জয়মতীৰ মালিতা ( পঞ্চম খণ্ড)

সিদ্ধেশ্বৰী কুঁৱৰীৰ বিয়ৈয়েকৰ আগত সপোনৰ বাৰ্তা কথন
ডামচাও কৃপানাথ ফুকন
সপোনত দেখিলো শুনা মোৰ বিয়ৈদেউ
বেজাৰে ধৰিছে ছানি,
জয়মতী চেনেহৰ বোৱাৰীয়ে সপোনত
এইদৰে কলেহি আহি ৷
শুনাচোন আইচুদেউ চেনেহৰ আইতা
শাশু বুলি গোহাৰি কৰোঁ,
দুৰ্দৈৱ বিধিয়ে বঞ্চিলে শাশুআই
দুখনি চৰণত ধৰোঁ ৷
তোমাক সেৱিবলৈ ভৰষা আছিলে
মোৰ নাই কৰ্মত লেখা,
তোমালৈ চেনেহমোৰ আছিলে শাশুআই
সেইগুণে দিলোহি দেখা ৷
কালক্ৰমে জীৱ জন্মিছে মৰিছে
কালৰে অধীন ঐ প্ৰাণী ,
সেইগুণে আইচুদেউ চিন্তা নকৰিবা
এইবোৰ কথাকে মানি ৷
লাই-লেচাই কোঁৱৰক তোমাতে সপিলো
চেনেহত পালিবা আই,
বেলা চাই খুৱাবা, বেলা চাই শুৱাবা
খেমিবা সকলো দায় ৷
লেচায়ে কান্দিব মোলৈ মনত পৰি
লাইয়ে খুজিব ভাত,
বেলা চাই সকলো, দোষক ক্ষমিবা
কেটেৰাই নিদিবা মাত ৷
জাৰত জাৰে কাপোৰ গুণাব শাশুআই
ভোকত গুণাব ভাত,
সকলো দোষ দায় ক্ষমিবা শাশুআই
দিবা মৰমৰ মাত ৷
লায়ে নেমানি কৰিব আমনি
লেচায়ে লগাব দায়,
সকলো দোষ দায় ক্ষমিবা শাশুআই
মাউৰা মুখলৈ চাই ৷
লাই কুমলীয়া একোকে নেজানে
লেচাই কুমলীয়া ল'ৰা,
দুদৈৰ্ৱ বিধিয়ে সকলো বঞ্চিলে
জীয়াতে দুয়ো হ'ল মৰা ৷
লাই কুমলীয়া একোকে নেজানে
লেচাই কুমলীয়া দিন,
আইতা বুলিনো কাক মাত লগাব
বিধিয়ে কৰিলে হীন ৷
বাপেকে এৰি গ'ল, মাক হৈ এৰিলো
দুয়ো হ'ল ঘাট মাউৰা,
সকলো আমনি সহিবা শাশুআই
মোৰ চেনেহুৱা ল'ৰা ৷
বেলাচাই বোকাতো নাদুৰি ফুৰিব
বেলা চাই লবগৈ ধূলি,
বেলা চাই খুৱাবা, বেলা চাই ধুৱাবা
দুয়ো ঘাট মাউৰা বুলি ৷
গদাপাণি কোঁৱৰক পাবা মোৰ শাশুআই
লাই লেচাইক নিদিবা দুখ,
মোলৈ চেনেহ প্ৰীতি নেৰিবা শাশুআই
চাবা লাই লেচাইৰ মুখ ৷
মোৰ প্ৰিয় ভনী জয়েশ্বৰী আইদেউ
তাকে বিবাহিব পায়,
কাৰেংঘৰৰ ওচৰত ঐশ্বৰ্য্য ভূঞ্জিবা
থাকিবা সুখেৰে আই ৷
স্বধৰ্ম নেৰিবা সত্যত থাকিবা
অধৰ্মত নিদিবা মতি,
এতেকে বোলোতে মায়াপী বিমানে
অন্তধান ভৈলা গতি ৷
এইবোৰ সপোনত দেখিলো বিয়ৈদেউ
বেলা ৰাতিপুৱাৰ ভাগে,
মোক বিদায় লৈ বোৱাৰী গ'লগৈ
বিজুলী চমকৰ আগে ৷
কোৱা মোৰ বিয়ৈদেউ জয়মতী বোৱাৰীৰ
বাতৰি আনিছা কি?
