সদৌ অসম ছাত্ৰ সন্থাৰ ‘অসমীয়া’ৰ সংজ্ঞা গ্ৰহণযোগ্য নে? (দীপাংকৰ মল্ল বৰুৱা)

অলপতে সদৌ অসম ছাত্ৰ সন্থাই ২৬ টা খিলঞ্জীয়া সংগঠনৰ সৈতে হোৱা আলোচনাৰ পিছত কেৱল সাংবিধানিক ৰক্ষা কবচৰ বাবে ‘অসমীয়া’ৰ সংজ্ঞা নিৰূপন কৰিছে। এই সংজ্ঞা অনুসৰি ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হোৱা বিভিন্ন জাতি জনজাতি সম্প্ৰদায়ৰ লোকৰ পিছৰ প্ৰজন্ম বা সতি সন্ততি সকলক ‘অসমীয়া’ বুলি সংজ্ঞাবদ্ধ কৰা হৈছে। এই সংজ্ঞা অনুসৰি জনজাতিৰ বাবে সংৰক্ষিত আসন সমূহ বাদ দি অসমৰ সংসদীয় অসমৰ সংসদীয় সমষ্টি, বিধান সভা সমষ্টি, স্থানীয় নিকায় সমূহত ১০০% আসন ‘অসমীয়া’ৰ বাবে সংৰক্ষণৰ দাবী উত্থাপন কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থাই এনে সংৰক্ষণৰ জৰিয়তে অসম চুক্তিৰ ষষ্ঠ দফাৰ সাংবিধানিক ৰক্ষা কবচৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ পোষকতা কৰিছে। 
১৯৫১ চনৰ পৰা ২০১৫ চনলৈ ৬৪ বছৰ কাল পাৰ হৈ গৈছে। ৬৪ বছৰ কাল এক দীঘলীয়া সময়। এই দীঘলীয়া সময়চোৱাত অসমত ভৌগলিক, ৰাজনৈতিক পৰিৱৰ্তনৰ উপৰিও জনবিন্যাসত যথেষ্ট পৰিৱৰ্তন হৈছে। এই সময়চোৱাত অসমৰ ভৌগলিক চাৰিসীমাৰো আমূল পৰিৱৰ্তন ঘটিছে। সেই সময়ত অসমৰ অংগ হিচাপে থকা গাৰো পাহাৰ, নগা পাহাৰ, লুচাই পাহাৰ বিচ্ছিন্ন হৈ বেলেগ ৰাজ্য হৈছে। সেইদৰে এই দীঘলীয়া সময়চোৱাত বহুতো মানুহৰ নানান কাৰণত আন ঠাইৰ পৰা অসমলৈ প্ৰৱজন ঘটিছে। ব্ৰহ্মপুত্ৰৰ সাৰুৱা চৰ সমূহত খেতি বাতি কৰিবলৈ পূৰ্ব বংগৰ মুছলমান সকল আহিছে, সাম্প্ৰদায়িক সংঘৰ্ষৰ গৰাহত পৰি আৰু চাকৰি সূত্ৰে পূৰ্ব বংগৰ বঙালী হিন্দু সকল আহিছে, ব্যৱসায় বাণিজ্য আৰু শ্ৰমিক হিচাপে কাম কৰিবলৈ ভাৰতৰ বিভিন্ন প্ৰদেশৰ পৰা বিভিন্ন ভাষা ধৰ্মৰ লোক আহিছে। জনসংখ্যা বৃদ্ধি আৰু প্ৰৱজনৰ ফলত অসমৰ কেইবাখনো জিলাৰ জনবিন্যাস অপৰিৱৰ্তনীয়ভাৱে সলনি হৈছে। এই দীঘলীয়া সময়চোৱাত অহা বহুতেই নিজৰ পূৰ্বৰ স্থান চিৰকাললৈ ত্যাগ কৰি অসমৰ বায়ু পানী মাটিকে নিজৰ বুলি গ্ৰহণ কৰি অসমতে থাকি গৈছে। বহুতেই স্বকীয় ভাষা সংস্কৃতি পৰিহাৰ কৰি অসমীয়া ভাষা সংস্কৃতিক আঁকোৱালি লৈ নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ আগবাঢ়ি আহিছে। সেইদৰে এসময়ত অসমীয়া জাতিৰ অংশ বুলি নিজকে পৰিচয় দিয়া বহুতেই এতিয়া অসমীয়া জতিসত্বাৰ পৰা আঁতৰি যাব বিচাৰিছে। সেয়েহে ৬৪ বছৰৰ আগৰ এখন তালিকা অনুসৰি অসমীয়া বা খিলঞ্জীয়া নিৰ্ণয় আৰু এই সংজ্ঞাৰ ভিত্তিত আসন সংৰক্ষণ ব্যৱস্থা কিমানদূৰ বাস্তৱসন্মত হ’ব সেই বিষয়ত সন্দেহৰ অৱকাশ আছে।
