বিস্মৃতিৰ পৰা বিস্মৃতিলৈ ✍ গোমধৰ আৰু সংগীবৃন্দ বিপুল কুমাৰ বৰুৱা

‘দা ডিচকভাৰী অৱ ইণ্ডিয়া’ গ্ৰন্থৰ এঠাইত পণ্ডিত জৱাহৰলাল নেহৰুৱে কৈছে- ‘অতীতৰ প্ৰতি অন্ধ অনুৰাগ থকাটো বেয়া। তেনেকৈ ঘৃণাভৱ থকাটো বেয়া’। এটাৰ ওপৰতো ভৱিষ্যতৰ ভেটি বান্ধিব নোৱাৰি। বৰ্তমান আৰু ভৱিষ্যতে অনিবাৰ্য ভাবেই গঢ় লয় অতীতৰপৰা আৰু সিহঁতৰ ওপৰত অতীতে ছাপ বহুৱায়। এই কথা পাহৰিলে ভেটি নোহোৱাকৈয়ে নিৰ্মাণকাৰ্য কৰা হব আৰু জাতীয় শিপাডাল কাটি দিয়াহে হব’। অন্ধ অনুৰাগ আৰু ঘৃণা দপয়োকে পাৰিহাৰ কৰি অতীতৰ সঁচা আৰু উপাদেয় ছবি উদ্ধাৰ কৰিবলৈ আমি বুৰঞ্জী বুৰ মাৰিব লাগিব । কিন্ত ইতিহাসবিদ পিটাৰ গিয়েল কৈছে- “একনিষ্ঠ সেৱকৰ কঠোৰ পৰিশ্ৰমৰ বিনিময়তো ইতিহাসৰ অধিষ্ঠাত্ৰী দেৱী ক্লিয়োই সত্যৰ ক্ষীণ অবাহে প্ৰদৰ্শন কৰে, তেওঁ তেওঁৰ অমূল্য সম্পদৰাজিক একোপধ্যে হস্তান্তৰ কৰিব নোখোজে। হ'লেও কঠোৰ অনুশাসনৰ মাজেৰে আগবাঢ়িলে প্ৰকৃত সত্যক চুবগৈ নোৱাৰিলেও তাৰ ওচৰ চাপিব অন্ততঃ পৰা যায় ছাগৈ। ইতিহাস ৰচনাৰ ক্ষেত্ৰত গ্ৰীক-ৰোমীয় সকলৰ তুলনাত প্ৰাচীন ভাৰতক পিছপৰা বোলা হৈছে, কিন্ত বৰ অসমৰ আহোম যুগৰ বুৰঞ্জী সাহিত্যক যে ভাৰতীয় ইতিহাসৰ অমূল্য সম্পদ তাত কাৰো দ্বিমত লাই। পূৰ্বোত্তৰ ভাৰতত খৃষ্ট্ৰীয় ত্ৰয়োদশ শতিকাৰ আৰম্ভণিতে আহোম যুগৰ সূৰ্যোদয় হৈ, বক্ষ্মদেশৰ মানৰ আক্ৰমণ আৰু তাৰেই আলাম লৈ নিমন্ত্ৰিত হোৱা বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতাৰণাত তাৰ সূৰ্যাস্তও হয়। এই কালসন্ধ্যাতে শুকতৰাৰ দৰে জিলিকি উঠে স্বাধীনচিতীয়া উদ্যমী উনৈশ বছৰীয়া ৰাজকোঁৱৰ গোমধৰ, তেওঁৰ কাষে কাষে তিৰবিৰালেহি হেজাৰ স্বাধীনতাপিয়াসী দহাঁ কোঁৱৰ ফুকন, ধনঞ্জয় বৰগোহাঁই, পিয়লি ফুকন, ধৰ্মধৰ ৰাজগুৰু, মইনা খাৰঘৰীয়া, গদাধৰ ডেকা, এখন দীঘল তালিকা। সংগ্ৰামৰ প্ৰথম পৰ্যায় দমন কৰি ইংৰাজে গোমধৰ সমন্বিতে আন ছজনক নিৰ্বাসিত