আহোম ৰাজত্বৰ শেষ ৰাজধানী যোৰহাটৰ ওপৰত এটি আলোকপাত (জিন্তু জোনাক বৰুৱা)

আহোম ৰাজত্বৰ বেলি মাৰ যোৱাৰ পৰত শেষ ৰাজধানী আছিল যোৰহাট । এই চহৰে আজিও বহন কৰে আহোমৰ ঐতিহ্য, পুৰণি অসমৰ সম্ভ্রান্ত ইতিসাহ । ব্রহ্মপুত্রৰ দক্ষিন পাৰে ২৬.৪৪-৪৬ উত্তৰ অক্ষাংশ আৰু ৯৬.১২-১৪ পূৱ দ্রাঘিমাংশত অৱস্থিত যোৰহাট চাওলুং চ্যুকাফাই সৌমাৰত প্রতিষ্ঠা কৰা আহোম ৰাজত্বৰ শেষ ৰাজধানী হিচাপে চিৰকালে ইতিসাহৰ পৃষ্ঠাত খোদিত থাকিব । ব্রহ্মপুত্রৰ উপত্যকাৰ মধ্যস্থলত অৱস্থিত যোৰহাট চহৰখন ৰাজধানী হোৱাৰ পূৰ্বে কিছুমান বছাপথাৰ আৰু বাকী অংশ ডাঠ হাবিৰে পৰিপূৰ্ণ অঞ্চল আছিল বুলি ইতিহাসে ক’ব খোজে । বসবাসৰ বৰ উপযোগী অঞ্চল নাছিল বাবেও জনবসতিও সেৰেঙা আছিল বুলি জনা যায় ।অৱশ্যে ইয়াৰ বছাপথাৰসমূহত উৎপাদিত শস্যসমূহ ৰাজপৰিয়ালৰ লোকসকলেই ব্যৱহাৰ কৰিছিল । স্বৰ্গদেউ প্রতাপ সিংহ(১৬০৩-১৬৪১)ই তেওঁ ৰাজত্বকালত এই অঞ্চলতে নগা পাহাৰৰ পৰা হাতী খেদি আনি সহস্রাধিক হাতীৰ গৰাকী হোৱাৰ উপৰিও ‘হস্তিনাপুৰ’ নামেৰে এখন নগৰ পৰিকল্পনা কৰাৰ কথা বুৰঞ্জীয়ে কয় । এই হাতী ধৰা পৰিকল্পনাৰ অংশ স্বৰূপে ব্রহ্মপুত্রৰ পৰা নগাপাহাৰলৈকে হাবিৰে পূৰ্ণ অঞ্চলেদি পাহাৰৰ নামনিলৈকে এটা গড়(হাতীগড়) বন্ধাইছিল যাৰ অৱশিষ্ট এতিয়াও পাহাৰৰ নামনিৰ পৰাই ব্রহ্মপুত্রৰ ওচৰলৈকে খণ্ড-বিখণ্ডকৈ আছে আৰু হাতীগড়, গজপুৰীয়া, হাতীশাল আদি ঠাইসমূহে সাক্ষ্য প্রদান কৰি আছে ।ৰাজধানী হোৱাৰ পূৰ্বে এই বছাপথাৰ অঞ্চলটোৰ পৰা ৰাজধানী ৰংপুৰলৈ অহা-যোৱা কৰা দুটা আলি আছিল । ইয়াৰে এটা চেউনী আলি, আনটো বৰআলি । চেউনী আলিটো স্বৰ্গদেউ জয়ধ্বজ সিংহ(১৬৪৮-৬৩)ৰ দিনত বাদুলি বৰফুকন(লাচিত বৰফুকনৰ জেষ্ঠ্য ভাতৃ)ৰ দ্বাৰা নিৰ্মান কৰোৱাইছিল । আনহাতে বৰআলিটো ব্রহ্মপুত্রৰ পাৰে-পাৰে গড়গাঁৱলৈ স্বৰ্গদেউ চুহুংমুঙে(১৪৯৭-১৫৩৯)নিৰ্মান কৰোৱাইছিল । অৱশ্যে পিছলৈ ১৬৮১-৯৬ খ্রীঃ ভিতৰৰ সময়চোৱাত স্বৰ্গদেউ গদাধৰ সিংহই ধোদবোৰক কামত লগাই কমাৰগাৱঁৰ পৰা মৰিয়নী হৈ ডিব্রুগড়ৰ জয়পুৰলৈকে আন এটি পথ নিৰ্মান কৰোৱাইছিল ।