ গোভা ৰজাৰ জন্ম হোৱা বুলি জনশ্ৰুতি আছে। সেয়ে গোভা ৰজাৰ কুলৰ নাম 'মালৈৱালী' বুলি জনাজাত। এই তিনি ভাইৰ ডাঙৰজনে জয়ন্তাত, মাজু আৰু সৰুজনে মাৰ্জং পাহাৰতে ৰজা হয়। এসময়ত তেওঁলোকে সৰু ভায়েক মাৰ্জং ৰজাক তেওঁলোকৰ ইষ্ট দেৱতা 'ফা-মাহাদেউ' (শিৱ)ৰ পূজাৰ থান পাতিবলৈ এখন মনোৰম ঠাই বিচাৰি পঠালে। ইষ্ট-দেৱতাক নিৰ্জন ঠাইত পূজা কৰাৰ মানসেৰে এখন ঠাইলৈ আহি তাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবেই সেই ঠাইতে থান পাতি সেই অনন্ত শক্তিৰ প্ৰতীক 'মিন্দাইনে খুনা' প্ৰতিষ্ঠা কৰিলে। ইয়াৰ ফলশ্ৰুতিত গঢ় লৈ উঠিল সম্প্ৰতি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ঐতিহাসিক দেওশাল থান। লগতে ওচৰৰ হাবি-জংঘল পৰিষ্কাৰ কৰি বাসোপযোগী কৰি ঘৰ সাজিলে। একেবাৰে অতল গহ্বৰসদৃশ ঠাই হোৱা বাবেই এই ঠাইডোখৰৰ নাম ৰাখিলে 'কুবা '৷ পিছলৈ বৰ্ণবিপৰ্যয় ঘটি এইখন ঠায়েই হ'লগৈ 'গোভা'।
তিৱাসকলৰ অতি পুৰণি গোভা ৰাজ্যখন আহোম ৰজাৰ এখন কৰতলীয়া ৰাজ্য আছিল৷ পূবে তেজপুৰৰ ৰঙামাটি, পশ্চিমে ৰাণী বেলতলা, উত্তৰে ব্ৰহ্মপুত্ৰ, দক্ষিণে তিৱাচনা পৰ্যন্ত বিস্তৃত আছিল ইয়াৰ সীমা৷ জনশ্ৰুতিমতে, ৰাজ্যখন জয়ন্তা বা জয়ন্তীয়া ৰাজ্যৰ সম্পূৰ্ণ অনুগত আছিল৷ জয়ন্তীয়া ৰজাৰ লগত গোভা ৰজাৰ ঐতিহাসিক সম্পৰ্ক গঢ় লৈ উঠিছিল৷ কোনো কোনোৰ মতে, এই ঐতিহাসিক ৰাজ্যখনৰ নাম দিয়াৰ চিন্তা-চৰ্চা কৰি থাকোঁতেই হেনো এযোৰ ঢোৰা কাউৰীয়ে গছৰ ডালত পৰি 'কোৱা, কোৱা' বুলি চিঞৰিবলৈ ধৰিলে৷ সেই 'কোৱা' শব্দৰ পৰাই 'গোৱা' আৰু 'গোৱা'ৰ পৰাই 'গোভা' নামে ৰাজ্যখন জনাজাত হ'ল৷ অন্য এক জনশ্ৰুতি অনুসৰি অসমীয়া ভাষাত বিলক 'গোৱা' বুলি কোৱা হৈছিল আৰু সেই 'গোৱা' শব্দৰ পৰাই 'গভা' বা 'গোভা' নাম পালে৷