কৰিলে। দ্বিতীয় পৰ্যায়ত গোমধৰ কোঁৱৰ বন্দী হ’ল। তৃতীয় পৰ্যায়ত পিয়লি বৰফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ ফাঁচী, দহাঁ কোঁৱৰ, ধেনুধৰ কোঁৱৰৰ হত্যা আৰু কেইজনৰো নিৰ্বাসিত কাৰাদণ্ড হ’ল। এই সংগ্ৰাম ভাৰতবৰ্ষৰ স্বাধীনতাৰ প্ৰথম সংগ্ৰাম বুলি গৰিমামণ্ডিত হোৱা ১৮৫৭ৰ চিপাহী বিদ্ৰোহৰো প্ৰায় ত্ৰিশ বছৰৰ পূৰ্বৰ অৱহেলিত অধ্যায়। ইয়াৰ বাবে ইতিহাসৰ অধিষ্ঠাত্ৰী দেৱী ক্লিয়োৰ আকুলতাই দায়ী বুলি টিপ্পনি কৰাৰ ইচ্চা সমূলি নাই। ‘নুগুণো নলওঁ’ গম’ৰ দ্বাৰা বিস্মৃতিত নিঃশেষ হ’বধৰা গোমধৰহঁতৰ “গম’ কিন্ত আজি ৰাইজে ‘আবেগেৰেই লৈছে আৰু সেই যথাযোগ্য স্বীকৃতি সৰ্বভাৰতীয় পৰ্যায়ত নোপোৱাৰ কথাষাৰত বিবেকেৰে অগ্ৰসৰ হোৱাৰ সময় এয়া।
ঐতিহাসিক সমলবোৰ কেৰ্কেটুৱাই তামোল গুটাই পুতি থৈ নিজে হেৰুওৱাৰ লেখীয়া হোৱাতকৈ সেইবোৰৰ ব্যৱহাৰ মহিমাময় কলা(sublime art) কহে বৈজ্ঞানিক ইতিহাসবিদে গুৰুত্ব দিয়ে। ৰাষ্ট্ৰীয় অভিলেখাগৰাৰ (১) Foreign Department Consultation 1826-29(২) Assam proceedings belonging to Bengal Govt. of india 1830-57 আৰু (3) Secret consultation 12 March 1830 আদি শিতানত গোমধৰ এণ্ড কোম্পানীৰ কথাৰ সিঁচৰিত হৈ আছে। এই অভাজনে “আকাশ, সাগৰ আৰু গোমধৰ উপন্যাসৰ সমল বিচাৰি এই পৰ্বতকাৰ তথ্যপুঞ্জীত হেৰাই গৈছিলোঁ। অসম মাতৃৰ সুযোগ্য সন্তান ড° সূৰ্যকুমাৰ ভূঞাদেৱৰ এটি তথ্যপুঞ্জী তেওঁৰ পৰিয়ালবৰ্গই ৰাষ্ট্ৰীয় অভিলেখাগাৰত অৰ্পণ কৰে। উপৰুক্ত তথ্যপঞ্জীৰপৰাই তেখেত টাইপ কৰাই সৰু সৰু আখৰেৰে বহু তথ্য অবিকৃতভাৱে উপযোগীকৈ ৰাখিছিল। ব্ৰিটিছ ভাৰতৰ অসম সংক্ৰান্তীয় কেইবাখনো গোপনীয় চিঠিৰ সংগ্ৰহ Secret Consultation, 12 March 1830 নামৰ ফাইলখন ইয়াত ১৮২৮ চনৰ পৰা ১৮৩০ চনলৈকে সৰবাৰহ হোৱা চিঠি আছে। কলকাতাৰ ফৰ্ট উইলিয়ামত থকা চীফ চেক্ৰেটেৰী টু গৰ্ভনমেন্ট জি. চুইন্টন, গৰ্বণৰ জেনেৰেলৰ এজেন্ট ডেভিদ স্কট, পলিটিকেল এজেন্ট জে. বি. নিউভিল আৰু লেফচেনেন্ট কামাণ্ডেট অৱ আৰিটিলাৰি অব আছাম এইছ ৰাজাৰফোৰ্ডৰ চিঠিৰ উপৰিও পিয়লি ফুকন আৰু ধনঞ্জয় পিয়লিয়া গোহাঁয়ে শদিয়াখোৱা গোহাঁই(খামটি ৰজা) লৈ দিয়া চিঠিৰ তেতিয়াতে বৃটিছ বিষয়াসকলে কৰা ইংৰাজী অনুবাদ আছে। গোমধৰ, গদাধৰ, ধনঞ্জয়, পিয়লি। এই ‘চৰ্তুভূজ’ৰ সচতুৰ নেতৃত্ব, ‘ষড়যন্ত্ৰ’ বাতৰি সিদ্ধান্ত, মন্তব্য, পৰামৰ্শ, বিদ্ৰোহীহঁতৰ নাম, বিচাৰ আৰু দণ্ড সাক্ষীবাদী বিচাৰকমণ্ডলী আদিৰ কথাৰে চিঠিবোৰ মেটমৰা। ডেভিদ স্কট এখন চিঠিত গোমধৰৰ স্থিতি এনেকুৱা-
His(Gomdhar’s) first motion of royalty seems from all deposition to have arisen from omen of high fortune to whom gross superstition has in al ages and alimes attached reverential authority and his instsnce aid of priest-crsft and magic were super added to the infatuation on the mind of this unfortunate lad’ অৰ্থাৎ অন্ধবিশ্বাস, যাদুমন্ত্ৰ আদিৰ বশৱৰ্তী হৈছে এই হতভগীয়া ল’ৰাটোৰ মৰসাহ হ’ল আৰু এই দশা হ’ল। পৰাধীনতা কি বস্ত তাৰ সোৱাদ নোপোৱা বগা চাহাবে সেই স্বাধীনচেতা, বুৰঞ্জী ভালপোৱা, উদ্যমী ডেকাজনৰ মনোজগত বুজি নাপাবৰে কথা। এয়া চিঠি কথাহে মাত্ৰ , মুখৰ কথাৰে আৰু চলনাৰে চাহাবহঁতে অসমীয়া মানুহৰ মন কেনেকৈ তৰা ছিৰা দি ছিৰিছিল ভাবি চাওকচোন।
গোমধৰ নে গমধৰ?
অপ্ৰয়োজনীয় বিতৰ্ক। ইংৰাজী তথ্যত, Gomdhar আছে তাৰ অসমীয়া ‘গমধূৰ’ বা ‘গোমধৰ’ নকৰি তাক ‘gomdhar’ গোমধৰ কৰাৰ দায়িত্ব আমাৰ। গোম+ধৰ- গোম সাঁপ ধাৰণকাৰী সদাশিৱ। গোমচেঙক ‘গমচেং’ বা ‘গুমচেং’ যিদৰে বোলা নহয়, গোমধৰক গমধৰ, Gam‘a’dhar কৰিব নালাগে।
কুমৌ-কুবানঃ
