লোক সংস্কৃতি দৃষ্টিৰে বৰ্তমানৰ বিহু ✍ চাও হেম গগৈ, মুখপাত্ৰ, বিহু সুৰক্ষা সমিতি, অসম

লোক সংস্কৃতি(FOLKLORE) বুলিলে সাধাৰণতে সমাজৰ কিছুমান প্ৰাচীন পৰম্পৰাৰ কথা আমাৰ মনলৈ আহে। আমাৰ সমাজত অতীতৰে পৰা চলি অহা ধ্যান-ধাৰণা, আচাৰ-নীতি, অনুষ্ঠান, মানুহৰ অভিজ্ঞতা, উৎসৱ-পাৰ্বন, পূজা-পাতল, কলাসুলভ সৃষ্টি আদিকে আমি লোক সংস্কৃতি বা FOLKLORE বুলিব পাৰো। মানুহৰ জন্ম, বিবাহ, মৃত্যু, জীৱন ধাৰণৰ প্ৰণালী, পুজা-পাৰ্বন, কৃষি উৎসৱ, লোক বিশ্বাস, লোক কাহিনী, লোকগীত, নাচ আদি সকলোখিনিকে লোক সংস্কৃতিয়ে সামৰি লয়। সেই অৰ্থতে পৃথিৱী বিখ্যাত লোক সংস্কৃতি গৱেষক Herold Thomson এ “ to study of FOLKLORE is an opportu nity to meet your grandfather” বুলি কৈছে। চমুকৈ আমি ইয়াৰ ব্যাখ্যা এইদৰেই কৰিব পাৰো যে লোক সংস্কৃতি অধ্যয়ন, চৰ্চা বা পালন কৰিলে ককা দেউতাহঁতক লগ পোৱাৰ অৰ্থ হৈছে তেওঁলোকে কেনেকৈ কি কৰিলে বা নকৰিলে, কি খালে, পিন্ধিলে, কেনেকৈ কিদৰে আছিল, তেওঁলোকৰ চিন্তা, ভাৱনা, ধাৰণা কেনেকুৱা আছিল সেই সকলোখিনিকে আমি পাব পাৰো। অৰ্থাৎ লোক সংস্কৃতিয়ে লৌকিক সাহিত্য (ORAL LITERATURE)ভৌতিক সংস্কৃতি (MATERIAL CULTURE) সামাজিক লোকায়ত ৰীতি-নীতি, পৰিৱেশ্ কলা(PREFORMING ART) আদি দিশ সাঙুৰি লোৱাৰ উপৰিও লোক সংস্কৃতিৰ ভেঁটি যে পৰম্পৰাৰ ওপৰতে বৰ্ত্তি থাকে তাকো প্ৰকাশ কৰিছে।
লোক সংস্কৃতিৰ আন এজন গৱেষক বাই এম ছেখোলভৰ মতে “ FOLKLORE IS AN ECHO OF THE PAST, BUT AT THE SAME TIME IS IT THE VIGOROUS VOICE OF THE PRESENT” সচা কথা। লোক সংস্কৃতি অতীতৰ প্ৰতিধ্বনি বা সোঁৱৰণ হলেও ই কিন্তু বাস্তৱ জগতখনৰো উদ্বাত্ত কন্ঠস্বৰ। সুদূৰ অতীতৰ এখন সমাজৰ থকা, খোৱা পিন্ধন উৰণ, আচাৰ ব্যৱহাৰ, ৰূতি-নীতি উৎসৱ- পাৰ্বনা পুজা-পাতল, ধ্যান-ধাৰণা আদি লোক সংস্কৃতিত যেনেকৈ পৰিস্ফুট হয় ঠিক তেনেকৈ লোক সংস্কৃতিয়ে প্ৰতিটো সময়ত বা যুগৰে বাস্তৱ ছবি এখনো ডাঙি ধৰিব লাগিব। তেতিয়াহে ই আকৌ ভৱিষ্যত প্ৰ্ৰজন্মৰ কাৰণে পূৰ্বপুৰুষক লগ পোৱাৰ দৰে হব। সেই একে অৰ্থতে আমাৰ সমাজৰ সাহিত্যিক, গৱেষক, পণ্ডিত, সংস্কৃতিক কৰ্মী ড° লীলা গগৈয়ে “সংস্কৃতি বোঁৱতী সূঁতি” বুলি কৈ গৈছে।