বিহু— ঐতিহ্য পৰম্পৰাৰ সন্ধানত ✍চাও সঞ্জীৱ বৰুৱা, ( জু তাঙ) শিৱসাগৰ

" মোৰ ধন কলীয়া, আলসৰ দেৱতা
নিলগত আছিলে ৰৈ
কলিমতীক লগ পায়
ৰঙালীক লগত লৈ
কলিয়াবৰতে ৰহিলা ঐ "
বিহু অসমীয়া জাতিৰ কৃষি উৎসৱ আৰু বিহু অসমীয়াৰ প্ৰাণৰো প্ৰাণ বুকুৰ আপোন সৰ্বোত্তম লোকসংস্কৃতি ৷ এই লোকসংস্কৃতিৰ আলম লৈ এতিয়া এচাম বেপাৰীৰ নিচিনা লোকে আৰম্ভ কৰিছে কিছুমান বজৰুৱা ৰীতিনীতি ৷ গোসাই বিহুৰ কথা আমি কস্মীন কালেও শুনা নাছিলো ৷ পৰম্পৰাগত ভাৱে পালিত হৈ থকা বিহুক চাও ফা প্ৰমত্তসিংহই ৰংঘৰ নিৰ্মাণ কৰি ৰাজকীয় মৰ্যদাৰে বিহুক ৰাইজৰ মাজলৈ উলিয়াই দিছিল ৷ বিহু আছিল মুলত সাত প্ৰকাৰৰ ৷
১৷ চ'ত বিহু— এসময়ত চ'তৰ মাহ সোমোৱাৰ লগে লগে উজনি অসমৰ ডেকা গাভৰুসকলে বিহুৰ আখৰা আৰম্ভ কৰিছিল ৷ বিহুৰ আখৰা আৰম্ভ কৰাদিনটোক চ'ত বিহু বোলে ৷
২৷ ৰাতিবিহু— চ'তৰ বিহুৰ আৰম্ভণিৰে পৰা ডেকা গাভৰুৱে ৰাতি ৰাতি কৰা আখৰা বিহুক ৰাতি বিহু বোলে ৷
৩৷ গৰু বিহু—চ'ত মাহৰ সংক্ৰান্তিত দিনাখন গাঁও, নগৰ সকলো অঞ্চলতে ৰাতিপুৱা মাহহালধিৰে নোওৱাই গধূলীলৈ নতুন তৰাগছৰ পঘাৰে বান্ধি নানান নিয়মৰে গো সেৱা কৰে ৷ সেইদিনটোক গৰু বিহু বোলে ৷
৪৷ মানুহ বিহু বা চেনেহী বিহু - ব'হাগৰ এক তাৰিখটোৱে মানুহৰ বিহু বোলা হয় ৷ সেইদিনা ইজনে সিজনক আদৰ সন্মান মৰমচেনেহ শ্ৰদ্ধা ভক্তি কৰে ৷ সেইদিনাই পৰাই গৃহস্থৰ ঘৰে ঘৰে চোতালত হুঁচৰি গোৱাৰ পৰম্পৰা আছে আৰু এসময়ত গছ তলৰ গাভৰু বিহুও ব'হাগৰ এক তাৰিখৰ পৰায়ে গাভৰুসকলে আৰম্ভ কৰিছিল
৫৷ কুটুম বিহু— ব'হাগৰ দ্বিতীয়া দিনাখন সাধাৰণতে ঘৰৰ মিতিৰ কুটুমৰ ঘৰলৈ ফুৰিবলৈ যোৱা বাবে কুটুম বিহু বুলি কোৱা হয় ৷
৬৷ হাট বিহু বা মেলা বিহু—ব'হাগৰ দ্বিতীয় দিনটোত নিজৰ যাৱতী়য় নীতি নিয়ম সমূহ শেষ মুকলিমুৰীয়াকৈ সকলোৱে চলা ফুৰা কৰিব পৰা হয় কাৰণে মেলা বিহু বুলি কোৱা হয় ৷
৭৷ চেৰা বিহু— বিহুৰ সাতদিনৰ শেষত বিহু উৰুৱাই দিয়াৰ নিয়ম আছিল ৷ সেইকাৰণে সেইদিনটোক চেৰা বিহু বুলি কোৱা হৈছিল ৷
