তাই আহোমৰ শৱ সৎকাৰ - ডামচাও হেম বুঢ়াগোহাঞি, চেপন

দক্ষিণ পূৱ এছিয়াৰ বৃহৎ জনগোষ্ঠী সমুহৰ ভিতৰত টাই জনগোষ্ঠী অন্যতম ৷ চীনৰ য়ুন্নান প্ৰদেশৰ পৰা শ্যাম সাগৰ, অসমৰ পৰা হাইনান দ্বীপ পৰ্যন্ত বাস কৰা থাও, থাই ,শান,মাও, য়ুন্নাান,প্লু আদি সকলেই টাই গোষ্ঠী সম্ভুতসম্ভ লোক ৷ ১২২৮খৃঃ ত চাও- লুং- ছ্যু-কা-ফাৰ পৰিচালনাত টাই সকলৰ এটা ঠাল সেই কালৰ কামৰুপৰ বা কামৰূপৰ চাৰি পীঠৰ এটা পীঠ মুং-দুন-চুন-খামত প্ৰৱেশ কৰে৷ চাও- লুং- ছ্যু-কা-ফা আৰু পৰৱৰ্তী স্বৰ্গদেউসকলে ক্ৰমান্বয়ে চাৰি পীঠ নিজ আয়ত্বলৈ আনি ছশ বছৰ ৰাজত্ব কৰা দেশখনক অহম বা অসম আৰু সমগ্ৰ দেশত বাস কৰা লোক সকলেই অমমীয়া হিচাপে পৰিচয় পালে ৷ তাই আহোম সকলে অসম দেশ ৰাজত্ব কৰি ভূগোলৰ বুকুত বুৰঞ্জী ৰচনা কৰি গ'ল যাৰ তুলনাত পৃথিৱীত অনন্য ৷ ম্যুং-দুন্-চুন-খামত প্ৰৱেশ কৰোঁতে তাই আহোম সকলে তিনিটা কথাৰ প্ৰতি অধিক গুৰুত্ব দিছিল ৷
(এক) চাও- লুং- ছ্যু-কা-ফা আৰু সহযোগী সকল যিহেতু ৰাজ্য জয় কৰি দেশ শাসনৰ বাবে ম্যুং-দুন্-চুন-খামলৈ আহিছিল, সেইবাবে তেওঁলোকে দেশকহে বিচাৰিছিল ৷ মাতৃভাষা তাই ভাষা থলুৱা ভাষাৰে প্ৰচলন কৰিলে ৷
(দুই) তাই সকল ম্যুং-দুন্-চুন-খামলৈ আহি নিজৰ ৰীতি-নীতিৰো পৰিবৰ্তন কৰিলে ৷ নিজ ৰীতি তেওঁলোকৰ সান্নিধ্যলৈ অহা নৱাগতৰ মাজত জাপি দিলে হিতে বিপৰীতে হ'ব , সেইবাবে নিজৰ বহুখিনি এৰি সংস্কাৰিত ৰুপত থলুৱা ৰীতিকে গ্ৰহণ কৰাত গুৰুত্ব দিলে ৷ 
(তিনি) তাই সকলে মৰমকেই একমাত্ৰ মূলধন হিচাপে লৈ ৰাজ্য জয়ত আগভাগ দিলে ৷ৰণ বা যুদ্ধংদেহি মনোভাৱ পৰিহাৰ কৰি মৰমেৰে হৃদয় লোৱাত অগ্ৰাধিকাৰ দিলে ৷
তাই সকলে নিজৰ মাতৃভাষা এৰি, নিজ ৰীতি -নীতি এৰি মৰমকেই একমাত্ৰ সম্বল হিচাপে লৈ দেশ গঢ়াত, জাতি গঢ়াত লাগিল ৷ স্বৰূপত পিতৃ-মাতৃ ভাষা ত্যাগেই হ'ল অসমীয়া সংস্কৃতিলৈ তাই আহোমৰ সৰ্ববৃহৎ অৰিহনাৰ সূচনা ৷স্বৰ্গদেউ চুকাফাৰ শাসনৰ সময়ত বৰাহী, চুতীয়া, মৰাণ, কছাৰী ,কোঁচ আদি লোক সকলৰ লগত মিলিজুলি সংহতিৰ এনাজৰী দাল সুদৃঢ় কৰাত থলুৱা ভাষীক ঐক্যই সকলোকে বুকুৰ মাজলৈ চপাই অনাত সফল হৈছিল ৷দেশখন ডাঙৰ ভাবি তাতোকৈ দেশৰ মানুহক মহান গন্য কৰি প্ৰতিজন চাও পাই ১২২৮ খৃঃ পৰা ১৮২৬ খৃঃ লৈকে ৰাজতন্ত্ৰৰ মাজত গণতন্ত্ৰৰ বুনিয়াদ সৃষ্টি কৰি অনৈক্যৰ মাজত ঐক্যৰ কালজয়ী চানেকি থৈ গ'ল ৷
অসমলৈ অহা তাই লোকৰ স্বকীয় ৰীতি-নীতি সমূহ নিজৰ মাজতহে প্ৰচলন কৰিলে কিন্তু থলুৱা লোকৰ মাজত এৰি সেই ৰীতি-নীতি সমূহৰ বুনিয়াদ হানি তাই লোকে নকৰিলে ৷ জন্ম, মৃত্যুৰ কপৌফুলীয়া বিধি সমূহ ক্ৰমান্বয়ে নিজৰ মাজতে আবদ্ধ নাথাকি বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অজানিতে সাঙোৰ খাই পৰিল যিবোৰ উৎসত তাই সকলৰ প্ৰভাৱ কিছুমানত দেখা দেখিকৈ আৰু কিছুমানত জান নেজানকৈ থাকি গ'ল, অথচ সকোবোৰ ৰীতি-নীতি অসমীয়াৰ আপোন হৈ পৰিল৷ হিন্দু ধৰ্মই বিভাজন নকৰালৈকে তাই আহোমৰ জন্ম, বিবাহ মৃত্যুৰ ৰীতি-নীতি সমহূৰ মাজত বহুখিনি থাকিল আৰু বহুখিনি থলুৱা ৰীতি পৰম্পৰাৰ মাজত জাহ গ'ল ৷
