কেইটামান ফু-ৰা-লুং অথবা ফু- ৰা নাম 🔯 চাও নগেন হাজৰিকা

(১)
অ'ই খাম ৰূ
আম্ ছু ছিন্ কুন্ তাই খাও
ফু ৰা লুং ফু ৰা লুং ৷
হেউ দাই ৰাও লুক্ কা নেউ
মাউ জন্ মিং ফু ৰা লুং ৷৷
অ'ই খাম্ লাই
জিম্ মু তাং মাউ জু য়াউ ৷
ম্যুং তাম্ নু লা লা প্লাও ৷৷
জেন্ পিন্ ফা জাও কাও জান্ ৷
খাও পাই তেত্ মু তুই কান্ ৷৷
মাউ পিন্ কুঞ্ ইং কা ফ্ৰা ৷
আও তাং ফা খুন্ থেন্ থেউ খাম্ ৷৷
পূ ৰং ম্যুং পু তাও খাং ৷
লা কা চাও ফুক্ থেক্ চাং ৷৷
লক্ পিন্ তেন্ ফু কাও খাম্ ৷
পুক্ ছাও ম্যুং পেত্ চি চিং ৷৷
থাও লু ঙাম্ হেউ দাই তাং ৷
ঞা পু লক্ জাও পয়্ তেক্ ৷৷
আই ছাং দিন্ ছেং কয় ম্যুং ৷
ছেং ফা খাম্ ঙেক্ পেত্ লান্ ৷৷
ছেং কাম্ ফা খান্ পেত্ ম্যুং ৷
ঙি ঙাও খাম্ হেউ পুত্ খ্ৰিং ৷৷
ফা তু চিং ফ্ৰং হুম্ অ'ই ৷
হেউ দাই ৰাও জন্ মিং অ'ই ৷৷
(২)
অ'ই খাম ৰূ
লেং দন্ ঙি ৰং খাম্
চাও লুম ম্যুং ফী খাম্
খ্ৰুপ তাং ৰং বয়্ চাও অ'ই
ফা ছাং দাম্ ৷
অ'ই খাম্ লাই
লুক্ মান্ চাও দা খাম্
নেউ তি ফা ৰং খাম্
মান্ নাং কু খাও তাং অ'ই
থিন্ ৰূ খাম্ ৷
ৰাই ঙেন্ হয়্ চাও খ
চি তাম্ লা কুং খ
চি ৰপ্ চপ্ খপ্ বাই অ'ই
নেউ খাও চাম্ ৷
চেক্ ফা ৰূ তাং খাম্
পত্ লুং ক্ক চাপ্ কণ্
খিপ্ তিন্ তাং ছং তিন্ অ'ই
লক্ পিন্ খাম্ ৷
ছং ৰা থত্ নাপ্ ছেং
কিউ কিউ চি নাত্ ক্লাং
আত্ ফা বিন্ বাই ৰাম্ অ'ই
তাং ৰাং এং ৷
চুম্ ফা ৰুং ছেং ম্যুুং
নেউ জু ক উপ্ খাম্
খত্ পয়্ খাম্ হঁয় মান্ অ'ই
তি খ কন্ ৷
(৩)
অ' খাম ৰূ
ফা লাই বেত্ ফা পিন্ বেত্
ফা ফু ৰা ছি কি আ,
আ লং মাউ খ্ৰুপ্ খ্ৰুপ্ তাং
ৰং বয়্ বয়্ ছি কি আ ৷
অ'ই খাম্ লাই
হিত্ খুন্ চাম্ ছাই ৰে ফা
ম্যুং ফী তাং ছি কি আ ,
থেউ চেউ দু মান্ বান্ লেং
কু খ অ'ই ছি কি আ ৷
তেন্ লেন্ মান্ বাউ কি লাং
জা ছিং ফা ছি কি আ,
পয়্ পুন্ লাং থাও থেন্ খাম্
তাং লেং ছেং ছি কি আ ৷
ম লাউ খ্ৰী পূ ফী ছু
লে মা তেত্ ছি কি আ
আই খুন্ লুং ঙি খুন আই
লা ঙু তাং ছি কি আ ৷
খাও ৰাং কান্ হেউ ফান্ খাম্
ছং ৰা লান্ ছি কি আ
ম্যু লাং দিন্ লুং মা চস্ ৷
হিত্ তাং বং ছি কি আ ৷
লুক্ লান্ ছং আই খুন্ লুং
ঙি খুন্ লাই ছি কি আ
ক্ক লুং মা বং চা লিক্
চা খাং অ'ই ছি কি আ ৷
(৪)
অ'ই খাম্ ৰূ
চাও নূ ৰূ চাও কাও অ'ই
ফা তু চিং ফ্ৰং হুম্ অ'ই,
ফা লাই বেত্ ফা পিন্ বেত্
আম্ ছু ছিন্ কুন্ তাই মেত্ ৷
অ'ই খাম লাই
মাউ লক্ পিন্ তাং চে চেম্
কুঞ্ ইং কা ফু ৰা চাম্ ৷
মাউ জু তাং তি য়েন্ চিং
লক্ পিন্ ফা চাম্ লাং দিন্ ৷
মাউ পিন্ তাং ত্যু দিপ্ খাও
তুন্ নুক্ প্লা চাম্ ম্যুং কাও ৷
লুম্ চিং প্লাও নাম্ মক্ বান্
মাউ জেন পিন্ তাং লাই কন্ ৷
মাউ ৰাক্ কান্ পেং কান্ ৰাও
হেউ জন্ মিং কুন তাই খাও ৷
(৫)
অ'ই খাম ৰূ
অ' ফু ৰা মাউ ফু ৰা ফা ফু ৰা আ লং অ'ই
বং ফু ৰা কন্ ফু ৰা ছেং ফু ৰা আ লং অই ৷
অ'ই খাম লাই
কন্ চুং ফা থেন্ খাম্ ফা কন্ ফ্ৰা ফক্ আ লং অ'ই
ছাই ৰে ফা ছেঙ কাম্ ফ , ঙি ৰিং খাম্ আ লং অ'ই ৷
হুন্ খাম্ ঙাম্ ফু কা ও খাম্ লেং ঙাও খাম্ আ লং অ'ই
পূ ফী ছ্যু ম্যুং ক্লিং খ্ৰু ফা কাও খাম্ আ লং অ'ই ৷
চাও ছাই ফুন্ ঞা ইন্ য়াই জা ছিং ফা আ লং অ'ই
ম লাউ খ্ৰী চাও লেং ছেং চাও ছেং দেং আ লং অ'ই ৷
চাই ইং ইং চাও দা খাম্ তি ম্যুং লাই আ লং অ'ই
নাং ছেং দাও উ ম্যুং দ'ই ফা ছাং পাউ আ লং অ'ই ৷
ছাং ছেং দাউ কন্ জাং ফা ম্যুং নক্ ফা আ লং অ'ই ৷
ঞা পু লক্ জা দিপ্ ফা ম্যুং থি লা আ লং অ'ই ৷
আই খুন্ লুং ঙি খুন্ লাই ম্যুং মাউ লুং আ লং অ'ই
চাও ছাং বুন্ তাও ছি ঙা তাও লেং ফা আ লং অ'ই ৷
(৬)
অ'ই খাম ৰূ
দাই তাং লিত্ লাই তু
লিত্ দিন্ লিত্ ম্যুং নূ
খাম্ তাং জিম্ ম্যু কিউ কিউ
আ ৰং ফু ৷
অ'ই খাম লাই
ম্যু ম্যুন্ ব্যু ম্যুন্ ছেন্
তেউ ফা ছাম্ ম্যুন্ ম্যুং
ম্যুং কাং চাও জাং পাই নাং
হিত্ চাও ম্যুং ৷
কং ত খাক্ খাই থেন্
জিন্ কন্ খা মাই চাং
তাক্ তেন্ পিন্ কুন্ চাম্ অ'ই
ছাম্ ম ম্যুং ৷
দি নেউ উ কাং খাম্
কাং প তেন্ লেন্ ছান্
ছাং দিন্ চাং তাক্ খুন্ ফী
পুক্ ফী মা ৷
খেউ চাং অক্ মা খু
পা মাই ম্যুং কাং য়াউ
চাং পু খুন্ চাও খুন্ খা
পি বাও অ'ই ৷
খাউ পয়্ য়াং ঙি ছাও
ফা চাক্ বান্ ছেং পন্
খাং তাক্ ঙিন্ ফুন্ থুঞ্ অ'ই
চাও হিত্ খুন্ ৷
(৭)
অ'ই খাম ৰূ
ফু ৰা তা ৰা ৰং বয়্ বয়্
ৰা নি পান্ অ'ই ৰং বয়্ বয়্
ছয়্ কুম্ ছয় খেঞ্ ৰং বয়্ বয়্
হিত্ দি হিত্ খেঞ্ ৰং বয়্ বয়্ ৷
অ'ই খাম লাই
ফা-তু চিং ফ্ৰং হুম্ ৰং বয়্ বয়্
চাও ফা ছাং দাম্ ৰং বয়্ বয়্
পু-থাও লুং লেং দন্ ৰং বয়্ বয়্
ম্যুং ফী খাও খাম্ ৰং বয়্ বয়্ ৷
চাও আই লেং দিন্ ৰং বয়্ বয়্
লাং কু ৰি খুন্ ৰং বয়্ বয়্
জান্ চাই হুং তাং ৰং বয়্ বয়্
চাও চিৎ লাম্ চম্ ৰং বয়্ বয়্ ৷
মুত্ কুম্ তাই কুম্ ৰং বয়্ বয়্
মে জা ছিং ফা ৰং বয়্ বয়্
খান্ খাম্ ফা ফা ৰং বয়্ বয়্
লাউ খ্ৰী লা কা ৰং বয়্ বয়্ ৷
পূ জাক্ জী তাং ৰং বয়্ বয়্
হুন্ খাম্ ঙাম্ তাং ৰং বয়্ বয়্
চাও লেং ছেং চাম্ ৰং বয়্ বয়্
ছেং দাও দা খাম্ ৰং বয়্ বয়্ ৷
মে নাং ৰাই তাং ৰং বয়্ বয়্
বন্ চাও ছাই দেত্ ৰং বয়্ বয়্
চাও ফাই ফাই মাই ৰং বয়্ বয়্
খুন্ লুং খুন লাই ৰং বয়্ বয়্ ৷
খ্ৰুপ্ তাং খ্ৰুপ্ তাং ৰং বয়্ বয়্
খ্ৰুপ্ তাং খ্ৰুপ্ লাই ৰং বয়্ বয়্
পু লিন্ পু থাও ৰং বয়্ বয়্
ম যুন ম লুং ৰং বয়্ বয়্ ৷
সম্পূৰ্ণকৈ পঢ়ক »

About Sukapha Divas or Axom Divas ---- Nang Khushi Kolyani Gogoi. (Pancheng)

The perestigious golden era of Assam, the golden heritage of that period. The base for 600 years of the ahom rule was setup by Sukapha. Moung dung Shun kham was the name of the land . He established the ahom capital at charaideo in 1228. The first ahom king being Chao Lung Sukapha. He conferred the name Moung Dung Shun Kham to Axom. Moung dung sun kham meaning The land of garden gold. Today the land is known as assam. Sukapha divas is thus axom divas celebrated on Dec2 every year in memory of father of Bor Axom.
Chao lung Sukupha pe ong le.
Khop chao kha.
সম্পূৰ্ণকৈ পঢ়ক »

প্ৰসংগ : স্বগোষ্ঠীয় ঐতিহ্য ৰক্ষা আৰু সংবৰ্দ্ধনত টাই আহোম জনগোষ্ঠীয় সংগঠন সমূহৰ দ্বায়িত্ব আৰু কৰণীয়

বৰ্তমান সময়ৰ ওপৰুক্ত বিষয় বস্তুৰ তাৎপৰ্য্য তথা গুৰুত্ব আমি সকলোৱে অনুভৱ কৰিছোঁ ৷ বহু সময়ত কিছুমান প্ৰশ্ন উথাপন হয় নৱ্য আধুনিকতাৰ এই যুগত তাই আহোম ভাষাটো অধ্যয়ন বা উদ্ধাৰৰ কিবা প্ৰয়োজন আছেনে ? তাই ভাষাৰ কৃষ্টি সংস্কৃতি উদ্ধাৰ কৰি আমি আকৌ অতীতলৈ ঘূৰি যোৱাৰ প্ৰয়োজন কিয়? অসমীয়া জাতীয় জীৱনলৈ বিস্তৰ অৱদান আগবঢ়োৱা এই জাতিটোৰ আকৌ তাই আহোম বুলি চিনাকি দিয়াৰ প্ৰয়োজন কিয়? ইত্যাদি ৷ এইখিনি প্ৰশ্ন অন্যলোকৰ কথা বাদেই আমাৰ অনেকজন জ্ঞাতিয়ে প্ৰশ্ন তোলে ৷ আৰু এনে ভাৱৰ বশৱৰ্তী হৈ অনেকজন জ্ঞাতিয়ে তাই আহোম সংগঠন সমূহৰ প্ৰতি অনিহা প্ৰকাশ কৰে - সহযোগ কৰাৰ পৰা বিৰত থাকে ৷
এইখিনিতে ড° লীলা গগৈ দেউৰ " বেলি মাৰ গ'ল " গ্ৰন্থত এটি বাণী আমি মনত পেলাব লাগিব ৷ হিন্দু ধৰ্মৰ বৈষ্ণৱ কেন্দ্ৰক অহিংসাই শক্তিহীন কৰিলে ৰজাঘৰক , বীৰ্যহীন কৰিলে প্ৰজাক আৰু হিন্দু ধৰ্মৰ নামত ছিন্ন ভিন্ন হ'ল জাটিটো ৷" (পৃ:৮১) নিজৰ ভাষা, কৃষ্টি-সংস্কৃতি, পৰম্পৰা, ঐতিহ্য, স্বকীয় বৈশিষ্ট্য সমূহ হ'ল একোটা জাতিৰ মূল চালিকা শক্তি ৷ এইবিলাক নহ'লেই যিদৰে এটা জাতিৰ মৃত্যু অৱশ্যম্ভাৱী, সেইয়ে তাই আহোম জাতিটোৰ ভাষা, কৃষ্টি - সংস্কৃতি, পৰম্পৰা, স্বকীয়তাক পুনৰ সঞ্জীৱিত কৰাৰ প্ৰয়োজন হৈছে জাতিটোৰ অস্তিত্ব ৰক্ষাৰ বাবে ৷ 
আমি সকলোৱে গৌৰৱবোধ কৰোঁ আমাৰ ছশবছৰীয়া ইতিহাসক লৈ ৷ কিন্তু বিট্ৰিছ আমোলত সৃষ্টি হোৱা অসমীয়া বৌদ্ধিক কিছুমান লেখকে কেনেদৰে আমাৰ বুৰঞ্জী সমূহক বিকৃত কৰি অৱমূল্যায়নৰ চেষ্টা চলালে তাক আমি অধ্যয়ন কৰি চাব নোখোজো ৷ বৌদ্ধিকভাবে আহোমৰ অস্তিত্বক হেয় প্ৰতিপন্ন কৰিবৰ বাবে বুৰঞ্জীৰ বিকৃতকৰণত এই বুদ্ধিজীৱি সকলে হাত উজান দি তাই আহোমৰ প্ৰথমজনা চাওফা চাওলুং ছ্যু কা ফাক অসমীয়া জাতিৰ পিতৃ পুৰুষ বুলি জ্ঞান কৰা হয় সেই নমস্য প্ৰবাদ পুৰুষ গৰাকীৰে বংশ পৰিচয় বিকৃত কৰি জাৰজ, অনন্তৰ ম্লেজ হিচাপে কল্প কাহিনী সন্নিৱিষ্ট কৰি বুৰঞ্জীৰ বিভ্ৰাট ঘটোৱাৰ লগতে এক আদৰ্শ চৰিত্ৰৰ অৱমূল্যায়ন কৰি অপমান কৰিবলৈ ধৰিছিল ৷ চাওলুং ছ্যুকাফা তাই বংশীয় তেজ মঙহৰ বাস্তৱ চৰিত্ৰৰ লোক ৷ অন্যহাতেদি বুৰঞ্জী সত্যৰ ওপৰত প্ৰতিষ্ঠিত ৷ তাৰ বাখ্যা কল্পকাহিনীৰ সৈতে কেতিয়াও জড়িত হব নোৱাৰে ৷ " হিন্দু "হিন্দুমতে" বুলি কৈ চাওলুং ছ্যুকাফাৰ জন্মক বিকৃত কৰি দাঙি ধৰি তিনিটা কল্পকাহিনী সৰ্ম্পকে ড° সূৰ্য্য কুমাৰ ভূঞাই এনেদৰে আগবঢ়াইছে : " In the three accounts interred is our books we get on idea of the attempt made by Hindu Pundits to connect Ahom rulers with the classical Hindu Tradition. The old relationship with Indra has been foisted in these shories upon the circbmlances connected with the birth of the founder of the Ahom dynasty commonly wnown as the swarganarayane " ( Dr. Surjya Kumar Bhuyan)
দ্বিতীয় কাহিনী টোৰ সৰ্ম্পকে ভূঞাদেৱে কৈছে "the attempt to foist Hindu association with the birth of the progenitar of the Ahom kings glaringly visible in the account. The Ahom names of person and places are retained and the interotion of Indra leading to the birth of a son from his loins has been described in a regalar Brahminual fashion " Dr.SK Bhugan , Editor, Deodhai Ahom Buranji,(pg-33) .
এনে কাহিনী হৰকান্ত সদৰামীনৰ বুৰঞ্জীটো সন্নিবিষ্ট হৈছে ৷ ইয়াৰ ওপৰিও হলিৰাম ফুকন ডাঙৰীয়াই বঙলাভাষাত আসাম বুৰঞ্জী প্ৰণয়ণ কৰি তৰল উক্তি কৰি লিখিছিল "আসামেৰ অন্ত্যজ লোকে পঢ়া শুনা জানে৷ বিশেষত আহোম জাতিৰা অতি মূৰ্খ ৷ প্ৰদেশে যতই ভাগ্যৱান হয়, ততই অধিক মুৰ্খ হয় ৷ " এইদৰে আহোমৰ ওপৰত বৌদ্ধিক শোষণ আৰম্ভ কৰি আহোমত্ব ধ্বংসৰ ষড়যন্ত্ৰকাৰী সকলক আমাৰ চিনাক্ত কৰিবৰ হ'ল ৷ এটা জাতিৰ পিতৃ পুৰুষ গৰাকীৰ এই বিকৃতকৰণ কিমান অনৈতিক কাৰ্য্য আমি ভাৱি চাবৰ হ'ল ৷
স্বগোষ্ঠীয় ঐতিহ্যৰ ৰক্ষা আৰু সংবৰ্দ্ধনৰ বাবে বৰ্তমানৰ তাই আহোম সংগঠন সমূহে উমৈহতীয়া ভাৱে নিজৰ ভাষা সংস্কৃতিৰ জ্ঞান অৰ্জন কৰিবই লাগিব ৷ বৌদ্ধিক ভাৱে পুৰণি তাই আহোম ভাষাৰে পুথি সমূহ অধ্যয়ন কৰিবলৈ সক্ষম হ'লেহে আমি নিজস্ব শক্তিৰে ষড়যন্ত্ৰ কাৰী সকলক সমুচিত উত্তৰ দিব পাৰিম ৷ সাময়িক প্ৰেক্ষাপটত তাই আহোমৰ নামত সংগঠনৰ অভাৱ নাই ৷ কিন্তু এই সংগঠন সমূহৰ অধিকাংশ নেতৃত্বই জাতিৰ নামত কেৱল আজৰি সময়ৰ কামৰ দৰেহে বিবেচনা কৰে যেন আমাৰ অনুভৱ হয় ৷ আহোম জাগৰণৰ এই আন্দোলনত সূৰ্দীঘ ত্ৰিশটা বছৰত প্ৰতিজন নেতৃত্বই নিতৌ এঘন্টাকৈ দিয়া হ'লেও জাতিটোৰ অৱস্হা জয়জয় ময়ময় হ'লহেতেন ৷ কিন্তু পৰিতাপৰ বিষয় একো বিশেষ উন্নতি আমাৰ নহ'ল ৷ দিনেদিনে জনগোষ্ঠীয় পৰম্পৰাৰ পৰিৰ্ৱতে এই ৰাজধানী চহৰ খনত ধৰ্মৰ বিজতৰীয়া স্বৰূপবোৰহে আমাক গ্ৰাস কৰিবলৈ আৰম্ভ কৰিছে ৷
বৰ্তমান অসমৰ জনগোষ্ঠী সকলৰ ভিতৰত বড়োসকলৰ সংগঠন সমূহে স্ব-জাতিৰ ভাষা সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত যিদৰে উল্লেখনীয় ভূমিকা পালন কৰিছে কিন্তু আমি তাই আহোমৰ সংগঠন সমূহে দহ শতাংশও কৰিব পৰা নাই ৷ শেহতীয়া ভাৱে তাই সাহিত্য সভাই ইয়াৰ চুড়ান্ত নিদৰ্শন দাঙি ধৰি জনমানসত আহোমক ধ্বংসৰ মুখলৈ দি জাতিটোকো জনমানসত হেয় প্ৰতিপন্ন কৰি তুলিছে ৷ তাই সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনত প্ৰতিনিধি সভাখনৰ লগতে বহুকেইটা বিশেষ গুৰুত্বপুৰ্ণ কাৰ্যসূচী অনুষ্ঠিত কৰিব নোৱাৰাটোৱে প্ৰমাণ কৰি দেখুৱাই দিলে যে জাতিটোক ৰক্ষা কৰাৰ ক্ষেত্ৰত বৰ্তমান বিষয়ববীয়াৰ সকলৰ তিলমানো সদিচ্ছা নাই ৷ কেৱল পদবী আৰু ক্ষমতাৰ খকৰ বাবেই এই সকলে সাহিত্য সভাত পদ দখল কৰি আছে ৷
তাই আহোমক ৰক্ষা কৰাৰ ক্ষেত্ৰত নৱপ্ৰজন্মৰ প্ৰতিনিধি সকলেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷ স্ব-ধৰ্ম আৰু পৰম্পৰা অনুসৰণ কৰি নিজৰ ভাষা সংস্কৃতিৰ বিকাশত মনোনিৱেশ কৰিলে হে জাতিটো বাচিব বুলি আশা কৰিব পাৰি ৷ " মে দাম মে ফি '' ৰ গুৰুত্বক উপলব্ধি কৰি আমি যদি সচাঁকৈয়ে আমাৰ পুলিন পচাও সকললৈ তৰ্পন আগবঢ়াইছো তেন্তে পুলিন পচাও সকলে শান্তিত থাকিব পৰাকৈ আমি নিজৰ পৰম্পৰাক সন্মান জনাবলৈ শিকিব লাগিব ৷ আজিৰ যুগত আহোমক নিন্দা কৰা মানুহৰ অভাৱ নাই কিন্তু নিজক আহোম হিচাপে প্ৰতিষ্ঠা কৰি লব পাৰিলেহে আমি সেইসকলক যুগ্য প্ৰত্যুত্তৰ দিবলৈ সক্ষম হব পাৰিম ৷
"পে' অঙ লে ম্যুঙ ডুন চুন খাম "
"পে' অঙ লে ফান তাই"
সম্পূৰ্ণকৈ পঢ়ক »

