আহোম সকলেই বিহুৰ উদ্ভাৱক ✍ তীৰ্থ ফুকন

আহোমসকলে বিহুত গায়----
“লাহে লাহে ঐ
বিহু কোনে ঢালে আহে?
পূবে পশ্চিমে উত্তৰে দক্ষিণে
বিহু কোনে ঢালে আহে?
মান দেশত আছিলে মানতৰা এযুৰি
আছিলে নৰিয়াত পৰি,
যেতিয়া শুনিলে বিহুৰে বতৰা
আহিলে কাছুৰি ধৰি।”
ইয়াৰ পৰাই বুজা যায় বিহু মানদেশৰ ফালৰ পৰাই আহিছে। মানে মান দেশৰ ফালৰ পৰা আহোমসকলৰ লগতেই আহিছে। বুৰঞ্জীত বিচাৰ কৰিলেও তাকেই পোৱা যাব।
দেও বুৰঞ্জী (ফী বুৰঞ্জী): ঢোল-মাদলী
অসম তথা ভাৰততেই প্ৰণালীবদ্ধ বুৰঞ্জী প্ৰণয়নৰ প্ৰথা তাই সকলেই প্ৰথমে প্ৰৱৰ্তন কৰে বুলি পণ্ডিতসকল একমত। আহোম ভাষাত লিখিত বুৰঞ্জী সমূহক দুটা ভাগত ভাগ কৰা হৈছে। দেও বুৰঞ্জী আৰু দিন বুৰঞ্জী। পৃথিৱীৰ সৃষ্টিৰ পৰা খুনলুং খুনলাই আহি ম্যুংৰিমুংৰামত ৰাজ্য স্থাপন কৰালৈকে বিৱৰণ থকা অংশক দেও বুৰঞ্জী নাৰু তাৰ পিছৰ কালৰ আহোম ৰাজত্বৰ বিৱৰণ থকা বুৰঞ্জী (দ্যুন) অৰ্থাৎ পৃথিৱীৰ বুৰঞ্জী বুলি আহোম বুৰঞ্জীবিদসকলে কৈ গৈছে।
দেও বুৰঞ্জীৰ মতে তাই আহোমসকলৰ আদি পুৰুষ খুনলুং আৰু খুনলাই। ৫৬৮ খৃষ্টাব্দতে য়ুন্নান দেশৰ (গৰম পানীৰ উহ থকা ঠাই) ম্যুংৰি-মুংৰামত (ম্যুং-দেশ,ৰি-এৰা, ম্যুং-দেশ, ৰাম-নিৰ্জন) প্ৰথম ৰাজ্য স্থাপন কৰা খুনলুং খুনলায়ে লেংদনৰ পৰা পাইছিল- চুম ফ্ৰাৰুংচেংম্যুঙ (চুমদেও), হেংদান, কাইছেংমুঙ(কুকুৰা) আৰু এযোৰ ঢোল। সেই দিন ধৰি অসমত আহোম স্বৰ্গদেও সকলৰ ছশ বছৰীয়া ৰাজত্ব কাললৈকে চুমদেউৰ পূজা, হেংদান, কাইছেংমুঙ আৰু ঢোলৰ ব্যৱহাৰ আহোম সমাজত অপৰিহাৰ্য আছিল। উল্লেখযোগ্য যে আহোম ভাষা-সংস্কৃতিৰ চৰ্চা পৰম্পৰাগত ভাৱে চলি অহা উজনি অসমৰ বহুতো অঞ্চলত আজিও এই পৰমপৰা বিদ্যমান। বগা ম’হ বলি দি আজিও লাকুৱাৰ ওচৰৰ ৰজাদিনতে স্থাপিত ৰঙাগড়া দেওশালত ওমফা পূজা কৰা হয়। চকলং প্ৰথাৰ বিবাহ অনুস্থানত হেংদান প্ৰয়োজন হয়, দেওধাই পণ্ডিতে আজিও কুকুৰা কাটি মংগল চায় আৰু দেওশালত পূজাৰ সময়ত মাদলী (ঢোল) আজিও বজোৱা হয়।
আহোম সমাজৰ অতি পৱিত্ৰ এই সম্পদ কেইপদৰ বিষয়ে দেও বুৰঞ্জীত বিশেষ উল্লেখ আছে। ৰায় চাহাব গোপাল চন্দ্ৰ বৰুৱাৰ দ্বাৰা ইংৰাজীত অনুদিত আৰু সম্পাদিত ১৯৩০ চনতে প্ৰকাশিত “আহোম বুৰঞ্জী”ত (একেখন কিতাপতে বাওঁফালৰ স্তম্ভত আহোম লিপিত আহোম ভাষাৰ বুৰঞ্জী আৰু সোঁফালৰ স্তম্ভত সমান্তৰালভাৱে ইংৰাজী অনুবাদ তকা) লেংদনে খুনলুং আৰু খুনলাইক এই দৰে উপদেশ দিয়া বুলি লিখিত আছে—
“.... I give a tusked elephant. I give you a Kaichengmung (foul of holy country) to take with you, You will calculate future events with their beaks, entails and legs. I give you an embroidered cloth. I give you a pair of drums, when you may be in war with a neighbouring tribe you must inform me by beating drum or if any tribe seek war with you. When there will be no rain if you inform by beating the drums there will be rain. I give you chumphrarungshengmung (Sumdeo). You will never leave the idol. The idol is put in a box. You will open the box at the end of every year. I give you a sword…….” (Ahom Buranji).