কিন্তু মৃত্যু বিধি বা শ সৎকাৰ প্ৰথা পৰম্পৰা গত ভাৱে য়ুন্নান প্ৰদেশতে শ মৈদাম দিয়াৰ দৰেই হিন্দু ধৰ্মই তাই সকলৰ এচামক সংস্পৰ্শ নকৰাকৈ বৰ্তি থাকিল ৷ আনকি বৰ্তমানো তাই আহোমৰ ৰীতি-নীতি বুকুত লৈ জন্ম হোৱা পুৰোহিত লোকৰ মাজত শ মৈদাম দিয়াৰ প্ৰথাই প্ৰচলন আছে৷ দৰাচলতে অসমত বাস কৰা সমগ্ৰ তাই আহোম লোক সকলৰ স্বকীয় ৰীতি-নীতি অতুত ৰখাত পুৰোহিত সকলেই প্ৰতিভূ স্বৰূপ আছে ৷
ঘৰৰ আপোনজনৰ মুমূর্ষু অৱস্থা প্ৰাপ্ত হ'লে ঘৰ ঘৰোৱাহে শৰাইত কাপোৰ, তামোল-পাণ-পইচা দি বিদায় দিয়া বা বাট মুকলি কৰি দিয়া প্ৰথা তাই আহোমৰ সমাজৰ মাজত বৰ্তি আছে ৷ কেতিয়াবা সংগৰ ভকত আনি ৰোগীজনৰ জ্ঞাতে বা অজ্ঞাতে হোৱা দায় জগৰ ভঙা কথাও সমাজৰ মাজত বৰ্তি আছে ৷ ৰোগীৰ মৃত্যু হোৱাৰ লগে লগেই গঞা গিয়াতিৰ মুৰব্বী জন বা পৰিয়ালৰ মুৰব্বী জনে মৃতজনৰ পৰলোক গমনৰ কথা সদৰি কৰাৰ পাছতহে আনুষ্ঠানিক ভাৱে মৃত বুলি লোক জনৰ কথা জনা যায় ৷ তেতিয়াহে বাকী গঞা-গায়াতি বা আপোন সকললৈ বাতৰি দিয়া হয়৷ নৰীয়া লোকজন সততে ঘৰৰ ভিতৰতে মৃত্যু হবলৈ দিয়া হয় ৷ মৃতক জনৰ শ-টোক ঘৰৰ ভিতৰতে কোকোৰা কণী (কাই পিত) বা হাঁহৰ কণীৰে গা ধুওৱা হয় ৷কণীৰ কুহুম সানিলে বহু দিন নেগেলা - নপচাকৈ থকাৰ কথাকে সূচায় ৷ তদুপৰি সৃষ্টিৰ মূল যিহেতু বীৰ্য, সেই বীৰ্যই জীৱৰ স্হিতিত অৱকাশ দিয়ে , সেইবাবেই মৃত্যুৰ পাছতো জীৱৰ অবিচ্ছিন্নতাৰ কথাকে সূচায় ৷ তেনে নিয়ম সমাজত বৰ্তী আছে ৷শ গা ধুৱাই পুৰণি সাজ পাৰ এৰোৱাই ন-বস্ত্ৰ পিন্ধাই দিয়াৰ নিয়ম ৷ কাপোৰ পিন্ধাওতে ককালত গাঁঠি নিদি খুচনি মাৰি দিয়া হয় ৷ ইয়াৰে পাৰ্থিৱ দেহমুক্ত হোৱাৰ কথা সূচনা হয় ৷ শ গা ধুওৱা পানী ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ঘৰৰ ভেটিৰ তলেদি উলিয়াই দিব লাগে ৷ শ গা ধুওৱা ঠাই তিনি দিনলৈ আবৰি ৰখাৰ নিয়ম ৷ ঘৰৰ সন্মুখৰ চোতালত এখনি ৰভা সাজি তলত পাটী পাৰি শৰ্ষা সজোৱা হয় ৷শ-টোৰ ৰভাৰ নিৰ্মিত শৰ্যাত উত্তৰ - পূৰ্ব মুৱাই কাপোৰ আওপকিয়াকৈ মেৰিওৱা হয় ৷ কলা শিমলু ফুল লৈ পাঁচ খন থুৰীয়া তামোলৰ লগত শ ৰ পাঁচ অংগত দি এটা উঘাৰ সূতাৰে সেই পাঁচ অংগৰপৰা পাঁচ ডাল এঁৱা সূতা গাঁথি দি একেলগ কৰি পুনৰ নাভিত গাঁথি দি নাই ওপৰৰ সূতা কেইডাল কাটি "নাড়ী কটা" কাৰ্য সমাপন কৰা হয় ৷ এই " নাড়ী কটা" বাঁহৰ চোচৰ দ্বাৰা সম্পন্ন