যাত্ৰা — ৰজনী বৰা, শিক্ষক, তেজপুৰ

নিস্বাৰ্থ সপোন দুহাতেৰে 
খামুচি আদিবিন্দু অভিমুখী তেওঁৰ অবিৰত যাত্ৰা ।
পাছলৈ ঘূৰিলেই দেখা পাই
পখিলা খেদি ফুৰা এটি সেন্দুৰীয়া বাট,
বুকুৰ অমৃত সনা কাৰোবাৰ কোমল হাতৰ পৰশ,
তেওঁৰ মৰমভৰা নিচুকনিত হাঁহি বিৰিঙা এখনি অভিমানী মুখ।
আছে জানো তেওঁৰ সমান কোনোবা .....?
পাহোৱাল দুবাহুত বিছাৰি পাই তেওঁ এটি উমাল নিৰাপত্তা ,
যাৰ বিৰিয়া মাৰিত ঝনঝনাই আঘোণৰ সোণালী সোণগুটি।
আজিচোন সকলোবোৰ এক নিমিলা অংক ,
সমুখত ছন্দহীন জীৱনৰ ধূসৰ প্ৰতিচ্ছবি ।
তথাপিও আগুৱাই যাই তেওঁৰ বঠাবিহীন নৌকা...,
অনন্তকাললৈ চিৰশান্তিৰ ঘাট বিছাৰি ।
সম্পূৰ্ণকৈ পঢ়ক »

আহোমৰ বুৰঞ্জীত চাও-লুং যুগ --- চাও নগেন হাজৰিকা

তাঈ আহোম ভাষাত লিখা ‘আহোম বুৰঞ্জী’ (অনুবাদ আৰু সম্পাদনা-গোলাপ চন্দ্ৰ বৰুৱা) খনত চাও-লুং ছ্যু-কা-ফাৰ পৰা আৰম্ভ কৰি চাও-লুং তাউ ছ্যু-ত্যু-ফালৈ (চাও-লুং ছ্যু তেউ-ফা চাও-লুং ছ্যু-বিন-ফা চাও-লুং ছ্যু-খ্ৰাং-ফা চাও-লুং ছ্যু-খ্ৰাম-ফা আৰু চাও-লুং ছ্যু-তু-ফা) মুঠ ৭ জন মৌং দুন ছুন-খামৰ ৰজাক ‘চাও-লুং’ উপাধি দিয়া হৈছে আৰু চাও-ফা তাউ-খাম-তিৰ পৰা শেষজন তাঈ আহোম ৰজালৈকে সকলোকে ‘‘চাও-ফা উপাধিধাৰী হিচাপে দেখুৱা হৈছে। আজিলৈকে আহোমৰ বুৰঞ্জী লিখা বুৰঞ্জীবিদসকলৰ এজনেও এই পাৰ্থক্যটো (অৰ্থাৎ ‘চাও-লুং’ আৰু ‘চাও-ফা’ মাজত থকা) বিশ্লেষণ কৰি চাবলৈ চেষ্টা চলোৱাটো পৰিলক্ষিত হোৱা নাই। তাঈ আহোমৰ সকলো ৰজাকে ‘চাও-ফা’ আৰু ‘স্বৰ্গদেউ’ বুলিহে তেখেতসকলে লিখি গৈ আছে। অৱশ্যে ‘চাও-লুং’ বুৰঞ্জী’ নামৰ প্ৰৱন্ধটোত এই বিষয়ে অন্বেষণ কৰি চাবলৈ চেষ্টা কৰিছিলো।
তাঈ আহোমৰ কি যে ফুটা কপাল আই অ’ দেহী। পদ্মেশ্বৰ গগৈয়ে The Tai and the Tai Kingdoms নামৰ বুৰঞ্জী পুথিখনত অসমৰ তাঈ আহোমৰ ৰাজত্বটোক দুটা ভাগত ভাগ কৰিছে। প্ৰথমটো হ’ল The Ahom Dynasty-I (আহোম ৰাজবংশ ৰম) আৰু দ্বিতীয়টো হ’ল The Ahom Dynasty-II (Hindu Period) অৰ্থাৎ আহোম ৰাজবংশ ২য় ( হিন্দু যুগ )। তেখেতে ছ্যু-কা-ফাৰ উপাধি ‘চাও-লুং’ লিখিছে তেখেতৰ পাছত ৰজাসকলৰ কিছুমানৰ উপাধি ‘চাও’ বুলিহে দেখুৱাইছে কিছুমানৰ কোনো উপাধিয়েই লিখা নাই। তেখেতে চাও-ফা ছ্যু-তাম ফা ওৰফে জয়ধ্বজ সিংহ দেৱৰ পৰাই ‘হিন্দু যুগ’ বুলি উল্লেখ কৰিছে। কিহৰ ভিত্তিত এই বিভাজনটো গগৈদেৱে কৰিছে তাৰ কাৰণ দৰ্শোৱা নাই। পদ্মেশ্বৰ গগৈ দুৰ্ঘোৰ হিন্দু আছিল কাৰণেইহে আহোমক হিন্দু বনাইছে। ‘হিন্দু যুগ’ বুলি আহোমৰ মাজত বিভাজন ননা হ’লে বোধ হয় The Tai and the Tai Kingdoms শিতানৰ থেছিছ [Thesis] খন (পাছত একে নামেৰেই বুৰঞ্জী পুথি হিচাপে প্ৰকাশিত) বোধ হয় Ph. D. Degree ৰ বাবে মনোনীত নহ’লহেঁতেন। সেই ভয়তে তেখেতে ভিত্তিহীন বিভাজনটো আনি নিজে উত্তীৰ্ণ হ’ল আৰু তাঈ আহোম জাতিটোক ডুবাই থৈ গ’ল। কি যে এক প্ৰহসন, কি যে এক বিড়ম্বনা, কি যে এক আত্মহত্যাৰ প্ৰচেষ্টা। এই দুষ্কাৰ্যৰ বাবে পদ্মেশ্বৰ গগৈক sadist বুলিম নে masochist আখ্যা দিম সেই সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই। যদি আহোমৰ ‘যুগ বিভাগ’ কৰিবই লাগে তেন্তে বিভাজনটো এইদৰে হ’ব পাৰে।
১) ‘চাও-লুং যুগ’- এই যুগটো চাও-লুং ছ্যু-কা-ফাৰ পৰা আৰম্ভ কৰি চাও-লুং ছ্যু-তু-ফাত শেষ হৈছে।
২) ‘চাও-ফা যুগ’-এই যুগ আৰম্ভ হৈছে চাও-ফা তাউ খাম-তিৰ পৰা আৰু অন্ত পৰিছে আহোমৰ শেষ জন চাও ফা অৰ্থাৎ চাও-ফা পুৰন্দৰ সিংহৰ দিনত।
৩) ‘চু-ছেক্‌ আও-পক্‌ ৰাও-মৗং’ ‘স্বাধীন ৰাজ্য ঘূৰাই লোৱাৰ সংগ্ৰাম যুগ’ -পিয়লি ফুকন, গমধৰ কোঁৱৰ প্ৰভৃতি স্বাধীন মনা তাঈ আহোমে হৃত মৗং-দুন্‌-ছুন্‌-খাম্‌ ঘূৰাই পাবলৈ কৰা সংগ্ৰামবোৰ এই যুগটোৰ অন্তৰ্গত।
৪) ‘চু-পয়্‌-কান্‌-কুম্‌’ ‘সংগঠন যুগ’-১৮৯৩ খৃস্তাব্দৰ ১৩ মে’ তাৰিখে শিৱসাগৰত প্ৰথমখন আহোম সভা বহিছিল। ১৯১০ চনত অন্য এখন আহোম সভা নগাঁৱত অনুষ্ঠিত হৈছিল। তেনেকৈ অন্যান্য ঠাইতো আহোম সংগঠন গঢ়ি উঠিছিল। ১৯১০ চনতেই সেই সকলোবোৰ আহোম সংগঠন লগ লগাই ‘সদৌ অসম আহোম এছ’চিয়েশ্যন’ গঠিত হৈছিল। তাৰ বহু দিনৰ পাছত ‘উজনী অসম ৰাজ্য পৰিষদ’ ‘সদৌ অসম মহন দেওধাই-বাইলুং সন্মিলন’ ‘পণ্ডিত পৰিষদ’ ‘পয়্‌-ফু-ৰা-লুং’ বান্‌-অক্‌-পাপ্‌-লিক্‌ মৗং তাঈ’ ‘সদৌ তাঈ আহোম ছাত্ৰ সন্থা’ ইত্যাদি সংগঠনে গা কৰি উঠিছে আৰু বতৰ্মানেও বহু নামী-বেনামী আহোম সংগঠনে মূৰ দাঙি উঠিছে। এই সংগঠনবোৰৰ উদ্দেশ্যে হৈছে নিজ নিজ পৰিসৰৰ ভিতৰত তাঈ আহোমৰ কল্যাণ সাধন। এই যুগটো ১৮৯৩ চনৰ পৰা বতৰ্মানলৈকে চলি আছে আৰু অবিৰাম গতিত চলি থাকিব।
৫) ‘হিন্দুকৃত যুগ’-চু-হন ক্লা’-‘হিন্দু আইন’ আৰু ‘মুছলমান কানুন’ ভাৰতবষৰ্ত বতৰ্মানে প্ৰচলিত হৈ আছে।
Hindu Law as administered by the Courts of India is applied to Hindus in some matters only, namely, Marriages, Adoption, Inheritance, Succession, etc. In other matters, it has been replaced by various legislative enactments. It is in this narrow sense that the term ‘Hundu Law’ is understood now. Hindu Law is of much wider application that its name suggests. This may be inferred from the Notes to Clause 2 of the Hindu Code Bill which is as follows :- ‘At present Hindu Law applies : (I) to the Hindus by birth, and also to Hindus by religion; that is to say to converts and reconverts to Hinduism, (II) to illegitimate Children where both parents are Hisndus, (III) to illegitinmate children where the mother is a Hindu and the children are brought up as Hindus, (IV) to Brahos, Arya Samagist, Lingayats and to persons who may have deviated from orthodox standards of Hinduism in matters of diet and ceremonial observances and to every other person who may be regarded as Hindu unless he can show some valid local, tribal, or family custom to the contrary and (V) to Jains, Sikhs and Buddhists’ তাই আহোমে হিন্দুৰ অখাদ্য যেনে গৰু, গাহৰি, গৰুৱা মাছ, কেকোৰা আৰু হিন্দুৰ বাবে গেনা খাদ্যসমূহ খাইছিল আৰু খাই আছে। তাঈ আহোমৰ ceremonial observances প্ৰায়বোৰেই হিন্দু বোৰতকৈ পৃথক। সবৰ্ভাৰতীয় প্ৰথাবোৰতকৈ তাঈ আহোমৰ অসমত (Local) প্ৰচলিত প্ৰথাবোৰ বেলেগ। ভাৰতীয় সংবিধানত অনুসূচিত নহ’লেও আহোমৰ পৰিয়াল প্ৰথাবোৰ হিন্দুবোৰতকৈ বহুত বেলেগ। সেই বাবে হিন্দু আইনখন আহোমত প্ৰযোজ্য নহয়।
দ্বিতীয়তে হিন্দু আইনখনৰ উৎস হ’ল
(১) চাৰিবেদ (বা শ্ৰুতি)
(২) স্মৃতি। স্মৃতিৰ ভিতৰত পৰে
(ক) মনুৰ লিখনি
(খ) যজ্ঞৱাল্‌ক্যৰ লিখনি
(গ) নাৰদৰ লিখনি ইত্যাদি।
তাঈ আহোমৰ পেঞ্‌-কা-কা, পুৰাতাত্বিক লিখনিসমূহ বুৰঞ্জী আদি হিন্দু আইনৰ উৎস নহয়। সেয়েহে ‘হিন্দু আইন’ ‘আহোমৰ আইন’ কোনোপধ্যেই হ’ব নোৱাৰে। তথাপি ১৮৬০ খৃস্তাব্দত ivil Procedure Code অসমত প্ৰয়োগ কৰা হ’ল আৰু সমগ্ৰ তাঈ আহোমৰ ওপৰত কম্বল জাপন দিয়াৰ দৰে ‘হিন্দু আইন’খন জাপি দিয়া হ’ল। ফলস্বৰূপে সাংবিধানিকভাৱে তাঈ আহোমসকল ‘হিন্দু’ হ’বলৈ বাধ্য হ’ল যদিও যথাৰ্থতে তেখেতসকল হিন্দু নহয়। তাঈ আহোমসকলে জাতীয় ধৰ্ম পূৰ্বপুৰুষৰ পূজাহে মানে। কিন্তু তাঈ আহোমক বলপূবৰ্ক হিন্দু কৰা হ’ল। এইটো হ’ল তাঈ আহোমৰ ‘হিন্দুকৃত যুগ।’
৬) ‘পক্‌-ফান্‌-তাঈ যুগ’-আজিৰ পৰা প্ৰায় ২৫ বছৰৰ আগৰ পৰা তাঈ আহোমৰ মাজত এটা নতুন যুগৰ অৱতাৰণা হৈছে। সেইটো হৈছে ‘পক্‌-ফান্‌-তাঈ’ অৰ্থাৎ ‘তাঈ জাতিলৈ ঘূৰি আহা।’ যিবিলাক মানুহে তাঈ আহোমৰ জাতীয় ধৰ্ম অৰ্থাৎ ‘পূৰ্ব পুৰুষৰ পূজা’ এৰি থৈ অন্য ধৰ্মত সোমাইছিলগৈ আৰু যিসকল তাঈ আহোমৰ লোক ‘ফান্‌-ছুম্‌’ হৈ হেৰাই গৈছিল সেইসকলক ‘তে-তে-তে’ কৰি নিজ ধৰ্মলৈ ঘূৰাই অনা হৈছে। Motto টো হৈছে we Revive we survive; ‘পক্‌ ফান্‌ তাঈ ছং-লুং-ফাই’ ‘ৰাও পক্‌ পাই ৰাও চি দাই।’ হু-পাৎ-ছি পৰা আৰম্ভ কৰি তাঈ মানুহৰ পাৰম্পৰিক খাদ্য খাৱন, পোচাক পৰিধাৰণ, তাঈ ভাষাৰ শিক্ষা গ্ৰহণ, তাঈ আহোমৰ প্ৰাচীন পুথি-বুৰঞ্জী পঠন যোগে ‘অসমীয়া আহোমক’ প্ৰকৃত তাঈ আহোমকৰণ এই যুগৰ লক্ষ্য। ‘আহোম আহোম হওক।’ উঠি অহা চামে এইবোৰ গ্ৰহণ কৰিছে, social media যোগে প্ৰচাৰ কৰিছে তথা খ্বন্‌ মৗঙৰ দৰে ই-আলোচনীৰ যোগেৰে এইবোৰৰ প্ৰসাৰ আৰু প্ৰচাৰৰ চেষ্টা কৰিছে। এতিয়া আমাক লাগে এখন Tai Ahom Civil Law বাThe Ahom Law; আইনজীৱি কোনোবাই হয়তো এই প্ৰচেষ্টা হাতত লব।
Hindu Law as administered by the Courts of India is applied to Hindus in some matters only, namely, Marriages, Adoption, Inheritance, Succession, etc. In other matters, it has been replaced by various legislative enactments. It is in this narrow sense that the term ‘Hundu Law’ is understood now. Hindu Law is of much wider application that its name suggests. This may be inferred from the Notes to Clause 2 of the Hindu Code Bill which is as follows :- ‘At present Hindu Law
সম্পূৰ্ণকৈ পঢ়ক »

প্ৰকৃত জনগোষ্ঠীয় নেতাৰ প্ৰয়োজন — চাও পলাশজ্যোতি গগৈ, কোঁৱৰপুৰ, শিৱসাগৰ

আহোমৰ সাম্প্ৰতিক সংকটময় সন্ধিক্ষণত আমাক সৎ , সাহসী আৰু আপোচহীন নেতাৰ প্ৰয়োজন । তেওঁলোকৰ দ্বাৰাই আহোমৰ জনগোষ্ঠীয় আৰু ৰাষ্ট্ৰযন্ত্ৰৰ শোষণ , নিপিড়নৰ বিৰুদ্ধে সংগ্ৰামখন পৰিচালিত হওক । ঐক্যবদ্ধভাৱে আমাৰ প্ৰাপ্য অধিকাৰৰ আদায়ৰ স্বাৰ্থত আগুৱাই যাওক ।
আহোম জনগোষ্ঠীতো বৰ্তমান এক জটিল সন্ধিক্ষণত । ৰাজনৈতিকভাৱে , অৰ্থনৈতিকভাবে ষড়যন্ত্ৰ কৰি আহোমসকলৰ অধিকাৰ কাঢ়ি নিয়া হৈছে । প্ৰতিটো খোজতে কু চক্ৰান্তৰ বলি হ'বলগীয়া হৈছে আহোমসকল । এনে জটিল সন্ধিক্ষণত আহোমৰ জনগোষ্ঠীয় সংগঠনৰ নেতাসকলে এক সৱল নেতৃত্ব লোৱাৰ প্ৰয়োজন । তেওঁলোকে নিজৰ সংগঠনৰ মাজতে বিষয় - বাবৰ বাবে খোৱা কামোৰা এৰি আহোমৰ এই সংকটময় সময়ত ঐক্যৱদ্ধভাৱে যুঁজ দিব লাগিব । এই সংগ্ৰামখনক আগুৱাই নিওতে তেওঁলোক বণিকগোষ্ঠী আৰু কৰ্পৰেটগোষ্ঠীৰ পৰা সম্পূৰ্ণ আতঁৰত থকাটো নিতান্তই প্ৰয়োজন । ৰাজনৈতিক প্ৰভাৱৰ পৰাও তেওঁলোক সম্পূৰ্ণ মুক্ত হোৱা উৎচিত । ন'হলে এদিন স্বয়ম্ভূ এই ভূৱা জাতীয়বাদৰ আচৰণ কৰা নেতাসকলৰ ওপৰত ৰাইজৰ আস্হা নোহোৱা হ'ব । কাৰণ বহিৰাগত বণিক গোষ্ঠীৰ অৰ্থৰ দ্বাৰা পৰিচালিত সংগ্ৰামএখনে কেতিয়াও স্বকীয়তা বজাই ৰাখি আগবাঢ়িব নোৱাৰে । জনগোষ্ঠীয় এই সংগ্ৰামখন বহিৰাগত বণিকগোষ্ঠীৰ পৰা সম্পূৰ্ণ নিলগত ৰাখি পৰিচালনা কৰাটো প্ৰয়োজন । সাম্ৰাজ্যবাদী শক্তিৰ পৰা মৰণপন সংগ্ৰাম কৰি আমাৰ এই জনগোষ্ঠীয় সংগ্ৰামখন জীয়াই ৰাখিব লাগিব । শাসকপক্ষৰ শোষণ , নিপিড়নৰ বিৰুদ্ধে আমি সকলোৱে একেলগ হৈ যুঁজ দিয়াটো অতিকৈ প্ৰয়োজন হৈ পৰিছে । এই সংগ্ৰামখনৰ নেতৃত্ব লোৱাসকল সৎ , আৰু আপোচহীন হোৱা প্ৰয়োজন । কোনো সন্মান , সুবিধাৰ অৰ্থে ভূৱা চৰিত্ৰ দেখোৱা কোনো নেতাৰ আমাৰ প্ৰয়োজন নাই । এনে নেতাক সময়তেই ভালদৰে চিনি পোৱা উৎচিত । নহলে এনে ভণ্ড নেতাৰ কৰ্মই জনগোষ্ঠীয় সংগ্ৰামখনক অন্তৰ পিনে লৈ যাব ।
এটা কথা অপ্ৰিয় হলেও সত্য যে বহুতে নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে সংগঠনত জড়িত হয় । এনেসকলৰ বাবেই আহোমৰ জনগোষ্ঠীয় সংগঠনসমূহে আহোমৰ সকে যি সৱল ভূমিকা ল'ব লাগিছিল তেনে কৰা পৰিলক্ষিত নহয় । আমাক এনে নেতাৰ প্ৰয়োজন নাই যি উচ্চ পৰ্য্যায়ৰ বিষয় - বাব নাপালে বেলেগ নতুন সংগঠনৰ জন্ম দিয়ে বা সংগঠনতোক ভাগ কৰি দুৰ্বল কৰি পেলায় । আমি বিচাৰো এনে নেতাৰ তেওঁ হওক সৎ , কোনোক্ষেত্ৰতে আপোচ নকৰা । তেওঁৰ নেতৃত্বত সৱল প্ৰতিবাদ হওক আহোম জনগোষ্ঠীতোৰ বিৰুদ্ধে হৈ থকা প্ৰতিটো অন্যায়ৰ ।
অৱশেষত আহোমসকলক ৰাজনৈতিক , অৰ্থনৈতিকভাবে দুৰ্বল কৰাৰ যি গভীৰ চক্ৰান্ত চলি আছে তাৰ বাবে আমি ঐক্যৱদ্ধভাবে মাৰ বান্ধি যুঁজ দিও আহক । ।
সম্পূৰ্ণকৈ পঢ়ক »

