আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা তথা বৰ অসমৰ ভেটি গঢ়োতা চাও লুঙ ছ্যু কা ফা (চাও ঋতুৰাজ ফুকন)

জন্মঃ ১১৯১ খ্ৰীষ্টাব্দত (মাওলুঙৰ ৰাজধানী চেনচেত জন্ম) ।
মৃত্যুঃ ১২৬৮ খ্ৰীষ্টাব্দত (অসমৰ চৰাইদেউত) ।
পিতৃঃ ফু-চাং-কাং বা চাও-ন্যেউ ।
মাতৃঃ নাং-ম'ঙ-ব্লক-খাম-চেন ।
ভাতৃদ্বয়ঃ ছ্যু-জত্-ফা আৰু ছ্যু-খাম্-ফা ।
পুত্ৰদ্বয়ঃ ছ্যু-খাং-ফা আৰু ছ্যু -তেউ-ফা ।
ৰাজত্বকালঃ ১২২৮ খ্ৰীষ্টাব্দৰ পৰা ১২৬৮ খ্ৰীষ্টাব্দলৈকে । বিভিন্ন জাতি-জনজাতিৰ কন্দলৰ ফলত ভাগ ভাগ হৈ প্ৰাচীন কামৰুপৰ কেন্দ্ৰীয় শক্তি দুর্বল হৈ পৰা সময়তে ত্ৰয়োদশ শতিকাৰ আগভাগত (আনুমানিক ১২১৫ খ্ৰীষ্টাব্দ ) উজনি ব্ৰহ্মদেশৰ (ম্যানমাৰ) মাওলং ৰাজ্যৰ পৰা ছুকাফাই পাটকাইত উপস্থিত হয়হি । ছ্যুকাফাই লগত তেওঁৰ তিনি গৰাকী (আই-মে-চাও-লো, নাং-চেন্-চুম্-ফা আৰু য়ি-লো-ৱেং-চিং-চুম্- ফা) ৰাণী আনিছিল । সৈন্য-সামন্তৰ বাহিৰেও ছুকাফাৰ লগত অহা আন লোকসকল আছিল দুজন মন্ত্ৰী (থাও-ম'ঙ-বান্-ৰুই আৰু থাও-ম'ঙ্-কাঙ্-ঙান); পাঁচজন ৰাজপৰিয়ালৰ কোঁৱৰ (খুন-বা, খুন-ফ্ৰং, খুন-ৰিং, খুন-চেং আৰু খুন-ফু-কিন) আৰু কেইজনমান উচ্চ বিষয়া ।
সৈন্য-প্ৰজাসহ মুঠ ৯০০০ লোক, ৩০০ ঘোঁৰা, দুটা হাতী আৰু ভালেমান অস্ত্ৰ-শস্ত্ৰ আনিছিল । ইয়াৰ উপৰিও বাটত পোৱা হুকং উপত্যাকাৰ বহুত তাই মানুহেও এই দলত যোগ দিছিল । প্ৰায় ১৩ বছৰকাল পাটকাইৰ আশে-পাশে অনাই-বনাই ফুৰাৰ পাছত ১২২৮ খ্ৰীষ্টাব্দত তেওঁ নগাৰাজ্যৰ সীমাত প্ৰৱেশ কৰে । লাহে লাহে চুকাফা আগুৱাই আহি দিচাং নৈৰ কাষৰ নামৰুপ পায়হি । তাৰ পাছত তেওঁ ৰাজধানী পাতিবৰ বাবে দিহিং, টিপাম, শ'লগুৰি, অভয়াপুৰী, হাবুং, শিমলুগুৰি আদি কেইবাখনো ঠাই নির্বাচন কৰিছিল যদিও বানপানী বা আন অসুবিধাৰ বাবে কতো স্থায়ী ৰাজধানী পাতিব নোৱাৰিলে । অৱশেষত ১২৫৩ খ্ৰীষ্টাব্দত চৰাইদেউত (চে-ৰাই-দৈ, অর্থাত্ চে- নগৰ, ৰাই- জিলিকা বা মৰা, দৈ- পর্ব্বত; 'পর্ব্বতৰ জিলিকা নগৰ') স্থায়ী ৰাজধানী পাতি থিতাপিকৈ বহিল । ছ্যুকাফাই সৌমাৰ পীঠৰ ভিতৰতে উত্তৰ-পূবে দিহিং নৈ পশ্চিমে দিখৌ নৈ আৰু দক্ষিণে পাটকাই পর্ব্বতৰাজি মাজত এই ঠাইখিনিকে নিজা ৰাজ্য 'মঙ্-দুন্-চুন-খাম' ৰুপে ৩৯ বছৰ ৪মাহ ১৪ দিন ৰাজত্ব কৰি ১২৬৮ খ্ৰীষ্টাব্দত ৭৭ বছৰ বয়সত তেওঁ ইহ লীলা সম্বৰণ কৰিলে । ছ্যুকাফাই আহোম সাম্ৰাজ্য বিস্তাৰৰ মূলতে আছিল তেওঁ উদাৰ সমাজ নীতি । তেওঁ যুদ্ধতকৈ বিভিন্ন সৰু বৰ জনগোষ্ঠীৰ লগত মিত্ৰতা সূত্ৰত আৱদ্ধ হ'বলৈ চেষ্টা কৰিছিল । এইদৰেইতেওঁ পোন প্ৰথমে মৰাণ-বৰাহীসকলক সামৰি পাটকাই পর্ব্বতৰ পৰা দিহিঙলৈকে দিখৌ দিহিঙৰ মাজৰ ঠাইখণ্ডক সামৰি ৰাজ্য স্থাপন কৰে । ছুকাফাই প্ৰতিষ্ঠা কৰা সাম্ৰাজ্যই ৬০০ বছৰ ধৰি সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যাকা জোৰা আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে ৷ এই সময়ছোৱাত অসমত বাস কৰাসকলো জাতি-জনজাতিকে তেওঁ একত্ৰিত কৰে ৷ সেয়ে বৰ অসম গঢ়াৰ ক্ষেত্ৰত অসম তথা অসমীয়া জাতিৰ বাবে ছ্যুকাফাৰ অৱদান সৰ্বস্ব৷।
