তাঈ পৰম্পৰাগত সাজপাৰ

একোটা জাতি-জনগোষ্ঠীৰ প্ৰথম পৰিচয় বহন কৰে সেই জনগোষ্ঠী বা জাতিটোৰ ভাষা,সংস্কৃতি আৰু নিজস্ব পৰম্পৰাগত সাজ যোৰে। আমিও ত্তাঈ আহোমৰ সেই গৌৰবক জীয়াই ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰি যাব লাগিব।
আমাৰ প্ৰচেস্টা, গৌৰব্বোজ্জল ইতিহাসক ধৰি ৰখা। ইয়াৰ বাবে আমিয়েই জানো একত্ৰিত হ'ব নেলাগিব? সকলো ত্তাঈ আহোমেই যদি নিজস্ব পৰম্পৰাগত সাজ যোৰ পিন্ধে আমাৰ প্ৰচেস্টা বহুখিনি সফল হ'ব।
পৰম্পৰাগত সাজ যোৰ যদি পিন্ধিব বিচাৰে +91 97064 98687,+91 8011672404 যোগাযোগ কৰি ক্ৰয় কৰিব পাৰে। home delivery যোগেদিও ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব।








সম্পূৰ্ণকৈ পঢ়ক »

NOTICE (Membership Form)

ডয় পাৎকাই সমাজৰ সদস্য ভৰ্তি প্ৰ পত্ৰ। অনুগ্ৰহ কৰি তলৰ ফৰ্ম দুখন ডাউনলোড কৰি তলৰ ঠিকনাত ৩১ মে' ৰ ভিতৰত  পঠিয়াবলৈ অনুৰোধ জনোৱা হ'ল। সদস্যভৰ্তিৰ মাচুল ১০০ টকা।
 ঠিকনা

DOI PATKAI SOCIETY
Vill: Lezai
P:O:  Lezai
PIN: 786007
Dist: Dibrugarh
(c/o: Chao Harshajit Handique)



সম্পূৰ্ণকৈ পঢ়ক »

(সম্পাদকীয়) আহোম ৰেচিদেঞ্চিয়েল স্কুল- খণ্ড ২ ✍চাও নগেন হাজৰিকা

প্ৰথম পাঠ- আহোম ৰেচিদেঞ্চিয়েল স্কুলত শিকোৱা প্ৰথম পাঠটো হ’ল এটা প্ৰাৰ্থনা।বৃটিছে আহোমৰ ওপৰত হিন্দুত্বৰ কম্বলখন জাপি দিয়াৰ পাছত মুষ্টিমেয় কেইজনৰ বাহিৰে বাকীবোৰ ‘বুৰ্বক’ আহোমে নিজকে হিন্দু বুলি ধৰি লৈ নিজৰ ল’ৰা ছোৱালীবোৰক স্কুলত এই প্ৰাৰ্থনাটো গোৱাত কোনো ধৰনৰ হকা বাধা প্ৰদান নকৰিলে।কিন্তু মুছলমান ল’ৰা ছোৱালীবোৰক এই প্ৰাৰ্থনাটো গোৱাত পিতৃ মাতৃ বা অভিভাৱক সকলে বাধা দিলে।তেওঁলোক প্ৰাৰ্থনাটো গোৱাৰ সময়ত আঁতৰি থাকিল। আহোমবোৰ হিন্দু নোহোৱাৰ স্বত্বেও সেইটো গাই থাকিল। প্ৰাৰ্থনাটো হ’ল-
“পাৱে পৰি হৰি, কৰহো কাতৰি
প্ৰাণ ৰাখবি মোৰ
বিষয় বিষধৰ বিষে জৰজৰ
জীৱন নাৰহে মোৰ”
(পাছত প্ৰাৰ্থনাটো সলনি কৰি ‘তুমি চিত্ত বৃত্তি মোৰ,প্ৰবৰ্তক ’ প্ৰাৰ্থনাটো introduce কৰা হ’ল।সেইটো বেলেগ কথা, তাৰ বিষয়ে পাছত লিখিম।)
এতিয়া পূৰ্বৰ প্ৰাৰ্থনাটো অলপ বিশ্লেষণ কৰো আহক- প্ৰথমে আহো ‘হৰি’ শব্দটোলৈ। হৰি(not Harry Pottar) হ’ল শ্ৰীকৃষ্ণ, তেওঁক বহু নামেৰে জনা যায়। তেওঁ জন্ম হৈছিল ক্ষত্ৰিয়ৰ ঘৰত, ডাঙৰ দীঘল হৈছিল বৃন্দাবনৰ এটা গোৱাল পৰিয়ালত।তেওঁ ক্ষত্ৰিয়ৰ ঘৰত জন্ম হোৱা সত্বেও আছিল কিচ কিচকে ক’লা; যাৰ বাবে তেওঁৰ নাম ৰখা হৈছিল ‘কৃষ্ণ’।কিন্তু দেখাত বৰ ধুনীয়া আছিল বাবে অবিবাহিতা গাভৰু আৰু বিবাহিতা বোৱাৰীবোৰে ভাল দেখিছিল।সেই সুযোগতে তেওঁ সেই গাভৰুবোৰৰ লগত প্ৰেম কৰাৰ সুবিধা পাইছিল।তদুপৰি তেওঁৰ এটা সদগুণ আছিল, সেইটো হ’ল বাঁহী বাদন। এই দুই গুণৰ বাবে তেওঁ অবিবাহিত কালত এজন বিখ্যাত Play Boy হিচাপে পৰিগণিত হৈছিল।অৱশ্যে বিয়া পতাৰ পাছতো তেওঁ পৰৰ স্ত্ৰী গাভৰুৰ লগত প্ৰেম কৰিয়েই থাকিল। তেওঁ হৈ পৰিল এজন “Lady Killer” ।সেই সময়ত বৃন্দাবনত প্ৰেম কৰিব পৰা ১৬০০ জীয়ৰী বোৱাৰী আছিল। সকলোবোৰ গোৱাল বা যাদৱ অথবা গোপ পৰিয়ালৰ আছিল। সেয়েহে এই সকলোবোৰ ‘গোপিনী’ আছিল। এই সকলোবোৰৰ লগত তেওঁ ‘ৰাস লীলা’ চমুকৈ ‘লীলা’ কৰিছিল। এইটো তেওঁৰ এটা Mania আছিল। সি যি কি নহওক অসমত এটা প্ৰবাদ আছে। সেইটো হ’ল-
“ কৃষ্ণই কৰিলে লীলা
আমি তেনে কৰিলে
ধৰি বান্ধি কিলা….”(Sexomania)
