বাঘ হাজৰিকা,বাঘধৰা পুখুৰী,কলঞ্চু পাৰ ✍শ্ৰীগোলোক চন্দ্ৰ দত্ত

গড়গাঁৱৰ সমীপবৰ্ত্তী লংকাক,গোমোঠা, পানীবিল, চূণপোৰা, চেঙেলিবাৰী অঞ্চল কেইটা নিলিখা বুৰঞ্জীৰ সমল তথা কিম্বদন্তীৰ মিঠা কাহিনীৰ খুন্দ খোৱা ভঁৰাল স্বৰূপ ।কিম্বদন্তী আৰু বুৰঞ্জীৰ মাজত থকা প্ৰকৃতিগত ব্যৱধান বহুত যদিও, প্ৰতিটো কিম্বদন্তীৰ অন্তৰালত, তিলত তেল বিয়পি থকাৰ দৰে, বুৰঞ্জীৰ প্ৰেতাত্মা একোটাই খেলা কৰি থাকে।বাস্তৱ জগতত থকা সত্য ঘটনা একোটাৰ ওপৰত ভিত্তি কৰি সাধাৰণতে কিম্বদন্তীয়ে আত্মপ্ৰকাশ কৰে।পম বিচাৰি খান্দিব পৰাৰ ধৈৰ্য থাকিলে অৱশেষত চেঁচুৰ বাহিৰ হৈ আহে। কিম্বদন্তীৰ পম খেদি অনুসন্ধান কৰাৰ ধৈৰ্য-বল আহৰণ কৰিব পাৰিলে, কম-বেচি পৰিমাণে ঘটনাৰ সত্যতা উদ্ঘাটন কৰিব পৰা হয়।
শিৱসাগৰ টাউনৰ ফালৰপৰা গড়গাঁৱৰ আলিয়েদি শিমলুগুৰি জংচনৰ পিনে প্ৰায় ১২ কিলোমিটাৰ আগুৱাই আহিলে বুৰঞ্জী বিখ্যাত হাৰিপাৰা আলিৰ মূৰ পোৱা যায়। হাৰিপৰা আলিৰ মূৰতে দক্ষিণ ফালে আৰিমত্ত ৰজাৰ ধন-সোণ পোত গৈ থকা সেইখন বৰবিল। এতিয়া হাৰিপৰা আলিয়েদি উত্তৰমূৱা হৈ প্ৰায় ডেৰকিলোমিটাৰ আগুৱাই গ'লে বাঁওদিশে আলিটোৰ কাষতে পাৰেৰে সৈতে প্ৰায় দুপুৰা মাটি জুৰি থকা এটা ৰজাদিনীয়া বৰপুখুৰী পোৱা যায়। এই ঠাইৰপৰা হাৰিপৰা আলিয়েদি আৰু প্ৰায় এক কিলোমিটাৰ আগুৱাই গ'লে কেমনৰ আলিৰ মূৰ পোৱা যায়। কেমনৰ আলিয়েদি পূৱ দিশলৈ আধা কিলোমিটাৰমান আগবাঢ়ি গ'লে আলিটোৰ বাঁওকাষে এবুকু ওখ গোঁসানী ভেঁটি আৰু ইয়াৰ কাষতে উত্তৰলৈ গোঁসানী, পশ্চিমলৈ ফুলগুৰি পুখুৰী পোৱা গৈছিল। এতিয়া গোঁসানী ভেঁটি , গোঁসানী পুখুৰী আৰু ফুলগুৰি পুখুৰীৰ অস্তিত্বই নোহোৱা হৈ গ'ল। গোঁসানী ভেঁটিৰ পৰা দক্ষিণলৈ অলপ দূৰত্বত বৰবৰুৱাৰ পুখুৰীটোৱে জীৰ্ণ-শীৰ্ণ বেশত অস্তিত্ব বজাই ৰাখিছে। কেমনৰ আলিয়েদি আৰু অলপ আগবাঢ়ি গৈ থাকিলে আলিটোৰ সোঁফালে বামুণ বাৰী পুখুৰী পোৱা যায়। প্ৰকৃতিৰ লগত যুঁজি যুঁজি বামুণ বাৰী পুখুৰী আজি একেবাৰে ক্লান্ত। আৰু কিমান দিনলৈ এই পুখুৰীটোৱে কিম্বদন্তীৰ সাক্ষ্য দি থাকিব সি চিন্তাৰ বিষয় হৈ পৰিছে।কেমনৰ আলিয়েদি আৰু পূৱলৈ প্ৰায় এক কিলোমিটাৰ আগবাঢ়ি গ'লে সমান্তৰাল ভাৱে বৈ গৈ পৰিকা নৈত মিলি যোৱা বেউলা জান-মইনা জান পোৱা যাব।