তেখেতৰ উত্তৰসুৰী স্বৰ্গদেউ ৰুদ্ৰসিংহইও খৰিকটীয়া আলি বন্ধাইছিল । ৰাজধানী হোৱাৰ পূৰ্বে স্বৰ্গদেউ গদাধৰ সিংহই তেখেত ল’ৰা ৰজাৰ কোপদৃষ্টিৰ পৰা পলাই ফুৰাৰ সময়ত তেখেতক কৰা অৱজ্ঞাৰ ফলস্বৰূপে কিছুমান সন্ত-মহন্তক টোকলাইৰ দক্ষিনপাৰে বৰ্তমানৰ চিনামৰাৰ ওচৰৰ বচাত পাতিছিল । একেদৰে ব্রহ্মপুত্রৰ উত্তৰপাৰৰ পৰা বেবেজীয়াসকলক আনি টকলা অৰ্থাৎ অনুৰ্বৰ হাবিপূৰ্ণ ঠাইখণ্ডত সংস্থাপিত কৰিছিল । যোৰহাটৰ নামটোৰ লগতো এই অঞ্চলটোৰ বিশেষত্ব সোমাই আছে ।এই অঞ্চলত থকা দুখন হাট বা বজাৰৰ পৰাই যোৰহাট নামটোৰ উৎপত্তি ঘটিছে ।এই হাটদুখন হ’ল চকীহাট আৰু মাছৰহাট । মাছৰহাট অঞ্চলটোত ব্রহ্মপুত্র আৰু দিচৈ নদীৰ উপৰি বৰচলা, পটীয়াচলা বিলৰ পৰা মাছ বিক্রী কৰা হৈছিল । অঞ্চলটোত ৰাজধানী হোৱাৰ পাছতে বিভিন্ন লোকে বসতি আৰম্ভ কৰিছিল আৰু কালক্রমত বৃহৎ গাঁৱৰ ৰূপ পালে । আনহাতে ৰজাঘৰে পতা শুল্ক বা তালাচী চকীৰ কাষতে বহাৰ ফলত আনখন বজাৰক চকীহাটৰূপে জনা গৈছিল ।যোৰহাটলৈ ৰাজধানী অহাৰ পটভূমি বিশ্লেষণ কৰিলে দেখা যায়- ১৬ শ শতিকাতে শ্রী অনিৰুদ্ধদেৱে প্রতিষ্ঠা কৰা মায়ামৰা সত্রৰ অনুগামীসকলৰ লগত ৰজাঘৰৰ দীৰ্ঘদিনীয়া সংঘাতৰ ফলস্বৰূপে উৎপন্ন হোৱা মোৱামৰীয়া বিদ্রোহেই ৰাজধানী স্থানান্তৰৰ মুল কাৰণ । কিয়নো মোৱামৰীয়াসকলে(মায়ামৰা সত্রৰ অনুগামী ভকতসকলক মোৱামৰীয়া বুলি বিভিন্ন বুৰঞ্জীৰ পৰা জনা যায়)গুৰুক ৰজাতকৈ উচ্চ আসন দিছিল আৰু মানি চলিছিল বাবে ৰজাঘৰে এই প্রতিপত্তি মষিমুৰ কৰাৰ বাবে দীৰ্ঘদিন চেষ্টা কৰিছিল ।ফলস্বৰূপে মায়ামৰা মহন্ত নিত্যান্দদেৱক স্বৰ্গদেউ জয়াদিত্য(১৬৪১-৪৪)ৰ শাসনকালত মৃত্যুদণ্ড দি এই বিদ্রোহৰ পাতনি মেলিছিল ।ইয়াৰ পিছত নামমাত্র ৰজা স্বৰ্গদেউ শিৱসিংহ(১৭১৪-৪৪)ৰ দিনত শাসনভাৰ চলোৱা বৰৰজা ফুলেশ্বৰীয়ে(প্রমথেশ্বৰী) বৈষ্ণৱ আদৰ্শৰে চলা সন্ত-মহন্ত্সকলক তেখেতৰ প্রিয় শাক্তধৰ্মৰ ওচৰত শিৰনত কৰোৱাবলৈ দূৰ্গা গোহাঁনীৰ আগত বলপূৰ্বক সেৱা কৰোৱাছিল ।