ছয় জনগোষ্ঠীৰ জনজাতিৰ প্ৰাসংগিকতা তথা চৰকাৰী পক্ষৰ মিথ্যাচাৰ : জনমানসত বন্ধৰ প্ৰভাৱ — চাও সঞ্জীৱ বৰুৱা, শিৱসাগৰ

সাম্প্ৰতিক অসমৰ চচিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি বাতৰিকাকতলৈকে গৰম হৈ থকা দুটা বাতৰি হ'ল ছয় জনগোষ্ঠীকৰণৰ দাবীত চৰকাৰী পক্ষৰ হেমাহী আৰু চৰকাৰী পক্ষৰ হিন্দু বাংলাদেশীক আদৰিবলৈ যত্ন কৰা কুচ কাৱাচ ৷ 
দুইটা সমস্যাৰ সৃষ্টিৰ প্ৰধান কাৰক চৰকাৰী পক্ষ ৷ এই বিষয়ে পাছত আলোচনা কৰিম ৷ 
বৰ্তমান অসমত ভাৰতীয় সংবিধানৰ গণ্ডীৰে জনগোষ্ঠীয় এলেকাত সামৰি লোৱা জিলা কেইখন হ'ল উত্তৰ কাছাৰ, কাৰ্বি আংলং, বাক্সা, কোকৰাঝাৰ, চিৰাং , ওদাল গুৰি ৷ এই জিলা কেইখনত কোনো বহিৰাগত লোকে সম্পত্তিৰ কিনাবেচাত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিব নোৱাৰে তথা সকলো সুবিধা থলুৱাসকলৰ বাবে সুৰক্ষিত ৷ অসমৰ ছয় জনগোষ্ঠীৰ দাবীদাৰৰ ভিতৰত থকা সকল হ'ল— কোঁচ ৰাজবংশী, টাঈ আহোম, মৰাণ, মটক, চুতীয়া আৰু চাহ জনজাতিসকল ৷ কোঁচ ৰাজবংশীসকলৰ বসতি স্থলৰ ভিতৰত গোৱালপাৰা, বঙ্গাইগাঁও, ধুবুৰীৰ কিছু অঞ্চল, বৰপেটাৰ কিছু অঞ্চল, বাকী পাঁচটা জনগোষ্ঠীৰ বসতিস্থল উজনি অসমৰ আটাইকেইখন জিলাই সামৰি লব ৷ কম বেছি পৰিমাণে নগাঁও আৰু মৰিগাঁওৰ কিছু অঞ্চল জনজাতীয় ক্ষেত্ৰৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব ৷ এই জনগোষ্ঠীকেইটাৰ দাবী কাৰ্যকৰী কৰিলে অসমৰ ৯০ শতাংশ ভূমি জনজাতীয় লোকৰ বসতিস্থল হিচাপে পৰিগণিত হ'ব ফলস্বৰুপে কেন্দ্ৰীয় চৰকাৰে অসমক জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰিবলৈ বাধ্য হব আৰু বহিৰাগতৰ বাবে ইনাৰ লাইন পাৰমিট প্ৰস্তুত কৰিবলৈ বাধ্য হ'ব ৷ নিতান্তই সাময়িক পৰিস্থিতিত চৰকাৰে খিলঞ্জীয়া ভূমি সুৰক্ষা তথা অসমৰ মাটিভেটিৰ সুৰক্ষাৰ বাবে ছয় জনগোষ্ঠীৰ দাবীটোক সৰ্মথন জনাই কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰিব লাগিছিল ৷ এইটো নিৰ্বাচনী ইছ্যুলৈয়ে চৰকাৰে শাসনৰ গাদীলৈ আহিছিল ৷ কিন্তু উগ্ৰ হিন্দুত্ববাদৰ শৰনাপন্ন সৰ্বানন্দ চৰকাৰৰ বিধায়কৰ লগতে মুখ্যমন্ত্ৰীৰ মুখত ব্লেকটেপ লাগি গ'ল ৷ গগৈ ছাৰৰ দৰে পাঠ আওৰাইছে, বাদ দিয়াহে জনজাতি, আগতে আমাৰ হিন্দু বাংলাদেশী বন্ধুখিনিক আনি লোৱা ৷ তাৰ পাছত দেখিবা ৷ 
