তাই আহোমৰ তিনি পণ্ডিত শ্ৰেণী (ড° বীৰেন্দ্ৰ কুমাৰ গোহাঁই)

আহোমৰ স্বৰ্গদেউসকলৰ ৰাজত্ব কালত আহোমৰ তিনি-পণ্ডিত শ্ৰেণীয়ে এক উল্লেখনীয় ভূমিকা পালন কৰিছিল। পণ্ডিত শ্ৰেণীৰ তিনিটা ফৈদঃমহন(মহুঙ), দেওধাই(ছাঙবুন), আৰু বাইলুঙ(মপ্লঙ)। এই ফৈদৰ কেইবাটাও শাখা আছে- মহনৰ ৮টা, দেওধাই ১৩ টা, বাইলুঙৰ ১৯ টা। কিন্ত প্ৰতিটো পুৰোহিত ফৈদৰ আদি পুৰুষ একো-একোজন। বংশ বাঢ়ি আজি আহোমৰ পণ্ডিত ফৈদৰ এনেদৰে বহু শাখা হৈছেগৈ।
এই তিনিওটা ফৈদে শাখা অনুসৰি বংশাৱলী প্ৰস্তত কৰি আহিছে আৰু এই ফালৰ পৰা চাবলৈ গ’লে পণ্ডিত ফৈদ কেইটাই স্বকীয় বিশিষ্টতা ৰক্ষা কৰি আহিছে। বংশাৱলী সভাও এওঁলোকে পালন কৰা দেখা যায়। মহন, দেওধাই আৰু বাইলুঙ ফৈদৰ আন এক বিশিষ্টতা হ’ল তেওঁলোকে একেটা ফৈদত বিয়া- বাৰু নকৰে। একেজন আদি পুৰুষৰ সন্তা-সন্ততিৰ মাজত বিয়া-বাৰু নিষিদ্ধ। তদুপৰি দেওধাইসকলে বুঢ়াগোহাঁই ফৈদৰ লগত আৰু মহন সকলে বৰগোহাঁই ফৈদৰ লগত বিয়া-বাৰু নকৰায়। আদিতে এওঁলোকৰ আদি-পুৰুষজন একেজনেই আছিল। বুঢ়াগোহাঁই ফৈদৰ আদি পুৰুষ খুন-বানৰ বংশধৰ আৰু বৰগোহাঁই ফৈদৰ আদি পুৰুষ ফুন-টুনৰ বংশধৰ। দেওধাই সকলে নিজ ঘৰৰ ডাম খুটা (ফ’ কাম-য’ত উপৰি পুৰুষ সকলে স্বৰ্গলৈ নোযোৱালৈকে বাস কৰে বুলি মানে) পূবফালে প্ৰতিষ্ঠা কৰে। আনহাতেদি মহন সকলে বৰগোহাঁইসকলৰ একে বংশৰ হোৱা হেতু পশ্চিমৰ ফালে ডাম খুটা প্ৰতিষ্ঠা কৰে, নিজ নিজ ডাম খুটাৰ ফালে ভৰি মেলাটো এৰাই চলিবলৈ মহনসকলে বিচনাত পশ্চিমফালে মূৰ থৈ আৰু দেওধাইসকলে পূব ফালে মূৰ থৈ শোৱে। দেওধাই আৰু মহন বংশাৱলীত এই বুঢ়াগোহাঁই আৰু বৰগোহাঁই ফৈদৰ একাত্মতাৰ কথা স্পষ্ট কৰি দেখুওৱা হৈছে।
তাই আহোমৰ পণ্ডিত শ্ৰেণীয়ে এক অতুলনীয় সম্ভাৰ আমাৰ দেশলৈ কঢ়িয়াই আনিলে আৰু এক সস্থিৰ পৰম্পৰাৰ গঢ় দিলে। তাই আহোমৰ আদি পুৰুষ চাও লুঙ ছ্যু-কা-ফাই ম্যুঙ মাও ৰাজ্য এৰি ‘চুম ছেঙ’ ৰ মূৰ্ত্তিটি লগত লৈ ম্যুঙ ডুন ছুন খাম তথা সোণালী শস্যৰ দেশ অৰ্থাৎ সোণৰ দেশ স্থাপন কৰিলে বুলি সাঁচিপতীয়া তাই ভাষাৰ বুৰঞ্জী এখনত উল্লেখ আছে। সেই একেখন পুথিতে লিখা আছে “ডয় চে” (চৰাইদেউ)ত