ওপৰত উল্লেখ কৰা কেমনৰ আলিৰ মূৰৰ পৰা হাৰিপৰা আলিয়েদি উত্তৰ দিশলৈ প্ৰায় আধা কিলোমিটাৰ আগবাঢ়ি গ'লেই আলিটোৰ সোঁফালে বাঘধৰা ওৰফে বাঘমৰা পুখুৰীটো আজিৰপৰা কিছুবছৰৰ আগলৈকে পোৱা গৈছিল। কিন্তু এতিয়া পোৱা নাযায়। বাঘধৰা পুখুৰীৰ পূবদিশলৈ ক্ৰমে কঁতৰা ভঙা পুখুৰী,দৰিকা নৈৰ "সোণাৰি ডুবি সোণাৰি ঘাট" আৰু ইয়াৰ অলপমান পূৱলৈ "দৰিকা নৈৰ ৰঙা গড়া" পোৱা যায়।'বৰবিল', 'কঁতৰা ভঙা পুখুৰী,' সোণাৰি ডুবি সোণাৰি ঘাট', 'নেউলা জান, মইনা জান'ৰ কিম্বদন্তীৰ ইতিপূৰ্বে 'জনমভূমি' কাকতত লিখিছোঁ। 'গোঁসানী ভেঁটি', 'ৰঙাগড়া' আৰু'বামুন বাৰী পুখুৰীৰ' কিম্বদন্তী "অসমবাণী" ত আজিৰ পৰা কিছুবছৰৰ আগতে লিখিছিলোঁ। এইবাৰ লিখিব খুজিছো আধা বুৰঞ্জী আধা কিম্বদন্তীৰ সংমিশ্ৰণ ঘটা আৰু এতিয়া অস্তিত্বহীন হৈ পৰা "বাঘধৰা পুখুৰী"ৰ বিষয়ে।
মানুহৰ কীৰ্তিৰ ওপৰত ভিত্তি কৰি একোটাহত নাম দিয়া হয়।এনে নাম সময়ত ইমানেই জনপ্ৰিয় হৈ পৰেগৈ যে কেতিয়াবা কেতিয়াবা এনেধৰণৰ নামে মানুহজনৰ আচল নাম পাহৰাই পেলায়।ভাৰতৰ প্ৰাচীন কাহিনী আৰু বুৰঞ্জীত এনেধৰণৰ উদাহৰণ বহুত ওলাব। তৰোৱাল মাৰি বাঘ এটা বধ কৰি অৰ্জন কৰা কীৰ্তিৰ বাবে ফৰিদৰ নাম হৈছিল শ্যেৰছাহ। পিতৃৰ মনোবাঞ্চা পূৰণৰ বাবে জীৱনত বিবাহ নকৰিবলৈ ভীষণ প্ৰতিজ্ঞা কৰি শান্তনু পুত্ৰ 'দেৱব্ৰত' 'ভীষ্ম' নামেৰে খ্যাত হৈছিল। মেঘৰ আঁৰত লুকাই যুদ্ধ কৰি শত্ৰুপক্ষক বিব্ৰত কৰি তুলিব পৰাৰ কাৰণে ৰাৱণ পুত্ৰ 'ইন্দ্ৰজিৎ' খ্যাত হৈছিল 'মেঘনাদ' নামেৰে।সুৰসেনৰ কন্যা, বসুদেৱৰ ভগ্নী 'পৃথা' ক কুন্তী ভোজে তুলি-তালি ডাঙৰ-দীঘল কৰাৰ কাৰণে মহাকাব্য মহাভাৰতত পৃথা বিখ্যাত হৈছিল 'কুন্তী' নামেৰে।মই এতিয়া ব্যক্ত কৰিবলৈ যোৱা 'বাঘধৰা পুখুৰী' নামৰ এই কাহিনীৰ মূল নায়ক -ইস্চমাইল (ইচমাইল) চিদ্দিক আলি হাজৰিকা। এওঁ বিখ্যাত হৈ পৰিছিল "বাঘ হাজৰিকা" নামেৰে। ইচমাইল চিদ্দিক হাজৰিকা অসম বুৰঞ্জী উপেক্ষিত অথচ অসমৰ জন মানসত এওঁ চিৰসঞ্জীৱিত হৈ থকা এজন মোগল বংশধৰ হৈও , অসম প্ৰেমী ব্যক্তি আছিল বুলিয়েই জনশ্ৰুতিয়ে