কৰা নিয়ম, এই কাৰ্যই ভৌতিক দেহাৰ বেহা মৰ্ত্যৰ লগত বিচ্ছিন্নতাৰ প্ৰতীকি অৰ্থ কৰে ৷ ভাতৰ চৰুত ঘাই উধান(গৰুৰ মুৰব্বী হ'লে ঘাই উধান আৰু পালি লোক হ'লে পালি উধান) উভালি আনি শ ৰ সন্মোখত থোৱা হয় ৷ সেই উধানৰ লগত বাকী দুটা উধান বাহিৰৰ পৰা আনি তিনি উধান সাজি মাটিৰ চৰু পতা হয় ৷ নতুন চৰুত হাতৰ পিঠিৰে তিনি পিঠি চাউল দি ভাত পতা বা ভাত পচোৱা হয় ৷ ৰাঙত প' মিল অৰ্থাৎ খেকেচি এটা ঠেং গচকি বাঁও হাতেৰে ধৰি ঠেং এৰুৱাই সিজোৱা হয় ৷ গঞাঁ গিতিয়ে, মিটিৰ কুটুমে খাদ্য সামগ্ৰী আনি এনেকৈ ভাত সজায় ৷ ঘৰৰ গৃহস্থই শ'ৰ লগত বস্তাদি দিয়ে , মিটিৰ-কুটুমেও দিয়ে ৷ সিদ্ধভাত মাইহাঙত সজায় থুৰীয়া তামোল, ধন, সোন, কাঁহ, ৰূপ, বস্ত্ৰ যথা স্হানত থোৱা হয় ৷ ধন, সোন, ৰূপ আদি পূৰ্বতে শৰ লগত দিয়ে ৷ ধনৰ পৰিৱৰ্তে পাঢ়ীদৈৰ গা-গছ চকলীয়াই কাটি ৰূপৰ অৰ্থত লোৱা, তাৰে চকলচেৰেক হালধি সানি সোনালী বৰণৰ কৰি সোণৰ অৰ্থ কৰা, তেনেকৈ কাঁহৰ লোটা -চৰিয়া তৈয়াৰ কৰা কথা প্ৰচলিত ৰীতি ৷ মৃতকৰ লগত দিয়া কোনো কাপোৰতেই দহ বা ফুল ৰখা নহয় ৷ সকলো সামগ্ৰী মাইহাঙতে উছৰ্গি দিয়াৰ পাছত পুৰোহিতৰ বা জ্ঞাতিৰ মুৰব্বীৰয়ে আহোম মন্ত্ৰ উচ্চাৰণ কৰি মৃতক জনৰ আত্মাৰ সদগতিৰ কামনাৰে আশীৰ্বাদ দিয়ে, গৃহস্থই সেৱা জনায় ৷
আশীৰ্বাদ : 
চাং নাই চ্যাও নু-ৰু চাও কা ঐ (তিনিবাৰ পাঠ কৰি)
ফি ফান্ বাই জীম্ কন্ ফাত্ ফান্ বাই বাই জীম্ চেন্ ক্ক দিন্ কিক ফা মৌ লেক্ ৰু ক্ক দিন্ ক্ক ফা মৌ লাক্ হান্
চাও ফা ফান্ তাই লাং বাক্ লং ক্ক ফি ক্কা চাং ক্কা বাক মই
কুন ফি ক্কলে নাপাক চেম দাই মিং পি চাং নাই চাও কা 
ঐ নুক কি গাই চাও ৰেণ্ মাৱ ক্ক কুন ফু কে তাই ছি জাও
কুন তাই মিং ক্লাং ৰেণ্৷ কুন তাই মিং ক্লাং হন কাই লে কাই অন বা ক্ক বোকোন ফি ক্ক বুখেন ৰাং ঐৰঙা মে নাই দেন ছি দাই পেত খুন বান (আংকা)
কুন্ ফুকে খাও কে তাই ছি দাই
অন মৌ-ফি খেন দাম হেও ফি
চাং নাই চাও কা ঐ আও টাং নাং খাং না পাং
আও টাং না খাং না জাং আও টাং খাং নাং ফুন্
চিং কুপ চং ফা তং চিং কুপ তং বুন্
মাক মো কুপ বৌ প্লো আও তাং খাও খাও কুপ
কাই কাই দি হম ৰাও কুপ থা দি হম খেন
লেং ফুন ক্ক খেন ফি হেত তুং মৌ চাং মৌ ফি
চাং নাই চাও কা ঐ৷
আশীৰ্বাদ ভাৱাৰ্থ :
দেৱক দিছে ধৰিবলৈ, মনুষ্যক দিছে পুজিবলৈ ৷ দেৱ হলে বুজে, ক্ষত্ৰিয় হ'লে যুঁজে ৷ মানিচে দিলে দেৱতাই পায়, দেৱ ৰূপে ভকতে খায় ৷ এই নিয়ম এতিয়াৰ নহয় পূৰ্ব্বাপৰ নিয়ম ৷ সৃষ্টিকৰ্তা নিবন্ধ চাও ফানে ( জীৱধিপতি) সৃষ্টি বঢ়ায় ৷ জীৱধিপতি পঞ্চভৌতিক মহাপ্ৰাণ স্বৰূপে অধিষ্ঠিত ৷ আজি এই বা ঘৰৰ লোক জনে উঘাৰ সূতা ছিঙি নিজ ঘৰলৈ গ'ল ৷ তেওঁ আছিল পৰৰ ঘৰে, গ'ল নিজ ঘৰে ৷ ভাতে কাপোৰ নাই বুলি অকালতে হেঁচুকি মৰা নাই, নিজ ইচ্ছাৰে কৰ্ম্মত গৈছে বাবেহে তেওঁৰ স্বৰ্গবাস হব লাগে ৷যদি কোনো বলীয়ে বলবস্ত কৰি(অন্যায় বা কুমন্ত্ৰ কৰি) মাৰিছে তাৰ নাকে-কাণে বগাব লাগে ৷ নৰদেহ এৰি আজিৰ পৰা দেৱৰ কায় লগা, আজি অমুকা (মানুহ জনৰ নাম উচ্চাৰি) বুঢ়া -বুঢ়ী, লৰা- ডেকা ৰূপৰ পৰা দেৱ হ'লা ৷ দেৱতা স্বৰূপ তোমাক সন্মান জনাই এখন মাইহাঙত কণী, ভাত, মঙহ, ধন-সোন, তামোল-পান দ্ৰব্যৰে পূজা উছৰ্গা কৰা হৈছে ৷এনেকৈ জীয়াই লৈ আশা-ভৰসা এৰি মৰাই মৰাৰ সংগ ল'ব লাগে বুলি ভকতে আশীৰ্বাদ দিয়ে,গৃহস্থই সেৱা জনায় ৷
ইতিমধ্যে শ সৎকাৰ কৰিবলৈ আহা সমবেত লোকে বাৰীৰ পৰা বাঁহ মূল্য গি কিনি আনি ৰাং তৈয়াৰ কৰে৷ ৰাং হ'ল তাই আহোমৰ শ নিয়া চাঙি ৷ ৰাং তৈয়াৰ কৰোঁতে তাত কোনো গাঁঠি দিয়া নহয়, ৰছী পকাই নুৰিয়াই থোৱা নিয়ম ৷ৰাং বাকচ আকাৰে চাৰি খুটা দি তৈয়াৰ কৰা হয় ৷ সুবিধা অনুসৰি তক্তাৰে বাকচ তৈয়াৰ কৰাও হয়৷ এটা তক্তা পৰাপক্ষত উৰিয়ামৰ তক্তা দিয়া নিয়ম ৷ উৰিয়ামক তাই আহোমে চন্দনৰ দৰে পৱিত্ৰ জ্ঞান কৰে ৷ শ ৰাঙত তুলি এখন ডলাত নিৰ্দিষ্ট লেখৰ ধান লৈ লখিমী থোৱা ব্যৱস্থা কৰা হয় ৷ এই ধান কেইটি এখন নতুন গামোচাত বান্ধি আছুতীয়া ঠাইত ৰখা হয় ৷ তিলনিৰ দিনা ইয়াক লেখি চোৱা নিয়ম ৷ যদি লেখতকৈ কম হয় তেন্ত মৃতক জনে লখিমী লগত লৈ গৈছে বুলি ভবা হয় ৷ উল্লেখযোগ্য যে যি ধানৰ লখিমী থোৱা হয় সেই ধান গৃহস্থই তিনি বছৰলৈ সঁচ নলয় ৷ এই খিনি কৰাৰ পাছত পুনৰ আৰ্শীবাদ ৰাইজে দিয়ে , গৃহস্থই সেৱা জনাই ৰাঙ খনত শ ভৰাই চাৰিজন লোক শ ভৰাই চাৰিজন লেকে শভাৰ বৈ নিয়ে ৷ মৃতকৰ পুত্ৰই বাঁহৰ এটা জোৰ লৈ মেদাম স্হানলৈ যায় ৷ নাই কটা উঘাটোৰ পৰা সূতা বাটে বাটে ছিঙি যায় ৷ মৈদামৰ স্হানত শ পুনৰ চোতালত থোৱাৰ দৰেই থৈ মাটিক মূল্য দি পুত্ৰই কোৰৰ তিনি চাব আওহতীয়াকৈ মাৰে ৷ সেই মাটি তিনি চপৰা শেষত মৈদামত থাকি আহে ৷ সমাধি স্হানত কাঠৰ তুংলুং বা পেৰা সাজি তাত শ ভৰাই শ পোতা হয় কাঠৰ অভাৱত বাঁহৰ সামগ্ৰীৰে ইয়াক তৈয়াৰ কৰা হয় ৷ এই কাৰ্যৰ দেখ দেখ উদাহৰণ চৰাইদেউত থকা শাৰী শাৰীকৈ থকা স্ত্ৰী-পুৰুষৰ মৈদামবোৰ ৷ মাতিৰ গাঁতেই হওঁক বা তিনিবাৰ শটো প্ৰদক্ষিণ কৰিহে শ সমাধিত স্হান কৰা পৰম্পৰাগত ৰীতি ৷
শ ৰাঙৰ পৰা নমাই কাঠ বা বাঁহৰ তৈয়াৰী গাঁতৰ মাত থকা তুংলুংত স্হাপন কৰাৰ লগে লগেই মৃতকৰ লগত দিব লগা সমূহ আহিলা যথা স্হানত থৈ ৰাইজে মান অনুসৰি আৰ্শীবাদ ধ্বনি দি মৰাই মৰাই সংগ আৰু জীয়াই সংগ কামনা কৰি শেয় আশাৰে অন্যন্য তিনি চপৰাকৈ মাটি দিয়ে ৷ মৈদাম ওখকৈ তৈয়াৰ কৰা হয় ৷ মৈদামত চাৰিও কাষে মাহ, তিল আদি সিচি দিয়াৰ নিয়ম ৷ ওভতা