সাগৰৰ ডায়েৰী (ৰিদিপ ৰঞ্জন চেতিয়া)

"সাগৰৰ পাৰত সময় কটাই বৰ ভাল লাগে ।" মই কোৱা নাই, মোৰ কাষতে থিয় হৈ থকা ছোৱালীজনীয়ে কলে ।
প্ৰশান্ত মহাসাগৰ যাৰ পৰিধি অনন্ত, বিশাল অাৰু সুগভীৰ । এই মহাসাগৰেই আছিল এনে এক উত্তম স্থান যাক তাই প্ৰাণ ভৰি ভাল পাইছিল । ইয়াৰ নৈসৰ্গিক আকৰ্ষণে তাইক সেই স্থান এৰি আহিবলৈ দিয়া নাছিল । সাগৰৰ উচ্ছল চঞ্চল ঢৌবোৰ দৰ্শন কৰি তাই এক অতুলনীয় আনন্দত আত্মহাৰা হৈছিল ।প্ৰকৃততে স্বাধীনতাৰ এনে মুক্ত আৰু প্ৰাণপূৰ্ণ অনুভূতি আন কোনো স্থানতে হয়তো পোৱা নাযায় ।
অৱসৰৰ বিনোদনৰ খাতিৰত বহু লোক নিত্য-প্ৰতিদিন এই সাগৰৰ পাৰলৈ অাহে । সাগৰৰ পানীত ওফন্দি উঠা ওখ-চাপৰ ঢৌবোৰ চাই পৰিতৃপ্ত হয় । ইয়ালৈ অাহিলে সাতুৰিবলৈ জনাসকলেতো সাতুৰেই, নজনাসকলো পিছ পৰি নৰয় । তেওঁলোকে বিশেষ একো নকৰে । মাথো সাগৰৰ নিমখীয়া পানীৰ স্পৰ্শেৰে ভৰিকেইটা তিয়াই মনত উৎপন্ন হোৱা নিৰ্মল অানন্দৰ অাভাষ লয় অথবা ইয়াৰ পানীবোৰ ইজনে সিজনৰ গালৈ ছটিয়াই হাঁহি-ধেমালি কৰে ।
এদিন এই সাগৰৰ পাৰতে মই লগ পাইছিলো, সেই ছোৱালীজনীক । নাম ময়ুৰী শৰ্মা । বয়স প্ৰায় ১৩ - ১৪ বছৰমান হব । অাচল ঘৰ অসমত, যদিও কৰ্মসূত্ৰে দেউতাকৰ লগত ইয়ালৈ অাগমন ঘটিল । প্ৰথম চিনাকী হোৱা দিনাৰে পৰা অামি প্ৰায়ে কথা পাতো । বিশেষকৈ মই অসমৰ পৰা অহা বুলি জনাৰ পাছত মোৰ লগত তাইৰ ভাৱৰ অাদান-প্ৰদান সহজ হৈ পৰিল । বৰ্তমান তাই গোৱাৰ দাতি কাষৰীয়া এখন চহৰত মাক-দেউতাকৰ সৈতে বসবাস কৰে । খুব মৰমলগা অাৰু স্বভাবতে প্ৰাণচঞ্চল ছোৱালীজনী দেখিলেই ভাল লাগি যায় । যেতিয়াই ইয়ালৈ অাহো, এটি মিচিকিয়া হাঁহিৰে তাই মোক সম্ভাষণ জনায় । সাগৰৰ পাৰৰ শাৰী শাৰী নাৰিকল গছৰ অাৰে অাৰে অামি খোজকাঢ়ি ফুৰো । কেতিয়াবা সেই গছবোৰৰ ছাঁত জিৰণি লওঁ । নিজৰ জীৱনৰ প্ৰায় প্ৰতিটো কথা তাই মোক মুকলি মনেৰে কব খোজে । তাই কি কৰি ভাল পায়, কি কি চখ অাছে, মাক-দেউতাকৰ সৈতে তাইৰ জীৱন প্ৰণালী কেনেধৰণৰ……এই সকলোবোৰ কথা মোৰ লগত অালোচনা কৰে ।তাইৰ নিজৰ কোনো দাদা নাছিল । সেয়ে তাই মোক প্ৰায়ে দাদা বুলি মাতে । কেতিয়াবা তাই মোক নিজৰ ঘৰলৈ অামন্ত্ৰণ জনায় । পিছে মইহে যাম যাম বুলি ভাবিও কাহানিও সময় উলিয়াব নোৱাৰো ।
এদিন অামি সাগৰৰ পাৰত পুনৰ লগ হলো । পিছে ময়ুৰীৰ মুখত অাগতে দেখা সেই দীপ্তিময় হাঁহি যেন ম্লান পৰিল । এনে লাগিল যেন কিবা এটা কথাত তাই মন মাৰি অাছে । কৌতুহলবশতঃ সূধিলো, "কি হ'ল ! অাজি তোমাৰ মুখত প্ৰতিদিনৰ দৰে সেই মিচিকিয়া হাঁহিকণ যে নাই ! কিবা হৈছে নেকি ?"