প্ৰতিপন্ন কৰি আহিছে । স্বৰ্গদেউ বুদ্ধিস্বৰ্গ নাৰায়ণৰ ৰাজত্বকালত একাধিক বাৰ মুছলমানে অসম আক্ৰমণ কৰিছিল । প্ৰথম বাৰ ১৬২৯ চনত , দ্বিতীয় বাৰ ১৬৩৭ চনত , তৃতীয় বাৰ ১৬৪২ চনত হোৱা মুছলমান আক্ৰমণ কেইটাত , অসমৰ হাতত পৰাজিত হৈ , অনেক মুছলমান সৈনিক অসমত বন্দী হৈ ৰৈ গৈছিল । তেওঁলোকে জনা কামৰ ওপৰত ভিত্তি কৰি , তেওঁলোকক অসমত বসবাস কৰাৰ ব্যৱস্থা কৰি দিয়া হৈছিল । সেই সকলৰ ভিতৰত কোনোবা হৈছিল দৰ্জী , কোনোবা হৈছিল হিলৈদাৰী , কোনোবা হৈছিল শেনচোৱা ইত্যাদি ইত্যাদি । তেওঁলোকৰ ভিতৰত ৰণ কৰা লোকো অনেক আছিল । অসমত বসবাস কৰিবলৈ আৰম্ভ কৰি , দিল্লীৰ বাদচাহী সাম্ৰাজ্যৰ কথা 
পাহৰি , তেওঁলোক একেবাৰে খাটি অসমীয়া হৈ , অসমকে নিজৰ দেশ বুলি মানি লৈছিল। আনকি পৰবৰ্ত্তী কালত হোৱা মুছলমান আক্ৰমণ বোৰত তেওঁলোকৰ পো-নাতিহঁতে মোগল সৈন্যৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। ইচমাইল চিদ্দিক আলি ওৰফে বাঘ হাজৰিকা এই সকল মুছলমান লোকৰে বংশধৰ আছিল বুলি কোৱা হয়।
সঁচা মিছাৰ সালসলনি ভাৱৰ এই কাহিনীৰ নায়ক ইচমাইল চিদ্দিক আলিয়ে , আহোম ৰজাৰ "চমুৱা, হাজৰিকা" বিষয় বাব লাভ কৰিছিল বুলি জনা যায় । ইফালে জনশ্ৰুতিয়ে , এওঁ "গড়গঞা সেনাপতি" আছিল বুলি কয়। শৰাইঘাটৰ যুদ্ধৰ সময়ত এওঁ মোগল সৈন্যৰ বিৰুদ্ধে , গড়গঞা পালি সেনাপতি ৰূপে অসমীয়া সৈন্যৰ দ'ল এটা পৰিচালনা কৰিছিল বুলিও কোৱা হয়। এতিয়ালৈকে প্ৰকাশ পোৱা অসমৰ বুৰঞ্জীত , চিদ্দিক আলিৰ সন্দৰ্ভত এইবোৰ কথাৰ উল্লেখ নথকাটো মন কৰিবলগীয়া কথা। অৱশ্যে ড. সূৰ্য্য কুমাৰ ভূঁঞাৰ "Annals of Delhi Badshahate" গ্ৰন্থখনত বাঘ হাজৰিকাৰ বিষয়ে অলপ উল্লেখ কৰা আছে।
(...........Bagh Hazarika , Whose military genius was party responsible for the success of Lachit Borphukan's operation against Ram Singha.)ইচমাইল চিদ্দিক আলি ওৰফে বাঘ হাজৰিকাৰ পাছৰ নৱম পুৰুষ আছিল -- জ্ঞান মালিনীৰ কবি --- মফিজুদ্দিন আহমদ হাজৰিকা।