জেওৰা ভেটি মৈদাম জালি পাতেৰে ঢকা হয় ৷ মৃতকৰ মান অুসৰি ৰাংচালি বা কপোৰেৰে মৈদামৰ ওপৰত মৰাচেউৰা দিয়া নিয়ম ৷ শেষত ৰাইজে পুনৰ আৰ্শীবাদ দিয়ে, গৃহস্থই সেৱা জনায় ৷ মৈদামৰ স্হানৰ পৰা সমূহ ৰাইজে মৃতকৰ ঘৰলৈ ঘুৰি আহে ৷ যাত্ৰী সকলৰ এজনে আগবাঢ়ি আহি পদূলিৰ মুৰত একুৰা জুই জ্বলাই ৰৈ থাকে ৷ বাকী ৰাইজে গা ধুই তিতা তিয়নীয়ে হাতত একোডালি তিতা গছৰ ডাললৈ আহি জ্বলন্ত জুইত তাক পেলাই থৈ আহি কয় --- " আজিৰ পৰা তোমাক (মৃতক জনক) জেং দিলোঁ ৷ তাত ৰৈ থকা জনে চিংকৰা ফুলপানী ছটিয়াই ৷ গৃহস্থৰ ঘৰৰ লোকে দুখন শৰাই আগবঢ়াই চোতালতে লোক সকলক বহিবলৈ দিয়ে ৷ তাত তিনিজন পন্ডিতে আহোম মন্ত্ৰৰে তেলপানী জাৰে ৷ গঞ্জা লোক সকলে ধান, গৰু আদি চুবপৰাকৈ শুদ্ধিৰ বাবে মৃতক বংশৰ লোক সকলৰ বাদে বাকী সমবেত মৈদাম যাত্ৰীয়ে তেল চুই আঙুলি মাটিত ঘঁহাই পানীয়ে ধুৱে ৷ মৃতক জনৰ সম্পৰ্কীয় জ্যেষ্ঠ সকলে তৰ্জ্জনী আঙুলিৰে, কনিষ্ঠসকলে বুঢ়া আঙুলিৰে এই তেল চোৱা কাম কৰে ৷ আগতে দিয়া এখনি শৰাইয়ে জ্ঞাতিক তিলনী পাতি তেলপানী চুবলৈ আনুষ্ঠানিক ভাৱে নিমন্ত্ৰন জনায় ৷ ৰাইজে এই অনুষ্ঠান শেষ কৰি ঘৰাঘৰি যায় ৷
কেঁচা তেল জৰা মন্ত্ৰ: 
চাং নাই চাও নু-ৰু চাও কা ঐ (তিনিবাৰ পাঠ কৰিব) 
মেন বাই পা -ৰিউ চে দিন , দিং চেবিন বিং
খুত দেন দাই তি ডয় লুং তুপ মাই হেও
তা তে কাই অ' দাম ক্ক বুকোম ৷ ফি ক্কু বুখেন৷
ৰাং ঐ ৰৰা দাই মান ঙা
নাম ঞা বান জা ৰিউ জা ৰাই চা ৰিউ
চা-ৰাই অন মৌ ঞা তাই ফি
চাং নাই চাও কা ঐ
ভাবাৰ্থ: আজি তোমাক গঞা গিয়াতিয়ে দেবৰো দেৱতা কৰি পুত্ৰ মিত্ৰই মিলি এচাটি কাঠ, এচপৰা মাটি দ পৰ্বত যেন কৰি মৈদাম দিয়া হ'ল ৷ এতিয়া কেঁচা পানী পুষ্প দ্ৰব্যাদিৰে শান্তি বা শুদ্ধিৰ বাবে তেল পানী চুৱা হ'ল ৷ ইয়াৰ লগত মৰম চেনেহ আঁতৰাবৰ বাবে একুৰা জোৰ লৈ নুমুওৱা হ'ল ৷
তিনি দিনৰ দিনা তিলানী অনুস্হান কৰা হয় ৷ মৃতকৰ বংশৰ লোক সকলে লঘোনে থাকি সেইদিনা ঘৰ দুৱাৰ মচি কপোৰ কানি তিয়াই চৰু আদি ধুৱা হয় ৷ মৃতকৰ ঘৰত গিয়াতি -মিটিৰ-কুটুম সমবেত হৈ চোতালত সামান্য ৰভা সাজি তিলনীৰ সামগ্ৰী মাহ-চাউল, কেচাঁ গুৰ -গাখীৰ সংগ্ৰহ কৰি পুৰোহিত তিনি জনে একুৰা জুই জ্বলাই ৰভাৰ বাহিৰলৈ লৈ গৈ তাক নুমুৱায় ৷ তাই আহোমৰ পেঞ কা কা প্ৰতিষ্ঠা কৰি চাকি জ্বলাই দক্ষিণা সহ তিনিখন শৰাই পাতে ৷ তিনিও জন পুৰোহিতে তাই মন্ত্রৰে তেলপানী জাৰি গৃহস্তক চোবাব ৷ চিংকৰা ফুলেৰে পানী ছটিয়াই শুদ্ধ কৰায় ৷ মৃতকৰ পূজা সকলে বাওঁহাতৰ তৰ্জ্জনী আঙুলিৰে বাকী অনুজ সকলে বুঢ়া আঙলিৰে চুই মাটিট আঙুলি মোহাৰি পানীৰে ধোৱে ৷ পুৰোহিতে তাই মন্ত্ৰৰে শান্তি জাৰি খাবলৈ দি বাকী ঘৰ আদিত চটিয়ায় ৷ গৃহস্থই সেৱা জনায় আৰু ৰাইজে মৃতকৰ সদগতি অৰ্থে আৰ্শীবাদ দিয়ে ৷পূৰ্বে সংগৃহীত সামগ্ৰী বিতৰণ কৰে ৷ মৃতকৰ পুত্ৰই যথা নিয়মে দহা-কাজলৈকে ব্ৰত পালনৰ প্ৰস্তুতি চলায় ৷
