আলিদোমোজাত এদিন (ৰাজীৱ ৰাজখোৱা)

বাইকখন কেতিয়াবা পেলাই দিবৰ মন যায় জয়ন্তৰ।তেল খোৱাটোৰ কথাটো বাদেই এই চাৰ্ভিচিং, ব্ৰেক, টিউব, হৰ্ণ, মবিল আদি কিবা কিবি বোৰ অসময়ত সলনি কৰিব লাগে। দুদিনমান শান্তিৰে চলাব পাই কি নাপাই আকৌ খৰচৰ সুৰুঙা এটা উলায়ে। মাহৰ শেষত পকেটৰ মানিবেগ যেতিয়া খালি হ’বলৈ ধৰে তেতিয়াই এইখনৰো বেমাৰ বোৰ বাঢ়ে।মোবাইলৰ নেটপেক, ৰেট কাটাৰ আদি সকলো পেক সেই অভাবি দিন কেইটাৰলৈহে বাটচাই থাকে।
মনতে কথাবোৰ পাগুলি পাগুলি বাইকত কিক মাৰিলে জয়ন্তই। তিনিবাৰ মান গুৰ মৰাৰ পিছত যেনিবা ষ্টাৰ্ট হ’ল। দুদিনমানৰ পৰা চেলফটোৱেও কাম কৰা নাই।সেইফালেও খৰচ আছেই। প্লাগটো সলনি কৰিব কেতিয়াবাই কৈছিল মেকানিকে।সি হে পইচাৰ অজুহাত দেখুৱাই চলাই আছে।
-তই টাউনলৈ যাৱ নেকি?
-অ’ আই। কিবা কবি নেকি?
-এই ঔষধ কেইটা নাইকীয়া হ’ল লৈ আহিবিচোন। কালিৰ পৰা এইটো নাইয়ে। শেষ হ’ব বুলি এইটোও অলপ অলপহে খাই আছো।
মাকৰ হাতৰ পৰা ঔষধৰ প্ৰেস্কিপচন খন লওঁতে জয়ন্তৰ খং এটাই উকালি আহি ডিঙি গুৰি পালেহি। পাঁচশ টকাহে হাতত আছে। ইফালে আজি মিতালীহঁতৰ ঘৰলৈও যোৱাৰ কথা। বাইকখনে এশ টকামান তেল খাবই। চেহ ! মহা বিপদখন হ’ল। একো এষাৰ নোকোৱাকৈ মাকৰ পৰা কাগজখন লৈ জেপত ভৰাই থলে।
-পাৰিলে চুগাৰৰ টেবলেত কেইটামান বেছিকৈ আনিবি। সদায় সদায় আনিবলৈ সময় নাথাকে তোৰ।
-হ’ব দে বুলি কৈ বাইকৰ এস্কিলেটৰ পকাই ওলাই গ’ল। মাকলৈ তাৰ ঘুৰি চাবলৈ আহৰিয়ে নহ’ল। যেন বিশেষ দৰকাৰি কামতহে কৰবালৈ ওলাই গৈছে সি।
আজিহে বাৰু আইৰ ঔষধ কেইটা শেষ হ’বলৈ পালে নে? চেহঃ কি কৰা যায় বাৰু?মিতালিকো কথা দিয়া আছে আজি যেনেতেনে কৰি হলেও সিঁহতৰ ঘৰলৈ যাব বুলি। যোৱাটো বাৰু একো বাধা নাই পিছে খালি হাতখন লৈ কেনেকৈ যাব? হাতত আছে পাঁচশ টকা।শাৰীখনত দিব লাগিব তিনিশ টকা তেল এশ টকা আৰু চকলেট বিস্কুট কিনোতে বাকীকেইটকা শেষ হ’ব।কিন্তু আইৰ ঔষধবোৰ? সিয়েইটো কিনি নিব লাগিব ! মিতালিক সিয়ে ফোনত কৈছিল যে শাৰীখন দোকানৰ পৰা আজি লৈ দি আহিব। কাইলৈ সখীয়েকৰ বিয়া। যদি পিন্ধিবলৈ নাপায় তাই বাৰু কি কি ৰূপ ধৰিব?
এই ছোৱালীবোৰ যে দহ সাজ নোখোৱাকৈ থাকিব পাৰিলেও কিন্তু নতুন কাপোৰ এযোৰ নহলে বিয়া সবাহ খাবলৈ যাব নোৱাৰে। তাতে যদি লগৰ সমনীয়া হয় আৰু কোনে পাৰে? ভৰিৰ পৰা আঙুলিৰ নখৰলৈকে ৰং মিলাব।চুলিৰ খোপা, চকুৰ নোম কাটি কুটি একেবাৰে ফেচনৰ ৰেম্পত উঠিবলৈ যোৱাৰ দৰে ওলাব। বিয়া ঘৰত যেনিবা সিঁহতকহে কোনোবাই পচন্দ কৰিবলৈ আহিব।
কথাখিনি মনৰ মাজতে পাগুলি পাগুলি সি টাওন পালেগৈ। বাইকখন কাপোৰৰ দোকানৰ সন্মুখত ৰখাই হেলমেটটো হেণ্ডেলতে ওলোমাই থৈ এনেয়ে কিছু সময় বাইকৰ ওপৰতে বহি থাকিল। কি কৰিব এতিয়া? এফালে প্ৰেমিকা আনফালে জন্মদাত্ৰী মাক। কাক ধৰিব কাক এৰিব? মাক ডায়েবেটিচ বেমাৰি। এদিন ঔষধ নেখালেই কি ৰূপ হয় ঠিকনা নাই।শাৰীখন নেপালেও মিতালীয়ে বা কি ৰূপ ধৰে তাৰো ঠিকনা নাই৷
সি বৰ দোধোৰ মোধোৰত পৰিল। কোনটো কৰিব কোনটো নকৰিব এতিয়া? বুকুখন ঢপ ঢপাই উঠিল। সৌখন ড্ৰাগ হাউচ কাপোৰৰ দোকানৰ কাষতে লাগি আছে।তাৰ চকু কেইটা মুদখাই আহিব ধৰিলে। হালধীয়া চাদৰ এখনেৰে যেন তাৰ সন্মুখভাগ আবৰি পেলাইছে... আন্ধাৰৰ ছায়া মায়াৰ মাজত দুখন মুখে তাক অহৰহ চিঞৰি থাকিল.. সি চটফটাব ধৰিলে....
কিমান সময় তেনেদৰে বহি থাকিল জয়ন্তৰ মনত নাই। বতৰটোও ডাৱৰীয়া কিছু সময়ৰ পিছত বৰষুণো হব পাৰে। দীঘলকৈ উশাহ এটা লৈ সি ঠিক কৰিয়ে পেলালে ।
কিবা এটা হেৰুৱাৰ বেদনাত বুকুখন চটফটাই উঠিল।চাটকৈ বিজুলি মৰা যেন পালে।বৰষুণ আহিবই এতিয়া চাগে লগতে ধুমুহাও। বাইকৰ পৰা নামি সি ড্ৰাগহাউচৰ ফালে খৰখেদাকৈ আগবাঢ়িলে...।