বহুতে ইয়াৰ অৰ্থ পৰিবৰ্তনশীল বুলি কৈ ভুল ব্যাখ্যা কৰিব বিছাৰে। ইয়াৰ প্ৰকৃত অৰ্থ হৈছে এটা বোৱতী সুঁতি আগতেও বৈ আহিছিল, এতিয়াও বৈ আছে আৰু ভবিষ্যতলৈকো পানীৰ চাৰিত্ৰিক বৈশিষ্ট্য আৰু সুঁতিৰ উৎস বদলি নোহোৱাকৈ অৰহৰ বৈ থাকিব। ঠিক তেনেকৈয়ে লোক সংস্কৃতিও ঐতিহ্য পৰম্পৰা আৰু স্বকীয় বৈশিষ্ট্য ৰক্ষা কৰি বোৱতি সুঁতিৰ দৰে লোক সমাজত প্ৰচলন হৈ থাকিব।গতিকে সেই দিশৰ আলমতে আমি এতিয়া লোক সংস্কৃতি বিহুৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো ।
বিহু– বিহু অসমীয়া জাতিৰ কৃষি উৎসৱ আৰু বিহু অসমীয়াৰ প্ৰাণৰো প্ৰাণ বুকুৰ আপোন–সৰ্বোত্তম লোক সংস্কৃতি । এই লোককৃষ্টি বিহু সৃষ্টি সম্পৰ্কে অসমীয়া জাতিৰ লোক বিশ্বাস আছে যে ব্ৰক্ষাৰ কন্য কলিমতীয়ে হেনো বিহুৰ সৃষ্টিকৰ্তা। এই কলিমতীক শদিয়াবাসী ৰাইজে আকৌ কেঁচাইখটী গোঁসানীৰ আন এটা ৰূপ বুলিও বিশ্বাস কৰে। কলিমতীয়ে এসময়ত মানুহৰ তেজ খাবলৈ নেপাই শিৱৰ শাপত শদিয়াৰ পৰা নাৱেৰে ভটিয়াই উলংগ হৈ নাচি–বাগি বিহু মাৰি গৈ আছিল।গৈ থাকোতে বাটতে আৰু একৈশগৰাকী (ন ভনী বাৰভনী) তেওঁৰ লগ হয়। পিছত দেৱতাৰ স্থান, দেৱৰ গাঁৱত (বৰ্তমানৰ দেৰগাঁও) দেৱতা ধনকলিয়াই তেওঁলোকক দেখি আকৰ্ষিত হয় আৰু ঢোল–তালসহ তাওঁলোকৰ লগ লাগে। এইদৰে গৈ তেওঁলোকে বোলে কলিয়াবৰতে বিহু সমাপ্ত কৰে। এই লোক বিশ্বাসৰ ভেঁটিতে সুদূৰ অতীততে কোনোবা বিহুৱাই ৰচনা কৰি গোৱা নিম্নোক্ত বিহুনাম কেইফাঁকি এতিয়াও অসমীয়া সমাজত বহু জনপ্ৰিয় - মোৰধন কলিয়া, আলসৰ দেৱতা
নিলগত আছিলে ৰৈ
কলিমতীক লগ পায়
ৰঙালীক লগত লৈ
কলিয়াবৰতে ৰহিলা ঐ
২। কলিমতী এ বাই ঘূৰি বহাগলৈ
আহিবি নে নাই
আমি থাকিম, আমি থাকিম
বাটলৈ চাই ।
