আহোম ৰাজশক্তিৰ প্ৰতীক - এক বিশ্লেষণ ✍ চাও টুপিধৰ চাংমাই, নামৰুপ

তাই আহোমসকলৰ সভা সমিতি , পূজা পাতল, অনুষ্ঠান প্ৰতিষ্ঠান সমূহত সকলোতে এটি প্ৰতীক বা এক প্ৰতীক যুক্ত প্ৰতীক থাকে ৷ এই প্ৰতীকটোৱে হ'ল তাই আহোমৰ জাতীয় প্ৰতীক ৷ এই উৰণীয়া ঘোঁৰাৰ প্ৰতীকটোৱে তাই আহোমৰ জাতীয় প্ৰতীক ৰুপে সকলো আহোমৰ সংগঠনে ব্যৱহাৰ কৰি আহিছে ৷ এই প্ৰতীকটোতে আহোম জাতিৰ পৰিচয়, জাতিৰ লক্ষ্য-উদেশ্য, বীৰত্ব, শৌৰ্য্য ইত্যাদি সকলো প্ৰতীকৰুপে প্ৰকাশ ঘটাই ৷ 
অতি প্ৰাচীন কালৰ পৰাই তাই জাতিৰ লোকসকলে প্ৰকৃতিৰ সকলো প্ৰাণীৰ লগত নিবিড় সম্পৰ্ক ৰাখি সেই প্ৰাণী বা জীৱ-জন্তু বিলাকৰ গুণ-সাহস, বুদ্ধি-বল নিৰীক্ষণ কৰি নিজৰ জাতিগত লক্ষণত গঢ় দিছিল ৷ তাই মংগোলীয় জাতিবিলাকৰ মাজত পাঁচোটা প্ৰাণীৰ সংমিশ্ৰণত মূৰ্তি সাজি উপাসনা বা ব্যৱহাৰ হৈছিল ৷ তাই আহোম সকলেও অতীজৰ পৰাই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ মহাশক্তিৰ উৎসৰ পৰাই সকলো জীৱই মুক্তি পাই বা উৎপত্তি হয় বুলি ধৰ্মীয় বিশ্বাস কৰে ৷ পৰম সত্তাৰ পাঁচটা মূল শক্তি বিকাশ ঘটিয়েই " ঙাও ছেং বং ফ্ৰা " পঞ্চশক্তিৰ মূল সৃষ্টি ৷ সেয়েহে এই পঞ্চশক্তিৰ মূল " ঙাও ছেং ব্ৰং ফা " ক তাই আহোমসকলে জাতীয় প্ৰতীক হিচাপে গ্ৰহণ কৰিছে ৷ দেখাত উৰণীয়া ঘোঁৰাৰ দৰে প্ৰতীকটো জীৱৰ গুণগত আদৰ্শৰে অংকিত কৰা হৈছে ৷ প্ৰতীকটোৰ নামো পাঁচটা ৰখা হৈছে—
১৷ ঙাও ছেং ব্ৰং ফা
২৷ ঙাও ছেং পূত ফা
৩৷ ঙাও ছেং বং খাম ফি
৪৷ ঙাও ছেং খাম কি
৫৷ ঙি ঙাও খাম
প্ৰতীকটোত লোৱা পাঁচটা প্ৰাণী হ'ল— সিংহ( ছেং লুং) , কুকুৰা ( কাই ছেং) সাপ ( ঙু) , কাছ ( তয় তাও) আৰু ঘোঁৰা ( মা তাও) ড্ৰেগ্ৰন ৷
ঘোৰা আৰু ড্ৰেগন একে স্বভাৱৰ বা একে জাতীয় প্ৰাণী হোৱা বাবে এই দুয়োটা প্ৰাণীক একে প্ৰতীক হিচাপে ধৰা হৈছে ৷ এই পাঁচোটা প্ৰাণীয়ে সুকীয়া সুকীয়া গুণগত আদৰ্শ সূচাই আৰু সেই আদৰ্শই পঞ্চ শক্তিৰ গুণ আদৰ্শ জাতিটোৰ জাতীয় প্ৰতীক ৰুপে প্ৰকাশ ঘটায় ৷
১৷ সিংহ( ছেং লুং) : এই জীৱৰ পৰা তীক্ষ্ন দৃষ্টি, গম্ভীৰ মাত, উচ্চ বীৰ্য শক্তিৰ বাহক আৰু শান্তি প্ৰিয় আৰ্দশ লোৱা হয় ৷
২৷ কুকুৰা ( কাই ছেং) : এই প্ৰাণীৰ পৰা ডেউকাৰে উৰন্ত ক্ষমতা, পোৱালী সাৱটি লোৱা পুত্ৰবৎ আদৰ্শ, ঠেঙৰ আঁচুৰা শক্তিৰ পৰা কৰ্ম পটুতা, মূৰৰ লাওখোলাৰ পৰা গণনাৰ জ্ঞান বিদ্যা, জঁ টোৰ পৰা উজ্বল কীৰিটি আৰ্দশ লোৱা হয় ৷
