মহাবীৰ লাচিত ✍ চাও ঋতুৰাজ ফু-কন

হে মহাবীৰ লাচিত
তোমাৰ বীৰত্বৰ কথা শুনিছো 
তুমি সঁচাই এজন মহান বীৰ
নৰিয়া দেহাৰেও যুঁজ কৰি
দেশৰ শত্ৰু ক খেদিলা.
কিন্তু
চোৱা বীৰ চোৱা
আজি তোমাৰ দেশৰ অৱস্থা
বুঢ়া মানুহৰ দৰে হ'ল
তোমাৰ এই দেশ
হাত ভৰি ভাঙি কোঙা হ'ল
অসমী আইৰ ৰক্ষা ৰ হকে
নাহে কোনো ওলাই
যেন
সকলো শুই আছে
গভীৰ নিদ্ৰাত
হে বীৰ তুমি আহা
আকৌ
হাতত তুলি লোৱা তোমাৰ
হেংদাং
আৰু আগুৱাই লৈ যোৱা
তোমাৰ প্ৰজাক
তোমাৰ অবিহনে আজি
অসমীয়া জাতি দিশহাৰা
হে বীৰ আহা তুমি এবাৰ আহি
চাই যোৱা তোমাৰ দেশৰ দুৰ্দশা । । । । ।