টাই আহোমৰ ধৰ্ম (ধৰিত্ৰী গগৈ ফুকন)

ত্তাঈ আহোমৰ ধৰ্ম কি ? এটা আলোচনা কৰিবলগীয়া বিতৰ্কত বিষয় ।
প্ৰথম কথাটো হ’ল , আহোমসকল বাস্তৱবাদী মানুহ । জীৱিতসকলক পাপ্য অনুসাৰে সন্মান জনোৱাত কোনেও কৃপণালি নকৰে আৰু সম্বন্ধবোৰ সদায় নিয়াৰিকৈ পালন কৰে । যেনে - নিজৰ পিতৃ-মাতৃতকৈ জেষ্ঠ্যজনক আপাদেউ-নিচাদেউ আৰু কনিষ্ঠজনক দদাইদেউ-খুৰীদেউ , পেহীদেউ আদি সম্বোধন , নিজতকৈ জেষ্ঠ্যজনক বাইদেউ-ককাইদেউ আৰু কনিষ্ঠজনক ভাইটি-ভন্টি আদি সম্বোধনেৰে শ্ৰদ্ধা-মৰম প্ৰদৰ্শন কৰে । নিজৰ বংশৰ ডাঙৰ পৰিয়ালৰ হ’লে বয়সত সৰু হ’লেও ডাঙৰ সম্বন্ধ ধৰি মাতে । সৰু পৰিয়ালৰ হ’লে বয়সত ডাঙৰ হ’লেও সৰু সম্বন্ধ ধৰি মাতে ।
দ্বিতীয় কথা হ’ল , আমি আহোমসকল জন্মান্তৰবাদত বিশ্বাসী নহয় । বৰ্তমানৰ মনুষ্য জনমৰ আগতে কিবা জীৱ হৈ জন্ম লোৱা বা মৃত্যুৰ পাছতো কিবা জীৱ-জন্তুৰ ৰূপ লৈ জন্ম লোৱা কথাটো আমি বিশ্বাস নকৰোঁ । এই কথাতে হিন্দু ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ লগত পাৰ্থক্য পৰিলক্ষিত হয় ।
আমি পূৰ্বজন্ম-পৰজন্ম বিশ্বাস নকৰাৰ প্ৰমাণ কি ?
আহোম মানুহ বুলি নিজকে চিনাকি দি গৌৰৱ অনুভৱ কৰাসকলে বছেৰেকৰ উৎসৱ-পাৰ্বনসমূহত নিশ্চয় নিজৰ মৃত পিতৃ-মাতৃ তথা আইতাক-দৌতিয়েকৰপৰা ঢুকি পোৱা ওপৰলৈকে পূৰ্বপুৰুষসকলৰ উদ্দেশ্যি নিৰ্দিষ্ট উপাচাৰসহ উৎসৰ্গা আগবঢ়ায় । কিয় আগবঢ়ায় ? কাৰণ তেওঁলোকে মনুষ্যশৰীৰ ত্যাগ কৰিলে যদিও শৰীৰবিহীনভাৱেই ঘাইঘৰৰ নিৰ্দিষ্ট স্থানত ৰৈ থাকি ঘৰখনৰ আমি দেখি নোপোৱা অপায়-অমঙ্গলবোৰৰপৰা ৰক্ষা কৰি থাকে । যদি তেওঁলোকে তেনেদৰে আমাৰ ঘৰখনৰ ৰক্ষাকৰ্তাৰ ভূমিকা লয়েই থাকে তেন্তে আন জীৱৰ জন্ম লবগৈ কেনেকৈ ? ৰহস্য ভেদ কৰিব নোৱাৰা সত্যটো যিয়েই নহওঁক , মৃতকসকলৰ অস্তিত্ব আমাৰ বাবে সদায় গুৰুত্বপূৰ্ণ । তেওঁলোকেই আমাৰ বাবে দেৱতাও ।
আমি যে কওঁ , ফুৰাৰ আৰ্শীবাদ লওঁ বুলি ; সেই “ফুৰা”নো কোন , কি ?