১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ কাম ১৯৪৯ চনতে আৰম্ভ হৈছিল। সেই সময়ত দেশৰ পৰিস্থিতি আছিল অগ্নিগৰ্ভা। ভাৰত ধৰ্মৰ আধাৰত দ্বিখণ্ডিত হৈছিল আৰু সমগ্ৰ দেশখন তিনিটা টুকুৰাত বিভক্ত হৈছিল। সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে বহুত মানুহ এখন দেশ এৰি আন এখন দেশলৈ পলাই যাব লগীয়া হৈছিল। পূব পাকিস্তানৰ পৰা সেই সময়ত বহুতো মানুহৰ অসমলৈ আগমণ ঘটিছিল আৰু সেইদৰে অসমৰ বহুতো লোক পূব পাকিস্তানলৈ গুচি গৈছিল। পূব পাকিস্তানলৈ যোৱা কিছু সংখ্যক লোক পৰিৱৰ্তিত পৰিস্থিতিত তিস্থিব নোৱাৰি পুনৰ ভাৰতলৈ গুচিও আহিছিল। তেনে অস্থিৰ পৰিস্থিতিত প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ নাম সঠিক ভাৱে লিপিবদ্ধ হৈছিল নে নাই, সেই বিষয়তো সন্দেহৰ অৱকাশ আছে। 
স্বাধীনতাৰ আগৰে পৰা মুছলিম লীগৰ পৃষ্ঠপোষকতাত অসমক পাকিস্তানৰ লগত চামিল কৰা গভীৰ ষড়যন্ত্ৰ চলিছিল। ব্ৰিটিছে কৰা গ্ৰুপিং আঁচনিত অসমক পূৰ্ব বংগৰ লগত স্থান দিয়া হৈছিল আৰু ভাৰতৰ পৰা অসমৰ বিচ্ছেদ প্ৰায় নিশ্চিত হৈ পৰিছিল। নেহৰু আৰু পেটেলৰ দৰে দেশৰ আগশাৰীৰ নেতাই মুছলিম লীগক সন্তুষ্ট কৰিবলৈ অসমক পূৰ্ব বংগৰ লগত চামিল কৰা কাৰ্যক সমৰ্থন কৰিছিল। সেই সময়ত গোপীনাথ বৰদলৈয়ে মহাত্মা গান্ধীৰ সহযোগত ব্ৰিটিছৰ গ্ৰুপিং আঁচনিৰ তীব্ৰ বিৰোধিতা কৰাৰ সুবাদতেই অসম ভাৰতৰ অংগৰাজ্য হ’ব পাৰিলে। সেই সময়ত অসমৰ স্থানীয় জনসাধাৰণ ৰাজনৈতিক ভাৱে সচেতন নাছিল। অসমৰ বহুতো অঞ্চলত যোগাযোগৰ ব্যৱস্থা নাছিল। ভোটাধিকাৰ বা দেশৰ নাগৰিক হিচাপে স্বীকৃত হোৱাৰ প্ৰয়োজনীয়তাৰ বিষয়ে বহুতো লোক অজ্ঞ আছিল। গতিকে ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ কামত বহুতো আসোঁৱাহ থাকি যোৱাটো সম্ভৱ। 