দেও বুৰঞ্জীৰ এইবোৰ বিৱৰণ কাল্পনিক বুলি কোনোৱে হয়তো মন্তব্য কৰিব। কিন্তু এই সত্যতা অস্বীকাৰ নকৰি নোৱাৰি যে তাই আহোম গোষ্ঠীৰ আদি পুৰুষ খুনলুং-খুনলাইৰ ৰাজ্যত ঢোল নামৰ বাদ্যটিৰ প্ৰচলন আছিল আৰু অনা বৃষ্টিৰ সময়ত ঢোল বজাই বৰষুণ আনিব পাৰি বুলি এক লোক বিশ্বাস জন্ম হৈছিল।
ম্যুংকং--ঢোলৰ দেশ
স্বৰ্গদেও ছ্যুকাফা ১১৫০ শকৰ আঘোন মাহত অসমলৈ আহে বুলি দিন বুৰঞ্জীত উল্লেখ আছে। দিন বুৰঞ্জীতে আৰু উল্লেখ আছে যে, খুনলুং খুনলাইৰ পিছত ছ্যুকাফাৰ জন্ম হোৱা লৈকে তাই-আহোম গোষ্ঠীৰ ৪০(চল্লিছ) জন ৰজাই ম্যুংৰি-ম্যুংৰাম, ম্যুংকং আদি ৰাজ্যৰ ৰাজপাট বহিছিল। এই ৰজাসকলৰ ভিতৰত খুনলুং পক্ষৰ আইখুনলুং, তাই তুংকুং, খনখুং, খনমকদা, খুনলা, খনুংগ, চাও চেঞ্চাও, খুনজাও, খুনজুন আদি পৰাক্ৰমী আছিল বুলি বুৰঞ্জীয়ে কয়। খুনলাইৰ সতি-সন্ততি বেছি নাছিল কিন্তু খুনলাই পক্ষৰ ৰজা আইজেপী লাকনি আছিল বিশেষ উল্লেখযোগ্য। বুৰঞ্জীবিদ হিতেশ্বৰ বৰবৰুৱাই ‘আহোমৰ দিন’ত লিখিছে—“শকাদিত্যৰ দৰে এইজনা ৰজাৰ দিনৰ পৰা সেই দেশত তেওঁৰ নিজৰ নাম অনুসৰি আইজেপী লাক নি অৰ্থাৎ লেংচং শক চলাবলৈ আৰম্ভ কৰে। এই লাকনি বা শক মান দেশত আৰু নৰা দেশত এতিয়াও চলিত হৈ আছে।”
এই মান দেশ আৰু নৰা দেশ ছ্যুকাফাৰ পিতৃ পুৰুষৰ দেশ। বুৰঞ্জীয়ে কয়—এটা সময়ত মতান্তৰ ঘটাত খুনলুঙে ম্যুংৰিম্যুংৰাম(ম্যুংৱান) শাসন ভাৰ ভায়েক খুনলাইক গটাই দি য়ুন্নানৰ নাময়াং উপত্যকাত এখন নতুন ৰাজ্য স্থাপন কৰি লয়। বৰ্তমান ব্ৰহ্মদেশৰ উত্তৰ অঞ্চলৰ খুনলুঙে স্থাপন কৰা এই ৰাজ্যখনৰ নাম আছিল ম্যুংক্বং। এই ৰাজ্য এসময়ত তাই সংস্কৃতিৰ স্নায়ুকেন্দ্ৰ আছিল বুলি জনা যায়।
তাই ভাষাত ম্যুং মানে দেশ আৰু ক্বং মানে ঢোল। সেই ৰাজ্যত ঢোলৰ ইমান চৰ্চা আছিল যে ৰাজ্যখনৰ নামেই হৈছিল গৈ ঢোলৰ দেশ। খুনলুঙৰ দিনৰ সেই পৰম্পৰা উত্তৰ ব্ৰহ্মত আজিও বিদ্যমান। আজিও তাত বহাগ বিহুৰ সময়তে পালন কৰা পয়ছাংকেন উৎসৱৰ অন্যতম অংগ ঢোল—ঠিক আমাৰ ৰঙালী বিহুৰ দৰেই।
জনা যায় যে ব্ৰ্হ্মদেশৰ (মানদেশৰ) দক্ষিণ উপকূলৰ অধিবাসী জনগোষ্ঠীৰ মাজতো ঢোলৰ প্ৰচলন আজিৰ অসোৰ দৰেই। কিন্তু আটাইতকৈ উল্লেখযোগ্য কথা হ’ল ব্ৰহ্মদেশত প্ৰচলিত ঢোলৰ আকাৰ, আয়তন অসমৰ বিহু ঢোলৰ সৈতে হুবহু একে। অসমৰ বিহুত বজোৱা পাতি ঢোল বজোৱাৰ দৰেই ঢোলৰ সোঁফালে ঢোলৰ মাৰিৰে ব্ৰহ্মদেশৰ ঢুলীয়াই ঢোল বজায়।
এই খুনলুঙৰে বংশোদ্ভৱ ম্যুংমিত কুপ ক্লিং ৰাজ্যৰ ৰজা ফুত্যাংখাঙৰ সৰু ৰাণী নাং কুঁৱৰীৰ গৰ্ভত জন্ম গ্ৰহণ কৰে ছ্যুকাফাই।
বুৰঞ্জীৰ পাত লুটিয়ালে বুজা যাৱ বিহু গীতত কিয় আজিও গোৱা হয় সেই গীত-পদ— “ মান দেশত আছিলে মানতৰা এযুৰি”।
ঢোলৰ মালিতাঃ ছ্যুকাফা
মান দেশৰ ৰজা খুত্যাংখাঙৰ পুত্ৰ ছ্যুকাফাই সসৈন্যে অসমলৈ আহোতে বুৰঞ্জী প্ৰণয়নৰ প্ৰথাকে ধৰি লগত লৈ আহিছিল তাই-মংগোলীয় সংস্কৃতিৰ এক সুৰীয়া ধাৰা। সংস্কৃতিৰ অন্যতম অংগ নৃত্য-গীতৰ বাবে অপৰিহাৰ্য বাদ্যযন্ত্ৰ। ছ্যুকাফাই যে লগত ঢোল আৰু ঢুলীয়া আনিছিল সেই কথা সেই কথা সহজেই অনুমেয়। কাৰণ ঢোল আছিল স্বয়ং লেংদন প্ৰদত্ত অন্যতম সম্পদ। উপৰি পুৰষৰ পূজা আৰু আজ্ঞা পালন আহোম সমাজৰ অন্যতম সামাজিক বিধান। আজিও পালন কৰা মে-দাম-মে-ফীয়েই এই কথাৰ জ্বলন্ত নিদৰ্শন।
আনহাতে লোক-সাহিত্য জাতিৰ অলিখিত সামাজিক-সাংস্কৃতিক ইতিহাস স্বৰূপ। আমাৰ সমাজত প্ৰচলিত বিভিন্ন বিষয়ৰ মালিতাৰাজি লোক-সাহিত্যৰ অনুপম সম্পদ। আজিও ঢুলীয়া ওজাসকলে মালিতা গাওঁতে এইদৰে গায়—
স্বৰ্গৰ পৰা নামি ছ্যুকাফা স্বৰ্গদেও
কৰিলা ৰাজত্ব যাৰ নাহি সম কেউ।
নানা বাদ্য বাজনা কৰা সভাত
ঢাক ঢোল কৰতাল বাদ্য অসংখ্যাত।