দহ দিনৰ দিনা তিলনীৰ দৰেই সমবেত হোৱা ভকত সকলে তাই মন্ত্ৰৰে শান্তি পানী দি জুই নুমুৱায় ৷ জুই নুমুৱাওঁতে এযোৰ আগলি কলপাতত শিল এটা ধান খেৰৰ হোপা দুটা, বাঁহৰ জোৰ এটা, ওভতা চোঙাৰ বাঁহত পানী, গাখীৰ, কাঁচী এখন, কণী, তামোল দি তাই মন্ত্ৰ তিনিবাৰ পাঠ কৰি, কণীটো কাঁচিত ভাঙি পানী গাখীৰৰ জুইত বাকী দিয়ে ৷ এইবোৰ গৃহস্থই দূৰত পেলাই দি গা ধুই তিতাই তিয়নিয়ে সমাজত সেৱা জনায় ৷
জুই নুমুৱাওতে গোৱা মন্ত্ৰ:
চাং নাই চাও কা ঐ (তিনি বাৰ গাব) চাও বেন মান কব কুল ফু থাওতে পুই তাইলে অদ ফাই -ৰাং দুন কক নাম ৰাং লেং লুক বাং লাপ ফাই ছি দাই ৰিং চাং খাহপা ঙে ঙি খাই ট দাই কি খেক দাই কব বুকাম কি কব বুখেন ছং মৌ চাও চুং মৌ ফি কাইলা কাই অ ৰাং ঐ ৰঙা চাং নাই চাও কা ঐ ৷
ভাবাৰ্থ: - মনুষ্য লোকক পুত্ৰ-পত্নী পৰিয়াল বৰ্গৰ শোকত জুই এভাগি পানী, কণী আদি কাঁচিৰ আগত কণী ভাঙি জুই নুমুওৱা হয় ৷
তাই আহোম সকলে ১১ দিনত, ১৩ দিনত, ১৫ দিনত, ১৭ দিনত ,২১ দিনত শৰাধ ক্ৰিয়া কৰে ৷ শৰাধৰ দিনা চোতালত ৰভা সাজি অুনুস্হান আয়োজন কৰি মাহ -চাউল আদিৰ প্ৰস্তুতি চলাই সংগ্ৰহ কৰি পেঞ কা কা প্ৰতিষ্ঠা কৰি আৰৈ চাউল, ৰঙা মাটি তিল মাহ ব্লক চিংফা, তংলতি সহ তিনিবাৰ মন্ত্ৰপুত কৰি শুদ্ধ শান্তি তিনি গুৰুৱে একে হাতে ধৰি জাৰি দিয়ে ৷ গৃহস্থৰ পৰা ৰজালৈ এখন শৰাই, দেৱ গুৰু তিনি জনলৈ দক্ষিণা সহ শৰাই , সকলো সামগ্ৰী ৰাইজক চমজাই দি আৰ্শীবাদ লয়, ৰাইজে আৰ্শীবাদ ধ্বনি দিয়ে ৷ ঘৰৰ মুৰব্বী জনৰ পৰা ক্ৰমান্বয়ে অনুজ সকলে শান্তি খোৱা বা ' ঞাপ্লক ' খোৱা কাম আৰম্ভ কৰে ৷ ঞাপ্লক খোৱাৰ পাছত গৃহস্থই সেৱা জনায়, ৰাইজে অাৰ্শীবাদ দি জ্ঞাতলি ভাঙি প্ৰসাদ বিতৰণ কৰে ৷ শেষত জ্ঞাতি-মিটিৰ-কুটুম্বলৈ জলযোগৰ ব্যৱস্থা কৰে ৷দহাৰ সমূহীয়া সবাহ অনুস্হানটো ফলাহাৰ সামগ্ৰী আয়োজনেৰে আৰম্ভ কৰে ৷ পেঞ কা কা প্ৰতিষ্ঠাৰে ঘট পাটি দান দক্ষিণা, বস্ত্ৰ শৰ্যা আদি জীয়াই থাকোঁতে যিখনখন সামগ্ৰী প্ৰয়োজন সেৱকীয়ে সকলো উৎসৰ্গা কৰি ভকতক চমজাই সেৱা জনায় সমাজে তাই ভাষাৰে ধ্বনি দিয়ে৷ পুৰোহিত কেইজনে তাই মন্ত্ৰৰ যোগেদি শান্তি বা ঞাপ্লক সেৱকীয়ে খাবলৈ দিয়ে৷ সেৱকীয়ে ভকতৰ বেদ পাঠ খামচিং ৰবাও, ৰিকচিংবান জলযোগৰ বাবে বিভিন্ন সময়ত শৰাই দি সেৱা জনায় ৷ গৃহস্থৰ শক্তি সামৰ্থ অনুসৰি দেৱ-বাদ্য গায়ন গোৱাই অুনুষ্ঠানটি শীৰ্ষস্থানটো লৈ যায় ৷ প্ৰসাদ বিতৰণৰ সহায়ত সবাহ অনুষ্ঠান পৰালি পৰে আৰু শেষত ভোজ ভাতৰ আয়োজন হয় ৷
