জেৰঙাৰ আলতীয়া আঠা (কৃষ্ণকান্ত দোলাষৰীয়া)

জেৰেঙা পথাৰ বুলিলে সকলোৱে জয়মতীক শাস্তি দিয়া বুলিহে জানে। বহুতে হয়তো নাজানে ইয়াৰ চাৰিওফালে এক সুন্দৰ সামাজিক সভ্যতাও আছে। এই জেৰঙা পথাৰৰ দক্ষিণ পাৰতে আমাৰ মৰমৰ গাওঁবোৰ। নিকট দূৰত্বৰ ব্যৱধানত কেইবাখনো ৰজাদিনিয়া গাওঁ। ডাউকী আলিৰ দূয়োকাষে, নামদাং নৈৰ দূয়োপাৰে, নামতকৌ বিলৰ পাৰে পাৰে চিনাকী মূখৰ শুৱলা মাতৰ আপোন মানুহৰ ঘৰ আৰু গাওঁ। সকলো ছবি মনলে আহিলে সাউতকৈ মনটো মগৰাহাট পাইগৈ।(মগৰাহাটৰ বিষয়ে শুকীয়াকৈ লিখিম কেতিয়াবা)
এই সকলো মানুহৰে প্ৰাণকেন্দ্ৰ জেৰেঙা পথাৰ। খেতিৰ মাটি কেইদৰা ইয়াতেই। ধান ৰোৱাৰ দিনৰ পৰিৱেশ আৰু দোৱা দিনৰ পৰিৱেশবোৰ সচাই ভাল লগা। জেৰেঙাত বছৰি পানী উঠে, মানে বানপানী। বছৰি তিনিটাকৈ সৰু বৰ বানপানীত আক্ৰান্ত হয় জেৰেঙাৰ খেতিয়ক। পিছে যদি পানীয়ে আলৈ আঠানি নকৰে তেন্তে ৰাইজক কোনে বলে পাৰে।
এই জেৰেঙাৰ সোঁমাজতে 'মাজৰ আলি' য়ে পথাৰখনক দূভাগ কৰিছে। মাজ'আলি ইমুৰৰ কাঠনিপাৰত তাহানিৰ ৰজাই বনোৱা শিয়ালচুং আছিল ঠিক সিমুৰৰ পহুগড়ৰ পোনে পোনে। মাজ'আলিৰ উত্তৰলে আছে আহোম ৰজাই কৃত্ৰিমভাবে খন্দোৱা আইলা আৰু কেনাম পয়-পনালী। ডিমৌজানক, কেনাম আৰু আইলাই সংযোগ কৰিছে নামদাঙত। ধান ৰোৱা শেষ কৰি মগৰাহাটৰ ৰাইজে আইলাত সমুহীয়াকৈ মাছ ধৰাৰ পৰ্ব আৰম্ভ কৰে। প'ল, জুলুকী, টাঙনি, খেৱালী, মণিপুৰী জালৰ সমাহাৰে আইলা ঘোলা কৰি মাছ মৰাৰ মজাই সুকীয়া। কাৰ কপালত বৰালি, শল, খৰীয়া, চিতল পৰে কোনে জানে, কলীয়াজৰাক কোনে পুছে।আমিও এই ৰঙ ৰসৰ অধিকাৰী হৈছিলো। সৰুমাছে খালৈ ভৰি পৰে। বেতৰ জোতাত ডাঙৰ মাছৰ লানী। চাইয়ে ভাল লাগে। নামদাং, নামটকৌটো এই পৰ্ব চলে। নামদাং ৰ মাছৰ সোৱাদ বেছি। আগতে নামটকৌৰ কৰতীমাছ বৰ বিখ্যাত।
আমি সৰুমখাই মোৱাজাল চোচো, সৰু মাছবোৰ পাতত দি খাবলৈ। দণিকনা মাছ পাতত দিলে বৰ ভাল লাগে।
জেৰেঙাত গৰু চৰাবলৈ গ'লে অঘাইতং কামবোৰ কৰো। মানে চুৰত খোৱা, কেতিয়াবা ম'হখূটীৰ গাখীৰ চুৰ কৰি খোৱা আৰু বহুতো। মাজআলিৰ লুৰত বা বড়াজানৰ লুৰত মাছ সেপিওৱা, সৰিয়হনি টুপত দৌৰি ফুৰা নিত্য নৈমতিক কাম আছিল। গৰখীয়া লৰাক ভোগ/প'মান দিলে কথাই নাই। "পহুগড়" ৰ গাখীৰক কোনে ফেৰ মাৰিব পাৰিব। আজিকালি বহুত বষ্ত্তুৰ সোৱাদ নতুনচামে নাইপোৱা। গাহৰীনুমীয়া বনবোৰ পাতলকৈ এৰোৱাই গাত পিন্ধি চাও, মাটিত পাৰি বহিবলৈও ভাল। চেচু খান্দি উদৰপুৰাই খাও। নপুখূৰীৰ পাৰৰফাল গৈ সেলুক টুপুলা বান্ধি আনো।
মাজতে কৰপৰানো আহি কলমৌৱে জেৰেঙাত বাহৰ পাতিলে নাজানো। জেৰেঙাৰ এফাল চানি ধৰিলে। চৰকাৰীভাৱেও কলমৌ নিৰ্মুল অভিজান চলিল যদিও সিমান সফল নহ'ল। শুনিবলৈ পোৱামতে সেই ধনৰ সৰাধ হ'ল। আজিকালি কলমৌ কমিছে নতুন আচনিৰ দ্বাৰা। আমি আশা কৰিছো আগৰদৰেই গোটেই জেৰেঙাখন সেউজীয়া, পকাধানৰ দিনত সোনালী আৰু সৰিয়হৰ দিনত হালধীয়া হৈ জিলিকি পৰক। ম'হৰ খুটিবোৰে আকৌ প্ৰাণ পাই উঠক, গৰু-চাগলীয়ে জেৰেঙাখন চিলা-পখৰা কৰি তুলক।সদম্ভে আকৌ ক'ব পাৰিম, জেৰেঙা পথাৰত অকল জয়মতীক বিচাৰি নাহিব, ইয়াৰ ওপৰিও বহুত উপাদান আছে তাৰ সোৱাদ লবলৈও আহিব।