তোমাৰ স্মৃতি ණ..... চাও ইশান গগৈ, ধেমাজী

এক সময় আছিল যেতিয়া এটা নির্দিষ্ট
ফোন
নাম্বাৰ সকলো সময়তেই কল লিষ্টৰ প্রথমতেই
থাকিছিল।
নাম্বাৰটো বিচাৰি কণ্টেক্ট লিষ্ট বা
ফোন বুকত
চোৱাৰ প্রয়োজন নাছিল।
তাৰপিছত গুচি যায় আৰু পিছৰ তাৰিখলৈ।
এনেকৈয়ে এটা সময়ত আৰু
ডায়েল,ৰিচিভ বা মিছড
কল লিষ্টটো নাম্বাৰটো নাথাকেগৈ ।
নাম্বাৰটো কণ্টেক্ট বা
ফোন বুকত সোমাই পৰে।
.
হঠাৎ হঠাৎ কেতিয়াবা নাম্বাৰটোলৈ কল কৰিবলৈ
ইচ্ছা হয়।
বিচাৰি উলিয়াই লৈ কল কৰিম-কি নকৰিম,
এই দ্বিধাবোধ বা অন্তঃদ্বন্দ্বত কিছুক্ষণ সময় পাৰ
কৰি "নাই
থাকক " এই বুলি আৰু কল কৰা নহয় গৈ।
তাৰপিছত
এটা সময় আহে যেতিয়া হঠাৎ আৰু কল কৰিবলৈও
ইচ্ছা নোহোৱা হৈ যায়।
.
স্মৃতিৰ পাতত ধুলি জমা হয়,,,
অস্পষ্ট হৈ পৰে
সকলো অতীত।
তাৰো বহু পিছত এটা সময়
আহে
যেতিয়া দেখা যায় সেই নাম্বাৰটো আৰু বিচাৰি
পোৱা নাযায়,
যিটো নাম্বাৰ ইমান ভালকৈ মুখস্থ আছিল,
সেই নাম্বাৰটোৰ শেষৰ বা মাজৰ
এটা-দুটা সংখ্যা
মনত পেলাব পৰা নাই!
.
কোন এক সন্ধ্যাত হঠাৎ মন বেয়া হৈ যাব,
হয়তোবা সেইদিনা অলপ অলপকৈ বৃষ্টি পৰিব,
একঘেয়ামি ঝিৰি ঝিৰি বৃষ্টি ।
.
বুকুৰ মাজত হঠাৎ অতীত স্মৃতিয়ে মোচৰ দি উঠিব,
এক
হাঁহাকাৰ ভাব জাগি উঠিব ।
নাম্বাৰটো
যিজন মানুহৰ তেওঁৰ
ছবি মনত ভাহি উঠিব।
আচ্ছা,, মানুহজন
এতিয়া
ক'ত আছে,, কেনে আছে.?
হাত আগবঢ়ালেই
যাক পোৱা যায়।
চকু মেলিলেই
যাক দেখা যায়,
তেওঁ এতিয়া যোজন যোজন দূৰত।
.
জীৱনৰ ঘাত--প্রতিঘাত,
বাস্তবতাক আমি
অস্বীকাৰ কৰিব নোৱাৰো।
তথাপিও শত
অধিকাৰ
অভিমান বুকুত চেপি আমি জীয়াই
থাকো।
এনেকৈয়েই
এদিন সকলো লেনদেন শেষ কৰি হেৰাই
যাম
বিষন্ন মেঘমল্লাৰ ভীৰত.....।
.
ভালে থাকক হেৰাই যোৱা প্রিয়
মানুহ বিলাক।