নিশা পুনৰ ফুলেং লোক প্ৰতিষ্ঠা কৰি ফুৰা কীৰ্ত্তন কৰি পুৱা অন্নদাানৰ ব্যৱস্থা হয় ৷ নিশা অনুস্হানত ফুৰা কীৰ্ত্তনত ' চাও ফুৰা চাও তাৰা আলুং ঐ ' আদি বিবিধ প্ৰকাৰৰ কীৰ্ত্তন কৰি অনুষ্ঠানৰ সামৰণি পেলায় ৷ উল্লেখযোগ্য প্ৰতিটো অনুষ্ঠানতেই সেৱকীয়ে সেৱা জনাই আৰু ভকতে আৰ্শীবাদ দিয়ে ৷
তাই আহোম লোকৰ স্বাভাৱিক মৃত্যু হ'লে এইবোৰ নিয়ম পালন কৰি শ সৎকাৰ কৰা হয় ৷ অস্বাভাৱিক ভাৱে কোনো লোকৰ মৃত্যু হ'লে তেনে নিয়ম পালন কৰা দেখা নাযায় ৷ বসন্ত, গ্ৰহণী আদি মহামাৰীত লোকৰ মৃত্যু হ'লে কোনো নীতিকে মানি চলা নহয় ৷ এনে ৰোগৰ শাম কাটিবলৈ শ পোটা গাঁতৰ তলত কলপটুৱা পাৰি শ স্হাপন কৰা হয় ৷ এই প্ৰতীকি অৰ্থই ৰোগ শান্ত হোৱাৰ সূচনা সূচায়৷ কেতিয়াবা কোনো লোকে আত্মঘাটী হৈ মৃত্যুবৰণ কৰিলে শ সৎকাৰ একো নিয়ম পালন কৰা নহয় ৷ ডেকা-গাভৰু, ল'ৰা ছোৱালীৰ মৃত্যু হ'লেও দুজন লোকে শ ভাৰ বৈ মৈদাম দিয়াৰ নিয়ম, মাত্ৰ সামান্যভাৱে তেল পানী চুই তিলনী অনুষ্ঠানৰহে ব্যৱস্থা কৰা দেখা যায় ৷ ন পুৰুষীয় অনুষ্ঠানতহে ল'ৰা-ছোৱালী অপৈনত লোকৰ মৃত্যুত 'খিন' পূজা কৰা হয় ৷ ছমহীয়া বা বছৰেকীয়া শ্ৰাদ্ধ আদিতো যথা নিয়মে আনুষ্ঠানিক কাৰ্য সম্পাদন কৰি ভকতক জলযোগ বা ভোজভাত খোওৱাৰ নিয়ম ৷
তাই আহোম সকলৰ মৈদাম নিৰ্মাণ আৰু শ সৎকাৰৰ গোটাচেৰেক ব্যতিক্ৰম লক্ষ্য কৰিব পাৰি
(১) বংশৰ মৰ্য্যদা অনুসৰি অনুজ সকলৰ মৈদাম শাৰিৰ আগত আৰু ওখকৈ দিয়াৰ নিয়ম ৷ মৈদাম সসূহ দেখিলেই বংশগত সমন্ধ আৰু পৰম্পৰা বুজিব পাৰি ৷ দিচাং পাৰৰ চেঙেলী বাৰীৰ কাষত থকা চিকন সৰিয়হ বংশৰ মৈদাম সমূহেই এই স্বাখৰ বহন কৰে ৷
(২) ৰজাৰ, ডাঙৰীয়া, সৈনিক বিষয়া আৰু সাধাৰণলোকৰ মৈদাম ক্ৰমান্বয়ে ওখৰ পৰা চাপৰ ৷ প্ৰতিজন লোকৰ জীৱন্ত কালৰ যি মান সন্মান সেই মান সন্মান লোকজনৰ মৃত্যুৰ পাছতো ৰক্ষা কৰা উল্লেখযোগ্য কথা ৷ ৰজা ৰাণী আৰু বংশৰ লোকসকলৰ মৈদাম চৰাইদেউ অধ্যুষিত অঞ্চল, বৰগোহাঞি লোক সকলৰ মৈদাম দিখৌৰ দক্ষিণ পাৰে নাজিৰাৰ কাষৰ মাদুৰিত বুঢ়াগোহাঞি সকলৰ মৈদাম দিখৌ পূব পাৰে লংকাক অঞ্চলত আৰু দিলিহি নৈৰ কাষৰ তামুলী বজাৰৰ পৰা দৰবাৰ পৰ্যন্ত আছিল ৷ কোনো স্বৰ্গদেউ বা ডা-ডাঙৰীয়া বাহিৰত স্বৰ্গগামী হ'লেও নিদিষ্ট ঠাইতহে শ সৎকাৰ কৰাৰ নিয়ম আছিল ৷ এই মৈদাম সমূহ যথা স্হানত লক্ষ্য কৰিলে সহজতেই অনুধাৱন কৰিব পাৰি যে স্বৰ্গদেউ সকলৰ মৈদাম পৰ্বত হেন ওখ, ডা ডাঙৰীয়া সকলৰ মৈদাম অন্যন্য সাধাৰণ লোকৰ মৈদামতকৈ বৃহৎ অথচ প্ৰতিবিধ মৈদামৰ আকাৰ ঢৌমুৰীয়া ৷ 
(৩) পুৰোহিত লোকসকলৰ মৈদাম স্বৰ্গদেউ সকলে যি ঠাইত মাটি ভেটিৰে সংস্হান দিছিল সেই ঠাইতেই আছিল ৷ এই মৈদাম সমূহ চৰাইদেউ মৈদামতকৈ চাপৰ ৷
