সেন্দুৰ নোলোৱা এজনী তাই আহোমৰ বোৱাৰীৰ কথাৰে ( নাং ধৰিত্ৰী গগৈ ফুকন, জঁজলী, লেচাই হাবি)

সেন্দুৰ বিবাহিত মহিলাৰ বাবে এবিধ অতি প্ৰয়োজনীয় প্ৰসাধন সামগ্ৰী । কোনোবা ডেকাই বিয়া কৰাবৰ সময়ত সোণৰ আ-অলঙ্কাৰ আৰু পাট-মুগাৰ সাজ যিমানে নিদিয়ক কিয় , মুখ্য প্ৰয়োজনটো থাকে সেন্দুৰত । অৰ্থনৈতিকভাৱে দুৰ্বল কিছু পুৰুষে অলঙ্কাৰ-পাট মুগাৰ বস্ত্ৰ নিদিলেও কইনাই মনত দুঃখ নাপায় । কাৰণ , দহ-বিশ টকাত পোৱা হ’লেও মূল্যৰে জুখিব নোৱাৰা সেন্দুৰকণ লবলৈ যে তেওঁ স্বীকৃতি দিছে !
“আহোম” বুলি অলপ বেলেগ ধৰণে কথাবোৰ জানিবলৈ পোৱাৰ বাবে আমাৰ উঠি অহাচামৰ চিন্তাবোৰত পৰিবৰ্তনে দেখা দিছে । নজনাসকলৰ বাবেহে মই ওপৰত লিখা কথাখিনি বেছি গুৰুত্বপূৰ্ণ । সেয়া হ’লেও আমি তেওঁলোকক ঋণাত্মক দৃষ্টিৰে চাই কটু কথা ক’লে নহ'ব । কাৰণ ,যিদৰে মই জন্মৰেপৰা কথাবোৰ জানি অহা নাই সেইদৰে আনে জানি অহাতোও সম্ভৱ নহয় । মই জনাৰ লগে লগে সমাজৰ সকলোৱে যে জানিব বা পালন কৰিব পাৰিব সেয়া আশা কৰাতোও সমীচিন নহয় । কাৰণ , আমাৰ সমাজখনত “সেন্দুৰ” বস্তুটোৱে একেবাৰে দ’কৈ শিপাই গ’ল । সেন্দুৰৰ লগত সংগতি ৰাখি কিছুমান অযুক্তিকৰ কথা প্ৰচলিত হৈ আছে যিবোৰ অশিক্ষিতসকলৰ কথা নকলোৱেই , উচ্চশিক্ষিতসকলেও হাড়ে-হিমজুৱে মানি চলিব বিচাৰে ।
মই যেতিয়া বিশ্ববিদ্যালয়ৰ হোষ্টেলত আছিলো তেতিয়াই ঘৰৰ সন্মতিসাপেক্ষে নিজে বিয়া ঠিক কৰিছিলো । বিবাহিত জীৱনত যে মই সেন্দুৰ ব্যৱহাৰৰ পৰা বিৰত থাকিম সেয়া মই নিজেই প্ৰকাশ কৰিছিলো । ঘৰত মা-দেউতায়ো আপত্তি কৰা নাছিল । সেইসময়ৰ নিউ গাৰ্লচ হোষ্টেলৰ আবাসীসকলৰ মাজতো বিয়পি পৰিছিল সেই বাতৰিটো । কিছুমানে মোৰপৰা কাৰণটো জানিব বিচাৰিছিল । সেই চেগতে ময়ো আবাসী গাভৰুসকলৰ মাজত গোপনে সমীক্ষা এটাকে চলালোঁ “তেওঁলোকে ভৱিষ্যতে সেন্দুৰ ব্যৱহাৰ কৰিবনে নকৰে আৰু যদি কৰিব বুলি ভাৱে তাৰ কাৰণ কি ?” হোষ্টেলত বিবাহিতা মহিলাও আছিল ভালেসংখ্যক । তেওঁলোকো বাদ নপৰিল । সকলোৰে উত্তৰ গতানুগতিক । তেওঁলোকে সেন্দুৰ নোলোৱাকৈ থকাৰ কথা নাভাৱেই । কাৰণ ,
১/ সেন্দুৰ ল’লে বোলে ধুনীয়া দেখি ,
২/সেন্দুৰ ল’লে বোলে গিৰিয়েকৰ আয়ুস বৃদ্ধি পায় ,
৩/বিয়া হ’লে সেন্দুৰ লোৱা নিয়ম ; গতিকে লবই ।
এনেধৰণৰ উত্তৰবোৰ মই চালি-জাৰি চাই ১নং উত্তৰটোহে অলপ মনঃপুত হ’ল । হয় , সচাঁকৈ ধুনীয়া দেখি ন-কইনাৰ নতুন আশাভৰা নিষ্পাপ মুখখনি সেন্দুৰৰ ডাঙৰ ফোঁটটিৰ লগতে সেওঁতাত সিঁচি লোৱা সেন্দুৰৰ আঁকডালে । ২নং উত্তৰটো যদি সঁচা হ’লহেতেন , পৃথিৱীতে বিধৱা মানুহ নাথাকিলেহেতেন !
