মোৰ গাঁও/এমুঠি ভাবনা ✍ধ্ৰুৱজ্যোতি ফুকন, নাহৰকটীয়া

(ক)
ব'হাগী পথাৰ
দুটা বলধ
এটা কলীয়া, এটা কজলা
ব'হাগী বোকাৰে ৰ'দে পোৰা পিঠি
জোঁৱলিৰে আচোঁৰা গলেৰে
বোকা ফলা বলধ
(খ)
ব'হাগী পথাৰ
দুটা বলধ
আৰু এজাক বৰষুণ
চেচুঁকনিৰ শূলেৰে খুচা তলুৱা
ঘূৰ-ঘূৰ, চাপ-চাপ
ঘূৰি আহ, চাপি আহ
(গ)
এজাক বগাকৈ বগলী
গলগৈ উৰা মাৰি !
মাছোৱৈৰ আগজাননী
গৰৈ ,কাৱৈ, পুঠি...
(ঘ)
গাঁও মোৰ আপোন
নহয় নতুন
ঔবাৰীৰ চেচুঁকনি
অকোঁৱা পকোৱা বাটেৰে কঠিয়াতলি
খুৰীৰ বিহুগীতটি
(ঙ)
গাঁও মোৰ আপোন
নহয় নতুন
হালোৱা কাইৰ জেওৰা নতুন
কেচাঁ মাটিৰ গোন্ধ
"গল ব'হাগ
আহিল বহা'গ
একেই কলীয়া-কজলা
একেই ঔবাৰীৰ চেচুঁক
একেই কেচাঁ মাটিৰ গোন্ধ"
গাঁও মোৰ আপোন
নহয় নতুন ৷