(৪) অন্যান্য উচ্চ বৰ্গৰ বিষয়া,বৰফুকন আদিৰ মৈদাম সমূহো চৰাইদেউ মৈদামতকৈ চাপৰ৷ তীখিসিং বৰবৰুৱাৰ মৈদাম চেচাঁ নদীৰ পাৰত আছে ৷ সম্ভৱ বহুজন বৰবৰুৱাৰ মৈদাম আৰু সেইসকল বংশৰ লোকৰ লোকৰ মৈদাম ডিব্ৰগড়লৈ যোৱা ৰাষ্ট্ৰীয় পথৰ সোঁৱে আৰু বাওঁফালে আছিল ৷ সোঁফালৰ মৈদাম সমূহ বাগিছা কৰ্তৃপক্ষই খহাই চাহ পুলি ৰুলে ৷ কিন্তু বাঁও ফালৰ মৈদাম সমূহৰ চিন মোকাম আজিও আছে ৷ এইবোৰৰ গোটাচেৰেকত চৰকাৰে বনানিকৰণ কৰিছে ৷
(৫) ধ্বজ ফুকনৰ মৈদাম লংপতীয়া ৰেল ষ্টেচনৰ নামনিত আছিল ৷ গৌৰিনাথ সিংহৰ মাহীমাক নাফুকি আইদেওৰ মৈদাম আইদেউ বাৰী চাহ বাগিচাত আছে৷ অসমৰ বিভিন্ন ঠাইত থকা বিভিন্ন চাহ বাগিচা সমুহ হয় উচ্চ বৰ্গৰ বিষয়াৰ নহয় বৰফুকনৰ সকলৰ আছিল ৷ যিবোৰ ঠাই আছিল সেই লোক সকলৰ আকৃতি অঞ্চল ৷ হিলৌধাৰী কোঁৱৰ সকলৰ মৈদাম খঁৰাহাত বাগিচাৰ কাষত আজিও জাগ্ৰত হৈ আছে ৷
(৬) ৰাজ্যখনৰ যি সকল সেনাধ্যক্ষ আছিল সেই সকলৰ মৈদাম বাকী সাধাৰণ পাইক শ্ৰেণীলোকৰ মৈদামতকৈ ওখ আছিল ৷ উত্তৰ লখিমপুৰৰ ধেমাজিৰ প্ৰায় চল্লিচ কিলোমিটাৰ আঁতৰৰ বৰ অজোহা চাপৰিৰ চাড়গড়ৰ মাজত দুটা মৈদাম আছে যি দুটা মৈদাম লাচিত বৰফুকনৰ ভায়েকৰ ৷ এই দুজন লাচিতৰ ভায়েকে চিংফৌসকলক দমন কৰিবলৈ গৈ তাতে মৃত্যু হৈছিল ৷ এই দুইটা ডাঙৰ মৈদামৰ বাহিৰেও তাত অনেক সৰু বৰ মৈদাম দেখিবলৈ পোৱা যায় ৷ দিৰৈ নৈৰ দুয়ো পাৰৰ সমগ্ৰ অঞ্চলত সাধাৰণ সৈণিকৰ মৃতদেহ হাঁফলু আকাৰত শাৰী শাৰীকৈ থোৱা হৈছিল ৷ এইবোৰৰ চিন মোকাম এতিয়াও দেখিবলৈ পোৱা যায়৷ আহোম শাসনৰ শেষৰ ফালে যোৰহাটট ৰাজধানী থাকোতে খঙীয়া অঞ্চলত সৈণিকৰ শ মৈদাম দিয়া হৈছিল ৷ যিবোৰ এতিয়াও আছে ৷
(৭) পুৰণি ৰাজধানী চৰগুৱাত যিবোৰ মৈদামৰ চিন-মোকাম আছে সেইসমূহতো ৰজা ঘৰৰ বিষয়বাব খোৱা উচ্চ বৰ্গৰ বিষয়াৰ মৈদাম আছিল ৷দিখৌ পাৰত নদীৰ সোঁতে খহাই নিয়া আৰু মাটি খান্দি প্ৰায় নি:শেষ কৰা কেৱল দেশৰ বাবে গদাপাণি কোঁৱৰৰ প্ৰাণ ৰক্ষা কাৰিণী সোণামতীৰ মৈদাম আছে ৷ গুৱাহাটী বন্দৰৰ বৰফুকনৰ পত্নী গদাপাণি বায়েক বাওলি আইদেউ মৈদাম আজিও বামুণি মৈদাম হৈ জিলিকি আছে ৷ এই মৈদাম দৰাচলতহে বাওলী মৈদাম হে হ'ব লাগে ৷
(৮) সৰ্বসাধাৰণ লোকৰ শ ওখ হাঁফলু আকাৰত তৈয়াৰী হ'লেও এবোৰ মৈদামত মাটিৰ সমতা ৰক্ষা কৰিহে শ পোতা হৈছিল ৷ গাঁতবোৰ আঁতৰৰ পৰা ৰঙা মাটি জাপি দিয়া হৈছিল৷
(৯)খেলিমেলিকৈ মৈদাম সমূহত শ পোতা নহৈছিল ৷নিৰ্দিষ্ট ঠাইত সংৰক্ষিত অঞলতহে মৈদাম সমূহ সজা হৈছিল ৷সততে মৈদাম সমূহ দ জলাতকী ঠাইত নাছিল ৷ যি ঠাই ওখ তেনে ঠাইত হে শৰ মৈদাম আছিল ৷ মৈদাম সমূহৰ আকাৰ প্ৰকাৰ শাৰি শাৰিকৈ সু-সংহত থকাৰ পৰা অনুমান কৰিব পাৰি যে তাই আহোমৰ ৰাজত্ব দিনত বৰ্তমান যুগতকৈ শ সৎকাৰ ব্যৱস্থা উন্নত আছিল ৷