আহোম মানুহে পূৰ্বপুৰুষক উৎসৰ্গা কৰাৰ বাহিৰেও আন এটা অদৃশ্য মহান প্ৰাকৃতিক শক্তিক বিশ্বাস কৰে যিটোক “আল্লা , গড্ , ইশ্বৰ” বা যি বুলিয়েই কোৱা নহওঁক কিয় ! আমি কেতিয়াবা সেই শক্তিক বিশ্বাস কৰোঁ আৰু কেতিয়াবা নকৰিবলৈয়ো বিচাৰোঁ । মানুহৰ আয়ত্বৰ বাহিৰত থকা সেই নেদেখা মহান শক্তিকে আমি “ফুৰা” বুলি কওঁ । গছ-লতা , পাহাৰ-সমতল ,সূৰ্য্য-চন্দ্ৰ ,গ্ৰহ-উপগ্ৰহ , পৃথিৱীকে আদি কৰি যিমানবোৰ জীৱ-জড় আছে সকলো তেওঁৰেই সৃষ্টি বুলি আমি মানো । সেয়ে নিৰ্দিষ্ট দিন-বাৰ অনুসৰি আমি নিজৰ ঘৰত “ফুৰালুঙ” নামেৰে এটা অনুষ্ঠান পাতো যিটো অনুষ্ঠানত সেই মহান “ফুৰা”জনক উদ্দেশ্যি অৰ্চনা-বন্দনা কৰা হয় ।
জীৱিতজনৰপৰা মৃতজনলৈকে আৰু সমাজ-প্ৰকৃতিৰ প্ৰতি সন্মান জনোৱা বা কৰ্তব্য পালন কৰা যি নিয়ম সেই নিয়মসমূহক পূৰ্বতে এটা নিৰ্দিষ্ট নামেৰে নামাকৰণ কৰা হোৱা নাছিল । কিন্তু ৰজাঘৰীয়াৰ আদৰ্শৰে প্ৰজায়ো হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ ওপৰিও বৈষ্ণৱ আদৰ্শ গ্ৰহণ কৰাৰ ফলত সমাজখনত যি ধৰ্মীয় বিশৃংখলতাই দেখা দিলে সেয়া লক্ষ্য কৰি ১৯৭৩চনত “সদৌ অসম মহন-দেওধাই-বাইলুঙ সন্মিলন” আৰু আহোম সমাজৰ শুভচিন্তক বুদ্ধিজীৱীৰ আলোচনামৰ্মে আহোম মানুহে পালন কৰা পৰম্পৰাসমূহক “ফুৰালুঙ” বুলি নামাকৰণ কৰা হ’ল । যদিও ফুৰাৰ অস্তিত্বক মানি লৈ এই “ফুৰালুঙ” নামাকৰণ কৰা হ’ল , শেষতীয়াকৈ দেখা গৈছে আহোমৰ বাকী পৰম্পৰাসমূহ “তাও” দৰ্শনৰ অন্তৰ্গত । সেয়ে কিছুমানে ধৰ্মটোৰ নাম “তাও” বুলি কব বিচাৰে । “তাও” এটা প্ৰাচীন দৰ্শন । অধ্যয়ণ কৰাসকলে মতামত প্ৰকাশ কৰে “তাও”ৱেই হ’ল পৃথিৱীৰ সৰ্বোত্তম বিজ্ঞানসন্মত ধৰ্ম ।
আমাক এতিয়া এটা সদুত্তৰ লাগে যে আহোমৰ ধৰ্মটোৰ নাম কি হ’লে আমাৰ জাতিটোৰ লাভ হব । আমাৰ ব্যক্তিগত পচন্দ-অপচন্দক অগ্ৰাধিকাৰ নিদি আমি জাতীয় স্বাৰ্থক আগস্থান দি উৎকৃষ্ট প্ৰাচীন আদৰ্শক স্বীকাৰ কৰিলে ক্ষতি আছে নেকি ?
এই চিন্তা পঢ়ুৱৈসকলৰ ওপৰত জাপি দি সদুত্তৰ আশা কৰিলোঁ । এই ছেগতে আমাৰ মনোভাৱো ব্যক্ত কৰা ভাল বুলি ভাৱিলোঁ ।
“বৌদ্ধ ধৰ্ম বুলি কলে যিদৰে হীনযান আৰু মহাযান বুলি দুটা ভাগ আছে , খ্ৰীষ্টান বুলি কলে যিদৰে বেপ্তিষ্ট আৰু কেথলিক বুলি দুটা ভাগ আছে , একেদৰে সমগ্ৰ আহোমক “”তাও””ধৰ্মীয়ৰ অন্তৰ্ভুক্ত কৰি ফুৰাৰ অস্তিত্ববিশ্বাসী আৰু বিশ্বাস নকৰা দুটা ভাগ আছে বুলি মানি ললে নিশ্চয় জাতিটোৰ বাবেই মঙ্গল বুলি অনুভৱ হয় । ইয়াৰ জৰিয়তে আমি এতিয়াও বৌদ্ধ ধৰ্ম গ্ৰহণ নকৰা আন তাওবাদী ত্তাঈসকলৰ লগতো এক হৈ যাব পাৰিম ।”
এই কথাখিনি বিবেচনা কৰিলে জাতিটো সুস্থিৰতালৈ আহিব বুলি আমাৰ দুজনৰ ব্যক্তিগত দৃষ্টিৰে লিখিলোঁ ।