জোনবিল মেলাৰ সময় সম্পৰ্কে পঢ়িবলৈ পোৱামতে, লালুং (তিৱা)সকলে যেতিয়া জয়ন্তীয়া ৰাজ্যৰ দাঁতি-কাষৰীয়া উত্তৰাঞ্চলত বসবাস কৰিছিল, সেই সময়ত গোভা নামৰ ৰাজ্যৰ এটা পৰিয়ালত লাংবৰ আৰু লুংবৰ নামৰ দুজন ককাই-ভাই আছিল৷ চিকাৰ কৰি ভাল পোৱা লাংবৰে এদিন জন্তুৰ পিছ খেদি জয়ন্তীয়া ৰাজ্যৰ ৰাজধানী ওলালগৈ৷ নিজৰা এটাৰ পাৰৰ ঘাটত কেইবাদিন ধৰি বিশ্ৰাম লৈ থাকোঁতে জয়ন্তীয়া কুঁৱৰী হিলালীক লগৰীয়াবোৰৰ সৈতে স্নান কৰি থকা দেখা পালে৷ কেইবাদিনো দেখা-সাক্ষাৎ হোৱাৰ পিছত উভয়ৰে অন্তৰত প্ৰেমৰ অনুভূতি জাগি উঠিল৷ দুয়ো ক্রমাৎ প্ৰণয়-পাশত আবদ্ধ হ’ল৷ কথাটো এদিন ৰজাৰ কাণত পৰিলগৈ৷ ৰজাই সেনাপতিৰ হতুৱাই লাংবৰক ধৰাই নি বন্দী কৰি থ’লে৷ পিছত ৰাজসভাত হোৱা বিচাৰত বন্দীক বলি দিয়াৰ সিদ্ধান্ত লোৱা হ'ল৷ লাংবৰক মৃত্যুদণ্ড দিব খোজা কথাটো যেতিয়া ৰাজকুমাৰী হিলালীয়ে গম পালে তেতিয়া মুখলৈ খুদকণ এটাও নিনিয়াৰ প্ৰতিজ্ঞা কৰিলে। কান্দি কান্দি ভোকে-পিয়াহে দিনে দিনে হিলালীৰ শাৰীৰিক-মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব ধৰিলে৷ এদিন হিলালী হঠাতে মূছ-কঁছ গৈ মাটিত পৰি গ’ ল৷ তাকে দেখি মাকৰো হাঁহাকাৰ অৱস্থা হৈ পৰিল। বেজ-জ্ঞানী লগায়ো যেতিয়া তেওঁলোকক সুস্থ কৰি তুলিব নোৱাৰিলে, উপায়হীন ৰজাই তেতিয়া লাংবৰৰ শাস্তি প্ৰত্যাহাৰ কৰিলে৷ দুয়োৰে প্ৰেমৰ আগত হাৰ মানিব লগা হ'ল আৰু লাংবৰ-হিলালীক বিবাহ-পাশত আবদ্ধ হ'বলৈ সন্মতি দিলে৷ লাংবৰৰ বীৰত্বৰ কথা শুনি লাংবৰক জয়তা (জয়ন্তীয়া) সেনানীৰ সেনাপতি পতা হ ’ ল। ইফালে জয়ন্তীয়া বৈবাহিক প্ৰথা মানি লাংবৰ 'কবাই' (ঘৰজোঁৱাই) হৈ ৰ ’ ল। জয়ন্তীয়াসকলৰ সামাজিক নিয়ম অনুযায়ী যিহেতু ঘৰজোঁৱাই চপালে সম্পত্তিৰ একাংশ দিব লাগে, গতিকে ৰজাই ৰাজ্যৰ উত্তৰাঞ্চলটোকে লাংবৰক দান কৰিলে৷ গোভা নৈৰ পাৰৰ ফুলগুৰিত ৰাজ-দৰবাৰ পাতি উত্তৰে কলং-কপিলীলৈকে ভূখণ্ড লাংবৰক অৰ্পণ কৰিলে। এই ৰাজ্যৰে নাম কালক্ৰমত গোভা ৰাজ্য হ ’ ল। লাংবৰ ৰজাৰ ৰাজ-অভিষেকত খেৰীয়েম, ডিমাপুৰ, বেলতলাৰ ৰজা, বিষয়াবৰ্গ আদি উপস্থিত আছিল৷ এই অভিষেক মাঘ বিহুৰ সাতদিনৰ পিছত অনুষ্ঠিত হৈছিল৷ লাংবৰৰ অভিষেকৰ দিনটোৰ লগত সংগতি ৰক্ষা কৰিয়ে জোনবিলৰ পাৰত তেতিয়াৰে পৰা মাঘ বিহুৰ উৰুকাৰ সাতদিনৰ পিছৰ শনি আৰু দেওবাৰে মেলা অনুষ্ঠিত কৰা হৈছিল৷
