পৰিবৰ্তন — নাং নিভা গগৈ

তমন্না বৰুৱা, ৱাহ কি যে ধুনীয়া নাম এটা দি ললে নিজেই তাই ৷ জন্ম হওঁতে দিয়া তৰামাই নামটোকে দেউতাকে তাইৰ স্কুলত নাম লগাওতে দি দিলে ৷ ঘৰত যেনিবা আইমানু, চেনেহী, ৰচকী,সোণাই দি মাতে যিয়ে যেনেকে পাৰে তেনেকৈয়ে ৷ লেঠা লাগিল কলেজত ভৰি দিহে ৷ লগৰবোৰৰ নামবোৰ ইমান মৰ্ডান টাইপ্, তাইৰহে সৌ পুৰণি কলীয়া নামটোকে লৈ ঘূৰি ফুৰিছে ৷ কৰ্টত বহুত লাগি মেলি যেনিবা তমন্না নামটোকে ঠিক কৰি ললে তাই ৷ তথাপি হঠাৎ ৰাষ্টাত পুৰণি বন্ধুবোৰে দেখিলে চিঞৰি মাতি থৈ যায়, ঐ তৰামাই, ক'ত যাৱ ? তৰামাই ঐ তোক বহুত দিনৰ মূৰত দেখিলো পায়, ধুনীয়া হৈছ' ৷ বাপেৰে কোনখন দোকানৰ বস্তু খোৱাইছে ৷ একেবাৰে আকাশৰ তৰাৰ দৰে জিলিকিচ যে—খং উঠে তাইৰ, নিজকে কিবা বজেন্তীমালা দিনৰ মানুহৰ দৰে লাগে তাইৰ ৷
,
নতুন বন্ধু বোৰেও কেতিয়াবা ঘৰত আহিলে ষ্ট্ৰেণ্ডাৰট মেণ্টেন কৰে তাই ৷ দৈ চিৰা পিঠা, সান্দহ, মুডী জলপানবোৰ দিবলৈ লাজ কৰে ৷ দোকানৰ মিঠাইৰে আলহিক যাঁচে ৷ মানে তমন্না নামৰ সৈতে যেন সকলো মিলিব লাগে, কম্বিনেশ্বন কৰাটোও এটা কলা মানুহৰ ৷ যিতো তাই ভাল দৰে অনুভৱ কৰিছে ৷ কিন্তু এই আপদ পুৰণি দিনৰ মাক বাপেক হাললৈ ৷ বাহিৰত আলহি আহিলেও বাৰান্দাৰ পৰা চিঞৰি দিব,— অ' তৰামাই, তৰামাই অ' এ চূণৰ ভুৰুকাটো লৈ আনচোন অ' আই ৷—লাজ পাই তাই, এই চূণৰ ভুৰুকা বুলিনো কিয় ক'ব লাগে ৷ চব সন্মান বৰবাদ, শেষ ৷ তমন্নাক যেন তৰামাই নেৰেহে নেহে ৷ চেহ্ কি আপদ এই বুঢাবোৰৰ পৰা ৷
,
ৰিশিকা তাইৰ নতুন বান্ধৱী, তাই ৰিশিকাৰ ঘৰলৈ গৈ কথাৰ গল্পত দিনটো পাৰ কৰে গৈ, গল্পতকৈ, ৰিশিকাতকৈ তাই ৰিশিকাৰ ককায়েক গেক্সক হে বেছি ভাল লাগে ৷ গেক্সৰ নামটোও সি নিজেই গীতুৰ পৰা উদ্ভৱ কৰা ৷ মিউজিকত তামাম চখ, ইম্মান যে হেণ্ডচম ৷ তাইৰ আক' গেক্সক দাদা বুলিবলৈ সংকুচ হয়, কিবা লোকৰ দৰে লাগে দাদা বুলিলে ৷ গেক্সৰ বুলেটৰ পিছফালে তাই তাক জোৰেৰে সাৱতি উঠি ফুৰা এৰাতি তাই সপোনো দেখিছিল ৷ পুৱা সাৰ পাই তাই ভগৱানক প্ৰাৰ্থনাও কৰিলে যেন, এই সপোন এদিন বাস্তৱ হওক ৷
,
প'পচ্ মানে পিতাই চাকৰি অৱসৰ লোৱাৰ পিছত ককায়েকক বাইক এখন, নতুন মোবাইল, লেপটেপ কিনি দিলে ৷ তাইলৈহে পইচা নুজোৰে ৷ নিজকে কেতিয়াবা তাই ভাৱে সেয়েহে, তাইক বাৰু তুলি লৈছে নেকি, সেয়েহে তাইক দেখিব নোৱাৰে কোনেও ৷ নামো দিলে পুৰণিকলীয়া ৷ কিন্তু খন্তেকতে সকলো খেলিমেলিও লাগে, আজিকালি তুলনীয়া ল'ৰা ছোৱালীক মানুহবোৰে নিজৰ ল'ৰাছোৱালীতকৈ বেছি চেনেহ দিয়ে ৷ প'পচেও কোনো দিন তাইৰ অনুপস্থিত ভাত নাখায়, তাই পানীৰ ঘটিটো, নিমখন নযঁচালৈকে বিচাৰি মাতি থাকে তাইক, আই তৰা, অ' আইমানু— আহ আক' নেমু এটা কাটি দেহি, মাৰেনো কিমান কৰিব ৷
,
আজি তাই ওচৰৰে মাহীয়েকৰ ঘৰলৈ যোৱাৰ কথা, সকাম আছে ৷ মাকৰ কঁকালৰ বিষ, তাইকে পথাইছে ৷ ৰিক্সা এখনতে যাব লাগিব, স্কুতি এখনৰ তাইৰ বৰ অভাৱ কৰে এনে সময়তে ৷ সকামলৈ জিন্স পিন্ধি যাবও নোৱাৰি ৷ নতুন চুইদাৰ এজোৰকে পিন্ধি ল'লে ৷ চকুত ডাঠ কাজল, ওঁঠত পিঙ্ক লিপ্ ষ্টিক্ ৷ ফাউণ্ডেচনে শেষৰ প্ৰসাধন কৰি ওলাই যাব লৈছে, কিন্তু এয়া কি, দুটা ডাঙৰ পাচলিৰ মোনা ৷ চিমেণ্টৰ বস্তা এটাত চাউল ৷ অসঃ ন' 
,
ককায়েকে ৰিক্সা এখন অনাই বস্তুবোৰ ৰিক্সাত উঠাই ৰেডী কৰি থৈছে ৷ মোনাদুটাত শাক পাচলিৰে ভৰি পেটুৱা হৈ আছে ৷ টাউনৰ মাজেৰে কেনেকৈ যাব তাই এই সোপা লৈ ৷ এই ককায়েকটোক তাই ৰাৱন যেন লাগিল, তাৰ বাইকত থৈ আহিব নোৱাৰি মোনা কেইটা ৷ আৰু এই চাউলৰ বস্তাটো— যত চব ফালটু কাৰবাৰ ৷ 
,
ভৰি এটা থব পৰাকৈ ঠাই অকণ উলিয়াই তাই ৰিক্সাত উঠি পৰিল ৷ ৰিক্সাখনে গতি কৰিছে বজাৰৰ খলা বমা ৰাষ্টাটোৰে ৷ জাক জাক মানুহ ৰাষ্টাৰ দুই পাৰে, কোনোটোৱে তাইক জুমি চাই গৈছে, কোনোটোৱে তাইৰ সৈতে মোনা আৰু বস্তাটোক আচৰিত দৃষ্টিৰে চাইছে ৷ লাজ আৰু খঙত তাই ৰঙা হৈ পৰিছে মুখাবৰণ ৷ কিহে পাইছিল আহিবলৈ ৷ আৰু এই পেটুৱা পাচলি মোনাটো, ৰঙালাও দুটাই হাঁহি আহিছে, জাতিলাও কেইটাৰ ঠাৰিবোৰ মোনাটোৰ পৰা বাহিৰ হৈ ওলাই আহি তাইকেই যেন ইতিকিং কৰিছে ৷ যেন পাইছ' আমাকে নিন্দাৱ, আমাক খাৱ ৷ তাই মনতে ভাবিলে, কোনো চিনাকি মানুহ নাপালেই হ'ল আৰু, অচিনাকি বোৰক লৈ তাই ইমান এটা চিন্তা নকৰে ৷
,
কিছু দূৰ যোৱাৰ পিছত তাই দেখিলে এজাক ডেকা ল'ৰাৰ জোম ৷ পুচকাৱলাটোক বেৰি ধৰিছে ৷ তাৰ মাজতে তাই ভালদৰে চিনি পালে গেক্সক ৷ ৱাহ্, নীলা টি চাৰ্টটোৱে ইমান মৰম লাগিছে ৷ হে প্ৰভু, এই অৱস্থাত যেন তাই তাৰ চকুত ধৰা নিদিয়ে ৷ তাই আনফালে মুখঘূৰালে ৷ কিন্তু এয়া কি, সি তাইক মাতিছে, এবাৰ দুবাৰ তিনিবাৰ, মাতবোৰ ওচৰ পালেহি ৷ তমন্না ! তমন্না ! ৱাহ কিমান যে ভাল লাগিছে তাৰ মাতত নামটো ৷ কিমান মৰম সোমাই আছে, তাই যেন এতিয়া ভালদৰেই উপলব্ধী কৰিছে ৷ তথাপি তাই মাতিব খোজা নাই, এই বৃহৎ পাচলি মোনা দুটা, চাউল বস্তাটোৱে তাইৰ সকলো মান সন্মান শেষ কৰি দিলে ৷ উসঃ ভগৱান, মই মৰি যাম এতিয়া ৷ অ' ৰিক্সা দা, অলপ জোৰে চলোৱা না ৰিক্সাখন ৷ 
,
বেইয়া ৰাষ্টা ,কেনকে ঝাম ঝোৰে—
,
ধেৎ তেৰি, মিঞা ৰিক্সাৱালাও তাইৰ পক্ষত নাই, গেক্স আহি পালেহিয়েই ওচৰত ৷ 
,
হাই ! ক'ত যোৱা অকলে অকলে, আৰু ইমানবোৰ বস্তু যে ৷ বাঃ ঘৰৰ বজাৰ কৰিবও যানা ন' ৷ 
,
নাই নহয় মানে,— কিংকৰ্ত্তব্যবিমুঢ হৈ তাই ৰিক্সাখন ৰখাবলৈ আদেশ দিলে ৷
,
ক'ত যাবা, নে বজাৰ কৰি ঘৰত যোৱা ?