‘২০০০ চনৰ অক্টোবৰ মাহৰ কথা। দেওধাই গাঁৱত সদৌ অসম ফ্ৰালুং সংঘৰ বিধি প্ৰণয়ন সমিতিৰ সভালৈ মলুং চাও দীন চাংবুন বৰুৱা আহিছিল। সেই সময়তে দেওধাই গাঁৱত এখনি আপুৰুগীয়া পুথি উদ্ধাৰ হৈছিল। পুথিখন পাটসাঁকোলৈ নিয়া হ’ল। তাত সপ্তাহ থাকি মলুঙৰ সহযোগত অনুবাদ কৰা হ’ল। তেওঁ কলে- পুথিখন এখন দিনলিপি। উক্ত পুথিত গমধৰৰ বিষয়ে আৰু বৃটিছ বিৰোধীৰ সকলো ঘটনা চন-তাৰিখ লিপিবদ্ধ কৰা হৈছিল। পুথিৰ পাতৰ সংখ্যা ৩০ খন আছিল। ৫খন পাতৰ অৱস্থা একেবাৰে বেয়া, সেইকাৰণে অনুবাদ কৰিব পৰা নগল। পুথিৰ ঢাকনিত লিখা আছে-
লিখকঃ ফু কে ম খা ম (থপং)
পুথিৰ নামঃ কুমৌ কুবান
পুথি লেখাৰ সামৰণিঃ ১৮৩৩ চন
চাও মৃদুল ফুকনদেৱে উপৰুক্ত কথাখিনি নাট্যকাৰ জিন্ত হাজৰিকাৰ সাঁচিপাতৰ পুথিৰ পৰা মই গমধৰে কৈছো নামৰ নাটপুথিৰ ভাঙনিকাৰৰ আগকথাৰ পৰা উদ্ধৃত। আকাশ সাগৰ আৰু গোমধৰ উপন্যাসক ফুকনদেউৰ ভাঙনিয়ে কিদৰে সহায় কৰিলে সেয়া ভাষাৰে প্ৰকাশ কৰিবলৈ এই লেখক অপাৰগ। থপং পুথাও ওৰফে মখাম বৰুৱা নামৰ দেউধাই পণ্ডিত, পুৰোহিত লেখক আৰু বৃদ্ধ যোদ্ধাজন সমগ্ৰ ভাৰতবৰ্ষ বাবেই নমস্য। মৰণোত্তভাৱে ডামচাও মখাম বৰুৱাকে গোমধৰ কোঁবৰ বঁটাৰে সৰ্বপ্ৰথম পুৰস্কৃত কৰা উচিত।ধনঞ্জয় পিয়লীয়া গোহাঁয়েও এখন গোমধৰৰ বুৰঞ্জীৰ লিখাৰ কথা আৰু বেলি মাৰ গল পুথিৰ ড° লিলা গগৈদেৱে অপ্ৰকাশিত বুৰঞ্জীৰ শিতানত সেয়া উল্লেখ কৰিছে। বিদ্বৎ মহলে এই পুথিও বিচাৰি পোহৰলৈ অনা উচিত।
কুমৌ কুবান গোমধৰৰ জন্ম ১৮০৬ চন বুলিহে। দিচাং নদীৰ পাৰত লাকুৱাত সিদ্ধিনাথ ফেণা কোঁৱৰৰ ঔৰসত, জুতুলী মাতৃৰ সৰু পুত্ৰ হৈ গোমধৰৰ জন্ম। বৃটিচ তথ্য, সূৰ্যকুমাৰ ভূঞা আৰু ড° লীলা গগৈদেৱৰ তথ্যই কয় ফেণা কোঁৱৰ বা শেন গোহাঁই দিহিঙীয়া ফৈদৰ চুচেংফা প্ৰতাপ সিংহৰ পুত্ৰ সৰু গোহাঁই বা মেৰু গোহাঁইৰ ঠালত ফেণা কোঁৱৰ জন্ম। তেওঁ নাজিৰাৰ জয়খাম-ডং খাচৰ খাটোৱাল বা ৰাজখোৱা আছিল। কুমৌ-কুবাঙে কয় গোমধৰৰ বাল্যবন্ধু লক্ষেশ্বৰৰ ঘৰো নাজিৰাত ।