বহুতে ক’ব বিচাৰে যে ‘হৰি’ শব্দটো ‘হৰণ’(গাভৰু) শব্দৰ অপ্ৰভ্ৰংশ। সি যি কি নহওক শ্ৰীকৃষ্ণ আছিল ভাৰতবৰ্ষৰ এজন Sexy Person, তেওঁৰ সমান হ’ব পৰা আজিলৈকে বোধহয় ওলোৱা নাই।
বহুতে সোধে, শ্ৰী কৃষ্ণৰ মাতৃ ভাষা কি আছিল আৰু কৌৰৱ পাণ্ডৱ সকলৰো মাতৃভাষা কি আছিল? ‘ বৃন্দাবন’ বা ‘ব্ৰজভূমি’ বা ‘ ব্ৰীজভূমি’ত সেই সময়ত প্ৰচলিত আছিল ‘ব্ৰজাৱলী’ ভাষা আৰু নিশ্চিত ভাৱে শ্ৰীকৃষ্ণ আৰু কৌৰৱ পাণ্ডৱৰ মাতৃভাষা আছিল ব্ৰজাৱলী।অন্য এটা আনুসংগিক প্ৰশ্ন –শ্ৰী কৃষ্ণই সংস্কৃত ভাষাটো জানিছিল নে নাই? তেওঁ দিয়া উপদেশাৱলীয়েই হ’ল সংস্কৃতত লিখা ‘গীতা’ পুথিখন।গীতাপুথিখনৰ সংস্কৃত খিনি শ্ৰীকৃষ্ণই সংস্কৃতত কোৱা কথাখিনি নে ব্ৰজাৱলী ভাষাৰ পৰা সংস্কৃতলৈ কৰা অনুবাদ খিনি? যদি তেওঁ ব্ৰজাৱলী ভাষাত অনুবাদ খিনি প্ৰদান কৰিছিল আৰু তাৰ পাছত অন্যকোনোৱে সংস্কৃতলৈ অনুবাদ কৰিছিল। তেন্তে তেওঁ দিয়া উপদেশ আৰু সংস্কৃতত লিখা কথা খিনিৰ মাজত নিশ্চয় পাৰ্থক্য আছে।থাকিবই, কাৰণ যিমান ভাষাজ্ঞ বা বিদ্বান সিজন নহওক, অনুবাদত পাৰ্থক্য থাকিবই।তেনেহ’লে শ্ৰীকৃষ্ণই ব্ৰজাৱলী ভাষাত কোৱা কথা আৰু সংস্কৃতত লিখা গীতাৰ ভাষাৰ মাজত তাৰতম্য থাকিবই।কাৰণ অনুবাদকাৰীৰ চিন্তন, Concept আৰু Idea কিছুমান আৰু নিজা সম্প্ৰদায়ৰ ভাৱ ধাৰা অনুবাদত সোমাবই।যেনেকৈ ‘আহোম বুৰঞ্জী’খন মূল তাঈ আহোম ভাষা (সাঁচি পাতৰ পুথিৰ লিখি থোৱা)ৰ পৰা গোলাপ বৰুৱাই অনুবাদ কৰোতে ব্ৰাহ্মণ্য চিন্তাধাৰা তাত সোমোৱাই দিলে আৰু তাৰ যোগে গোটেই ‘আহোম বুৰঞ্জী’খনক হিন্দুকৰণ কৰা হ’ল। শ্ৰীকৃষ্ণই কোৱা কথাবোৰ ব্ৰজাৱলীৰ পৰা সংস্কৃতলৈ অনুবাদ কৰা হৈছিল নিশ্চয় এজন ব্ৰাক্ষণৰ দ্বাৰাই, কাৰণ সেই সময়ত সংস্কৃত ভাষাটো কোৱা, লিখা আৰু প্ৰৱৰ্তন কৰাটো ব্ৰাহ্মণ সকলৰ Monopoly (একছত্ৰতা)আছিল।ব্ৰজাৱলী ভাষাৰ পৰা সংস্কৃতলৈ অনুবাদ কৰোতে গীতা খনত ব্ৰাহ্মণ সম্প্ৰদায়ৰ চিন্তন অথা ভাৱ ধাৰা গীতা খনত ভৰাই দি গোটেইখন বুন্দিয়া ভুজিয়া নিশ্চয় কৰা হ’ল।শ্ৰীকৃষ্ণ তথা কৌৰৱ পাণ্ডৱে সংস্কৃত জনা নাছিল কাৰণ সেই সময়ত সংস্কৃত ভাষাটো ব্ৰাহ্মণৰ একছত্ৰ এলেকাৰ ভিতৰত পৰিছিল।গতিকে গীতাখনত থকা কথাবোৰ শ্ৰীকৃষ্ণই কোৱা উপদেশবোৰৰ অপ্ৰভ্ৰংশহে Original নহয়।
আহো গীতাৰ উপদেশবোৰলৈ। ধৰি ল’লো শ্ৰীকৃষ্ণই দিয়া উপদেশবোৰেই As it is সংস্কৃতত লিখা কথাবোৰ হয়। তাতো বহুতো অসামঞ্জস্যতা দেখা যায়। প্ৰথমটো হ’ল উদ্দেশ্য আৰু উপায়। কিবা এটা উদ্দেশ্যত উপনীত হ’বলৈ আমি কি উপায় অৱলম্বন কৰিম- সেইটোক লৈ J.S Mill আৰু অন্যান্য দাৰ্শনিক সকলে Renaissance Periodত বহুতো যুক্তি প্ৰতিযুক্তি প্ৰশ্ন কৰিছিল।কিছুমানে কৈছিল যে উদ্দেশ্যটো যদি ভাল তেন্তে আমি যেই কোনো উপায় অৱলম্বন কৰি উদ্দেশ্যটো হাছিল কৰিব লাগে।দাৰ্শনিক সকল জাঙুৰ খাই উঠিল। ক’লে উদ্দেশ্য ভালেই হওক বা বেয়াই হওক উপায়টো সদায় ভাল হোৱা উচিত।অন্যথা বদ উপায় অৱলম্বনে মানৱতা বিৰোধী সমাজ বিৰোধী আৰু নৈতিকতা বিৰোধী কাম কৰোৱাত সফল হ’ব। নৈতিকতা শাস্ত্ৰই কয় যে সদায় সৎ হৈ থাকিবা, সৎ কৰ্ম কৰিবা আৰু সত্যৰ বাহিৰে অন্য উপায় কোনোদিনে অৱলম্বন নকৰিবা। ধৰ্ম নৈতিকতাৰ ওপৰত প্ৰতিষ্ঠিত আৰু সেয়েহে কোনো ধৰ্মই নৈতিকতা বিৰোধী কাম কৰাত বাধা দিয়ে।
