ঐতিহাসিক ৰহদৈ আলি আৰু ৰহদৈ পুখুৰী ✍ নাং মিনুৰেখা গগৈ

ছশবছৰীয়া আহোম ৰাজত্বৰ নানা ঘটনা-উপঘটনা, দৌল-দেৱালয়, মঠ-মন্দিৰ, পুখুৰী, আলিবাট আৰু যুগমীয়া কীৰ্তিচিহ্নৰে সমৃদ্ধ শিৱসাগৰ জিলাখনি। এই শিৱসাগৰ জিলাৰে সদৰঠাই শিৱসাগৰ নগৰৰ পৰা প্ৰায় ১৬ কি.মি. পূবলৈ চৰাইদেউৰ দিশত গৈ থাকিলে শিমলুগুৰী পাৰ হৈ তিনি কি.মি.মান গ'লেই এখন ৰজাদিনীয়া শিলৰসাঁকো পায়। সেইখনৰ অৱস্থা বৰ্তমান জৰাজীৰ্ণ, যাতায়তৰ অনুপযুক্ত হোৱাত তাৰ বাঁওফালে এখন লোহাৰ দলং নিৰ্মাণ কৰি লৈছে তেল আৰু প্ৰাকৃতিক গেছ নিগমে। সোঁকাষে গড়কাপ্তানী বিভাগে আৰু এখন দলং নিৰ্মাণ কৰিছিল যদিও পথতকৈ বহুত ওখ হোৱাত পথৰ লগত আজিকোপতি সংযোগ কৰিব নোৱাৰিলে। সেইখন শিলৰসাঁকো দৰিকানদীৰ ওপৰত অৱস্থিত। তাৰপৰা এক কি.মি.দূৰত্বত আন এখন শিলৰসাঁকো আছে যিখন দ্বিজৈখনা নৈৰ ওপৰত নিৰ্মিত। এই সাঁকোখনেই সংযোগ কৰিছে ঐতিহাসিক ধোদৰ আলি আৰু ৰহদৈ আলিক। দৰিকা নৈৰ ওপৰত থকা শিলৰ সাঁকোখন স্বৰ্গদেউ প্ৰতাপসিংহই আৰু দ্বিজৈখনা নৈৰ ওপৰত থকাখন স্বৰ্গদেউ গদাধৰ সিংহই নিৰ্মাণ কৰিছিল। দুয়োখন সাঁকোতেই চেপেটা শিলবোৰ ইচটাৰ ওপৰত সিচটা জাপি নিৰ্মাণ কৰিছিল। শিলবোৰৰ মাজত বৰাচাউলৰ ভাত, মাটিমাহ, গুৰ, শন, শামুকৰ চূণ আদি বিবিধ বস্তু আঠা লাগি ধৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। দ্বিজৈখনাৰ শিলৰসাঁকোখন শিল বালি কঢ়িওৱা ডাঙৰ ডাঙৰ ট্ৰাকবোৰৰ অত্যাচাৰত ধ্বংসৰ মুখলৈ গতি কৰা দেখি কাষতে আন এখন দলং নিৰ্মাণ কৰি শিলাসাঁকোখন সংৰক্ষিত কৰি ৰখা হৈছে বৰ্তমান।
ৰহদৈ আলিটো প্ৰায় সাত কি.মি.দৈৰ্ঘ্যৰ হ'ব। এই আলিটোৰ মাজ ভাগত আলিৰ সোঁকাষে আছে ৰহদৈ পুখুৰী। ৰহদৈ পুখুৰীটো ছয়বিঘামান মাটিজুৰি আছে। এই পুখুৰীৰ পানী বাৰিষা খৰালি সকলো দিনতেই পাৰ ওপচি থাকে। কাষৰীয়া গাঁৱকেইখনে ৰহদৈ পুখুৰীৰ পৰাই আৱশ্যকীয় পানী সংগ্ৰহ কৰে। ৰহদৈ আলিৰ কাষে কাষে কেইবাখনো স্কুল আছে। এই আলিয়ে চণ্টক নামৰ ঠাইখনক সংযোগ কৰিছে। চণ্টকৰ গাতে লাগি আছে নগা পাহাৰ।
ল'ৰাৰজা চুলিকফাই নিজৰ ভৱিষ্যত নিষ্কণ্টক কৰিবৰ নিমিত্তে লালুকসোলাৰ পৰামৰ্শত দেশৰ ৰজা হ'ব পৰা যুৱকবোৰৰ অংগক্ষত কৰাইছিল। তেতিয়া শাৰীৰিকভাৱে কোনো অংগ ক্ষত থাকিলে ৰজা হোৱাৰ যোগ্যতা হেৰুৱাইছিল। কথা বিষম দেখি পত্নী জয়মতীয়ে দেশ আৰু দহৰ কথা চিন্তা কৰি নিজৰ শপত দি গদাপাণিক ঘৰৰপৰা পলাই যাবলৈ কৈছিল। গদাপাণিয়েও পলাই ফুৰোঁতে এবাৰ ৰজাৰ চোৰাংচোৱাৰ হাতত ধৰা পৰাৰ উপক্ৰম হৈছিল। সেইখিনিতে এখন মাছমৰীয়া মানুহৰ গাঁও আছিল। ৰহদৈ, ভাদৈ আৰু আঘোণীবাই বুলি তিনিজনী পোহাৰী বাইভনীৰ সহায় খুজিলে গদাপাণিয়ে। তেওঁলোকেও সমন্ধত একোকে নাই যদিও কাপোৰ এখনেৰে ঢাকি দি গদাপাণিক মাটিত শুৱাই লৈ ইনাই বিনাই কান্দিবলৈ ধৰিলে নিজৰ মানুহ মৰিলে বুলি। (ৰহাৰে ঐ ৰহেদৈ/ টিপামৰে ভাদৈ/ শল’গুৰিৰ আঘোণী বাই —বিহুগীত ৷) চোৰাংচোৱাইও তেওঁলোকক আমনি নকৰি সেই ঠাই এৰি গুচি গ'ল। পিছলৈ যেতিয়া ৰজা হ'ল গদাপাণিয়ে তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰদৰ্শন কৰি তেওঁলোক তিনিওকে তিনিঠাইত থাপিলে। তাৰে এগৰাকী ৰহদৈ পোহাৰীৰ নামত আজিও ৰহদৈ আলি আৰু ৰহদৈ পুখুৰীয়ে গদাধৰৰ কৃতজ্ঞতা আৰু ৰহদৈৰ সহায়ৰ কথাকে সোঁৱৰাই থাকে।