পূৰ্বৰ আহোম শাসকসকলৰ ধৰ্ম নিৰপেক্ষ নীতিৰ বিপৰীতে যোৱা এই কাৰ্যই ৬০০ বছৰীয়া আহোম শাসনৰে পশ্চাদগণনাৰ সুত্রপাত ঘটাইছিল । মোৱামৰীয়াসকলৰ অন্তৰত দীৰ্ঘদিন ৰজাঘৰৰ প্রতি উকমুকাই থকা ক্ষোভ আৰু তেওঁবিলাকৰ শক্তি একত্রিত কৰাৰ মানসেৰে যোৰহাটৰ পশ্চিমে সৰুচৰাই হাবিত সপ্তভুজ মহন্তৰ নেতৃত্বত বৰভেটি আৰু মজিয়াভেটি সাজি সত্র প্রতিস্থা কৰিছিল ।ইতিহাসৰ পাতৰ পৰা জানিব পাৰি ১৭৬৯ খ্রীঃৰ অক্টোৱৰত স্বেচ্ছাচাৰী আহোম ৰাজবিষয়া কীৰ্তিচন্দ্র বৰবৰুৱাৰ বাবে যোগান ধৰা হাতী দূৰ্বল বুলি মায়ামৰা শিষ্য নাহৰ খোৰা আৰু ৰাঘৱ মৰাণক বেয়াকৈ প্রহাৰ আৰু অপদস্থ কৰা হয় । ইয়াৰ পৰিনতিতে অতদিনে সংযম প্রদৰ্শন কৰি অহা অথচ ক্রমবৰ্দ্ধমান শক্তি মোৱামৰীয়াসকলে আহোমৰ বিৰুদ্ধে অস্ত্র তুলি ধৰে । মোৱামৰীয়াসকলক আহোমৰ নিৰ্বাসিত তিনি ৰাজকুমাৰ আহোমসকলৰ মাজত জনপ্রিয় ৰুদ্ৰসিংহৰ তৃতীয় পুত্র মোহনমালা গোহাঁই, ৰাজেশ্বৰ সিংহৰ পুত্র চাৰু সিংহ আৰু ৰত্নেশ্বৰ সিংহইও সহায় কৰিছিল । বিনিময়ত তেওঁলোকৰ এজনক ৰজা পতাৰ আশ্বাস দি কাৰ্যত প্রতাৰণাৰে উদ্দেশ্য সিদ্বিৰ পাছত তিনিওকে মোৱামৰীয়াসকলে হত্যা কৰিছিল । বিদ্রোহীসকলে ৰাজধানীৰ পৰা ৰজাকে প্রমুখ্যে কীৰ্তিচন্দ্র বৰবৰুৱাসহ উৎখাত কৰি, জয়দৌলত বন্দী কৰি নিজৰ ফালৰ নাহৰৰ পুত্র ৰমাকান্তক ৰজা পাতিলে । মোৱামৰীয়াসকল ৰাজকাৰ্যত দক্ষ নাছিল বা অভিজ্ঞতা সম্পন্ন নাছিল বাবেই খামখেয়ালিৰ সৃষ্টি হোৱাৰ সুযোগত ৰাজেশ্বৰ সিংহৰ বিধৱা পত্নী মনিপুৰী কণ্যা কুৰঙ্গনয়নীৰ চক্রান্তৰে মোৱামৰীয়া সেনাপতি ৰাঘৱক হত্যা কৰি পুণৰ আহোমে ৰাজপাট উদ্ধাৰ কৰে ।