অসমৰ খিলঞ্জীয়া জনগোষ্ঠী আৰু অসমীয়া জাতি সত্বা (নাং কল্পনা বৰুৱা)

প্ৰাক্ ঐতিহাসিক কালৰে পৰা সমন্বয়ৰ সংস্কৃতি ৰক্ষা কৰি বিভিন্ন জনগোষ্ঠীৰ লোকে অসমত বসবাস কৰি আহিছে ৷ বিশ্লেষণ কৰি চালে দখা যায় যে অতীতৰ ইতিহাস প্ৰৱজনৰ ইতিহাস ৷ সেয়ে ইঠাইৰ মানুহ সিঠাইলৈ গৈ নিজৰ সুবিধা অনুসৰি এঠাইত বসতি স্হাপন কৰিছে ৷ অসমতো তেনে প্ৰক্ৰিয়াৰ জৰিয়তে বিভিন্ন জনগোষ্ঠীয়ে সাংস্কৃতিক সমাহৰণৰ অংশীদাৰিত্ব গ্ৰহণ কৰি নিজস্ব ঐতিহ্য - পৰম্পৰা , স্বকীয় ভাষা-সংস্কৃতি , সাহিত্যৰ ধাৰা অটুত ৰাখি অসমীয়া জাতি সত্বাক চৰ্তবিহীন ভাৱে জীয়াই ৰাখিছে অৱশ্যে আহোম সকল অসমলৈ অহা পিচতহে বৃহত্তৰ অসমীয়া জাতি আৰু বৰ অসম নিৰ্মাণ কৰা হয় ৷ তাৰ আগলৈকে এই অসমভূমিত ভিন ভিন জনগোষ্ঠীয়ে স্বকীয় ভাবে বাস কৰিছিল ৷ আহোম স্বৰ্গদেউ ছ্যু-কা-ফাৰ উদাৰতা, বদান্যতা দূৰদৰ্শিতা আৰু ৰাজনৈতিক বিচক্ষণতাৰ বাবে বৃহত্তৰ অসমীয়া জাতি নিৰ্মাণ হয় আৰু সকলোৱে একেটা সূঁতিতে লীন যায় ৷ কিন্তু প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠীৰে স্বকীয় অাছে ৷ সেয়ে খিলঞ্জীয়া সম্প্ৰীতিৰ অবিহনে অসমীয় জাতি সত্বাও অসম্পূৰ্ণ হৈ ৰোৱাৰ অৱকাশ আছে ৷ কাৰণ নিজা নিজা ভাষা সাহিত্য, কৃষ্টি - সংস্কৃতি, ঐতিহ্য পৰম্পৰাৰে সমৃদ্ধ হৈ সৃষ্টি হৈছে উমৈহতীয়া সত্বা অসমীয়া জাতি ৷ অসমত যিমান সংখ্যক খিলঞ্জীয়া জনগোষ্ঠী আছে সকলোৰে সংমিশ্ৰনত, সম্প্ৰীতিৰ মহাস্বাৰ্থত আমি অসমীয়া মহাজাতি আৰু বাচিত্ৰ্যৰ মাজত ঐক্য বিৰাজমান হোৱা অসমৰ মিশ্ৰিত সংস্কৃতি অসমীয়া সংস্কৃতি ৷
কিন্তু এতিয়া দেখা গৈছে যে খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকলে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে নিজৰ স্বাধিকাৰ সাৱ্যস্তৰ বাবে আন্দোলন কৰিব লগা হৈছে ৷ কাৰণ সৰ্বভাৰতীয় দলৰ দুমুখীয়া নীতিৰ বাবে এই জনগোষ্ঠী সমূহ অস্তিত্বৰ সংকতত পৰিছে ৷ অসমৰ ৰাজনৈতিক, সামাজিক পেক্ষাপত ফহিয়াই বিশ্লেষণ কৰি চালে দেখা যায় কিমান অস্হিৰ আৰু সংকত পূৰ্ণ ‍ ৷ অবহেলিত আজি অসমৰ জনগণ, খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকল ৷ স্বাধীনতাৰ ৬৮ বছৰ পাছতো জনজাতিকৰণৰ দাবিৰে প্ৰতিবাদ সাৱ্যস্ত কৰিবলগীয়া হৈছে ৷ ভাৰতীয় সংবিধান সংশোধন কৰি অসমক বিশেষ ৰাজ্যৰ স্বীকৃতি প্ৰদান কৰিলে হয়তু বহিৰাগত সমস্যাকে ধৰি অনেক সমস্যাৰ পৰা অসমে কিছু সকাহ পাব ৷