৩৷ সাপ ( ঙু) : এই জীৱৰ পৰা জলে স্থলে বিচৰণ কৰিব পৰা মহান শক্তি, ক্ৰোধী আৰু প্ৰতিশোধ পৰায়ণ, লেলিহান ৰক্তবৰ্ণৰ জিভাৰ পৰা প্ৰলয়, ব্ৰজ, বিজুলী আদৰি পৰা আত্মৰক্ষা প্ৰকৃতিৰ জ্ঞান লাভৰ আদৰ্শ লোৱা ৷
৪৷ কাছ ( তয় তাও) : এই প্ৰাণীৰ শৰীৰ গঠনৰ জীৱন্ত শক্তিৰ আদৰ্শ, গভীৰ অন্তৰ আৰু দীৰ্ঘায়ু শক্তি বৃদ্ধিৰ আৰ্দশ লোৱা হয় ৷
৫৷ ঘোঁৰা ( মা তাও) : এই জীৱৰ পৰা তীব্ৰ গতিশক্তি, প্ৰভুভক্তিৰ জ্ঞান, নেজৰ পৰা লিপি সৃষ্টিৰ জ্ঞান, নেজৰ আঠটা বিন্দুৰ পৰা সৌৰমণ্ডলৰ নক্ষত্ৰ জ্ঞাৱ আৰু আঠলক্ষ দেৱ শক্তিৰ জ্ঞানৰ আদৰ্শ লোৱা হয় ৷
এই পাঁচটা জীৱৰ সংমিশ্ৰণ প্ৰতীকটো পাঁচটা ৰঙেৰে অংকিত কৰা হয় - বগা( ফৗক) , ৰঙা ( দেং) , ক'লা ( ডাম) , হালধীয়া ( লিং) আৰু সেউজীয়া ( খেউ) ৷
এই ৰঙ কেইটাৰ প্ৰতিটোৱে বেলেগ বেলেগ অৰ্থ সূচাই ৷
১৷ বগা: শুদ্ধ প্ৰৱিত্ৰতাৰ সূচায়
২৷ ৰঙা: জীৱন্ত, জাগ্ৰত আৰু প্ৰাণশক্তিক বুজায়
৩৷ ক'লা: ত্যাগ, ধৈৰ্য আৰু সমন্বয়ক বুজায় ৷
৪৷ হালধীযা: শান্তি আৰু মৈত্ৰীক বুজাই ৷
৫৷ সেউজীয়া: জীয়াই থকাৰ বাবে শান্তি আৰু সমতা প্ৰতিষ্ঠাক বুজাই ৷
পঞ্চ জীৱৰ প্ৰতীকটো গঠন : প্ৰতীকটো দেখাত উৰণীয়া ঘোঁৰাৰ দৰে ৷ প্ৰতীকটোৰ সোঁফালে দাঙি ৰখা ঠেংটো সিংহৰ, বাওঁফালৰ তিনিনখ যুক্ত ঠেং টো চৰাইৰ ৷ পাছৰ সোঁফালৰ ঠেং কাছৰ আৰু বাওঁফালৰ ঠেং টো খুৰা যুক্ত ৷ নেজডাল সাপৰ দৰে দিগন্ত বিয়পা, মূৰৰ ওপৰত কাইছেঙৰ জঁটোৰ দৰে উজ্বল কিৰীটি, গাত দুখন ডেউকা, গলত সিংহৰ দৰে উজ্বল কেশৰ, ৰক্তবৰ্ণ চকু, দাঁত মুখৰ গঢ় আধা সিংহ আৰু আধা ড্ৰেগনৰ দৰে ৷ ডেগ্ৰনৰ ৰক্তবৰ্ণ লেলিহান জিভা, মুখমণ্ডলত সিংহৰ কেশৰ, গাটো ড্ৰেগন আৰু সাপৰ দৰে মিহি বাকলিযুক্ত গাটোৰ গঠন ঘোঁৰাসজীয়া, নেজৰ প্ৰথম অংশ পোন হৈ ক্ৰমে সাত পাকৰ পিছত ঘুৰণীয়া পাক হয় ৷ মাজৰ এটা বিন্দু হৈ ক্ৰমে সাতটা বিন্দু নেজডালত থাকিব লাগে ৷
পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ পতাকাৰ মাজৰ প্ৰতীকটো: যোৰীয়া ৰেখাৰ এটা সম অষ্টভূজ ক্ষেত্ৰৰ অন্তগৰ্ত যোৰীয়া ৰেখাবৃত্তৰ মাজত বাওঁফালে মুখ কৰি থকা ঙাও ছেং বঙ ফা প্ৰতীকক ৰঙা ৰঙেৰে অংকিত কৰা হয় ৷ অষ্টভূজ বাৰু বৃত্তৰ মাজত ওপৰৰ অংশত তাই লিপিৰ্ " বান অক পাপ লিক মৗং তাই " আৰু তলৰ অংশ অসমীয়া লিপিৰে " পূৰ্বাঞ্চল তাই সাহিত্য সভা " আৰু ইংৰাজীৰে " BAN OF PUP LIK MUONG TAI " লিখা থাকিব ৷ ২:৩ অনুপাতৰ মাখন ৰঙাৰ আয়তক্ষেত্ৰকাৰ কাপোৰৰ মাজত প্ৰতীক অঁকা থাকিব ৷ যোৰীয়া ৰেখাৰ ৰং হ'ব সেউজীয়া আৰু ঙাও ছেং বং ফাৰ ৰং হ'ব সেউজীয়া ৷