থাকি স্বৰ্গদেৱে কুকুৰা-ধৰা ম’ছাম আৰু পাঙ পতা ম’ছাইক মে-ম্যুঙ কৰিবলৈ দিলে। উত্তৰে-দক্ষিণে পখৰা ঘোঁৰা বহুৱালে। অন্যান্য জীৱ-জন্ত আৰু বস্তৰে দেৱ-দেৱতাৰ পূজা কৰি মে-ম্যুঙ মে-বান কৰিলে। দেশত বিজুলী-ঢেৰেকনিৰে বৰষুণ হোৱাত স্বৰ্গদেৱে দেৱ-দেৱতাক উদ্দেশ্যি ৰিক-খন(আযুস তোলা) অনুষ্ঠান পাতিবলৈ দিয়ে। ডৌন-ছাম(তৃতীয়) মাহত ছঙ ম্যুঙ পূজা পাতিলে। দেওধাই আৰু মহনেই এই পূজা-সেৱা কৰিছিল। কাৰণ-ম্যুঙ খু ম্যুঙ জা দেশৰ পৰা অহা এই দুজন পণ্ডিতে (ম’লুঙ) বিস্তাৰ ধৰ্ম-শাস্ত্ৰ, জ্যোতিষ শাস্ত্ৰ, ফুৰা শাস্ত্ৰ আৰু অন্যান্য লিপিবদ্ধ কৰা শাস্ত্ৰ লগত লৈ আনিছিল। এই অপূৰ্ব সম্ভাৰেৰে পুৰোহিতসকলে আহোমৰ জ্ঞান-ভাণ্ডাৰ চহকী কৰিছিল আৰু তাই জাতিৰ পৰস্পৰা কঢ়িয়াই আনিছিল। এই জ্ঞান ভাণ্ডাৰ আৰু ঐশ্বৰ্যময় কৰিছিল চাও লুঙ ছ্যু-কা-ফাই ম্যুঙ ডুন ছুন খামত পোৱা আৰু পিচত অহা বাইলুঙ সকলে।
বংশাৱলীমতে স্বৰ্গৰাজ লেঙডনৰ ৰাজসভাত দুজনকৈ স্বানামধন্য গুৰু আছিল। তেওঁলোক হ’ল লাওখ্ৰী আৰু পূ জাক জী। এই লাওখ্ৰী গুৰুৰেই বংশধৰ হ'ল থাও ম্যুঙ ম’ছাম। তাও ম্যুঙ ম’ছামৰ বংশধৰ সকলকে ছাঙ বুন বা দেওধাই বোলে। স্বৰ্গৰাজ লেঙডনৰ ৰাজসভাত গুৰু পূ জাক জীৰ বংশধৰ থাও ম্যুঙ ম’ছাই। তেওঁ স্বৰ্গদেউ ছ্যু-কা-ফাৰ সৈতে আমাৰ দেশলৈ আহিছিল। তেওঁৰ নাম আছিল ছেঙ কা লুক । তেওঁৰ পিতৃ কা ছেঙ ডামো লগতে আহিছিল কিন্ত বাটতে ৰৈ গ'ল। থাও ম্যুঙ শব্দৰ অৰ্থ হ’ল দেশৰ বয়সস্থ ব্যক্তি বা ডাঙৰীয়া।
তাই ভাষাত লিখা ৰায়চাহাব গোলাপ চন্দ্ৰ বৰুৱাই কৰা ‘আহোম বুৰঞ্জী’ (পৃষ্ঠা ৩৪) নামৰ ইংৰাজী কিতাপখনিত চাও লুঙ ছ্যু-কা-ফাৰ লগত অহা প্ৰধান ব্যক্তি আৰু বংশৰ উল্লেখ আছে। তেওঁলোক হ'ল- ১. থাও ম্যুঙ লুঙ কাঙ ২. থাও খেন লুঙ ৩. থাও ম্যুঙ বান ৰাই ৪. চাও ফ্ৰাঙ ৫. থাও ম্যুঙ ম’ঠাম( ছাঙ বুনৰ বংশ যি স্বৰ্গৰাজ লেঙঢনৰ ৰাজসভাত এজনা গুৰু লাও খ্ৰীৰ বংশধৰ) ৬. থাও ম্যুঙ ম’ছাই (পূজাক জী বংশধৰ ) ৭. থাও ম্যুঙ কাঙ ঙন ৮. খ্যূ ম্যুঙ আৰু ৯. লান টাই ম্যুঙ । ইয়াৰ পৰা স্পষ্ট যে চাও লুঙ ছ্যু-কা-ফা স্বৰ্গদেউৰ লগত ম্যুঙ মাও লুঙ আৰু ম্যুঙ খূ ম্যুঙ জা ৰাজ্যৰ পৰা দুটা পুৰোহিতৰ ফৈদ অৰ্থাৎ দেওধাই আৰু মহনৰ আদি পুৰুষ ম’ছাম আৰু ম’ছাই পৰিয়ালবৰ্গৰ সৈতে আহিছিল।(গোলাপ চন্দ্ৰ বৰুৱা ‘আহোম বুৰঞ্জী’)
