ব'হাগী ✍ নাং নিভা গগৈ

বৰ মাছটো খুটোতেই
বৰশীৰ দাংডাল হালি পৰা দি
যৌৱনৰ বুকুখন হালি পৰে ব'হাগীৰ
নৈ খনৰ দৰে কোনোবাখিনিত ভাঁজ লগা যেন কঁকালটো তাই বুঢা বাঁহ জোপাৰ দৰে মাটি চুৱে
চেচুক হেন ভিজা ভিজা
খেনোৰ ঠাইত ভেঁকুৰ গজা তাইৰ নিশা নেদেখা দুচকুৰে
আকাশৰ সপ্তৰ্ষিমণ্ডলৰ ছবি অঁকাৰ সপোন দেখে
যৱনিকা পৰা অঁকৰা বাটটোৰ শেষত উৱলি যোৱা সাঁকো এখন পাৰ হ'ব বিচাৰে তাইৰ চজিনাৰ দৰে উলমি থকা অচল দুভৰি,
মনৰ দুৱাৰ দলিত নাহৰ পাতত মন্ত্ৰ লিখে তাইৰ জীৱনৰ ধুমুহাৰ শান্ত হোৱাৰ
বুকুত যে এতিয়াও ডাৱৰে ঢাকি ৰখা জোন এটি পুঁহে
অমাৱস্যা আহিলেই যি মৃত হৈ পৰে ৷৷