ৰাজপাট ঘুৰাই পাই স্বৰ্গদেউ লক্ষ্মীসিংহই মোৱামৰীয়াসকলক কঠোৰ হাতেৰে দমন কৰাৰ প্রয়াস কৰিছিল । তেখেতৰ মৃত্যু(১৭৮০)ৰ পিছত গৌৰীনাথ সিংহ (১৭৮০-৯৪) ৰজা হয় । কিন্তু ৰজাঘৰীয়া দূৰ্বলতাৰ হেতু তেখেতৰ ৰাজঅভিষেকৰ পিছতেই বিদ্রোহীসকলে পুণৰবাৰ সজোৰে আত্মপ্রকাশ কৰি শিঙৰি ঘৰত জুই দিয়া, ৰাজকাৰেং জ্বলাই দিয়াৰ দৰে পদক্ষেপ হাতত লয় । স্বৰ্গদেউ গৌৰীসিংহই কোনোমতে গড়গাৱঁৰ পৰা ৰংপুৰলৈ পলাই সাৰে । গোটেই ৰাজ্যজুৰি বিদ্রোহে শিপাই ৰাজ্যখন অস্থিৰ কৰাৰ সময়তে প্রধান মন্ত্রী ঘনশ্যাম বুঢ়াগোহাঁইৰ মৃত্যু হোৱাত তেখেতৰ পুত্র তথা আহোম ৰাজত্বৰ আটাইতকৈ দূৰদৰ্শী পুণানন্দ বুঢ়াগোহাঁই মন্ত্রী হয় । তেওঁ স্বৰ্গদেৱক পৰামৰ্শ দিছিল বুজাবুজিৰে মোৱামৰীয়াসকলক শান্ত কৰিবলৈ যদিও মানি নোলোৱাত বিদ্রোহে চুড়ান্ত ৰূপ পায় ।বিদ্রোহৰ মাজতে কিন্তু দূৰদৰ্শী পুৰ্ণানন্দ বুঢ়াগোহাঁয়ে ভৱিষ্যত চিন্তি ১৭৮৬-৮৭ খ্রীঃত প্রথমবাৰৰ বাবে যোৰহাটৰ উত্তৰে দিচৈত এটা কোঠ নিৰ্মান কৰিছিল । ইফালে বিদ্রোহীয়ে ৰাজধানী দখল কৰি ভৰথ সিংহক ৰজা ঘোষণা কৰে । দিচৈ কোঠৰ পৰাই বুঢ়াগোহাঁয়ে ৰাজধানী উদ্ধাৰৰ প্রচেষ্টা চলাই থাকে সকলো প্রচেষ্টা বিফল হোৱাত যোৰহাটতে ন-কৈ আহোমৰ ৰাজধানী পতাৰ কথা চিন্তা কৰে ।মোৱামৰীয়াসকলৰ পৰা ৰাজ্য উদ্ধাৰৰ বহুতো চেষ্টা বিফলে যোৱাত শেষত তেতিয়া গোৱালপাৰাত বাণিজ্য চলাই থকা ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় বিচাৰে । কেপ্তেইন ৱেলচৰ অসম আগমনো ইয়াৰ ফলতে ঘটিল আৰু ১৭৯৪ খ্রীঃৰ ২১ মাৰ্চত কোম্পানীৰ সহযোগত আহোমে ৰাজধানী পুণৰ দখল কৰে । কিন্তু ৱেলচ উভতি যাবৰ পৰত(২৫ মাৰ্চ, ১৭৯৪ খ্রীঃ)পূৰ্বৰ অভিজ্ঞতাৰে ভীত হৈ থকা স্বৰ্গদেউ গৌৰীনাথ সিংহই পিছদিনাখনেই ৰাজধানী স্থায়ী ৰূপে যোৰহাটলৈ স্থানান্তৰিত কৰিলে ।ফলত আহোম শাসনৰ শেষ সময়ছোৱাত ৰাজধানীৰূপে যোৰহাট ইতিহাসত লিপিবদ্ধ থাকিল । স্বৰ্গদেউ গৌৰীসিংহই বা-বিষয়াৰে প্রস্থান কৰাত বিদ্রোহীয়ে ৰংপুৰ দখল কৰি অৰাজকতা সৃষ্টি কৰে । ৰজাই দিচৈকোঠৰ পৰাই ৰাজকাৰ্য চলাই যোৱাৰ উপৰিও নতুনকৈ ফ্লিন্ট লক বন্দুকধাৰী সেনাবাহিনী তৈয়াৰ কৰাত মনোনিৱেশ কৰে । কোম্পানীৰ পৰা বন্দুক আনি যোৰহাটৰ চিপাহীখোলাত প্রশিক্ষন দিয়াইছিল । ১৭৯৫ খ্রীঃত এইজনা স্বৰ্গদেউ স্বৰ্গী হোৱাত কমলেশ্বৰ সিংহক ৰজা পতা হয় । এইজনাৰ স্বৰ্গদেৱে যোৰহাটখনক নগৰ কৰি তোলাৰ আগ্রহেৰে মনোনিৱেশ কৰে । তেখেতৰ ৰাজকাৰেং নগৰখনৰ ঠিক মাজময়িয়াত (বৰ্তমান বিষ্টুৰাম বৰুৱা ৰাজ্যিক চিকিৎসালয়, চক বজাৰৰ সমীপত) নিৰ্মান কৰাইছিল । এই কাৰেঙৰ সন্মুখত চেউনী আলিৰ ফালে এখন স্থায়ী তোৰণ সাজিছিল । আহোম ৰাজত্ব শেষ পাঁচজন ৰজাই ইয়াৰ পৰাই ৰাজত্ব কৰিছিল আৰু ব্রিটিছৰ আমোলত ৰাজকাৰেঙটোৰ ক্ষতি কৰে যদিও তোৰণখন অক্ষত হৈ থাকে । যোৰহাটৰ দক্ষিনে ৰাজপৰিয়ালৰ বিভিন্ন উদ্যানশস্যৰ বাবে বাগিছা পতা হৈছিল বাবে ৰজাবাৰী বোলা হৈছিল । পাৰদৰ্শী প্রধান মন্ত্রী পুৰ্ণানন্দ বুঢ়াগোহাঁইৰ সু-পৰিকল্পিত আঁচনিৰে যোৰহাট নগৰখনৰ বাট-পথ সমূহ নিৰ্মান কৰিছিল । তেখেতে নগৰখন মুখ্য পথসমূহ নিৰ্মান কৰোঁতে প্রতিটো পথে আন এটা পথক সমকোণীয়াকৈ অতিক্রম কৰাকৈ নিৰ্মান কৰিছিল । এই বাট-পথসমূহৰ এতিয়াও ব্যৱহৃত উল্লেখযোগ্যসমূহ হ’ল-ম’হবন্ধা আলি, কমাৰবন্ধা আলি, চোলাধৰা আলি, বৰপাত্র আলি, ৰূপহী আলি, ম’হগড় আলি, ৰজাবাহৰ আলি, বাবু আলি, সৰ্বাইবন্ধা আলি, তন্ত্রী আলি, সুশান্দেবন্ধা আলি, ফাঁচি আলি ইত্যাদি । ৰাজধানী হোৱাৰ পিছতে যোৰহাটত শিক্ষাৰ প্রসাৰ হ’বলৈ আৰম্ভ কৰে । বিভিন্নজন বিষয়াই ৰাজধানীৰ সমীপত বসবাস কৰিবলৈ লোৱাৰ উপৰিও পুখুৰী আদি খন্দাইছিল । তৰাজান পূজা মন্দিৰৰ ওচৰত বৰগোহাঁইৰ বাসস্থান আছিল আৰু বৰগোহাঁই পুখুৰী খন্দোৱাইছিল ।ৰজাৰ কটকী কৃষ্ণকান্ত কটকীয়ে নাতিদূৰৈত আন এটা পুখুৰী খন্দাইছিল বাবে কটকী পুখুৰী বুলি জনা যায় । সৰুচৰাইত প্রধান মন্ত্রীৰ আবাস আছিল । বৰপাত্রগোহাঁইৰ বাবে বৰ্তমানৰ জে.বি কলেজৰ স্থানত সজোৱা হৈছিল বুলি জনা যায় । বৰবৰুৱাৰ বাসগৃহ আছিল বৰ্তমান পলিটেকনিক হাইস্কুলৰ ওচৰত । তামুলী ফুকনৰ ঘৰ আৰু পুখুৰী বৰ্তমান শংকৰদেৱ চেমিনাৰীৰ ওচৰত আছিল । আনহাতে চোলাধৰা ফুকনৰ চোলাধৰাত, গংগাৰাম বৰগোহাঁইৰ তৰাজানৰ ওচৰত বাসস্থান আছিল । ক্রমাৎ নগৰখনে গা কৰি উঠাত