এই দিশৰ পৰা বিচাৰ বিশ্লেষণ কৰি অন্যান্য জনগোষ্ঠীসমূহৰ লোক সংস্কৃতিৰ সৈতে তুলনা কৰিলে আমি এটা কথাত উপনীত হব পাৰো যে বিহু প্ৰকৃততে আদিম কালৰ মাতৃ প্ৰধান সমাজত নাৰীৰ দ্ধাৰা সৃষ্টি । পৃথিৱীত কৃৰ্ষিকৰ্মৰ উদ্ভাৱক আৰু সৃষ্টিৰ সৈতে জড়িত মাতৃতান্ত্ৰিক সমাজৰ নাৰীসকলে বিশ্বাস কৰিছিল যে নাৰীয়ে যেনেকৈ মানুহ সৃষ্টি কৰিব পাৰে ঠিক তেনেকৈ গছ-গছনি, তৰু-তৃণ সৃষ্টি কৰা পৃথিৱীখনো এগৰাকী মাতৃ । গতিকে পৃথিৱীৰ উৰ্বৰা শক্তি আৰু শস্য বৃদ্ধিৰ বাবে অদৃশ্য এই বসুমতী মাতৃক সন্তুষ্ট কৰিবই লাগিব। বসুমতী আইক সন্তুষ্ট কৰিবলৈ কৃষি কৰ্ম কৰাৰ আগতে নাৰীসকলে নাম গুণ গাই নাচ-বাগ কৰিব লাগিব বুলিও বিশ্বাস কৰিছিল । এনেধৰণৰ বিশ্বাস যে কেৱল আদিম কালৰ অসমীয়া নাৰীয়েহে কৰিছিল সেইটোও নহয় । আদিম কালৰ ভাৰতৰ বিভিন্ন জনগোষ্ঠী সমূহৰ উপৰিও পৃথিবীৰ অন্যান্য দেশৰ জনগোষ্ঠীসমূহৰ মাজতো এনে লোক বিশ্বাস আছিল আৰু এতিয়াও আছে । এই সম্পৰ্কে ভাৰতৰ বিখ্যাত সাংস্কৃতিক গৱেষক পণ্ডিত দেৱী প্ৰসাদ চট্ৰোপধ্যায়ে তেখেতৰ "লোকায়ত" গ্ৰন্থত ভাৰতৰ বিভিন্ন জনগোষ্ঠীসমূহৰ লোক সংস্কৃতিৰ বিষয়ে আলোচনা কৰাৰ উপৰিও দক্ষিণ আফ্ৰিকাৰ এটা বিখ্যাত জনগোষ্ঠী চুম্বাসকলৰ কৃৰ্ষি উৎসৱৰ বিষয়ে এনেদৰে কৈছে- "THE SUMBA WOMAN WILL NOT HOE THEIR LANDS IF THEIR DANCES HAS NOT BEEN HELD, AS THEY SAY IT that if they do not respect theirspirits there will be no crops” অতীততে উত্তৰ পূৱ-ভাৰতৰ মাতৃ প্ৰধান সমাজতো এনে লোক বিশ্বাস আছিল । তেনে বিশ্বাসৰ কাৰণেই অসমৰ কোনো কোনো জনগোষ্ঠীৰ লোকে অতিততে খেতিপথাৰত খেতি কৰিবলৈ নামৰ আগতে বিভিন্ন পূজা-পাতল আৰু নাচ-বাগ কৰি বসুমতীক সন্তুষ্ট কৰিব বিচাৰিছিল ।এনে লোক বিশ্বাসৰ বশবৰ্তী হৈয়ে তাহানিতে অসমীয়া গাভৰুসকলে খেতি পথাৰত নমাৰ আগতে বহাগৰ আৰম্ভণীতে হাবিৰ মাজত গছৰ তলত গৈ নাম গাই নাচ-বাগ কৰিছিল যাক পৰবৰ্তীকালত বিহু নামকৰণ কৰা হয় । গাভৰুসকলৰ এই নাচ-বাগ চাবৰ কাৰণে তেওঁলোকে গোৱা নাম শুনিবৰ বাবে ডেকাসকলৰ মন উদগ্ৰীৱ হৈ পৰিছিল । সেই কাৰণে ডেকাসকলে হবিৰ মাজৰ পৰা লুকাই চোৰকৈ গাভৰুসকলৰ বিহুনাচ চাবলৈ গৈছিল । এইদৰে লুকাই চোৰকৈ চাঁওতে কেতিয়াবা কোনোবা ডেকা গাভৰুৰ চকুত ধৰাও পৰিছিল । তেনেকুৱা ডেকাক লাজ দিবৰ কাৰণেই হয়তে গাইছিল...