বাইলুঙ ফৈদৰ গুৰুত্বৰ কথা কৈ শেষ কৰিব নোৱাৰি। এওঁলোক গুৰু বংশৰ। পাক পেঞ কা কা শাস্ত্ৰ আৰু ‘দেও বুৰঞ্জীত’ বাইলুঙ ফৈদৰ আদি গুৰু মহিমামণ্ডিত স্বৰ্গ গুৰু পূ হাই প ফী ছৌৱ কথা লিখা আছে। প ফী ছৌৱ আছিল মহান পণ্ডিত আৰু ধৰ্মগুৰু। ১৯ হাজাৰ ডাল থকা এক প্ৰকাণ্ড গছত (টুন ৰুঙ ৰাই) বাস কৰা এই দেৱ ঋষিয়ে সকলো দিশলৈ বাঢ়ি যোৱা গছৰ ডালবিলাকৰ পৰা সকলো দিশ নিৰীক্ষণ কৰিছিল। অৰ্থাৎ ৰুঙ ৰাই নামৰ প্ৰকাণ্ড হাবি ৰাজ্যৰ অধিপতি দেৱ ঋষি প ফী ছৌৱে বা হাবিদেও। যেতিয়া ভগৱানে (পা তু ছিঙ ফ্ৰঙ হুম) হুন খাম ঙাম নামৰ এজন জ্ঞানী দেনতা সৃষ্টি কৰিলে আৰু পবিত্ৰ গন্থ লিখিবলৈ ক’লে, হুন খম ঙাম নামৰ দেৱতাই নিজ দেহত ধ্যানৰ দ্বাৰা পৱিত্ৰ শব্দসমূহৰ মুক্তা-মণিৰ “পেঞ কা কা”ৰ সৃষ্টি কৰিলে। ভগৱানে ঙী ঙাও খাম দেৱতাক সৃষ্টি কৰিলে আৰু ৰুঙ ৰাইত বাস কৰা দেৱ ঋষি ফী ছৌৱে জ্যোতিৰে নিজৰ দেশ চাৰিওফালে পোহৰাই তোলা। এই ঙী ঙাও খাম নামৰ দেৱ-নৃপতি জনক দেখি ম্যুঙ ক্লিঙ খ্ৰু নামৰ স্বৰ্গৰাজ্যৰ নৃপতি কৰিলে আৰু তেওঁক ফা বুত ৰূঙ ছাঙ ডাম নাম দিলে। তেওঁৰে এজনা পুত্ৰ হল চাও ডা-খাম। তেওঁ ম্যুঙ লাই স্বৰ্গৰাজ্য ৰজা হল। । তেওঁৰে দ্বিতীয় পুত্ৰ ঙী ৰিঙ খাম বা লেঙ ডন। লেঙ ডন স্বৰ্গৰাজ্যৰ ম্যুঙ ফী ৰজী হৈ দেৱতা সকলৰ অধিপতি হ’ল। এই লেঙ ডনেই তাই আহোমৰ প্ৰধান দেৱতা। আগতেই উল্লেখ কৰা হৈছে যে বাইলুঙ ফৈদৰ আদি পুৰুষ জন আমাৰ দেশত আগৰে পৰা আছিল। তেও নাম আছিল চাও ফ্ৰাঙ। সুকুমাৰ মহন্তৰ ‘অসম বুৰঞ্জী’ত ‘হৰা-পোৱা’ বুলি উল্লেখ থকা কথাই এই সত্য প্ৰত্যায়িত কৰে যে আমাৰ দেশৰ পূব প্ৰান্তত তাইসকলৰ আহ-যাহ আছিল।
প-ফী-ছৌৱ মধ্যখণ্ডৰ অধিপতি। হাবিত থকা বাবে হাবিদেউ বা বৰচেমান আখ্যা পালে। এই প-ফী-ছৌৱৰে বংশধৰ হল ম’প্লঙ আৰু ম’প্লঙেই বাইলুঙসকলৰ আদি পুৰুষ। যিহেতু প-ফী-ছৌৱ দেৱতা আগৰে পৰা হাবিত বসবাস কৰিছিল বাইলুঙ ফৈদ ২১ পূৰ্বপুৰুষৰ কথা কয়। অন্যহাতে দেওধাই আৰু মহন ফৈদে ১৪ পুৰুষলৈকে গন্তি কৰে।