শৰাইঘাটৰ সেই বিখ্যাত পানী যুদ্ধখনত জিকি লাচিত বৰফুকনে "অসম গৌৰৱ" আখ্যা লাভ কৰাৰ অন্তৰালত , অসম-বুৰঞ্জী উপেক্ষিত অথচ হাড়ে-হিমজুৱে অসম প্ৰেমী , আহোম ৰাজভক্ত , অসমীয়া বীৰ ইচমাইল চিদ্দিকৰ বৰঙণি মুঠেই উলাই কৰিব পৰা বিধৰ নাছিল । ইচমাইল চিদ্দিকৰ কৌশল তথা পৰিকল্পনা যদি শৰাইঘাটৰ মূল যুদ্ধখনত (পানী যুদ্ধখনত) প্ৰয়োগ কৰা নহ'লহেঁতেন , তেনেহলে অসমৰ গৌৰৱৰ বুৰঞ্জী অন্যফালে ঢাল খালেহেঁতেন।
বহুত কথা অসমৰ বুৰঞ্জীত লিপিবদ্ধ হোৱা নাছিল , কিন্তু মুখ বাগৰি চলি আহিছিল । শৰাইঘাটৰ যুদ্ধৰ সময়ত সংঘটিত হোৱা তেনে এটা সৰু অথচ অতি উল্লেখযোগ্য ঘটনাৰ কথা অসমৰ বুৰঞ্জী লিখকে হয় লিপিবদ্ধ কৰিবলৈ পাহৰিলে , নহয় লিপিবদ্ধ কৰাৰ প্ৰয়োজন উপলব্ধি নকৰিলে । ঘটনাটো সম্পন্ন কৰাত তিনিজন লোকে একেলগে পৰিকল্পনা কৰিছিল যদিও মূল কৌশলটোৰ কথা চিন্তা কৰিছিল এজন মানুহে । এই মানুহ তিনিজন আছিল ---- কলঞ্চু ৰাজখোৱা , জপং গোহাই আৰু ইচমাইল চিদ্দিক আলি হাজৰিকা । ইচমাইল চিদ্দিক সেই সময়ত আহোম ৰজাৰ চমুৱা হাজৰিকা আছিল । অসমীয়া ছোৱালী বিয়া বাৰু কৰি লগতে সৰু হলেও আহোম ৰজাৰ তেনে এটা বিষয় বাব পাই , তেওঁৰ পূৰ্বপুৰুষ যে বহু বছৰৰ আগতে অসম আক্ৰমণ কৰিবলৈ অহা মোগল সৈন্য আছিল --- সেই কথা ইচমাইল চিদ্দিক আলিয়ে সম্পূৰ্ণভাৱে মানস পটৰ পৰা নিঃশেষ কৰি দি , হাড়ে-হিমজুৱে ষোল্ল অনা , আজিকালিৰ ভাষাত কবলৈ গ'লে এশ শতাংশ অসমীয়া হৈ পৰিছিল।
বোধহয় শৰাইঘাট যুদ্ধৰ কেইবছৰমান আগতে ইচমাইল চিদ্দিক আলিয়ে আহোম ৰজাৰ "চমুৱা হাজৰিকা" বিষয় বাব গ্ৰহণ কৰি , মূল গড়গাওঁ নগৰৰ পৰা কিছু দূৰত , হাৰিৰ পৰা আলিৰ কাষতে , আলিটোৰ পূৱ দিশত বসবাস কৰিবলৈ লৈছিল । শৰাইঘাট যুদ্ধৰ মূল সেনাপতি --- লাচিত বৰফুকনৰ অধীনত থকা একাধিক পালি সেনাপতি সকলৰ ভিতৰৰে এজন পালি সেনাপতি ইচমাইল হাজৰিকা আছিল বুলি কোৱা হয়। সেই সময়ত বুৰঞ্জী লিপিবদ্ধ কৰা লোকে , পালি সেনাপতি সকলৰ নাম-কাম লিপিবদ্ধ কৰাত বোধকৰো বেছি গুৰুত্ব আৰোপ কৰা নাছিল । গতিকে শৰাইঘাটৰ ৰণত ইচমাইল চিদ্দিক আলি হাজৰিকাৰ ভূমিকাৰ বিষয়ে বুৰঞ্জী নিমাত , কিন্তু জনশ্ৰুতি সৰৱ । অসমীয়া ৰামায়ণ ----- ৰচনা কৰোঁতা পূৰ্ৱকবি অপ্ৰমাদী মাধৱ কন্দলীয়ে তেওঁৰ ৰামায়ণ খনৰ সন্দৰ্ভত এঠাইত লিখিছিল ---- "দৈৱবাণী নোহে ইটো , লৌকিকহে কথা । এতেকে ইহাৰ দোষ নলৈবা সৰ্বথা ।" তেনেদৰে এই কাহিনীটো লিখিবলৈ হাতত লৈ , মোৰো কবলৈ মন গৈছে যে --- "বুৰঞ্জী-বাণী নোহে ইটো , জনশ্ৰুতিৰ কথা , এতেকে ইয়াৰ দোষ নলৈবা সৰ্বথা ।"