নাচতে উৰিলে ধুলি সমনীয়া
নাচতে উৰিলে ধূলি
বেইতা স্বামীয়ে চাই জুমি জুমি
মোৰ জনী আহিছে বুলি ।
তদ্ স্বত্বেও ডেকাসকলৰ হাবিৰ মাজত গাভৰুসকলে গোৱা নাম শুনিবলৈ আৰু নাচ চাবলৈ গৈছিল । কাৰণ গাভৰুসকলৰ নাম নাচে ডেকাসকলৰ মন উত্ৰাৱল কৰিছিল । ডেকাসকলৰো সেই নাচ-গানত অংশ লবলৈ মন গৈছিল । সেই কাৰণেই হয়তো কোনোবা ডেকাই গাভৰুক উদ্দেশ্য কৰি গাইছিল...
চলকা টেঙাটি অকলে নাখাবা
আমাকো এচকল দিবা
বিহু মাৰিবলৈ অকলে নাযাবা
আমাকো লগতে নিবা । বুলি
এই নামষাৰি বহুতে আকৌ গাভৰু সকলে গাইছিল বুলি কব খোজে । কিন্তু বিশ্লেষণ কৰিলে দেখা যায় যে এইষাৰ প্ৰকৃততে ডোকা বিহুৱাই গোৱা নামহে। কাৰণ টেঙা নাৰীহে প্ৰিয় । আনহাতে গাভৰুসকলে হাবিৰ মাজৰ গছৰ তলত বিহু মৰা কাৰ্য ডেকাসকলে জুমি জমিহে চাইছিল । তাকে দেখিহে ডেকা সকলৰো বিহু মাৰিবলৈ যাবৰ মন গৈছিল আৰু সেই কাৰণে এই নামষাৰি গাইছিল বুলিব পাৰি । যেই হওক এইদৰে ডেকাসকলেও গাওঁতে গাওঁতে এদিন ডেকাসকল গাভৰু বিহুৰ ওচৰলৈকো যাব পৰা হল । জুমি জুমি চোৱাৰ পৰা ওচৰলৈ যাব পৰা আৰু ওচৰলৈ যাব পৰা হোৱাৰে পৰা ডেকা-গাভৰুৱে একেলগে বিহু মাৰিবলৈ পৰা অৱস্থা সৃষ্টি হল । সৃষ্টি হল ডেকা গভৰুৰ ৰাতি বিহু আৰু যোৰা নামৰ । এই প্ৰক্ৰিয়া যে তৎক্ষণিকভাৱে হৈছিল সেইটোও নহয় । এই প্ৰথা প্ৰচলন হবলৈ কমেও এশ ডেৰশ বছৰ লাগিছিল । এই সমগ্ৰ প্ৰক্ৰিয়া কৃষি কৰ্মৰ লগত যৌন সম্পৰ্ক আৰু তাৰ কাৰণে বসুমতাৰীকো নাৰী বা মাতৃ জ্ঞান কৰি তেওঁক সন্তুষ্ট কৰিবলৈ হাবিৰ মাজত গছৰ তলত গাভৰুসকলে বিহুমৰা, ডেকাসকলে সেই বিহু জুমি জুমি চোৱাৰ পৰা ডেকা-গাভৰুৱে একেলগে ৰাতি বিহু কৰা,ৰাতি বিহুৰ পৰা ডেকাসকল আঁতৰি গৈ গৃহস্থৰ চোতালতো হুঁচৰি মৰালৈকে এই প্ৰক্ৰিয়াও কোনোদিন হঠাতে ঘটা বা হোৱা নাছিল । ইটো