কাৰবি ৰজাৰ ৰাজধানী ‘ৰংহাং ৰংবং” আৰু কাৰবি সকলৰ পৰম্পৰাগত শাসন ব্যৱস্থা ✍ মংগলসিং ৰংফাৰ

পশ্চিম কাৰবি আংলঙৰ ৰংখাং অঞ্চলত কাৰবি সকলৰ প্ৰাচীন পৰম্পৰাগত সামাজিক শাসন ব্যৱস্থা এতিয়াও প্ৰচলিত।কাৰবি ৰজাই বৰ্তমানেও পৰম্পৰাগত ৰাজধানী ‘ৰংহাং ৰংবং’ ৰ পৰা শাসন কাৰ্য চলাই আছে।ৰংখাং অঞ্চলত এতিয়াও সামাজিক কাম কাজত কাৰবি ৰজাৰ প্ৰভাৱ আৰু কৰ্ত্তৃত্ব বিদ্যমান।
কাৰবি ৰজাক লিন্দকপ’ বা ৰিচ’ বুলি কোৱা হয় আৰু তেও ৰংহাং কুলৰ হয়।ৰজাই তেখেতক শাসন কাৰ্য চলোৱাত সহায় কৰিবৰ বাবে কেন্দ্ৰীয় আৰু প্ৰাদেশিক দুটা ভাগত বিষয় ববীয়া নিযুক্তি দিয়ে।কেন্দ্ৰীয় শাসক সকলক পিনপ’ বুলি কোৱা হয় আৰু প্ৰাদেশিক বা লংৰিৰ শাসনকৰ্ত্তা সকলক ‘হাবে’ বুলি কোৱা হয়।ৰংখাঙৰ কাৰবি ৰজাৰ অধীনত বাৰ খন লংৰি আছে।
ৰংখাঙৰ বৰ্তমানৰ লিন্দকপ’ আৰ্থাৎ ৰজা হ’ল হাৰছিং ৰংহাং।তেখেত পৰম্পৰাগত ৰাজধানী ‘ৰংহাং ৰংবং’ত থাকে।ৰংহাং ৰংবং হামৰেন চহৰৰ পৰা প্ৰায় ১৬ কি:মি: দুৰত্বত অৱস্থিত।মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিবেষ্টিত এটি পাহাৰৰ ওপৰত অৱস্থিত ৰাজধানী ৰংহাং ৰংবং।
তালৈ প্ৰথম বাৰৰ বাবে গৈছিলো ২০০৭ চনত বিভাগীয় কামৰ পৰিদৰ্শনৰ বাবে-তেতিয়া তাত বিভিন্ন চৰকাৰী বিভাগৰ সহযোগত এটা ‘ৰাজদৰবাৰ’ৰ ভৱন নিৰ্মান কৰা হৈছিল।ৰাজধানীৰ চাৰিওফালে শ বছৰীয়া পুৰণি প্ৰকাণ্ড গজ-গছনিয়ে এক সেউজ প্ৰাকৃতিক পৰিবেশ আৰু এক অলৌকিক পৰিবেশ সৃষ্টি কৰিছে।ৰাজধানীত ৰজা আৰু মন্ত্ৰী পৰিষদ বৰ্গৰ পৰিয়ালৰ বাহিৰে অন্য সাধাৰন প্ৰজাৰ বসবাস নিষেধ। সেই কাৰনে চাৰিও ফালে এক নিজান পৰিবেশ।
ৰংহাং ৰংবং ৰাজধানীৰ বিষয়ে বহুতো নিষিদ্ধ কথা শুনি আহিছিলো-সেই কাৰনে আমি সাৱধান আৰু সজাগ আছিলো।ৰংহাং ৰংবং ৰ পৰা কিছুদুৰ নিলগত নৰবলি দিয়া এখন বলিশাল আছে। কথিত আছে যে প্ৰাচীন কালত বছৰি বা দুই তিনি বছৰৰ মূৰে মূৰে কোনো লোক স্ব-ইচ্ছাৰে বলি হবলৈ তালৈ যায় আৰু টেৰন ফৈদৰ ডেংজা কেথে জনে ‘থান থেপি ৰংকেৰ’ নামৰ বছৰেকীয়া পূজাত মানুহ জনক বলি দিয়ে।বৰ্তমান মানুহৰ পৰিবৰ্তে ছাগলী বলি দিয়া হয়।ৰংহাং ৰংবং ত প্ৰাচীন আহত গছৰ তলত এটা ‘ছেনেম আহাৰ্লং’ নামৰ পাথৰ এটুকুৰা আছে- ইয়াক স্পৰ্শ কৰা নিসিদ্ধ।জনবিশ্বাস মতে এই পাথৰ স্পৰ্শ কৰিলে যৌণশক্তি বৃদ্ধি পায় আৰু মানুহ জনে হিতাহিত জ্ঞান হেৰুৱাই পেলাই।
ৰংহাং ৰংবঙক সাংস্কৃতিক পৰ্যটনৰ বাবে এক আকৰ্ষনৰ কেন্দ্ৰ হিছাপে গঢ়ি তোলাৰ যথেষ্ট থল আছে।
কাৰবি ফকৰা যোজনা
আলমাৰিত কিতাপ বিচাৰোতে এখন পুৰণি কিতাপ হাতত পৰিল। কিতপ খনৰ নাম হ’ল-“কাৰবি ছাৰলামথে-কিছু সংখ্যক সাদৃশ্য থকা অসমীয়া ফঁকৰা-যোজনা সহ”।লিখক-কেহাই বে।প্ৰ্কাশৰ চন-১৯৮০।কিতাপ খনত থকা কেইটামান ফঁকৰা-যোজনা ৰপাঠকৰ লগত ভগাই লোৱাৰ লোভ সামৰিব নোৱাৰিলো।
১/অককে অক আহান আই।
ছাৰকে ছাৰ আছ’ আই।–ফটা হওক চিতা হওক পাটৰ টঙালি,কণা হওক কুজা হওক ভূঁঞাৰ পোৱালী।
২/অ’ছ’ প্ৰাক জাংতাং আফি প্ৰাক কাংথিন।–চোৰ গ’লে বুদ্ধি,বৰষুণ গ’লে জাপি।
৩/আবি পেন আহেনৰু,আবং পেন আমাৰথু।–চুঙা চাই সোপা।
৪/আৱেতে ছাংপ্ৰত আ আনতা আন কেলক-নাই মোমাইতকৈ কণা মোমাই ভাল।
৫/ইংৱাই মা ইংৱাই,ফুনদিংপী দই নাই-বাচোতে বাচোতে গেলাবৰালিত হাত।
৬/ইংচাম আফান হৰ কেতুং-জলা জুইত ঘিউ ঢলা।
কিতাপ খনত আৰু বহুত অসমীয়া ফঁকৰা-যোজনাৰ লগত সাদৃশ্য থকা কাৰবি ছাৰলামথে আছে।কিতাপ খনৰ পুনৰ মুদ্ৰণৰ বাবে অসম সাহিত্য সভাৰ ডিফু শাখাই আগভাগ লব পাৰে।
লিখক: মংগলসিং ৰংফাৰ