তিনি বছৰ পাটসাঁকোৰ মহছিং বৰুৱাৰ ওচৰত বুৰঞ্জী শিক্ষা গ্ৰহন কৰা গোমধৰে বন্ধু ঘিনাই, দুতি লক্ষেশ্বৰৰ সৈতে দেশৰ কথা পাতে। এয়ে আৰম্ভণি, আনফালে দেশৰ পিয়লি কৰি পিয়লীয়া নাম পোৱা ধনঞ্জয় ভগা বৰগোহাঁয়ে ক্ষুদ্ধ হৃদয়বোৰ এনাজৰীৰে সী ফুৰিছে, পিতৃৰ কলংক মছিবলৈ, দেশ মাতৃক উদ্ধাৰেৰে প্ৰায়শ্চিত্ত কৰিবলৈ বদন বৰফুকনৰ পুত্ৰ পিয়লি আৰু জন্মিৰ অহোপুৰুষাৰ্থ। অসমৰ আৰু বৰ্তমানৰ যোৰহাট জিলাৰ নামনিৰ হাবিতলীয়া তৰতলী নামৰ ঠাইত ভগা ডাঙৰীয়া আৰু হালোৱা-হজুৱাই সাজিলে এখনি সুজলা-সুফলা ৰজাখাট, ৰজাবাৰী আৰু কাঠৰ বন কাৰেঙ, পাটত বহুৱালে গোমধৰক স্বৰ্গদেউ গোমধৰ সিংহ সাজি। দ্ৰোহীয়াহঁতে মুখামুখি তথা গোপন গেৰিলা যুদ্ধৰে বিটিছ সিংহৰ অন্তৰাত্মা কঁপাই তুলিলে। চতুৰ বিটিছৰ বুদ্ধিৰ জালত পৰা মাতৃ আৰু শিক্ষাগুৰুক মুকলি কৰিবলৈ গৈ বন কাৰেঙৰ সিংহ গোমধৰ নিজেই বন্দি হ'ল। এবাৰ বন্ধন ছিঙি মুকলিও হ'ল। কিন্ত আকৌ বন্ধী হ'ল। বংগদেশৰ ৰংপুৰ কাৰগাৰলৈ প্ৰেৰিত হ'ল চৈধ্য বছৰৰ বাবে। ‘বেলি মাৰ গ'ল’ পুথিত লীলা গগৈদেৱে লিখিছে- “চৈধ্যবছৰ নিৰ্বাসনত থাকি বুঢ়া বয়সত গমধৰ জন্মভূমিলৈ উলটি আহিছিল। …এটি ৰুগ্ন দেহ আৰু শীৰ্ণ মন লৈ এদিন জন্মভূমিৰ বুকুতে মৃত্যুক সাৱটি ললেহি অসমত স্বাধীনতা ৰণৰ প্ৰথম উদ্যোক্তা গমধৰ আজি মৰিও অমৰ।
মখাম ফুকে(বৰুৱা) আন এক Secret Consultationsঃ
পূৰ্বে উল্লেখ কৰা হৈছে, ১৮৩৩ চনত পুথিখন সামৰি তেওঁ লিখিছে- ‘নব্বৈ বছৰীয়া হ'লো- দুটা দোলাভাৰীয়া গুছি আহিল (আহিলো) এটকা এটকা পইছা দিলে, পৰিয়ালৰ সকলোৱে ঢুকাল, খুৰীয়েক শয্যাগত-ককায়েকৰ পুতেকহঁত আছে। তাতোকৈ আগত লিখিছে- থপং চাৰিঙলৈ ঘূৰি আহিল’। কিন্ত গোমধৰক লৰালিতে লগ পোৱাৰ কথালৈ চাই তেওঁৰ মূলঘৰ লাকুৱাৰ ফালে যেন লাগে।
“এই পুথিবোৰ ওপৰত তুলি থ-বঙালে জানিলে ডাঙৰ কথা হ’ব এইখিনি গুপুত কৰ”।
ধনঞ্জয় পিয়লী বৰগোহাই আৰু পুত্ৰদ্বয়ঃ
