বুৰঞ্জীৰ বিকৃতকৰণ তথা তাই আহোমৰ ভৱিষ্যত — চাও বিতু বড়া, সোণাৰী

পৃথিৱীৰ উৎপত্তিৰ ক্ষণৰ আদিম এককোষী জীৱৰ পৰা ক্ৰমান্বয়ে হোৱা ক্ৰমবিকাশৰ ফলস্বৰুপে উচ্চতম শিখৰত আজি মানৱজাতি। কাপোৰ নিপিন্ধাকৈ থকাৰ পৰা আজি সৃষ্টিশীলতাৰ জৰিয়তে সাংস্কৃতিকেই হ‌ওক , প্ৰযুক্তিৰ দিশতেই হ‌ওক আজি আমি মানৱ জাতি উচ্চ শিখৰত। গুহাৰ শিলত ছবি অঁকাৰ পৰাই সম্ভৱ কলা সংস্কৃতিৰ বিকাশ হৈছিল। সেইসময়ত মানুহে বায়ু ,পানী , মাটি , জুই আদি প্ৰাকৃতিক শক্তিৰ ওপৰত নিৰ্ভৰ কৰি চলিছিল বাবে এইবোৰক ঐশ্বৰিক শক্তিৰ ৰূপত পূজা অৰ্চনা কৰিছিল। তেতিয়াৰ পৰাই হয়তো আৰম্ভ হৈছিল ধৰ্মীয় উপাসনাৰ। কালৰ সোঁতত ধৰ্ম , সংস্কৃতিৰো ক্ৰমবিৱৰ্তন হৈ নানা স্বকীয় বৈশিষ্ট্যসম্পন্ন ধৰ্ম আৰু জাতিৰ জন্ম হ'ল। আজিৰ যুগত মূখ‍্যকৈ ধৰ্ম বুলিলে হিন্দু, ইছলাম, খ্ৰীষ্টান, বৌদ্ধ( যদিও কোনোৱে ইয়াক হিন্দু ধৰ্মৰে অংশ বোলে।) ধৰ্মকে সৰ্ব সাধাৰণলোকে বুজে। পিছে সময়ৰ সোঁতত, এই ধৰ্মসমুহৰ আগ্ৰাসী নীতিৰ ফলত এছিয়াৰ মঙ্গোলয়ড জাতিসকলে পালন কৰা কিছুমান স্বাধীন ধৰ্ম ইতিহাসৰ পাতত হেৰাই থাকিল। এই ধৰ্মসমূহতো আনৰ দৰে নিজা দেৱ-দেৱীক পূজা কৰা হৈছিল। কেৱল স্বজাতিৰ পৰম্পৰা হিচাপে পালন কৰি অহা এই ধৰ্মসমুহৰ প্ৰচাৰৰ কোনো আগ্ৰহ দেখুওৱা নাছিল। সেয়েহে ইয়াৰ কোনো প্ৰসাৰ হোৱা নাছিল। কোনো কোনো এটা জাতি আকৌ নিজা ভাষা , সংস্কৃতি , ধৰ্মৰে চহকী আছিল। পিছে সময়ৰ পাকচক্ৰত পৰি আন ধৰ্ম, সভ‍্যতাৰ ধৰ্মীয় , ৰাজনৈতিক আগ্ৰাসনে এইবিলাকক বিলুপ্তিৰ গৰাহলৈ ঠেলি লৈ গৈ থাকিল।
দুখৰ বিষয় যে আজি তেনে চহকী জাতিয়েই নিজৰ প্ৰকৃত পৰিচয় বাৰুকৈ পাহৰি পেলাইছে। আজি অসমৰ টাই আহোম সকলো ইয়াৰে এক জলন্ত উদাহৰণ। আজি অসমৰ যিসকল মঙ্গোলীয় জাতিয়ে সগৌৰৱেৰে হিন্দুত্ববাদৰ শ্ল'গান গাই গৈছে, এসময়ত এই সকলোৰে নিজৰ স্বকীয় ধৰ্ম আছিল। য'ত তেওঁলোকে নিজৰ দেৱ দেৱীক পূজা কৰিছিল, কিছু হিন্দুৱে তাক দেও পূজা বা ভূত পূজা বুলি নামাকৰণ কৰিছিল । হিন্দুত্বকৰণৰ সংক্ৰামক ব্যাধি মেলি দিয়াৰ উদেশ‍্যে একশ্ৰেণীৰ হিন্দু পণ্ডিতে সেই দেৱতাক কোনো হিন্দু দেৱতাৰ সৈতে তুলনা কৰি নাইবা জাতিটোৰ আদি পুৰুষক কোনো হিন্দু ধৰ্মৰ কামাতুৰ দেৱতা আৰু চৰিত্ৰহীন নাৰীৰ সংগমৰ ফলত জন্ম হোৱা সন্তান সজা‌ই হিন্দু সমাজত অস্পৃশ্য শ্ৰেণীত স্থান দিয়াৰ পৰম্পৰা আৰম্ভ কৰিছিল। সেইদৰে আহোমৰ দৰে স্বকীয় ভাষা সংস্কৃতিসম্পন্ন জাতি এটাৰ সকলোবোৰ আজি আঁচ এডালো নোহোৱাকৈ শেষ কৰাত প্ৰায় সফল হৈছিল এইসকল হিন্দুত্বৰ ধৰ্মযাজকে ৷ কোনো এটা জাতিৰ ভাষা সংস্কৃতি এনেদৰে শেষ কৰি নিয়াটো এদিনৰ নহয় বহুদিনীয়া ষড়যন্ত্ৰ। সময়ে সময়ে ইতিহাসে ইয়াকে সোঁৱৰায় দিয়ে।
সহজ সৰল মানুহ এখিনিক আঁভোৱা ভাৰি কি দৰে নিজৰ ওচৰত নিজক অৱনমিত কৰাৰ উদাহৰণ বহুতো আছে উদাহৰণ স্বৰূপে-----
ক) কালীমোহন ভট্টাচাৰ্যৰ "যোগিনীতন্ত্ৰ"ত কৈছে:
ধৃতৰাষ্ট্ৰৰ পত্নি কোনোবা শাপগ্ৰস্তা অপ্সৰা মনোহৰা ‌ঋতুমতী হৈ থকা অৱস্থাত ইন্দ্ৰ‌ই সংগম কৰাত বোলে এক মদ, সৰ্বমাংসভোজী, ম্লেচাপৰায়ণ সন্তানৰ জন্ম হয়। পিছত ইন্দ্ৰৰ আশীৰ্বাদক্ৰমে বহু পুৰুষৰ পাছত এজন ন‍্যায়পৰায়ণ , ধৰ্মপৰায়ণ পুৰুষ জন্মে যি সৌমাৰত ম্লেচ, কুৱাচ(কোঁচ) আদিৰ অধিকাৰী হৈ শাসন কৰে।
পিছে আহোম ৰাজবংশৰ গুৰিধৰোতা চাওলুং ছ্যু কাফা মুংৰিমুঙৰামৰ কোঁৱৰ চাও চাং ঞ‍্যেও আৰু মুং মাও লুঙৰ ৰজাৰ ভনীয়েকৰ নাং মুং ব্লক খাম ছেং ৰ সন্তান। বিজ্ঞানৰ মতেও ঋতুচক্ৰৰ সময়ত হোৱা শাৰিৰীক সম্পৰ্কৰ ফলত গৰ্ভধাৰণ নহয়। গতিকে বৰ্ণসংকৰণ ঘটাই আহোম ৰাজবংশক কলংকিত কৰাৰ যুক্তিটো অবাস্তৱ, ভিত্তিহীন তথা পৰিকল্পিত ষড়যন্ত্ৰ ।
খ) আন এক মত অনুসৰি বশিষ্ঠ মুনিয়ে দিখৌৰ পাৰত গঢ়া এক পবিত্ৰ স্থান ইন্দ্ৰ‌ই দিখৌত বাঢ়নী পানী আনি ধ্বংস কৰাত ইন্দ্ৰক ম্লেচৰ জাতত জন্ম হবলৈ শাপ দিলে। পিছে অনুনয় বিনয়ৰ মুৰত কেইবা পুৰুষ যোৱাৰ পাছত মুক্তি পাব বুলি কলে। তেতিয়া ইন্দ্ৰ ই শ‍্যামা নামে অপ্সৰা এগৰাকীক নৰা ৰজাৰ ৰাণী ৰূপে মৰ্ত‍্যলৈ পঠালে । এবাৰ ৰজা চিকাৰলৈ যাওঁতে ইন্দ্ৰ‌ই সংগম কৰাত এজন সন্তানৰ জন্ম হয়। তেওঁৰ দুজন সন্তানৰ এজনৰ নাম "ছ্যু কা ফা " যাৰ ককায়েকৰ সৈতে হোৱা মতানৈক‍্যৰ ফলত তেওঁ পাটকাই পাৰ হৈ সৌমাৰ জয় কৰি শাসন কৰিবলৈ লয়।