সোধন ঢুলীয়া নামৰ এজন ওজাই ছ্যুকাফাৰ ৰাজসভাত ঢোল বজাইছিল বুলি ঢোলৰ মালিতাত উল্লেখ আছে। আজিও আমাৰ ঢুলীয়া ওজাসকলে সোধন ওজাক গুৰু হিচাবে স্মৰণ কৰে। ঢুলীয়া ওজাসকলৰ বিশ্বাসমতে সোধন ওজাই ঢোলৰ হাত, চেও তথা ঢোল বাদনৰ নীতি-নিয়ম বান্ধি গৈছে। ওজাৰ মালিতাত শুনা যায়—
কলি যুগে ইন্দ্ৰবংশী ৰজা নামি যায়,
সোধন ওজাই ঢোল বাই আনিলে নমাই।
আদিতে আছিল মাত্ৰ ঢোলৰ বাজনা,
সোধন ওজাই বাদ্য কৰিলে ৰচনা।
উল্লেখ কৰিব পাৰি যে, তাই আহোম সমাজৰ লোক বিশ্বাসমতে ঢোল মাংগলিক বাদ্য। ঢোলৰ শব্দই প্ৰজনন শক্তি বৃদ্ধি কৰে, পৃথিৱীৰ মাটি কোমল আৰু উৰ্বৰা কৰে আৰু উন্মাদনা শক্তি বৃদ্ধি কৰে বুলি আহোম সমাজত জনবিশ্বাস আছে। ছোৱালীৰ নোৱা-তোলনী বিয়া পতা আহোম সমাজৰ অন্যতম নিয়ম আৰু নোৱা-তোলনী বিয়াত ঢোল-বাদন অপৰিহাৰ্য। বৰ বিয়াটো ঢোল বাদন অপৰিহাৰ্য। বিয়াত বজোৱা ঢোলৰ চেও সুকীয়া। বুলনি চাপৰ, চলনা হাত আদি কেতবোৰ বিশেষ চেওহে বিয়াত বজোৱা হয়। তেনেকৈ কোনো সন্মানিত ব্যক্তিক আদৰিলেও ঢোল-ডগৰৰ সুকীয়া চেও আছে। ওমফা পূজা, চোমদেউ পূজা আদিতো ঢোল-বাদন অপৰিহাৰ্য।
হুচৰি এ চ’ত
বহাগ বিহুক আগৰ দিনত কোনোৱে কোনোৱে চ’তৰ বিহু বিহুহে বুলিছিল। ‘হুচৰি এ চ’ত’- চ’তৰ বিহুলৈ ছমাহ বাকী’ আদি গীত-পদ আৰু খণ্ড বাক্যই ইয়াৰ ওমান দিয়ে। তদুপৰি মিছিং সকলৰ “আলি আই লৃগাং”, দেউৰী বিহু আদি প্ৰকৃততে চ’ত মাহতেই পালন কৰা হয় বুলি ক’ব পাৰি।
অস্বীকাৰ কৰি উপায় নাই যে চ’তৰ বিহুৱেই বোলক বা বহাগ বিহুৱেই বোলক আমাৰ ৰঙালী বিহুৰ আদিম উৎস কিন্তু লোক বিশ্বাসৰ আধাৰিত ধৰ্মীয় ভিত্তিহে। অসমৰ সকলো জনগোষ্ঠীৰ মাজতে ৰঙালী বিহুৰ সময়ত পালন কৰিব লগা কিছু ধৰ্মীয় অনুস্থান আছে। প্ৰয়োজন হ’লে ৰং-ৰহইচ-নৃত্য-গীত কোনবা বছৰ বাদ দিব পাৰে কিন্তু ধৰ্মীয় অনুস্থান বাদ দিয়া নাযায়। নিয়মটো হলেও পালন কৰিব লাগে। তাই আহোম সমাজৰ দেওধাই মহনসকলে বিহুত কুকুৰা বলি দি মৃতকৰ তৰ্পন অনুস্থান দাম পূজা কৰে, ভৈয়ামৰ কাৰ্বিসকলে ঘৰুৱাভাৱে মৃতকৰ পূজা কৰাৰ ওপৰিও সমজুৱাভাৱে পৰম্পৰাগতভাৱে বলি বিধানেৰে জহং উৎসৱ পাতে। দেউৰী সমাজতো চ’তৰ বিহু পালন কৰা হয় আৰু বহাগৰ প্ৰথমটো বুধবাৰে দেওঘৰত পূজা-পাৰ্বন কৰে।
তাই আহোমসকলে বছৰৰ শেষটো মাহত এই অনুষ্ঠান পালন কৰাৰ এক বিশেষ কাৰণ আছে। তাই আহোমসকলৰ বাবে এই বিষয়ত আছে উপৰি পুৰুষৰ আজ্ঞা। পূৰ্বে উল্লেখ কৰা দেও বুৰঞ্জীত এই আজ্ঞাৰ কথা লিপিবদ্ধ হৈ আছে। দক্ষিণ পূব এচিয়া তথা চীন দেশতে একেদিনাই পানী চটিওৱা উৎসৱ বা ৰঙালী বিহু পাতে।
তাই আহোমসকলৰ পৰম্পৰা মতে শিক্ষা-সংস্কৃতিৰ অধিষ্ঠাত্ৰী জাছিংফা। জাছিংফাই তাই আহোমসকলৰ আদি পুৰুষ খুনলুং আৰু খুনলাইক দিয়া নিৰ্দেশৰ গোলাপ চন্দ্ৰ বৰুৱাই কৰা আক্ষৰিক অনুবাদ এই ধৰণৰ—
“When the month of Dinha(Chaitra) comes and all sorts of flowers, the wild orchids and Shengpha(now known as Sinkara) begin to blow you must select a day and offer annual sacrifice to the gods and worship them(Ahom Buranji).’’
লেংদনেও বছৰৰ শেষত এবাৰ চোমদেও সযত্নে ৰখা পেৰাটো খুলিবলৈ আৰু বিধান অনুসৰি পূজা-পাতল কৰিবলৈ দিয়া নিৰ্দেশৰ কথা ওপৰত উল্লেখ কৰা হৈছে। চোমচেং পূজা, মে-দাম-মে-ফী আদি উৎসৱৰ মূল উৎস এয়েই।
ৰুছেংৰীঃ হুচৰি
লেংদন (ইন্দ্ৰ) আৰু জাচিংফাৰ(সৰস্বতী) আজ্ঞা খুনলুং-খুনলায়ে আখৰে আখৰে মানি চলিছিল বুলি বুৰঞ্জীয়ী কয়। অসমলৈ অহাৰ পিছতো ছ্যুকাফাই পূৰ্ব পুৰুষৰ বিধি-বিধান আন্তৰিকতাৰে মানিছিল। ছ্যুকাফাৰ পিছৰ ৰজাসকলেও বহু যুগলৈ এই পৰম্পৰা ৰক্ষা কৰি আহিছিল। পৰৱৰ্তীকালত হিন্দু ধৰ্মৰে প্ৰভাৱান্বিত হোৱাৰ ফলত তাই আহোমৰ এই অনুষ্ঠানবোৰৰ গুৰুত্ব কিছু হ্ৰাস পাইছিল যদিও আহোম সমাজৰ দেওধাই, মহন, বাইলুঙকে ধৰি কিছু ফৈদে পূৰ্বৰ ৰীতি-নীতি মানি থাকিল আৰু সেইবাবেই ওমফা পূজা, ৰিকখ্বন পূজা, মে-দাম-মে-ফী আদি অনুষ্ঠান আজিও পালিত হৈ আছে।