‘অপুত্ৰক ভেকোলা গোহাঁয়ে কেচুঁৱাতে তুলি ল’লে এটা মিৰি লৰা। সন্দিকৈৰ খেললৈ তুলি নাম থলে মিৰি সন্দিকৈ। মহাবীৰ লাচিত বৰফুকনৰ পালি সেনাপতি মিৰি সন্দিকৈৰ বংশত ধনঞ্জয়ৰ জন্ম। মানৰ আক্ৰণৰ সময়তে স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই ধনঞ্জয়ক বৰগোহাঁই পাতি নিজে গুৱাহাটীলৈ যায়। বৃটিছে পিজৌপৰীয়া বুঢ়াগোহাঁই, দেওৰাম দিহিঙ্গীয়া ফুকনৰ সৈতে ধনঞ্জয়ক উজনি মোতালকৰ পিয়ল কৰাৰ দাযিত্ব দিয়ে, কিন্ত এই পিয়লতে ধনঞ্জয়ে ভগা ডাঙৰীয়া আৰু হালোৱা হাজুৱাসকলৰ ক্ষোভক একত্ৰিত কৰি বিদ্ৰোহৰ গোপন আয়োজন কৰে। বৃটিছ বিষয়াসকলৰ সৈতেও তেওঁ বাহিৰে সম্ভাদ ৰাখিছিল প্ৰথমাৱস্থাত। পিছলৈ তেওঁ বৃটিছ বাহিনীৰ ‘মষ্ট বান্টেড’ বিশ্বাসঘাতক হৈ পৰিল। তেও মৃত্যুদণ্ড লাভ কৰিছিল, বন্দিও হৈছিল বাৰে বাৰে তেওঁ কাৰাগাৰো ভাঙি মুকলি হৈছিল। বিদ্ৰোহৰ তিনিও পৰ্বতে তেওঁ আৰু তেওঁৰ দুই পুত্ৰ হৰকান্ত আৰু হৰনাথ পানীফুকনে দেহে-প্ৰাণে লাগিছিল। মূল ঘৰ মাদুৰিৰ মঠিয়াছিগাত।
হৰনাথ পানীফুকন গোমধৰৰ তৰাতলী মন্ত্ৰীসভাৰ বৰগোহাঁই হৈছিল। নগা পাহাৰলৈ গৈ তেওঁ নগা ডেকাসকলক যুঁজৰ প্ৰশিক্ষণ দি ভৈয়ামলৈ আনিছিল। খামতি ৰজা চৌ-চৈলানলৈ বিদ্ৰোহৰ চিঠি নিওঁতে ১৮৩০ চনৰ ২০ ফ্ৰেব্ৰুৱাৰীত (vide secret consultation 12 March, 1830) তেওঁ শদিয়াত বন্দী হয়। বংগৰ ৰংপুৰ জেইললৈ প্ৰেৰিত হয়।
হৰকান্ত পানীফুকন নগা পাহাৰত আত্মগোপন কৰে । ১৮৫৭ৰ চিপাহী বিদ্ৰোহত কন্দৰ্পেশ্বৰ সিংহক সহায় কৰিবলৈ আহি, পিয়লী বৰুৱাক লগ কৰাৰ তথ্যও পোৱা গৈছে।
পিয়লি বৰফুকন আৰু জীউৰাম দুলীয়া বৰুৱাঃ
ৰঙাচিলা দুৱৰাৰ ঘৰত ওপজা বদন বৰফুকনৰ পুত্ৰ পিয়লি বা পোৱালীয়ে গুৱাহাটীৰ বৰফুকনৰ হাউলিৰ বালক দা, নামৰ হাতীটো বলাবলৈ যাওঁতে দুৰ্ঘটনাগ্ৰস্ত হৈ চালোকা হ’ল। কিন্ত তেওঁ দেশখন চালোকা হবলৈ এৰি দিব নোৱাৰি বিদ্ৰোহৰ চিন্তানায়ক হৈ পৰে। গোমধৰ কোঁৱৰৰ বিদ্ৰোহ বিফল হোৱাৰ পিছতো ৰূপচান্দ কোঁৱৰকে ভাৱী স্বৰ্গদেউৰূপে লৈ বৃটিছ খাৰঘৰত জুই দিলে। গেলেকী আৰু জবকাত অস্ত্ৰ কাৰখানা সজা, তিৰুপথাৰত লৌহ নিস্কষণ কৰা