আবেগিক দৃষ্টিৰে বিচাৰ কৰিলে অসম নামৰ এই ভূ খণ্ডত আদিৰে পৰা বাস কৰি অহা বিভিন্ন জাতি জনজাতিৰ লোক সকল, যিসকলৰ অসমৰ বাহিৰে বিশ্বত আন কোনো গৃহভূমি নাই, যিসকলৰ জীৱন যাত্ৰাৰ প্ৰণালী, খাদ্যাভ্যাস, পোচাক, কৃষ্টি সংস্কৃতি আদি অসমৰ জলবায়ু আৰু মাটি পানীক কেন্দ্ৰ কৰি গঢ়ি উঠিছে তেওঁলোকেই খিলঞ্জীয়া অসমীয়া লোক। যিসকল লোকে অসমৰ মাটি পানী বায়ুৰ লগত একাত্মবোধ কৰিব নোৱাৰে, যিসকল লোকৰ জীৱন যাপনৰ প্ৰণালী বা কৃষ্টি সংস্কৃতিত অসমৰ জলবায়ু, মাটি পানীৰ, সংস্কৃতিৰ কোনো প্ৰভাৱ নাই সেই সকল লোক খিলঞ্জীয়া অসমীয়া আখ্যা পোৱা উচিত নহয়। সেয়েহে অসম চুক্তিয়ে অসমীয়াৰ বাবে আচুতীয়াকৈ থোৱা সাংবিধানিক ৰক্ষা কবচৰ আধাৰত আসন সংৰক্ষণ খিলঞ্জীয়া অসমীয়া সকলৰ বাবেহে প্ৰযোজ্য হ’ব লাগে বুলি অনুভৱ হয়। 
কিন্তু বাস্তৱ ক্ষেত্ৰত বিচাৰ কৰিলে দেখা যায় যে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত যিহেতু সংসদ, বিধান সভা বা স্থানীয় নিকায়লৈ নিৰ্বাচিত ব্যক্তি সকল হ’ল জনগণৰ প্ৰতিনিধি, সেয়েহে জনবিন্যাসক আওকাণ কৰি অসমৰ প্ৰতিখন স্থানীয় নিকায়, বিধান সভা বা সংসদীয় সমস্তিত অসমীয়া সংজ্ঞাৰ আধাৰত আসন সংৰক্ষণ কৰিলে সেয়া গণতান্ত্ৰিক মূল্যবোধৰ পৰিপন্থী হ’ব পাৰে। যিহেতু ১৯৫১ চন আৰু বৰ্তমানৰ মাজত জনবিন্যাসৰ আমূল পৰিৱৰ্তন ঘটিছে, যিহেতু এই কথা সত্য যে বিভিন্ন সময়ত পূৰ্ব বংগ আৰু বাংলাদেশৰ পৰা প্ৰৱজন কৰি অহা লোক সকলে অসমৰ প্ৰায় এক তৃতীয়াংশ বিধান সভা সমষ্টিত নিৰ্ণায়ক ভূমিকাত অৱস্থান কৰিছে, যিহেতু বৰাক উপত্যকাৰ সমষ্টি সমূহত অসমীয়া সংজ্ঞাৰ আধাৰত কৰা আসন সংৰক্ষণ অবাঞ্চিত বুলি গণ্য হোৱাৰ সম্ভাৱনা আছে, সেয়েহে সদৌ অসম ছাত্ৰ সন্থাই ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ আধাৰত আগবঢ়োৱা অসমীয়াৰ সংজ্ঞা সৰ্বজনগ্ৰাহ্য হোৱাটো সম্ভৱ নহয়।
উল্লেখ্য যে অসম চুক্তিত অসমীয়া মানুহৰ বাবে সাংবিধানিক, ৰাজনৈতিক আৰু সাংস্কৃতিক ৰক্ষাকবচ প্ৰদান কৰাৰ বিধান দিয়া হৈছে যদিও ব্যৱহাৰিক ক্ষেত্ৰত এই ৰক্ষা কবচ কেনেকৈ দিয়া হ’ব, অসমীয়াৰ সংজ্ঞা কি হ’ব, এই ক্ষেত্ৰত চৰকাৰৰ দ্বায়িত্ব কি হ’ব আদি বিষয়ত চুক্তিখনত বহলাই একো কোৱা হোৱা নাই। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিবৰ অধ্যক্ষতাত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰে গঠিত ত্ৰিপাক্ষিক উপ-সমিতিয়েহে স্থানীয় নিকায়, বিধানসভা আৰু সংসদত খিলঞ্জীয়া লোকৰ বাবে আসন সংৰক্ষণৰ জৰিয়তে সাংবিধানিক ৰক্ষাকবচ প্ৰৱৰ্তন কৰাৰ পৰামৰ্শ আগবঢ়াইছিল। এই পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ হ’লে দেশৰ সংসদৰ অনুমোদনৰ প্ৰয়োজন হ’ব। এই অনুমোদন লাভ কৰিবলৈ হ’লে প্ৰয়োজন হ’ব ৰাজনৈতিক সদিচ্ছাৰ। ভোটৰ অংকত ব্যস্ত অধিকাংশ ৰাজনৈতিক দলে কেৱল অসম চুক্তি ৰূপায়নৰ স্বাৰ্থত একোটা সমষ্টিৰ জনবিন্যাসক আওকাণ কৰি এনে এক সংৰক্ষণ ব্যৱস্থাৰ সমৰ্থন কৰিব বুলি কেতিয়াও আশা কৰিব নোৱাৰি। তদুপৰি অসমত অসমীয়া মানুহৰ বাবে আসন সংৰক্ষণ কৰিলে দেশজুৰি বিভিন্ন ৰাজ্যত জাতিগত ভিত্তিত আসন সংৰক্ষণৰ দাবী উত্থাপিত হোৱাৰ সম্ভাৱনা আছে। হয়তো বংগত বঙালী সকলে, মহাৰাষ্ট্ৰত মাৰাঠী সকলে বা গুজৰাটত গুজৰাটী সকলেও যে নিজৰ নিজৰ ৰাজ্যত এনে সংৰক্ষণৰ দাবী তুলিব। সেয়েহে অসম চুক্তিত থাকিলেও অসমীয়া বা খিলঞ্জীয়া মানুহৰ বাবে আসন সংৰক্ষণ ব্যৱস্থা কাৰ্যকৰী হোৱাৰ আশা ক্ষীণ।
এতিয়া এনে অনুভৱ হয় যে অসম চুক্তিৰ ষষ্ঠ দফাটো অসম আন্দোলনৰ নেতৃবৰ্গক আভুৱা ভাৰিবলৈহে অন্তৰ্ভুক্ত কৰা হৈছিল। এই দফাটো কাৰ্যকৰী কৰিবলৈ আজি প্ৰায় তিনিটা দশক জুৰি কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰ কোনেও আন্তৰিকতা বা সদিচ্ছা প্ৰদৰ্শন কৰা নাই। আন্দোলনৰ নেতৃবৰ্গই অসম গণ পৰিষদ চৰকাৰ গঠন কৰিও এই বিষয়টোৰ একো মীমাংসা কৰিব নোৱাৰিলে। ৰাজ্য চৰকাৰে সদায় অসমীয়া সংজ্ঞা স্থিৰ নোহোৱাৰ অজুহাত প্ৰদৰ্শন কৰি আহিছে। এই দফাটোত ‘খিলঞ্জীয়া’ৰ সলনি ‘অসমীয়া’ শব্দটো ব্যৱহাৰ হোৱাৰ বাবে এই বিষয়ত বিভ্ৰান্তিৰ সৃষ্টি হৈছে আৰু এটা ষ্পষ্ট সিদ্ধান্তত উপনীত হ’বলৈ অসুবিধা হৈছে। এতিয়া বিধান সভাৰ অধ্যক্ষ প্ৰণৱ গগৈৰ তত্পৰতাত অসমীয়াৰ সংজ্ঞা নিৰূপনৰ বাবে এক কুচ কাৱাজ আৰম্ভ হৈছে। সেইদৰে অসম সাহিত্য সভাৰ তৰফৰ পৰাও অসমীয়াৰ সংজ্ঞা আগবঢ়োৱা হৈছে। সদৌ অসম ছাত্ৰ সন্থায়ো নিজাববীয়াকৈ অসমীয়াৰ সংজ্ঞা আগবঢ়াইছে। কিন্তু মন কৰিবলগীয়া কথা এয়ে যে কোনো এটা সংজ্ঞাই এতিয়ালৈ সৰ্বজনগ্ৰাহ্য হোৱা নাই। প্ৰতিটো সংজ্ঞাই একাংশ মানুহক বঞ্চিত আৰু প্ৰতাৰিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। 