অন্য হাতেদি শ্ৰীকৃষ্ণই কি কৰিছিল? তেওঁৰ উদ্দেশ্য আছিল কৌৰৱৰ পৰা পাণ্ডৱলৈ ৰাজ্যখন ঘূৰাই অনাৰ। উদ্দেশ্যটো ভাল আছিল নে বেয়া আছিল সেইটো Determine কৰিব পৰা যায় সেই সময়ত প্ৰচলিত ৰাজনীতিৰ পৰিৱেশৰ ওপৰত।সেইটো এই লিখনিৰ উদ্দেশ্য নহয়। এই লিখনিৰ উদ্দেশ্য হ’ল উপায় অৱলম্বন। শ্ৰীকৃষ্ণৰ উপায়টো গীতা শাস্ত্ৰত উল্লেখ কৰা মতে আছিল অৰ্জুনৰ ৰথৰ সাৰথি হৈ অৰ্জুনক পৰামৰ্শ দি দি কৌৰৱক ধ্বংস কৰাৰ। শ্ৰীকৃষ্ণই অৰ্জুনক যিবোৰ পৰামৰ্শ দিছিল তাত নিশ্চয় চিৰসত্য কিছুমান বহুমূলীয়া উপদেশ আছিল। কিন্তু সেই সত্য উপদেশবোৰৰ তলত লুকাই আছিল বদ উদ্দেশ্য। এই বিষয়ে তলত চমুকৈ আলোচনা কৰিম।কিন্তু তাৰ আগতে কও যে আজিৰ দিনৰ পৰিভাষা অনুযায়ী শ্ৰীকৃষ্ণ আছিল পাণ্ডৱৰ Counseller কিন্তু ‘বিপথ পৰিচালক’ হিচাপেহে আজিৰ পৰিভাষাই গ্ৰহন কৰিব।Religions Festival জাক জমকতা তথা জিলিক জালাকবোৰে যেনেকৈ মানুহক আকৰ্ষণ কৰে তেনেকৈ গীতাত উল্লেখিত চিৰ সত্য কথাবোৰ মাত্ৰ জাক জমকতাৰ বাবে শ্ৰীকৃষ্ণই প্ৰয়োগ কৰি অন্তৰ্নিহিত উদ্দেশ্য কৌৰৱৰ ধ্বংসকৰণত উপনীত হোৱাত সফল হৈছিল।এয়া হ’ল নৈতিকতাক জ্বলাই খাক কৰা কাৰ্য।তথাকথিত উচ্চ হিন্দুবোৰে বেয়া ফালটো আওকান কৰে আৰু ভালখিনিৰ কথা বখানি বখানি ‘গীতা’খন যে মাত্ৰ ভালেহে সেই কথা জাহিৰ কৰি ফুৰে।কিন্তু শ্ৰীকৃষ্ণই যিটো উপায় অৱলম্বন কৰি কৌৰৱ ধ্বংস ক্ৰমে পাণ্ডৱক পুনৰ ৰাজপাটত বহালে, সেই উদ্দেশ্য অৱলম্বনটোক আজিৰ নৈতিকতাৰ পৰিভাষাই গৰিহণা দিয়ে।
MITTOCHONDRIAL EVE THEORY মতে মানৱৰ প্ৰথম আৱিৰ্ভাৱ হৈছিল আফ্ৰিকাত।মানৱৰ যেতিয়া লাহে লাহে বিকাশ ঘটিল, সেই মানৱক Anthropologyৰ পৰিভাষাত Homo Sapiens বুলি কোৱা হয়।১৫০০০০ বছৰ আগতে আফ্ৰিকাত বসবাস কৰা এই হ’ম’ ছেপিয়েন সকল লাহে লাহে উত্তৰ দিশলৈ পৰিগমন কৰি কৰি এছিয়া অষ্ট্ৰেলিয়া আৰু ইউৰোপৰ এলেকা সমূহত ৬০০০০ বছৰৰ সময়ছোৱাত ভৰি পৰিছিল।তাৰ পিছত Multiregional Evolution(ভিন্ন এলেকাত বিৱৰ্তন) ঘটিল।৪০০০০ বছৰৰ আগতে বিকশিত হোৱা মানৱক Homo erectus কোৱা হয়। ভৌগোলিক পৰিৱেশ, প্ৰাপ্ত খাদ্য, কৰণীয় কৰ্মৰ ওপৰত ভিত্তি কৰি বিভিন্ন ঠাইত বিভিন্ন ধৰণে মানৱৰ বিকাশ ঘটিবলৈ ধৰিলে।ফলত এটা সময়ত ক’কেছিয়ান,মংগোলইড,নিগ্ৰো আৰু অস্ত্ৰিক- এই চাৰি ফৈদত মানৱৰ বিকাশ ঘটিল।যি সকল Homo sapien অষ্ট্ৰেলিয়া আৰু ইণ্ডোনেচিয়া(আংশিক) এলেকাত সোমাই কম বিকশিত হ’ল, সেই সকল হ’ল অস্ত্ৰিক, নিগ্ৰো সকলো বিকাশৰ ক্ষেত্ৰত পিছ পৰি থাকিল। ককেছিয়ান আৰু মংগোলইদ সকল সমান্তৰালভাৱে বিকশিত হৈ গৈ থাকিল।মংগোলইদ সকলৰ বিকাশৰ কেন্দ্ৰ আছিল Altai(অলতাঈ) পৰ্বত আৰু ইয়াৰ পাদ দেশ। ককেছিয়ান সকলৰ আছিল ককেছাছ পৰ্বত আৰু পাদ এলেকা। মংগোলইদ সকল সমগ্ৰ এছিয়াত ভৰি পৰিল আৰু ককেছিয়ান সকল ইউৰোপত।মংগোলইদৰ এদল মানৱ বেৰিং সাগৰৰ বৰফৰ ওপৰেদি পাৰ হৈ বৰ্তমানৰ আমেৰিকাৰ পশ্চিম ফালত অৱস্থিত আলাস্কাত সোমাল আৰু তাৰ পাছত Batch by batch প্ৰৰ্বজন হোৱাৰ ফলত তেওঁলোক ক্ৰমে দক্ষিণলৈ গতি কৰি বসবাস কৰা হেতু সমগ্ৰ উত্তৰ আৰু দক্ষিণ আমেৰিকাত মংগোলইদ সকল সোমাই পৰিল আৰু কালক্ৰমত একো একোটা সভ্যতা গঢ়ি তুলিলে।কিছুমান মংগোলইদ আৰু নিগ্ৰোৰ মাজত মিলন ঘটাত ছেমিতিক মানৱৰ জন্ম হ’ল আৰু তেওঁলোক মধ্য প্ৰাচ্যৰ মৰুভুমি আৰু নিকটৱৰ্ত্তী এলেকাসমূহত বসবাস কৰিবলৈ ধৰিলে।অলতাঈ পৰ্বতৰ পৰা দক্ষিণলৈ নামি গৈ মংগোলইদ জনগোষ্ঠী এটাই ‘ছুং-কুৱ’ত ৰাজ্য স্থাপন কৰি কেইবাহাজাৰ বচৰ ধৰি ৰাজত্ব কৰি থাকিল।