যিহেতু খুনলুঙ খুনলাইৰ পাছৰ কেইবাপুৰুষ যোৱাৰ পাচতহে ছ্যুকাফাৰ পিতৃৰ জন্ম হয় গতিকে লেঙড‌ঙক ইন্দ্ৰৰ ঠাইত স্থাপন কৰিলেও আখ‍্যানটি ভুল। যিহেতু খুনলুঙ খুনলাই ও লেঙডঙৰ পুত্ৰ নাছিল।
গ) আন এক মতে কুৰুক্ষেত্ৰৰ যুজঁত বিধৱা হোৱা কৌৰৱৰ পত্নী সকলে দূৰমিখিৰ নামৰ এগৰাকী কৌৰৱৰ নাৰীৰ নেতৃত্বত পাণ্ডৱক পৰাজিত কৰাত পাণ্ডৱৰ মহিলা সকল যেনে দ্ৰুপদী , সুভদ্ৰা আদিয়ে যুদ্ধ কৰি হৰুৱাই উদয়গুৰিত পেলাই দিয়ে। তাতে ইন্দ্ৰ‌ই কৃষ্ণৰ কথামতে সংগম কৰাত দূৰমিখিৰৰ গৰ্ভত জন্ম হোৱা জন ৰজা হয় আৰু বাকী নাৰীৰ গৰ্ভত হোৱা সকল বুঢ়াগোহাঁই, বৰগোঁহাই, বৰবৰুৱা, বৰফুকন, ফুকন, হাজৰিকা , চাওডাঙ, শ‌ইকীয়া, ৰাজখোৱা, বৰা আদি হয়। দেৱতাসকলে ওখ-চাপৰ অসমান ঠাইত হাবি বন কাটি গড়গাওঁ নামে ঠাইত ৰাজধানী পাতি দিয়ে। এইবোৰ মনেসজা কাহিনীৰ কোনো ঐতিহাসিক সত্যতা পোৱা নাযায় ৷
স্বৰ্গদেও চুক্লেনমুঙে গঢ়ি থৈ যোৱা প্ৰত‍্যেকজন আহোমৰে গৌৰৱৰ গড়গাঁৱৰ নিৰ্মাণৰ কৃতিত্ব হিন্দু দেৱতাক দিব বিছাৰে এইসকলে। আৰু স্বৰ্গদেও চুক্লেনমুঙৰ আগতো বহুজন আহোম ৰজাই অসম ৰাজত্ব কৰি গ'ল। গতিকে এইজনা ৰজা ইন্দ্ৰৰ ঔৰসত জন্মা কৌৰৱ তিৰোতাৰ সন্তান হোৱাটো বুৰঞ্জীৰ লিখিত সত্যতাক বিকৃতকৰণৰ এক কু প্ৰচেষ্টা বুলি অভিহিত কৰিব পাৰি ৷
এইদৰেই চলি থাকিল , বাৰে বাৰে আহোম বুৰঞ্জীৰ বিকৃতকৰণৰ প্ৰচেষ্টা ৷
,লাচিত হিন্দু সজালে , যাকে এদিন আহোমে ভেঁটি মাটি দি সত্ৰ স্থাপন কৰি দিলে, আজি আহোমেই সেই সকলৰ ভৰিত ধৰি, পদজল খাই আহোমে সৰগ বিচাৰি পায়, বছৰি কৰ দিয়ে। নিজৰ ধৰ্মক বাদ দি চুৰ কৰি নিজৰ বুলি প্ৰচাৰ কৰা ধৰ্মত শৰণ ললে। আজি লাওপানী থলে, গাহৰি খালে, চেৱা দিয়া ভাত খালে মৃতকে দায় ধৰিব বোলা সকলে এবাৰ ইতিহাসক সুঁৱৰিলেই গম পাব মৃতকে কি কৰিলে ভাল পাব , কি কৰিলে দায় ধৰিব। এইদৰে নিজেই নিজক আজি ম্লেচ সজালে আহোমে। নিজৰ পুলিন-পুথাও সকলে লিখি থৈ যোৱা বুৰঞ্জী নপঢ়ি হিন্দু শাস্ত্ৰ পঢ়া সকলক বুৰ্বক সজোৱাত অসুবিধা নহ'ল সুবিধাবাদী এইসকল হিন্দু পণ্ডিতৰ। আনকি নিজৰে মহাকাব‍্য মহাভাৰতৰ কহিনী বিকৃত কৰিবলৈ লাজ নকৰিল এই নিলাজ পণ্ডিত সকলে। আহোম ৰজাই নিজকে ইন্দ্ৰবংশী বুলিবলৈ পায় নিজকে বৰ্ণসংকৰীত ম্লেচৰ বংশধৰ বুলিবলৈও সাজু হ'ল আৰু