পাট মূগাৰ খৰমৰণি (চাও পাপু ফুকন)

সময়ৰ সোঁতত আমি আগৰি বাগৰি
জাতীয় স্বকীয়তা বাৰু গৈছোঁ নেকি পাহৰি !
আহোমৰ সোণালী ইতিহাস খুচৰি খুচৰি
আহোমৰ হেৰুৱা গৌৰৱ বিচাৰি বিচাৰি
আমাৰে একাংশ পি নং পৰিছে ভাগৰি
জাতীয় পৰিচয় দেখো অদ্যাপি ধুৱলী কুৱঁলী
আহোমৰ বুলি পিন্ধিছে মোগলৰ পাগুৰী
অজ্ঞান অসচেতনতাই খাইছে নেকি কুটুৰি কুটুৰি !
মিলনৰ হেতু হৈছিলো এদিন লুতুৰি পুতুৰি
স্বকীয় পৰিচয় সামৰি সুতুৰি
আজি যে সময় হ'ল নিমিষতে সলনি
জিলিকাই তুলিবৰ হ'ল আহোমৰ চিনাকি
জাতীয় জাগৰণৰ নতুন পদুলি হৈছে মুকলি
অনা টাই সাজপাৰ নলবি দেই বুটলি
নকবি দেই নিজৰ বুলি
সোণালী অতীতৰ গৌৰৱোজ্জল সোৱৰণি
পাট মূগা চেলেং ৰিহাৰ খৰমৰণি
ছাও টাই আহোম ঐ নাজাবি দেই পাহৰি
বুকুত নামাৰিবি তিবেতো বাৰ্মান মেথনি
ফা ছিন ফা ছৗ ধুনীয়াকৈ পিন্ধিবি
উভতি আহি আমাৰ হেৰুৱা চিনাকি
পদুলিতে ৰৈ আছে থমকি
পি নং টাং লাই ঐ আহ আনোগৈ আদৰি