অসমলৈ নতুনকৈ তাইসকলৰ আগমণি হয় স্বৰ্গদেউ ছ্যু কাম ফা(খোৰা ৰজা)ৰ ৰাজত্ব কালত(১৫৫৩-১৬০৩)। ১৫৭৫ চনত মান ৰজাই নৰা ৰাজ্য মুগঙ (ম্যুঙ ক্কঙ) আক্ৰমণ কৰে। নৰা ৰজা ছ্যুকন পলাই আহি খাম জাঙ পালেহি। এই কথা শুনি স্বৰ্গদেউয়ে পেঙেৰাত গড় বান্ধিবলৈ দিলে আৰু এহেজাৰ সোণৰ মোহৰ বয়বস্ত আদি চাৰিজন বিষয়াৰ যোগেদি নৰা ৰজালৈ পঠিয়ালে। লগতে সাতটা হাতী দি পঠিয়ালে আৰু কন্যা খুজিবৰ নিমিত্তে চিৰিঙ সকলৰ হাতত জোৰণ দিলে।নৰা ৰজাই যৌতুকৰে সৈতে ভাল মানুহ লগত দি ভনীয়েকক ছিৰিঙ সকলৰ হাতত স্বৰ্গদেৱলৈ নমাই পথালে। নৰা ৰজাই খাম জাঙৰ পৰা হাতী, ঘোঁৰা, বান্দী, বেটি আৰু কিছু সংখ্যক তাই মানুহ আমাৰ দেশতলৈ থাকিবলৈ পঠিয়ায়। নৰা কোঁৱৰ, এঘৰ বাইলুঙ আৰু নৰা মানুহ এক হাজাৰ আহি ইয়াত আহোম হ’লগৈ। (হৰকান্ত বৰুৱা সদৰামিনৰ অসম বুৰঞ্জী)
বাইলুঙ পণ্ডিতসকল জোতিষ সাস্ত্ৰ আৰু গণনা সাস্ত্ৰ বিশেষঞ্জ। বান ছেঙ পুথি চাই ভাল বেয়া ক’ব পাৰিছিল। এই বিষয়ে এক আমোদজনক কথা ‘আহোম বুৰঞ্জী’ আৰু ৰাজ বুৰঞ্জীত লিপিবদ্ধ হৈ আছে তাৰ উদ্ধৃতি দিয়া হ’লঃ স্বৰ্গদেউ ৰুদ্ৰ সিংহই ৰংপুৰত ঘৰ-বাৰী নিৰ্মাণ কৰাৰ উদ্দেশ্যে সোণাৰীৰ পৰা ৰংপুৰলৈ আহিল। টাইতুন বকৰাম(চম্পাগুৰীয়) বাইলুঙ ফৈদৰ ছিৰিঙ ফুকন আৰু খুমটাই ফৈদৰ বৰবাইলুঙে মাহটো তাই গণনামতে দৌন ৰৗক(ষষ্ঠ) মাহ বুলি ক’লে। টাই মাও(নকৈ অহা) বাইলুঙ ফুকন আৰু চঙফে ফৈদৰ বৰ বাইলুঙে আৰু তেওঁৰ পুতেকে দৌন হা(পঞ্চম) বুলি কলে। স্বৰ্গদেউৱে ছিৰিঙ ফুকন আৰু বৰবাইলুঙৰ কথা মানি বৰঘৰৰ খুটা পুটিলে। সেই মাহৰ প্লেক মিত বাৰে ঘৰত চূন দিবলৈ কলে। সেই সময়ত এজাক মৌ-মাখি আহি শিঙৰি ঘৰত সোমাল । সেই মাহৰ ২১ দিন ডাপ ছাউবাৰে বৰঘৰৰ খুটা পুতিছিল। তিনিদিনৰ পিছত শিঙৰি ঘৰৰ চাউ ডাঙ দুৱাৰত বজ্ৰপাত পৰিল । দৌন চিত(সপ্তম) মাহৰ ১৩ দিনৰ ৰাই ছান বাৰে ঘৰৰ চাল চাই সম্পূৰ্ণ কৰিলে। তিনিদিনৰ পিছত দেৱীঘৰৰ সৰু ঘৰটোৰ কাষত দূৰ্ঘটনাত মানুহ এজন মৰিল। এই কথা স্বৰ্গদেৱে শুনি পণ্ডিতসকলৰ দোষ ধৰিলে।