এতিয়া এটা কথা যথেষ্ট ষ্পষ্ট হৈ পৰিছে যে অসমৰ বৈচিত্ৰময় জনবিন্যাসৰ বাবে সকলোৱে মানি ল’ব পৰা অসমীয়াৰ সংজ্ঞা নিৰূপণ সহজসাধ্য নহয়। অসমীয়াৰ সংজ্ঞা নিৰূপনৰ বাবে কৰা প্ৰচেষ্টাই অসন্তুষ্টি, বিভাজন আৰু সংঘাটৰ সৃষ্টি কৰাৰহে সম্ভাৱনা আছে। তদুপৰি অসমীয়াৰ সংজ্ঞা নিৰূপিত হ’লেও এই সংজ্ঞাৰ আধাৰত আসন সংৰক্ষণ যে কাৰ্যকৰী কৰা হ’ব সেয়াও অসম্ভৱ বুলিয়েই ক’ব পাৰি। ৰাজনৈতিক মুনাফাৰ অবিহনে ৰাজনৈতিক দল সমূহে এই প্ৰচেষ্টা কেতিয়াও সফল হ’ব নিদিয়ে। আনহাতে অসমীয়াৰ সংজ্ঞা নিৰূপনৰ অবিহনে অসম চুক্তিয়ে প্ৰদান কৰা সাংবিধানিক ৰক্ষাকবচ কেতিয়াও সম্ভৱপৰ নহ’ব। সদৌ অসম ছাত্ৰ সন্থাই আশংকা প্ৰকাশ কৰি আহিছে যে আসন সংৰক্ষণ কৰিব নোৱাৰিলে অসমত খিলঞ্জীয়া অসমীয়াৰ অস্তিত্ব বিপন্ন হ’ব আৰু এসময়ত কোনো এজন অবৈধ প্ৰৱজন কাৰী নাগৰিক এসময়ত অসমৰ মুখ্যমন্ত্ৰী হ’বগৈ।
অসমত দীৰ্ঘকালৰ পৰা হৈ থকা প্ৰৱজন আৰু এই প্ৰৱজনৰ ফলত হোৱা জনবিন্যাসৰ পৰিৱৰ্তন এক কঠোৰ বাস্তৱ। সংৰক্ষণৰ দ্বাৰা আসন সংৰক্ষণৰ ব্যৱস্থা হ’লেও জনসংখ্যা বৃদ্ধিৰ নিৰৱ আগ্ৰাসনৰ সন্মুখত অসমৰ থলুৱা মানুহ যে এদিন সংখ্যালঘুত পৰিণত হ’বগৈ সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে। সেয়েহে অসমীয়াৰ সংজ্ঞা নিৰ্ণয় আৰু আসন সংৰক্ষণতকৈ এতিয়া অধিক প্ৰয়োজনীয় কথা হৈছে সীমান্তৰে অবৈধ প্ৰৱজন অনতিপলমে বন্ধ কৰাটো। সীমান্ত বন্ধ কৰিবলৈ হ’লে যদি প্ৰয়োজন হয় ভূমি হস্তান্তৰ প্ৰক্ৰিয়াকো আদৰণি জনাব লাগিব। অসম চুক্তিৰ আধাৰত অবৈধ বিদেশী চিনাক্ত কৰি বহিষ্কাৰ কৰাটো এতিয়াও এক জটিল প্ৰক্ৰিয়া হৈ আছে। বাংলাদেশৰ লগত প্ৰত্যাৰ্পণ চুক্তি সম্পাদিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক হেঁচা দিব লাগিব। অন্যথা যিমানেই অসমীয়াৰ সংজ্ঞা নিৰ্ণয় কৰা নহওক কিয়, যিমানেই আসন সংৰক্ষণৰ ব্যৱস্থা নহওক কিয় অসমৰ খিলঞ্জীয়া জনসাধাৰণ নিশ্চয়কৈ অস্তিত্বৰ সংকটত ভূগিব। অসমীয়াৰ সংজ্ঞা নিৰ্ণয়ৰ নামত বিভাজন আৰু বিভ্ৰান্তিৰ সৃষ্টি নকৰি অসমৰ সকলো নাগৰিক বিদেশীৰ আগ্ৰাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱাটোহে সময়ৰ আহ্বান।

(চিন্তাৰ পথিকৃৎ "সাম্প্রতিক অসম"ৰ চতুৰ্থ সংখ্যাত প্রকাশিত দীপাংকৰ মল্ল বৰুৱাৰ প্রবন্ধ)