লাংবৰ আৰু লুংবৰ সম্পৰ্কে গংবাং লালুঙৰ সাঁচিপতীয়া পুথিত পঢ়িবলৈ পোৱা যায়। এই সাঁচিপাতৰ পুথিসমূহৰ বহুতো হয়তো এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই। বিভিন্ন গৱেষক-পণ্ডিতে বহু কষ্টেৰে উদ্ধাৰ কৰা এনে সাঁচিপতীয়া পুথিৰ পৰা যি কিঞ্চিৎ তথ্য পোৱা যায় তাৰ পৰা আৰু এটা কথা কোৱা যায় যে জোনবিল মেলা গোভা ৰাজ্য প্ৰতিষ্ঠাৰ কেইবাবছৰৰো পিছতহে আৰম্ভ হৈছিল৷ অৰ্থাৎ, ১৮৫৪চনমানৰ পৰা এই জোনবিল মেলা উদযাপিত হৈ আহিছে বুলি প্ৰাপ্ত সাঁচিপতীয়া পুথিসমূহৰ ওপৰত ভিত্তি কৰি অনুমান কৰিব পাৰি ।
অগ্নি পূজাৰ মাধ্যমেৰে প্ৰাপ্ত পৱিত্ৰতা আৰু শক্তিৰে শুভাৰম্ভ কৰা জোনবিল মেলাৰ মূল বিষয়-বস্তু বা মুখ্য আকৰ্ষণ হৈছে বিনিময় প্ৰথা৷ ভাৰতবৰ্ষৰ ভিতৰত একমাত্ৰ জোনবিল মেলাতেই এই প্ৰথা আজিও বিৰাজমান৷ বিনিময় প্ৰথা হৈছে ব্যৱসায়-বাণিজ্যৰ দিশত মানৱৰ প্ৰথম যুগান্তকাৰী পদক্ষেপ৷ সভ্যতাৰ ইতিহাসত মুদ্ৰাৰ প্ৰচলন হোৱাৰ পূৰ্বৰে পৰা চলি অহা বিনিময়ৰ এই ব্যৱস্থা পাহাৰ আৰু ভৈয়ামৰ জ্ঞাতি-প্ৰজাতিৰ সমন্বয় আৰু সম্প্ৰীতিৰ মূৰ্ত প্ৰতীকৰূপে চিহ্নিত হৈ আহিছে, অদৃশ্যমান চেনেহ-জৰীৰে বন্ধনেৰে মহামিলনৰ তীৰ্থক্ষেত্ৰলৈ পৰ্যবসিত হৈছে৷ আধুনিক যুগত মুদ্ৰাৰ প্ৰচলনৰ ফলত পৰম্পৰাগতভাৱে বহু জনজাতীয় সমাজত প্ৰচলিত বিনিময় বেহা ক্ৰমান্বয়ে লোপ পালে যদিও জোনবিল মেলাত এই পৰম্পৰাগত প্ৰথা আজিও বিদ্যমান৷
মাঘ মাহৰ দ্বিতীয় বা তৃতীয় সপ্তাহৰ এটা বৃহস্পতিবাৰে আৰম্ভ হোৱা তিৱাসকলৰ এই মেলাখন তিনিদিন ধৰি চলি থাকে৷ অতীতত গোভা ৰজাই প্ৰচলন কৰা দেওৰজাৰ ৰাজ-দৰবাৰৰ সিদ্ধান্ত অনুসৰি পৰম্পৰাগতভাৱে প্ৰতি বছৰে এই মেলা অনুষ্ঠিত হৈ আহিছে৷