ইয়াৰ পৰা বুজা যায় যে আহোম গণনা চন্দ্ৰমাহ মতে চলে আৰু চন্দ্ৰ মাহত কেতিয়াবা কেতিয়াবা এদিন-দুদিন কমে। গতিকে মাহৰ গণনাত এই কথা বিবেচনাত নললে বিজুটি ঘটে। এই ঘটনাৰ পৰা বুজা যায় যে বাইলুঙ পণ্ডিত মাও ৰাজ্যৰ পৰা নতুনকৈ আহিছিল। এনেদৰে বৰনৰা(ম্যুঙ মাও) আৰু সৰু নৰা(ম্যুঙ ক্কঙ) ৰ পৰা নতুন নতুন তাই পণ্ডিত আহি অসমত বসবাস কৰিছিল। তদুপৰি বাইলুঙ পণ্ডিতসকল জ্যোতিষশাস্ত্ৰত অতি পাৰ্গত আছিল। আজিকালি অৱশ্যে আটাইকেইটা পুৰোহিত ফৈদতে জ্যোতিষ শাস্ত্ৰ জনা পণ্ডিত আছে। নতুনকৈ অহা পণ্ডিতসকলে বৌদ্ধ ধৰ্মীয় জাতক শাস্ত্ৰ আনিছিল।
চাওলুঙ ছ্যু-কা-ফা স্বৰ্গদেউয়ে তেওঁৰ লগত অহা ম’ছাম আৰু ম’ছাই পণ্ডিতক খামজাঙত ৰাজ্য প্ৰতিষ্ঠা কৰি সকলো ঘটনা লিপিবদ্ধ কৰিবলৈ আদেশ দি বুৰঞ্জী লিখাৰ এক প্ৰণালীবদ্ধ নিয়ম কৰি দিলে। গতিকে আমি মহন, দেওধাই আৰু বাইলুঙ পণ্ডিত সকলৰ হাতত তাই ভাষাত লিখা বহুতো বুৰঞ্জী দেখা পাওঁ। ই এক বিৰল ঘটনা। ভৰতবৰ্ষত অন্য কোনো জাতিয়ে এনে ধৰণেৰে প্ৰণালীবদ্ধভৱে বুৰঞ্জী লিখাৰ নজিৰ নাই। আহোম ৰাজত্ব শেষ ভাগলৈকে পণ্ডিতসকলে তাই ভাষাত বুৰঞ্জী লিপিবদ্ধ কৰা দেখা যায়। তদুপৰি নিজৰ বংশৰ বংশাৱলী লিপিবদ্ধ কৰে। 
পুৰোহিত শ্ৰেনীৰ পৰা ৪ জন ফুকন ৰজাঘৰীয়া ৩০ জন ফুকনৰ ভিতৰত আছিল । তেওঁলোক ম’ছাই ফুকন, দেওধাই ফুকন, বাইলুঙ ফুকন আৰু মহন ফুকন। তোওঁলোক মূলতঃ অসামৰিক বিষয়া আছিল যদিও তেওঁলোকে প্ৰয়োজনবোধে যুদ্ধলৈয়ো যাব লাগিছিল। এনেদৰে ৰজা পণ্ডিত আৰু ৰাজপুৰোহিত হোৱাৰ উপৰিও অন্যান্য বিষয়াবাবো পুৰোহিত ফৈদৰ লোকে পাইছিল।
মহন, দেওধাই আৰু বাইলুঙ ফুকনক ম’ফুকন বুলি মতা হয়। প্ৰত্যেকেই বাৰজন পণ্ডিত প্ৰত্যেককে সহায় কৰিবলৈকে ৰজাঘৰৰ পৰা পায়। ফুকন তিনিজনে প্ৰত্যেকেই সাতশ বিঘা মাটি পায়।তেওঁলোকক সহায় কৰা পণ্ডিতসকলে প্ৰতেকেই ছবিঘা মাটি আৰু দুজনকৈ পাইক পায়। সহায়কাৰী পুৰোহিত- পণ্ডিতক ওজা বুলি মতা হৈছিল আৰু তেওঁলোক সকলোৱো জ্যোতিষ শাস্ত্ৰ জনা হ’ব লাগিছিল। হিন্দু ধৰ্ম গ্ৰহন কৰাৰ আগতে ছিৰিঙ ফুকন, ম’ছাই ফুকন দেওধাই ফুকন, বাইলুঙ ফুকন আৰু মহন ফুকন সকলে ৰজাঘৰত অতি উচ্চ আসন পাইছিল। স্বৰ্গদেউৰ ওচৰত থাকি উপদেশ দিছিল।
