ইতিহাসৰ পম খেদি ঐতিহাসিক গড়গাওঁ (চাও কল্পজ্যোতি বৰগোহাঁই)

গড়গাঁৱৰ পুৰণি নাম চে–হুং। চে– ৰ অৰ্থ নগৰ আৰু হুং– ৰ অৰ্থ গড় , অৰ্থাৎ গড়ৰ নগৰ বা গড়েৰে মেৰাই লোৱা নগৰ। স্বৰ্গদেৱ গড়গঞা ৰজাই (১৫৫৩–৬২ খৃঃ) গড়গাঁৱত ৰাজধানী পাতে। তিনি শতিকা ব্যাপি পূৰ্ণ পয়োভৰেৰে অসমত তেওঁলোকৰ সাম্ৰাজ্য শাসন কৰিছিল। তেওঁলোকৰ শৌৰ্য, বীৰ্য , বীৰত্ব , যশ ,গৌৰৱ কেউপিনে সমগ্ৰ ভাৰত আৰু ব্ৰহ্মদেশত বিয়পি পৰিছিল। সেয়েহে গড়গাওঁ সাথৰত পৰিণত হৈছিল।
ঐতিহাসিক আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ ফকৰা–যোজনা আজিও অসমীয়াৰ মুখে মুখে প্ৰচলিত হৈ আছে। আন আন ঠাই সমূহৰ কটাৰীৰ ধাৰেহে কাটে , কিন্তু অতুলনীয় “গড়গঞা কটাৰীৰ ডাবেও কাটে।” ক্ষন্তেকতে গোটেই সাম্ৰাজ্যৰ বা–বাতৰি গড়গাঁৱত যোগাওঁতা সুদক্ষ চোৰাংচোৱা আছিল। “ইয়াতে মাৰিলে টিপা , গড়গাওঁ পালেগৈ শিপা।” গড়গাঁৱৰ বতৰা চমকপ্ৰদ আছিল। “গড়গাঁৱৰ বতৰা কোৱা।” জোৰা দিয়া কথা কওঁতাক উদেশ্য কৰি কোৱা হৈছিল–“নগৈ গড়গাঁৱৰ বাতৰি কোৱা।” বিচিত্ৰ গড়গাঁৱৰ মাটি যেন পিছল , তাৰ কথা–কাণ্ড , আইন–কানুন , হাব–ভাবো পিছল। “গড়গাঁৱৰ পিছল বাট , ল’ৰাকো নিচিনি বুঢ়াকো নিচিনি , হাতে পতি লাখুটিপাত।” নগৰীয়াৰ মুখে–পেটে একে নহয় — “গড়গঞা মিতিৰৰ ভাও , মুখেদি থাক থাক , ভৰিয়ে ঠেলে নাও।”
স্বৰ্গদেৱে দিখৌ নৈৰ সোঁহাতে হেমেনাবাৰী নামেৰে ঠাইত ৰাজধানী পাতিছিল। “দিখৌ কোখে সীমা পাটমালি ভিতৰ কৰি নগৰ মেৰাই গড় বান্ধি লৈ তাতে এঘৰ মানুহ গুচাব নোৱাৰিলে। তাক হেমেনা বুলি মাতিছিল। সি কঙ্গনাথাওমুঙ্গ নাতি , বাঁজীৰজা ৰজাকো বৰ কথা মাতে। সি বোলে , মোৰ আৰাকটা মাটি ,ৰজা কি ? এই নিমিত্তে নামফালে গড় কিছু , খণ্ড হৈ থাকিল। সি মৰিলতহে গড় বান্ধিব পাৰিছিল। এতেকেহে হেমনবাৰী বোলা হয় আৰু বৰ্তমানেও এই নামেৰে পৰিচিত। ৰজায়ে নগৰৰ গড়গ্ৰাম নাম দিলে।
ছু্ক্লেনমুঙ স্বৰ্গদেউক গড়গঞা ৰজা বুলিও কয়। তেওঁৰ বৰৰাণী নৰা ৰজাৰ ৰাজকুমাৰী নাঙ্–ত্যেপ্–খাম্ ওৰফে চাও চিং কুঁৱৰীৰ পৰামৰ্শ ক্ৰমে স্বৰ্গদেৱে গড়গাঁৱৰ চাৰিওফালে খাৱৈ খান্দি ওখ গড় বান্ধি ৰাজধানীখন লৈছিল বুলি সুকুমাৰ মহন্তৰ ঘৰত পোৱা অসম বুৰঞ্জীয়ে কয়। নগৰৰ চাৰিওফালে খাৱৈ খান্দি গড় মৰা প্ৰথা টাই আহোমৰ মাজত খুনলুঙ্ আৰু খুনলাইৰ দিনৰ পৰা প্ৰচলিত। তেওঁলোকে দলে—বলে স্বৰ্গৰ পৰা নামি আহি মুঙ্—ৰি—মুঙ্ ৰামত (পৰিত্যক্ত বা জনপ্ৰাণী শূণ্য দেশ) হোলোংঘৰৰ চাৰিওফালে খাৱৈ খান্দি ,গড় মাৰি ৰাজধানী স্হাপন কৰিছিল। এই কাৰণে বোধহয় ,কুঁৱৰীয়ে নগৰৰ কেউফালে গড় মাৰিবলৈ স্বৰ্গদেৱক উপদেশ দিছিল। গড় মাৰি ৰাজধানী পতাৰ বাবেই এই ঠাইৰ নাম গড়গাওঁ হ’ল। গড়ৰ বাহিৰফালে সদায় পানী থকা দ আৰু বহল খাৱৈ থাকে আৰু গড়ৰ ওপৰত সাধাৰণতে ডাঠকৈ কোটোহা বাঁহ ৰোৱা হয়। কোটোহা বাঁহে বৰষুণে মাটি খহাব নোৱাৰাকৈ গড়টোক ধৰি ৰাখিব আৰু তাৰ মাজেদি সতকাই কোনো চোৰাংকৈ গড়ৰ ভিতৰত সোমাব নোৱাৰে। ইয়াত তিনিখাপৰ গড় — বাজ গড় , ভিতৰ গড় আৰু ইটা গড় বান্ধি লৈছিল। বাজগড় তিনিখন দুৱাৰ— দক্ষিণলৈ প্ৰধান দুৱাৰখন হ’ল বৰদুৱাৰ , পূবৰখন পানীদুৱাৰ আৰু পশ্চিমৰ খন চোণপোৰা দুৱাৰ।পূৰ্বে ৰজাৰ কাৰেংঘৰ কাঠ–বাঁহৰ এটা প্ৰকাণ্ড দুমহলীয়া চাংঘৰ আছিল। সপ্তদশ স্বৰ্গদেৱ প্ৰতাপ সিংহই (১৬০৩—৪৩খৃঃ) গড়গাওঁ নগৰ সুৰক্ষিত কৰিবৰ উদ্দেশ্যে নগৰৰ চাৰিওকাষে বাঁহগড় নিৰ্মাণ কৰাই দহখন দুৱাৰ আৰু তিনিখন সিংহদুৱাৰ স্হাপন কৰালে। ত্ৰিংশৎ স্বৰ্গদেৱ ৰুদ্ৰ সিংহই (১৬৯৬—১৭১৪খৃঃ) গড়গাঁৱত পকী পূজা—ঘৰ আৰু গোবিন্দৰ দৌল নিৰ্মাণ কৰাইছিল।
গড়গাঁৱৰ প্ৰাধান্য — স্বৰ্গদেৱ গড়গঞা ৰজাৰ দিনৰ পৰা (১৫৩৯–৫২খৃঃ) যোৰহাটলৈ ৰাজধানী স্হানান্তৰিত (১৭৯৪—৯৫খৃঃ) কৰা সময়ৰ ভিতৰত যদিও কেইবাজনো স্বৰ্গদেৱে কেইবা ঠাইতো ৰাজধানী আৰু নগৰ পাতিছিল , তত্ৰাচ গড়গাওঁহে স্হায়ী ৰাজধানী আছিল। স্বৰ্গদেৱ ৰুদ্ৰ সিংহৰ দিনৰ পৰা (১৬৯৬—১৭১৪খৃঃ) স্বৰ্গদেৱ গৌৰীনাথ সিংহৰ দিনলৈকে (১৭৮০—৯৫খৃঃ) গড়গাওঁ আৰু ৰংপুৰ দুয়োখনেই আহোমৰ ৰাজধানী আছিল। ৱেদ চাহাবে “A Geographical Sketch of Assam”ত লিখিছে যে , ৰংপুৰ অসমৰ ৰাজধানী বা প্ৰকৃত ৰাজধানী গড়গাঁৱৰ সেনা—নিৱাস আছিল। গড়গাঁৱত ৰাজধানী থকাৰ প্ৰায় আঢ়ৈশ বছৰত আহোম সাম্ৰাজ্য অসমৰ কেউফালে বিস্তাৰিত হৈছিল। কিছু বছৰৰ বাবে হ’লেও গোৱালপাৰা , জয়ন্তীয়া , কাছাৰ আদি আহোম সাম্ৰাজ্যত ভূক্ত হৈছিল , অসম উপত্যাকাৰ তিনিওফালে থকা পৰ্বতীয়া জাতিসকলে আহোম শক্তিক মানি লৈছিল আৰু মণিপুৰ ,নৰা , কোচবিহাৰ , কোচহাজো ,কাছাৰ ,জয়ন্তীয়া আদি দেশ বৈবাহিক সুত্ৰে মিত্ৰতা পাশত আৱদ্ধ হৈছিল। ভাৰত বিজয়ী মোগল শক্তি অসমত পৰাজিত হৈছিল। দৌল ,দেৱালয় ,আলি , পুখুৰী , পকী আট্টালিকা ,মথাউৰি , গড় আদি নিৰ্মাণ হৈছিল। নগৰ ,চকী ,হাট ,ফাট , ঘাট , সত্ৰ আদি স্হাপন হৈছিল। শৃংখলাকৈ গাওঁ — ভুই পতা হৈছিল , বিদ্ধান , বৃত্তিয়াল , শিল্পী আদি স্হাপিত হৈছিল। ভাগৱতী বৈষ্ণৱ ধৰ্ম অসমৰ সীমা পাৰহৈ গৈছিল , শাক্ত ধৰ্মই পুনৰ ৰাজঅনুগ্ৰহ পাইছিল , শিল্প— কাৰুকাৰ্যৰ উন্নতি সাধন হৈছিল। বিদেশী ৰাজ্যৰ লগত বেপাৰ—বাণিজ্য চলিছিল। দেশ—বিদেশৰ কটকীৰ আদান—প্ৰদান হৈছিল , দেশীয় আৰু বিদেশী সংস্কৃতিৰ সংঘাতহৈ নতুন অসমীয়া সংস্কৃতি গঢ়ি উঠিছিল, পুথি প্ৰণয়ন , সাহিত্য চৰ্চা , শিল্পোন্নতি আদি বহুলভাৱে হৈছিল। অসমীয়া ভাষাই কেৱল যে পৰ্বতেই আৰোহণ কৰিছিল এনে নহয়— দেশৰ সীমাও পাৰহৈ গৈছিল। পৰ্বত—ভৈয়ামৰ সংমিশ্ৰণত ধৰ্ম নিৰপেক্ষ অসমীয়া জাতি গঢ়ি উঠিছিল।
মুছলমান ইতিহাসবিদ চিহাবুদ্দিন তালিচৰ বৰ্ণনা মতে—
মিৰজুমলাৰ লগত অসমলৈ অহা ঐতিহাসিক চিহাবুদ্দিনে ১৬৬২খৃঃ ত গড়গাৱৰ বিষয়ে লিখা বিৱৰণ গেইট চাহাবৰ বুৰঞ্জীৰ পৰা তুলি দিয়া হ’ল — “গড়গাঁও নগৰত মাটিত লগাই ৰখা চাৰিখন শিলৰ দুৱাৰ । প্ৰত্যেক দুৱাৰৰ পৰা ৰজাৰ কাৰেঙলৈ মানুহ অহা—যোৱা কৰিবৰ বাবে তিনিক্ৰোশকৈ দীঘল , ওখ আৰু মজবুত আলি । নগৰৰ চাৰিওফালে গড়ৰ পৰিৱৰ্তে তিনিক্ৰোশমান ডাঠ বাঁহনি। নগৰৰ ভিতৰত মানুহৰ বসতি শৃংখলাৱদ্ধ নহয়। আলিৰ দাঁতিত বাঁহনিৰ মাজত অ’ত ত’তকৈ মানুহৰ ঘৰ। প্ৰত্যেক ঘৰৰ মুখত খেতি কৰা মাটি আৰু ফল—মূলৰ বাৰী। এনে খেতিৰ মাটিৰ এটা মূৰে আলি পাইছেগৈ আৰু আনটো মূৰে ঘৰ ছুইছেগৈ। ৰজাৰ কাৰেঙৰ ওচৰত দিখৌৰ দুইপাৰে ঘন বসতি। তাতে এটা ঠেক বজাৰৰ আলি । বজাৰলৈ কেৱল পাণ বেপাৰীহে আহে। খোৱা বস্তু বজাৰত কিনা—বেচা কৰাৰ নিয়ম নাই । মানুহে বছৰেকৰ জোখাৰে সকলো বস্তু ভঁডালত সাঁচি থয় , গতিকে কোনো কাৰণত তেওঁলোকে খোৱা বস্তু কিনা বেচা কৰিবৰ আৱশ্যক নহয়।
গড়—
“মুঠতে গড়গাওঁ আমাৰ মনত ঘূৰণীয়া আহল—বহল আৰু কিছুমান গাঁৱৰ সমষ্টি। ৰজাৰ কাৰেং ঘৰৰ কেউফালে গড় আৰু তাৰ ওপৰত ডাঠকৈ বাঁহ ৰোৱা। ই প্ৰাচীৰৰ কাম দিয়ে। ইয়াৰ চাৰিওফালে মানুহ তল যোৱা , সদায় পানীৰে পূৰহৈ থকা খাৱৈ । পৰিধি এক ক্ৰোশ , চৈধ্য শিকলি । ইয়াৰ ভিতৰতে ওখ আৰু আহল—বহল খেৰৰ ঘৰ বিলাক।