শুক্ৰ-শনিবাৰৰ মূল মেলাখনক উদ্দেশ্য কৰি আগৰ বৃহস্পতিবাৰে কাৰবি আংলং আৰু মেঘালয়ৰ পাহাৰৰ পৰা তিৱা, খাচি, জয়ন্তীয়া, কাৰবি জনগোষ্ঠীৰ লোকসকল নিজ নিজ গাঁৱৰ ‘লৰ’ (পুৰোহিত) আৰু ‘দলৈ’ (গাঁওবুঢ়া)ৰ নেতৃত্বত ভৈয়ামলৈ নামি আহে৷ জানুৱাৰী মাহৰ প্ৰচণ্ড শীতকো নেওচি সংস্কৃতিৰ আহ্বানক্ৰমেই তেওঁলোক আহে৷ লগত লৈ আহে পাহাৰীয়া আলু, কচু, জলকীয়া, ৰঙালাও, কোমোৰা, আদা, হালধি, তিল, লা, ধুনা, গন্ধক, জালুক, কপাহ, আমলখি, শিলিখা, জলফাই, তিতাফুল, গাজটেঙা, ধঁপাত, ডালচেনি, তেজপাত, চিৰতা, কঁপাহ আদি৷ জোনবিলৰ পাৰত তেওঁলোকে বাহৰ পাতেহি৷ ধানখেৰৰ বেৰ আৰু চালিৰ অস্থায়ী শিৱিৰ সাজি জুইৰ তাপ আৰু পোহৰৰ সহায় লৈ মুকলি পথাৰতে তেওঁলোক থাকে৷ লগত অনা কৃষিজাত দ্ৰব্যসমূহ ভৈয়ামৰ লোকসকলৰ লগত ভোগালী বিহুৰ সান্দহগুড়ি, চিৰা, পিঠা, পিঠাগুড়ি, মিঠৈ, শুকান মাছ, কেঁচা মাছ, মুড়ী আদি পাহাৰত উৎপাদন নোহোৱা দ্ৰব্যসমূহৰ বিনিময়ত সলনা-সলনি কৰে৷ ভৈয়ামীয়া আৰু পাহাৰীয়া লোকসকলে পৰস্পৰক ‘মামা-মামী’ বুলি সম্বোধন কৰে৷ বিনিময় প্ৰথাৰ ঐতিহ্য বহনকাৰী জোনবিল মেলাত ভৈয়ামৰ লোকৰ সৈতে অদল-বদল কৰি গোটাই নিয়া খাদ্য-সামগ্ৰীৰে পাহাৰৰ মামা-মামীসকলে দেওবাৰে এটা ভোগৰ উৎসৱ পাতেগৈ৷ পাহাৰ অঞ্চলত বাস কৰা বহুতো তিৱা লোক এই জোনবিল মেলাত যোগ দিবলৈ আহে আৰু ভৈয়ামৰ তিৱাসকলৰ সৈতে একগোট হৈ ৰং-ৰহইচ কৰে৷ সমূহীয়া মাছ ধৰা, জাতীয় কৃষ্টি প্ৰদৰ্শন, জনজাতীয় খাদ্য আৰু পোছাক আদি জোনবিল মেলাৰ অন্যতম আকৰ্ষণ৷
অসমত অনুষ্ঠিত হৈ অহা জনগোষ্ঠীয় পৰম্পৰাকেন্দ্ৰিক মেলা, উৎসৱ, প্ৰদৰ্শনসমূহৰ মাজত জোনবিল মেলাৰ এটা সুকীয়া মৰ্যাদা আৰু একক তথা অনন্য বৈশিষ্ট্য আছে৷ জাগীৰোড-মৰিগাঁও পথেৰে জাগীৰোডৰ পৰা প্ৰায় পাঁচ কিল’মিটাৰ আগুৱালে পথৰ দাঁতিত পোৱা যায় জোনবিল৷ মৰিগাঁও জিলাৰ গোভা মৌজাৰ মায়ং ৰাজহ-চক্ৰৰ অন্তৰ্ৱৰ্তী, জাগীৰোডৰ সমীপৱৰ্তী এই নিৰ্দিষ্ট স্থানতে মুকলি আকাশৰ তলত মাঘ মাহৰ দ্বিতীয় বা তৃতীয় সপ্তাহৰ বৃহস্পতিবাৰে জোনবিল মেলা আনুষ্ঠানিকভাৱে আৰম্ভ হয় আৰু শনিবাৰ পৰ্যন্ত চলে৷ উত্তৰ-পূৰ্বাঞ্চলত সিঁচৰতি হৈ থকা জাতি-জনজাতিৰ আৱাসীসকলৰ মাজত সমন্বয় আৰু ভ্ৰাতৃত্ববোধ জগাই তোলাই জোনবিল মেলাৰ মূলমন্ত্ৰ৷
