তাই আহোম ভাষা প্ৰচাৰ আৰু নৱপ্ৰজন্মৰ দ্বায়িত্ব ✍ চাও পাপু ফুকন, বৰহাট

এৰা সুঁতিয়ে জানো পাৰিব সাগৰত মিলিব ৷
বয় কম পি নং ৰাও টাং লাই
The last lesson নামৰ পাঠটোত আমি দেখিছিলো Grammar শিক্ষক জনে আগ্ৰহেৰে আন্তৰিকতাৰে মাতৃভাষাটোৰ পাঠদান কৰিছিল যদিও স্কুলৰ ছাত্ৰ ছাত্ৰী আৰু আন সকলোৱে গুৰুত্ব নিদিছিল । আজি আজি কালি কালি কৈ ভাষাটো শিকাত অৱহেলা কৰিছিল । পিছে সময় তেওঁলোকৰ বাবে ৰৈ থকা নাছিল । অবিৰাম বৈ আছিল স্বাভাৱিক গতিৰে । আৰু শিক্ষকজনক সময়ে লৈ গৈছিল বিদায় সভালৈ তেতিয়া , যেতিয়া চৰকাৰে ঘোষণা কৰিছিল বিদ্যালয়ত মাতৃভাষাৰ সলনি বিদেশী ভাষা শিকোৱা হব । সেই দিনা শিক্ষক জনক কৃতজ্ঞতা জনাবলৈ বুঢ়া মেঠা সকলো আহিছিল । নিজৰ মাতৃভাষাক চিৰবিদায় দিবলৈ ওলোৱা শিক্ষক জনক দায়িত্বহীন সেই কৃতজ্ঞতাৰে জানো সুখী কৰিব পাৰি !!! ইতিহাসৰ পাতৰ পৰা হেৰাই আওমৰণে মৰিবলৈ ওলোৱা তেওঁৰ জাতিটোৰ ধূসৰ প্ৰতিচ্ছবিখন দুচকুত ভাহি উঠিছিল ! তীব্ৰ অসহায় যন্ত্ৰণাত চটফটাই চটফটাই তেওঁ মৃতপ্ৰায় অনুভৱ কৰিছিল । তেওঁ আৰু কিবা কবলৈ ভাষা বিচাৰি পোৱা নাছিল ! ইতিমধ্যে তেজ ৰঙা বেলিটোও আস্তাচলত লুকাই গৈছিল । হেঙুলীয়া সন্ধিয়াৰ আগে আগে তেৱোঁ বিদায় লৈছিল ...........
আমাৰ সেই শেষ পাঠ পাৰ হৈ যোৱা আজি ৪০০ বছৰতকৈ বেছি হৈ গ'ল । কুম্ভ কৰ্ণইও ইমান দিন শুৱা নাছিল । যিমান আমি টাই আহোমে শুইছোঁ । কাই ছেঙৰ ডাকত আমি বাৰু সাৰ পামনে সঁচাকৈ ..
টাই আহোম ব্যঞ্জনবৰ্ণমালা ..... আহোম ব্যঞ্জন বৰ্ণৰ বিষয়ে জানিবলগীয়া বহু কথাই আছে । পিছত আলোচনা কৰিম । প্ৰথমে এটি সাধাৰণ চিনাকি হওঁ আহক ....
কা খা ঙা না টা পা
ফা বা মা জা চা থা
ৰা লা ছা ঞা হা আ
দা ধা গা ঘা ভা ঝা
মনত খু দুৱনি থাকিলে সুধিবলৈ নাপাহৰিব দেই
উল্লেখযোগ্য যে বৰ্তমান আমাৰ বাবে আহোম ভাষা মাতৃভাষা নহয় । এক কথাত এইয়া আমাৰ পিতৃ ভাষা বা জাতীয় ভাষা বুলিব পাৰি । আনহাতে অসমীয়া আমাৰ মাতৃভাষা । আমাৰ প্ৰাণৰো প্ৰাণৰ অতি চেনেহৰ অসমীয়া আমাৰ প্ৰথম ভাষা । আহোম হিচাবে নিজৰ টাই ভাষাটো বিস্মৃত হবলৈ নিদিয়াৰ লগতে অসমীয়া ভাষা সাহিত্যৰ বিকাশৰ বাবে অহোপুৰুষাৰ্থ কৰাটো আমাৰ নৈতিক দায়িত্ব । আমি জন্মগতভাৱে টাই হয় আৰু পৃথিৱীত আমাৰ আটাইতকৈ মধুৰ চিনাকি হ'ল আমি অসমীয়া । গতিকে আন বহুতো অদুৰদৰ্শী ব্যক্তি আৰু জাতিয়ে ভবাৰ দৰে অসমীয়াক দ্বিতীয় ভাষালৈ পয্যবশিত কৰি নিজৰ জাতীয় ভাষাৰ চৰ্চা কৰা অনুচিত । বৰঞ্চ দুয়োটা ভাষাৰ প্ৰতি আমাৰ আন্তৰিকতা শ্ৰদ্ধা থকিলেহে আমি নিজকে জীয়া জাতি বুলি পৰিচয় দিব পাৰিম ।
নকবলগীয়া ____
কেইটামান জাতিক দেখিছোঁ কেৱল মাত্ৰ নিজৰ ভাষা সংস্কৃতি আছে বুলিয়েই অসমীয়াৰ দৰে এটা মহান সত্বাক অস্বীকাৰ কৰি অকলশৰীয়াকৈ থাকিবলৈ লৈছে । ৰাজনৈতিক অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে থিয় দিয়াটো গ্ৰহণযোগ্য যদিও অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ বিৰুদ্ধে থিয় দিয়াটো চৰম মূৰ্খামী । আৰু জাতিৰ প্ৰতি প্ৰকাশ কৰা চৰম দায়িত্বহীনতা । এইবোৰকে সৰ্বোচ্চ বুলি ভবাসকলৰ আছে নে এনে কিবা যি আজিৰ প্ৰতিযোগিতা সৰ্বস্ব বিজ্ঞান যুগত আধুনিক বিশ্বৰ লগত খোজত খোজ মিলাব পাৰিব !!!!