অসমৰ সমাজ সংগঠনত স্বৰ্গদেও প্ৰতাপ সিংহৰ ভূমিকা (ড° দীপাংকৰ গগৈ)

সংমিশ্ৰিত সমাজ এখন বা জাতি এটা গঢ় লৈ উঠাৰ অন্তৰালত বিভিন্ন কাৰক নিহিত হৈ থাকে আৰু এক ঐতিহাসিক প্ৰক্ৰিয়াৰ মাজেদি ই নিদিষ্ট ৰূপ পায় । এনে ক্ষেত্ৰত ভিন্ন কাৰকে ভিন্ন সময়ত ভিন্ন ধৰণে সমাজ বা জাতি গঠন পক্ৰিয়াত ভূমিকা পালন কৰে । কোনো কোনো ক্ষেত্ৰত ৰাজনৈতিক পটভূমি বা শাসকৰ ভূমিকাই সমাজ গঠনত সক্ৰিয় অৰিহণা যোগায় । অসমৰ সমাজৰ ঐতিহাসিক পটভূমিলৈ লক্ষ্য কৰিলে দেখা যায় যে বৃহত্তম অসমীয়া সমাজ গঠন অংকুৰণ আৰু শ্ৰীবৃদ্ধি মধ্যযুগত আৰম্ভ হৈছিল। এই অংকুৰণ আৰু শ্ৰীবৃদ্ধি মধ্য যুগৰ শাসক কিছুমানে যে সক্ৰিয় ভূমিকা পালন কৰিছিল- এইটো ঐতিহাসিকভাৱে সত্য ঘটনা। ব্ৰক্ষ্মপুত্ৰ উপত্যকাত দীৰ্ঘকালৰ বাবে শাসনত থকা আহোম শাসক কেইজনমানৰ ভূমিকা নিঃসন্দেহে অতি গুৰুত্বপূৰ্ণ। চাও লুং ছ্যুকাফাই অসমীয়া সমাজ গঠনৰ সূত্ৰপাত ঘটালে পৰৱৰ্তী কেইবাজনো আহোম ৰজাই তাত সাৰ-পানী যোগাই দিগদৰ্শী ভূমিকা পালন কৰে । এই ক্ষেত্ৰত প্ৰতাপ সিংহৰ (১৬০৩-১৬৪১) নাম ল’ব পাৰোঁ । তেখেতৰ শাসন কালছোৱা অসম বুৰঞ্জীৰ এক গুৰুত্বপূৰ্ণ অধ্যায় । তেখেতৰ দিনৰ উল্লেখযোগ্য ঘটনাৰ ভিতৰত আহোম মোগলৰ দীঘলীয়া যুদ্ধ আৰু আহোম ৰাজ্যৰ প্ৰশাসনীয় তথা সমাজ ব্যৱস্থাৰ পুনৰ সংগঠন। যুদ্ধ আৰু দেশ তথা সমাজ সংগঠন- এই দুয়োটা দিশতে প্ৰতাপ সিংহই নিজৰ পাৰদৰ্শিতা আৰু বিচক্ষণতাৰ পৰিচয় দিবলৈ সক্ষম হৈঠিল। ১২২৮ খ্ৰীষ্টাব্দত ছ্যুকাফাই প্ৰতিষ্ঠা কৰা আহোম ৰাজ্যৰ সম্প্ৰসাৰণ আৰু শক্তি বৃদ্ধি হৈছিল চুহুংমুং দিহিঙ্গীয়া ৰজাৰ দিনত (১৪৯৭-১৫৩৯)। চুতীয়া ৰাজ্য চামিল কৰা, কছাৰী ৰাজ্যগ্ৰাস আৰু ভূঞাসকলৰ অঞ্চল বিশেষ অন্তভূক্তিকৰণে ব্ৰক্ষ্মপুত্ৰ উপত্যকাত আহোমক শক্তিশালি কৰে পৰিবদ্ধিত আহোম ৰাজ্যখন প্ৰশাসনিক তথা সামাজিকভাৱে সুদৃঢ়কৰণত প্ৰতাপ সিংহই সক্ৰিয় ভূমিকা লৈছিল।
পাইক প্ৰথা আৰু সমাজ পুনৰ সংগঠনঃ
প্ৰতাপ সিংহৰ দিনত আহোম ৰাজ্য প্ৰশাসনীয় আৰু সমাজ ব্যৱস্থা সুদৃঢ়কৰণৰ কাৰণে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। বিশেষকৈ মোগলৰ সৈতে সঘনে লৈ মোগলৰ বিৰুদ্ধে যুঁজিছিল । কোঁচ হাজোৰ শাসক পৰীক্ষিত নাৰায়ণৰ মৃত্যুৰ পিছত তেখেতৰ ভায়েক বলি নাৰায়ণে আহোমৰ ৰাজনৈতিক আশ্ৰয় গ্ৰহন কৰে। পৰৱৰ্ত্তী কালত বলি নাৰায়ণক ধৰ্ম নাৰায়ণ নাম দি প্ৰতাপ সিংহই দৰঙ অঞ্চলত কৰতলীয়া ৰজা পাতে। বলিনাৰায়ণে আহোমক মোগলৰ বিৰুদ্ধে হোৱা যুদ্ধ বিলাকত যথেষ্ট সহায় কৰিছিল। এনেদৰে কামৰূপ অঞ্চলত মোগলৰ আধিপত্য বিস্তাৰৰ সময়তে সেই অঞ্চলৰ কিছুমান শক্তিয়ে প্ৰতাপ সিংহৰ অধীনতা স্বীকাৰ কৰি সমৰ্থন আগবঢ়াইছিল। এই শক্তিবিলাকৰ ভিতৰত উল্লেখযোগ্য আছিল- ডিমৰুৱা, বেলতলা, ৰাণী, লুকি, বকো ইত্যাদি। ধাৰাবাহিক ভাৱে আহোম-মোগলৰ যুদ্ধ চলি থকাৰ সময়ত সেই অঞ্চলৰ দক্ষিণকুলীয়া উত্তকুলীয়া লোকসকল প্ৰতাপ সংহৰ ওচৰলৈ আহাৰ বিষয়ে বুৰঞ্জীত আছে- ‘সমস্তকে ৰজা পৰিক্ষিতে তোমাৰ দুই পাৱৰ তলেদি গৈছে। আৰু য’তলোক আছে সবাৰে দেৱ কুটুস্বৰ ঠাইতহে ভাত, আন ঠাইত ৰক্ষা নাই, এখন স্বৰ্গদেৱে যদি আজ্ঞা কৰে হাজোত যি বঙ্গালখনি আছে তাক ধৰিবাৰ প্ৰতি আমোকো আৰু দেৱতাৰ লোকজনকো পঠাই দিয়োক, দেৱতাৰ লোকজনক পাছ কৰি আমি আগোহুই খৰিমগৈ। হাজোৰ যুদ্ধৰ প্ৰতাপ সিংহৰ দিনৰ পৰৱৰ্তী আহোম-মোগল যুদ্ধ বিলাকত এই শক্তি বিলাকে আহোমৰ লগহৈ যুদ্ধ কৰিছিল। স্থানীয় প্ৰজাসকলক সংঘটিত কৰা আৰু সৈন্য বাহিনীৰ বাবে ৰচদ-পাতি যোগনা, যুদ্ধৰ বাবে ৰাস্তা-ঘাট আৰু ভৌগোলিক অৱস্থান জৰীপ ইত্যাদিৰ বাবে তেওঁলোক আহোমৰ বাবে অপৰিহাৰ্য হৈ পৰিল। প্ৰতাপ সিংহয়ো এই শক্তিবিলাকৰ সৈতে সেই কাৰণে সততে সদ ভাৱ ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল। সমকালীন অসমৰ বাবে ই এটা গুৰুত্ব পূৰ্ণ ঘটনা। এই শক্তিবিলাকে মোগলক উমৈহতীয় শত্ৰু জ্ঞান কৰি তেওঁলোকৰ বিৰুদ্ধে আহোমৰ সহায় কৰিছিল আৰু আহোম শক্তিৰ স্বীকাৰ কৰি লাছিল। তদুপৰি আহোমসকল ব্ৰক্ষ্মপুত্ৰ উপত্যকাত গুৰুত্বপূৰ্ণ শক্তি বুলি বিবেচিত হল। এনে ধৰণৰ ঘটনাই অসমীয়া জাতি তথা সমাজ গঠন প্ৰক্ৰিয়াত সহায় কৰিছিল।
সামৰণিঃ প্ৰতাপ সিংহৰ কালছোৱা অসমৰ সমাজ জীৱনৰ বাবে অতি গুৰুত্ব পূৰ্ণ অধ্যায়। তেখেতৰ দিনত যুদ্ধৰ ব্যৱস্থাৰ মাজতো মোমাই তামুলী বৰবৰুৱাৰ তত্ত্বাৱধানত পাইক প্ৰথা আৰু গাওঁ সংগঠনেৰে ৰাজ্যখনৰ ভেটি মজবুত কৰা হৈছিল। মোগল শক্তিৰ ওচৰত সেও নামানি তেখেতে ধাৰাবাহিকভাৱে যুদ্ধ কৰি গ'ল। কামৰূপ অঞ্চলৰ থলুৱা শক্তিবোৰ প্ৰতাপ সিংহৰ একত্ৰিত হৈ মোগলৰ বিপক্ষে সমগ্ৰ শক্তি প্ৰয়োগ কৰিছিল। ইয়ে ভিন্ন অঞ্চলৰ শক্তিক ওচৰ চপাই আনিলে। প্ৰজাসকলে উমৈহতীয়া উদ্দেশ্য লৈ একত্ৰীকৰণ হ'ল। ১৬ শ শতিকাৰ আৰম্ভণিতে অসমীয়া সমাজ গঠন প্ৰক্ৰিয়াত ই এক গুৰুত্ব পূৰ্ণ উপাদান হিচাপে পৰিগণিত হ'ল।