চুমফ্ৰাৰুঙছেংমুঙক চুমচেঙ বুলিও কোৱা হয় আৰু পৰৱৰ্তী কালত চুমদেও নামেৰেই জনাজাত হয়। চুমচেঙৰ পূজা চ’তৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়। এই পূজাত চুমচেঙক স্নান কৰোৱা হয় আৰু স্নান কৰোৱা পানীখিনি ৰাইজে গাত চতিয়াই লোৱাটো নিয়ম। এই পূজাত চুমচেঙৰ চাৰিওফালে ঘূৰি ঘূৰি নৃত্য-গীত কৰাটো অন্যতম নিয়ম আছিল। চুমচেঙৰ গুণ গৰিমা বৰ্ণনা কৰি গীত-পদ গাই গাই ঢোল মাদলীৰ চেৱে চেৱে নচা এই নৃত্যানুষ্ঠানক আহোম ভাষাত ৰুচেংৰি বোলা হয়। এই ৰুচেংৰি নৃত্যানুষ্ঠানেই পিছলৈ হুচৰি ৰূপত ৰূপান্তৰ ঘটে বুলি কৱাৰ নিশ্চয় যুক্তি আছে।
মন কৰিব লগীয়া কথা যে, ৰুচেংৰিত চুমচেঙ তথা সৃষ্টিকৰ্তা দেৱ –দেৱীৰ গুণানুকীৰ্তন কৰা হৈছিল আৰু ৰঙালী বিহুৰ হুচৰিতো সৰ্বপ্ৰথমে “প্ৰথমে প্ৰণামো আই সৰস্বতী, দ্বিতীয়ে প্ৰণামো হৰি”, “নামৰে কঠিয়া ব্ৰ্হ্মাই সৰজা” আদি দেৱদেৱী বন্দনামূলক গীত-পদ গোৱা হয়। ৰূপান্তৰৰ পৰশো বোধহয় ইয়াকেই কোৱা হয়।
ওপৰত উল্লেখ কৰা ৰুচেংৰিৰ উপৰিও ওমফা পূজা, দেও তোলা আদি পূজা-পাৰ্বণত ঢোল-মাদলীৰে নৃত্যগীত কৰা বিধান কিন্তু উজনিৰ আহোম সংস্কৃতিৰ চৰ্চা থকা অঞ্চলত আজিও আছে। অৱশ্যে এই কথা সত্য যে তাই আহোম সকলৰ শাসনাধিস্থ সকলে নিজৰ ভাষা-সংস্কৃতিৰ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব নিদি পৰিবৰ্তিত পৰিস্থিতিক স্বীকাৰ কৰি আৰু এখন বৰ অসম আৰু বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিছিল। সেই বাবেই পূৰ্বৰ ৰীতি-নীতি ত্যাগ নকৰি আহোম ভাষা-সংস্কৃতিৰ চৰ্চা কৰি থকা মহন, দেওধাই বাইলুং সকলৰ বাহিৰে আহোমৰ আনবোৰ ফৈদত তাঈ আহোম সংস্কৃতিৰ প্ৰকৃত নিদৰ্শন দেখা নাযায়। সেই বুলিয়ে তাই আহোমৰ উৎসৱত নৃত্যগীত নোহোৱা বুলি ক’ব নোৱাৰি। গতিকেই ক’ব পাৰি পৰিবৰ্তিত ৰূপত হুচৰি তথা বিহু নৃত্যগীতক জাতীয় উৎসৱৰ অংগৰ দৰে মৰ্যাদা দান কৰি ছ্যুকাফাৰ নাতি-পুতি সকলে ৰুচেংৰিকে ধৰি ৰাখিছিল। লাওচ,ম্যানমাৰ, ভিয়েটনাম, থাইলেণ্ডৰ তাঈ সকলেও হুচৰি গায়, ঘৰৰ মূৰে মূৰে গৃহস্থই শৰাই দিয়ে আৰু আশীৰ্বাদ লয়।
বিভিন্ন জনগোষ্ঠী আৰু ঢোল
স্বকীয়া বৈশিষ্ট্যপূৰ্ণ বিধি-বিধানৰ উৎসৱ-পাৰ্বন, নৃত্য-গীত, সাজ-পাৰ আদি পৰম্পৰাগত বৈশিষ্ট্যৰে সমৃদ্ধ অসমৰ সকলো জনগোষ্ঠীৰ মাজত ব্যৱহৃত একমাত্ৰ বাদ্যটো হৈছে ঢোল। কিন্তু মন কৰিবলগীয়া যে ঢোলৰ নিৰ্মাণ শৈলী তথা নিৰ্মাণৰ উপাদান, ঢোল বাদনৰ নীতি তথা কৌশল, ঢোল বাদনৰ চেও তথা লহৰি আৰু ঢোলৰ ব্যৱহাৰ সকলোৰে একে নহয়। আনকি বেলেগ বেলেগ জনগোষ্ঠীৰ ঢোলৰ শব্দও বেলেগ বেলেগ ধ্বনিৰ আৰু ঢোলৰ আকৃতি তথা আয়তনো বিভিন্ন।
অসমৰ জনজাতি সকলৰ ভিতৰত মিছিং সকলৰ মাজতেই বিহু নৃত্যৰ পয়োভৰ অধিক আৰু ঢোল মিছিং বিহুৰ অপৰিহাৰ্য অংগ। আদিতে মিছিং সকল বৰ্তমানৰ অৰুণাচলৰ বাসিন্দা আছিল আৰু ভৈয়ামলৈ নামি আহি বসবাস কৰিবলৈ লোৱাৰ পিছতহে মিছিংসকলে ঢোলৰ ব্যৱহাৰ কৰে বুলি অধ্যাপক নাহেন্দ্ৰ পাদুনে মন্তব্য কৰিছে। মিছিংসকলৰ পূৰ্ব পুৰুষ ৰূপে পৰিচিত অৰুণাচলৰ গালং আৰু মিঞংসকলৰ মাজত আজিও ঢোলৰ প্ৰচলন হোৱা নাই। সোনোৱালসকল অন্যতম প্ৰাচীন অধিবাসী আৰু বড়ো ভাষা গোষ্ঠীৰ অন্তৰ্ভুক্ত হিচাপে পৰিচিত। অজিকালি ৰঙালী বিহুৰ নৃত্যগীতৰ পয়োভৰ সোনোৱাল সকলৰ মাজতো হৈছে যদিও “হাইদাং হুচৰি” হে সোণোৱাল সকলৰ প্ৰাচীনতম পৰম্পৰাৰ বাহক। কিন্তু বিশেষভাৱে মন কৰিবলগীয়া যে, “হাইদাং হুচৰি”-ত ঢোল বজোৱা নহয়। বিহুৰ উদ্ভাৱক বড়ো-ভাষী গোষ্ঠী হোৱাহ’লে সোণোৱাল সকলৰ “হাইদাং হুচৰি”-তো নিশ্চয় ঢোলৰ ব্যৱহাৰ দেখা গ’লহেতেন।