তিব্বত অঞ্চলৰ কায়-লাছ(কৈলাশ) পৰ্বতত যিটো সভ্যতা গঢ়ি উঠিছিল সেইটো সমগ্ৰ ভাৰতবৰ্ষ তথা উত্তৰ পশ্চিম এছিয়া এলেকাত বিয়পি পৰিছিল।ইতিমধ্যে কোনো বিশেষ কাৰণত পৰৱৰ্ত্তী সময়ত কিছুমান নিগ্ৰো গৈ শ্ৰীলংকা তথা দক্ষিণ ভাৰতত উপনীত হৈছিলগৈ।কম সংখ্যক উজাই গৈ গুজৰাট পালেগৈ আৰু লগত অহা সিংহবোৰ আজিকালি ‘গিৰ ৰিজাৰ্ভ’ত জীয়াই আছে।যি সকল নিগ্ৰো দক্ষিণ ভাৰতত উপনীত হৈছিল সেই সকলে সেই সময়ত তাত বসবাস কৰা মংগোলইদ সকলৰ লগত যুদ্ধ কৰি জীয়াই থাকিব লগা হৈছিল।সেয়েহে যুদ্ধ সম্বৰণৰ উদ্দেশ্যে নিজকে Surrender কৰি তেওঁলোকে শিৱৰ প্ৰতীক শিৱলিংগটো পূজা কৰিবলৈ ধৰিলে যাৰ ফলস্বৰূপে আজি দক্ষিণ ভাৰতত শিৱ পূজা ইমান জনপ্ৰিয়।এই নিগ্ৰো সকল মংগোলইদ সকলৰ লগত Cross হৈ হৈ এটা নতুন Raceৰ সৃষ্টি কৰিলে সিটোৱেই হ’ল ড্ৰাবিড় জাতি।তেওঁলোক আৰ্য আৰু মংগোলইদ সকলতকৈ পৃথক। এওঁলোক সকল অনাৰ্য। ৰামায়ণৰ পটকথাই এই কথাৰ ইংগিত দিয়ে।
আৰ্য সকল আছিল খেতি বাতি কৰিব নজনা ‘পৰৰ ওপৰত বৰ্তি থকা’ এবিধ মানৱ( সেয়েহে আজিও ব্ৰাহ্মণ সকলে খেতি বাতি নকৰে, খেতি কৰিলে জাত যায় বুলি তেওঁলোকে ভাৱে আৰু কয়।‘আক দেখি তাক, সোণৰ বনোৱা নাক’ অনুকৰণ কৰি অনাৰ্য অৰ্থাৎ শূদিৰ শ্ৰেণীভুক্ত মহন্ত সকলেও খেতি বাতি নকৰে, কৰিলে জাত যাব) প্ৰজাতি। তেওঁলোক ‘ ভাৰতবৰ্ষলৈ’ অহাৰ পাছত ইয়াত বৰ্তি থাকিবৰ বাবে মংগোলইদ শাসনকৰ্তা সকলক আৰ্যকৰণ কৰি ‘ক্ষত্ৰিয়’ সাজিলে, বেপাৰ বাণিজ্য কৰা সকলক বৈশ্য বনালে আৰু বাকীবোৰক শূদ্ৰ অৰ্থাৎ শূদিৰ বনালে।তেতিয়া ভাৰতবৰ্ষত থকা ড্ৰাবিড় প্ৰসূত সকলো হ’ল শূদ্ৰ।গোৱাল ,যাদৱ, গোপসকল শূদ্ৰ আছিল আৰু আজিও ‘দলিত’ হৈয়ে আছে।শ্ৰীকৃষ্ণও আছিল ক্ষত্ৰিয় আৰু প্ৰতিপালিত ড্ৰাবিড় প্ৰসূত অনাৰ্যৰ সমাজত আৰু তেওঁৰ গাভৰু পটোৱাৰ বুদ্ধি তথা দুষ্ট ৰাজনীতিৰ বুদ্ধি সম্পন্ন হোৱা হেতু আৰ্য সকলে হাৰ মানি তেওঁক Regard কৰিবলৈ ধৰিলে আৰু পাছলৈ যাদৱবংশীয় লোকৰ সংখ্যা Majority হোৱা হেতু উপায়ন্তৰ হৈ সেই Regardক Venerationৰ ৰূপ দিলেগৈ। সেই Venerationকে যাদৱ আৰু অন্যান্য সকলে Worshipৰ ৰূপ প্ৰদান কৰাত শ্ৰীকৃষ্ণ হৈ পৰিল ঈশ্বৰ তথা বিষ্ণুৰ ‘অৱতাৰ’। শ্ৰীকৃষ্ণক বৈদিক নীতিত পূজা কৰা হ’ল।‘সত্যনাৰায়ণ পূজা’ তাৰেই এক অৱশেষ। অন্য হাতেদি ৰামানুজে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাত তাকে অনুকৰণ কৰি অসমতো বৈষ্ণৱ ধৰ্মৰ অৱতাৰণা কৰা হ’ল। ঘাই প্ৰৱৰ্তকজনৰ বেদৰ জ্ঞান আহৰণ কৰাত Mis conceptualization বোৰে গা কৰি উঠাৰ ফল স্বৰূপে ব্ৰহ্মা, বিষ্ণু, ৰুদ্ৰৰ মাজত থকা ব্যৱধান খিনিৰ প্ৰতি অজ্ঞতা প্ৰদৰ্শন কৰিলে।‘ ব্ৰহ্ম সত্য জগত মিথ্যা, বষ্ণৈৱ জীৱ নাপৰ’ বাক্যৰ শংকৰাচাৰ্য আৰু ৰামানুজে যি অৰ্থ পৰিৱেশন কৰিছিল সেই অৰ্থৰ পৰা তেওঁ ফালৰি কাটি গ’ল।(আগলৈ)
সম্পূৰ্ণকৈ পঢ়ক »

অসমৰ তাই সকলৰ গুৰি বিছাৰি ✍ চাও মন্টু গগৈ, আমগুৰি

ষষ্ঠশতিকাত চীনৰ ননচাও আৰু পাং ৰাজ্যৰ
পৰা বহু তাই জাতিৰ মানুহ খুনলোঙ আৰু
খুনলাইৰ নেতৃত্বত সদলবলে আহি মেকং
নৈৰ পশ্চিম উপত্যকাত বসতি কৰিবলে ললে ,
থাই খনৰ নাম হল মুঙ ৰি মঙ ৰাম (মঙ-দেশ বা
ঠাই , ৰি-খালি বা শূণ্য , ৰাম- এৰিথৈ যোৱা
অৰ্থাৎ আগতে জনবসতি আছিল যদিও এৰি থৈ
গ’ল), এই ঠাইখন্ড বৰ্তমান চীনৰ য়ুনান প্ৰদেশৰ
দক্ষিন পশ্চিম অংশ , ব্ৰক্ষ্মদেশৰ উত্তৰ অংশ
আৰু থাইলেন্ডৰ কিছু অংশ অন্তৰগত৷