গোভা ৰজাৰ আদেশত জোনবিল মেলা অনুষ্ঠিত হোৱাৰ পূৰ্বে নিৰ্দিষ্ট কৰা দিন এটাত ওচৰৰ গাঁওবোৰৰ বাসিন্দাসকলে হাতে হাতে জাকৈ, খালৈ, পল, জাল, জোং ইত্যাদি লৈ জোনবিললৈ আহি একেলগে মাছ মাৰে৷ মাঘ বিহুৰ আগতে সমূহীয়াভাৱে মাছ মাৰি বিলৰ পাৰত শ'ল মাছেৰে 'নোৱান-ঝাৱা' (ন-ভাত) খোৱাটো নিয়ম আছিল৷ এনেকৈ ধৰা মাছৰ এটা অংশ আছুতীয়াকৈ ৰাখি জোনবিল মেলাৰ সময়ত বিনিময়ৰ বাবে ব্যৱহাৰ কৰে৷ অতীতত জয়ন্তীয়া ৰজাৰ লগত গোভা ৰজাই ইয়াৰ মাধ্যমেৰেই উপঢৌকন বিনিময় কৰিছিল৷ যিকোনো বস্তু সাল-সলনিহে কৰা হৈছিল৷ গোভা দেওৰজাই তেওঁৰ বিষয়ববীয়াসকলৰ লগত সম্প্ৰীতিৰ এসাঁজ প্ৰীতিভোজ খোৱাৰ অন্তত জোনবিল মেলা শুভাৰম্ভ হয়৷
শুকুৰবাৰে পুৱতি নিশা পূবে ঢলফাল নৌদিওঁতেই জোনবিলত বিনিময় প্ৰথাৰে পৰিচালিত মুদ্ৰাবিহীন হাট বহে৷ পাহাৰত উৎপন্ন হোৱা কৃষিজাত আৰু হস্তজাত সা-সামগ্ৰীৰ বিনিময় চলে ভৈয়ামৰ সা-সামগ্ৰীৰ লগত৷ তাৰ পিছতে পূৰ্বৰ পৰম্পৰা অটুট ৰাখি মেলালৈ অহা জনসাধাৰণে ৰজাৰ দ্বাৰা সংৰক্ষিত বিলত নামি সমূহীয়াকৈ মাছ মাৰে৷ সেই মাছ উৰুকাৰ ভোজৰ বাবে আগ বঢ়ায়৷ অাগতে জোনবিল মেলাত কুকুৰা যুঁজো অনুষ্ঠিত কৰা হৈছিল৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে পৰম্পৰাগতভাৱে চলি অহা এই কুকুৰা যুঁজ সম্প্ৰতি বাতিল কৰা হৈছে৷
অন্তিম দিনা অৰ্থাৎ শনিবাৰে আধুনিক মুদ্ৰাৰ বজাৰ বহে৷ গোভা ৰজাই মন্ত্ৰী-পাৰিষদৰ উপস্থিতিত ৰাজ-দৰবাৰ পাতে৷ ৰজা আৰু পাৰিষদবৰ্গ মেলালৈ সদলবলে আহে৷ ঢোল-খোল বজাই মেলালৈ আদৰি আনি ৰজাক ৰভাৰ তলত বহুৱায়৷ গোভা ৰাজ্যৰ মৰ্যাদা অটুট ৰাখি জোনবিল মেলাথলীত বৰবৰুৱা, জেলা, ডেকা দলৈ, দলৈ, পাটৰ, বৰমাজি, ভিতৰমাজি, আৰণধৰা, দাৰ বিচনী, বাৰিকা, তামুলী দলৈ আদিকে ধৰি ডা-ডাঙৰীয়া, বিষয়া, ঢুলীয়া-তালিয়া-কালিয়া সমন্বিতে ৰাজ-দৰবাৰত বহি বিভিন্ন শিতানৰ কৰ-কাটল সংগ্ৰহ কৰে৷ বিভিন্ন ঠাইৰ পৰা আহি মেলাত বহা দোকান-পোহাৰসমূহৰ পৰাও দান-বৰঙণি তোলা হয়৷ অতীতত ৰজা হাতীত উঠি মেলালৈ আহিছিল বুলি জানিবলৈ পোৱা যায়৷ প্ৰজাই ৰজাৰ সন্মানাৰ্থে আৰু কৰদাতাসকলেও ৰজাক মাছ উপহাৰ দিছিল৷ দৰবাৰ শেষ হোৱাৰ পিছত সন্ধিয়ালৈ উৰুকা উদ্যাপন কৰা হয়৷ পিছদিনাখন 'তমাচি' অৰ্থাৎ মাঘ বিহু৷ শনি আৰু ৰবিবাৰৰ এই মাঘ বিহু মূলতঃ গোভা ৰাজ্যৰ তিৱাসকলেহে পালন কৰে। গোভা ৰাজ্যৰ বাদে বাকীকেইখন তিৱা ৰাজ্যত মাঘ বিহু আগতেই উদ্যাপন কৰা হয়।
আগতে গোভা ৰাজ্যত ঢোলপিটি শুনাই দিয়া হৈছিল যে বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰা ৰজাৰ অভিষেক হ'ব আৰু অভিষেকৰ শেষৰ দিনটোত ৰজাঘৰীয়া সংৰক্ষিত বিল জোনবিলত সমূহীয়াকৈ মাছ মাৰিব পাৰিব। প্ৰচলিত প্ৰথামতে প্ৰতিজন মাছমৰীয়াই কিছু মাছ কৰ-ভাৰ বা মাননি হিচাপে ৰজাঘৰত দি যাব লাগিব। উদ্ধাৰ হোৱা পুথি-পাঁজিৰ পৰা এইটোও পোৱা যায় যে গোভা ৰজা ৰাইচিঙৰ দিনত প্ৰতি বছৰে দেওশালত পূজা আগ বঢ়াই মেলা অনুষ্ঠিত কৰা হৈছিল। বৰ্তমান ব্যৱসায়-বাণিজ্যৰ পৰিসৰ ব্যাপক হাৰত বৃদ্ধি হোৱাৰ বাবে বৃহস্পতিবাৰৰ পৰাই মেলাত মানুহৰ যথেষ্ঠ সমাগম হয়। পৰ্বতীয়া লোকসকলে অতীজত পাহাৰৰ পৰা নামি মেলালৈ আহোঁতে গোভা ৰজালৈ সকলো বস্তুৰে একোটিকৈ টোপোলা অনাৰ প্ৰথা আছিল৷ জনজাতি-অজনজাতি সকলো প্ৰজাই ৰজাক কৰ-ভাৰ শোধাব লাগিছিল৷ আনহাতে মেলালৈ বুলি পাহাৰৰ পৰা নামি আহোঁতে ডেকা-গাভৰুৰ চাৰি চকুৰ মিলন হোৱাটোও আছিল এটা উল্লেখযোগ্য দিশ৷ হৃদয়ৰ বিনিময় কল্পে তেনে ধৰণে ৰচনা হৈছিল সামাজিক সম্প্ৰীতিৰ একো একোখন শিলৰ সাকোঁ৷
জোনবিল মেলা অবিহনে তিৱাসকলে প্ৰতি বছৰে ফাগুনৰ শেষভাগৰ কোনাে এক বুধবাৰ বা দেওবাৰে আয়োজন কৰা তেওঁলোকৰ উৰ্বৰা বিশ্বাসৰ আধাৰত প্ৰতিষ্ঠিত কৃষিমূলক বাঁহ সংস্কৃতিৰ সৈতে জড়িত লোক-উৎসৱ ছগ্ৰা মিছৱাৰ আয়োজন নহয়৷ তিৱাসকলৰ মতে, বসন্তকালীন কৃষি প্ৰজনন উৎসৱ ছগ্ৰাৰ অবিহনে অতীতত জোনবিল মেলাৰ আয়োজন নহৈছিল৷ সেয়ে জোনবিল মেলা তিৱা জনজাতিৰ মেৰুদণ্ডস্বৰূপ৷ বৰ্ণাঢ্য সাংস্কৃতিক সোঁৱৰণী বুলি যাক ক'ব পাৰি৷ ছগ্ৰা উৎসৱত তেওঁলোকে জোনবিল মেলাত বিনিময় কৰি লোৱা কেঁচা মাছ ফালি শুকুৱাই ৰখা মাছৰ চেনা, চিৰা আৰু তামোল আদিক লৈ ন’বাৰ অৰ্থাৎ বৰঘৰৰ লাইখুঁটাৰ গুৰিত প্ৰতিটো কুলৰ দেৱ-দেৱীৰ নামত আৰু বৰঘৰৰ নুকতিত জাফাখ’ৰ কাষত মৃত ব্যক্তিসকলৰ নামত জেলামালি বা দেউৰীয়ে পূজাপাঠ কৰে৷