এইসকলক বৰপীৰা পাৰি দিলে। বলেৰে নোৱাৰা পৰাক্ৰমী আহোমক ধৰ্মীয় অস্ত্ৰৰে হত‍্যা কৰিলে আহোমত্বক। নিজৰে আনতকৈ উৎকৃষ্ট ধৰ্ম থাকোতে লোকৰটোহে আদৰি নিজৰটো বিসৰ্জন দিলে । যি নিজৰটো ধৰি থাকিল সেইসকল আহোম সমাজৰ পৰাই বাদ পৰা দৰে হ'ল। উদাহৰণস্বৰূপে দেওধাই , বাইলুং , মহন সকলে হিন্দু ধৰ্ম নোলোৱাত সাতঘৰীয়া আহোমৰ খেলৰ পৰা বাদ পৰে। পিছে আজি যি আহোমৰ বুলি জীয়াই আছে সেয়া হৰি নাম লৈ কল, মাহ-চাউল খোৱাসকলৰ বাবে নাই। দেউধাই, বাইলুং , মহন আদিৰ বাবেই আছেগৈ। আনবোৰে হিন্দু হৈ হিন্দুৰ যুক্তিহিন ধৰ্মীয় আদৰ্শকে মানি ললে। পৃথিৱী বোলে গাহৰিয়ে উদ্ধাৰ কৰিলে পানীৰ তলৰ পৰা। পিছে পানী কত আছিল সেইটো কোনে কব? পিছে আহোমৰ বিৱৰ্ত্তন শাস্ত্ৰ "লিৎ লাই পেঞ কা কা" ৰ মতে বিশ্ব ব্ৰক্ষ্মাণ্ডৰ গ্ৰহ-নক্ষত্ৰৰ উৎপত্তি "ফ্ৰা তু ছিঙ হুম নামৰ আদি শক্তিৰ উদ্গীৰণৰ ফলত হৈছিল । যি আধুনিক Big Bang Theory ৰ হৈতে মিলে।
এইবিলাকৰ পৰা কাৰটো ভাল কাৰটো বেয়া কবলৈ যোৱা হোৱা নাই। আহোমে আগতেও আনক সন্মান দিছিল আজিও দিব লাগে। কাৰণ খুনলুঙ খুনলাই মুঙৰিমুঙৰামলৈ আহোঁতেই কৈ পঠাইছিল আনক সন্মান কৰিবা, নিজৰটো ধৰি ৰাখিবা। আমি বুজিবৰ হ'ল যে আনৰ পুখুৰীত মাছ পুহিলে গৃহস্থৰ অনুমতিৰ অবিহনে মাছ মাৰিব নোৱাৰা বা নিজৰ বুলি কব‌ও নোৱাৰা। নিজৰ পুখুৰীত পুহিলে ৰৌ-বৰালিও তোমাৰ , মোৱা-দৰিকণাও তোমাৰ। গতিকে আমি লোকৰ পুখুৰীত ইমান দিনে মাছ পুহিলো পিছে লগুৱাৰ স্থান হে পালো। গতিকে সময় হ'ল নিজৰ পুখুৰীত মাছ পোহাৰ। কোনেও তোমাক অসমীয়াৰ পৰা পৃথক হৈ থাইলেণ্ড, ম‍্যানমাৰৰ হবলৈ নাইকোৱা , তুমি অসমীয়া আৰু আহোম হোৱা। তাকে নকৰিলে আজি ককাই ভাইক পাহৰি যাৰ আঙুলিত ধৰি আগবাঢ়িবলৈ লৈছা , এদিন সিয়ে এদিন আকৌ তোমাৰ পৰিচয় সুধি কাৰোবাৰ অবৈধ সন্তান সজাব। পায় - নাপায় , দায় ধৰিব আদিৰ বান্ধোন চিঙি আহোম হবৰ হ'ল , লাচিত ছ্যুকাফাৰ নাম লৈ টেটু ফালি মিছাতে চিঞৰিলে এদিন নিজকে ভতোৱা কুকুৰ বুলি প্ৰতিপন্ন কৰাৰ লগতে এইসকল মহানায়কক বহুৱা সজোৱা হব।
সহায়ক প্ৰসংগ:
১৷ ইতিহাসে সোঁৱৰা ছশটা বছৰ - সৰ্বানন্দ ৰাজকোঁৱৰ
২৷ অজগৰ বুৰঞ্জী - চাও নগেন হাজৰিকা