দুষ্ট ল'ৰাৰজাই জানো কি কৰিলে
তোমাৰ চেনেহুৱা জী ৷
বিয়নীয়েকৰ কথাবোৰ গোঁহাই ডাঙৰীয়াই
থিৰেৰে আছিলে শুনি,
বিয়নীয়েকৰ মুখ চাই পাচে উত্তৰ দিলে
শান্তভাৱে গুণী ৷
ডাঙৰীয়াই লাহেকৈ কবলৈ ধৰিলে
জয়মতী জীয়েকৰ কথা,
মহা শান্ত ধীৰ মহা সুগম্ভীৰ
বেজাৰত লুকুৱাইছে কথা ৷
উঠা ঐ বিয়নী তোমাৰ দুখদেখি
উলিয়াই কোৱা নাই প্ৰায়,
বাৰ দিনৰ আগতে জয়মতী জীয়ে
বৈকুণ্ঠত ললেগৈ ঠাই ৷
শুনা মহাৰাণী চেনেহৰ বিয়নী
জয়মতীক নেদেখা আৰু,
ঘৰতো মাকে কান্দিকাটি মৰিছে
বিয়নীয়েৰ চন্দ্ৰদাৰু ৷
ককায়েকহঁত কান্দিছে, বৌয়েকহঁত কান্দিছে
জয়মতীৰ গুণ বৰ্ণায়
মাদুৰী চহৰত সকলো কান্দিছে
জয়মতীৰ চৰিত্ৰ গায় ৷
য'ত পেহী মাহী সৱেও কান্দিছে
জয়মতীৰ মৃত্যু শুনি,
গাঁৱৰ গঞাই বোলে ফুৰা ফুৰা
ল'ৰাৰজাৰ অধৰ্ম দেখি ৷
বিয়ৈয়েকে যেতিয়া কলে ভাঙিপাতি
জয়মতীৰ মৃত্যু হ'ল,
আয়ৈ মোৰ বোৱাৰী বুলিয়ে কুঁৱৰী
পৰি মুৰ্চ্ছাগত হ'ল ৷
গাভৰুহঁতে দাঙি ধৰিলেগৈ
মূৰত দিলে চেচাঁ পানী,
দুজনীয়ে দাঙি আউজাই ধৰিলে
এজনীয়ে বান্ধিলে চুলি ৷
তাৰে এজনীয়ে নাকত বিচি দিয়ে
বাইচাও দেউতা বুলি ৷
তেনেসময়তে লাই লেচাই কোঁৱৰে
আছিলে সকলো শুনি,
চিঞৰি বাসৰী কান্দিবলৈ ধৰিলে
মাকৰ কথাকে গুণী ৷
লেছায়ে বুলিছে আইতা আইতা
লাইয়ে বুলিছে নাই,
এনাই পুথাওদেৱে মাৰিলে বুলিছে
কেলেইনো কান্দিছ ভাই ৷
লেছায়ে কান্দিছে ইনাই বিনাই
লাইয়ে উচুপি উঠে,
সৰুতে দেউতাই এৰিথৈ গলগৈ
আইকো মাৰিলে যমে ৷
লেছাইয়ে কান্দিছে বাগৰি বাগৰি
গোটেই গাত লাগিছে ধূলি,
লাইয়ে কান্দি কান্দি বুজাইছে বাৰুকৈ
দুইখন হাতেৰে তুলি ৷