প্ৰতাপ সিংহৰ সমগ্ৰ কাৰ্যাৱলী তেখেতৰ জীৱনৰ এটা ঘটনাই বুজাত সহায় কৰিব। হৰকান্ত বৰুৱাৰ অসম বুৰঞ্জীত ৰজা জনৰ শেষ জীৱনৰ এটা কথা উল্লেখ পোৱা যায়। তেখেতৰ জীৱনৰ ৰেখা শেষ হৈ অহাৰ উপলব্ধি কৰি প্ৰজাসকলক চাবলৈ মন কৰিলে-‘ এতেকে সকলো ৰাজ্যৰ আহক, মই চাওঁ, মোকো চাওঁক। ৰজা চাবলৈ প্ৰজাসকল আহিল। হৰকান্ত বৰুৱাৰ ভাষাৰে ‘স্বৰ্গদেৱেও নাৱেৰে হোৱা যুদ্ধই আহোম শাসনতন্ত্ৰ শক্তিশালী কৰাৰ প্ৰযোজনীয়তা আহি পৰিল। আহোম ৰাজ্যৰ পশ্চিম সীমান্তৰ সামৰিক আৰু প্ৰসাসনীয় দিশৰ গুৰুত্ব বঢ়ালে। সেই অঞ্চল চোৱা-চিতা কৰিবৰ বাবে প্ৰতাপ সিংহই বৰফুকন পদবী সৃষ্টি কৰিলে। কলিয়াবৰৰ পৰা মোগল সম্ৰাজ্যৰ সীমালৈকে আহোম ৰাজ্যৰ পশ্চিম অঞ্চল চোৱা চিতা কৰিবৰ বাবে বৰফুকনক দায়িত্ব দিয়া হৈছিল। অন্যহাতেদি কলিয়াবৰৰ পৰা পূৱফালে থকা আৰু তিনিজনা গোঁহাইৰ অধীনত নথকা অঞ্চলৰ দায়িত্ব বৰবৰুৱাক দিয়া হৈছিল।
মোমাই তামুলী বৰবৰুৱাৰ তত্বৱধানত আহোম ৰাজ্যৰ প্ৰজা সকলকৰ পাইক প্ৰচলন কৰা হয়। ই মূলত এক প্ৰশাসনীয় সাংগঠনিক ব্যৱস্থা। গোষ্ঠী সম্প্ৰদায় নিৰ্বিশেষ সকলো প্ৰজাকে ই সাঙুৰি লৈছিল। আহোম শাসনতান্ত্ৰিক ব্যৱস্থা হ’লেও ইয়াৰ প্ৰভাৱ সমাজ ব্যৱস্থাতো গভীৰভাৱে পৰিছিল। আহোম শাসনৰ শেষলৈ এই প্ৰথা বাহাল আছিল। বৃটিছ অহাৰ পিছত ই বিলুপ্ত হ’ল যদিও সেই ব্যৱস্থাৰ পদবীধাৰী উপাধি যেনে- বৰা, শইকীয়া, হাজৰিকা, ফুকন, ৰাজখোৱা আদি আজিও ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ ভিন্ন গোষ্ঠী সম্প্ৰদায়ৰ মাজত সবৰ্ত্ৰ প্ৰচলন আছে।
তদুপৰি প্ৰতাপ সিংহৰ দিনত দেশত পিয়ল কৰা হৈছিল। আনহাতে ৰাজ্যখনৰ ঘন জনৱসতি অঞ্চলৰ পৰা সেৰেঙা জনবসতি অঞ্চললৈ লোকক স্থানান্তৰিত কৰিছিল। প্ৰতাপ সিংহৰ দিনৰ গাঁও সংগঠনৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল। তিৰোতাৰ তাঁত বোৱা সূতা কটা বাধ্যতামূলক কৰা হৈছিল।