স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মিৰজুমলাৰ সৈতে হোৱা সন্ধিৰ চৰ্তমতে ব্ৰহ্মপুত্ৰৰ উত্তৰে ভৰলু নদী আৰু দক্ষিণে কলং নদী আহোম আৰু মোগল ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল। ইয়াৰ উপৰিও আহোম ৰজাই বছৰি শকত পৰিমাণৰ ধন মোগল সম্ৰাটক দি থাকিবলৈ চুক্তি কৰা হৈছিল। ইতিসময়তে জয়ধ্বজ সিংহৰ মৃত্যু হোৱাত, অতি স্বাধীন চিতীয়া চক্ৰধ্বজ সিংহই আহোম ৰাজপাতত আৰোহণ কৰিছিল। জয়ধ্বজ সিংহৰ দিনত হোৱা চৰ্তানুসৰি কৰ দিয়াত অলপ হীন-দেৰি হোৱাত গুৱাহাটীৰ থানাদাৰ চৈয়দ ফিৰোঁজ খাই আহোম ৰজালৈ টানি চিঠি দিয়াত, চক্ৰধ্বজ সিংহই অপমান বোধ কৰি, মোগলৰ অধীনলৈ যোৱা ৰাজ্যখণ্ড উদ্ধাৰ কৰিবলৈ আয়োজন কৰি, লাচিতক বৰফুকনক সেনাপতি পাতি ৰণলৈ পঠিয়াই হেৰুৱা ৰাজ্য পুনৰ নিজৰ অধীনলৈ আনিলে। লগতে চৈয়দ চানা আৰু চৈয়দ ফিৰোজকো বন্দী কৰিলে।
এনে এটা বেয়া খবৰ পাই দিল্লীৰ সেই সময়ৰ বাদচাহ ঔৰংজেৱে ৰামসিংহক সেনাপতি পাতি অসমৰ ৰজাক ভালকৈ এশিকনি দিবলৈ বুলি এটা ডাঙৰ ফৌজ অসম অভিমুখে পঠাই দিলে। ৰামসিংহৰ এই আক্ৰমণ প্ৰতিৰোধ কৰিবৰ কাৰণে আহোম স্বৰ্গদেৱে আয়োজন কৰা এইখনেই আছিল বিখ্যাত শৰাইঘাটৰ যুদ্ধ। জনশ্ৰুতি মতে সু-নিৰীক্ষণ কাৰী লাচিত বৰফুকনে শৰাইঘাটৰ যুদ্ধৰ সময়ত ইছমাইল চিদ্দিক আলি হাজৰিকাক এজন পালি সেনাপতি পাতি গড়গাওঁ ৰ পৰা পঠাই দিবৰ কাৰণে স্বৰ্গদেৱলৈ জনোৱাত, স্বৰ্গদেউ চক্ৰধ্বজ সিংহই সেইমতেই পঠাই দিছিল। চমুৱা হাজৰিকা ইছমাইল চিদ্দিকৰ লগত কলঞ্চু ৰাজখোৱা আৰু জপং গোহাঁইক পঠোৱা হৈছিল।
মোগল আৰু অসমীয়া সৈন্যৰ মাজত মাটিয়েদি হোৱা একাধিক খণ্ডযুদ্ধত দুয়োপক্ষৰে হৰা জিকা হৈছিল যদিও মোগল সৈন্যৰ ক্ষয় ক্ষতিৰ পৰিমাণ বেছি হৈছিল। মোগল সৈন্য পিছ হোহকি গৈ ইটাখুলি কোঠত আশ্ৰয় লৈছিলগৈ। মোগলৰ হাতৰ পৰা গুৱাহাটী উদ্ধাৰ কৰিবলৈ হ'লে, ইটাখুলিৰ কোঠ, মোগল সৈন্যৰ হাতৰ পৰা নিজৰ দখললৈ অনাটো অসমীয়া সৈন্যৰ কাৰণে বৰ প্ৰয়োজন হৈ পৰিছিল, কিন্তু পৰা নাছিল। ইফালে মাটিয়েদি হোৱা কেইবাখনো ৰণত ৰামসিংহ ঘাটি, নিৰাশ হৈ সৰ্বশেষত পানীয়েদি অসমীয়া সৈন্যৰ লগত এখন ৰণ কৰিবলৈ মনস্থ কৰিলে। এই পানী-যুদ্ধ খনেই আছিল শৰাইঘাটৰ শেষ যুঁজ। জিকিব পাৰিলে দিল্লীশ্বৰৰ মনোকামনা পূৰণ কৰিব পাৰিব, জিকিব নোৱাৰিলে বিফল হৈ ৰামসিংহ অহা বাটেৰে ঘুৰি যাব লাগিব। এয়া আছিল ৰামসিংহৰ শেষ সিদ্ধান্ত। আহোমৰ চোৰাংচোৱা সকলো কোনো গুণে কম নাছিল। শৰাইঘাটৰ ৰণ চলি থকা সময়ত (ব'হাগ মাহৰ পৰা আৰম্ভ কৰি শাওন মাহৰ শেষলৈকে প্ৰায় চাৰি মাহ দিন ধৰি চেগা-চোৰোকাকৈ শৰাইঘাটৰ ৰণ চলিছিল) মোগল সৈন্যৰ গতিবিধি লক্ষ্য কৰি জনাই থাকিবৰ কাৰণে বৰফুকনে অসংখ্য চোৰাংচোৱা নিয়োগ কৰিছিল। এই চোৰাংচোৱা সকলে বিভিন্ন বেশ ধাৰণ কৰি, মোগল সৈন্যৰ চকুত ধূলি মাৰি, তেওঁলোকৰ ধৰণ-কৰণ, আলোচনা-বিলোচনা বোৰৰ কথা বৰফুকনক জনাই আছিল। শৰাইঘাটৰ যুদ্ধত এই চোৰাংচোৱা সকলৰ ভূমিকা --- প্ৰত্যক্ষ ভাৱে সন্মুখ সমৰত অস্ত্ৰ লৈ যুদ্ধ কৰা সৈনিকতকৈ কোনো গুণেই কম নাছিল।
ৰামসিংহই পানী যুদ্ধৰ কাৰণে আয়োজন কৰি, ইটাখুলিৰ ওচৰত, ব্ৰহ্মপুত্ৰৰ দিশে মুখ কৰাই শাৰী শাৰীকৈ কামান গোটালে। প্ৰতিটো কামানৰ লগত হিলৈ মৰাত ওস্তাদ দুই তিনিজনকৈ মোগল সৈন্য ৰখালে। ৰামসিংহৰ এনে আয়োজনৰ কথা চোৰাংচোৱা সকলে আহি বৰফুকনক জনালেহি। লাচিত বৰফুকনে অলপো বিলম্ব নকৰি, পালি সেনাপতি সকলক নিজৰ চ'ৰালৈ মতাই আনি আলোচনাত বহিল। ইছমাইল চিদ্দিক চমুৱা হাজৰিকাই বোলে সেই আলোচনাত বিশেষ একো নকৈ "সময়ত কি কৰিব পৰা যায় দেখা যাব" বুলি অতি সংক্ষেপে বক্তব্য প্ৰকাশ কৰিছিল।
মোগল সৈন্যই ইটাখুলিত ব্ৰহ্মপুত্ৰৰ পিনে টোৱাই কামান পতাৰ কথা চোৰাংচোৱাৰ মুখেৰে জানিব পাৰি লাচিত বৰফুকনেও ব্ৰহ্মপুত্ৰৰ আনটো পাৰত ইটাখুলিৰ ফালে মুখ কৰি জোপোহাৰ আঁৰে আঁৰে বৰহিলৈ সাজু কৰি ৰখালে। ৰামসিংহই কোনদিনা পানীৰে যুদ্ধ কৰাৰ পৰিকল্পনা কৰিছিল, তাৰ খবৰো আমাৰ চোৰাংচোৱা সকলে অতি কৌশলেৰে সংগ্ৰহ কৰি আনি বৰফুকনক জনালেহি। সেইমতে বৰফুকনেও সৈন্য সামন্ত য'ত যেনেদৰে সাজু কৰি ৰাখিব লাগে, তেনেদৰে সাজু