বিষাদৰ এটি গান ✍ চাও মানৱজ্যোতি গগৈ, চে ৰায় দয়

কোনো ঔষধেই নাছিল মোৰ 
প্ৰলেপ দিবলৈ 
হৃদয়ৰ দগমগীয়া কেঁচা ঘা ৷
তোমাৰ অকৃপণ হাতেৰে
ঠেলি দিছিলা অন্ধকাৰৰ
অটল গৰ্ভলৈ ৷
যাদুৰ দণ্ড লৈ আকাশৰ পৰা
ধীৰে ধীৰে নামিছিল এজনী পৰী
শান্ত সমাহিত ৷
জীপাল হৈ উঠিছিল মন ফুলনি
ফুলিছিল এটি কলী
বতাহত হালি জালি,
ক্ৰমশঃ বুকুৰ মাজত ৰৈ ৰৈ বাজিছিল
এটি মিঠা সুহুৰি ৷