গোভা ৰাজ্য আৰু জোনবেলি মেলা ✍চাও ঋতুৰাজ ফু-কন

বৰ্তমান মৰিগাঁও জিলাৰ দক্ষিণ-পশ্চিম অঞ্চল আৰু জাগীৰোডৰ পৰা চাৰি কিল’মিটাৰ উত্তৰে এসময়ত গোভা ৰাজ্যৰ অৱস্থিতি আছিল৷ সেই প্ৰাচীন গোভা ৰাজ্যই ইতিহাসপ্ৰসিদ্ধ জোনবিল মেলাৰ স্থান৷ গোভা ৰজাই প্ৰচলন কৰা দেওৰজাৰ ৰাজ-দৰবাৰৰ সিদ্ধান্ত অনুসৰি অতীজৰে পৰা চিৰাচৰিত প্ৰথাৰে জোনবিল নামৰ বিলৰ পাৰৰ মুকলি ভূখণ্ডত তিনিদিনব্যাপী জোনবিল মেলা বছৰি অনুষ্ঠিত হৈ আহিছে৷ এই মেলাই অসমত বসবাস কৰা কিৰাত-মংগোলীয় গোষ্ঠীৰ অন্যতম আদিবাসী পাহাৰীয়া নৈপৰীয়া তিৱা (লালুং)সকলৰ সংস্কৃতিৰ এক ঐতিহাসিক স্বাক্ষৰ বহন কৰে৷
জোনবিল মেলা মধ্য অসমৰ তিৱা জনজাতি অধ্যুষিত অঞ্চলৰ জনজীৱনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত একক বৈশিষ্ট্যসম্পন্ন বাণিজ্য মেলা৷ মায়ং মৌজাৰ ওচৰৰ জোনবিলৰ পাৰত মাঘ বিহুৰ পিছৰ বৃহস্পতিবাৰৰ পৰা শনিবাৰলৈ তিনিদিন ধৰি বিৰাট মেলা বহে৷ এই মেলাৰ প্ৰধান কাৰ্য হ’ল সামগ্ৰীৰ পৰিৱৰ্তে সামগ্ৰী বিনিময়৷ এনে ধৰণৰ মেলা সম্ভৱতঃ এইখনেই বৰ্তমানলৈকে জীৱিত অৱস্থাত আছে৷
বিভিন্ন দিশৰ পৰা জোনবিল মেলাৰ তাৎপৰ্য অসীম৷ অনুমান কৰা যায় যে পূৰ্বতে সম্ভৱতঃ বস্তু বিনিময়ৰ উদ্দেশ্য আগত ৰাখিয়েই এই মেলাৰ আয়োজন কৰা হৈছিল৷ কাৰণ, পৰ্বতীয়া লালুং (তিৱা), মিকিৰ (কাৰবি), খাচি আৰু জয়ন্তীয়াসকলৰ লগত থলুৱা মানুহৰ বাণিজ্যৰ বাবে সুবিকশিত বজাৰ অতীজত নাছিল৷ নেলীত বজাৰ আছিল বুলি জনা যায় যদিও আজিৰ দৰে নাছিল৷ ইফালে, দীৰ্ঘ দূৰত্বলৈ সামগ্ৰী কঢ়িয়াই আনি বিক্রী কৰাটো ঝুম খেতিনিৰ্ভৰ জনজাতীয় লোকসকলৰ বাবে যথেষ্ট কষ্টসাধ্য আছিল৷ তেনেকুৱা এক পটভূমিত পৰ্বত-ভৈয়ামৰ মানুহৰ মাজত লেন-দেন বা আদান-প্ৰদানৰ বাবে মেলাৰ প্ৰয়োজন আছিল অনস্বীকাৰ্য৷
গোভাৰ ৰজাই মেলাৰ প্ৰথম আয়োজন কৰিছিল৷ লালুং ৰজাসকলৰ মাজত গোভাৰ ৰজা পৰম সন্মানিত ব্যক্তি আছিল৷ কাষৰীয়া খাচি, জয়ন্তীয়া আৰু পাৰ্বত্য লালুং জ্ঞাতিসকলৰ সৈতে নেলী, গোভা আদিৰ ৰজাসকলৰ সম্পৰ্ক অতি মধুৰ আছিল৷ ভৈয়ামৰ আহোমসকলৰ লগতো সম্পৰ্ক ভাল আছিল৷ এনে সুসম্পৰ্ক থকাৰ বাবেই গোভাৰ ৰজাই জোনবিলত আনুষ্ঠানিকভাৱে মাছ মৰা কাৰ্যৰ গাত ভেজা দিয়েই, সম্পদ বিনিময়ৰ উদ্দেশ্যে আগত ৰাখি মুদ্ৰাৰ অবিহনেই এখন বাণিজ্যিক মেলাৰ আয়োজন কৰিছিল৷ পাহাৰ-ভৈয়ামৰ ৰাইজৰ সমাৱেশত কালক্রমত এই মেলা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলৈ ধৰিলে৷ গতিকে জোনবিল মেলাৰ আয়োজনৰ দিশত সমূহীয়া মাছ মৰা কাৰ্যৰো এক গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলিব পাৰি নিশ্চয়৷
সময়ৰ লগে লগে দেশৰ ৰাজনৈতিক দৃশ্যপট সলনি হ’ল৷ জোনবিল মেলাৰ আয়োজক গোভা ৰজাৰ বংশধৰসকলৰ ৰাজত্ব এতিয়া আৰু নাই৷ তৎসত্ত্বেও অতীতৰ বৈশিষ্ট্যপূৰ্ণ সাংস্কৃতিক ইতিহাসক সোণসেৰীয়া কৰি ৰখাৰ নিমিত্তে জোনবিল মেলাৰ আয়োজন আৰু শুভাৰম্ভ প্ৰতীকী অৰ্থত হ’লেও আজিও পৰম্পৰাগতভাৱে গোভা ৰজায়ে কৰে৷ ৰাজকীয় ক্ষমতা নাই যদিও প্ৰতীকী ৰজাৰ নেতৃত্ব তথা নিৰ্দেশ তিৱা সমাজে অনুসৰণ কৰে৷ মাঘ বিহুৰ পিছৰ বৃহস্পতিবাৰে সমূহীয়া মাছ ধৰা কাৰ্যৰ আৰম্ভণি কৰাৰ লগতে জোনবিল মেলা সম্পৰ্কে আলাপ-আলোচনা চলায়৷জোনবিল মেলাৰ মন কৰিবলগীয়া আৰু এটা দিশ হ’ল জাতি, ধৰ্ম, বৰ্ণ, সম্প্ৰদায়জনিত সংকীৰ্ণতাৰ পৰা মুক্ত ইয়াৰ উদাৰ ৰূপটো৷ জোনবিল মেলাই সকলোকেই ঊৰ্ধ্ববাহু হৈ আমন্ত্ৰণ জনায়৷ দূৰ-দূৰণিৰ পৰ্বত-ভৈয়াম বা জনগোষ্ঠীভেদে মাতৃভাষা বা দোৱানৰ ভিন্নতা থাকিলেও জোনবিল মেলাত ভাষাই সমস্যাৰ সৃষ্টি কৰিব পৰা নাই৷ কৃষক ৰাইজৰ উৎপাদিত পণ্য ক্রয়-বিক্রয়ৰ ক্ষেত্ৰত জোনবিল মেলাই এই মাধ্যম স্বৰূপে কাম কৰিছে৷ সংহতি আৰু সম্প্ৰীতিৰ এক বৰ্ণাঢ্য মেলা হিচাপে জোনবিল মেলা গভীৰ আৰু বিশাল হৈ পৰক৷অসমৰ পাহাৰে-ভৈয়ামে, গাঁৱে-ভূঁয়ে বিভিন্ন স্থানত, বিভিন্ন সময়ত, বিভিন্ন উপলক্ষ্যত উৎসৱ-পাৰ্বণ, মেলা আদি অনুষ্ঠিত হৈ আহিছে৷ ধৰ্মীয় হওক বা ধৰ্মনিৰপেক্ষ, এই আটাইবোৰেই অসমৰ সাংস্কৃতিক সম্পদ৷ এইবিলাকৰ গাতে গইনা লৈয়ে সাংস্কৃতিক সম্পদ বৃদ্ধি পায়৷ জোনবিল মেলা তিৱা জনজীৱনৰ পুৰণি ঐতিহ্য-পৰম্পৰাভিত্তিক অনুষ্ঠান৷ অসমৰ আন আন উৎসৱ-পাৰ্বণ-মেলাসমূহৰ দৰে ইয়াৰ পটভূমিতো সাংস্কৃতিক সমলৰ উপৰি থলুৱা ধ্যান-ধাৰণাৰ উপকৰণ আছে৷ ইয়াৰ তুলনামূলক অধ্যয়নে অসমৰ সংস্কৃতিৰ অতি পুৰণি বৈশিষ্ট্যৰে পূৰ্ণ শক্তিশালী ভেটিতো উদ্ধাৰ কৰাত নিশ্চয় ব্যাপকভাৱে সহায়ক হ’ব৷
মুদ্ৰা অবিহনে আজি বিশ্বৰ অৰ্থনীতি, ৰাজনীতি, সংস্কৃতি সকলোৱেই অথৰ্ব৷ কিন্তু প্ৰাচীন অৰ্থনীতিত মুদ্ৰাৰ গুৰুত্ব বিশেষ নাছিল৷ তাৰ প্ৰমাণ বিনিময় প্ৰথা৷ সময় আগ বঢ়াৰ লগে লগে মুদ্ৰাই নিজৰ স্থান নিকপকপীয়া কৰি পেলোৱাত বিনিময় প্ৰথা লুপ্ত হ’বলৈ ধৰিলে৷ এই মুহূৰ্তত বিশ্বৰ কোন প্ৰান্তত এই প্ৰথা আজিও বৰ্তি আছে বুলিলে সতকাই উত্তৰ দিয়া মস্কিল৷ সময় আৰু সমাজৰ তেনে এক ধামখুমীয়া সত্ত্বেও এই পৰম্পৰাক হয়তোবা জীয়াই ৰাখিছে কোনোবাই৷ তাৰ উত্তৰ পাবলৈ হ’লে অসমৰ অন্যতম জনগোষ্ঠী তিৱাসকলৰ সাংস্কৃতিক পৰম্পৰাৰ গভীৰতালৈ সোমালেই কৌতূহল দূৰ হ’ব৷
জোনবিল মেলা সম্পৰ্কে তিৱাসকলৰ মাজত বহুতো কাহিনীৰ প্ৰচলন আছে৷
‘জোনবিল’ নামটোৰ বিষয়ে এনেদৰে পোৱা যায়… এবাৰ জোনাক নিশা গোভা ৰজা পণ্টেশ্বৰে বিহাৰ কৰি স্বৰাজ্যলৈ ঘূৰি আহি আছিল৷ তেনেকৈ আহি থাকোঁতে বাটতে এক বিশাল জলধাৰাত জোনৰ অনুপম প্ৰতিবিম্ব দেখি তেওঁ অভিভূত হৈ পৰিল৷ জোনাক জলমলাই থকা সেই জলধাৰাৰ নাম ৰাখিলে ‘জোনবিল’৷ কোনো কোনোৰ মতে আকৌ গোভাধিপতি কন্তেশ্বৰ সিংহ (কোনোৰ মতে প্ৰান্তেশ্বৰ সিংহ)ই এবাৰ নিশা বিলৰ পাৰত ঘূৰি ফুৰোঁতে জোনাকৰ জিলমিল পোহৰৰ অপূৰ্ব সৌন্দৰ্য পানীত জিলিকি উঠা দেখি অভিভূত হৈ পৰিল৷ সেয়েহে এই বিলখনৰ নাম 'জোনবিল' হ'ল৷ এইজন ৰজাৰ দিনৰ পৰাই জোনবিল মেলাৰ প্ৰচলন হৈছে৷ আন কিছুসংখ্যক লোকৰ মতে, জনশ্ৰুতিমতে গোভা ৰাজ্যৰ প্ৰথমজন ৰজা আছিল জোনচিং আৰু তেওঁৰ নামটোৰ পৰাই বিলখনৰ নাম 'জোনবিল' হ'ল৷
জোনবিল নামৰ ঠাইখনৰ বিষয়ে এনেকৈয়ো পোৱা যায়... গোভা ৰাজ্যৰ প্ৰতিষ্ঠাতা ৰজাজনে এদিন শুক্লপক্ষৰ ৰাতি ৰাণীৰে সৈতে বিহাৰ কৰি ফুৰোঁতে কাঁচিজোনটোৰ লেখীয়া এখন বিলৰ পাৰ পালেহি। বিলৰ ফটফটীয়া পানীত জোনটো দেখি ৰজাই বিলৰ পানীৰ পৰাই জোনৰ আবিৰ্ভাৱ বুলি ভাবিলে৷ লগতে ৰাণীক ক ’ লে... 'হেবে ছনাইনে পিল হংদ'৷ অৰ্থাৎ, এইখন জোনটোৰেই বিল হ 'ব। তিৱা ভাষাত 'ছনাই' শব্দে 'জোন' বুজায়। কালক্ৰমে মানুহৰ মুখত পৰি 'ছনাইবিল'ৰ পৰা 'জনাইবিল', 'জনাইবিল'ৰ পৰা 'জোনবিল' নামেৰে জনাজাত হ ’ ল৷
বুৰঞ্জীপ্ৰসিদ্ধ এই জোনবিলৰ পাৰতে কেইবাশ শতিকাৰো পূৰ্বৰ সময়ৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈ অহা পাহাৰ-ভৈয়াম সম্প্ৰীতি উৎসৱেই ‘জোনবিল মেলা’৷ উৎসৱ আৰু মেলাপ্ৰিয় তিৱাসকলৰ দেওশাল মেলা, খাৰবিল মেলা আৰু জোনবিল মেলাৰ ভিতৰত জোনবিল মেলাই আটাইতকৈ ডাঙৰ৷ আহোমৰ ৰাজত্ব কালত মেলাৰ দিনকেইটাতে ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কে উক্ত স্থানতে আলোচনা-বিলোচনা চলোৱা হৈছিল বুলি জানিব পৰা যায়৷ ধাৰাবাহিকতা ৰক্ষা কৰি তাহানিৰ সেই দিন ধৰি জোনবিল মেলা আজি পৰ্যন্ত বৰ্তি আছে৷ পৰ্বতীয়া তিৱা, কাৰবি, খাচি, জয়ন্তীয়াসকলৰ লগতে গাৰো, বড়ো, মিজো আদি ভৈয়ামনিৱাসী বিভিন্ন সম্প্ৰদায়ৰ ৰাইজে ইয়াৰ সৌষ্ঠৱ বৃদ্ধি কৰি আহিছে৷
জোনবিল মেলাক 'সাতোৰজা-পাঁচোৰজাৰ মিলন সেতু' বুলি কোৱা হয়। আনুমানিক ওঠৰশ শতিকামানৰ ভিতৰত জয়ন্তীয়া ৰাজ্যৰ দাঁতিত পাঁচখন ক্ষুদ্ৰৰাজ্য (পাঁচোৰাজ্য) গোভা, নেলী, খলা, উত্তৰ খলা আৰু চহৰী (এতিয়া পাঁচোৰাজ্য... টোপাকুছি, বাৰপূজীয়া, খাইগড়, ফুলগুৰি আৰু মিকিৰ গাঁও) গঢ় লৈ উঠে। আনহাতে কলং নৈৰ দক্ষিণ পাৰে সাতখন ক্ষুদ্ৰৰাজ্য (এতিয়া সাতোৰাজ্য... তেতেলীয়া, কুমৈ, শুখনাগোগ, বঘৰা, মগুৱা, তৰাণি ক'লাবাৰী আৰু কছাৰী গাঁও) গঢ় লৈ উঠে। গোভাৰ পাহাৰৰ শিলৰ মাজত থকা এটা প্ৰকাণ্ড পুখুৰীত তিনিজন ভাই-ককাই যথাক্ৰমে জয়তা, খৈৰাম আৰু মাৰ্জঙৰ জন্ম হৈছিল। তিনিজন দেওলগা মানুহৰ উত্পত্তি হোৱা বাবেই ইয়াক তিনমখলং বুলি কোৱা হয় । সেই পুখুৰীত থকা প্ৰকাণ্ড মালীমাছ এটাৰ পেটৰ পৰা মাৰ্জং ৰজা অৰ্থাৎ গোভা ৰজাৰ জন্ম হোৱা বুলি জনশ্ৰুতি আছে। সেয়ে গোভা ৰজাৰ কুলৰ নাম 'মালৈৱালী' বুলি জনাজাত। এই তিনি ভাইৰ ডাঙৰজনে জয়ন্তাত, মাজু আৰু সৰুজনে মাৰ্জং পাহাৰতে ৰজা হয়। এসময়ত তেওঁলোকে সৰু ভায়েক মাৰ্জং ৰজাক তেওঁলোকৰ ইষ্ট দেৱতা 'ফা-মাহাদেউ' (শিৱ)ৰ পূজাৰ থান পাতিবলৈ এখন মনোৰম ঠাই বিচাৰি পঠালে। ইষ্ট-দেৱতাক নিৰ্জন ঠাইত পূজা কৰাৰ মানসেৰে এখন ঠাইলৈ আহি তাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবেই সেই ঠাইতে থান পাতি সেই অনন্ত শক্তিৰ প্ৰতীক 'মিন্দাইনে খুনা' প্ৰতিষ্ঠা কৰিলে। ইয়াৰ ফলশ্ৰুতিত গঢ় লৈ উঠিল সম্প্ৰতি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ঐতিহাসিক দেওশাল থান। লগতে ওচৰৰ হাবি-জংঘল পৰিষ্কাৰ কৰি বাসোপযোগী কৰি ঘৰ সাজিলে। একেবাৰে অতল গহ্বৰসদৃশ ঠাই হোৱা বাবেই এই ঠাইডোখৰৰ নাম ৰাখিলে 'কুবা '৷ পিছলৈ বৰ্ণবিপৰ্যয় ঘটি এইখন ঠায়েই হ'লগৈ 'গোভা'।
তিৱাসকলৰ অতি পুৰণি গোভা ৰাজ্যখন আহোম ৰজাৰ এখন কৰতলীয়া ৰাজ্য আছিল৷ পূবে তেজপুৰৰ ৰঙামাটি, পশ্চিমে ৰাণী বেলতলা, উত্তৰে ব্ৰহ্মপুত্ৰ, দক্ষিণে তিৱাচনা পৰ্যন্ত বিস্তৃত আছিল ইয়াৰ সীমা৷ জনশ্ৰুতিমতে, ৰাজ্যখন জয়ন্তা বা জয়ন্তীয়া ৰাজ্যৰ সম্পূৰ্ণ অনুগত আছিল৷ জয়ন্তীয়া ৰজাৰ লগত গোভা ৰজাৰ ঐতিহাসিক সম্পৰ্ক গঢ় লৈ উঠিছিল৷ কোনো কোনোৰ মতে, এই ঐতিহাসিক ৰাজ্যখনৰ নাম দিয়াৰ চিন্তা-চৰ্চা কৰি থাকোঁতেই হেনো এযোৰ ঢোৰা কাউৰীয়ে গছৰ ডালত পৰি 'কোৱা, কোৱা' বুলি চিঞৰিবলৈ ধৰিলে৷ সেই 'কোৱা' শব্দৰ পৰাই 'গোৱা' আৰু 'গোৱা'ৰ পৰাই 'গোভা' নামে ৰাজ্যখন জনাজাত হ'ল৷ অন্য এক জনশ্ৰুতি অনুসৰি অসমীয়া ভাষাত বিলক 'গোৱা' বুলি কোৱা হৈছিল আৰু সেই 'গোৱা' শব্দৰ পৰাই 'গভা' বা 'গোভা' নাম পালে৷
জোনবিল মেলাৰ সময় সম্পৰ্কে পঢ়িবলৈ পোৱামতে, লালুং (তিৱা)সকলে যেতিয়া জয়ন্তীয়া ৰাজ্যৰ দাঁতি-কাষৰীয়া উত্তৰাঞ্চলত বসবাস কৰিছিল, সেই সময়ত গোভা নামৰ ৰাজ্যৰ এটা পৰিয়ালত লাংবৰ আৰু লুংবৰ নামৰ দুজন ককাই-ভাই আছিল৷ চিকাৰ কৰি ভাল পোৱা লাংবৰে এদিন জন্তুৰ পিছ খেদি জয়ন্তীয়া ৰাজ্যৰ ৰাজধানী ওলালগৈ৷ নিজৰা এটাৰ পাৰৰ ঘাটত কেইবাদিন ধৰি বিশ্ৰাম লৈ থাকোঁতে জয়ন্তীয়া কুঁৱৰী হিলালীক লগৰীয়াবোৰৰ সৈতে স্নান কৰি থকা দেখা পালে৷ কেইবাদিনো দেখা-সাক্ষাৎ হোৱাৰ পিছত উভয়ৰে অন্তৰত প্ৰেমৰ অনুভূতি জাগি উঠিল৷ দুয়ো ক্রমাৎ প্ৰণয়-পাশত আবদ্ধ হ’ল৷ কথাটো এদিন ৰজাৰ কাণত পৰিলগৈ৷ ৰজাই সেনাপতিৰ হতুৱাই লাংবৰক ধৰাই নি বন্দী কৰি থ’লে৷ পিছত ৰাজসভাত হোৱা বিচাৰত বন্দীক বলি দিয়াৰ সিদ্ধান্ত লোৱা হ'ল৷ লাংবৰক মৃত্যুদণ্ড দিব খোজা কথাটো যেতিয়া ৰাজকুমাৰী হিলালীয়ে গম পালে তেতিয়া মুখলৈ খুদকণ এটাও নিনিয়াৰ প্ৰতিজ্ঞা কৰিলে। কান্দি কান্দি ভোকে-পিয়াহে দিনে দিনে হিলালীৰ শাৰীৰিক-মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব ধৰিলে৷ এদিন হিলালী হঠাতে মূছ-কঁছ গৈ মাটিত পৰি গ’ ল৷ তাকে দেখি মাকৰো হাঁহাকাৰ অৱস্থা হৈ পৰিল। বেজ-জ্ঞানী লগায়ো যেতিয়া তেওঁলোকক সুস্থ কৰি তুলিব নোৱাৰিলে, উপায়হীন ৰজাই তেতিয়া লাংবৰৰ শাস্তি প্ৰত্যাহাৰ কৰিলে৷ দুয়োৰে প্ৰেমৰ আগত হাৰ মানিব লগা হ'ল আৰু লাংবৰ-হিলালীক বিবাহ-পাশত আবদ্ধ হ'বলৈ সন্মতি দিলে৷ লাংবৰৰ বীৰত্বৰ কথা শুনি লাংবৰক জয়তা (জয়ন্তীয়া) সেনানীৰ সেনাপতি পতা হ ’ ল। ইফালে জয়ন্তীয়া বৈবাহিক প্ৰথা মানি লাংবৰ 'কবাই' (ঘৰজোঁৱাই) হৈ ৰ ’ ল। জয়ন্তীয়াসকলৰ সামাজিক নিয়ম অনুযায়ী যিহেতু ঘৰজোঁৱাই চপালে সম্পত্তিৰ একাংশ দিব লাগে, গতিকে ৰজাই ৰাজ্যৰ উত্তৰাঞ্চলটোকে লাংবৰক দান কৰিলে৷ গোভা নৈৰ পাৰৰ ফুলগুৰিত ৰাজ-দৰবাৰ পাতি উত্তৰে কলং-কপিলীলৈকে ভূখণ্ড লাংবৰক অৰ্পণ কৰিলে। এই ৰাজ্যৰে নাম কালক্ৰমত গোভা ৰাজ্য হ ’ ল। লাংবৰ ৰজাৰ ৰাজ-অভিষেকত খেৰীয়েম, ডিমাপুৰ, বেলতলাৰ ৰজা, বিষয়াবৰ্গ আদি উপস্থিত আছিল৷ এই অভিষেক মাঘ বিহুৰ সাতদিনৰ পিছত অনুষ্ঠিত হৈছিল৷ লাংবৰৰ অভিষেকৰ দিনটোৰ লগত সংগতি ৰক্ষা কৰিয়ে জোনবিলৰ পাৰত তেতিয়াৰে পৰা মাঘ বিহুৰ উৰুকাৰ সাতদিনৰ পিছৰ শনি আৰু দেওবাৰে মেলা অনুষ্ঠিত কৰা হৈছিল৷