অসমৰ সাম্প্ৰতিক পৰিস্থিতিত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ জৰুৰী হৈ পৰিছে ৷ ইয়াৰ কাৰণে সৰ্বসাধাৰণ জনসাধাৰণক বিপদত নেপেলাই অইন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰক সকলোৱে ৷ অসমত কেন্দ্ৰীয় চৰকাৰ উৎপাদনমুখী যিমান অনুষ্ঠান, প্ৰতিষ্ঠান আছে সেইবোৰ বিৰুদ্ধে কাৰ্যসূচী ৰুপায়ণ কৰক ৷ তেতিয়াহে যদি মোদীৰ চকু মেল খাই ৷ সৰ্বহাৰাক অতিষ্ঠ কৰি গ্ৰহণ কৰা প্ৰতিবাদৰ ভাষা বহুতৰে বাবে প্ৰতিবাদৰ সুৰ প্ৰতিবাদী নহৈ লঘোণীয়া পেটৰ সুৰহে হবগৈ ৷
এতিয়া আহোঁ অইন এটা বিষয়লৈ ৷ আমি জনজাতিৰ দাবী কৰিছোঁ সঁচা কথা ৷ কিন্তু বৰ্তমানৰ সময়ছোৱাত ভাৰতীয় সংবিধানৰ সাংবিধানিক ব্যৱস্থাৰেহে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্ভৱ আৰু সেই সাংবিধানিক ব্যৱস্থাৰ নিদিষ্ট চৰ্ত কেইটা ছয় জনগোষ্ঠীৰ ক্ষেত্ৰত বৰ্তমানেও সংৰক্ষিত হৈ আছেনে? বিশেষকৈ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিত লিপিবদ্ধ জনজাতীয় বৈশিষ্ট্য এই ছয় জনগোষ্ঠীৰ আছেনে? এটা ডাঙৰ প্ৰশ্ন এইখিনিতে নেতাসকলৈ এৰিলো ৷ এটা কথা মনত ৰাখিব, হিন্দু ধৰ্ম, হিন্দু সংস্কৃতিৰ হাৱাপানী খাই, বগাচাৰ্ট পিন্ধি শ্লোগান দিলেই নহ'ব লগে লগে নিজক জনজাতিৰ উপযুক্ত ৰুপত পৰিবেশন কৰাৰ লগতে উঠি অহা প্ৰজন্মক স্বাৱলম্বী হবলৈ শিকাওক ৷ 
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াৰ সম্পৰ্কত বৰ্তমানলৈকে চৰকাৰে প্ৰকাশ কৰা কোনো তথ্যই সঁচা নহয় ৷ প্ৰথম কথা এই প্ৰক্ৰিয়া আৰম্ভণি কৰিবলৈ হ'লে চৰকাৰে সংসদত ষষ্ঠ অনুসূচীৰ সংশোধনী প্ৰস্তাৱ দাখিল কৰিব লাগিব ৷ দাখিল কৰা প্ৰস্তাৱ গৃহিত হোৱাৰ পাছত বিধেয়ক প্ৰস্তুত, আলোচনা, সমালোচনা, লোকশুনানি, আৰু কিমানখন জটিলতা আছে ঠিক নাই ৷ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ সংশোধনী প্ৰক্ৰিয়া কৰ্মচাৰীৰ দৰমহা বিল নহয় যে একে সপ্তাহে পাছ হব ৷ ভাৰতৰ দৰে দেশত শিক্ষাৰ অধিকাৰ আইন ২০০৫ চনত গৃহিত হৈ ২০১০ চনৰ পৰা কাৰ্যকৰী হৈছে যিটো নাগৰিকৰ এটা মৌলিক অধিকাৰৰ লগত জড়িত বিষয় আছিল ৷ আৰু ষষ্ঠ অনুসূচীৰ সংশোধনী? ??????????
অথচ আমি বুজিবলৈ চেষ্টা কৰা নাই বা নুবুজিলো যে ইমান দিনে বিজেপি চৰকাৰে গোকাট মিছা প্ৰতিশ্ৰুতিৰে আমাক আভুৱা তৰি আছে ৷ গতিকে সচেতন হওক সকলো, অসমৰ সুৰক্ষা কৱচৰ ক্ষেত্ৰত নহ'লে অনাগত দহবছৰতো ছয় জনগোষ্ঠীকৰণ সম্ভৱ নহ'ব ৷