প্ৰক্ৰিয়াৰ পৰা সিটো প্ৰক্ৰিয়া পৰিবৰ্তৰ কাৰণে শ শ বছৰৰ প্ৰয়োজনীয় হৈছিল । আনহাতে সামাজিক ক্ৰমবিকাশৰ ধাৰাই মানুহে নিজে গম নোপোৱাকৈয়ে পৰিবৰ্তন পথ মুকলি কৰি লৈ গৈছিল । কোনো বিষেশ লোকৰ ইচ্ছাঅনুযায়ী এই পৰিবৰ্তন হোৱা নাছিল । আদিম সাম্যবাদ ব্যৱস্থাৰ পৰা সামন্তবাদ আৰু সামন্তবাদৰ পৰা পুঁজিবাদলৈ ৰূপান্তৰিত হোৱাৰ দৰেই বিহুলৈকো এনাদৰেই ৰোপান্তৰ ঘটিছিল । কিন্তু আজি কিছুমান বছৰৰ পৰা আমাৰ লোক সংস্কৃতি বিহুক আমাৰ সমাজৰ এচাম প্ৰভাৱশীলোকে নিজৰ স্বাৰ্থসিদ্ধিৰ উদ্দেশ্য নিজৰ ইচ্ছানুযায়ী বলপূৰ্বক ৰোপান্তৰ ঘটোৱাৰ চেষ্টা চলাইছে আৰু ইতিমধ্যে তেওঁলোক সত্তৰ শতাংশ কৃতকাৰ্যও হৈছে । যাৰ ফলত বিহুৰ ঐতিহ্য পৰম্পৰা বিনিষ্ট হোৱাৰ উপৰিও বিহুৱে বিজতৰীয়া হৈ ধ্বংসৰ পথলৈ গতি কৰিছে । বিহুৱে আজি লোক চৰিত্ৰ হেৰুৱাইছে । ইয়াৰ প্ৰমান হিচাপে আমি নিম্নোক্ত বিকৃত ৰোপ ৰূপ কেইটা দাঙি ধৰিলো ।
ক) লোক কৃষ্টিৰ অৰ্থই হৈছে সাধাৰণ খাটিখোৱা বা চাহ জীৱনৰ সমূহীয়া নাচ- গান, গীত-মাত আনন্দ উৎসৱ আদি । একক বা এজনৰ দ্বাৰা লোক কৃষ্টি হবই নোৱাৰে । কিন্তু বৰ্তমান কালত দেখা গৈছে যে লোক কৃষ্টিৰ দলবন্ধ বিহু নাচক আধুনীকতা বা পৰিবৰ্তনৰ নামত মঞ্চত কেৱল এগৰাকী বিহুৱতীক নচুৱাই বিহু নাচ একক পৰিবেশ্য কলালৈ (SOLO PERGFORMING ART) পৰিণত কৰিছে । ফলত বিহুৱে লোক চৰিত্ৰ হেৰুৱাই মাৰ্গীয় ৰূপলৈ গতি কৰিছে ।
খ) আঞ্চলিক বৈষম্যই হৈছে লোক কৃষ্টিৰ বৈশিষ্ট । কিন্তু অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এচাম ব্যৱসায়ীক বিহুৱা-বিহুৱতীয়ে বিহুৰ নাম-নাচ, ঢোলৰ ছেও চাপৰৰ কৰ্মশালা পাতি সকলো নাম-নাচ, ঢোলৰ ছেও চাপৰ একেৰাগী কৰি মাৰ্গীয় ৰূপ দিছে । ইয়াৰ ফলত অসমৰ অঞ্চলে অঞ্চলে থকা ঢোলৰ আঞ্চলিক ছেও-চাপৰ সমূহ বিলুপ্ত হব ধৰিছে । আৰু কিছুবছৰৰ পিছত সমগ্ৰ অসমৰ চুকে কোণে একেই ঢোলৰ ছেও-চাপৰ বাজিব আৰু তেতিয়া বিহুৱে সম্পূৰ্ণ মাৰ্গীয় ৰূপ লব ।
