নিষিদ্ধ নহয় (ৰজনী বৰা)

আইৰ দুচকুত আজিও জিলিকে 
সেই শ্বহীদ বেদীৰ চিতাৰ আঙঠা,
আইৰ বুকুৱে হাহাকাৰ কৰি উঠে -
" সৰু বোপা মোৰ ক'লৈ গ'ল...?"
পাৰিবনে কোনোবাই পূৰাব আইৰ বুকুৰ 
সেই শূন্যতা ?
পাৰিবনে কোনোবাই মচিব আইৰ হৃদয়ৰ 
পুত্ৰ শোকৰ যন্ত্ৰণা ?
কাটি দুছেও কৰিবলৈ মন যায় ,
আইৰ বুকুৰ আঁচ�ল ফালি তেজ পি
খোৱা ৰক্ত পিপাশুবোৰক।
কোনোবা কেলেহুৱা অসমীয়াই ক'ব পাৰে -
"এইটো পাগল হৈছে ।"
সিহঁতে নাজানে -পৰাধীনতাৰ উশাহবোৰ
কিমান বেদনাদায়ক, কিমান বিষাক্ত ।
আজি আইৰ মন ব্যাকুল -কৰদৈ শিৰীয়া
পৰ্বতত উদিত সূৰুযৰ ৰক্তিম কিৰণৰ
ৰং সিচিবলে।
য'ত নাথাকিব পৰাধীনতা,থাকিব মাথোঁ 
হেজাৰটা সৰু বোপাৰ -
মুক্ত হাঁহি - ধেমালি ।
হয়টো কোনোবাদিনা আগচোতালত পৰি 
ৰ'ব এই পাগল প্ৰেমিকৰ নিথৰ দেহ,
ৰাঙলী হৈ পৰিব আইৰ বুকুৰ আঁচল।
চাৰিওফালে থাকিব মাথোঁ তেজৰ চেঁকুৰা।
তেজ মাথোঁ তেজ
কলিজাৰ দগদগীয়া ৰঙা তেজ।