কৰালে। যুদ্ধৰ আগদিনা ব্ৰহ্ম পুৱাতে লগত কেইজনমান বছা বছা সৈন্য লৈ, জপং গোহাঁই আৰু ইছমাইল চিদ্দিকে নাৱেৰে গৈ, ইটাখুলিৰ ওচৰত ব্ৰহ্মপুত্ৰৰ পাৰলৈ উঠি আত্মগোপন কৰি থাকিল। সকলোৰে হাতে হাতে দুই তিনিটাকৈ পানী ভৰ্তি বাঁহৰ চুঙা। জপং গোহাঁই আৰু সৈন্য কেইজনে ইছমাইল চিদ্দিকৰ নিৰ্দেশ মৰ্মে এই কামবোৰ মাত্ৰ কৰিহে গৈছিল। কিন্তু চিদ্দিকৰ কাণ্ড কাৰখানা বোৰৰ একো ওৰ পোৱা নাছিল। তেতিয়া ইছমাইল চিদ্দিকে জপং গোহাঁই আৰু সৈন্য কৈইজনক ক'লে যে তেওঁ নিজে মুচলমান কাৰণে মুচলমানৰ কথা ভালকৈ জানে। গোড়া মুচলমান সকলে ব্ৰহ্মপুৱাতে নামাজ কৰিবলৈ বহিবই। ইয়াৰ ব্যতিক্ৰম হ'ব নোৱাৰে। গতিকে সেই সুযোগ গ্ৰহণ কৰি বাঁহৰ চুঙাত লোৱা পানীৰ উপযুক্ত ব্যৱহাৰ কৰিব লাগিব। মোগলৰ কামান বোৰত চুঙাত থকা পানী ভৰাই দি, বিকল কৰি দিব পাৰিলে মোগলে পাতি থোৱা কামান নুফুটিব। কথামতে কাম হ'ল। কাহিলি কাহিলি পোহৰতে কামান ৰখীয়া প্ৰতিজন গোড়া মুচলমানে কামান এৰি থৈ, চাদৰ পাৰি লৈ, নামাজত বহিল। লগে লগে চিদ্দিকৰ ইংগিত পাই, তেওঁ লগত লৈ যোৱা আহোম সৈন্য কেইজনে বাঁহৰ চুঙাত লৈ যোৱা পানী, কামান বোৰৰ ফুটাত ঢালি গ'ল। অতি কম সময়ৰ ভিতৰতে কাম সম্পন্ন কৰি তেওঁলোক সকলো নাৱত উঠি আতৰি আহিল। কামান ৰখীয়া মোগল সৈন্য বোৰে একো ভূ-কে নাপালে। ইফালে কলঞ্চু ৰাজখোৱাই মোগলক ভেটিবলৈ বোন্দা পাহাৰৰ নামনিত সৈন্য সামন্ত লৈ সাজু হৈ থাকিল।
ইছমাইল চিদ্দিক আলি, জপং গোহাঁই আৰু তেওঁলোক দুজনৰ লগত যোৱা সৈনিক কেইজনে গম নোপোৱাকৈ, আমাৰ চোৰাংচোৱাই গোটেই ঘটনাটো চাই থাকি, তেওঁলোক নাৱত উঠাৰ আগতেই আহি বৰফুকনক গোটেই কথাখিনি বিৱৰি ক'লেহি, আৰু অলপ সময়ৰ পাছতেই জপং গোহাঁইৰ সৈতে ইছমাইল চিদ্দিক আলি বৰফুকনৰ চ'ৰালৈ আহি কৈছিলহি ---"বৰফুকন দেউতা, ৰামসিংহৰ কামান নুফুটে। আপুনি নিশ্চিন্তে থাকক।" বুৰঞ্জীত উল্লেখ নাথাকিলেও জনশ্ৰুতিয়ে কয় যে -- ইছমাইল চিদ্দিক আলিৰ সেইকথা শুনি, সেইসময়ত তীব্ৰ জ্বৰত ভুগি কেঁকাই থকা লাচিত বৰফুকনৰ মুখত হেনো হাঁহি বিৰিঙি উঠিছিল।