দেউৰী সমাজত ঢোলৰ ব্যৱহাৰ আছে আৰু পৰম্পৰাগত পূজা তথা উৎসৱত ঢোল বাদনৰ বিধানো আছে। কিন্তু ঢোল বুলিলে যি আকৃতি আৰু আয়তনৰ বাদ্য বুজা যায় দেউৰীসকলে প্ৰাচীন কালত তেনে ধৰণৰ বাদ্য বজোৱা নাছিল। দেউৰীসকলৰ প্ৰাচীন কালৰ ঢোল কাঠৰ আৰু জন্তুৰ চামৰাৰ নাছিল, মেগেলা বা ঠৰঙা বনৰেহে বিশেষ ধৰণে সাজি লোৱা হৈছিল। “শালমৰা” নামৰ ঢোলৰ শব্দ ওলোৱা এই বাদ্যটি দেউৰী সমাজৰ কোনো কোনো বৃদ্ধলোকৰ ওচৰত আজিও আছে বুলি শুনা যায়। শাল মৰাৰ নিচিনাকৈ কুমলীয়া বাঁহৰ চুঙাৰেও এটি বাদ্য দেউৰী সমাজত অতীতত আছিল। ‘ঢোল তং’ নামৰ এই বাদ্যটি একালত দেউৰীসকলৰ উৎসৱ-পাৰ্বনত ব্যৱহাৰ কৰা হৈছিল।
কাৰ্বিসকল অসমৰ আদিতম অধিবাসী বুলি স্বীকৃত। কাৰ্বি আংলং পাহাৰৰ উপৰিও ভৈয়ামৰ বহুতো অঞ্চলত বসতি কৰা কাৰ্বিসকলৰ মাজত ঢোলৰ পৰম্পৰাগত ব্যৱহাৰ আছে। পাহাৰীয়া কাৰ্বিৰ সমাজত ৰঙালী বিহুৰ দৰে বহাগৰ উৎসৱ নাই। ভৈয়ামৰ কাৰ্বিসকলে বহাগত জহং উৎসৱ কৰে আৰু হুচৰিৰ দৰে ঘৰে ঘৰে নৃত্যগীতো কৰে। পাহাৰ আৰু ভৈয়ামৰ কাৰ্বি সমাজত ঢোলৰ ব্যৱহাৰ আছে। কিন্তু কাৰ্বিসকলৰ ঢোল নিৰ্মাণ শৈলী আৰু বাদন প্ৰথা তাঈ বিহুৰ ঢোলৰ দৰে নহয়। কাৰ্বিসকলৰ ছেং (ঢোল) ছাগলীৰ ছালৰ আৰু বজোৱা মাৰিডাল লিকলিকিয়া বাঁহৰ এচাৰিৰ দৰে। শিয়ালৰ ছালে নিৰ্মাণ কৰিব পাৰিলে কাৰ্বিসকলে গৌৰৱ অনুভৱ কৰে। বিহুৰ ঢোল কিন্তু গৰুৰ ছালৰ। গৰু ছালৰ ঢোল কাৰ্বিসমাজৰ বাবে নিষেধ। গৰুৰ ছালৰ ঢোল বিশ্বৰ অন্য তাই সকলেও বনাই। গৰু মাৰিলে ছাল চেলাই শুকুৱাই থোৱাটো যেন আহোমৰ উৎসৱহে। নামতো আছে—“গৰুৰ চালে চেলাবৰ ডবুৱা কটাৰী, পহু চেলাবলৈ মিত।”
বড়োসকলৰ মাজত প্ৰচলিত ঢোলৰ আকাৰ আৰু আয়তন বিহুৰ ঢোলতকৈ বহুত ডাঙৰ। ‘খাম’ নামৰ এই বাদ্য ঢোলৰ দৰে মাৰিৰে বজোৱা নহয়, কেৱল হাতেৰে বজায়। বড়ো ঢোলৰ চাপৰ আৰু চেও বহু ঢোলৰ চেওৰ দৰে নহয়। তিৱা সকলৰ বৰ ঢোলৰ “খ্ৰামবাৰ” আৰু পাতিঢোল “পিচুখ্ৰাম” কেৱল হাতেৰেহে বজায় ; ঢোলৰ মাৰিৰে নবজায়। ৰাভাসকলৰো ঢোল “ৰাভা ঢাক” বা “খামৰ” আকৃতি দীঘলীয়া গঢ়ৰ আৰু কেৱল হাতেৰেহে বজোৱা হয়।
ইয়াৰ পৰা দেখা যায় যে অসমৰ সকলো জনগোষ্ঠীয়ে ব্যৱহাৰ কৰিলেও ঢোলৰ নিৰ্মাণ শৈলী আৰু বাদন প্ৰথাৰ বিভিন্নতা আছে। ৰঙালী বিহুত বজোৱা ঢোলৰ দীঘ ১৮/২০ ইঞ্চি আৰু ব্যাস ১২/১৪ ইঞ্চি হ’ব লাগে। ঢোলটোৰ মাৰিৰে বজোৱা সোঁফালৰ অংশ গৰুৰ ছালৰ আৰু হাতেৰে বজোৱা বাওঁফালৰ অংশ ছাগলীৰ ছালেৰে নিৰ্মিত। কঁঠাল, চাম আৰু আম গছৰ মাজ অংশ কাটি তাৰ মাজৰ অংশ ফোঁফোলা কৰি এই ঢোল নিৰ্মাণ কৰা হয়। বসন্ত কালতে ঢোল নিৰ্মাণ কৰাটো পৰম্পৰাগত বিধান।
প্ৰসংগক্ৰমে ক’ব পাৰি ঢোল নিৰ্মাণৰ এই পৰম্পৰা আহোম সকলৰ মাজত আজিও আছে। পূৰ্বতে উল্লেখ কৰা হৈছে যে অসমত বিহুৰ ঢোলৰ দৰে ঢোলৰ ব্যৱহাৰ ম্যানমাৰ, থাইলেণ্ড আদি তাই-মংগোলীয়া সমাজত আজিও আছে। ব্ৰ্হ্মদেশ, শ্যামদেশত আজিও প্ৰচলন থকা ঢোলৰ গঢ় আৰু আকৃতি, বাঁহৰ মাৰিৰে বজোৱা বাদন শৈলীৰ লগত অসমৰ বহুৰ ঢোলৰ ইমান সাদৃশ্যৰ কাৰণ মূলতঃ ঐতিহ্য বুলি ধাৰণা কৰাৰ যুক্তি নিশ্চয় আছে। ম্যানমাৰ আদি দেশৰ তাঈ সকলৰ মাজত অৱশ্যে বৌদ্ধ ধৰ্মৰ ভিন্ন অনুস্থানত বজোৱা এমুৰে বজোৱা ভিন্নধৰণৰ ঢোলো আছে।
সংগীত সাস্ত্ৰত অনবদ্য বাদ্য বুলি বৰ্ণিত জন্তুৰ ছালেৰে নিৰ্মিত ঢোল জাতীয় বাদ্য পৃথিৱীৰ প্ৰায় সকলোতে আছে। কিন্তু বিহুৰ ঢোলৰ দৰে আকৃতি-আকাৰ আৰু বাদন শৈলীৰ ঢোল ব্ৰ্হ্মদেশ আৰু অসমত থকা কথাই কথাই কিহইৰ ইংগিত দিয়ে ? উল্লেখ কৰিব পাৰি ২৪ খন ঘাই ঢোলৰ হাতৰ চৰ্চা পৰম্পৰাগত ভাৱে কৰি অসমত ঢোলৰ চৰ্চা ৰক্ষা কৰা ঢুলীয়া ওজা সকলৰ বেছিভাগেই তাই আহোম সম্প্ৰদায়ৰ। বুলনি চেও, পানীতোলা চেও, বলিকটা চেও বজোৱা এই ঢুলীয়া ওজা সকল নিশ্চয় ছ্যুকাফাৰ দিনৰ সোধন ওজাৰে সাংস্কৃতিক নাতি-পুতি তথা উত্তৰাধিকাৰী।
বিহুৰ গীত-পদঃ কথা আৰু সুৰ