ছিৰিঙ ফুকনে বুৰঞ্জী প্ৰণয়নৰ ক্ষেত্ৰত মহন, দেওধাই আৰু বাইলুঙ পণ্ডিতৰ সহায় লৈছিল। দেওধাই, মহন আৰু বাইলুঙ ফুকনে ৰাজকোঁৱৰ আৰু উচ্চ বিষয়াৰ লৰাসকলক বুৰঞ্জী শিক্ষা দিছিল। বুৰঞ্জী বিভাগটো বৰগোহাঁইৰ তত্বাৱধানত আছিল আৰু ছিৰিঙ ফুকন তেওঁৰ তলতীয়া আছিল। সৰহসংখ্যক আহোমে হিন্দুধৰ্ম লোৱাৰ পিছলৈ স্বৰ্গদেউসকলে আহোম মতে কৰিব লগীয়া সকলো ধৰ্ম সম্পৰ্কীয় মহন, দেওধাই, বাইলুঙ পণ্ডিতসকলৰ দ্বাৰা কৰাইছিল।
বুৰঞ্জীত হিন্দুধৰ্মৰ প্ৰভাৱত পৰি কেনেদৰে স্বৰ্গদেউ কেইজনমানে হিন্দুমতে চলি বিপদত পৰিছিল আৰু কেনেকৈ মহন, দেওধাই আৰু বাইলুঙ ফুকনৰ সহায়ত বিপদমুক্ত হ’ব পাৰিছিল কেইবাটাও ঘটনাৰ উল্লেখ আছে। উদাহৰণ স্বৰূপে ছ্যুতাম্লা ওৰফে জয়ধ্বজ সিংহ স্বৰ্গদেউ( যি হিন্দু গোঁসাইত শৰণ লোৱা প্ৰথমজনা স্বৰ্গদেউ আছিল) পৰস্পৰা ভংগ কৰি আউনীসত্ৰ পাতি দি মে-ডাম-মে-ফী অনুষ্ঠান পালন কৰিবলৈ অৱহেলা কৰিলে। তেওঁৰ দিনতেই মীৰজুমলাৰ অধীনত অহা মোগল সৈন্যই আহোম সেনানীক বিভিন্ন ঠাইত পৰাজিত কৰি ৰাজধানী গড়গাঁৱ অধিকাৰ কৰিলে আৰু স্বৰ্গদেউ পলাই যাবলৈ বাধ্য হ'ল। বুৰঞ্জীত এনেদৰে উল্লেখ আছে।
স্বৰ্গদেউ ছ্যুপুঙ ম্যুঙে তিনিজনা ডাঙৰীয়াৰ আগত এনেদৰে ব্যক্ত কৰিছিল।“ মোৰ ককাইদেউ ছ্যুতাম্লা ওৰফে স্বৰ্গদেউৱে আমাৰ বোপা-ককা(পুলিন-পুথাও)ৰ দিনৰ নীতি-নিয়ম মানি নচলাৰ কাৰণে ফা-নূ-ৰূ আৰু অন্যান্য দেৱতাসকলৰ আশীৰ্বাদৰ পৰা বঞ্চিত হ’ল। এই কাৰণেই আমাৰ দেশ মোগলে আক্ৰমণ কৰি বিধস্ত কৰিলে আৰু সৈন্য সামন্তও বিপদত পৰি থান-বান হ'ল। এতিয়া ভগা দেশ সংস্থাপিত কৰি বিপদ-বিঘিনি আঁতৰাই শত্ৰুক নিগত ৰাখি সকলো প্ৰজাক শান্তি আৰু সমৃদ্ধিৰ পথত আগুৱাই নিবলৈকে বোপা-ককাক দেশখনত ফা নূ ৰূ লেঙডন আৰু আন সকলো দেৱতাসকলে মোক এই দেশৰ অধিপতি পাতিছে। আপোনালোকে কি কয়? ডা-ডাঙৰীয়াসকলৰ লগত পৰামৰ্শ কৰি স্বৰ্গদেৱে প্ৰাচীন পৰম্পৰা মতে পুনৰ মে-ডাম-মে-ফী আৰু অন্যান্য দেৱতা সকললৈ পূজা অনুষ্ঠিত কৰিলে। ফলত লাচিত বৰফুকনৰ সেনাপতিত্বত অসমীয়া বিজয় হ’ল। এই কৃতকাৰ্যতাই প্ৰাচীন ধৰ্মীয় পৰস্পৰাৰ প্ৰতি আহোমৰ মন পুনৰ আকৰ্ষিত কৰিলে। এই ক্ষেত্ৰত মহন, দেওধাই, বাইলুঙ পণ্ডিতসকলৰ অৱদান অতুলনীয়।