লাংবৰ আৰু লুংবৰ সম্পৰ্কে গংবাং লালুঙৰ সাঁচিপতীয়া পুথিত পঢ়িবলৈ পোৱা যায়। এই সাঁচিপাতৰ পুথিসমূহৰ বহুতো হয়তো এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই। বিভিন্ন গৱেষক-পণ্ডিতে বহু কষ্টেৰে উদ্ধাৰ কৰা এনে সাঁচিপতীয়া পুথিৰ পৰা যি কিঞ্চিৎ তথ্য পোৱা যায় তাৰ পৰা আৰু এটা কথা কোৱা যায় যে জোনবিল মেলা গোভা ৰাজ্য প্ৰতিষ্ঠাৰ কেইবাবছৰৰো পিছতহে আৰম্ভ হৈছিল৷ অৰ্থাৎ, ১৮৫৪চনমানৰ পৰা এই জোনবিল মেলা উদযাপিত হৈ আহিছে বুলি প্ৰাপ্ত সাঁচিপতীয়া পুথিসমূহৰ ওপৰত ভিত্তি কৰি অনুমান কৰিব পাৰি ।
অগ্নি পূজাৰ মাধ্যমেৰে প্ৰাপ্ত পৱিত্ৰতা আৰু শক্তিৰে শুভাৰম্ভ কৰা জোনবিল মেলাৰ মূল বিষয়-বস্তু বা মুখ্য আকৰ্ষণ হৈছে বিনিময় প্ৰথা৷ ভাৰতবৰ্ষৰ ভিতৰত একমাত্ৰ জোনবিল মেলাতেই এই প্ৰথা আজিও বিৰাজমান৷ বিনিময় প্ৰথা হৈছে ব্যৱসায়-বাণিজ্যৰ দিশত মানৱৰ প্ৰথম যুগান্তকাৰী পদক্ষেপ৷ সভ্যতাৰ ইতিহাসত মুদ্ৰাৰ প্ৰচলন হোৱাৰ পূৰ্বৰে পৰা চলি অহা বিনিময়ৰ এই ব্যৱস্থা পাহাৰ আৰু ভৈয়ামৰ জ্ঞাতি-প্ৰজাতিৰ সমন্বয় আৰু সম্প্ৰীতিৰ মূৰ্ত প্ৰতীকৰূপে চিহ্নিত হৈ আহিছে, অদৃশ্যমান চেনেহ-জৰীৰে বন্ধনেৰে মহামিলনৰ তীৰ্থক্ষেত্ৰলৈ পৰ্যবসিত হৈছে৷ আধুনিক যুগত মুদ্ৰাৰ প্ৰচলনৰ ফলত পৰম্পৰাগতভাৱে বহু জনজাতীয় সমাজত প্ৰচলিত বিনিময় বেহা ক্ৰমান্বয়ে লোপ পালে যদিও জোনবিল মেলাত এই পৰম্পৰাগত প্ৰথা আজিও বিদ্যমান৷
মাঘ মাহৰ দ্বিতীয় বা তৃতীয় সপ্তাহৰ এটা বৃহস্পতিবাৰে আৰম্ভ হোৱা তিৱাসকলৰ এই মেলাখন তিনিদিন ধৰি চলি থাকে৷ অতীতত গোভা ৰজাই প্ৰচলন কৰা দেওৰজাৰ ৰাজ-দৰবাৰৰ সিদ্ধান্ত অনুসৰি পৰম্পৰাগতভাৱে প্ৰতি বছৰে এই মেলা অনুষ্ঠিত হৈ আহিছে৷
শুক্ৰ-শনিবাৰৰ মূল মেলাখনক উদ্দেশ্য কৰি আগৰ বৃহস্পতিবাৰে কাৰবি আংলং আৰু মেঘালয়ৰ পাহাৰৰ পৰা তিৱা, খাচি, জয়ন্তীয়া, কাৰবি জনগোষ্ঠীৰ লোকসকল নিজ নিজ গাঁৱৰ ‘লৰ’ (পুৰোহিত) আৰু ‘দলৈ’ (গাঁওবুঢ়া)ৰ নেতৃত্বত ভৈয়ামলৈ নামি আহে৷ জানুৱাৰী মাহৰ প্ৰচণ্ড শীতকো নেওচি সংস্কৃতিৰ আহ্বানক্ৰমেই তেওঁলোক আহে৷ লগত লৈ আহে পাহাৰীয়া আলু, কচু, জলকীয়া, ৰঙালাও, কোমোৰা, আদা, হালধি, তিল, লা, ধুনা, গন্ধক, জালুক, কপাহ, আমলখি, শিলিখা, জলফাই, তিতাফুল, গাজটেঙা, ধঁপাত, ডালচেনি, তেজপাত, চিৰতা, কঁপাহ আদি৷ জোনবিলৰ পাৰত তেওঁলোকে বাহৰ পাতেহি৷ ধানখেৰৰ বেৰ আৰু চালিৰ অস্থায়ী শিৱিৰ সাজি জুইৰ তাপ আৰু পোহৰৰ সহায় লৈ মুকলি পথাৰতে তেওঁলোক থাকে৷ লগত অনা কৃষিজাত দ্ৰব্যসমূহ ভৈয়ামৰ লোকসকলৰ লগত ভোগালী বিহুৰ সান্দহগুড়ি, চিৰা, পিঠা, পিঠাগুড়ি, মিঠৈ, শুকান মাছ, কেঁচা মাছ, মুড়ী আদি পাহাৰত উৎপাদন নোহোৱা দ্ৰব্যসমূহৰ বিনিময়ত সলনা-সলনি কৰে৷ ভৈয়ামীয়া আৰু পাহাৰীয়া লোকসকলে পৰস্পৰক ‘মামা-মামী’ বুলি সম্বোধন কৰে৷ বিনিময় প্ৰথাৰ ঐতিহ্য বহনকাৰী জোনবিল মেলাত ভৈয়ামৰ লোকৰ সৈতে অদল-বদল কৰি গোটাই নিয়া খাদ্য-সামগ্ৰীৰে পাহাৰৰ মামা-মামীসকলে দেওবাৰে এটা ভোগৰ উৎসৱ পাতেগৈ৷ পাহাৰ অঞ্চলত বাস কৰা বহুতো তিৱা লোক এই জোনবিল মেলাত যোগ দিবলৈ আহে আৰু ভৈয়ামৰ তিৱাসকলৰ সৈতে একগোট হৈ ৰং-ৰহইচ কৰে৷ সমূহীয়া মাছ ধৰা, জাতীয় কৃষ্টি প্ৰদৰ্শন, জনজাতীয় খাদ্য আৰু পোছাক আদি জোনবিল মেলাৰ অন্যতম আকৰ্ষণ৷
অসমত অনুষ্ঠিত হৈ অহা জনগোষ্ঠীয় পৰম্পৰাকেন্দ্ৰিক মেলা, উৎসৱ, প্ৰদৰ্শনসমূহৰ মাজত জোনবিল মেলাৰ এটা সুকীয়া মৰ্যাদা আৰু একক তথা অনন্য বৈশিষ্ট্য আছে৷ জাগীৰোড-মৰিগাঁও পথেৰে জাগীৰোডৰ পৰা প্ৰায় পাঁচ কিল’মিটাৰ আগুৱালে পথৰ দাঁতিত পোৱা যায় জোনবিল৷ মৰিগাঁও জিলাৰ গোভা মৌজাৰ মায়ং ৰাজহ-চক্ৰৰ অন্তৰ্ৱৰ্তী, জাগীৰোডৰ সমীপৱৰ্তী এই নিৰ্দিষ্ট স্থানতে মুকলি আকাশৰ তলত মাঘ মাহৰ দ্বিতীয় বা তৃতীয় সপ্তাহৰ বৃহস্পতিবাৰে জোনবিল মেলা আনুষ্ঠানিকভাৱে আৰম্ভ হয় আৰু শনিবাৰ পৰ্যন্ত চলে৷ উত্তৰ-পূৰ্বাঞ্চলত সিঁচৰতি হৈ থকা জাতি-জনজাতিৰ আৱাসীসকলৰ মাজত সমন্বয় আৰু ভ্ৰাতৃত্ববোধ জগাই তোলাই জোনবিল মেলাৰ মূলমন্ত্ৰ৷
গোভা ৰজাৰ আদেশত জোনবিল মেলা অনুষ্ঠিত হোৱাৰ পূৰ্বে নিৰ্দিষ্ট কৰা দিন এটাত ওচৰৰ গাঁওবোৰৰ বাসিন্দাসকলে হাতে হাতে জাকৈ, খালৈ, পল, জাল, জোং ইত্যাদি লৈ জোনবিললৈ আহি একেলগে মাছ মাৰে৷ মাঘ বিহুৰ আগতে সমূহীয়াভাৱে মাছ মাৰি বিলৰ পাৰত শ'ল মাছেৰে 'নোৱান-ঝাৱা' (ন-ভাত) খোৱাটো নিয়ম আছিল৷ এনেকৈ ধৰা মাছৰ এটা অংশ আছুতীয়াকৈ ৰাখি জোনবিল মেলাৰ সময়ত বিনিময়ৰ বাবে ব্যৱহাৰ কৰে৷ অতীতত জয়ন্তীয়া ৰজাৰ লগত গোভা ৰজাই ইয়াৰ মাধ্যমেৰেই উপঢৌকন বিনিময় কৰিছিল৷ যিকোনো বস্তু সাল-সলনিহে কৰা হৈছিল৷ গোভা দেওৰজাই তেওঁৰ বিষয়ববীয়াসকলৰ লগত সম্প্ৰীতিৰ এসাঁজ প্ৰীতিভোজ খোৱাৰ অন্তত জোনবিল মেলা শুভাৰম্ভ হয়৷
শুকুৰবাৰে পুৱতি নিশা পূবে ঢলফাল নৌদিওঁতেই জোনবিলত বিনিময় প্ৰথাৰে পৰিচালিত মুদ্ৰাবিহীন হাট বহে৷ পাহাৰত উৎপন্ন হোৱা কৃষিজাত আৰু হস্তজাত সা-সামগ্ৰীৰ বিনিময় চলে ভৈয়ামৰ সা-সামগ্ৰীৰ লগত৷ তাৰ পিছতে পূৰ্বৰ পৰম্পৰা অটুট ৰাখি মেলালৈ অহা জনসাধাৰণে ৰজাৰ দ্বাৰা সংৰক্ষিত বিলত নামি সমূহীয়াকৈ মাছ মাৰে৷ সেই মাছ উৰুকাৰ ভোজৰ বাবে আগ বঢ়ায়৷ অাগতে জোনবিল মেলাত কুকুৰা যুঁজো অনুষ্ঠিত কৰা হৈছিল৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে পৰম্পৰাগতভাৱে চলি অহা এই কুকুৰা যুঁজ সম্প্ৰতি বাতিল কৰা হৈছে৷
অন্তিম দিনা অৰ্থাৎ শনিবাৰে আধুনিক মুদ্ৰাৰ বজাৰ বহে৷ গোভা ৰজাই মন্ত্ৰী-পাৰিষদৰ উপস্থিতিত ৰাজ-দৰবাৰ পাতে৷ ৰজা আৰু পাৰিষদবৰ্গ মেলালৈ সদলবলে আহে৷ ঢোল-খোল বজাই মেলালৈ আদৰি আনি ৰজাক ৰভাৰ তলত বহুৱায়৷ গোভা ৰাজ্যৰ মৰ্যাদা অটুট ৰাখি জোনবিল মেলাথলীত বৰবৰুৱা, জেলা, ডেকা দলৈ, দলৈ, পাটৰ, বৰমাজি, ভিতৰমাজি, আৰণধৰা, দাৰ বিচনী, বাৰিকা, তামুলী দলৈ আদিকে ধৰি ডা-ডাঙৰীয়া, বিষয়া, ঢুলীয়া-তালিয়া-কালিয়া সমন্বিতে ৰাজ-দৰবাৰত বহি বিভিন্ন শিতানৰ কৰ-কাটল সংগ্ৰহ কৰে৷ বিভিন্ন ঠাইৰ পৰা আহি মেলাত বহা দোকান-পোহাৰসমূহৰ পৰাও দান-বৰঙণি তোলা হয়৷ অতীতত ৰজা হাতীত উঠি মেলালৈ আহিছিল বুলি জানিবলৈ পোৱা যায়৷ প্ৰজাই ৰজাৰ সন্মানাৰ্থে আৰু কৰদাতাসকলেও ৰজাক মাছ উপহাৰ দিছিল৷ দৰবাৰ শেষ হোৱাৰ পিছত সন্ধিয়ালৈ উৰুকা উদ্যাপন কৰা হয়৷ পিছদিনাখন 'তমাচি' অৰ্থাৎ মাঘ বিহু৷ শনি আৰু ৰবিবাৰৰ এই মাঘ বিহু মূলতঃ গোভা ৰাজ্যৰ তিৱাসকলেহে পালন কৰে। গোভা ৰাজ্যৰ বাদে বাকীকেইখন তিৱা ৰাজ্যত মাঘ বিহু আগতেই উদ্যাপন কৰা হয়।
আগতে গোভা ৰাজ্যত ঢোলপিটি শুনাই দিয়া হৈছিল যে বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰা ৰজাৰ অভিষেক হ'ব আৰু অভিষেকৰ শেষৰ দিনটোত ৰজাঘৰীয়া সংৰক্ষিত বিল জোনবিলত সমূহীয়াকৈ মাছ মাৰিব পাৰিব। প্ৰচলিত প্ৰথামতে প্ৰতিজন মাছমৰীয়াই কিছু মাছ কৰ-ভাৰ বা মাননি হিচাপে ৰজাঘৰত দি যাব লাগিব। উদ্ধাৰ হোৱা পুথি-পাঁজিৰ পৰা এইটোও পোৱা যায় যে গোভা ৰজা ৰাইচিঙৰ দিনত প্ৰতি বছৰে দেওশালত পূজা আগ বঢ়াই মেলা অনুষ্ঠিত কৰা হৈছিল। বৰ্তমান ব্যৱসায়-বাণিজ্যৰ পৰিসৰ ব্যাপক হাৰত বৃদ্ধি হোৱাৰ বাবে বৃহস্পতিবাৰৰ পৰাই মেলাত মানুহৰ যথেষ্ঠ সমাগম হয়। পৰ্বতীয়া লোকসকলে অতীজত পাহাৰৰ পৰা নামি মেলালৈ আহোঁতে গোভা ৰজালৈ সকলো বস্তুৰে একোটিকৈ টোপোলা অনাৰ প্ৰথা আছিল৷ জনজাতি-অজনজাতি সকলো প্ৰজাই ৰজাক কৰ-ভাৰ শোধাব লাগিছিল৷ আনহাতে মেলালৈ বুলি পাহাৰৰ পৰা নামি আহোঁতে ডেকা-গাভৰুৰ চাৰি চকুৰ মিলন হোৱাটোও আছিল এটা উল্লেখযোগ্য দিশ৷ হৃদয়ৰ বিনিময় কল্পে তেনে ধৰণে ৰচনা হৈছিল সামাজিক সম্প্ৰীতিৰ একো একোখন শিলৰ সাকোঁ৷
জোনবিল মেলা অবিহনে তিৱাসকলে প্ৰতি বছৰে ফাগুনৰ শেষভাগৰ কোনাে এক বুধবাৰ বা দেওবাৰে আয়োজন কৰা তেওঁলোকৰ উৰ্বৰা বিশ্বাসৰ আধাৰত প্ৰতিষ্ঠিত কৃষিমূলক বাঁহ সংস্কৃতিৰ সৈতে জড়িত লোক-উৎসৱ ছগ্ৰা মিছৱাৰ আয়োজন নহয়৷ তিৱাসকলৰ মতে, বসন্তকালীন কৃষি প্ৰজনন উৎসৱ ছগ্ৰাৰ অবিহনে অতীতত জোনবিল মেলাৰ আয়োজন নহৈছিল৷ সেয়ে জোনবিল মেলা তিৱা জনজাতিৰ মেৰুদণ্ডস্বৰূপ৷ বৰ্ণাঢ্য সাংস্কৃতিক সোঁৱৰণী বুলি যাক ক'ব পাৰি৷ ছগ্ৰা উৎসৱত তেওঁলোকে জোনবিল মেলাত বিনিময় কৰি লোৱা কেঁচা মাছ ফালি শুকুৱাই ৰখা মাছৰ চেনা, চিৰা আৰু তামোল আদিক লৈ ন’বাৰ অৰ্থাৎ বৰঘৰৰ লাইখুঁটাৰ গুৰিত প্ৰতিটো কুলৰ দেৱ-দেৱীৰ নামত আৰু বৰঘৰৰ নুকতিত জাফাখ’ৰ কাষত মৃত ব্যক্তিসকলৰ নামত জেলামালি বা দেউৰীয়ে পূজাপাঠ কৰে৷
তিৱাসকলৰ গোভা ৰাজ্য আৰু ইয়াৰ ৰজাৰ মৰ্যাদা আন যিকোনো তিৱা ৰাজ্য বা ৰজাতকৈ ওপৰত৷ পুৰণি গোভা ৰজাৰ বংশৰ লোকক তিৱাসকলে এতিয়াও আগৰদৰেই মানে৷ ৰজাৰ পৰিয়ালৰ এজন পুৰুষক এতিয়াও ৰজা বুলি পৰম্পৰাগতভাৱে সমজুৱা ক্ৰিয়াকৰ্মত আনুষ্ঠানিকভাৱে মান-সন্মান জনোৱা হয়৷ গোভা ৰাজ্যৰ প্ৰথমজনা ৰজা জোনচিং৷ তেওঁৰ পিছৰ কেইবাজনো ৰজাৰ নাম জনা নাযায়৷ পৰৱৰ্তী কালত ৰাইচিং, গেনচিং, থোৱাচিং, কোমলচিং, কণচিং আদি ৰজাই ৰাজকাৰ্য পৰিচালনা কৰি গৈছে৷ পূবে গোভা নদী, পশ্চিমে ডিমৰীয়া ৰাজ্য, উত্তৰে কপিলী নদী, দক্ষিণে তিৱাচনা৷ বৰ্তমান এই চাৰিসীমাৰে পৰিৱেষ্টিত গোভা ৰাজ্যৰ ৰজা দীপছিং দেওৰজা৷ সাত বছৰ বয়সপ্ৰাপ্তি নৌহওঁতেই তেওঁ ৰাজ্যাভিষেকৰ দ্বাৰা ৰাজকাৰ্যৰ দায়িত্ব লাভ কৰিছিল৷ জোনবিল মেলাৰ প্ৰধান প্ৰতিষ্ঠাতা গোভা দেওৰজা৷ ৰজাৰ পৃষ্ঠপোষকতাতে জোনবিল মেলাত বিনিময় প্ৰথা চলে৷ বৰ্তমান অসম চৰকাৰে গোভা ৰজাক ৰাজভাট্টা প্ৰদান কৰাৰ ব্যৱস্থা লৈছে৷
বৰ্তমান এচাম মানুহৰ মুখেৰে জনবিল, জনবিলা, জনবিল বজাৰ আদি নামেৰেও অভিহিত হৈ পৰিছে জোনবিল মেলা৷ অান আন ঠাইত পতা মেলা বা উৎসৱ-মহোৎসৱসমূহত দেখাৰ দৰে আনন্দ বজাৰ বা আনন্দ মেলাও ইয়াত পৰিলক্ষিত হৈছে৷ জনসমাগমৰ গইনা লৈ এচাম লোকে সহজ-সৰল মানুহক ঠগোৱাৰো অভিযোগ শুনিবলৈ পোৱা গৈছে৷ ইতিহাসপ্ৰসিদ্ধ জোনবিল আজি ক্ষীণাই আহিছে৷ ইয়াৰ সংৰক্ষণ, উন্নয়ন, শোভা বৰ্ধন জৰুৰী হৈ পৰিছে৷ আধুনিক বজাৰ ব্যৱস্থা, লাভখোৰ বেপাৰী আৰু সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল নোহোৱা মানুহৰ আগ্ৰাসনে যাতে জোনবিল প্ৰমুখ্যে এই পুৰণি প্ৰথা আৰু পৰম্পৰাক কোনোপধ্যেই মষিমূৰ কৰিব নোৱাৰে তালৈ শেনদৃষ্টি ৰখাটো সময়ৰ আহ্বান৷ ভোগপণ্য আৰু অপ-সংস্কৃতিৰ বিৰূপ প্ৰভাৱৰ পৰা আমাৰ এই কৃষক-চহা-পঁজাৰ সংস্কৃতিক বচাই ৰাখিব লাগিব৷ খাৰ্চলাই, চিনিখাগুৰি, উলুকুঞ্চি, লমফৈ, আমচঙা, উমটাই, খাফলাংখুঞ্চি আদি জনজাতীয় গঞাৰে সৰ্বদা মুখৰ হৈ থাকিব লাগিব জোনবিল ক্ষেত্ৰ৷ পাহাৰ-ভৈয়ামৰ সকলো জাতি-জনগোষ্ঠীৰ মিলনতীৰ্থ স্বৰূপ জোনবিল মেলাৰ ঐতিহাসিক মৰ্যাদা অসমবাসীয়ে যিকোনো মূল্যৰ বিনিময়ত জীয়াই ৰাখিব লাগিব শক্তিশালী সাংস্কৃতিক প্ৰভাৱৰ দ্বাৰা৷ কাৰণ ইয়াৰ সৈতে বিজড়িত হৈ আছে জাতিৰ গৌৰৱময় সাংস্কৃতিক ইতিহাস আৰু সৰ্বোপৰি সমন্বয়ৰ সুমধুৰ বাৰ্তা৷
বিহংগম দৃষ্টিত জোনবিল মেলা যেনেকুৱাই নহওক কিয়, ইয়াত সোমাই আছে বৃহত্তৰ তিৱা জনগোষ্ঠীৰ সোণসেৰীয়া অতীত, বৰ্তমান আৰু অনাগত ভৱিষ্যতৰ একতা-এনাজৰী, সাহিত্য-সংস্কৃতি আৰু কৃষ্টি-পৰম্পৰাৰ এক চহকী ৰূপৰেখা। গভীৰভাৱে বিশ্লেষণ কৰি চালে অসমৰ বাৰেৰহণীয়া সংস্কৃতিলৈ উল্লেখনীয় বৰঙণি যোগোৱা এই জোনবিল মেলা আধুনিক যুগত এক বিস্ময় বুলিয়ে ক'ব লাগিব৷ ঐতিহাসিক বিনিময় প্ৰথাৰ জীৱন্ত সাক্ষী জোনবিল মেলাক সময়ৰ অনাকাংক্ষিত অাঁচোৰে আঁকুহি নিনিয়াকৈ থকা নাই যদিও এই মেলা আগলৈকো একক আৰু অনন্য হৈ থকাটো বিচাৰোঁ৷
পৰম্পৰা ৰক্ষা, বিনিময় প্ৰথা, ৰজাৰ আগমন, থয়-ইংলঙ (পৰ্বত-ভৈয়াম)ৰ সাতামপুৰুষীয়া সম্প্ৰীতিক কেন্দ্ৰ কৰি একত্ৰিত হোৱা জনতাৰ সমাৱেশ আদিৰ জৰিয়তে জোনবিল মেলাই অতীতৰ আত্মিক বান্ধোন কটকটীয়াকৈ আৰু সগৌৰৱে যুগ-যুগান্তৰ ধৰি ৰাখিবলৈ সক্ষম হওক৷
সহায়ক গ্ৰন্থপঞ্জী...
১. অসমৰ সংস্কৃতি : লীলা গগৈ
২. অসমৰ লোক-সংস্কৃতি : চাও লোকেশ্বৰ গগৈ
৩. অসমৰ জনজাতীয় সংস্কৃতি : ডঃ উপেন ৰাভা হাকাচাম
৪. মায়ং অঞ্চলৰ লোক-সংস্কৃতি : ডঃ হেমন্ত কুমাৰ শৰ্মা
৫. তিৱা সংস্কৃতিৰ ৰূপৰেখা (প্ৰথম খণ্ড) : লোকেশ্বৰ গগৈ
৬. জনজাতীয় সংস্কৃতিৰ আলেখ্য (প্ৰথম খণ্ড) : কবিতা বৰ্মন
৭. বাৰে বৰণীয়া উৎসৱ : বন্দিতা গোস্বামী শৰ্মা
৮. অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোক-উৎসৱ : ধ্ৰুৱকুমাৰ তালুকদাৰ
সম্পূৰ্ণকৈ পঢ়ক »