লক্ষ্য কৰিলে দেখা যায় যে ৰচনা শৈলী আৰু সুৰৰ ক্ষেত্ৰত পুৰণি দিনৰ বিহুৰ গীতপদৰ লগত আহোম ভাষাৰ পৰমপৰাগত গীত-পদৰ বিশেষ মিল আছে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে মংগোলীয় গোষ্ঠীৰ ভাষাত ৰচিত গদ্য আৰু পদ্য সাহিত্যৰ বৈশিষ্ট্য চুটি চুটি বাদ্য। চীন, জাপানৰ সাম্প্ৰতিক সাহিত্যতো এউ বৈশিষ্ট্যটো বিদ্যমান। সেইবাবেও মংগোলীয় গোষ্ঠীভুক্ত আহোম ভাষাৰ সাহিত্যৰ বাক্যও চুটি চুটি। আহোম ভাষাৰ ৰচনা শৈলীৰ আর্হিৰে আহোম যুগত ৰচিত অসমীয়া ভাষাৰ বুৰঞ্জীবোৰৰো বাক্য সেই কাৰণেই চুটি চুটি।
পুৰণি যুগৰ বিহুৰ গীত-পদবোৰ চুটি চুটি বাক্যত ৰচিত। সাধাৰণতে এফাঁকি পদত দুটাহে বাক্য থাকে—সিও চুটি চুটি। এয়া নিশ্চয় তাই আহোম ভাষাৰ গীত-পদৰে পৰিবৰ্তিত ৰূপ। তলৰ বিহুগীত কেইফাকিয়েই ইয়াৰ নিদৰ্শন—
“হোৰাই লৈ সৰগৰ তৰা
চাই থাক ঐ নিলগৰ পৰা।”
“লাহে লাহে ঐ
বিহু কোন ঢালে আহে।”
“বাঁহপাত ঐ বিচন দৈ ঐ
চিকন সৰিয়হৰ তেলে ঐ”
“চ’ত গ’ল
বহাগত জীয়ৰী মুকলি হ’ল।”
এই গীত-পদবোৰৰ সুৰৰ লগত আহোম ভাষাৰ পৰম্পৰাগত গীত-পদৰ সুৰৰ অদ্ভুত মিল আছে। অসমীয়া ভাষা নজনা শ্ৰুতাই কোনটো বিহুগীত কোনোটো আহোম ভাষাৰ গীত সতকাই ধৰাই টান। এই সম্পৰ্কে সুধীসমাজৰ আলোচনা আৰু বিচাৰৰ বাবে আজিও ঠায়ে ঠায়ে তাঈ আহোম সকলে হুচৰিত গোৱা তাঈ আহোম ভাষাৰ পৰমপৰাগত গীত-পদ দুফাকি মান উল্লেখ কৰা হ’ল—
লাতখাম(ঘোষা)
ছেং কেঞ ঐ ছেংফী ঐ
ৰুপি, লাপি মাথেং চাম ঐ।
চাওফা ঐ ছ্যুকাফা ঐ
মুংদুন চুনখাম লেতিমা কই ঐ।
ফুৰা লুং ঐ ফাতু ছেং ঐ
খ্ৰুপতাং বই মঔ চাও কাও ঐ।
প্ৰসংগক্ৰমে উল্লেখ কৰিব খোজো যে মংগোলীয় গোষ্ঠীৰ ভাষা বিলাক সুৰীয়া ভাষা (Tonal language) আৰু তাঈ ভাষাত সুৰৰ প্ৰাধান্য অলপ বেছি। তাঈ আহোমৰ পূজা পাতলৰ মন্ত্ৰবোৰ সুৰত গোৱা হয়। আনকি তাই আহোম ভাষাৰ বৰ্ণমালাও সুৰতেই পাঠ কৰা হয়।
বিহুত গৰু আৰু ম’হ
দেও বুৰঞ্জীৰ বিধান আৰু দিন বুৰঞ্জীৰ বৰ্ণনাৰ মতে গৰু আৰু ম’হ দুয়োবিধ পোহনীয়া জন্তুৱেই তাঈ আহোম সমাজৰ বাবে সমানেই প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ। পুৰণি কালত কেবাটাও পূজাত গৰু আৰু ম’হ বলি দিয়াৰ নিয়ম আছিল। আজিও ওমফা পূজাত এই নিয়মেৰে বলি দিয়াৰ নিয়ম আছে। কৃষিজীৱি আহোম সকলে দ’ চানেকীয়া মাটিত গৰুৰ হাল বাই মাটি চহাই আহিছে। ম’হৰ কল্যাণৰ বাবে হাঁহৰ মাংসৰে ভকতক “চাউল খোওৱা’’ আৰু গৰুৰ কল্যাণৰ বাবে গৰখীয়া ল’ৰাক বিশিষ্ট ভকত হিচাপে নিমন্ত্ৰণ কৰি “গৰখীয়া সবাহ” পতাটো আহোম সকলৰ এক অন্যতম পৰম্পৰাগত প্ৰথা। দেও বুৰঞ্জীৰ দিনৰ পৰা ম’হ পালন কৰা, ম’হৰ হাল বাই খেতি কৰা আৰু ম’হ বলি দি পূজা পাৰ্বন কৰি অহা তাঈ আহোমসকলৰ হাততেই ম’হৰ শিঙৰ পেঁপাটোৰো জন্ম বুলি ধাৰণা কৰা নিশ্চয় ভূল নহ’ব। ম’হ যখ বোলা এজন দেৱতাৰ পৰম্পৰাগত পূজা এই প্ৰসংগতে উল্লেখ কৰিব পাৰি। তদুপৰি ম’হ, গৰু, কুকুৰা, হাঁহ তাঈ আহোমসকলৰ ভালেমান পূজাৰ উপাচাৰ। পূজাত বলি দিয়া এই প্ৰাণী কেইবিধ পবিত্ৰ সম্পদ হিচাপেই এই সমাজত যুগে যুগে পৰিগণিত। গতিকেই গৰু ছালৰ দ্বাৰা নিৰ্মিত বহু ঢোলৰ এক সুকীয়া বৈশিষ্ট্য আছে, কিয়নো আনবোৰ আনদ্ধ বাদ্য আন আন জনগোষ্ঠীৰ ঢোলৰ বাবে গৰুৰ ছাল গ্ৰহণীয় নহয়। বিহুৰ দিনা চীনদেশৰ বহু ঠাইত গৰুকো মানুহৰ লগতে গা-ধুৱাই পূজা কৰে।
চ’তৰ বিহুঃ জীয়াৰী বিহুঃ ৰাতি বিহু
প্ৰায় এশবছৰৰ আগতে অসমত ডেকা-গাভৰুৱে একেলগে মুকলি পথাৰত বিহু মাৰিছিল বুলি জনা যায়। গাঁৱৰ মাজত গঞা-জ্ঞাতিৰ ঘৰৰ চোতালত গোৱা হুচৰিৰ শৃংখলাবদ্ধতাৰ মাজত পৰিতৃপ্ত হ’ব নোৱাৰি ডেকাবোৰে কেতিয়াবা মুকলিভাৱে নৃত্য-গীত কৰিবলৈনিলগৰ পথাৰলৈ গৈছিল আৰু পথাৰৰ মাজৰ পৰা ভাঁহি অহা ঢোলৰ চাপৰ, পেপাঁৰ সুৰে ঢেকীশালত চিৰা খুন্দি থকা তাহানিৰ গাভৰুসকলৰ মনপ্ৰাণ নচুৱাইছিল আৰু তেওঁলোকে ঘৰত কব নোৱাৰাকৈ মনে মনে এপাক নাচি আহিছিলগৈ।