যি কি নহওক , সেন্দুৰ নলওঁ বুলি কোৱা কোনো ছোৱালী নোলাল । ময়ো ভৱিষ্যতে এগৰাকী ব্যতিক্ৰমী বোৱাৰী হোৱাৰ আশাৰে বিয়াৰ এদিন আগতে হোষ্টেলৰপৰা বিদায় ল’লো ।
অৱশেষত ১৩ মাৰ্চত আকাংক্ষিত দিনটোত লগত কুৰিৰো অধিক পুৰষ-মহিলা সহ দৰাৰ বেশত তেওঁ উপস্থিত হ’লগৈ মোৰ পিতৃগৃহত । মহিলাসকলে সাজ-কাপোৰ পিন্ধাই হাতত হেণ্ডকাফযোৰ আৰু ডিঙিত এৰালডাল লগাই আঙুলিতে নাকীজৰীডাল লগাই দিলে । এইবাৰহে সমাগত সময় আহি পালে । কোনোবা এগৰাকীয়ে দৰাৰ অগোচৰে গোপনে অনা টোপোলাৰপৰা সেন্দুৰৰ টেমাটি চুচুক-চামাককৈ উলিয়ালে । আচলতে নিজৰ ঘৰতে ভালদৰে ঠাণ্ডা-গৰম দুয়োপ্ৰকাৰে তেওঁ বুজাই নিছিল ,যাতে কইনাক সেন্দুৰ দিয়া নহয় । তাৰপাছতো তেওঁলোকে সেন্দুৰ দিবলৈ বিচৰাত মই বাধা দিলো । তেতিয়াৰপৰাই ৰাঙলী সেন্দুৰে মোৰ অনাগত সেন্দুৰীয়া পথত এচমকা আন্ধাৰ সিঁচি দিলে ।
স্ব-ইচ্ছাৰে আঁকোৱালি লোৱা উকা সেওঁতা আৰু উকা কপালেৰে আৰম্ভ হ’ল মোৰ সংগ্ৰামশীল অনাকাংক্ষিত যাত্ৰাৰ । তেওঁ মোক ওৰণী লোৱাটোও বিচৰা নাছিল । তথাপিও অবুজন সহজ-সৰল শহুৰ-শাহুক অৱজ্ঞা নকৰি মই ওৰণীখন অৱহেলা নকৰিলোঁ ।
এইবাৰ আহিল ন-ছোৱালী চাবলৈ আলহী অহাৰ পৰ্বটো । “কিয় সেন্দুৰ লোৱা নাই ?”- -প্ৰশ্নটোৰ উত্তৰ দি দি ভাগৰি যাওঁ । কিছুৱে ভালদৰে শলাগ লয় আৰু কিছুমানে খেঙখেঙাই উঠে “সেন্দুৰ নল’লে বিয়া হোৱাৰ কিহত চিন , কিহত চিন ? বাদ দিয়া আহোম-চাহোম । ভাল নেদেখি এনেকৈ । মুঠতে সেন্দুৰ নোলোৱাকৈ নাথাকিবা ।” মই মনে মনে থাকোঁ । নিজকে লক্ষিমী বোৱাৰী যেন দেখুৱাব খোজা দুগৰাকীমানে আক’ ওৰণীখনতো চকু দিয়েহি । ক্লিপ নলগোৱাকৈ মূৰত ওৰণীখন ৰৈ থাকিব লাগে আৰু কপালৰ আগলৈকে ঢাক খাই থাকিব লাগে । মই লক্ষ্য কৰোঁ তেওঁলোকে নিজে কেৱল চুলিখোপাটোৰ ওপৰতহে ওৰণীখন লয় । মই মনে মনে ভাৱোঁ , “কিয় মোক সকলোৱে প্ৰতিদ্বন্দীৰ নিচিনা ভাৱি লৈছে ?” যিকোনো উপায়েৰে মোৰ মনত আঘাট দিয়াই যেন তেওঁলোকৰ লক্ষ্য । তেখেত ঘৰত নথকা দিনবোৰত নিৰাপত্তাহীনতাত ভূগো , অকলশৰীয়া অনুভৱ কৰোঁ । মই বুজি পাওঁ “সেন্দুৰ”ৰ বাবেই মোৰ এই অৱস্থা । নিজৰ মনত সাহস দিবলৈ চেষ্টা কৰোঁ - - -”কিমানদিননো ন-ছোৱালী হৈ থাকিম ! খুউব বেছি ছমাহ-এবছৰ । এদিনতো পুৰণি হম । গতানুগতিকতাৰ বিপৰীতে অৱস্থান কৰাৰ বাবে আজি যিসকলে মোক কটু কথা কৈছে তেওঁলোকক মই বেয়া পোৱা উচিত নহয় । তেওঁলোকে নজনাৰ বাবেহে তেনে কৰিছে ।”