ৰাজেশ্বৰ সিংহৰ মৃতদেহ কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱা আৰু তিনিজনা গোহাইয়ে আলোচনা কৰি নতুন স্বৰ্গদেউ লক্ষ্মী সিংহদেৱক মৃতদেহ দাহ কৰাৰ পৰামৰ্শ দিলে। স্বৰ্গদেউৰ অনুমোদন ক্ৰমে লুইতৰ পাৰত দাহ কৰা হল। সেই কাৰণে দেশত নানান ঘটনা ঘটিবলৈ ধৰিলে। স্বৰ্গদেউয়ে আহোম পণ্ডিতক মতাই কুকুৰা ঠেঙেৰে মংগল চাবলৈ দিলে। পণ্ডিত সকলে দেশৰ পৰিস্থিতি শুভ নহয় বুলি কোৱাত স্বৰ্গদেউৱে দুজন বৰ দেওধাই হতুৱাই আহোম মতে পূজা কৰি তেওক জনাবলৈ কলে। মহন, দেউধাই বাইলুঙ পণ্ডিত সকলে অতীজৰে পৰা আহোম নিয়মমতে মৃতদেহ মৈদাম দিয়ে কিন্ত মৃত ৰাজেশ্বৰ সিংহৰ মৃতদেহ দাহ কৰা হল। আগতো নোহোৱা কথা আৰু নথকা প্ৰথাকে নিয়ম কৰি লৈছিল। স্বৰ্গদেৱে “ যি নিয়ম কৰিলে ভাল হয় সেইমতে কৰক” বুলি নিৰ্দেশ দিয়াত আহোম পুৰোহিত পণ্ডিতে কলে – “যি মাহত যি বাৰে আমাৰ চলাজনা স্বৰ্গদেউ মৃত্যু হৈছে, এটি মূৰ্ত্তি বনাই নিয়মতে পৰ্বতৰ কাযত থব লাগে” । পণ্ডিতসকলে পুথি চাই এটুকুৰা চন্দন কাঠেৰে স্বৰ্গদেউৰ শ দাহ কৰা হৈছিল তাতে ৰিক-খান(আয়ুস তোলা) কৰি চৰাইদেই পাহাৰলৈ আনি চিতা-ভস্ম লৈ গৈ তাতে মৈদাম দিলে। ( অপ্ৰকাশিত তাই পাণ্ডুলিপি ৰাজ বুৰঞ্জী)
উল্লেখযোগ্য যে ৰাজেশ্বৰ সিংহ স্বৰ্গদেউৰ দিনতেই মৰা মানুহ দাহ কৰিব লাগে আৰু ব্ৰাক্ষ্মণ লগাই সকাম কৰিব লাগে বুলি নিৰ্দেশনা জাৰি কৰিছিল( ডি. এইচ. এ. এচ. নং ২৮)
অতীজৰ পৰাই তাই আহোম পুৰোহিত ফৈদৰ লোকে নিজৰ পুত্ৰ সন্তানক তাই ভাষাৰ শিক্ষা দিছিল। তাই ভাষাত মূলতে ১৯ টা আৰু অসমত আহি আৰু পাঁচটা বৰ্ণ পণ্ডিতসকলে সৃষ্টি কৰি লৈছিল। পণ্ডিত পৰিয়ালৰ এজন ভাষা জনা সদস্যই ঘৰৰ আৰু পৰিয়ালৰ লৰাক প্ৰথমতে এই বৰ্ণমালাৰ পৰিচয় কৰি দিয়ে। এই ক্ষেত্ৰত পণ্ডিত জনাই যথেষ্ট কষ্ট কৰি বৰ্ণমালা শিকায় আৰু তাৰ পিচত নিত্য ব্যৱহৃত শব্দৰাজি শিকায় । তাৰ পিচত সৰু-সুৰা বাক্য ৰচনা শিকায়। তাৰ পিচত বৰ অশ্ৰ আৰু ফুল বা লতি অস্ৰ প্ৰতিজন