গ) বিহু নাচ স্বতঃস্ফুত ভাৱে নচা নাচ । বিহু নাচ ভংগিমাযুক্ত মুদ্ৰাযুক্ত নহয় । কিন্তু বৰ্তমান কালৰ এচাম ব্যৱসায়ীক বিহুৱা-বিহুৱতীয়ে বিহুনাচত কিছুমান নাভূত-নাশ্ৰুত মুদ্ৰা সংযোগ কৰি সাধাৰণ মানুহে নাচিব নোৱাৰা নাচলৈ পৰিণত কৰিছে ।
ঘ) পেঁপা বজোৱাৰ কোনো নিৰ্দিষ্ট মাত্ৰা বা তাল-মান নাই । কিন্তু এচাম পেঁপা বাদকে এতিয়া পেঁপা বজোৱাৰ নিৰ্দিষ্ট মাত্ৰা সৃষ্টি কৰি গাঁৱৰ শত-সহস্ৰ পেঁপা বাদকক পেঁপা বজোৱাৰপৰা বঞ্চিত কৰাব বিচাৰিছে ।
ঙ) বিহু নামত অশ্লীলতা আগতেও আছিল । কিন্তু আগৰ অনাখৰী চহা বিহুৱা গীতিকাৰে বিহুৰ থলিত স্বত-স্ফুতভাৱে ৰচনা কৰি গোৱা বিহু নামত অশ্লীলতা পৰোক্ষভাৱেহে প্ৰকাশ কৰিছিল । গভীৰভাৱে চিন্তা নকৰিলে অশ্লীল বুলি বুজিবই নোৱাৰি । সেইকাৰণে যিকোনো ঠাইতে মুকলিকৈ গাবলৈ পৰা গৈছিল । যেনে-
সোণেৰে বৰশী ৰূপৰে পূঙাটি
যুৰিয়া পুখুৰীত বাঁও
তুমিযে চেনাই ঐ ইমান মৰম কৰা
আজিহে পৰিমাণ পাওঁ ।
কিন্তু বৰ্তমানকালৰ চিডি, ভিচিডি, কেচেটত বিহুনাম বুলি প্ৰচাৰিত বিহুসুৰীয়া গীতবিলাক শুনিলে কাণত ঠিলা মাৰিব লগীয়া হয়।
চ) জয়ধ্বনি, হৰিধ্বনি আৰু আৰ্শীবাদ আদিৰে পুষ্ট হুঁচৰি হৈছে বিহুৰ দিনত পুৰুষসকলে গৃহস্থৰ চোতালে চোতালে গোৱা এক বছেৰেকীয়া মাংগলিক অনুষ্ঠান । হুঁচৰিত পুৰুষে গোৱা বিহুনামবিলাক খুবেই মাৰ্জিত । গাভৰু বো জেং বিহুত যেনেকৈ পুৰুষৰ স্থান নাই ঠিক তেনেকৈ হুঁচৰিতো নাৰীৰ স্থান নাই । কিন্তু বৰ্তমান কালৰ এচাম তথাকথিত বিহু বিশেষজ্ঞ আৰু নগৰীয়া বিহু ব্যবসায়ীয়ে “বিহু হুঁচৰি” নামাকৰণেৰে হুঁচৰিত গাভৰু ছোৱালী নচুৱাই হুঁচৰিৰ পৱিত্ৰতা নষ্ট কৰাৰ উপৰিও লোককৃষ্টি বিহুৰ ঐতিহ্য পৰম্পৰাত কুঠাৰাঘাত হানিছে ।