ঐতিহ্যৰে পৰিপূৰ্ণ বিহুক এতিয়া বহুতে নতুন নতুন পৰম্পৰা সংযোগ কৰি বিহুক বিজতৰীয়া ৰুপ দিবলৈ চেষ্টা কৰাটো খুবেই দুখৰ বিষয় ৷ ঘৰে ঘৰে হুঁচৰি গোৱা পৰম্পৰা লাহে লাহে নোহোৱা হৈ পৰিছে ৷ ঠেলা নাম, যোৰা নাম সমূহ এচাম ব্যৱসায়িক মনোবৃত্তিৰ লোকৰ ক্ষেত্ৰভিত্তিক অধ্যয়নহীনতাৰ বাবে ক্ৰমশঃ লোপ পাবলৈ আৰম্ভ কৰিছে ৷ মন কৰিবলগীয়া কথা হ'ল এচাম বিহু বিচাৰকে অসমৰ বিভিন্ন আঞ্চলিক বিহু সমূহৰ বিষয়ে অধ্যয়ন নকৰাকৈ কেৱল নিজৰ মতামতক শুদ্ধ বুলি গণ্য কৰি বিহুৰ চলতি প্ৰথাক অপমান কৰিব বিচাৰে ৷ বিহু নাচ স্বত:স্ফুত নচানাচ
বিহু নাচ ভংগিমাযুক্ত মুদ্ৰাযুক্ত নাচ নহয় ৷ কিন্তু বৰ্তমান কালৰ এচাম ব্যৱসায়ীক বিহুৱা বিহুৱতীয়ে বিহুনাচত কিছুমান নাভুত নাশ্ৰুত মুদ্ৰা সংযোগ কৰি বিহুৰ নাচকে বিকৃতি কৰিছে ৷
বিলুপ্ত হ'ব অসমীয়া লোক সংস্কৃতিৰ বিহু ৷ গতিকে গ্ৰাম্য সংস্কৃতি বিজতৰীয়া হোৱাৰ আগতেই সময় থাকোতে প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগে ৷ ৰুপান্তৰ মানেই কেৱল পৰিবৰ্তন নহয়, পুৰণি ভেঁটীতে নতুনৰ সৃষ্টিহে ৰুপান্তৰ এই কথাৰ গূহাৰ্থ বুজাই আজিৰ যুৱ সমাজক চোতালৰ হুঁচৰিলৈ টানি আনি লোক সংস্কৃতিৰ নেতৃত্ব দিলে আমাৰ বিহু নিশ্চয় সুৰক্ষিত হৈ থাকিব ৷
প্ৰকৃতিৰ পৰিবৰ্তনত নহয়, মানুহৰ উৎপাতত সাতদিনৰ বিহু আজিৰ তাৰিখত ডেৰমহীয়া হ'ল অৰ্থাৎ পহিলা ব'হাগৰ পৰা জেঠৰ কুৰিদিনলৈ চলি থাকিব বসন্ত উৎসৱ, ব'হাগী বিদায়ৰ নামত ব'হাগৰ কিছুমানৰ বাবে ৰমৰমীয়া ব্যৱসায় ৷ সংস্কৃতি গ্ৰহণৰ নামত কিছুমান অপসংস্কৃতি সৃষ্টি কৰাসকলৰ বিহু সম্পৰ্কীয় জ্ঞানৰ নমুনাও মানিব লগীয়া ৷
বিহু অসমীয়া জাতিৰ কৃষিভিত্তিক উৎসৱ, গৰু বিহুৰ দিনা গৰুক নোওৱাই ,ধুওৱাই সাতদিনলৈ গাঁৱৰ প্ৰতিঘৰত চোতালত হুঁচৰি গাই গৃহস্থক মাংগলিক আৰ্শীবাদ জনাই বছৰটিলৈ খেতিৰ বাবে সাজু কৰাৰ সময় এটা সময় অসমত আছিল ৷ আমিও আজিও সেই পৰম্পৰা জীয়াই ৰাখিবলৈ চেষ্টা নকৰাকৈ থকা নাই ৷ কিন্তু বৰ্তমানৰ আধুনিক শিক্ষাৰে শিক্ষিত এচাম ফটোৱা বিহু বিশেষজ্ঞ, বিচাৰক গৱেষক পণ্ডিতৰ অতপালিত বিহু পৰ্যবেসিত হৈছে ব্যৱসায়লৈ, ক্ৰমান্বয়ে বিহুৱে স্বকীয় বৈশিষ্ট্য ৰক্ষাৰ সীমা অতিক্ৰম কৰিছে ৷ বিহুনামৰ যি মালিত্য সেইয়া ৰক্ষাত গুৰুত্ব নিদি কেৱল প্ৰতিযোগিতাৰ নামত মাজৰাতিলৈকে গাভৰু ছোৱালী নাচ চাই বিচাৰৰ ৰায় দিয়াসকলক নাকী লগোওৱাৰ সময় সমাগত ৷