নহ’লে জীয়াৰী বিহুৰ দৰে সুকীয়া নৃত্যানুষ্ঠান্ৰ সৃষ্টিৰ উৎস বা যুক্তি ক’ত? উজনি অসমৰ তাঈ আহোমৰ বসতি প্ৰধান বহুতো অঞ্চলত আজিও গাভৰুসকলৰ একান্ত আছুতীয়া জীয়াৰী বিহু বা জেং বিহু দেখা যায়। কেৱল বাঁহৰ টকা আৰু গগণাহে ব্যৱহাৰ কৰা গাভৰুহঁতৰ এই বিহুৰো চোক কিন্তু কম নহয়। “চ’ত গ’ল বহাগত জীয়াৰী মুকলি হ’ল”, “হাতৰে চাপৰি আহক যেনে কৰি, ভৰিৰ গিৰিপনি মাৰা হেৰা লগৰীয়া” আদি জীয়াৰী বিহুৰ গীত-পদো তাঈ মংগোলীয় ৰচনা শৈলীৰ দৰে চুটি চুটি। কম শব্দৰ।
জীয়াৰী বিহুৰ সম্পৰ্কত তাঈ আহোম সমাজত প্ৰচলিত এটি কিম্বদন্তিৰ উল্লেখ হ’ব পাৰে। সৃষ্টিকৰ্তা ব্ৰ্হ্মাৰ জীয়েক কলিমতী আছিল “নাৱৰ টিঙত উভতি নাচোতী। কাটিবলৈ নিয়াক উভতাই আনোতী। সাগৰ ভাঙি নগৰ কৰা। নগৰ ভাঙি সাগৰ কৰা” ক্ষমতাৰ অধিকাৰিণী। কলিমতীয়ে বাই-ভনী সকলৰ সৈতে মুকলি ভাৱে নৃত্যগীত কৰিছিল। এই কিম্বদন্তিৰ মতেই ঢোলৰ স্ৰষ্টাও ফ্ৰি ফ্ৰেং : চামৰু অৰ্থাৎ বৰ যখ। আজিৰ জীয়াৰী বিহুত কলিমতীৰ নৃত্যৰ ছন্দ শুনা যায়।
তাঈ আহোমৰ পৰম্পৰা অনুসৰিও সাত বিহুৰ সপ্তম অৰ্থাৎ শেষৰ দিনটোক মাইকী বিহু বোলা হয়। সাত বিহুৰ পৰাহে জীয়াৰী বিহু আৰম্ভ হয়। থাইলেণ্ড, চীনতো ছোৱালীয়ে বিহু গাই ডেকাৰ লগত প্ৰতিযোগিতা কৰে।
লক্ষ্মী আই সুন্দৰী মৰাণৰ জীয়াৰী
এই প্ৰসংগতে আহোমসকলে ছ্যুকাফাৰ নেতৃত্বত অসমত প্ৰবেশ কৰিয়েই লগ পোৱা বৰাহী, মৰাণসকলৰ বিহুৰ বিষয়েও আলচ কৰা যুগুত হ’ব। আহোমসকলৰ আগমনৰ আগৰে পৰাই অসমত বসতি কৰি থকা মৰাণ আৰু বৰাহীসকল বড়োভাষী গোষ্ঠীৰ লোক হিচাপে পৰিচিত। ছ্যুকাফাই অসমৰ এই প্ৰাচীন অধিবাসীসকলক যুদ্ধত পৰাজয় কৰে আৰু পিছত মিত্ৰতাৰ ডোলেৰে বান্ধি আপোন কৰি লয় বুলি গেইটৰ বুৰঞ্জীত লিখা আছে —
“The neighbouring country was at this time the possession of the Morans, whose king was named Bodoucha and of the Borahisa who were then ruled by Thakumtha. The Moran still survive as a separate tribe. Many now profess to be Ahoms and they adopted many Ahom rites and customs; their language however is unmistakably Bodo. Sukapha taught with and defeated these tribes in turn, after which he wisely adopted conciliatory measures and by treating them as equals and encouraging intermarriage.’’
মৰাণসকলে ঝুমখেতি কৰিছিল আৰু কিছু দিনৰ আগলৈকে কিছু মৰাণ কৃষকে এই পদ্ধতিৰে খেতি কৰি আছিল বুলি জনা যায়। লোক সাহিত্য সমাজৰ অলিখিত বুৰঞ্জী বাবেই হয়তো তাঈ আহোম সমাজত পৰম্পৰাগতভাৱে পালিত হৈ অহা লখিমী আদৰা উছবৰ মালিতা জাতীয় গীতৰ আৰম্ভণিতে মৰাণসকলৰ ঝুমখেতি আৰু মৰাণসকলৰ লগত আহোমসকলে গঢ়ি তোলা মৈত্ৰীৰ সম্পৰ্কৰ আভাষ পোৱা যায়।
লক্ষ্মী আই সুন্দৰী মৰাণৰ জীয়াৰী
খোৰা হোচোংগৰে জী
থিয় পৰেবতত আছিলা লক্ষ্মী আই
কচলু কোমোৰা খাই,
আমাৰে ৰজালৈ আহিলা লক্ষ্মী আই
কলে পিঠাগুৰি পাই।
তাঈ আহোমৰ সৈতে বৈবাহিক সম্বন্ধকে ধৰি অন্যান্য আদান প্ৰদান ঘটিলেও আৰু পিছৰ কালত মোৱামৰীয়া গোঁসাইৰ শিষ্যত্ব গ্ৰহণ কৰিলেও মৰাণসকলে নিজস্ব পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্য একেবআৰে বিসৰ্জন দিয়া নাছিল। ইয়াৰ নিদৰ্শন মৰানসকলে পালন কৰা বহাগৰ বিহু। আজিও মৰাণ সমাজত তিনি দিনীয়া কাৰ্যসূচীৰে বহাগৰ বিহু পাতে। কিন্তু বহাগৰ প্ৰথম দিন যোৱাৰ পিছত কোনোবা এটা মংগলবাৰে মৰাণ সকলে বিহু উৎসৱ আৰম্ভ কৰে আৰু তিনি দিনৰ অন্তত বৃহস্পতিবাৰে অন্ত পেলায়। ইয়াৰ বাবে আকৌ গাঁৱৰ মাজত এটা অস্থায়ী ঘৰো সাজি ল’ব লাগে। তাৰ পিছতহে ঘৰে ঘৰে গৈ হুচৰি গায়। হুচৰিৰ গীত-পদত তাঈ-মংগোলীয় ৰচনা শৈলীহে দেখা যায়—
“হুচৰি ঐ চ’ত, বিচতি ঐ চ’ত
বুধ বৃহস্পতি, মংগলে উৰুকা
বিহু গৈ আছিলি ক’ত?