চাও লুং ছ্যুকাফা --- বৃহত্তৰ অসমীয়া জাতিৰ আৰ্থ সামাজিক- ৰাজনৈতিক প্ৰাণপুৰুষ - -- উদয়াদিত্য ভৰালী

১২২৮ খ্ৰীঃ ত চাও লুং ছ্যুকাফাৰ নেতৃত্বত তাই-আহোমসকলৰ পাটকাই সিপাৰৰ পৰা আহি আজি অসম নামেৰে পৰিচিত ভূমিখণ্ডত প্ৰৱেশ কৰিছিলহি আৰু প্ৰতিষ্ঠা কৰিছিল আহোম ৰাজ্যৰ ভেটি ৷ প্ৰায় ছশ বছৰ ধৰি চলা আহোম ৰাজত্বই পিছলৈ যিহেতু অসমীয়া জাতীয় জীৱনৰ সৃষ্টিত অতি গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল আৰু যিহেতু সেই ৰাজত্বৰ প্ৰতিষ্ঠাপক আচল চাও লুং ছ্যুকাফা -- সেয়ে ইতিহাসে কয়--চাও লুং ছ্যুকাফাক বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ আৰ্থ ৰাজনৈতিক প্ৰাণপুৰুষ স্বৰূপে আখ্যা দিয়া উচিত ৷ বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ আৰ্থৰাজনৈতিক প্ৰাণপুৰুষ স্বৰূপ চাও লুং ছ্যুকাফাই আজি অসম নামেৰে পৰিচিত ভূমিখণ্ডত প্ৰৱেশ কৰি আহোম ৰাজ্যৰ ভেটি স্হাপন কৰাৰ ৮০০ বছৰ পূৰ্ণ হ'ল ৷ আজিৰ অসম, সমস্যা জৰ্জৰিত অসম ৷আজিৰ সময় বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ বাবে মহাসংকটৰ কাল ৷ এফালেদি শাসক শ্ৰেণীৰ দুৰ্নীতিময় তথা অপদাৰ্থ শাসন আৰু আনফালেদি অসমৰ অৰ্থনীতিৰ পঁয়ালগা অৱস্হাই অসমৰ সমাজ জীৱন আজি দুৰ্বহ কৰি তুলিছে ৷ নানান চক্ৰান্তকাৰীৰ বিভিন্ন চক্ৰান্তই আজি বৃহত্তৰ অসমীয়া জাতীয় জীৱন থানবান কৰি পেলাইছে
বৰ্তমান এই মহা সংকটৰ পৰত চাও লুং ছ্যুকাফাৰ স্মৃতি তথা কৃতি আৰু আৰ্দশ সমগ্ৰ অসমবাসী ৰাইজৰ বাবে অতি প্ৰাসংগিক তথা গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷ কু-শাসন আৰু পঁয়ালগা অৰ্থনীতি - এই যি দুটা ভীষণ সমস্যাৰ অত্যাচাৰতেই মূলতঃ অসমীয়া সাধাৰণ ৰাইজৰ অৱস্হা পানীত হাঁহ নচৰা হৈছে, এই দুয়োটা বিষয়ত চাও লুং ছ্যুকাফাৰ কৰ্মাৱলী পৰা আমি গুৰুত্বপূৰ্ণ শিক্ষা আহৰণ কৰিব পাৰো ৷
কিছু মহলে পক্ষপাত দুষ্টতাৰে আৰু ব্যক্তিগত তথা গোষ্ঠীগত স্বাৰ্থপূৰণৰ উদ্দেশ্যৰে এই সত্যক প্ৰকাৰন্তৰে অস্বীকাৰ কৰিব খুজিলেও ইতিহাসে স্পষ্টভাৱে কয় যে আহোম ৰাজত্বৰ প্ৰায় ছশ বছৰ ধৰি টিকি থকাৰ মূলতেই আছিল স্হানীয় পৰিস্হিতিত শাসক বৃন্দৰ এক বুজন অংশই বস্তুনিষ্ঠভাৱে বিশ্লেষন কৰি তাৰ সৈতে খাপ খোৱা শাসন প্ৰৱৰ্তন কৰাটো ৷ এই দিশত সেই শাসকবৰ্গক পথ নিৰ্দেশনা দি থৈ গৈছিল চাও লুং ছ্যুকাফাই ৷ ইয়াৰ অৰ্থ অৱশ্যে এইটো নহয় যে আহোম ৰাজত্বৰ যি প্ৰশাসনীয় কাঠামো তাৰ পৰিপূৰ্ণ ৰূপ তেওঁ দি গৈছিল ৷ চাও লুং ছ্যুকাফাই যি শাসন পদ্ধতি স্হাপন কৰিছিল তাক পিছলৈ বহুকেইজন দক্ষ তথা গুণী শাসকে পৰিবৰ্ধিত, পৰ্ৰিশোধিত তথা সংহত কৰিছিল বিশেষকৈ চাওপা চুডাংফা, স্বৰ্গদেউ চুহুংমুং, স্বৰ্গদেউ প্ৰতাপসিংহ, স্বৰ্গদেউ গদাধৰ সিংহ, মোমাইতামুলি বৰবৰুৱা , আতন বুঢ়াগোহাঁই ইত্যাদি সকলৰ নাম এইক্ষেত্ৰত ল'বই লাগিব ৷
আনহাতেদি আহোম ৰাজত্বৰ কথা কওঁতে যে মাথোন তাই-আহোম সকলৰ অৱদানৰ কথাকে কোৱা হয় সেইটো নহয় ৷ আহোম ৰাজ্যত তাই আহোম সকলৰ উপৰি যিবোৰ জন সমষ্টি বসবাস কৰিছিল তেওঁলোকেও এই ৰাজত্বৰ সমৃদ্ধি তথা স্হায়িত্বৰ প্ৰতি উল্লেখযোগ্য অৰিহণা আগবঢ়াই গৈছে ৷ এই দিশত চাও লুং ছ্যুকাফাৰ গুৰুত্ব নিহিত হৈ আছে - যি কাৰ্যকৰী শাসন পদ্ধতিয়ে এই সমৃদ্ধি তথা স্হায়িত্ব পিছলৈ আনিছিল তাৰ আদি-আৰ্হি তেওঁ দেখুৱাই থৈ গৈছিল ৷ এফালেদি প্ৰজাৰ হিতচিন্তা আৰু আনফালেদি বিভিন্ন সময়ত দেখা দিয়া সংকট তথা সমস্যাৰ সমাধান সেই নিৰ্দিষ্ট যুগৰ পৰিস্থিতিৰ দাবী অনুসৰি বিচক্ষণতাৰে কৰিব পৰাটোৱেই যে যোগ্য শাসকৰ প্ৰধান গুণ তাক চাও লুং ছ্যুকাফাই বাস্তৱ দৃষ্টান্তৰে ভৱিষ্যত প্ৰজন্মৰ বাবে দেখুৱাই থৈ গৈছিল ৷
ই হওঁতে সচা চাও লুং ছ্যুকাফাৰ কৰ্মাৱলীক আজিৰ আধুনিক মানদণ্ডৰে জুখিবলৈ গ'লে তাত অনেক ক্ৰতি দেখা যাব ৷ কিন্তু তেনে মূল্যায়ন হ'ব কালবিসংগতিপূৰ্ণ ৷ কাৰণ চাও লুং ছ্যুকাফাৰ কৰ্মাৱলী মূল্যায়ন হ'ব লাগিব ৷ তেওঁৰ যি যুগ সেই যুগৰ বাস্তৱৰ পৰিপ্ৰেক্ষিততহে ৷ চাও লুং ছ্যুকাফা আছিল এখন অৰ্ধ- জনজাতীয় - অৰ্ধ সমাজতান্ত্ৰিক সমাজৰ বাসিন্দা ৷ সেই যুগতেই আধুনিক গণতান্ত্ৰিক বিধি ব্যৱস্থাক তেওঁৰ শাসনৰ মাজত বিচাৰিবলৈ যোৱাটো সম্পূৰ্ণ অবান্তৰ কথা ৷ " সাত ৰাজ মাৰি এক ৰাজ " কৰাৰ যি নীতি তেওঁৰ হাতত লৈছিল আনকি সেই নীতিটো আজিৰ গোষ্ঠীবিদ্বেষৰ বীজ নিহিত হৈ আছে বুলি কোনো কোনো মহলে মত দিয়া দেখা গৈছে ৷ কিন্তু সেই মত কোনোমতেই সমৰ্থনযোগ্য হ'ব নোৱাৰে ৷ কাৰণ সেই নীতি প্ৰৱতন নোহোৱা হ'লে পিছলৈ সেই প্ৰতিক্ৰিয়াৰো সৃষ্টি নহ'লহেঁতেন -- যাৰ ফলত বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ সৃষ্টি কালক্ৰমত হ'লগৈ ৷ আৰু যদি বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰেই সৃষ্টি নহ'লহেতেঁন তেন্তে আজি তাত ভাঙোন ধৰাৰ প্ৰশ্নই নুঠিলহেঁতেন ৷ যিটো সৃষ্টিয়েই নহ'ল তাত পিছলৈ ভাঙোনৰ প্ৰশ্ন অহাৰ অৱকাশ ক'ত ?
ইতিহাসে স্পষ্টভাৱে কয় - প্ৰটিটো জাতীয় জীৱন গঢ়ি উঠাৰ ক্ষেত্ৰত ইতিহাসত একোটা সময় আহে য'ত কোনো নহয় কোনো পৰাক্ৰমী গোষ্ঠীয়ে দক্ষ নেতাৰ নেতৃত্বত " সাতৰাজ মাৰি এক ৰাজ " কৰাৰ প্ৰক্ৰিয়াৰ আৰম্ভণি কৰিছিল ৷ পিক্ট, এংগোল, জুট, ডেন, ভাইকিং, চেক্সন, নৰ্মান আদি বিভিন্ন গোষ্ঠী সংমিশ্ৰিত হৈ যি ইংৰাজ জাতিৰ সৃষ্টি কৰিলে এই ক্ষেত্ৰত বিশেষকৈ নৰ্মানসকলে ইংেলণ্ডত " সাত ৰাজ মাৰি এক ৰাজ " কৰাৰ নীতি যদি গ্ৰহণ নকৰিলেহেঁতেন তেন্তে যি প্ৰক্ৰিয়াৰে ইংৰাজ জাতি গঢ়ি উঠিল সেই প্ৰক্ৰিয়াৰেই জন্ম নহ'লহেঁতেন ৷ তেওঁলোকৰ মাজত গোষ্ঠী চিন্তাক মষিমূৰ কৰি এক ভেদাভেদহীন জাতীয় জীৱনক সূদৃঢ়ভাৱে সংহত কৰিলে জাতীয় পুঁজিবাদৰ সবল বিকাশে ৷ অসমত আজিও সি হৈ উঠা নাই জাতীয় পুঁজিবাদে বাধাহীন ভালে বিকাশ লাভ কৰিব নোৱাৰে বাবে ৷ তাৰ বাবে এতিয়াওঁ একীভূত হোৱাৰ প্ৰক্ৰিয়া আধৰুৱা হৈ থাকিল আৰু ফলত গোষ্ঠী চিনাকী প্ৰবল হৈ থাকিল ৷ সেই গোষ্ঠীবোৰৰ মাজত মধ্যবিত্ত শ্ৰেণীৰ বিকাশ সিমানে সৱল হৈ আহিছে যিমানে মধ্যবিত্তৰ চিৰাচৰিত " জাতীয় খিটখিটনি " বোৰো বাঢ়িছে আৰু ফলত দেখা দিছে গোষ্ঠী বিদ্বেষে ৷ জাতীয় পুজিঁৰ এই পয়ালগা অৱস্হাৰ মূলতেই আছে সাম্ৰাজ্যবাদী লুন্ঠন ৷ এই দুখলগা তথা ভয়ংকৰ অৱস্হাৰ বাবে দায়ী আমাৰ দূৰ্ভগীয়া আধুনিক যুগৰ ইতিহাসহে ৷ তাৰ বাবে চাও লুং ছ্যুকাফা কোনোপধ্যেই দোষী হ'ব নোৱাৰে বা তেওঁৰ "সাত ৰাজ মাৰি এক ৰাজ " কৰাৰ নীতিও জগৰীয়া হ'ব নোৱাৰে ৷ অথবা সেই শুদ্ধ নীতিৰ যি গৰিমা সিও লাঘৱ হ'ব নোৱাৰে ৷
তাৰ বাবে চাও লুং ছ্যুকাফাই জনসংমিশ্ৰণৰ দিশত যি চতুৰ তথা বিচক্ষণ নীতি প্ৰৱৰ্তন কৰিছিল তাৰ পৰা শিক্ষা লৈ আজি সমস্যা সমাধানত সেই শিক্ষাক আধুনিকীৰণ কৰি আজিৰ পৰিস্তিতিৰ সৈতে তাক খাপ খুৱাই প্ৰয়োগৰ ব্যৱস্থাহে কৰা উচিত ৷ এই দিশত সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল - চাও লুং ছ্যুকাফাৰ শাসনৰ ৰাজহাড় আছিল প্ৰয়োজনীয় কাৰ্য্যক্ষমতা থকা অৰ্থনীতিহে ৷ এই অৰ্থনীতিয়ে জনসংমিশ্ৰণৰো মূল চালিকা শক্তি আছিল ৷ অস্ত্ৰ বলতকৈও চাও লুং ছ্যুকাফাৰ নেতৃত্বত তাই আহোমসকলে শালি ধানৰ খেতি ভিত্তিত যি উন্নত কৃষি - অৰ্থনীতি সেই অঞ্চলৰ জনজাতীয় স্হানীয় ৰাইজৰ মাজত প্ৰৱৰ্তন কৰিছিল, সেই শক্তিয়েহে তেও শাসনৰ ভেটি দৃঢ় কৰিছিল ৷ আজি আমাৰ বাবে এই দৃষ্টান্তৰ পৰা ল'ব লগা শিশাৰ গুৰুত্ব অপৰিসীম ৷ দেশত যদি সুশাসন প্ৰতিষ্ঠা হ'ব লাগে তেন্তে সবল জাতীয় অৰ্থনীতিক যে তাৰ ৰাজহাড় কৰিব লাগিব আৰু তেতিয়াহে যে দেশলৈ শান্তি-সমৃদ্ধি আহিব - সেই শিক্ষাই এই দৃষ্টান্তই দিয়ে ৷ সেই শিক্ষা গ্ৰহণ নকৰি ' চুকাফা দিৱস' পতাৰ নামত অতীত পূজাৰ ভেকুভাওনাৰহে যদি অৱতাৰণা কৰা হয় তেন্তে ই চাও লুং ছ্যুকাফাৰ মহান স্মৃতিৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰাৰ সলনি সেই স্মৃতিক অপমানহে কৰা হ'ব ৷
সম্পূৰ্ণকৈ পঢ়ক »