ছ) উজনি দেশলৈ আহিলি বহাগী
চ’তৰ মুৰামূৰি শেষত
সাদিনৰ পিছতে যাবিগৈ বহাগী
আমাকে কন্দুৱাই মনত ।
এতিয়াৰ পৰা প্ৰায় ৩০-৩৫ বছৰৰ আগলৈকে বহাগ বিহু মাত্ৰ সাতদিনলৈকেহে পালন কৰা হৈছিল । সাতদিনৰ পিছত বিহু উৰুৱাই দিয়া হৈছিল । কিন্তু বৰ্তমান কালত বিহু সন্মিলন, বহাগী বিদায় আদিৰ নামত গোটেই বহাগ মাহৰ উপৰিও জেঠ মাহৰ শেষলৈকে বিহু পালন কৰাৰ ধূম উঠিছে, এই নিয়মে কেৱল বিহুৰ ঐতিহ্য পৰম্পৰা বিনষ্ট কৰাৰ উপৰিও অসমৰ অৰ্থনৈতিক ক্ষেত্ৰটো বিৰূপ প্ৰভাব পিলাইছে ।
সামৰণি
কেৱল উপৰুক্ত বিষয়কেইটাতে যে বিহু বিজতৰীয়া হৈছে বা বিহুৱে ঐতিহ্য পৰম্পৰা হেৰুৱাইছে সেইটো নহয় । বিহুক আৰু বহু প্ৰকাৰে বিজতৰীয়া কৰা হৈছে । কিন্তু এই ক্ষুদ্ৰ লেখনিৰ দ্ধাৰা সিমানখিনি বিষয় ভাঙি ধৰিব পৰাটো সম্ভৱ নহয় । যেই হওক বিহুৰ এই বিজতৰীয়া ৰূপ সমূহক প্ৰতিৰোধ কৰি পুনৰ ঐতিহ্য পৰম্পৰা ঘূৰাই অনাৰ উদ্দেশ্য ২০১০ চনত গঠিত হয় “বিহু সুৰক্ষা সমিতি অসম” ( সদৈ অসম বিহুৱা, বিহুৱতী, বিহু বিশেষজ্ঞ আৰু বিহু বিচাৰক সমিতি) নামৰ সমিতি এখন । এই দুবছৰীয়া কাৰ্যকালতে সমিতিখনে অসমৰ ২৬ খন জিলাতে ইয়াৰ জিলা সমিতি গঠন কৰিবলৈ সক্ষম হৈছে । আমি ভাৱো যে অসমৰ বৌদ্ধিক সমাজ, বিহু গবেষক, পণ্ডিত, সচেতন ব্যক্তি আৰু লোকসমাজে এই সমিতিখনক সকলো দিশতে দিহা পৰামৰ্শ
দি সহায় কৰিলে নিশ্চয় আমাৰ বাপতিসাহোন স্বৰূপ ৰঙালী বিহুটি ঐতিহ্য পৰম্পৰাৰে সুৰক্ষিত হৈ থাকিব । আৰু আমি মনত ৰখা ভাল যে বিহু থাকিলেহে অসমীয়া জাতি জীয়াই থাকিব ।
(আমাৰ এই নিৱন্ধিত বিহু সুৰক্ষা সমিতিৰ অসমৰ মুখপত্ৰ ৰঙালীৰ এইবছৰ (২০১৩) ৰঙালী বিহু সংখ্যাত পূৰ্বে প্ৰকাশিত) - লিখক ।