যাত্ৰা — ৰজনী বৰা, শিক্ষক, তেজপুৰ

নিস্বাৰ্থ সপোন দুহাতেৰে 
খামুচি আদিবিন্দু অভিমুখী তেওঁৰ অবিৰত যাত্ৰা ।
পাছলৈ ঘূৰিলেই দেখা পাই
পখিলা খেদি ফুৰা এটি সেন্দুৰীয়া বাট,
বুকুৰ অমৃত সনা কাৰোবাৰ কোমল হাতৰ পৰশ,
তেওঁৰ মৰমভৰা নিচুকনিত হাঁহি বিৰিঙা এখনি অভিমানী মুখ।
আছে জানো তেওঁৰ সমান কোনোবা .....?
পাহোৱাল দুবাহুত বিছাৰি পাই তেওঁ এটি উমাল নিৰাপত্তা ,
যাৰ বিৰিয়া মাৰিত ঝনঝনাই আঘোণৰ সোণালী সোণগুটি।
আজিচোন সকলোবোৰ এক নিমিলা অংক ,
সমুখত ছন্দহীন জীৱনৰ ধূসৰ প্ৰতিচ্ছবি ।
তথাপিও আগুৱাই যাই তেওঁৰ বঠাবিহীন নৌকা...,
অনন্তকাললৈ চিৰশান্তিৰ ঘাট বিছাৰি ।