পানীৰ চাহিদা পুৰণৰ বাবে প্রধান মন্ত্রী পুৰ্ণানন্দ বুঢ়াগোহাঁয়ে সু-পৰিকল্পনাৰে পূৱ দিশৰ নগা পাহাৰৰ পৰা নামি অহা দিচৈ বনাঞ্চলৰ মাজেদি গতি কৰা দিচৈ নদীখন খান্দি যোৰহাটৰ মাজেদি বোৱাই অনাৰ কাৰ্যকৰী কৰে । ভোগ আগবঢ়াই নগৰৰ মাজেদি বোৱাই অনাৰ বাবে এইখনেই ভোগদৈ নামে জনাজাত হ’ল । অসমৰ ইতিহাসত এইখনেই মানুহৰ দ্বাৰা খান্দি উলিওৱা নদী হিচাপে খ্যাতি থাকি যাব । ইয়াৰ উপৰিও ১৮০১ খ্রীঃত স্বৰ্গদেউ কমলেশ্বৰ সিংহই বুঢ়ীগোসাঁনী দেৱালয়ৰ নৈবদ্য ধুবলৈ এটা পুখুৰী (মিঠাপুখুৰী) খন্দায় । স্বৰ্গদেউজনাই তিতাবৰত এটা ন-বাহৰ পাতিছিল । তালৈ যাবলৈ বন্ধোৱা আলিটোকে ন-আলি নামেৰে জনা যায় । ৰজাৰ লগত সঘনাই যোৱা বৰ-কুৱঁৰী (মহাৰাণী)য়ে এটা পুখুৰী খন্দাইছিল । ইয়েই কুৱঁৰী পুখুৰী বুলি জনা যায় । যোৰহাট নগৰখন গঢ় লৈ উঠাৰ সমান্তৰালকৈ বিভিন্ন কুটীৰ শিল্পইও গঢ় লৈ উঠিছিল ইয়াৰ সমীপবৰ্ত্তী অঞ্চলসমূহত । গুৰ যোগান ধৰাসকলক গুৰযোগনীয়াত, কুমাৰসকলক কুমাৰ গাঁৱত, পাটী-দৈ কামকৰাসকলক পটীয়াগাঁৱত, সোণাৰীসকলক সোণাৰীগাঁৱত, কাঁহ শিল্পৰ লগত জড়িত লোকক কহাঁৰগাঁৱত, কমাৰশিল্পৰে জড়িতসকলক কমাৰ গাঁৱত এইদৰে সংস্থাপিত কৰা হৈছিল । স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃ চুডিংফাই চন্দ্রকান্ত সিংহ ৰাজপাটত উঠে । এখেতৰ মাতৃ ৰাজমাও নুমলীয়ে যোৰহাটত এটা বৃহৎ পুখুৰী খন্দাইছিল যাক ৰাজমাও পুখুৰী বুলি জনা যায় । ১৮১৬ খ্রীঃত বুঢ়াগোহাঁয়ে হাতীগড়ত শিৱদৌল আৰু পুখুৰী খন্দাইছিল । ১৮১৭ খ্রীঃত গুৱাহাটীৰ চকীত কলীয়াভোমোৰাৰ বৰফুকনৰ মৃত্যুৰ পাছত বৰফুকনৰ দায়িত্ব পোৱা স্বাৰ্থাম্বেষী বদনে ব্রহ্মদেশৰ পৰা মান সেনা লৈ আনি অসম আক্রমন কৰে । মানে কঠালগুৰি যুদ্ধত আহোমক পৰাজিত কৰি ৰাজধানী দখল কৰে । কিন্তু চন্দ্রকান্ত সিংহকে ৰজা মানি বদনচন্দ্রই নিজে মন্ত্রীফুকন উপাধি লৈ প্রকাৰন্তৰে দেশ শাসন কৰিবলৈ ধৰে । কিন্তু বদনৰ পৰা ক্ষতিপুৰণ লৈ মান উভতি যোৱাৰ পাছতে দেশৰ দায়িত্বৰ প্রতি সচেতন তথা হিতৈষী নুমলী ৰাজমাওৱে ৰূপসিং নামৰ হিন্দুস্তানী চিপাহীৰ হতুৱাই বদনচন্দ্রক হত্যা কৰোৱায় ।