তাই আহোমৰ শৱ সৎকাৰ - ডামচাও হেম বুঢ়াগোহাঞি, চেপন

দক্ষিণ পূৱ এছিয়াৰ বৃহৎ জনগোষ্ঠী সমুহৰ ভিতৰত টাই জনগোষ্ঠী অন্যতম ৷ চীনৰ য়ুন্নান প্ৰদেশৰ পৰা শ্যাম সাগৰ, অসমৰ পৰা হাইনান দ্বীপ পৰ্যন্ত বাস কৰা থাও, থাই ,শান,মাও, য়ুন্নাান,প্লু আদি সকলেই টাই গোষ্ঠী সম্ভুতসম্ভ লোক ৷ ১২২৮খৃঃ ত চাও- লুং- ছ্যু-কা-ফাৰ পৰিচালনাত টাই সকলৰ এটা ঠাল সেই কালৰ কামৰুপৰ বা কামৰূপৰ চাৰি পীঠৰ এটা পীঠ মুং-দুন-চুন-খামত প্ৰৱেশ কৰে৷ চাও- লুং- ছ্যু-কা-ফা আৰু পৰৱৰ্তী স্বৰ্গদেউসকলে ক্ৰমান্বয়ে চাৰি পীঠ নিজ আয়ত্বলৈ আনি ছশ বছৰ ৰাজত্ব কৰা দেশখনক অহম বা অসম আৰু সমগ্ৰ দেশত বাস কৰা লোক সকলেই অমমীয়া হিচাপে পৰিচয় পালে ৷ তাই আহোম সকলে অসম দেশ ৰাজত্ব কৰি ভূগোলৰ বুকুত বুৰঞ্জী ৰচনা কৰি গ'ল যাৰ তুলনাত পৃথিৱীত অনন্য ৷ ম্যুং-দুন্-চুন-খামত প্ৰৱেশ কৰোঁতে তাই আহোম সকলে তিনিটা কথাৰ প্ৰতি অধিক গুৰুত্ব দিছিল ৷
(এক) চাও- লুং- ছ্যু-কা-ফা আৰু সহযোগী সকল যিহেতু ৰাজ্য জয় কৰি দেশ শাসনৰ বাবে ম্যুং-দুন্-চুন-খামলৈ আহিছিল, সেইবাবে তেওঁলোকে দেশকহে বিচাৰিছিল ৷ মাতৃভাষা তাই ভাষা থলুৱা ভাষাৰে প্ৰচলন কৰিলে ৷
(দুই) তাই সকল ম্যুং-দুন্-চুন-খামলৈ আহি নিজৰ ৰীতি-নীতিৰো পৰিবৰ্তন কৰিলে ৷ নিজ ৰীতি তেওঁলোকৰ সান্নিধ্যলৈ অহা নৱাগতৰ মাজত জাপি দিলে হিতে বিপৰীতে হ'ব , সেইবাবে নিজৰ বহুখিনি এৰি সংস্কাৰিত ৰুপত থলুৱা ৰীতিকে গ্ৰহণ কৰাত গুৰুত্ব দিলে ৷ 
(তিনি) তাই সকলে মৰমকেই একমাত্ৰ মূলধন হিচাপে লৈ ৰাজ্য জয়ত আগভাগ দিলে ৷ৰণ বা যুদ্ধংদেহি মনোভাৱ পৰিহাৰ কৰি মৰমেৰে হৃদয় লোৱাত অগ্ৰাধিকাৰ দিলে ৷
তাই সকলে নিজৰ মাতৃভাষা এৰি, নিজ ৰীতি -নীতি এৰি মৰমকেই একমাত্ৰ সম্বল হিচাপে লৈ দেশ গঢ়াত, জাতি গঢ়াত লাগিল ৷ স্বৰূপত পিতৃ-মাতৃ ভাষা ত্যাগেই হ'ল অসমীয়া সংস্কৃতিলৈ তাই আহোমৰ সৰ্ববৃহৎ অৰিহনাৰ সূচনা ৷স্বৰ্গদেউ চুকাফাৰ শাসনৰ সময়ত বৰাহী, চুতীয়া, মৰাণ, কছাৰী ,কোঁচ আদি লোক সকলৰ লগত মিলিজুলি সংহতিৰ এনাজৰী দাল সুদৃঢ় কৰাত থলুৱা ভাষীক ঐক্যই সকলোকে বুকুৰ মাজলৈ চপাই অনাত সফল হৈছিল ৷দেশখন ডাঙৰ ভাবি তাতোকৈ দেশৰ মানুহক মহান গন্য কৰি প্ৰতিজন চাও পাই ১২২৮ খৃঃ পৰা ১৮২৬ খৃঃ লৈকে ৰাজতন্ত্ৰৰ মাজত গণতন্ত্ৰৰ বুনিয়াদ সৃষ্টি কৰি অনৈক্যৰ মাজত ঐক্যৰ কালজয়ী চানেকি থৈ গ'ল ৷
অসমলৈ অহা তাই লোকৰ স্বকীয় ৰীতি-নীতি সমূহ নিজৰ মাজতহে প্ৰচলন কৰিলে কিন্তু থলুৱা লোকৰ মাজত এৰি সেই ৰীতি-নীতি সমূহৰ বুনিয়াদ হানি তাই লোকে নকৰিলে ৷ জন্ম, মৃত্যুৰ কপৌফুলীয়া বিধি সমূহ ক্ৰমান্বয়ে নিজৰ মাজতে আবদ্ধ নাথাকি বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অজানিতে সাঙোৰ খাই পৰিল যিবোৰ উৎসত তাই সকলৰ প্ৰভাৱ কিছুমানত দেখা দেখিকৈ আৰু কিছুমানত জান নেজানকৈ থাকি গ'ল, অথচ সকোবোৰ ৰীতি-নীতি অসমীয়াৰ আপোন হৈ পৰিল৷ হিন্দু ধৰ্মই বিভাজন নকৰালৈকে তাই আহোমৰ জন্ম, বিবাহ মৃত্যুৰ ৰীতি-নীতি সমহূৰ মাজত বহুখিনি থাকিল আৰু বহুখিনি থলুৱা ৰীতি পৰম্পৰাৰ মাজত জাহ গ'ল ৷
কিন্তু মৃত্যু বিধি বা শ সৎকাৰ প্ৰথা পৰম্পৰা গত ভাৱে য়ুন্নান প্ৰদেশতে শ মৈদাম দিয়াৰ দৰেই হিন্দু ধৰ্মই তাই সকলৰ এচামক সংস্পৰ্শ নকৰাকৈ বৰ্তি থাকিল ৷ আনকি বৰ্তমানো তাই আহোমৰ ৰীতি-নীতি বুকুত লৈ জন্ম হোৱা পুৰোহিত লোকৰ মাজত শ মৈদাম দিয়াৰ প্ৰথাই প্ৰচলন আছে৷ দৰাচলতে অসমত বাস কৰা সমগ্ৰ তাই আহোম লোক সকলৰ স্বকীয় ৰীতি-নীতি অতুত ৰখাত পুৰোহিত সকলেই প্ৰতিভূ স্বৰূপ আছে ৷
ঘৰৰ আপোনজনৰ মুমূর্ষু অৱস্থা প্ৰাপ্ত হ'লে ঘৰ ঘৰোৱাহে শৰাইত কাপোৰ, তামোল-পাণ-পইচা দি বিদায় দিয়া বা বাট মুকলি কৰি দিয়া প্ৰথা তাই আহোমৰ সমাজৰ মাজত বৰ্তি আছে ৷ কেতিয়াবা সংগৰ ভকত আনি ৰোগীজনৰ জ্ঞাতে বা অজ্ঞাতে হোৱা দায় জগৰ ভঙা কথাও সমাজৰ মাজত বৰ্তি আছে ৷ ৰোগীৰ মৃত্যু হোৱাৰ লগে লগেই গঞা গিয়াতিৰ মুৰব্বী জন বা পৰিয়ালৰ মুৰব্বী জনে মৃতজনৰ পৰলোক গমনৰ কথা সদৰি কৰাৰ পাছতহে আনুষ্ঠানিক ভাৱে মৃত বুলি লোক জনৰ কথা জনা যায় ৷ তেতিয়াহে বাকী গঞা-গায়াতি বা আপোন সকললৈ বাতৰি দিয়া হয়৷ নৰীয়া লোকজন সততে ঘৰৰ ভিতৰতে মৃত্যু হবলৈ দিয়া হয় ৷ মৃতক জনৰ শ-টোক ঘৰৰ ভিতৰতে কোকোৰা কণী (কাই পিত) বা হাঁহৰ কণীৰে গা ধুওৱা হয় ৷কণীৰ কুহুম সানিলে বহু দিন নেগেলা - নপচাকৈ থকাৰ কথাকে সূচায় ৷ তদুপৰি সৃষ্টিৰ মূল যিহেতু বীৰ্য, সেই বীৰ্যই জীৱৰ স্হিতিত অৱকাশ দিয়ে , সেইবাবেই মৃত্যুৰ পাছতো জীৱৰ অবিচ্ছিন্নতাৰ কথাকে সূচায় ৷ তেনে নিয়ম সমাজত বৰ্তী আছে ৷শ গা ধুৱাই পুৰণি সাজ পাৰ এৰোৱাই ন-বস্ত্ৰ পিন্ধাই দিয়াৰ নিয়ম ৷ কাপোৰ পিন্ধাওতে ককালত গাঁঠি নিদি খুচনি মাৰি দিয়া হয় ৷ ইয়াৰে পাৰ্থিৱ দেহমুক্ত হোৱাৰ কথা সূচনা হয় ৷ শ গা ধুওৱা পানী ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ঘৰৰ ভেটিৰ তলেদি উলিয়াই দিব লাগে ৷ শ গা ধুওৱা ঠাই তিনি দিনলৈ আবৰি ৰখাৰ নিয়ম ৷ ঘৰৰ সন্মুখৰ চোতালত এখনি ৰভা সাজি তলত পাটী পাৰি শৰ্ষা সজোৱা হয় ৷শ-টোৰ ৰভাৰ নিৰ্মিত শৰ্যাত উত্তৰ - পূৰ্ব মুৱাই কাপোৰ আওপকিয়াকৈ মেৰিওৱা হয় ৷ কলা শিমলু ফুল লৈ পাঁচ খন থুৰীয়া তামোলৰ লগত শ ৰ পাঁচ অংগত দি এটা উঘাৰ সূতাৰে সেই পাঁচ অংগৰপৰা পাঁচ ডাল এঁৱা সূতা গাঁথি দি একেলগ কৰি পুনৰ নাভিত গাঁথি দি নাই ওপৰৰ সূতা কেইডাল কাটি "নাড়ী কটা" কাৰ্য সমাপন কৰা হয় ৷ এই " নাড়ী কটা" বাঁহৰ চোচৰ দ্বাৰা সম্পন্ন কৰা নিয়ম, এই কাৰ্যই ভৌতিক দেহাৰ বেহা মৰ্ত্যৰ লগত বিচ্ছিন্নতাৰ প্ৰতীকি অৰ্থ কৰে ৷ ভাতৰ চৰুত ঘাই উধান(গৰুৰ মুৰব্বী হ'লে ঘাই উধান আৰু পালি লোক হ'লে পালি উধান) উভালি আনি শ ৰ সন্মোখত থোৱা হয় ৷ সেই উধানৰ লগত বাকী দুটা উধান বাহিৰৰ পৰা আনি তিনি উধান সাজি মাটিৰ চৰু পতা হয় ৷ নতুন চৰুত হাতৰ পিঠিৰে তিনি পিঠি চাউল দি ভাত পতা বা ভাত পচোৱা হয় ৷ ৰাঙত প' মিল অৰ্থাৎ খেকেচি এটা ঠেং গচকি বাঁও হাতেৰে ধৰি ঠেং এৰুৱাই সিজোৱা হয় ৷ গঞাঁ গিতিয়ে, মিটিৰ কুটুমে খাদ্য সামগ্ৰী আনি এনেকৈ ভাত সজায় ৷ ঘৰৰ গৃহস্থই শ'ৰ লগত বস্তাদি দিয়ে , মিটিৰ-কুটুমেও দিয়ে ৷ সিদ্ধভাত মাইহাঙত সজায় থুৰীয়া তামোল, ধন, সোন, কাঁহ, ৰূপ, বস্ত্ৰ যথা স্হানত থোৱা হয় ৷ ধন, সোন, ৰূপ আদি পূৰ্বতে শৰ লগত দিয়ে ৷ ধনৰ পৰিৱৰ্তে পাঢ়ীদৈৰ গা-গছ চকলীয়াই কাটি ৰূপৰ অৰ্থত লোৱা, তাৰে চকলচেৰেক হালধি সানি সোনালী বৰণৰ কৰি সোণৰ অৰ্থ কৰা, তেনেকৈ কাঁহৰ লোটা -চৰিয়া তৈয়াৰ কৰা কথা প্ৰচলিত ৰীতি ৷ মৃতকৰ লগত দিয়া কোনো কাপোৰতেই দহ বা ফুল ৰখা নহয় ৷ সকলো সামগ্ৰী মাইহাঙতে উছৰ্গি দিয়াৰ পাছত পুৰোহিতৰ বা জ্ঞাতিৰ মুৰব্বীৰয়ে আহোম মন্ত্ৰ উচ্চাৰণ কৰি মৃতক জনৰ আত্মাৰ সদগতিৰ কামনাৰে আশীৰ্বাদ দিয়ে, গৃহস্থই সেৱা জনায় ৷
আশীৰ্বাদ : 
চাং নাই চ্যাও নু-ৰু চাও কা ঐ (তিনিবাৰ পাঠ কৰি)
ফি ফান্ বাই জীম্ কন্ ফাত্ ফান্ বাই বাই জীম্ চেন্ ক্ক দিন্ কিক ফা মৌ লেক্ ৰু ক্ক দিন্ ক্ক ফা মৌ লাক্ হান্
চাও ফা ফান্ তাই লাং বাক্ লং ক্ক ফি ক্কা চাং ক্কা বাক মই
কুন ফি ক্কলে নাপাক চেম দাই মিং পি চাং নাই চাও কা 
ঐ নুক কি গাই চাও ৰেণ্ মাৱ ক্ক কুন ফু কে তাই ছি জাও
কুন তাই মিং ক্লাং ৰেণ্৷ কুন তাই মিং ক্লাং হন কাই লে কাই অন বা ক্ক বোকোন ফি ক্ক বুখেন ৰাং ঐৰঙা মে নাই দেন ছি দাই পেত খুন বান (আংকা)
কুন্ ফুকে খাও কে তাই ছি দাই
অন মৌ-ফি খেন দাম হেও ফি
চাং নাই চাও কা ঐ আও টাং নাং খাং না পাং
আও টাং না খাং না জাং আও টাং খাং নাং ফুন্
চিং কুপ চং ফা তং চিং কুপ তং বুন্
মাক মো কুপ বৌ প্লো আও তাং খাও খাও কুপ
কাই কাই দি হম ৰাও কুপ থা দি হম খেন
লেং ফুন ক্ক খেন ফি হেত তুং মৌ চাং মৌ ফি
চাং নাই চাও কা ঐ৷
আশীৰ্বাদ ভাৱাৰ্থ :
দেৱক দিছে ধৰিবলৈ, মনুষ্যক দিছে পুজিবলৈ ৷ দেৱ হলে বুজে, ক্ষত্ৰিয় হ'লে যুঁজে ৷ মানিচে দিলে দেৱতাই পায়, দেৱ ৰূপে ভকতে খায় ৷ এই নিয়ম এতিয়াৰ নহয় পূৰ্ব্বাপৰ নিয়ম ৷ সৃষ্টিকৰ্তা নিবন্ধ চাও ফানে ( জীৱধিপতি) সৃষ্টি বঢ়ায় ৷ জীৱধিপতি পঞ্চভৌতিক মহাপ্ৰাণ স্বৰূপে অধিষ্ঠিত ৷ আজি এই বা ঘৰৰ লোক জনে উঘাৰ সূতা ছিঙি নিজ ঘৰলৈ গ'ল ৷ তেওঁ আছিল পৰৰ ঘৰে, গ'ল নিজ ঘৰে ৷ ভাতে কাপোৰ নাই বুলি অকালতে হেঁচুকি মৰা নাই, নিজ ইচ্ছাৰে কৰ্ম্মত গৈছে বাবেহে তেওঁৰ স্বৰ্গবাস হব লাগে ৷যদি কোনো বলীয়ে বলবস্ত কৰি(অন্যায় বা কুমন্ত্ৰ কৰি) মাৰিছে তাৰ নাকে-কাণে বগাব লাগে ৷ নৰদেহ এৰি আজিৰ পৰা দেৱৰ কায় লগা, আজি অমুকা (মানুহ জনৰ নাম উচ্চাৰি) বুঢ়া -বুঢ়ী, লৰা- ডেকা ৰূপৰ পৰা দেৱ হ'লা ৷ দেৱতা স্বৰূপ তোমাক সন্মান জনাই এখন মাইহাঙত কণী, ভাত, মঙহ, ধন-সোন, তামোল-পান দ্ৰব্যৰে পূজা উছৰ্গা কৰা হৈছে ৷এনেকৈ জীয়াই লৈ আশা-ভৰসা এৰি মৰাই মৰাৰ সংগ ল'ব লাগে বুলি ভকতে আশীৰ্বাদ দিয়ে,গৃহস্থই সেৱা জনায় ৷
ইতিমধ্যে শ সৎকাৰ কৰিবলৈ আহা সমবেত লোকে বাৰীৰ পৰা বাঁহ মূল্য গি কিনি আনি ৰাং তৈয়াৰ কৰে৷ ৰাং হ'ল তাই আহোমৰ শ নিয়া চাঙি ৷ ৰাং তৈয়াৰ কৰোঁতে তাত কোনো গাঁঠি দিয়া নহয়, ৰছী পকাই নুৰিয়াই থোৱা নিয়ম ৷ৰাং বাকচ আকাৰে চাৰি খুটা দি তৈয়াৰ কৰা হয় ৷ সুবিধা অনুসৰি তক্তাৰে বাকচ তৈয়াৰ কৰাও হয়৷ এটা তক্তা পৰাপক্ষত উৰিয়ামৰ তক্তা দিয়া নিয়ম ৷ উৰিয়ামক তাই আহোমে চন্দনৰ দৰে পৱিত্ৰ জ্ঞান কৰে ৷ শ ৰাঙত তুলি এখন ডলাত নিৰ্দিষ্ট লেখৰ ধান লৈ লখিমী থোৱা ব্যৱস্থা কৰা হয় ৷ এই ধান কেইটি এখন নতুন গামোচাত বান্ধি আছুতীয়া ঠাইত ৰখা হয় ৷ তিলনিৰ দিনা ইয়াক লেখি চোৱা নিয়ম ৷ যদি লেখতকৈ কম হয় তেন্ত মৃতক জনে লখিমী লগত লৈ গৈছে বুলি ভবা হয় ৷ উল্লেখযোগ্য যে যি ধানৰ লখিমী থোৱা হয় সেই ধান গৃহস্থই তিনি বছৰলৈ সঁচ নলয় ৷ এই খিনি কৰাৰ পাছত পুনৰ আৰ্শীবাদ ৰাইজে দিয়ে , গৃহস্থই সেৱা জনাই ৰাঙ খনত শ ভৰাই চাৰিজন লোক শ ভৰাই চাৰিজন লেকে শভাৰ বৈ নিয়ে ৷ মৃতকৰ পুত্ৰই বাঁহৰ এটা জোৰ লৈ মেদাম স্হানলৈ যায় ৷ নাই কটা উঘাটোৰ পৰা সূতা বাটে বাটে ছিঙি যায় ৷ মৈদামৰ স্হানত শ পুনৰ চোতালত থোৱাৰ দৰেই থৈ মাটিক মূল্য দি পুত্ৰই কোৰৰ তিনি চাব আওহতীয়াকৈ মাৰে ৷ সেই মাটি তিনি চপৰা শেষত মৈদামত থাকি আহে ৷ সমাধি স্হানত কাঠৰ তুংলুং বা পেৰা সাজি তাত শ ভৰাই শ পোতা হয় কাঠৰ অভাৱত বাঁহৰ সামগ্ৰীৰে ইয়াক তৈয়াৰ কৰা হয় ৷ এই কাৰ্যৰ দেখ দেখ উদাহৰণ চৰাইদেউত থকা শাৰী শাৰীকৈ থকা স্ত্ৰী-পুৰুষৰ মৈদামবোৰ ৷ মাতিৰ গাঁতেই হওঁক বা তিনিবাৰ শটো প্ৰদক্ষিণ কৰিহে শ সমাধিত স্হান কৰা পৰম্পৰাগত ৰীতি ৷