হোলোং ঘৰ—
হোলোং ঘৰ— “হোলোং নামৰ ৰজাৰ ৰাজচ’ৰাত ভিতৰফালে দীঘলে ১২০ হাত আৰু পথালিয়ে ৩০ হাত। ইয়াৰ খুটা ৬৬ টা। প্ৰত্যেক খুটাৰ পৰিধি ৪ হাত । এই প্ৰকাণ্ড খুটাবিলাক তেওঁলোকে এনেদৰে মিহি কৰি ৰাখিছে যে প্ৰথমে দেখিলে কুণ্ড কটা যেন লাগে। হোলোঙৰ কাৰ্যবিলাক সন্মুখৰফালে নানা ধৰণৰ কাৰুকাৰ্যপূৰ্ণ ঘৰ সম্ভৱতঃ পৃথিৱীৰ কোনেও কৰিব পৰা নাই।
১২০০০ মানুহে এবছৰত এই ঘৰ নিৰ্মাণ কৰাইছিল। হেলোঙৰ এমুৰে মুখামুখিকৈ চাৰিটা খুটা আৰু প্ৰত্যেক খুটাতে ন—ডালকৈ খাৰুৱা পিন্ধোৱা। ৰজাই এই ঘৰত থাকিবলৈ ইচ্ছা কৰিলে এই চাৰিটা খুটাৰ মাজত সিংহাসন স্হাপন কৰি ওপৰত পৃথক–পৃথক ধৰণৰ ন–খন চন্দ্ৰতাপ তৰা হয়। ৰজা চন্দ্ৰতাপৰ তলত সিংহাসনত বহে , ঢুলীয়াই ঢাক—ঢোল আৰু দান্দ বজায়। দান্দ আমাৰ কাঁহৰ দৰে ঘূৰণীয়া আৰু চেপেতা বাদ্য। ৰজাই যেতিয়া কাছাৰী কৰে বা ওলাই যায় বা নতুনকৈ মকৰল কৰা বিষয়াসকল নিজৰ এলেকালৈ যাত্ৰা কৰে , তেতিয়া ঢাক—ঢোল আৰু দান্দ বজোৱা হয়।
এই ৰাজধানীৰ বেৰাৰ বাহিৰে ৰজা থাকিবৰ কাৰণে অতি চাফ—চিকুণ এটি ঘৰ। ৰাজবাতিৰ ওচৰত বিষয়াসকলৰ ঘৰ বিলাক মজবুত আৰু অতি ধুনীয়া।
ৰজাৰ জোঁৱায়েক বৰফুকনৰ টোলৰ মাজত , এটি ধুনীয়া পুখুৰীৰ কেউকাষে এখনি সুন্দৰ নতুন বাগিছা। বাস্তৱিকতে ঠাইখন অতি আনন্দদায়ক , মমোৰম আৰু পৱিত্ৰ। এই ৰাজ্যত জেকনি বেছি হোৱাৰ কাৰণে মানুহবিলাকে ঘৰৰ ভেঁটি মাটিৰ ওপৰত নকৰি কাঠৰ খুটাৰ ওপৰত মাচাঙত কৰে।
ৱেদ চাহাবৰ বিৱৰণ—
ৱেদ চাহাবে ‘A Geographical Sketch of Assam’— ত লিখিছে — “দিখৌ পাৰত দহ কি পোন্ধৰ মাইল ব্যাপি দক্ষিণে পৰ্বতত লগাকৈ মথাউৰি । ৰদা আৰু উচ্চ বিষয়াসকলৰ ঘাই বাসস্হান গড়গাওঁ ৰক্ষা কৰিবৰ অৰ্থে এই মাথাউৰি অতীজতে বন্ধোৱা হৈছিল। ৰংপুৰৰ পৰা গড়গাৱলৈ প্ৰায় দহ মাইল । গড়গাওঁ দীঘলে দহ মাইল আৰু পথালিয়ে পাঁচ মাইল।”
গড়গাঁৱৰ ধ্বংস সাধন—
১৬৬৩খৃঃ ত মোগল সেনাপতি মিৰজুমলাই গড়গাওঁ দখল কৰি কিছুকাল তাত বসতি কৰিছিল। স্বৰ্গদেৱ লক্ষ্মী সিংহৰ দিনত ১৭৬৯ খৃঃ ত বিদ্ৰোহী মায়ামৰীয়া আৰু মৰাণে গড়গাওঁ কিছুকাল দখল কৰিছিল।