ছাত্ৰকে প্ৰণালীবদ্ধভাৱে মুখস্থ কৰিবলৈ দিয়ে। ইতিমধ্য খাগৰিৰে বা পাখিৰে কলম বনাই নিজাকৈ সহজতে পোৱা দ্ৰব্যৰে চিয়াঁহী বনাই দিয়ে। এই দুয়োখন অভিধান আহোম পণ্ডিতে অসমত আহি শিক্ষাদান কৰিবলৈ ৰচনা কৰা। শাস্ত্ৰ মুখস্থ হ’লেই দেৱ দেৱী অৰ্চনা, মন্ত্ৰ বিধি আদি উজু কিতাপ পঢ়িবলৈ দিয়ে। ইয়াত পাৰ্গতালি দেখুৱাব পাৰিলেহে কোনোৱে ধৰ্ম পুথি, গণনা শাস্ত্ৰ বিশেষকৈ অধ্যয়ন কৰি পণ্ডিত আদি হ’বগৈ পাৰে আৰু কোনোৱে বিশেষকৈ ডা-ডাঙৰীয়াসকলৰ ল’ৰাই সৈন্য চালনা, বৰটোপ মৰা, দূৰ্গ নিৰ্মাণ আদি কাৰ্য সুনিপুন সেনাধ্যক্ষ, গোঁহাই, ফুকন, বৰুৱা আদিৰ লগত শিক্ষা লভি সেনানায়ক হ’বগৈ পাৰিছিল।
অতি পৰিতাপৰ কথা যে আহোমৰ ৰাজত্বৰ মাজ ভাগৰে পৰা আহোমৰ পুৰোহিত ফৈদৰ গুৰুত্ব কমি আহিবলৈ ধৰে যদিও নিজৰ মাজত নিজ ফু-ৰা-লুঙ ধৰ্ম আৰু বান ফী পদ্ধতি তেওঁলোকে জীয়াই ৰাখে।
অতীজত সাতঘৰীয়া আহোম বুলিলে ১. ৰজা ২. বুঢ়াগোহাঁই ৩. বৰগোহাঁই ৪. মহন ৫.দেওধাই ৬. বাইলুঙ ৭.চুম ছিৰিঙকে বুজাইছিল। বৰপাত্ৰ গোহাঁই পদ সৃষ্টি হোৱাত আৰু মহন, দেউধাই বাইলুঙ আৰু চমু ছিৰিঙে প্ৰথমতে হিন্দু ধৰ্ম গ্ৰহণ নকৰাত এই পুৰোহিত ফৈদ আৰু চুম চিৰিঙ ফৈদক সাতঘৰীয়া আহোমৰ পৰা বাদ দিলে। সি যি কি নহওক, আহোম স্বৰ্গদেউসকলে আহোম ধৰ্মতে মে-ডাম-মে-ফী, ৰিক-খন, ওম-ফা আদি পূজা কৰাৰ ক্ষেত্ৰত পুৰোহিত ফৈদক দায়িত্ব অৰ্পন কৰিছিল। তদুপৰি ৰাজ অভিষেকত আহোম ৰাজপণ্ডিত আৰু ৰাজপুৰোহিতক গুৰুত্ব দিছিল।
লাহে লাহে আহোমসকলৰ নিজৰ নিজৰ আদি ধৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়ি আহিছে আৰু পূৰ্বৰ ৰীতি-নীতিমতে চলাৰ প্ৰৱনতা বাঢ়িছে। মে-ডাম-মে-ফী, ফু-ৰা-লুঙ, ৰিক-খন-ম্যুঙ-খন আৰু ওম-ফা পূজাই সাৰ্বজনীন ৰূপ লৈছে। ফলত আমাৰ বন্দন গুৰু মহন, দেওধাই আৰু বাইলুঙ সকলৰ সমাজত আদৰ আৰু সন্মান বাঢ়িছে। এইয়া আমাৰ জাতিৰ বাবে এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আৰু অদূৰ ভৱিষ্যতে প্ৰত্যেকজন তাই আহোমে নিজৰ ভাষা আৰু পৰস্পৰা সম্পূৰ্ণকৈ গ্ৰহন কৰি শক্তিশালী তাই আহোম জাতি গঠনৰ সহায়ক হ’বহৈ বুলি ভবাৰ থল আছে।