ঘামে ধোৱা সেউজীয়া সময় (চাও ৰুপজ্যোতি চাংমাই)

তাইৰ গাত মিঠা শাওনৰ গোন্ধ,
যৌৱনৰ এটি
পিক ৰঙা আবেলিত
ভালপোৱাৰ প্রথমজাক বৰষুণত
তিতিছিলো ।
প্রতিশ্রুতি আৰু হেঁপাহৰ
আঁৰত বুকুৰ লুইতখন
বৰকৈ উজাইছিল!
তাই গাত মিঠা শাওনৰ গোন্ধ,
ৰ'দত সেন্দুৰীয়া তাইৰ
দুগালত সপোন আঁকিছিলো
"সোনজনী" অহাবাৰকে যে
আমাৰ ('. . . . . . .')
তাই লাজত ৰঙা-চিঙা পৰিছিল..!!
এতিয়া তাইৰ বুকুত সোণগুটি ভৰা
সপোনৰ উন্মাদনা !
তাই গাত মিঠা শাওনৰ গোন্ধ,
"সোনজনী " তোৰ দুখৰ নদীৰ
চিনাকী ঘাটৰ
ঘামে ধোৱা সময়ৰ
এবুকু বোজালৈ
মই আকৌ সেউজীয়াৰ প্রেমিক হ'ম,
ন- কৈ বিছাৰি যাম
ভিজা কামিজৰ সপোনটোক,
মই আকৌ
সেউজীয়াৰ প্রেমিক হ'ম
মই আকৌ
সেউজীয়াৰ প্রেমিক হ'ম...!!!
তাই গাত মিঠা শাওনৰ গোন্ধ ...।