আত্মতুষ্টি✍ চাও ৰাজীৱ ৰাজখোৱা

হস্পিতেলৰ গেটখনৰ মুখে মুখে ফাৰ্মাচীখন ৷ ব্যৱধান মাথো পকী ৰাষ্টাটো যাৰ কাষে কাষে শাৰী পাতি ইলেক্ট্ৰিক খুটাবোৰ নগৰৰ পৰা আহিছে ৷ বয়সৰ ভৰত দোলিপৰা বুঢ়াৰ দৰে তাঁৰবোৰ তললৈ হাউলি পৰিছে৷ খুটাবোৰত ৰ'দে বৰষুণে তিতি উৱলি যোৱা নিৰ্বাচনী প্ৰচাৰৰ বেনাৰবোৰ ৷ ৰঙীণ ফটোবোৰ বতাহত ফালি-চিৰি বিকলাংগ হৈ পৰিছে ৷ যেন অসহায় ভাৱে পুনৰুদ্ধাৰৰ বাবে কাতৰহে কৰিছে ৷
হাতত প্ৰেচক্ৰিপচন লৈ ৰোগীৰ আত্মীয় সকলৰ সঘন আহ-যাহ ফাৰ্মাচী খনলৈ ৷ শংকিত মুখাৱয়বত ওলমি থাকে কোনো হৰৰ চিনেমাৰ অসামাপ্ত কাহিনী ৷ ফাৰ্মাচীখনৰ কাষতে ঠিয়হৈ থকা কাৰেন্টৰ খুটাটোত আওজি সেইজন মুচী জন ৷ কাম নথকা সময়খিনিত হাতত ক'লা-মুগা বৰণৰ ব্ৰাচডাল লৈ মানুহবোৰৰ ভৰিলৈ চায় ৷ ভৰিৰ পৰা লাহেকৈ ওপৰৰ চকুলৈকে একোবাৰ নিৰিক্ষণ কৰি বাট চায় কিজানি কিবা এষাৰ কয় ৷ কাষেৰে পাৰহৈ যোৱা জনক লাহেকৈ মাত এষাৰ দিয়ে - "বাবু, পলিচ কৰাই লওঁক" ৷
খুটাটোৰ অন্যকাষত মগনীয়াজন ৷ "দাদা, পুৱাৰ পৰা একো খোৱা নাই, কিবা এটা দিয়ক না "৷
নিয়ম নমনা অট', টেম্পু কেইখনক অস্থায়ী আউটপোষ্টৰ পুলিচ কেইজনে লাঠিডালেৰে গাড়ীত কোবাই কোবাই গেটৰ সন্মুখৰ পৰা খেদিছে ৷
"এই কেইটা এন্টিবায়টিক, গোটেই কেইটা বিৰাম নিদিয়াকৈ খাব৷ বাকীখিনি জানিছেই নহয় ৷ এতিয়াৰ পৰা সাৱধান হ'ব বাইক চলাওঁতে৷ "
"মই সাৱধান হ'লে কি হ'ব? জমে খেদি নিয়াৰ দৰে চলাই যোৱা সেইমখাক কোনে সাৱধান কৰিব? " মনতে কলো যদিও "হয় হয় " বুলি মূৰ দুপিয়াই ডাক্তৰৰ ওচৰৰ পৰা ওলাই অাহিলোঁ ৷
"দাদা, উঠক, টাউনলৈ দহটকা দিলেই হ'ব ৷" "দাদা, ইয়াত উঠক, আমি আগত যাম৷"
ফটা জোতাৰে লেঙেৰাই লেঙেৰাই হস্পিটালৰ গেটত অট'ৱালাৰ টনা আঁজোৰা৷ এটালৈ খঙেৰে চালোঁ ৷ বাকীবোৰেও কিবা বুজিলে কিজানি, আৰু টনা আঁজোৰা নকৰিলে ৷ লগৰটোৰ কান্ধত ধৰি ধৰি ফাৰ্মাচীলৈ আগবাঢ়িলোঁ৷ মুচীজনলৈ চকু পৰিল৷ সি মোৰ ফটা জোতা পাতলৈ এবাৰ মোলৈ এবাৰ চাই আছে ৷ তাৰ ব্যাকুলতা বুজিব পাৰলোঁ ৷
কাষৰ ভিক্ষাৰীজনে হাতখন আমাৰ ফালে আগবঢ়াই দি পুনৰ পিছুৱাই নিলে ৷ আমি পাৰহৈ যোৱাৰ পিছত পুনৰ আগৰ বাক্যশাৰী মাতিলে - "দাদা, কিবা এটা দিয়কনা, পুৱাৰ পৰা একো খাব পৰা নাই ৷"
লগৰজনক ক'লো, "মোক মুচীজনৰ কাষলৈ লৈ ব'ল ৷"
সি অাঁচৰিতহৈ সুধিলে- কিয়?
-জোতাপাত চিলাব লাগে ৷
-টকা দেখুন ঔষধ লবলৈয়ে টনাটনিৰ হৈ আছে ৷
-ঔষধ পিছত৷
-তই পগলা হলি নেকি? ভৰিটো ফাটি- চিটি অৱস্থাই নাই, ভাল হাড় নাঙাঙিল ৷ ঔষধ নাখালে…
-হব, ভাল হব, আগতেও হৈছে ৷ মই ঔষধ খাবলৈ বেয়া পাওঁ ৷
জোতাপাত মেৰামতি কৰি ভিক্ষাৰীজনক এসাঁজ ভাতৰ দাম দি অহাৰ পৰতো সি মোক একো নকলে৷ ময়ো নকলোঁ যে মুচীজনৰ আৰু ভিক্ষাৰী জনৰ দুখৰ সময়তো মোৰলৈ থকা সহানুভুতিৰ বাবে নিজৰ যন্ত্ৰণাক তুচ্ছ কৰি টকা কেইটা দি আহিলোঁ ৷