আহোম মোগলৰ যুদ্ধ আৰু অসমৰ সমাজ গঠনত ইয়াৰ প্ৰভাৱঃ ১৬ শ শতিকাৰ আৰম্ভণিতে বিশ্ব সিংহৰ নেতৃত্বৰ কোঁচ শক্তিয়ে আহোম ৰাজ্যৰ পশ্চিমে মূৰ দাঙি উঠে। বিশ্ব সিংহৰ মৃত্যুৰ পিছত নৰনাৰায়ণৰ নেতৃত্বত কোঁচসকল এক লেখত লবলগীয়া শক্তিত পৰিণত হয়। আহোমকে ধৰি কেইবাটাও চুবুৰীয়া শক্তিয়ে তেওঁৰ দিনত কোঁচৰ অধীনত মানি লবলৈ বাধ্য হয়। কিন্তু কোচঁ শক্তিৰ আধিপত্য দীৰ্ঘস্থায়ী নহ'ল। নৰনাৰায়ণৰ ভায়েক তথা কোঁচৰ প্ৰধান সেমাপতি চিলাৰায়ৰ মৃত্যুৰ পিছত ১৬৮১ খ্ৰীষ্টাব্দত কোঁচ শক্তিদ্বিখণ্ডিত হৈ পৰে । কোঁচ বেহাৰ আৰু কোঁচ হাজো ১৬৮৭ খ্ৰীষ্টাব্দত নৰনাৰায়ণ মৃত্যুৰ পিছত দুই কোঁচ শক্তিৰ মাজত আধিপত্য বিস্তাৰৰ বাবে সংঘাতৰ সৃষ্টি হয়। এই বিষয়লৈ দুয়োখন ৰাজ্যই বাহিৰা শক্তি সৈতে হাত মিলাবলৈ কুন্ঠাবোধ কৰা নাছিল। অন্যহাতেদি মোগল সকলো কোঁচৰ দুৰ্বলতা সুযোগ পূৰা মাত্ৰাই গ্ৰহণ কৰিলে। মোগলৰ এই অগ্ৰাসনৰ প্ৰভাৱ আহোমৰ ওপৰত পৰে। কাৰণ বিভাজিত কোচঁ শক্তিৰ এটা অংশই প্ৰতাপ সিংহৰ ওচৰ চাপে । এনে পৰিস্থিতিত আহোম মোগলৰ সংঘাত অনিবাৰ্য হৈ পৰিল। ১৬১৬ খ্ৰীষ্টাব্দৰ পৰা ১৬৩৯ খ্ৰীষ্টাব্দলৈকে আহোম মোগলৰ কেইবাখনো যুদ্ধ হয়। স্বাভাৱিকতে মোগলৰ দৰে বৃহৎ শক্তি এটাৰ আগ্ৰাসন ৰোধৰ বাবে প্ৰতাপ সিংহই ধাৰাবাহিকভাৱে বহু বছৰ যুদ্ধ কৰাটোৱে আহোমসকলৰ সামৰিক দক্ষতাৰ পৰিচয় দিয়ে। মোগল বিৰুদ্ধে হোৱা এই যুদ্ধবোৰতে প্ৰতাপ সিংহই গ্ৰহন কৰা নীতিয়ে তেখেতৰ দূৰদৰ্শিতাৰ পৰিচয় দিয়াৰ লগতে অসমত সমাজ গঠনত ইতিবাচক প্ৰভাৱ পেলায়। মোগলৰ আক্ৰমণে ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ কেইবাটাও শক্তিক আহোমৰ ওচৰ চপাই আনে আৰু স্বতঃস্ফুৰ্তভাৱে আহোম নেতৃত্ব মানি গৈ দিখৌ নদীৰ দুয়ো পাৰে আহি থকা প্ৰজাসকলক গা দেখাই বোলে, মোৰ কাল হল, সকলো লোকে মোক চাঁহক, ময়ো চাওঁ, এই বুলি ব্ৰক্ষ্মণ, বুঢ়া ল’ৰা , তিৰুতা এই সকলক দান-দক্ষিণা দিলে। পাছে ৰজা দেৱলৈ প্ৰজাসকলকৰ মোহ জন্মাত স্বৰ্গদেৱৰ সলনি আমাৰে এশ নৰ বলি শদিয়াৰ আইলৈ দিমহক, তেওঁ স্বৰ্গদেৱ কুশলে থাকক, এইবুলি হৰিধ্বনি কৈ কোলহল কৰিবলৈ ধৰিলে। পাছে স্বৰ্গদেৱে বোলে মোৰ কাল হ’ল, কেনেকৈ ৰাখিবিহঁক, এই বুলি প্ৰজাক প্ৰবোধ দি নগৰলৈ আহি স্বৰ্গী হ’ল। সেইটো হ’লে অসম বুৰঞ্জীত ইয়াতকৈ প্ৰজা বৎসল আৰু প্ৰজা ৰঞ্জক ৰজাৰ মহিমামণ্ডিত উদাহৰণ হয়তু আৰু পোৱা নাযাব।