"কিনো কম অাপোনাক ! যদি কওঁ, মিছাতে দুখ পাব ! সেয়ে জনাব নিবিচাৰো । মোৰ কথা মোৰ লগতে থাকিবলৈ দিয়কচোন !"
" কৈ দিয়া অাক' ! কথাবোৰ খুলি নকলে মনটো এনেই গধুৰ যেন লাগি থাকিব, গম পাইছানে ?"
"নাই । মই কব নুখুজো ।"
"কিয় ? মোক অাপোন বুলি নাভাবা নেকি ? দাদা বুলি এনেয়ে কোৱা ন !"
"কথাটো তেনে নহয় !"
"তেন্তে অাচল কথাটোনো কি ? মোৰ বোধেৰে যদি তুমি মোক এবাৰলৈ হলেও অান্তৰিকতাৰে সৈতে তোমাৰ অাপোন দাদা বুলি ভাবিছিলা, নিশ্চয় কৈ দিয়াত কোনো অাপত্তি থাকিব নালাগে ।"
"কৈছো বাৰু……মই মোৰ দেউতাৰ সৈতে অতি সোনকালে এই চহৰ ত্যাগ কৰিব লাগিব । দেউতাৰ কাম অাছিল বাবে ইয়াত বহুদিন কটালো । এতিয়া কৰ্মস্থান সলনি হোৱাৰ বাবে অন্য এখন চহৰলৈ যাত্ৰা কৰিম । অাপোনাক এনেকৈ সাগৰৰ পাৰত হয়তো অাৰু কাহানিও লগ পোৱা নহব । সেয়ে মনটো অলপো ভাল লগা নাই ।"
"হয় নেকি ? তোমাৰ অবিহনে ইয়ালৈ অাহি মোৰো ভাল নালাগিব । কিছু নিসংগ অনুভৱ কৰিম । পিছে অাচল কথাটো কি জানা ! সময় সলনি হয় । মানুহো একেদৰে নাথাকে । জীৱনত মিলন হলে বিচ্ছেদ হোৱাটোও এটা নিয়মৰ লেখীয়া কথা । সাগৰৰ পাৰত সজা বালিঘৰটোও এসময়ত পানীৰ সোতে ভাঙি থৈ যায় । সেই বুলি মন মাৰি থাকিব লাগেনে ? তুমি মানসিকভাবে শক্তিশালী হব লাগিব । গতিশীল জীৱনৰ সৈতে অাগুৱাই যোৱা । পিছে জীৱনৰ গতিপথত এই অচিন দাদাজনক পাহৰি নাযাবা । মনৰ অান্তৰিকতা যদি অটুট থাকে, অামাৰ সম্পৰ্কও চিৰ যুগমীয়া হৈ ৰব । বিশ্বাস ৰাখা । যদি সম্ভৱ হয়, অামি পুনৰ লগ হম ।"
"গম পাইছো, এই কথাবোৰ কৈ অাপুনি মোক কিছু ক্ষণৰ সান্তনাহে যাচিব খুজিছে । জানেই নহয় অতীতৰ স্মৃতিয়ে মানুহক খেদি ফুৰে । মন বিয়াকুল হৈ পৰে অাৰু দুখত হৃদয়খন বিধস্ত হয় । তথাপি অাপোনাৰ কথাবোৰ শুনিলে মনত বৰ শান্তি পাওঁ, দাদা । পুনৰ এইদৰে সাগৰ তিৰত অাপোনাৰ লগত সময় কটোৱাৰ সুযোগ পামনে নাপাম নাজানো । কিন্তু অাপোনাৰ লগত কটোৱা প্ৰতিটো মুহূৰ্ত মোৰ বাবে স্মৰণীয় হৈ ৰব ।"
এনেদৰেই এদিন হঠাতে সাগৰৰ পাৰত লগ পোৱা সেই ছোৱালীজনীৰ লগত পুনৰ এদিন সাগৰৰ পাৰতেই মোৰ বিচ্ছেদ ঘটে । অামাৰ অাৰু কোনোদিনে দেখা-সাক্ষাৎ নহল । জীৱনৰ প্ৰকৃতিয়েই এনেধৰণৰ যে অামি ইয়াৰ যাত্ৰাপথত লগ পোৱা অনেকজন ব্যক্তিক এইদৰেই এৰি অাহিব লগীয়া হয় । লগত মাথো থাকি যায় কিছু মধুৰ স্মৃতি, যি সোৱাৰাই দিয়ে যে অামাৰো অাছিল কিছুমান এনে দিন, কিছুমান এনে সময় যি সাগৰীয় পানীৰ ঢৌবোৰৰ দৰে অামাৰ মনত খলকনি তোলে ।
(সমাপ্ত)