কলিয়াবৰ ✍ চাও ঋতুৰাজ ফুকন

অসমৰ নগাঁও জিলাৰ পূব দিশত অৱস্থিত অন্তৰ্ভুক্ত এখন মহকুমা৷ নগাঁও জিলাৰ পৰা ইয়াৰ দূৰত্ব ৪৮ কিলোমিটাৰ৷ উজনি আৰু নামনি অসমৰ মধ্যত ইয়াৰ অৱস্থিতি। উপক্ৰান্তীয় অঞ্চলটোৰ ৯৩০ - ৯৮০ পূব দ্ৰাঘিমাংশ ২৬০-২৭০ উত্তৰ অক্ষাংশৰ মাজত অৱস্থিত। কলিয়াবৰৰ মাটিকালি প্ৰায় ৯৭,১১৮ হেক্টৰ৷ কলিয়াবৰ. কলিয়াবৰ লোক সভা সমষ্টিৰ এটা অংশ৷
কলিয়াবৰৰ পূবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পশ্চিমে চামধৰা গড়, উত্তৰে ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিনে কাৰ্বি পাহাৰ অৱস্থিত৷
কলিয়াবৰ নামৰ উত্‍পত্তি
"টু্ন্‌-ৰুং-ডাম্‌" - আহোম বা টাই ভাষাৰ কলিয়াবৰ নামটোৰ পৰিচয় থকা বুলি জনা যায়৷ আহোমসকলৰ ভাষাত টু‌ন্‌ মানে কলীয়া বা ক’লা ডাৱৰ ৰুং মানে বৰ আৰু ডাম্‌ শব্দৰ অৰ্থ হ’ল গছ৷ অৰ্থাৎ কলীয়া বৰ গছেৰে ভৰি থকা ঠাই কলিয়াবৰ৷
আহোম ৰাজত্বকালত কলিয়াবৰ
অলেখ প্ৰাচীন ঐতিহ্যৰে ভৰা কলিয়াবৰ আহোম ৰাজত্ব কালৰ এক উল্লেখ্যোগ্য ঠাই আছিল৷ ১৪৯৭ - ১৫৩৯ ত ৰাজত্ব কৰা স্বৰ্গদেউ ছুহুংমুং দিহিংগীয়া ৰজাৰ দিনত কলিয়াবৰ আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত হোৱাৰ পূৰ্বে কছাৰী-জয়ন্তীয়া সল্কলৰ অধীনত আছিল৷ ১৫৩২ খ্ৰীষ্টাব্দত তুৰ্বকৰ আক্ৰমনত ব্ৰহ্মপুত্ৰ আৰু কলংমুখৰ ৰণত সেনাপতি ফ্ৰাচেংমুখৰ হাতত মুছলমান সেনা হায়াত খান বধ হোৱাৰ পাছত নাৰী বাহিনী লৈ তেওঁৰ পত্নী মূলাগাভৰুৱে কলিয়াবৰতে তুৰ্বকৰ বিৰুদ্ধে যুঁজ দি প্ৰাণ ত্যাগ কৰিছিল৷ প্ৰতাপ সিংহৰ (১৬০৩-১৬৬১ খ্ৰীঃ) ৰাজত্বকালত তীব্ৰৰূপ ধাৰন কৰা মুছলমান আক্ৰমনৰ পৰা ৰাজ্য ৰক্ষাৰ বাবে পৰিকল্পিতভাৱে কলিয়াবৰৰ পাহাৰ আঅৰু বিশাল ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি শ্যামলা গড়, মিছা কোঠ, দিজু কোঠ, চামধৰা গড়, ৰাঙলী গড়, শালনা পাহাৰৰ কোঠ, কেচু কাটিগড় আদি নিৰ্মান কৰাইছিল৷ আহোম স্বৰ্গদেউ চুখ্ৰাংফা বা ৰুদ্ৰ সিংহৰ দিনৰ পৰা ৰাজেশ্বৰ সিংহৰ দিনলৈ (১৭১৪ - ১৭৬৯খ্ৰীঃ) কলিয়াবৰ সাংস্কৃতিক বুৰঞ্জীত উল্লেখযোগ্য ৰেখাপাত কৰিছে৷ শিবসিংহই কলিয়াবৰত দৌল-দেৱালয়, মঠ-মন্দিৰ আদি স্থাপন কৰিছিল।
ব্ৰিটিছ শাসন কালত কলিয়াবৰ
ব্ৰিটিছ শাসন কালৰ প্ৰায় ১৮৪০ চনৰ পৰাই কলিয়াবৰৰ স্বাস্থ্যসেৱা, চাহ বাগান, ৰেলসেৱা, ফেৰীসেৱা, আদিৰ উন্ন্তি হৈছিল৷ ব্ৰিটিছৰ দিনতেই শিলঘাটৰ পৰা চাপৰমুখলৈ ৰেলপথ নিৰ্মান কৰা হয়৷ ১৯২০ চনৰ ২০ মাৰ্চত মালবস্তু কঢ়িওৱা আৰু সেই বছৰতে আগষ্ট মাহত যাত্ৰী পৰিবহনৰ মিটাৰ গজ ৰেলসেৱা আৰম্ভ হৈছিল৷
প্ৰাচীন কীৰ্তিচিহ্নসমূহ
কামাখ্যা দেৱালয়, শিলঘাটত এই দেৱালয়খন অৱস্থিত৷
ভৰালী নামঘৰ, হাটবৰৰ পৰা কিছু নিলগত নামঘৰটো অৱস্থিত৷
হাতীমূৰাৰ দূৰ্গা মন্দিৰ৷
খাৰ বাৰুদৰ ঘৰ আৰু প্ৰাচীন বৰতোপ৷
জয়ন্তীপুৰৰ বৰমছজিদ৷