শ ৰাঙৰ পৰা নমাই কাঠ বা বাঁহৰ তৈয়াৰী গাঁতৰ মাত থকা তুংলুংত স্হাপন কৰাৰ লগে লগেই মৃতকৰ লগত দিব লগা সমূহ আহিলা যথা স্হানত থৈ ৰাইজে মান অনুসৰি আৰ্শীবাদ ধ্বনি দি মৰাই মৰাই সংগ আৰু জীয়াই সংগ কামনা কৰি শেয় আশাৰে অন্যন্য তিনি চপৰাকৈ মাটি দিয়ে ৷ মৈদাম ওখকৈ তৈয়াৰ কৰা হয় ৷ মৈদামত চাৰিও কাষে মাহ, তিল আদি সিচি দিয়াৰ নিয়ম ৷ ওভতা জেওৰা ভেটি মৈদাম জালি পাতেৰে ঢকা হয় ৷ মৃতকৰ মান অুসৰি ৰাংচালি বা কপোৰেৰে মৈদামৰ ওপৰত মৰাচেউৰা দিয়া নিয়ম ৷ শেষত ৰাইজে পুনৰ আৰ্শীবাদ দিয়ে, গৃহস্থই সেৱা জনায় ৷ মৈদামৰ স্হানৰ পৰা সমূহ ৰাইজে মৃতকৰ ঘৰলৈ ঘুৰি আহে ৷ যাত্ৰী সকলৰ এজনে আগবাঢ়ি আহি পদূলিৰ মুৰত একুৰা জুই জ্বলাই ৰৈ থাকে ৷ বাকী ৰাইজে গা ধুই তিতা তিয়নীয়ে হাতত একোডালি তিতা গছৰ ডাললৈ আহি জ্বলন্ত জুইত তাক পেলাই থৈ আহি কয় --- " আজিৰ পৰা তোমাক (মৃতক জনক) জেং দিলোঁ ৷ তাত ৰৈ থকা জনে চিংকৰা ফুলপানী ছটিয়াই ৷ গৃহস্থৰ ঘৰৰ লোকে দুখন শৰাই আগবঢ়াই চোতালতে লোক সকলক বহিবলৈ দিয়ে ৷ তাত তিনিজন পন্ডিতে আহোম মন্ত্ৰৰে তেলপানী জাৰে ৷ গঞ্জা লোক সকলে ধান, গৰু আদি চুবপৰাকৈ শুদ্ধিৰ বাবে মৃতক বংশৰ লোক সকলৰ বাদে বাকী সমবেত মৈদাম যাত্ৰীয়ে তেল চুই আঙুলি মাটিত ঘঁহাই পানীয়ে ধুৱে ৷ মৃতক জনৰ সম্পৰ্কীয় জ্যেষ্ঠ সকলে তৰ্জ্জনী আঙুলিৰে, কনিষ্ঠসকলে বুঢ়া আঙুলিৰে এই তেল চোৱা কাম কৰে ৷ আগতে দিয়া এখনি শৰাইয়ে জ্ঞাতিক তিলনী পাতি তেলপানী চুবলৈ আনুষ্ঠানিক ভাৱে নিমন্ত্ৰন জনায় ৷ ৰাইজে এই অনুষ্ঠান শেষ কৰি ঘৰাঘৰি যায় ৷
কেঁচা তেল জৰা মন্ত্ৰ: 
চাং নাই চাও নু-ৰু চাও কা ঐ (তিনিবাৰ পাঠ কৰিব) 
মেন বাই পা -ৰিউ চে দিন , দিং চেবিন বিং
খুত দেন দাই তি ডয় লুং তুপ মাই হেও
তা তে কাই অ' দাম ক্ক বুকোম ৷ ফি ক্কু বুখেন৷
ৰাং ঐ ৰৰা দাই মান ঙা
নাম ঞা বান জা ৰিউ জা ৰাই চা ৰিউ
চা-ৰাই অন মৌ ঞা তাই ফি
চাং নাই চাও কা ঐ
ভাবাৰ্থ: আজি তোমাক গঞা গিয়াতিয়ে দেবৰো দেৱতা কৰি পুত্ৰ মিত্ৰই মিলি এচাটি কাঠ, এচপৰা মাটি দ পৰ্বত যেন কৰি মৈদাম দিয়া হ'ল ৷ এতিয়া কেঁচা পানী পুষ্প দ্ৰব্যাদিৰে শান্তি বা শুদ্ধিৰ বাবে তেল পানী চুৱা হ'ল ৷ ইয়াৰ লগত মৰম চেনেহ আঁতৰাবৰ বাবে একুৰা জোৰ লৈ নুমুওৱা হ'ল ৷
তিনি দিনৰ দিনা তিলানী অনুস্হান কৰা হয় ৷ মৃতকৰ বংশৰ লোক সকলে লঘোনে থাকি সেইদিনা ঘৰ দুৱাৰ মচি কপোৰ কানি তিয়াই চৰু আদি ধুৱা হয় ৷ মৃতকৰ ঘৰত গিয়াতি -মিটিৰ-কুটুম সমবেত হৈ চোতালত সামান্য ৰভা সাজি তিলনীৰ সামগ্ৰী মাহ-চাউল, কেচাঁ গুৰ -গাখীৰ সংগ্ৰহ কৰি পুৰোহিত তিনি জনে একুৰা জুই জ্বলাই ৰভাৰ বাহিৰলৈ লৈ গৈ তাক নুমুৱায় ৷ তাই আহোমৰ পেঞ কা কা প্ৰতিষ্ঠা কৰি চাকি জ্বলাই দক্ষিণা সহ তিনিখন শৰাই পাতে ৷ তিনিও জন পুৰোহিতে তাই মন্ত্রৰে তেলপানী জাৰি গৃহস্তক চোবাব ৷ চিংকৰা ফুলেৰে পানী ছটিয়াই শুদ্ধ কৰায় ৷ মৃতকৰ পূজা সকলে বাওঁহাতৰ তৰ্জ্জনী আঙুলিৰে বাকী অনুজ সকলে বুঢ়া আঙলিৰে চুই মাটিট আঙুলি মোহাৰি পানীৰে ধোৱে ৷ পুৰোহিতে তাই মন্ত্ৰৰে শান্তি জাৰি খাবলৈ দি বাকী ঘৰ আদিত চটিয়ায় ৷ গৃহস্থই সেৱা জনায় আৰু ৰাইজে মৃতকৰ সদগতি অৰ্থে আৰ্শীবাদ দিয়ে ৷পূৰ্বে সংগৃহীত সামগ্ৰী বিতৰণ কৰে ৷ মৃতকৰ পুত্ৰই যথা নিয়মে দহা-কাজলৈকে ব্ৰত পালনৰ প্ৰস্তুতি চলায় ৷
দহ দিনৰ দিনা তিলনীৰ দৰেই সমবেত হোৱা ভকত সকলে তাই মন্ত্ৰৰে শান্তি পানী দি জুই নুমুৱায় ৷ জুই নুমুৱাওঁতে এযোৰ আগলি কলপাতত শিল এটা ধান খেৰৰ হোপা দুটা, বাঁহৰ জোৰ এটা, ওভতা চোঙাৰ বাঁহত পানী, গাখীৰ, কাঁচী এখন, কণী, তামোল দি তাই মন্ত্ৰ তিনিবাৰ পাঠ কৰি, কণীটো কাঁচিত ভাঙি পানী গাখীৰৰ জুইত বাকী দিয়ে ৷ এইবোৰ গৃহস্থই দূৰত পেলাই দি গা ধুই তিতাই তিয়নিয়ে সমাজত সেৱা জনায় ৷
জুই নুমুৱাওতে গোৱা মন্ত্ৰ:
চাং নাই চাও কা ঐ (তিনি বাৰ গাব) চাও বেন মান কব কুল ফু থাওতে পুই তাইলে অদ ফাই -ৰাং দুন কক নাম ৰাং লেং লুক বাং লাপ ফাই ছি দাই ৰিং চাং খাহপা ঙে ঙি খাই ট দাই কি খেক দাই কব বুকাম কি কব বুখেন ছং মৌ চাও চুং মৌ ফি কাইলা কাই অ ৰাং ঐ ৰঙা চাং নাই চাও কা ঐ ৷
ভাবাৰ্থ: - মনুষ্য লোকক পুত্ৰ-পত্নী পৰিয়াল বৰ্গৰ শোকত জুই এভাগি পানী, কণী আদি কাঁচিৰ আগত কণী ভাঙি জুই নুমুওৱা হয় ৷
তাই আহোম সকলে ১১ দিনত, ১৩ দিনত, ১৫ দিনত, ১৭ দিনত ,২১ দিনত শৰাধ ক্ৰিয়া কৰে ৷ শৰাধৰ দিনা চোতালত ৰভা সাজি অুনুস্হান আয়োজন কৰি মাহ -চাউল আদিৰ প্ৰস্তুতি চলাই সংগ্ৰহ কৰি পেঞ কা কা প্ৰতিষ্ঠা কৰি আৰৈ চাউল, ৰঙা মাটি তিল মাহ ব্লক চিংফা, তংলতি সহ তিনিবাৰ মন্ত্ৰপুত কৰি শুদ্ধ শান্তি তিনি গুৰুৱে একে হাতে ধৰি জাৰি দিয়ে ৷ গৃহস্থৰ পৰা ৰজালৈ এখন শৰাই, দেৱ গুৰু তিনি জনলৈ দক্ষিণা সহ শৰাই , সকলো সামগ্ৰী ৰাইজক চমজাই দি আৰ্শীবাদ লয়, ৰাইজে আৰ্শীবাদ ধ্বনি দিয়ে ৷ ঘৰৰ মুৰব্বী জনৰ পৰা ক্ৰমান্বয়ে অনুজ সকলে শান্তি খোৱা বা ' ঞাপ্লক ' খোৱা কাম আৰম্ভ কৰে ৷ ঞাপ্লক খোৱাৰ পাছত গৃহস্থই সেৱা জনায়, ৰাইজে অাৰ্শীবাদ দি জ্ঞাতলি ভাঙি প্ৰসাদ বিতৰণ কৰে ৷ শেষত জ্ঞাতি-মিটিৰ-কুটুম্বলৈ জলযোগৰ ব্যৱস্থা কৰে ৷দহাৰ সমূহীয়া সবাহ অনুস্হানটো ফলাহাৰ সামগ্ৰী আয়োজনেৰে আৰম্ভ কৰে ৷ পেঞ কা কা প্ৰতিষ্ঠাৰে ঘট পাটি দান দক্ষিণা, বস্ত্ৰ শৰ্যা আদি জীয়াই থাকোঁতে যিখনখন সামগ্ৰী প্ৰয়োজন সেৱকীয়ে সকলো উৎসৰ্গা কৰি ভকতক চমজাই সেৱা জনায় সমাজে তাই ভাষাৰে ধ্বনি দিয়ে৷ পুৰোহিত কেইজনে তাই মন্ত্ৰৰ যোগেদি শান্তি বা ঞাপ্লক সেৱকীয়ে খাবলৈ দিয়ে৷ সেৱকীয়ে ভকতৰ বেদ পাঠ খামচিং ৰবাও, ৰিকচিংবান জলযোগৰ বাবে বিভিন্ন সময়ত শৰাই দি সেৱা জনায় ৷ গৃহস্থৰ শক্তি সামৰ্থ অনুসৰি দেৱ-বাদ্য গায়ন গোৱাই অুনুষ্ঠানটি শীৰ্ষস্থানটো লৈ যায় ৷ প্ৰসাদ বিতৰণৰ সহায়ত সবাহ অনুষ্ঠান পৰালি পৰে আৰু শেষত ভোজ ভাতৰ আয়োজন হয় ৷
নিশা পুনৰ ফুলেং লোক প্ৰতিষ্ঠা কৰি ফুৰা কীৰ্ত্তন কৰি পুৱা অন্নদাানৰ ব্যৱস্থা হয় ৷ নিশা অনুস্হানত ফুৰা কীৰ্ত্তনত ' চাও ফুৰা চাও তাৰা আলুং ঐ ' আদি বিবিধ প্ৰকাৰৰ কীৰ্ত্তন কৰি অনুষ্ঠানৰ সামৰণি পেলায় ৷ উল্লেখযোগ্য প্ৰতিটো অনুষ্ঠানতেই সেৱকীয়ে সেৱা জনাই আৰু ভকতে আৰ্শীবাদ দিয়ে ৷
তাই আহোম লোকৰ স্বাভাৱিক মৃত্যু হ'লে এইবোৰ নিয়ম পালন কৰি শ সৎকাৰ কৰা হয় ৷ অস্বাভাৱিক ভাৱে কোনো লোকৰ মৃত্যু হ'লে তেনে নিয়ম পালন কৰা দেখা নাযায় ৷ বসন্ত, গ্ৰহণী আদি মহামাৰীত লোকৰ মৃত্যু হ'লে কোনো নীতিকে মানি চলা নহয় ৷ এনে ৰোগৰ শাম কাটিবলৈ শ পোটা গাঁতৰ তলত কলপটুৱা পাৰি শ স্হাপন কৰা হয় ৷ এই প্ৰতীকি অৰ্থই ৰোগ শান্ত হোৱাৰ সূচনা সূচায়৷ কেতিয়াবা কোনো লোকে আত্মঘাটী হৈ মৃত্যুবৰণ কৰিলে শ সৎকাৰ একো নিয়ম পালন কৰা নহয় ৷ ডেকা-গাভৰু, ল'ৰা ছোৱালীৰ মৃত্যু হ'লেও দুজন লোকে শ ভাৰ বৈ মৈদাম দিয়াৰ নিয়ম, মাত্ৰ সামান্যভাৱে তেল পানী চুই তিলনী অনুষ্ঠানৰহে ব্যৱস্থা কৰা দেখা যায় ৷ ন পুৰুষীয় অনুষ্ঠানতহে ল'ৰা-ছোৱালী অপৈনত লোকৰ মৃত্যুত 'খিন' পূজা কৰা হয় ৷ ছমহীয়া বা বছৰেকীয়া শ্ৰাদ্ধ আদিতো যথা নিয়মে আনুষ্ঠানিক কাৰ্য সম্পাদন কৰি ভকতক জলযোগ বা ভোজভাত খোওৱাৰ নিয়ম ৷
তাই আহোম সকলৰ মৈদাম নিৰ্মাণ আৰু শ সৎকাৰৰ গোটাচেৰেক ব্যতিক্ৰম লক্ষ্য কৰিব পাৰি
(১) বংশৰ মৰ্য্যদা অনুসৰি অনুজ সকলৰ মৈদাম শাৰিৰ আগত আৰু ওখকৈ দিয়াৰ নিয়ম ৷ মৈদাম সসূহ দেখিলেই বংশগত সমন্ধ আৰু পৰম্পৰা বুজিব পাৰি ৷ দিচাং পাৰৰ চেঙেলী বাৰীৰ কাষত থকা চিকন সৰিয়হ বংশৰ মৈদাম সমূহেই এই স্বাখৰ বহন কৰে ৷
(২) ৰজাৰ, ডাঙৰীয়া, সৈনিক বিষয়া আৰু সাধাৰণলোকৰ মৈদাম ক্ৰমান্বয়ে ওখৰ পৰা চাপৰ ৷ প্ৰতিজন লোকৰ জীৱন্ত কালৰ যি মান সন্মান সেই মান সন্মান লোকজনৰ মৃত্যুৰ পাছতো ৰক্ষা কৰা উল্লেখযোগ্য কথা ৷ ৰজা ৰাণী আৰু বংশৰ লোকসকলৰ মৈদাম চৰাইদেউ অধ্যুষিত অঞ্চল, বৰগোহাঞি লোক সকলৰ মৈদাম দিখৌৰ দক্ষিণ পাৰে নাজিৰাৰ কাষৰ মাদুৰিত বুঢ়াগোহাঞি সকলৰ মৈদাম দিখৌ পূব পাৰে লংকাক অঞ্চলত আৰু দিলিহি নৈৰ কাষৰ তামুলী বজাৰৰ পৰা দৰবাৰ পৰ্যন্ত আছিল ৷ কোনো স্বৰ্গদেউ বা ডা-ডাঙৰীয়া বাহিৰত স্বৰ্গগামী হ'লেও নিদিষ্ট ঠাইতহে শ সৎকাৰ কৰাৰ নিয়ম আছিল ৷ এই মৈদাম সমূহ যথা স্হানত লক্ষ্য কৰিলে সহজতেই অনুধাৱন কৰিব পাৰি যে স্বৰ্গদেউ সকলৰ মৈদাম পৰ্বত হেন ওখ, ডা ডাঙৰীয়া সকলৰ মৈদাম অন্যন্য সাধাৰণ লোকৰ মৈদামতকৈ বৃহৎ অথচ প্ৰতিবিধ মৈদামৰ আকাৰ ঢৌমুৰীয়া ৷ 
(৩) পুৰোহিত লোকসকলৰ মৈদাম স্বৰ্গদেউ সকলে যি ঠাইত মাটি ভেটিৰে সংস্হান দিছিল সেই ঠাইতেই আছিল ৷ এই মৈদাম সমূহ চৰাইদেউ মৈদামতকৈ চাপৰ ৷
(৪) অন্যান্য উচ্চ বৰ্গৰ বিষয়া,বৰফুকন আদিৰ মৈদাম সমূহো চৰাইদেউ মৈদামতকৈ চাপৰ৷ তীখিসিং বৰবৰুৱাৰ মৈদাম চেচাঁ নদীৰ পাৰত আছে ৷ সম্ভৱ বহুজন বৰবৰুৱাৰ মৈদাম আৰু সেইসকল বংশৰ লোকৰ লোকৰ মৈদাম ডিব্ৰগড়লৈ যোৱা ৰাষ্ট্ৰীয় পথৰ সোঁৱে আৰু বাওঁফালে আছিল ৷ সোঁফালৰ মৈদাম সমূহ বাগিছা কৰ্তৃপক্ষই খহাই চাহ পুলি ৰুলে ৷ কিন্তু বাঁও ফালৰ মৈদাম সমূহৰ চিন মোকাম আজিও আছে ৷ এইবোৰৰ গোটাচেৰেকত চৰকাৰে বনানিকৰণ কৰিছে ৷
(৫) ধ্বজ ফুকনৰ মৈদাম লংপতীয়া ৰেল ষ্টেচনৰ নামনিত আছিল ৷ গৌৰিনাথ সিংহৰ মাহীমাক নাফুকি আইদেওৰ মৈদাম আইদেউ বাৰী চাহ বাগিচাত আছে৷ অসমৰ বিভিন্ন ঠাইত থকা বিভিন্ন চাহ বাগিচা সমুহ হয় উচ্চ বৰ্গৰ বিষয়াৰ নহয় বৰফুকনৰ সকলৰ আছিল ৷ যিবোৰ ঠাই আছিল সেই লোক সকলৰ আকৃতি অঞ্চল ৷ হিলৌধাৰী কোঁৱৰ সকলৰ মৈদাম খঁৰাহাত বাগিচাৰ কাষত আজিও জাগ্ৰত হৈ আছে ৷
(৬) ৰাজ্যখনৰ যি সকল সেনাধ্যক্ষ আছিল সেই সকলৰ মৈদাম বাকী সাধাৰণ পাইক শ্ৰেণীলোকৰ মৈদামতকৈ ওখ আছিল ৷ উত্তৰ লখিমপুৰৰ ধেমাজিৰ প্ৰায় চল্লিচ কিলোমিটাৰ আঁতৰৰ বৰ অজোহা চাপৰিৰ চাড়গড়ৰ মাজত দুটা মৈদাম আছে যি দুটা মৈদাম লাচিত বৰফুকনৰ ভায়েকৰ ৷ এই দুজন লাচিতৰ ভায়েকে চিংফৌসকলক দমন কৰিবলৈ গৈ তাতে মৃত্যু হৈছিল ৷ এই দুইটা ডাঙৰ মৈদামৰ বাহিৰেও তাত অনেক সৰু বৰ মৈদাম দেখিবলৈ পোৱা যায় ৷ দিৰৈ নৈৰ দুয়ো পাৰৰ সমগ্ৰ অঞ্চলত সাধাৰণ সৈণিকৰ মৃতদেহ হাঁফলু আকাৰত শাৰী শাৰীকৈ থোৱা হৈছিল ৷ এইবোৰৰ চিন মোকাম এতিয়াও দেখিবলৈ পোৱা যায়৷ আহোম শাসনৰ শেষৰ ফালে যোৰহাটট ৰাজধানী থাকোতে খঙীয়া অঞ্চলত সৈণিকৰ শ মৈদাম দিয়া হৈছিল ৷ যিবোৰ এতিয়াও আছে ৷
(৭) পুৰণি ৰাজধানী চৰগুৱাত যিবোৰ মৈদামৰ চিন-মোকাম আছে সেইসমূহতো ৰজা ঘৰৰ বিষয়বাব খোৱা উচ্চ বৰ্গৰ বিষয়াৰ মৈদাম আছিল ৷দিখৌ পাৰত নদীৰ সোঁতে খহাই নিয়া আৰু মাটি খান্দি প্ৰায় নি:শেষ কৰা কেৱল দেশৰ বাবে গদাপাণি কোঁৱৰৰ প্ৰাণ ৰক্ষা কাৰিণী সোণামতীৰ মৈদাম আছে ৷ গুৱাহাটী বন্দৰৰ বৰফুকনৰ পত্নী গদাপাণি বায়েক বাওলি আইদেউ মৈদাম আজিও বামুণি মৈদাম হৈ জিলিকি আছে ৷ এই মৈদাম দৰাচলতহে বাওলী মৈদাম হে হ'ব লাগে ৷
(৮) সৰ্বসাধাৰণ লোকৰ শ ওখ হাঁফলু আকাৰত তৈয়াৰী হ'লেও এবোৰ মৈদামত মাটিৰ সমতা ৰক্ষা কৰিহে শ পোতা হৈছিল ৷ গাঁতবোৰ আঁতৰৰ পৰা ৰঙা মাটি জাপি দিয়া হৈছিল৷
(৯)খেলিমেলিকৈ মৈদাম সমূহত শ পোতা নহৈছিল ৷নিৰ্দিষ্ট ঠাইত সংৰক্ষিত অঞলতহে মৈদাম সমূহ সজা হৈছিল ৷সততে মৈদাম সমূহ দ জলাতকী ঠাইত নাছিল ৷ যি ঠাই ওখ তেনে ঠাইত হে শৰ মৈদাম আছিল ৷ মৈদাম সমূহৰ আকাৰ প্ৰকাৰ শাৰি শাৰিকৈ সু-সংহত থকাৰ পৰা অনুমান কৰিব পাৰি যে তাই আহোমৰ ৰাজত্ব দিনত বৰ্তমান যুগতকৈ শ সৎকাৰ ব্যৱস্থা উন্নত আছিল ৷
সম্পূৰ্ণকৈ পঢ়ক »