গোপন খাৰঘৰ সজা, পাহাৰ ভৈয়ামৰ ৰজা, গাম, প্ৰজা সকলোকে বৃটিছৰ বিৰুদ্ধে জগাই তোলা কেঁচুৰ ৰসেৰে গোপন চিঠি লিখা আদি কৃতি পিয়লিৰ । সমালোচনাত্মক বুৰঞ্জী দৃষ্টান্ত দিবলৈ গৈ ইতিহাসঃ ৰচনা বিধি আৰু ক্ৰমবিকাশ পুথিত ড° হেৰম্বকান্ত বৰ পুজাৰীয়ে নীলকুমুদ বৰুৱাৰ জীৱনাদৰ্শ নামৰ নিৱন্ধৰ এছোৱা এনেদৰে তুলি ধৰিছে- “পিয়লিৰ সম্পৰ্কে নীলকুমুদে মন্তব্য কৰিছেঃ ‘ইংৰাজৰ ক্ষমতা কিমান, ইংৰাজৰ ৰাজ্যৰ সুখ কি, নতুন অৱস্থাত এওঁলোকে বিষয়টো বুজা নাছিল। নতুনকৈ পৰাধীন হোৱাত স্বাধীনতাৰ তপত তেজ কেইটোপালমানৰ দপদপনিতে এওঁ আৰু কেইজনমানক লৈ ইংৰাজক খেদিবলৈ কাৰবাৰ কৰিছিল। খৰিকাবাৰীৰে পৰ্বত হেঁচুকিবলৈ চাইছিল। পিয়লি ফুকনৰ কাৰ্যক কোনো জ্ঞানীয়ে নশলাগে। এওঁক ফাঁচী দিয়া কাৰ্যও আমি প্ৰতিবাদ নকৰোঁ, ৰাজদ্ৰোহীৰ প্ৰাণদণ্ডই উচিত শাস্তি”।
১৮৩০ চনৰ ২৮ জুলাইত জীউৰাম ডুলীয়া বৰুৱাৰ সৈতে যুৰীয়া শালত শিৱসাগৰত পিয়লি বৰফুকনৰ ফাঁচী হয়। জীউৰামৰ পিতৃৰ নাম বৃটিছ তথ্যত ফেদেলা বোলা হৈছে। তেওঁক কৰবাত ধনঞ্জয়ৰ জোঁৱাই আৰু কৰবাত হৰনাথৰ জোঁৱাই বোলা হৈছে। তেওঁ মাজুলিৰ মিছিং ডেকাসকলক বিদ্ৰোহৰ বাবে একত্ৰিত কৰিছিল। পৰিতাপৰ কথা এইয়ে ‘পিয়লি ফুকন’ নাটকত জীউৰাম দুলীয়া বৰুৱাৰ নামটোও নগাঁও নাট্যগোষ্ঠীয়ে উল্লেখ নকৰিলে। পিয়লিৰ সমাধিৰ স্মৃতিফলকতো জীউৰামৰ কোনো কথাই উল্লেখ নাই। এয়া বৰ অন্যায় কথা।
ধৰ্মধৰ মন্ত্ৰীঃ
ধৰ্মধৰ ৰাজগুৰু ফুকন। গোমধৰ মন্ত্ৰীসভাত বয়সস্থ পাত্ৰমন্ত্ৰী, অক্লান্ত যোদ্ধা। গোমধৰৰ লগতে নিৰ্বাসিত হয়।
পিয়ালী বৰুৱা বা মহেশ্বৰ গাভৰুমেলীয়া বৰুৱাঃ
গোমধৰ সম্পৰ্কীয় বৃটিছ তথ্যত পিয়লী বৰুৱা নাম নাই কিন্ত কুমৌ কুবানত ‘দুই পিয়লি’ বুলি লিখা আছে বাবে তেওঁক বয়সত কনিষ্ঠ বুলি ভবা হৈছে। পিয়লি ফুকন আৰু মণিৰাম উভয়ৰ সৈতে ঘনিষ্ঠ আছিল। ৰসেন্দ্ৰ পৰিয়ালৰ প্ৰতিভাসম্পন্ন লৰা। পুৰন্দৰ সিংহৰ ৰাজসভাত মহেশ্বৰে গীত গাইছিল। পিছলৈ সৈন্যবাহিনীৰ শিবিৰত গোলাঘাটৰ নাগোৰাত গীত গোৱাৰ কথা পোৱা যায। ১৮৫৭ ৰ চিপাহী বিদ্ৰোহত অসমৰ হৈ যুঁজিবলৈ গৈ চিপজৰী পিন্ধিব লগা হয়। মণিৰাম দেৱনৰ ফাঁচীও একেলগেই হৈছিল।