আমাৰ নিজস্ব অভিজ্ঞতা তথা সুদীৰ্ঘ সময়ছোৱাত বিহু প্ৰাণকেন্দ্ৰ স্বৰুপ শিৱসাগৰ, তিনিচুকীয়া জিলাৰ বিভিন্ন হুঁচৰি লগত জড়িত হৈ এটা কথা অনুভৱ কৰোঁ বিহুৰ ঢোলৰ, পেপাৰ লগতে নাচৰ আঞ্চলিক বৈশিষ্ট্যৰে পৰিপূৰ্ণ, এটা অঞ্চলৰ পেপাৰ সুৰ , ঢোলৰ চেও আন এটা অঞ্চলৰ লগত সম্পূৰ্ণ পাৰ্থক্য আছিল ৷ আহোম, মৰাণ , মটক, মিছিং, দেউৰী সকলোৰে ঢোলৰ ছেও, পেপাৰ লহৰ আদি বেলেগ বেলেগ ৷ আনহাতে অসমৰ জিলাৰ কথা বাদেই, এটা অঞ্চলৰে এখন গাঁৱৰ ঢোলৰ ছেও, পেঁপাৰ লহৰ নিমিলে ৷ ওচৰা-ওচৰিকৈ থকা দুখন গাঁৱতো সেই একেদৰে ছেও-ছাপৰ নিমিলিছিল ৷ সেইকাৰণেই আগৰ বুঢ়াসকলে ঢোলৰ ছাপৰ শুনিয়েই কৈ দিব পাৰিছিল কোন যোৰা বিহু কোন গাঁৱৰ আৰু এইয়া কেৱল সম্ভৱ হৈছিল কেৱল বিহুৰ ঢোলৰ ছেওত আঞ্চলিক বৈশিষ্ট্য থকা বাবে ৷
অতীজৰে পৰা বিহুৰ নামৰ সুৰবোৰো সকলো ঠাইতে একে নাছিল ৷ একেটা নামকে বিভিন্ন ঠাইত বিভিন্ন সুৰত গোৱা হয় ৷ আনহাতে অসমৰ প্ৰায়বোৰ ঠাইত যোজনাবোৰক জোঙলা নাম বুলি কোৱা হৈছিল ৷ ঠিক তেনেকৈয়ে যোৰানামক কোনো ঠাইত ঠেলা নাম আৰু কিছুমান ঠাইত বাগী গীত বুলিও কোৱা হৈছিল ৷ আমাৰ সমাজত বৰ্তমান এনে কিছুমান বিহু বিশেষজ্ঞৰ আৰ্ৱিভাৱ হৈছে যিসকলে ক্ষেত্ৰভিত্তিক অধ্যয়ন নকৰাকৈ নিজৰ মতটোক শুদ্ধ বুলি ভাৱি আনকো অনুসৰণ কৰোওৱাৰ চেষ্টা কৰিছে ৷ আনহাতে এইসকলৰ এচামে বিহুৰ আঞ্চলিক বৈশিষ্ট্য সমূহক আওকাণ কৰি বিহুৰ কৰ্মশালা পাতি বিহুৰ স্বকীয় বৈশিষ্ট্যত বিকৃত ৰুপ দিয়াত ইন্ধন যোগাইছে ৷ এনে এচাম লোকৰ বাবেই আজি বিহু নাচে লোকসংস্কৃতি তথা লোকনৃত্যৰ চৰিত্ৰ হেৰুৱাই দলৱদ্ধ নাচৰ পৰিবৰ্তে একক পৰিৱেশ্য কলালৈ ৰুপান্তৰ ঘটাইছে ৷ গতিকে এইক্ষেত্ৰত সচেতন সকলৰ কৰিবলগীয়া বহুত আছে ৷ নহ'লে অদূৰ ভৱিষ্যতে চোতালৰ সেই চেনেহৰ হুঁচৰিযোৰা বিচাৰি আমি হিয়া ঢাকুৰি কান্দিলেও বিচাৰি যে নাপাম সেইয়া নিশ্চিত ৷
সাময়িক প্ৰেক্ষাপটত কিছুমান পৰিৱেশে বাধ্য কৰাই কিছুমান কথা প্ৰকাশ কৰিবলৈ যিবোৰ কিছুমানৰ মতে অকথ্য ৷ বিগত বৰ্ষৰ কিছু সংখ্যক বিহু মঞ্চত প্ৰতিযোগী সকলক প্ৰশ্নোত্তৰ শিতানত বিচাৰকৰ প্ৰশ্ন কিছুমান শুনি কাণত ঠিলা লগাব হৈছিল ৷ যেনে- এই নাচটো এনেকৈ কাৰ পৰা শিকিলা, ককালটো তেনেকৈ নাভাঙিবা, ঢোলৰ চেওটো ভুল হৈছে, অমুকটো, তমুকটো ঢেৰ ৷ যেনিবা সেই মহা পণ্ডিত কেইজনে বিহুৰ ভূ ভাৰস্তহে আয়ত্ব কৰিলে ৷
বিহু অসমীয়াৰ লোক কৃষ্টি ৷ ঢোল, পেঁপা গগনা আদি অসমীয়াৰ লোককৃষ্টিৰ লোকবাদ্য ৷ বিহুনাচ অসমীয়াৰ লোকনাচ ৷ এটা শিশুক যেনেকৈ হাঁহিবলৈ, বগাবলৈ শিকাব নালাগে ঠিক তেনেকৈ লোকনাচ নাচিবলৈও কাকো শিকাব নালাগে ৷ কিন্তু পৰিতাপৰ বিষয় বাপোতিসাহোন, অসমীয়াৰ প্ৰাণস্বৰুপ বিহু নাচো আজি আমি শিকিব লগা হৈছে ৷ সেইবুলিয়ে জানো আমি নিজৰ ঐতিহ্য পৰম্পৰাকো ত্যাগ কৰিম ৷ এই ঐতিহ্য পৰম্পৰা ত্যাগ কৰিলে বিহুটি লোককৃষ্টি হৈ নাথাকিব ৷
বৰ্তমান বিহুৰ কৰ্মশালা পাতি বিহু শিকাবলৈ লোৱাটো অসমীয়া জাতিৰ বাবে সুভ লক্ষণ ৷ এইক্ষেত্ৰত সকলোৱে সহায় সহযোগ কৰাটো উচিত ৷ কিন্তু মনত ৰখা ভাল যে ঢোল পেঁপা বজাব জানিলেই বা লাখ টকাৰ বিহু সমাজ্ঞীৰ পুৰষ্কাৰ পালেই তেওঁ বিহু বিশেষজ্ঞ, গৱেষক, বিহু সৰ্বস্ব হব নোৱাৰে ৷ বিহুৰ ঐতিহ্য পৰম্পৰাৰ বিষয়ে জানিবলৈ বা হুঁচৰি, গছতলৰ গাভৰু বিহু আৰু ডেকা গাভৰুৰ মুকলি বিহুৰ বিষয়ে জানিবলৈ হলে নিজৰ অঞ্চলৰ বয়োজেষ্ঠ বৃদ্ধসকলক কৰ্মশালালৈ মাতিব লাগে ৷ বিহুৰ ঢোলৰ ছেও আদিৰ আঞ্চলিক বৈশিষ্ট্যৰ কথা আগতে উল্লেখ কৰি আহিছোঁ ৷ গতিকে বিহু কৰ্মশালা পাতিলে সেই অঞ্চলৰ বয়োজেষ্ঠ্য বিহুৱা সকলৰ পুৰণি ঢোলৰ ছেও আদিও শিকোওৱাৰ ব্যৱস্থা কৰিব লাগে ৷ অগত্যা বিহুত থকা অসমৰ আঞ্চলিক বৈশিষ্ট্য সমূহ লোপ পোৱাটো নিশ্চিত ৷