খুন লুঙে ভায়েক খুন লাইক মঙ ৰি মঙ ৰামৰ
ৰজা পাতে আৰু ইয়াৰ উচৰতে মঙ খু মঙ য়াও
নামৰ এখন নতুন ৰাজ্য পাতি ৰজা হয় ৷ এই
ৰাজ্য ম্যানমাৰৰ উত্তৰ পশ্চিমৰ ইৰাবতি আৰু
চাইলুইন নদীৰ মাজৰ কিছুঅংশ আৰু মেকং
নৈৰ পশ্চিমে থাইলেণ্ডৰ কিচু অংশ অন্তভূক্ত
আছিল ৷ এই ৰাজ্যক মাওচান ৰাজ্যবোলিও
কোৱা হয় , ৷ খুনলুঙৰ সাতজন পুতেক আছিল
তেও নিজৰ ৰাজ্য সাতখন্দত ভাগকৰি তাৰে
ছয়জন পুতেকক যথাক্ৰমে মঙ-তেউ , লা মঙ
তাই , জুন লুং , মঙ কূলা , আভা আৰু তাই তাম
কাং মং মিৎ ৰাজ্যৰ ৰজা পাতিলে আৰু সৰু
পুতেক খুন ছু ক নিজৰ লগত ৰাখি মঙ খু মঙ য়াও
ৰাজ্যত থাকিল , ইয়াৰ পাছত ৭০ বছৰ ৰাজত্ব
কৰাৰ পাছত খুঙলুঙৰ মৃত্যু হয় , আৰু পুতেক খুন ছূ
মঙ খূ মঙ য়াও ৰাজ্যৰ ৰজা হয় ,
খুন লুঙৰ ভায়েক খুন লাইয়ে মঙ ৰি মঙ ৰামত
৭০ বছৰ শাসন কৰাৰ পাছত মৃত্যু হয় ৷ তাৰ
পাছত পুতেক চাও আই জেপ মঙ ৰি মঙ ৰামৰ
ৰজা হয় ৷ ………
খুনলুংৰ ভায়েক খুনলাইয়ে ৭০ বছৰ ৰাজত্ব কৰাৰ পাছত ৬৩৮ খ্ৰীষ্টাব্দত চাও আই-জেপ মংৰি-মং ৰামৰ ৰজা হয় ৷ চাও আই-জেপ অপুত্ৰক আছিল তেও ৪০ বছৰ ৰাজত্ব কৰাৰ পাছত মৃত্যু হয় ৷ তাৰ পাছত মাওচান ৰাজ্যৰ ৰজা খুন-চূকৰ এজন কোঁৱৰক আনি মঙ-ৰি-মঙ ৰামৰ ৰজা পাতে ৷ ২৫বছৰ ৰাজত্ব কৰাৰ পাছত ৭০৩ চনত তেওৰ মৃত্যু হয় ৷ তাৰ পাছত খাম্‌-তিপ-ফা ৰজা হয় ৷ খাম্‌-তিপ-ফাৰ বংশৰ শেষৰ জন ৰজা অপুত্ৰক হোৱাৰ বাবে ১০৩৫ খ্ৰীষ্টাব্দত মাওচান ৰাজ্যৰ খুনলুঙৰ বংশৰ চাও-ত্যা-তো-পঙ ক ৰজা পাতে ৷ এইজন ৰজাৰ পাছত ১০৬২ চনত ত্যাও-ল’-লুঙ মঙ-মাও-লুঙ ৰ ৰজা হয় , মঙ-ৰি মঙ-ৰামক মঙ-মাও-লুঙ বোলিও কোৱা হয় , ৷ এও মঙ-মাও-লুঙ ৰাজ্যক দহখন প্ৰদেশত ভাগ কৰি দহজন ৰাজ কোঁৱৰক গতাই দিয়ে ৷ ইয়াৰ পাছত ইৰাবতী নদীৰ পশ্চিমত মঙ-মিৎ নামৰ এখন ৰাজ্য প্ৰতিস্থা কৰি ইয়াৰ দায়িত্ব খুন-খাম-খেন-ফা ক দিয়ে ৷ তেওৰ তিনি পুত্ৰ চাও-ত-কা , খুন-ই-অং , খু-খাম-চ ৷ চাও তা-কা ৰ পুত্ৰ খুন-কুম-কা ১১৮৫ খ্ৰীষ্টাব্দত মঙ-মিৎ ৰাজ্যৰ ৰজা হয় ৷ চাও খুন-কুম-কাৰ পুত্ৰ হ’ল চাও তাই-পং ৷
শেষত চাও তাই পং মঙ-মাও-লঙৰ ৰজা হয় ৷ চাও তাঈ পং ৰ এজন পুত্ৰ পা মেও পুং আৰু নাং-মুং-ব্লক-খাম-চেং নামৰ এগৰাকী কন্যা আছিল ৷ পাছত চাও পা-মেও-পুং মু-মাও-লুঙৰ ৰজা হয়৷
ইফালে মং-মিৎ ৰাজ্যৰ ৰজা ফুচাং-কাং বা চাও চাং-ন্যেউৱে মুঙ-মাওলুঙ ৰাজ্য অধিকাৰ কৰিবলে বিশাল সৈণ্যবাহিনী লৈ আহে ৷তেতিয়া মঙ-মাওলুঙৰ ৰজা চাও তাই পং ৰ পুত্ৰ চাও পা-মেউ-পুঙ এ আক্ৰমন নকৰিবলে অনোৰোধ কৰি কলে আমি একে গোস্ঠীৰ মানুহ একে মঙ-ৰি-মঙ-ৰামৰ মানুহ ৷ আৰু গাভৰু ভণীয়েক নাং-মুং-ব্লক-খাম-চেঙক চাওচাং-নেউলৈ বিয়া দিলে ৷ আৰু দোয়োৰে বিবাহৰ পাছত জন্মগ্ৰহন কৰিলে মহান অসমীয়াৰ তথা আহোম জাতিৰ পিতৃপুৰুষ “চাওলুঙ চ্যুকাফা” ……… #(ক্ৰমশ)
সম্পূৰ্ণকৈ পঢ়ক »

বিস্মৃতিৰ পৰা বিস্মৃতিলৈ ✍ গোমধৰ আৰু সংগীবৃন্দ বিপুল কুমাৰ বৰুৱা

‘দা ডিচকভাৰী অৱ ইণ্ডিয়া’ গ্ৰন্থৰ এঠাইত পণ্ডিত জৱাহৰলাল নেহৰুৱে কৈছে- ‘অতীতৰ প্ৰতি অন্ধ অনুৰাগ থকাটো বেয়া। তেনেকৈ ঘৃণাভৱ থকাটো বেয়া’। এটাৰ ওপৰতো ভৱিষ্যতৰ ভেটি বান্ধিব নোৱাৰি। বৰ্তমান আৰু ভৱিষ্যতে অনিবাৰ্য ভাবেই গঢ় লয় অতীতৰপৰা আৰু সিহঁতৰ ওপৰত অতীতে ছাপ বহুৱায়। এই কথা পাহৰিলে ভেটি নোহোৱাকৈয়ে নিৰ্মাণকাৰ্য কৰা হব আৰু জাতীয় শিপাডাল কাটি দিয়াহে হব’। অন্ধ অনুৰাগ আৰু ঘৃণা দপয়োকে পাৰিহাৰ কৰি অতীতৰ সঁচা আৰু উপাদেয় ছবি উদ্ধাৰ কৰিবলৈ আমি বুৰঞ্জী বুৰ মাৰিব লাগিব । কিন্ত ইতিহাসবিদ পিটাৰ গিয়েল কৈছে- “একনিষ্ঠ সেৱকৰ কঠোৰ পৰিশ্ৰমৰ বিনিময়তো ইতিহাসৰ অধিষ্ঠাত্ৰী দেৱী ক্লিয়োই সত্যৰ ক্ষীণ অবাহে প্ৰদৰ্শন কৰে, তেওঁ তেওঁৰ অমূল্য সম্পদৰাজিক একোপধ্যে হস্তান্তৰ কৰিব নোখোজে। হ'লেও কঠোৰ অনুশাসনৰ মাজেৰে আগবাঢ়িলে প্ৰকৃত সত্যক চুবগৈ নোৱাৰিলেও তাৰ ওচৰ চাপিব অন্ততঃ পৰা যায় ছাগৈ। ইতিহাস ৰচনাৰ ক্ষেত্ৰত গ্ৰীক-ৰোমীয় সকলৰ তুলনাত প্ৰাচীন ভাৰতক পিছপৰা বোলা হৈছে, কিন্ত বৰ অসমৰ আহোম যুগৰ বুৰঞ্জী সাহিত্যক যে ভাৰতীয় ইতিহাসৰ অমূল্য সম্পদ তাত কাৰো দ্বিমত লাই। পূৰ্বোত্তৰ ভাৰতত খৃষ্ট্ৰীয় ত্ৰয়োদশ শতিকাৰ আৰম্ভণিতে আহোম যুগৰ সূৰ্যোদয় হৈ, বক্ষ্মদেশৰ মানৰ আক্ৰমণ আৰু তাৰেই আলাম লৈ নিমন্ত্ৰিত হোৱা বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতাৰণাত তাৰ সূৰ্যাস্তও হয়। এই কালসন্ধ্যাতে শুকতৰাৰ দৰে জিলিকি উঠে স্বাধীনচিতীয়া উদ্যমী উনৈশ বছৰীয়া ৰাজকোঁৱৰ গোমধৰ, তেওঁৰ কাষে কাষে তিৰবিৰালেহি হেজাৰ স্বাধীনতাপিয়াসী দহাঁ কোঁৱৰ ফুকন, ধনঞ্জয় বৰগোহাঁই, পিয়লি ফুকন, ধৰ্মধৰ ৰাজগুৰু, মইনা খাৰঘৰীয়া, গদাধৰ ডেকা, এখন দীঘল তালিকা। সংগ্ৰামৰ প্ৰথম পৰ্যায় দমন কৰি ইংৰাজে গোমধৰ সমন্বিতে আন ছজনক নিৰ্বাসিত কৰিলে। দ্বিতীয় পৰ্যায়ত গোমধৰ কোঁৱৰ বন্দী হ’ল। তৃতীয় পৰ্যায়ত পিয়লি বৰফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ ফাঁচী, দহাঁ কোঁৱৰ, ধেনুধৰ কোঁৱৰৰ হত্যা আৰু কেইজনৰো নিৰ্বাসিত কাৰাদণ্ড হ’ল। এই সংগ্ৰাম ভাৰতবৰ্ষৰ স্বাধীনতাৰ প্ৰথম সংগ্ৰাম বুলি গৰিমামণ্ডিত হোৱা ১৮৫৭ৰ চিপাহী বিদ্ৰোহৰো প্ৰায় ত্ৰিশ বছৰৰ পূৰ্বৰ অৱহেলিত অধ্যায়। ইয়াৰ বাবে ইতিহাসৰ অধিষ্ঠাত্ৰী দেৱী ক্লিয়োৰ আকুলতাই দায়ী বুলি টিপ্পনি কৰাৰ ইচ্চা সমূলি নাই। ‘নুগুণো নলওঁ’ গম’ৰ দ্বাৰা বিস্মৃতিত নিঃশেষ হ’বধৰা গোমধৰহঁতৰ “গম’ কিন্ত আজি ৰাইজে ‘আবেগেৰেই লৈছে আৰু সেই যথাযোগ্য স্বীকৃতি সৰ্বভাৰতীয় পৰ্যায়ত নোপোৱাৰ কথাষাৰত বিবেকেৰে অগ্ৰসৰ হোৱাৰ সময় এয়া।
ঐতিহাসিক সমলবোৰ কেৰ্কেটুৱাই তামোল গুটাই পুতি থৈ নিজে হেৰুওৱাৰ লেখীয়া হোৱাতকৈ সেইবোৰৰ ব্যৱহাৰ মহিমাময় কলা(sublime art) কহে বৈজ্ঞানিক ইতিহাসবিদে গুৰুত্ব দিয়ে। ৰাষ্ট্ৰীয় অভিলেখাগৰাৰ (১) Foreign Department Consultation 1826-29(২) Assam proceedings belonging to Bengal Govt. of india 1830-57 আৰু (3) Secret consultation 12 March 1830 আদি শিতানত গোমধৰ এণ্ড কোম্পানীৰ কথাৰ সিঁচৰিত হৈ আছে। এই অভাজনে “আকাশ, সাগৰ আৰু গোমধৰ উপন্যাসৰ সমল বিচাৰি এই পৰ্বতকাৰ তথ্যপুঞ্জীত হেৰাই গৈছিলোঁ। অসম মাতৃৰ সুযোগ্য সন্তান ড° সূৰ্যকুমাৰ ভূঞাদেৱৰ এটি তথ্যপুঞ্জী তেওঁৰ পৰিয়ালবৰ্গই ৰাষ্ট্ৰীয় অভিলেখাগাৰত অৰ্পণ কৰে। উপৰুক্ত তথ্যপঞ্জীৰপৰাই তেখেত টাইপ কৰাই সৰু সৰু আখৰেৰে বহু তথ্য অবিকৃতভাৱে উপযোগীকৈ ৰাখিছিল। ব্ৰিটিছ ভাৰতৰ অসম সংক্ৰান্তীয় কেইবাখনো গোপনীয় চিঠিৰ সংগ্ৰহ Secret Consultation, 12 March 1830 নামৰ ফাইলখন ইয়াত ১৮২৮ চনৰ পৰা ১৮৩০ চনলৈকে সৰবাৰহ হোৱা চিঠি আছে। কলকাতাৰ ফৰ্ট উইলিয়ামত থকা চীফ চেক্ৰেটেৰী টু গৰ্ভনমেন্ট জি. চুইন্টন, গৰ্বণৰ জেনেৰেলৰ এজেন্ট ডেভিদ স্কট, পলিটিকেল এজেন্ট জে. বি. নিউভিল আৰু লেফচেনেন্ট কামাণ্ডেট অৱ আৰিটিলাৰি অব আছাম এইছ ৰাজাৰফোৰ্ডৰ চিঠিৰ উপৰিও পিয়লি ফুকন আৰু ধনঞ্জয় পিয়লিয়া গোহাঁয়ে শদিয়াখোৱা গোহাঁই(খামটি ৰজা) লৈ দিয়া চিঠিৰ তেতিয়াতে বৃটিছ বিষয়াসকলে কৰা ইংৰাজী অনুবাদ আছে। গোমধৰ, গদাধৰ, ধনঞ্জয়, পিয়লি। এই ‘চৰ্তুভূজ’ৰ সচতুৰ নেতৃত্ব, ‘ষড়যন্ত্ৰ’ বাতৰি সিদ্ধান্ত, মন্তব্য, পৰামৰ্শ, বিদ্ৰোহীহঁতৰ নাম, বিচাৰ আৰু দণ্ড সাক্ষীবাদী বিচাৰকমণ্ডলী আদিৰ কথাৰে চিঠিবোৰ মেটমৰা। ডেভিদ স্কট এখন চিঠিত গোমধৰৰ স্থিতি এনেকুৱা-
His(Gomdhar’s) first motion of royalty seems from all deposition to have arisen from omen of high fortune to whom gross superstition has in al ages and alimes attached reverential authority and his instsnce aid of priest-crsft and magic were super added to the infatuation on the mind of this unfortunate lad’ অৰ্থাৎ অন্ধবিশ্বাস, যাদুমন্ত্ৰ আদিৰ বশৱৰ্তী হৈছে এই হতভগীয়া ল’ৰাটোৰ মৰসাহ হ’ল আৰু এই দশা হ’ল। পৰাধীনতা কি বস্ত তাৰ সোৱাদ নোপোৱা বগা চাহাবে সেই স্বাধীনচেতা, বুৰঞ্জী ভালপোৱা, উদ্যমী ডেকাজনৰ মনোজগত বুজি নাপাবৰে কথা। এয়া চিঠি কথাহে মাত্ৰ , মুখৰ কথাৰে আৰু চলনাৰে চাহাবহঁতে অসমীয়া মানুহৰ মন কেনেকৈ তৰা ছিৰা দি ছিৰিছিল ভাবি চাওকচোন।
গোমধৰ নে গমধৰ?
অপ্ৰয়োজনীয় বিতৰ্ক। ইংৰাজী তথ্যত, Gomdhar আছে তাৰ অসমীয়া ‘গমধূৰ’ বা ‘গোমধৰ’ নকৰি তাক ‘gomdhar’ গোমধৰ কৰাৰ দায়িত্ব আমাৰ। গোম+ধৰ- গোম সাঁপ ধাৰণকাৰী সদাশিৱ। গোমচেঙক ‘গমচেং’ বা ‘গুমচেং’ যিদৰে বোলা নহয়, গোমধৰক গমধৰ, Gam‘a’dhar কৰিব নালাগে।
কুমৌ-কুবানঃ
‘২০০০ চনৰ অক্টোবৰ মাহৰ কথা। দেওধাই গাঁৱত সদৌ অসম ফ্ৰালুং সংঘৰ বিধি প্ৰণয়ন সমিতিৰ সভালৈ মলুং চাও দীন চাংবুন বৰুৱা আহিছিল। সেই সময়তে দেওধাই গাঁৱত এখনি আপুৰুগীয়া পুথি উদ্ধাৰ হৈছিল। পুথিখন পাটসাঁকোলৈ নিয়া হ’ল। তাত সপ্তাহ থাকি মলুঙৰ সহযোগত অনুবাদ কৰা হ’ল। তেওঁ কলে- পুথিখন এখন দিনলিপি। উক্ত পুথিত গমধৰৰ বিষয়ে আৰু বৃটিছ বিৰোধীৰ সকলো ঘটনা চন-তাৰিখ লিপিবদ্ধ কৰা হৈছিল। পুথিৰ পাতৰ সংখ্যা ৩০ খন আছিল। ৫খন পাতৰ অৱস্থা একেবাৰে বেয়া, সেইকাৰণে অনুবাদ কৰিব পৰা নগল। পুথিৰ ঢাকনিত লিখা আছে-
লিখকঃ ফু কে ম খা ম (থপং)
পুথিৰ নামঃ কুমৌ কুবান
পুথি লেখাৰ সামৰণিঃ ১৮৩৩ চন
চাও মৃদুল ফুকনদেৱে উপৰুক্ত কথাখিনি নাট্যকাৰ জিন্ত হাজৰিকাৰ সাঁচিপাতৰ পুথিৰ পৰা মই গমধৰে কৈছো নামৰ নাটপুথিৰ ভাঙনিকাৰৰ আগকথাৰ পৰা উদ্ধৃত। আকাশ সাগৰ আৰু গোমধৰ উপন্যাসক ফুকনদেউৰ ভাঙনিয়ে কিদৰে সহায় কৰিলে সেয়া ভাষাৰে প্ৰকাশ কৰিবলৈ এই লেখক অপাৰগ। থপং পুথাও ওৰফে মখাম বৰুৱা নামৰ দেউধাই পণ্ডিত, পুৰোহিত লেখক আৰু বৃদ্ধ যোদ্ধাজন সমগ্ৰ ভাৰতবৰ্ষ বাবেই নমস্য। মৰণোত্তভাৱে ডামচাও মখাম বৰুৱাকে গোমধৰ কোঁবৰ বঁটাৰে সৰ্বপ্ৰথম পুৰস্কৃত কৰা উচিত।ধনঞ্জয় পিয়লীয়া গোহাঁয়েও এখন গোমধৰৰ বুৰঞ্জীৰ লিখাৰ কথা আৰু বেলি মাৰ গল পুথিৰ ড° লিলা গগৈদেৱে অপ্ৰকাশিত বুৰঞ্জীৰ শিতানত সেয়া উল্লেখ কৰিছে। বিদ্বৎ মহলে এই পুথিও বিচাৰি পোহৰলৈ অনা উচিত।