আধুনিকীকৰণ, গোলকীয়কৰণৰ এনে সন্ধিখনত সকলো খিলঞ্জীয়া জনগোষ্ঠীৰ ঐক্য সম্প্ৰতি অটুট ৰখাটো বাঞ্ছনীয় ৷ নহ'লে বৃহৎ জাতি সমূহে অগ্ৰাখন কৰিবলৈ বেছি পৰ নালাগিব ৷ বৃহৎ জাতি সমুহৰ ভাষীক জাতিয়তাবাদ ক্ষুদ্ৰ জাতি সমূহৰ বাবে হেঙাৰ হৈ পৰিছে ৷ ভোগবাদী পদ্ধতিৰে অৰ্থনৈতিক হেঁচা প্ৰয়োগ কৰি অসমীয়াৰ পৰিচয়ৰ স্হায়িত্বক পদানত কৰিছে ৷ সেয়ে সকলো খিলঞ্জীয়া জনগোষ্ঠীয়ে অসমীয়া জাতি সত্বা বৰ্তাই ৰখাৰ স্বাৰ্থত সম্প্ৰিতিৰ বান্ধান অধিক সুদৃঢ় হোৱাৰ প্ৰয়োজনীয়তো আছে ৷ সুৱদী সুৰিয়া অসমীয়া ভাষা সকলো জাতি জনগোষ্ঠীৰ মাজত সংযোগী ভাষা ৷ সেয়ে অসমীয়া জাতি, অসমীয়া সংস্কৃতিৰ স্হায়িত্বৰ বাবে অসমীয়া ভাষাটোকো সকলোৰে মৰ্য্যদাপূৰ্ণ ভাবে গ্ৰহণ কৰি সম্প্ৰিতিৰ বান্ধোন সুদৃঢ় কৰিব লাগিব ৷ প্ৰকৃতাৰ্থত খিলঞ্জীয়া সকলৰ সম্প্ৰীতি তথা সমন্বয় ভাষাটোৰ জৰিয়তে হে সম্ভৱ হ'ব ৷ 
অসমক বিদেশীৰ চৰণীয়া পথাৰ বুলি ভাৱে ৷ অসমক বিদেশীমুক্ত কৰি ৰাখিবলৈ ভৌগলিক অখণ্ডতা বজাই ৰাখিবলৈ সকলো খিলঞ্জীয়া ঐক্যবদ্ধ হ'ব লাগিব ৷ আৰু ৰাজ্য চৰকাৰৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰক ওচৰত সৰব যুক্তিৰে দাবী উথাপন কৰি অসমক বিদেশী মুক্ত কৰিব লাগিব ৷ এই কাম সকলোৰে ঐক্যবদ্ধ প্ৰচেষ্টাৰে সম্ভৱ হ'ব ৷ আমি মনত পেলাব লাগিব শৰাইঘাটৰ যুদ্ধকে আদি কৰি অসম বুৰঞ্জীৰ অধ্যায়বোৰ ৷ কেন্দ্ৰীয় চৰকাৰৰ শোষণ, প্ৰবঞ্চনাই অসমৰ অসমীয়াক হতাশাত ভোগাইছে ৷ উত্তৰ-পূৰ্ব ভাৰতৰ অৱহেলিত ৰাজ্য অসমৰ উন্নয়ন আৰু বিকাশ তথা প্ৰগতিৰ বাবে খিলঞ্জীয়া সকলৰ সম্প্ৰীতি একান্তই বাঞ্ছনীয় ৷ ন'হলে উপেক্ষিত হৈ ৰ'ব লাগিব ৷ সেয়ে সংবিধানিক সুৰক্ষাৰো নিতান্তই প্ৰয়োজনীয়তা আছে ৷ অসমৰ বাবে ভয়বহ সমস্যা বাংলাদেশী প্ৰবজনৰ সমস্যা ৷ আন্তৰাষ্ট্ৰীয় সীমা সুৰক্ষা আৰু নিৰাপত্তা কটকটীয়া নোহোৱাৰ বাবে বাংলাদেশী প্ৰব্ৰজনে অসমৰ খিলঞ্জীয়া জনগাঁঠনিৰ ওপৰত বৈয়াকৈ প্ৰভাবৱ পেলাইছে ৷ আৰু ঐক্য সম্প্ৰীতি অটুট ৰখাৰ ক্ষেত্ৰটো অন্তৰায় সৃষ্টি কৰিছে ৷ হিন্দু হ'লেও অবৈ ধ বাংলাদেশী নাগৰিকক ৰক্ষণা-বেক্ষণ দিয়াটোৱ একেবাৰে উচিত নহয় ৷ হিন্দু, মুছলমান দুয়োবিধ অবৈধ নাগৰিক মুক্ত অসম এখনহে আমাৰ কাম্য ৷ মহান অসমীয়া জাতি সত্বাত বিৰূপ প্ৰভাৱ নপৰাকৈ ৰাখিবলৈ হ'লে সকলো খিলঞীয়া জাতি জনগোষ্ঠী ঐক্যবদ্ধ হোৱাটো নিতাত্বই বাঞ্ছনীয় সেয়েহে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ মাজত সম্প্ৰিতিৰ বন্ধোন অধিক শক্তিশালী হ'ব লাগিব ৷ নহ'লে এতিয়া যিবোৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে পৰৱৰ্তী সমসয়ত আৰু জটিলতৰ হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