এই বঙাল চিপাহীজনৰ সন্মানাৰ্থে বঙাল পুখুৰী নামে এটা পুখুৰীও খন্দোৱা হয় । কিন্তু বদনচন্দ্রই পুৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যুৰ পিচত মন্ত্রী হোৱা পুত্র ৰুচিনাথৰ মনত সন্দেহৰ বিষবাষ্প এটা এৰি যোৱাত তেওঁ ৰজাক অপসাৰন কৰি ব্রজনাথ সিংহক ৰজা পাতে । কিন্তু আহোম বিষয়াসকলে তেওঁক ৰজা মানি নোলোৱাত নাবালক পুত্র পুৰন্দৰ সিংহক ৰজা পাতে । তেওঁ চন্দ্রকান্ত সিংহক তৰাতলিলৈ নিৰ্বাসন দণ্ড দিছিল। ১৮১৯ খ্রীঃত মানে পুণৰবাৰ অসম আক্রমন কৰি পুণৰ এবাৰ চন্দ্রকান্ত সিংহক ৰজা পাতে । কিন্তু ১৮২০ খ্রীঃত মান সেনাপতি মিঙিমাহা ঘূৰি যোৱাত বৰবৰুৱা পটলঙে অসমক মানমুক্ত বুলি ঘোষণা কৰে । কাৰ্যত মিঙিমাহা পুণৰ উভতি আহি যোগেশ্বৰ সিংহক নামমাত্র ৰজা পাতেহি । উপায়ন্তৰ হৈ আহোম স্বৰ্গদেউ চন্দ্রকান্ত সিংহই ম’হগড়ত নিৰ্ণায়ক যুদ্ধ এখন তৰিছিল । য’ত আহোম সেনা শোচনীয় ভাবে পৰাজিত হৈছিল । ইয়াৰ পাছতে আহোমৰ শেষৰক্ষাৰ বাবে সহায় আগবঢ়াবলৈ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় বিচৰা হ’ল । ১৮২৫ খ্রীঃৰ ১৭ জানুৱাৰীত কেপ্তেইন নিউভিলৰ নেতৃত্বত মানসেনাক পৰাজিত কৰি ব্রিটিছে অসমক মানৰ কুশাসনৰ পৰা মুক্ত কৰে । কিন্তু গোজেই গজাঁলি হোৱা সাম্রাজ্যবাদী বগা বঙালসকলে কিন্তু ঠিকেই অসমৰ সম্পদ লুণ্ঠন আৰু স্বাধীনতা খৰ্বৰ বাট মোকলাই ল’লে । ২৪ ফেব্রুৱাৰী ১৮২৬ খ্রীঃৰ ইয়াণ্ডাবু সন্ধি মৰ্মে মানসকলে অসমক ব্রিটিছৰ হাতত শোধাই গুচি যায় ।সেইদিনাই ৬০০ বছৰীয়া আহোম ৰাজত্বৰো বেলি মাৰ গ’ল । এটা অভিজাত সাহসী জাতিৰ শাসন জৰীৰ বান্ধ শিথিল হোৱা ক্ষনৰ বহু উথ্থান-পতনৰ সাক্ষী হৈ ৰ’ল ৰাজধানী যোৰহাট। শিক্ষা-সংস্কৃতিৰ প্রাণকেন্দ্রৰ স্বৰূপ নগৰখন কিন্তু আজিও ইয়াৰ নাগৰিকসকলৰ আপোন আৰু হিয়াৰ আমঠু হৈ ৰ’ল । জয়তু যোৰহাট, জয় আই অসম ।