গদাধৰ কোঁৱৰঃ
কুমৌ-কুবানত ‘ধতুৰাৰ পুতেক গদাধৰ’ৰ উল্লেখ গোমধৰ, গদাধৰক কাষ চপাই আনে। ধুতুৰা কোঁৱৰ গোহাঁই, মান ৰজাৰ শহুৰ তৰাৱতী আইদেউৰ পিতৃ, তেওঁক নিজ ৰাজ্যলৈ নি এখন প্ৰদেশৰ চাওফা পাতে, গদাধৰকো হোৱাং গমেঞ্জে নাম দি আন এখন প্ৰদেশৰ চাওফা পাতে । কিন্ত নিজ দেশ স্বাধীন কৰিবলৈ তেওঁ বৌদ্ধ সন্যাসীৰ বেশ ধৰি ঘূৰি ফুৰে। জালিম সিং নামৰ এজন হিন্দুস্তানীক ধৰ্মশিক্ষা দিয়াৰ চেলুৰে তেওঁ বৃটিছৰ বিৰুদ্ধে যুঁজিলে হিন্দুস্তানী সৈন্যক অধিক দৰমহা দিয়াৰ প্ৰলোভন দেখুৱায়। জালিম সিঙে বিশ্বাসঘাতকতা কৰি গদাধৰক বন্দী কৰোৱায়। ১৮৩০ চনৰ ২৫ জুনত ডেভিদ স্কটে জৰেজ চুইংটনলৈ দিয়া চিঠিত গদাধৰৰ কথা সবিস্তাৰে লিখিছে।
তলত কেইজনমান বিদ্ৰোহী নাম মাত্ৰ শ্ৰদ্ধাৰে উল্লেখ কৰিলোঁ।
দেওৰাং দিহিঙ্গীয়া ফুকন- নিৰ্বাসিত হয়।
মইনা খাৰঘৰীয়া ফুকন-
মনৱৰ ওৰফে কান্দুৰা ফুকন-
হৰিবৰ
বাঘ ডেকা
খামতি বৰবৰুৱা/বুঢ়াগোহাঁই
লেফেৰা বৰবৰুৱা
গঁফলা ফুকন- জবকাৰ খাৰঘৰৰ তদাৰক কৰোঁতা।
অজলা কোঁৱৰ, বগা কোঁৱৰ
দহাঁ কোঁৱৰ- বৃটিছ তথ্যত ‘Appears to have been the principal mover of this wild scheme” বুলি অভিহিত হৈছিল। এওঁক বন্দী কৰি নিৰ্মামভাৱে হত্যা কৰা হয়। অসমৰ প্ৰথম বৃটিছ বিৰোধী ছহিদ।
ধেনুৰাম কোঁৱৰ- দ্বিতীয়জন ছহিদ
মঃ আব্দুল হাজৰিকাঃ ডেবেৰাপাৰত ঘৰ, তৰাতলীৰ অস্ত্ৰগাৰৰ দায়িত্বত আছিল নিৰ্বাসিত হল।
গোমধৰৰ সংগীবৃন্দৰ বহুজনৰ নাম এই নিবন্ধই সামৰিব নোৱাৰিলোঁ। জ্ঞাত-অজ্ঞাত এইসকল পুলিন পুথাও, পূন্যাত্মালৈ সশ্ৰদ্ধ নমনেৰে নিবন্ধ সামৰিলোঁ। কষ্ট আৰ্জিত স্বাধীনতা ধন যেন অমি কথাঞ্চিতো নেহেৰুৱাওঁ তাৰবাবে এই ডামচাও সকলে সৰগধামৰ পৰাই আশীৰ্বাদ।