দিন-মাহ-বছৰ বাগৰালৈকে মোৰ ব্যতিক্ৰমী প্ৰয়াসক চিনাকিসকলে সহজভাৱে লব পৰা হ’লগৈ যদিও নতুন নতুন চিনাকি সম্বন্ধীয় মানুহবোৰৰ বাবে কথাটো আচহুৱা হৈয়েই থাকিল । প্ৰথমদিনা খেঙখেঙাই উঠাকেইগৰাকীয়েই পাছলৈ আনৰ আগত মোৰ হৈ উকালতি কৰিবও পৰা হ’ল । এতিয়া ভাৱিয়েই ভাল লাগে ।
সেই সময়ত মোৰ বাহিৰেও সেন্দুৰ নোলোৱা দুই-চাৰিগৰাকী মহিলা আন ঠাইত নথকা নহয় । কিন্তু মই প্ৰায়ে ফুৰা-চকা কৰি থকাৰ বাবে সহজে আনৰ চকুত ধৰা পৰোঁ আৰু গালি-ভেকাহি খাব লগা হয় । যিয়েই যি নকওক ,মই মাত্ৰ সৰলভাৱে উত্তৰ দিওঁ ; “আহোমে সেন্দুৰ ব্যৱহাৰ কৰা নিয়ম নাছিল বুলি জানো বাবে মই নলওঁ । তাৰোপৰি যিটো অনুষ্ঠানৰ লগত আমি জড়িত , তাত থাকি সেন্দুৰ ব্যৱহাৰ কৰা মানে স্বৱিৰোধী স্থানত অৱস্থান কৰা ।”
মোৰ মানসিক দৃঢ়তা অটুত থকাৰ বাবে মোৰ সিদ্ধান্ত কোনোদিনে সলনি নহ’ল । ঘৰখনলৈ দুজন দেওৰৰ বাবে আৰু দুগৰাকীক ন-কৈ বিয়া কৰাই অনা হ’ল । আমি দুজনে কথাবোৰ বুজাই কোৱাত তেওঁলোকেও সেন্দুৰ নোলোৱা হ’ল । মই মুখা-মুখি হোৱা দুঃখ-আঘাটবোৰৰপৰা তেওঁলোক বহুপৰিমাণে বাচি থাকিল । জাতীয় স্বাৰ্থ জড়িত থাকিলেও বিষয়টো অত্যন্ত ব্যক্তিগত আৰু স্পৰ্শকাতৰ বাবে আন কাকো জোৰ-দবৰদস্তি সেন্দুৰ এৰুওৱা সম্ভৱ নহয় ।
বৰ্তমান জাগৰণ হৈছে , সকলোৱে কথাবোৰ জনা হৈছে ; এইসময়ত এইটো একেবাৰে সাধাৰণ কথা । মাত্ৰ পুৰুষসকলে অলপ বিষয়টোত গুৰুত্ব দিব লাগিব । বিবাহযোগ্যসকলে হবলগীয়া পত্নীৰ আগত বিষয়টো খোলা-খুলিকৈ কৈ সহমত লৈহে বিয়াত বহা উচিত । আনহাতে যিসকল ইতিমধ্যে বিবাহিত তেওঁলোকেও নিজৰ পত্নীগৰাকীক এই ক্ষেত্ৰখনলৈ আগবঢ়াই উলিয়াই আনিব লাগিব । যেতিয়া এনে কথাবোৰ দেখিব তেতিয়া তেওঁলোকে স্ব-ইচ্ছাৰে সেন্দুৰ বৰ্জন কৰিব । অগ্ৰজসকলক অনুসৰণ কৰি মই যিটো পথ অতিক্ৰমিব বিচাৰিছোঁ আজি মোৰ দৃঢ়বিশ্বাস হৈছে যে মোক অনুসৰণ কৰিও বহুজন ওলাই আহিছে । এতিয়া মই অকলশৰীয়া নহয় ।
"সেন্দুৰ বৰ্জন কৰা পি-নঙ , পে-অঙ্-লে ।"