জয়মতী কুঁৱৰীৰ মালিতা (অন্তিম খণ্ড)

জয়মতীৰ আত্মত্যাগৰ পৰিণাম
লাইথেপেনা গোহাঁইদেৱে ল'ৰাৰজাৰ অবিচাৰত
সমূলী অসন্তোষী হৈ
বুঢ়াগোহাঁই বৰপ্ৰাত্ৰ বৰবৰুৱা সহিতে
যুক্তি কৰিলৈগে ৷
তিনিজনা ডাঙৰীয়া মন্ত্ৰী বৰবৰুৱা
সকলো অসন্তোষী
গদাপাণি পলালে, জয়মতীক মৰালে
ল'ৰাৰজাক বুলিছে দোষী ৷
শদিয়াত শদিয়াখোৱা, জাগিত জাগিয়াল
কাজলিত কাজলিমুখীয়া ,
ছজন দাঁতিয়লীয়া বিষয়াইও শুনি
ল'ৰাৰজাক বুলিছে বেয়া ৷
চৰাৰ চাৰিফুকন বাৰ ৰাজখোৱা
বাৰজন পালি বৰুৱা
নিৰ্দোষী জয়মতীক মৰাৰ কাৰণে
ল'ৰাৰজাক বুলিছে বেয়া ৷
ৰাজ্যই বুলিছে ল'ৰাৰজা নাৰকী
অতি অবিচাৰি জীৱ,
ঢেকীত মহেখালে, উৰালত কোবালে
জয়মতীক মৰালে কিয়?
গদাপাণি পলায় যায়, জষমতীয়ে ক'ত পায়
জয়মতীৰ নাছিলে দায়
কোঁৱৰ সকলোকে কাণ নাক কাটি
অত্যাচাৰ কৰি হায় ৷
সতী জয়মতীক কুঁৱৰীক নিৰ্দোষে মৰালে
এই দুটা ডাঙৰকৈ দায় ৷
সেই কাৰণে সমস্ত ৰাইজে
গুপুতে পাতিলে কথা,
গদাপাণি কোঁৱৰক বিচাৰি আনিলে
পাতিলে সবেও ৰজা ৷
( সমাপ্ত)