তাৰ পাছদিনা বেলি উলাই দুপৰীয়া হোৱাৰ আগে আগে, ৰামসিংহৰ নিৰ্দেশ মৰ্মে মোগলৰ পানী যুদ্ধৰ সেনাপতি চৰিপ খাঁৰ নেতৃত্বত, হাজাৰ হাজাৰ মোগল সৈন্য ব্ৰহ্মপুত্ৰইদি ইটাখুলিৰ কোঠৰ দিশৰ পৰা নাৱেৰে উজাই আহি, আন্ধাৰু বালিৰ ওচৰ পাওঁ পাওঁ হ'লহি। সেই সময়ত লাচিত বৰফুকনৰ নৰিয়া ইমানেই টান হৈছিল যে তেওঁ নিজে সৈন্য পৰিচালনা কৰিব নোৱাৰাৰ কাৰণে অসমীয়া সৈন্য সামন্তৰ মন ভাগি পৰিছিল। বৰফুকনৰ নৰিয়াৰ খবৰ ৰামসিংহইয়ো পাইছিল। গতিকে ৰামসিংহই সেই সুযোগ গ্ৰহণ কৰিছিল। অসমীয়া সৈন্য অম্ৰাজুৰি ঘাটলৈ পাছ হোহকি আহিছিল। নৰিয়াত ভুগি লৰচৰ কৰিব নোৱাৰাকৈ দুৰ্বল হৈ পৰা বৰফুকনে, খাটৰ সৈতে তেওঁক বাট ঘৰলৈ নিবলৈ আদেশ দিলে। যাতে তেওঁ অসমীয়া সৈন্যৰ নাওঁ বিলাক ভালদৰে চাব পাৰে। জুৰিয়াৰ ফালৰ পৰা অশ্বক্লান্তৰ দিশে মোগল সৈন্য নাৱেৰে আগবাঢ়ি আহি থকা দেখা পাই, খন্তেক সময়ো পলম নকৰি বৰফুকনে শত্ৰু সৈন্যৰ ওপৰত জপিয়াই পৰিবলৈ সিদ্ধান্ত কৰিলে।
বৰফুকনৰ আদেশ মৰ্মে ছয় খন যুদ্ধৰ নাৱত বছা বছা অসমীয়া সৈন্য লোৱা হ'ল। বুৰঞ্জীৰ মতে খৰন্তীয়াৰ নদাই নামৰ এজন লোকৰ সহায়ত, কিন্তু জনশ্ৰুতিৰ মতে ইছমাইল চিদ্দিক আলি চমুৱা হাজৰিকাৰ কান্ধত ভৰ দি, বৰফুকন নাৱত উঠিল। বৰফুকনৰ নাওঁ ছখন মোগল সৈন্যৰ ফালে আগবঢ়া দেখা পাই, পাছ হোহকি যাবলৈ ধৰা অসমীয়া সৈন্যৰ নাওঁ এইবাৰ তীব্ৰ বেগেৰে মোগল সৈন্যৰ ফালে আগুৱাই যাবলৈ ধৰিলে। বৰফুকনৰ নাওঁ পাছ পেলাই অসমীয়া সৈন্য নাৱেৰে আগবাঢ়ি গৈ মোগল সৈন্যক কচুকটা দিবলৈ ধৰিলে। মোগল কামান দাৰীয়ে কামান চলালে, কিন্তু কামান নুফুটিল। অসমীয়া সৈন্যৰ কামানৰ গুলী লাগি, মোগলৰ পালি সেনাপতি, চৰিপ খাঁ সেই নাৱৰ ওপৰতে খণ্ড-বিখণ্ড হৈ গ'ল। মোগলৰ হিলৈদাৰি বোৰে কামান নুফুটাৰ একো উৱাদিহ উলিয়াব নোৱাৰি বিমূঢ়ত পৰিল। অসংখ্য মোগল সৈন্য ৰণত পৰিল। যিখিনি মোগল সৈন্য বাছি থাকিল, সেইখিনিয়ে প্ৰাণৰ ভয়ত পলাবলৈ আৰম্ভ কৰিলে। আমাৰ সৈন্যই নাৱেৰে সিহঁতক খেদি গৈছিল। কিন্তু লাচিত বৰফুকনৰ আদেশ মৰ্মে, পলাবলৈ ধৰা মোগল সৈন্যলৈ অস্ত্ৰ নিক্ষেপ কৰা হোৱা নাছিল।
লুইতৰ পানী শত্ৰুৰ তেজেৰে ৰাঙলী হ'ল। এইখনেই আছিল শৰাইঘাটৰ বিখ্যাত পানী-যুদ্ধ। ইয়াৰ পাছত আৰু ৰণ ন'হল। মোগল সৈন্য ভটিয়াই গৈ ৰঙামাটিত ৰ'লগৈ।