আহোম যুগৰ শাসন, সমাজ আৰু সংস্কৃতিঃ- আহোম স্বর্গদেউসকলে প্ৰায় ছশ বছৰ ধৰি অসমত ৰাজত্ব কৰিছিল । একেটা ৰাজবংশৰ এনে দীর্ঘস্থাযী ৰাজত্বৰ উদাহৰণ ভাৰতত কিয় পৃথিৱীৰ বুৰঞ্জীতে বিৰল ।ছ্যুকাফাই যেতিয়া উজনি ব্ৰহ্মপুত্ৰ উপত্যকাত আহোম ৰাজত্বৰ ভেটি স্থাপন কৰিছিলহি, তেতিয়া সেই ঠাইখণ্ড অৰণ্যৰে ভৰা আছিল আৰু বিস্তীর্ণ এলেকাৰ মাজে মাজে জনজাতীয় স্তৰত থকা কিছুমান লোক বসবাস কৰি আছিল । স্থায়ী খেতি আৰু এটা উন্নত অর্থনীতিতেওঁলোকৰ নাছিল । আহোমসকলে কিন্তু তেওঁলোকৰ পূর্বৰ বাসস্থানৰ পৰা এখন স্থায়ী কৃষিভিত্তিক সমাজৰ সংস্কৃতি বহন কৰি আনিছিল আৰু এই নতুন ঠাইত অজস্ৰ খেতিৰ মাটি আৰু কাম কৰিবলৈ স্থানীয় জনজাতীয় লোক সংগ্ৰহৰ সুবিধা দেখি উত্সাহিত হৈছিল । গতিকে তেওঁলোকে আহিয়েই কৃষিভিত্তিক স্থায়ী সমাজ এখনৰ ভেটি প্ৰতিষ্ঠা কৰিবলৈ সমর্থ হৈছিল । তাৰোপৰি তেওঁলোকে স্থানীয় লোকসকলৰ আচাৰ-ব্যৱহাৰ, কলা-সংস্কৃতি গ্ৰহণ কৰি সংমিশ্ৰণৰ জৰিয়তে এটা নতুন সংস্কৃতিৰ সৃষ্টি কৰি লৈছিল । গতিকে স্থানীয় লোকসকলে আহোমসকলক আপোন মানুহ বুলি ভাবিবলৈ লৈছিল ।স্বৰ্গদেউ ছ্যুকাফাই টাই মংগোলীয় ভাষা-কৃষ্টি-সংস্কৃতিৰ লগত থলুৱা ভাষা-কৃষ্টি-সংস্কৃতিৰ সমন্বয় ঘ্টাত উৎসাহ যোগাইছিল ৷ এই দূৰদৰ্শী বদান্যতাৰ ফলতেই টাই ভাষাৰ ঠাইত এক নতুন সমন্বয়ৰ ভাষা অসমীয়া ভাষা ৰাজকীয় ভাষা হৈ পৰিছিল ৷ ছ্যু কাফাৰ আন এক বৃহৎ অৱদান হ'ল বুৰঞ্জী ৰচনা ৷ স্বৰ্গদেউ ছুকাফাই তেওঁৰ যাত্ৰা-পথত হোৱা সকলো ঘ্টনা আৰু দেউধাই-মহন-বাইলুং পণ্ডিতসকলক লিখিবলৈ কোৱাৰ পৰাই অসম বুৰঞ্জীৰ আৰম্ভণি বুলিব পাৰি ৷ তেওঁ সমসাময়িক অসমত বসবাস কৰা আৰু ৰাজ্য শাসন কৰা মৰাণ, বৰাহী, কছাৰী, নগা, চুতীয়া আদি সকলো জাতি-জনগোষ্ঠীকে একত্ৰিত কৰি পৰস্পৰৰমাজত বিবাহ আৰু খোৱা-বোৱাৰ ব্যৱস্থা কৰি দিছিল ৷ লগতে বিভিন্ন উপাধি প্ৰদান কৰি সকলো প্ৰজাকে ৰাজ্যশাসনত অংশগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰি দিছিল ৷ যাৰ ফলত অসমত শইকীয়া, বৰা, হাজৰিকা, বৰুৱা, ফুকন আদি নানান উপাধিৰ সৃষ্টি হৈছিল আৰু বামুণ, কলিতা, লালুং, কোচ সকলোৱে এই উপাধি লাভ কৰিছিল ৷
সাতৰাজ মিলাই একৰাজ কৰা চাওলুং ছ্যুকাফাই হ'ল যথাৰ্থভাৱে অসম আৰু অসমীয়াৰ পিতৃপুৰুষ আৰু বৃহত্তৰ অসমীয়া জাতিৰ জনক ৷
এই কথা খিনি পঢ়াৰ পাছত ছাগে বৰ অসমৰ ভেটি গঢ়োঁতা শংকৰদেৱ বুলি কোৱা কেইটাৰ ভূল ধাৰণা শুদ্ধ হব আৰু এই খন দেশ শংকৰ আজানৰ নহয় ,চাও ফা ৰ দেশ বুলি বুজি পাব ।।