বহাগ বহুয়েই মৰাণ সকলৰ সকলৰ প্ৰধান উৎসৱ। মৰাণসকলে চ’তৰ সংক্ৰান্তি আৰু প্ৰথম বহাগৰ পৰা বহাগৰ বিহু পালন নকৰাৰ কেইবাটাও কাৰণ আছে বুলি শুনা যায়। শ্ৰীৰাম কুমাৰ দহোতীয়াৰ মতে প্ৰথম বিহুৰ দিনাই আহোমসকলে হুচৰি গোৱাৰ চলেৰে ৰাঘৱ মৰাণক হত্যা কৰাৰ বাবেই তেতিয়াৰ পৰা আহোম ৰজাই পতা সময়ত বিহু নাপাতিবলৈ মৰাণসকলে প্ৰতিজ্ঞা কৰে।
আৰু এটা কথাই এই ধাৰণাত সহায় কৰে। সেইয়া হ’ল-- মৰাণসকলৰ মাজত মাঘৰ বিহু উৎসৱ হিচাপে স্বীকৃত নহয়। শ্ৰীদহোতীয়াৰ ভাষাত – “মৰাণসকলে মাঘ বিহু উৎসৱো জাক জমকতাৰে পালন নকৰি মাত্ৰ আলু আদি পুৰি খায়েই বিহু শেষ কৰে। কাতি বিহু প্ৰায় নাপাতে বুলিলেও বঢ়াই কোৱা নহয়।” ঝুমখেতিৰে জীৱন নিৰ্বাহ কৰা মৰাণসকোলে পানীখেতিৰ লগত পৰিচিত হোৱা নাছিল বাবেই হয়তো পানীখেতিৰ লগতহে জড়িত মাঘবিহু আৰু কাতি বিহুক উৎসৱ হিচাপে গ্ৰহণ কৰিব নোৱাৰিলে। আনফালে ঢোল-পেঁপাৰ সুৰে মতলীয়া কৰা বহাগ বিহুৰ প্ৰচণ্ড প্ৰভাৱক হয়তো মৰাণসকলে আদৰি নলৈ থাকিব নোৱাৰিলে।
কনফুচিয়াচ আৰু বিহুৰ অনুষ্ঠান
আগতেই উল্লেখ কৰি অহা হৈছে যে বহাগৰ বিহুত নৃত্য-গীত অপৰিহাৰ্য নহয়। কিন্তু উপৰিপুৰুষ তথা মৃতকৰ তৰ্পন অপৰিহাৰ্য। তাঈ আহোমসকলৰ বাহিৰেও অসমৰ সকলো পুৰণি জন-গোষ্ঠীৰ মাজত বহাগৰ বিহুত পৰম্পৰাগত বিধানেৰে মৃতকক তৰ্পণ জনোৱাটো এৰাব নোৱাৰা নিয়ম। এই নিয়ম পালন নকৰিলে অপায় অমংগল ঘটে বুলি গভীৰ জনবিশ্বাস প্ৰচলিত। গাঁৱৰ কাৰোবাৰ মৃত্যু হলে, গাঁৱত বসন্তৰ দৰে ৰোগে দেখা দিলে বা তেনে ধৰণৰ বিশেষ কাৰণত বহাগৰ ৰং-ৰহইচ নৃত্য-গীত সেই বছৰৰ বাবে বন্ধ কৰাও অন্যতম পৰম্পৰাগত সামাজিক নীতি। কিন্তু সামান্যভাৱে হলেও তৰ্পন অনুষ্ঠান পালিবই লাগে।
এই বিষয়ত বিশ্ববৰেণ্য দাৰ্শনিক কনফুচিয়াচৰ দৰ্শন আৰু মতবাদৰ কথা আহিব পাৰে। চীনদেশৰ বৰ্তমান চানতু প্ৰদেশত খৃঃপূঃ ৫৫১ চনতে কুংফুং-ৎজে-কুং নামেৰে জন্ম হোৱা আৰু পিছলৈ কনফুচিয়াচ নামেৰে জনাজাত হোৱা এইগৰাকী পণ্ডিতে উপৰি পুৰুষৰ পৰা চলি অহা ৰীতি-নীতিবোৰৰ মাজত সভ্যতা আৰু জ্ঞানৰ চানেকি আছে বুলি মত পোষণ কৰিছিল আৰু সেই ৰীতি-নীতিবোৰ মানি চলিবলৈ উপদেশ দিছিল। তাঈ জাতি আৰু তাঈসংস্কৃতিক অপৰিসীম প্ৰভাৱ পেলোৱা কনফুচিয়াচৰ আজীৱন জ্ঞান সাধনাৰ ফলশ্ৰুতি পাঁচখন গ্ৰন্থক “মহান তাঈ জাতিৰ পুৰণি নথি-পত্ৰ” (Collection of the ancient records of the great Tais) বোলা হয়। কনফুচিয়াচৰ সেই বাণী ম্যুংৰিম্যুংৰাম, য়ুন্নান, ম্যুংকং আদি গছকি অহা তাঈ আহোম সকলে লগত লৈ আহিছিল নেকি বাৰু?
পৰিশেষত ক’ব খোজো যে কোনো জনগোষ্ঠীয়ে ব্যৱহাৰ নকৰা আৰু বাঁহৰ মাৰিৰে বজোৱা গৰুৰ ছালৰ ঢোলৰ চেওঁ, ম’হৰ শিঙৰ পেঁপাৰ লহৰ, তাঈ-মংগোলীয় সাহিত্যিৰ ৰচনা শৈলীৰ চুটি চুটি পংক্তিৰ পুৰণি দিনৰ গীত-পদৰ সুৰে সুৰে নাচি-বাগি-গাই কৰা বিহুৰ নৃত্য-গীতৰ অনুষ্ঠান আৰু মৃতকৰ প্ৰতি জনোৱা তৰ্পন অনুষ্ঠান অবিচ্ছেদ্য অংগ হৈ থকা আজিৰ বহাগ বিহু আৰু হুচৰিৰ মূল উৎসৱ পুৰণি দিনৰ ৰীতি-নীতি মানি ছিংকৰা ফুল ফুলা চ’তৰ শেষত চুমচেঙৰ চাৰিও ফালে ঘূৰি ঘূৰি নাচি পালন কৰা ৰুচেংৰি নামৰ অনুষ্ঠানেই বুলি ধাৰণা কৰাৰ থল নিশ্চয় আছে। সময়ৰ পৰিবৰ্তনত হয়তো মূল ৰূপটোৰ ৰূপান্তৰ ঘটিছে আৰু ৰূপান্তৰ নঘটাহে অস্বাভাৱিক। তাহানি “মানদেশত আছিল মান তৰা এযুৰি” আদি পুৰণি গীত-পদে ম্যানমাৰ, থাইলেণ্ডত হুবহু বিহুৰ গীত, নৃত্য, ঢোলৰ ব্যৱহাৰ আজিও থকাৰ কথাই এই ধাৰণা অধিক গভীৰ কৰি তোলে যে অসমত বিহুৰ উদ্ভাৱক আহোমসকল।