তিৱাসকলৰ গোভা ৰাজ্য আৰু ইয়াৰ ৰজাৰ মৰ্যাদা আন যিকোনো তিৱা ৰাজ্য বা ৰজাতকৈ ওপৰত৷ পুৰণি গোভা ৰজাৰ বংশৰ লোকক তিৱাসকলে এতিয়াও আগৰদৰেই মানে৷ ৰজাৰ পৰিয়ালৰ এজন পুৰুষক এতিয়াও ৰজা বুলি পৰম্পৰাগতভাৱে সমজুৱা ক্ৰিয়াকৰ্মত আনুষ্ঠানিকভাৱে মান-সন্মান জনোৱা হয়৷ গোভা ৰাজ্যৰ প্ৰথমজনা ৰজা জোনচিং৷ তেওঁৰ পিছৰ কেইবাজনো ৰজাৰ নাম জনা নাযায়৷ পৰৱৰ্তী কালত ৰাইচিং, গেনচিং, থোৱাচিং, কোমলচিং, কণচিং আদি ৰজাই ৰাজকাৰ্য পৰিচালনা কৰি গৈছে৷ পূবে গোভা নদী, পশ্চিমে ডিমৰীয়া ৰাজ্য, উত্তৰে কপিলী নদী, দক্ষিণে তিৱাচনা৷ বৰ্তমান এই চাৰিসীমাৰে পৰিৱেষ্টিত গোভা ৰাজ্যৰ ৰজা দীপছিং দেওৰজা৷ সাত বছৰ বয়সপ্ৰাপ্তি নৌহওঁতেই তেওঁ ৰাজ্যাভিষেকৰ দ্বাৰা ৰাজকাৰ্যৰ দায়িত্ব লাভ কৰিছিল৷ জোনবিল মেলাৰ প্ৰধান প্ৰতিষ্ঠাতা গোভা দেওৰজা৷ ৰজাৰ পৃষ্ঠপোষকতাতে জোনবিল মেলাত বিনিময় প্ৰথা চলে৷ বৰ্তমান অসম চৰকাৰে গোভা ৰজাক ৰাজভাট্টা প্ৰদান কৰাৰ ব্যৱস্থা লৈছে৷
বৰ্তমান এচাম মানুহৰ মুখেৰে জনবিল, জনবিলা, জনবিল বজাৰ আদি নামেৰেও অভিহিত হৈ পৰিছে জোনবিল মেলা৷ অান আন ঠাইত পতা মেলা বা উৎসৱ-মহোৎসৱসমূহত দেখাৰ দৰে আনন্দ বজাৰ বা আনন্দ মেলাও ইয়াত পৰিলক্ষিত হৈছে৷ জনসমাগমৰ গইনা লৈ এচাম লোকে সহজ-সৰল মানুহক ঠগোৱাৰো অভিযোগ শুনিবলৈ পোৱা গৈছে৷ ইতিহাসপ্ৰসিদ্ধ জোনবিল আজি ক্ষীণাই আহিছে৷ ইয়াৰ সংৰক্ষণ, উন্নয়ন, শোভা বৰ্ধন জৰুৰী হৈ পৰিছে৷ আধুনিক বজাৰ ব্যৱস্থা, লাভখোৰ বেপাৰী আৰু সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল নোহোৱা মানুহৰ আগ্ৰাসনে যাতে জোনবিল প্ৰমুখ্যে এই পুৰণি প্ৰথা আৰু পৰম্পৰাক কোনোপধ্যেই মষিমূৰ কৰিব নোৱাৰে তালৈ শেনদৃষ্টি ৰখাটো সময়ৰ আহ্বান৷ ভোগপণ্য আৰু অপ-সংস্কৃতিৰ বিৰূপ প্ৰভাৱৰ পৰা আমাৰ এই কৃষক-চহা-পঁজাৰ সংস্কৃতিক বচাই ৰাখিব লাগিব৷ খাৰ্চলাই, চিনিখাগুৰি, উলুকুঞ্চি, লমফৈ, আমচঙা, উমটাই, খাফলাংখুঞ্চি আদি জনজাতীয় গঞাৰে সৰ্বদা মুখৰ হৈ থাকিব লাগিব জোনবিল ক্ষেত্ৰ৷ পাহাৰ-ভৈয়ামৰ সকলো জাতি-জনগোষ্ঠীৰ মিলনতীৰ্থ স্বৰূপ জোনবিল মেলাৰ ঐতিহাসিক মৰ্যাদা অসমবাসীয়ে যিকোনো মূল্যৰ বিনিময়ত জীয়াই ৰাখিব লাগিব শক্তিশালী সাংস্কৃতিক প্ৰভাৱৰ দ্বাৰা৷ কাৰণ ইয়াৰ সৈতে বিজড়িত হৈ আছে জাতিৰ গৌৰৱময় সাংস্কৃতিক ইতিহাস আৰু সৰ্বোপৰি সমন্বয়ৰ সুমধুৰ বাৰ্তা৷
বিহংগম দৃষ্টিত জোনবিল মেলা যেনেকুৱাই নহওক কিয়, ইয়াত সোমাই আছে বৃহত্তৰ তিৱা জনগোষ্ঠীৰ সোণসেৰীয়া অতীত, বৰ্তমান আৰু অনাগত ভৱিষ্যতৰ একতা-এনাজৰী, সাহিত্য-সংস্কৃতি আৰু কৃষ্টি-পৰম্পৰাৰ এক চহকী ৰূপৰেখা। গভীৰভাৱে বিশ্লেষণ কৰি চালে অসমৰ বাৰেৰহণীয়া সংস্কৃতিলৈ উল্লেখনীয় বৰঙণি যোগোৱা এই জোনবিল মেলা আধুনিক যুগত এক বিস্ময় বুলিয়ে ক'ব লাগিব৷ ঐতিহাসিক বিনিময় প্ৰথাৰ জীৱন্ত সাক্ষী জোনবিল মেলাক সময়ৰ অনাকাংক্ষিত অাঁচোৰে আঁকুহি নিনিয়াকৈ থকা নাই যদিও এই মেলা আগলৈকো একক আৰু অনন্য হৈ থকাটো বিচাৰোঁ৷
পৰম্পৰা ৰক্ষা, বিনিময় প্ৰথা, ৰজাৰ আগমন, থয়-ইংলঙ (পৰ্বত-ভৈয়াম)ৰ সাতামপুৰুষীয়া সম্প্ৰীতিক কেন্দ্ৰ কৰি একত্ৰিত হোৱা জনতাৰ সমাৱেশ আদিৰ জৰিয়তে জোনবিল মেলাই অতীতৰ আত্মিক বান্ধোন কটকটীয়াকৈ আৰু সগৌৰৱে যুগ-যুগান্তৰ ধৰি ৰাখিবলৈ সক্ষম হওক৷
সহায়ক গ্ৰন্থপঞ্জী...
১. অসমৰ সংস্কৃতি : লীলা গগৈ
২. অসমৰ লোক-সংস্কৃতি : চাও লোকেশ্বৰ গগৈ
৩. অসমৰ জনজাতীয় সংস্কৃতি : ডঃ উপেন ৰাভা হাকাচাম
৪. মায়ং অঞ্চলৰ লোক-সংস্কৃতি : ডঃ হেমন্ত কুমাৰ শৰ্মা
৫. তিৱা সংস্কৃতিৰ ৰূপৰেখা (প্ৰথম খণ্ড) : লোকেশ্বৰ গগৈ
৬. জনজাতীয় সংস্কৃতিৰ আলেখ্য (প্ৰথম খণ্ড) : কবিতা বৰ্মন
৭. বাৰে বৰণীয়া উৎসৱ : বন্দিতা গোস্বামী শৰ্মা
৮. অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোক-উৎসৱ : ধ্ৰুৱকুমাৰ তালুকদাৰ