যি চহা গাঁৱৰ হোজা খেতিয়ক শ্ৰেণীয়ে বিহু সৃষ্টি কৰিছিল সেইসকলৰ হাতৰ পৰা বৰ্তমান যাওঁ যাওঁ ৷ গাঁৱলীয়া হোজা সহজ সৰল লোকসকল এতিয়া বিহুৰ কাৰণে এলাগী হৈ পৰিছে ৷ বিহু এতিয়া নগৰীয়া মধ্যবিত্ত শ্ৰেণীৰহে উৎসৱ ৷ বিশ্বায়নৰ প্ৰৱল হেঁচা তথা বহুজাতিক নিগম ,ব্যৱসায়িক প্ৰতিষ্ঠান কিছুমানে ব্যৱসায়ৰ স্বাৰ্থত বিহু পৃষ্ঠপোষকতাৰ বাবে ওলাই আহিছে ৷ এইসকলৰ একমাত্ৰ উদেশ্য হ'ল ব্যৱসায়ৰ ক্ষেত্ৰ বহুলোৱা ৷ অসমীয়া কৃষ্টি সংস্কৃতি ঐতিহ্য পৰম্পৰাৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই ৷ বিশ্বায়নৰ সৈতে সম্পৰ্ক থকা দুটামান অসমীয়া চেনেলে কিছুবছৰৰ পৰা আৰম্ভ কৰিছে লাখটকীয়া বিহুৱতী প্ৰতিযোগিতা, ইয়াৰ বাবে পুৰষ্কাৰৰ বাবে এচাম ডেকা গাভৰু বলীয়া হোৱাৰ দৰে হৈছে ৷ কেনেকৈ পুৰষ্কাৰ পাব পাৰি, টিভিত ওলাব পাৰি তাৰ চিন্তাত বিভোৰ একাংশ ডেকা গাভৰু ৷ গাঁৱত বিহু হওক নহওক, বিহুৰ পৰম্পৰা থাকক নাথাকক তালৈ কাৰো ভ্ৰুক্ষেপ নাই ৷ গাঁৱতেই হওক, চহৰতেই হওক বিহুৰ আখৰা আজি কালি চলে কেৱল সেই প্ৰতিযোগিতাৰ বাবে ৷ গাঁৱৰ গৃহস্থৰ চোতালে চোতালে হুঁচৰি গাবলৈ নহয় ৷ ইয়াৰ উপৰিও বৰ্তমান কালৰ এচাম বিহু বিশেষজ্ঞে হুঁচৰি আৰু অতীতৰ গছ তলৰ গাভৰু বিহুৰ পাৰ্থক্য বুজি নোলোৱাকৈ গৃহস্থৰ চোতালৰ মাংগলিক অনুষ্ঠান হুঁচৰিৰ মাজত গাভৰু ছোৱালী নচুৱাই হুঁচৰিৰ প্ৰৱিত্ৰতা নষ্ট কৰিছে ৷ আমি এটা কথা সদায় মনত ৰখা ভাল যে জেং বিহু বা গাভৰু বিহুত যেনেকৈ পুৰুষৰ স্থান নাই ঠিক তেনেকৈ পুৰুষৰ হুঁচৰিতো গাভৰুৰ স্থান নাই ৷ প্ৰকৃততে ই এটা বিহু বিজতৰীয়া ৰুপহে গঢ়ি তোলা হৈছে ৷ এই বিজতৰীয়া পৰম্পৰাই অসমৰ খিলঞ্জীয়া মৰাণ, মটক, সোণোৱাল কছাৰী আদিক হেয় প্ৰতিপন্ন কৰা হৈছে ৷
কাৰণ এই জনগোষ্ঠীৰ লোক সকলে আজিকোপতি গৃহস্থৰ চোতালত গোৱা মাংগলিক অনুষ্ঠান হুঁচৰি অতীতৰ দৰেই পালন কৰি আহিছে আৰু হুঁচৰিত মহিলাক প্ৰৱেশ কৰিবলৈ নিদিয়ে ৷ যিসকল বিহু প্ৰশিক্ষক, গৱেষক পণ্ডিতে এই বিষয়ে নাজানে তেওঁলোকে ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শন কৰা উচিত ৷
নহ'লে অনাগত বিহু হৈ পৰিব ঐতিহ্য পৰম্পৰাহীন এক লোককৃষ্টি ৷