,
নহয় মানে, মাহীৰ ঘৰত সকাম আছে আজি, তালৈকে যাওঁ—
,
ৱাউ ! তুমি সকাম খাব পৰা ভকতনী মানে ন' ৷ ভালে আছা, অহা নাই যে বহু দিন আমাৰ ঘৰত ৷ আহিবা, গপ চপ মাৰিম ৷
,
চিয়ৰ আহিম ৷ অহাৰ কথা আছিলেই মানে ৷
,
আহা, পুচকা খোৱা যদি ৷ 
,
নাই নাখাওঁ, পিছত খাম এদিন ৷ আজি অলপ লেট হৈছে মানে ৷
,
তোমাৰ যে এই মানে মানে কেৱল মানে ৷ বাৰু যোৱা— কল কৰিম পিছত হাঁ ৷ অসঃ কথা এটা কম বেয়া পাবা নেকি ?
,
তাইৰ বুকুখন ধম্ কৈ কিবা এটা বাজিল, হে প্ৰভু, কি কয় ল'ৰাটোৱে ৷ ভয়ে ভয়ে তাইৰ চকুলৈ চাই তাই বৰ আলাসত ক'লে— কোৱাচোন ?
,
তোমাক আজি, বেচ ধুনীয়া লাগিছে ৷ 
,
তাৰ চকুৰ চঞ্চলা হাঁহিটোৱে তাইৰ বুকুৰ চৌপাশ কৃষ্ণচূডা হৈ ফুলিব ধৰিলে, শেৱালি ফুলৰ দৰে আলফুলে গেক্সৰ মুখখন তাই আলাসত তুলি ধৰিবৰ মন গ'ল ৷ তাই লাজতে চুই দিয়া লাজুকীজোপাৰ দৰে জয় পৰি ৰ'ল ৷ ৰিক্সাখন আগবাঢিছে লাহে লাহে ৷ তাৰ পৰা আঁতৰি আহিছে যিমান দূৰত্ব বাঢি গৈ আছে ৷ তেনেতে তাইৰ কাণত পৰিল কাৰোবাৰ মাত, ঐ গেক্স, কোন বে মালটো ৷ চালিয়া কিন্তু ৷ চেনী খাব ভাল হৈছে ৷
,
সেই মোৰ ভণ্টিৰ লগৰ, মক্কেল এজনী ৷ মোৰ বাবে ফিদা তাই বে— তাৰ পিছত অট্টহাস্য ৷ তাইৰ কাণেৰে বিশ্বাস কৰিব পৰা নাই, ইমান অভিনয় কিয় কৰিলে তাইৰ সৈতে ৷ মাত্ৰ তাই তাৰ প্ৰেমত পৰিছিল বাৰে বাৰে ৷ কেৱল ভালপোৱাৰ সমন্ধক লৈয়ে মানুহে ইমান নাটক কিয় কৰে, চলনা কৰি কি লাভ পায় ৷ সুন্দৰ চেহেৰা আৰু মাতত ভুল গৈ কিয় মানুহে প্ৰকৃত পৰিচয় হেৰাই পেলাই ৷ তাইৰ দুখ লগাৰ যিমান স্বাভাৱিক আছিল সিমান আচৰিত হৈছিল ৷ তাইৰ সৈতে অহা এই চাউলৰ বস্তাটো, পাচলিৰ মোনাটো, আৰু এই মিঞা ৰিক্সাৱলাটোক হঠাৎ বেছি আপোন যেন লাগিল ৷
,
ৰিক্সা কাই, অলপ বেগাই বলা, এইখনি ৰাষ্টা নিমজ, একেবাৰে ভাল ৷ তাই এবাৰো পিছলৈ নোচোৱাকৈ আগবাঢিল, পাচলিৰ মোনা দুটালৈ আৰু অলপো লাজ নালাগিল তাইৰ ৷৷