বুৰঞ্জীৰ বিকৃতকৰণ তথা তাই আহোমৰ ভৱিষ্যত — চাও বিতু বড়া, সোণাৰী

পৃথিৱীৰ উৎপত্তিৰ ক্ষণৰ আদিম এককোষী জীৱৰ পৰা ক্ৰমান্বয়ে হোৱা ক্ৰমবিকাশৰ ফলস্বৰুপে উচ্চতম শিখৰত আজি মানৱজাতি। কাপোৰ নিপিন্ধাকৈ থকাৰ পৰা আজি সৃষ্টিশীলতাৰ জৰিয়তে সাংস্কৃতিকেই হ‌ওক , প্ৰযুক্তিৰ দিশতেই হ‌ওক আজি আমি মানৱ জাতি উচ্চ শিখৰত। গুহাৰ শিলত ছবি অঁকাৰ পৰাই সম্ভৱ কলা সংস্কৃতিৰ বিকাশ হৈছিল। সেইসময়ত মানুহে বায়ু ,পানী , মাটি , জুই আদি প্ৰাকৃতিক শক্তিৰ ওপৰত নিৰ্ভৰ কৰি চলিছিল বাবে এইবোৰক ঐশ্বৰিক শক্তিৰ ৰূপত পূজা অৰ্চনা কৰিছিল। তেতিয়াৰ পৰাই হয়তো আৰম্ভ হৈছিল ধৰ্মীয় উপাসনাৰ। কালৰ সোঁতত ধৰ্ম , সংস্কৃতিৰো ক্ৰমবিৱৰ্তন হৈ নানা স্বকীয় বৈশিষ্ট্যসম্পন্ন ধৰ্ম আৰু জাতিৰ জন্ম হ'ল। আজিৰ যুগত মূখ‍্যকৈ ধৰ্ম বুলিলে হিন্দু, ইছলাম, খ্ৰীষ্টান, বৌদ্ধ( যদিও কোনোৱে ইয়াক হিন্দু ধৰ্মৰে অংশ বোলে।) ধৰ্মকে সৰ্ব সাধাৰণলোকে বুজে। পিছে সময়ৰ সোঁতত, এই ধৰ্মসমুহৰ আগ্ৰাসী নীতিৰ ফলত এছিয়াৰ মঙ্গোলয়ড জাতিসকলে পালন কৰা কিছুমান স্বাধীন ধৰ্ম ইতিহাসৰ পাতত হেৰাই থাকিল। এই ধৰ্মসমূহতো আনৰ দৰে নিজা দেৱ-দেৱীক পূজা কৰা হৈছিল। কেৱল স্বজাতিৰ পৰম্পৰা হিচাপে পালন কৰি অহা এই ধৰ্মসমুহৰ প্ৰচাৰৰ কোনো আগ্ৰহ দেখুওৱা নাছিল। সেয়েহে ইয়াৰ কোনো প্ৰসাৰ হোৱা নাছিল। কোনো কোনো এটা জাতি আকৌ নিজা ভাষা , সংস্কৃতি , ধৰ্মৰে চহকী আছিল। পিছে সময়ৰ পাকচক্ৰত পৰি আন ধৰ্ম, সভ‍্যতাৰ ধৰ্মীয় , ৰাজনৈতিক আগ্ৰাসনে এইবিলাকক বিলুপ্তিৰ গৰাহলৈ ঠেলি লৈ গৈ থাকিল।
দুখৰ বিষয় যে আজি তেনে চহকী জাতিয়েই নিজৰ প্ৰকৃত পৰিচয় বাৰুকৈ পাহৰি পেলাইছে। আজি অসমৰ টাই আহোম সকলো ইয়াৰে এক জলন্ত উদাহৰণ। আজি অসমৰ যিসকল মঙ্গোলীয় জাতিয়ে সগৌৰৱেৰে হিন্দুত্ববাদৰ শ্ল'গান গাই গৈছে, এসময়ত এই সকলোৰে নিজৰ স্বকীয় ধৰ্ম আছিল। য'ত তেওঁলোকে নিজৰ দেৱ দেৱীক পূজা কৰিছিল, কিছু হিন্দুৱে তাক দেও পূজা বা ভূত পূজা বুলি নামাকৰণ কৰিছিল । হিন্দুত্বকৰণৰ সংক্ৰামক ব্যাধি মেলি দিয়াৰ উদেশ‍্যে একশ্ৰেণীৰ হিন্দু পণ্ডিতে সেই দেৱতাক কোনো হিন্দু দেৱতাৰ সৈতে তুলনা কৰি নাইবা জাতিটোৰ আদি পুৰুষক কোনো হিন্দু ধৰ্মৰ কামাতুৰ দেৱতা আৰু চৰিত্ৰহীন নাৰীৰ সংগমৰ ফলত জন্ম হোৱা সন্তান সজা‌ই হিন্দু সমাজত অস্পৃশ্য শ্ৰেণীত স্থান দিয়াৰ পৰম্পৰা আৰম্ভ কৰিছিল। সেইদৰে আহোমৰ দৰে স্বকীয় ভাষা সংস্কৃতিসম্পন্ন জাতি এটাৰ সকলোবোৰ আজি আঁচ এডালো নোহোৱাকৈ শেষ কৰাত প্ৰায় সফল হৈছিল এইসকল হিন্দুত্বৰ ধৰ্মযাজকে ৷ কোনো এটা জাতিৰ ভাষা সংস্কৃতি এনেদৰে শেষ কৰি নিয়াটো এদিনৰ নহয় বহুদিনীয়া ষড়যন্ত্ৰ। সময়ে সময়ে ইতিহাসে ইয়াকে সোঁৱৰায় দিয়ে।
সহজ সৰল মানুহ এখিনিক আঁভোৱা ভাৰি কি দৰে নিজৰ ওচৰত নিজক অৱনমিত কৰাৰ উদাহৰণ বহুতো আছে উদাহৰণ স্বৰূপে-----
ক) কালীমোহন ভট্টাচাৰ্যৰ "যোগিনীতন্ত্ৰ"ত কৈছে:
ধৃতৰাষ্ট্ৰৰ পত্নি কোনোবা শাপগ্ৰস্তা অপ্সৰা মনোহৰা ‌ঋতুমতী হৈ থকা অৱস্থাত ইন্দ্ৰ‌ই সংগম কৰাত বোলে এক মদ, সৰ্বমাংসভোজী, ম্লেচাপৰায়ণ সন্তানৰ জন্ম হয়। পিছত ইন্দ্ৰৰ আশীৰ্বাদক্ৰমে বহু পুৰুষৰ পাছত এজন ন‍্যায়পৰায়ণ , ধৰ্মপৰায়ণ পুৰুষ জন্মে যি সৌমাৰত ম্লেচ, কুৱাচ(কোঁচ) আদিৰ অধিকাৰী হৈ শাসন কৰে।
পিছে আহোম ৰাজবংশৰ গুৰিধৰোতা চাওলুং ছ্যু কাফা মুংৰিমুঙৰামৰ কোঁৱৰ চাও চাং ঞ‍্যেও আৰু মুং মাও লুঙৰ ৰজাৰ ভনীয়েকৰ নাং মুং ব্লক খাম ছেং ৰ সন্তান। বিজ্ঞানৰ মতেও ঋতুচক্ৰৰ সময়ত হোৱা শাৰিৰীক সম্পৰ্কৰ ফলত গৰ্ভধাৰণ নহয়। গতিকে বৰ্ণসংকৰণ ঘটাই আহোম ৰাজবংশক কলংকিত কৰাৰ যুক্তিটো অবাস্তৱ, ভিত্তিহীন তথা পৰিকল্পিত ষড়যন্ত্ৰ ।
খ) আন এক মত অনুসৰি বশিষ্ঠ মুনিয়ে দিখৌৰ পাৰত গঢ়া এক পবিত্ৰ স্থান ইন্দ্ৰ‌ই দিখৌত বাঢ়নী পানী আনি ধ্বংস কৰাত ইন্দ্ৰক ম্লেচৰ জাতত জন্ম হবলৈ শাপ দিলে। পিছে অনুনয় বিনয়ৰ মুৰত কেইবা পুৰুষ যোৱাৰ পাছত মুক্তি পাব বুলি কলে। তেতিয়া ইন্দ্ৰ ই শ‍্যামা নামে অপ্সৰা এগৰাকীক নৰা ৰজাৰ ৰাণী ৰূপে মৰ্ত‍্যলৈ পঠালে । এবাৰ ৰজা চিকাৰলৈ যাওঁতে ইন্দ্ৰ‌ই সংগম কৰাত এজন সন্তানৰ জন্ম হয়। তেওঁৰ দুজন সন্তানৰ এজনৰ নাম "ছ্যু কা ফা " যাৰ ককায়েকৰ সৈতে হোৱা মতানৈক‍্যৰ ফলত তেওঁ পাটকাই পাৰ হৈ সৌমাৰ জয় কৰি শাসন কৰিবলৈ লয়।
যিহেতু খুনলুঙ খুনলাইৰ পাছৰ কেইবাপুৰুষ যোৱাৰ পাচতহে ছ্যুকাফাৰ পিতৃৰ জন্ম হয় গতিকে লেঙড‌ঙক ইন্দ্ৰৰ ঠাইত স্থাপন কৰিলেও আখ‍্যানটি ভুল। যিহেতু খুনলুঙ খুনলাই ও লেঙডঙৰ পুত্ৰ নাছিল।
গ) আন এক মতে কুৰুক্ষেত্ৰৰ যুজঁত বিধৱা হোৱা কৌৰৱৰ পত্নী সকলে দূৰমিখিৰ নামৰ এগৰাকী কৌৰৱৰ নাৰীৰ নেতৃত্বত পাণ্ডৱক পৰাজিত কৰাত পাণ্ডৱৰ মহিলা সকল যেনে দ্ৰুপদী , সুভদ্ৰা আদিয়ে যুদ্ধ কৰি হৰুৱাই উদয়গুৰিত পেলাই দিয়ে। তাতে ইন্দ্ৰ‌ই কৃষ্ণৰ কথামতে সংগম কৰাত দূৰমিখিৰৰ গৰ্ভত জন্ম হোৱা জন ৰজা হয় আৰু বাকী নাৰীৰ গৰ্ভত হোৱা সকল বুঢ়াগোহাঁই, বৰগোঁহাই, বৰবৰুৱা, বৰফুকন, ফুকন, হাজৰিকা , চাওডাঙ, শ‌ইকীয়া, ৰাজখোৱা, বৰা আদি হয়। দেৱতাসকলে ওখ-চাপৰ অসমান ঠাইত হাবি বন কাটি গড়গাওঁ নামে ঠাইত ৰাজধানী পাতি দিয়ে। এইবোৰ মনেসজা কাহিনীৰ কোনো ঐতিহাসিক সত্যতা পোৱা নাযায় ৷
স্বৰ্গদেও চুক্লেনমুঙে গঢ়ি থৈ যোৱা প্ৰত‍্যেকজন আহোমৰে গৌৰৱৰ গড়গাঁৱৰ নিৰ্মাণৰ কৃতিত্ব হিন্দু দেৱতাক দিব বিছাৰে এইসকলে। আৰু স্বৰ্গদেও চুক্লেনমুঙৰ আগতো বহুজন আহোম ৰজাই অসম ৰাজত্ব কৰি গ'ল। গতিকে এইজনা ৰজা ইন্দ্ৰৰ ঔৰসত জন্মা কৌৰৱ তিৰোতাৰ সন্তান হোৱাটো বুৰঞ্জীৰ লিখিত সত্যতাক বিকৃতকৰণৰ এক কু প্ৰচেষ্টা বুলি অভিহিত কৰিব পাৰি ৷
এইদৰেই চলি থাকিল , বাৰে বাৰে আহোম বুৰঞ্জীৰ বিকৃতকৰণৰ প্ৰচেষ্টা ৷
,লাচিত হিন্দু সজালে , যাকে এদিন আহোমে ভেঁটি মাটি দি সত্ৰ স্থাপন কৰি দিলে, আজি আহোমেই সেই সকলৰ ভৰিত ধৰি, পদজল খাই আহোমে সৰগ বিচাৰি পায়, বছৰি কৰ দিয়ে। নিজৰ ধৰ্মক বাদ দি চুৰ কৰি নিজৰ বুলি প্ৰচাৰ কৰা ধৰ্মত শৰণ ললে। আজি লাওপানী থলে, গাহৰি খালে, চেৱা দিয়া ভাত খালে মৃতকে দায় ধৰিব বোলা সকলে এবাৰ ইতিহাসক সুঁৱৰিলেই গম পাব মৃতকে কি কৰিলে ভাল পাব , কি কৰিলে দায় ধৰিব। এইদৰে নিজেই নিজক আজি ম্লেচ সজালে আহোমে। নিজৰ পুলিন-পুথাও সকলে লিখি থৈ যোৱা বুৰঞ্জী নপঢ়ি হিন্দু শাস্ত্ৰ পঢ়া সকলক বুৰ্বক সজোৱাত অসুবিধা নহ'ল সুবিধাবাদী এইসকল হিন্দু পণ্ডিতৰ। আনকি নিজৰে মহাকাব‍্য মহাভাৰতৰ কহিনী বিকৃত কৰিবলৈ লাজ নকৰিল এই নিলাজ পণ্ডিত সকলে। আহোম ৰজাই নিজকে ইন্দ্ৰবংশী বুলিবলৈ পায় নিজকে বৰ্ণসংকৰীত ম্লেচৰ বংশধৰ বুলিবলৈও সাজু হ'ল আৰু এইসকলক বৰপীৰা পাৰি দিলে। বলেৰে নোৱাৰা পৰাক্ৰমী আহোমক ধৰ্মীয় অস্ত্ৰৰে হত‍্যা কৰিলে আহোমত্বক। নিজৰে আনতকৈ উৎকৃষ্ট ধৰ্ম থাকোতে লোকৰটোহে আদৰি নিজৰটো বিসৰ্জন দিলে । যি নিজৰটো ধৰি থাকিল সেইসকল আহোম সমাজৰ পৰাই বাদ পৰা দৰে হ'ল। উদাহৰণস্বৰূপে দেওধাই , বাইলুং , মহন সকলে হিন্দু ধৰ্ম নোলোৱাত সাতঘৰীয়া আহোমৰ খেলৰ পৰা বাদ পৰে। পিছে আজি যি আহোমৰ বুলি জীয়াই আছে সেয়া হৰি নাম লৈ কল, মাহ-চাউল খোৱাসকলৰ বাবে নাই। দেউধাই, বাইলুং , মহন আদিৰ বাবেই আছেগৈ। আনবোৰে হিন্দু হৈ হিন্দুৰ যুক্তিহিন ধৰ্মীয় আদৰ্শকে মানি ললে। পৃথিৱী বোলে গাহৰিয়ে উদ্ধাৰ কৰিলে পানীৰ তলৰ পৰা। পিছে পানী কত আছিল সেইটো কোনে কব? পিছে আহোমৰ বিৱৰ্ত্তন শাস্ত্ৰ "লিৎ লাই পেঞ কা কা" ৰ মতে বিশ্ব ব্ৰক্ষ্মাণ্ডৰ গ্ৰহ-নক্ষত্ৰৰ উৎপত্তি "ফ্ৰা তু ছিঙ হুম নামৰ আদি শক্তিৰ উদ্গীৰণৰ ফলত হৈছিল । যি আধুনিক Big Bang Theory ৰ হৈতে মিলে।
এইবিলাকৰ পৰা কাৰটো ভাল কাৰটো বেয়া কবলৈ যোৱা হোৱা নাই। আহোমে আগতেও আনক সন্মান দিছিল আজিও দিব লাগে। কাৰণ খুনলুঙ খুনলাই মুঙৰিমুঙৰামলৈ আহোঁতেই কৈ পঠাইছিল আনক সন্মান কৰিবা, নিজৰটো ধৰি ৰাখিবা। আমি বুজিবৰ হ'ল যে আনৰ পুখুৰীত মাছ পুহিলে গৃহস্থৰ অনুমতিৰ অবিহনে মাছ মাৰিব নোৱাৰা বা নিজৰ বুলি কব‌ও নোৱাৰা। নিজৰ পুখুৰীত পুহিলে ৰৌ-বৰালিও তোমাৰ , মোৱা-দৰিকণাও তোমাৰ। গতিকে আমি লোকৰ পুখুৰীত ইমান দিনে মাছ পুহিলো পিছে লগুৱাৰ স্থান হে পালো। গতিকে সময় হ'ল নিজৰ পুখুৰীত মাছ পোহাৰ। কোনেও তোমাক অসমীয়াৰ পৰা পৃথক হৈ থাইলেণ্ড, ম‍্যানমাৰৰ হবলৈ নাইকোৱা , তুমি অসমীয়া আৰু আহোম হোৱা। তাকে নকৰিলে আজি ককাই ভাইক পাহৰি যাৰ আঙুলিত ধৰি আগবাঢ়িবলৈ লৈছা , এদিন সিয়ে এদিন আকৌ তোমাৰ পৰিচয় সুধি কাৰোবাৰ অবৈধ সন্তান সজাব। পায় - নাপায় , দায় ধৰিব আদিৰ বান্ধোন চিঙি আহোম হবৰ হ'ল , লাচিত ছ্যুকাফাৰ নাম লৈ টেটু ফালি মিছাতে চিঞৰিলে এদিন নিজকে ভতোৱা কুকুৰ বুলি প্ৰতিপন্ন কৰাৰ লগতে এইসকল মহানায়কক বহুৱা সজোৱা হব।
সহায়ক প্ৰসংগ:
১৷ ইতিহাসে সোঁৱৰা ছশটা বছৰ - সৰ্বানন্দ ৰাজকোঁৱৰ
২৷ অজগৰ বুৰঞ্জী - চাও নগেন হাজৰিকা
সম্পূৰ্ণকৈ পঢ়ক »