কুমৌ কুবান গোমধৰৰ জন্ম ১৮০৬ চন বুলিহে। দিচাং নদীৰ পাৰত লাকুৱাত সিদ্ধিনাথ ফেণা কোঁৱৰৰ ঔৰসত, জুতুলী মাতৃৰ সৰু পুত্ৰ হৈ গোমধৰৰ জন্ম। বৃটিচ তথ্য, সূৰ্যকুমাৰ ভূঞা আৰু ড° লীলা গগৈদেৱৰ তথ্যই কয় ফেণা কোঁৱৰ বা শেন গোহাঁই দিহিঙীয়া ফৈদৰ চুচেংফা প্ৰতাপ সিংহৰ পুত্ৰ সৰু গোহাঁই বা মেৰু গোহাঁইৰ ঠালত ফেণা কোঁৱৰ জন্ম। তেওঁ নাজিৰাৰ জয়খাম-ডং খাচৰ খাটোৱাল বা ৰাজখোৱা আছিল। কুমৌ-কুবাঙে কয় গোমধৰৰ বাল্যবন্ধু লক্ষেশ্বৰৰ ঘৰো নাজিৰাত ।তিনি বছৰ পাটসাঁকোৰ মহছিং বৰুৱাৰ ওচৰত বুৰঞ্জী শিক্ষা গ্ৰহন কৰা গোমধৰে বন্ধু ঘিনাই, দুতি লক্ষেশ্বৰৰ সৈতে দেশৰ কথা পাতে। এয়ে আৰম্ভণি, আনফালে দেশৰ পিয়লি কৰি পিয়লীয়া নাম পোৱা ধনঞ্জয় ভগা বৰগোহাঁয়ে ক্ষুদ্ধ হৃদয়বোৰ এনাজৰীৰে সী ফুৰিছে, পিতৃৰ কলংক মছিবলৈ, দেশ মাতৃক উদ্ধাৰেৰে প্ৰায়শ্চিত্ত কৰিবলৈ বদন বৰফুকনৰ পুত্ৰ পিয়লি আৰু জন্মিৰ অহোপুৰুষাৰ্থ। অসমৰ আৰু বৰ্তমানৰ যোৰহাট জিলাৰ নামনিৰ হাবিতলীয়া তৰতলী নামৰ ঠাইত ভগা ডাঙৰীয়া আৰু হালোৱা-হজুৱাই সাজিলে এখনি সুজলা-সুফলা ৰজাখাট, ৰজাবাৰী আৰু কাঠৰ বন কাৰেঙ, পাটত বহুৱালে গোমধৰক স্বৰ্গদেউ গোমধৰ সিংহ সাজি। দ্ৰোহীয়াহঁতে মুখামুখি তথা গোপন গেৰিলা যুদ্ধৰে বিটিছ সিংহৰ অন্তৰাত্মা কঁপাই তুলিলে। চতুৰ বিটিছৰ বুদ্ধিৰ জালত পৰা মাতৃ আৰু শিক্ষাগুৰুক মুকলি কৰিবলৈ গৈ বন কাৰেঙৰ সিংহ গোমধৰ নিজেই বন্দি হ'ল। এবাৰ বন্ধন ছিঙি মুকলিও হ'ল। কিন্ত আকৌ বন্ধী হ'ল। বংগদেশৰ ৰংপুৰ কাৰগাৰলৈ প্ৰেৰিত হ'ল চৈধ্য বছৰৰ বাবে। ‘বেলি মাৰ গ'ল’ পুথিত লীলা গগৈদেৱে লিখিছে- “চৈধ্যবছৰ নিৰ্বাসনত থাকি বুঢ়া বয়সত গমধৰ জন্মভূমিলৈ উলটি আহিছিল। …এটি ৰুগ্ন দেহ আৰু শীৰ্ণ মন লৈ এদিন জন্মভূমিৰ বুকুতে মৃত্যুক সাৱটি ললেহি অসমত স্বাধীনতা ৰণৰ প্ৰথম উদ্যোক্তা গমধৰ আজি মৰিও অমৰ।
মখাম ফুকে(বৰুৱা) আন এক Secret Consultationsঃ
পূৰ্বে উল্লেখ কৰা হৈছে, ১৮৩৩ চনত পুথিখন সামৰি তেওঁ লিখিছে- ‘নব্বৈ বছৰীয়া হ'লো- দুটা দোলাভাৰীয়া গুছি আহিল (আহিলো) এটকা এটকা পইছা দিলে, পৰিয়ালৰ সকলোৱে ঢুকাল, খুৰীয়েক শয্যাগত-ককায়েকৰ পুতেকহঁত আছে। তাতোকৈ আগত লিখিছে- থপং চাৰিঙলৈ ঘূৰি আহিল’। কিন্ত গোমধৰক লৰালিতে লগ পোৱাৰ কথালৈ চাই তেওঁৰ মূলঘৰ লাকুৱাৰ ফালে যেন লাগে।
“এই পুথিবোৰ ওপৰত তুলি থ-বঙালে জানিলে ডাঙৰ কথা হ’ব এইখিনি গুপুত কৰ”।
ধনঞ্জয় পিয়লী বৰগোহাই আৰু পুত্ৰদ্বয়ঃ
‘অপুত্ৰক ভেকোলা গোহাঁয়ে কেচুঁৱাতে তুলি ল’লে এটা মিৰি লৰা। সন্দিকৈৰ খেললৈ তুলি নাম থলে মিৰি সন্দিকৈ। মহাবীৰ লাচিত বৰফুকনৰ পালি সেনাপতি মিৰি সন্দিকৈৰ বংশত ধনঞ্জয়ৰ জন্ম। মানৰ আক্ৰণৰ সময়তে স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই ধনঞ্জয়ক বৰগোহাঁই পাতি নিজে গুৱাহাটীলৈ যায়। বৃটিছে পিজৌপৰীয়া বুঢ়াগোহাঁই, দেওৰাম দিহিঙ্গীয়া ফুকনৰ সৈতে ধনঞ্জয়ক উজনি মোতালকৰ পিয়ল কৰাৰ দাযিত্ব দিয়ে, কিন্ত এই পিয়লতে ধনঞ্জয়ে ভগা ডাঙৰীয়া আৰু হালোৱা হাজুৱাসকলৰ ক্ষোভক একত্ৰিত কৰি বিদ্ৰোহৰ গোপন আয়োজন কৰে। বৃটিছ বিষয়াসকলৰ সৈতেও তেওঁ বাহিৰে সম্ভাদ ৰাখিছিল প্ৰথমাৱস্থাত। পিছলৈ তেওঁ বৃটিছ বাহিনীৰ ‘মষ্ট বান্টেড’ বিশ্বাসঘাতক হৈ পৰিল। তেও মৃত্যুদণ্ড লাভ কৰিছিল, বন্দিও হৈছিল বাৰে বাৰে তেওঁ কাৰাগাৰো ভাঙি মুকলি হৈছিল। বিদ্ৰোহৰ তিনিও পৰ্বতে তেওঁ আৰু তেওঁৰ দুই পুত্ৰ হৰকান্ত আৰু হৰনাথ পানীফুকনে দেহে-প্ৰাণে লাগিছিল। মূল ঘৰ মাদুৰিৰ মঠিয়াছিগাত।
হৰনাথ পানীফুকন গোমধৰৰ তৰাতলী মন্ত্ৰীসভাৰ বৰগোহাঁই হৈছিল। নগা পাহাৰলৈ গৈ তেওঁ নগা ডেকাসকলক যুঁজৰ প্ৰশিক্ষণ দি ভৈয়ামলৈ আনিছিল। খামতি ৰজা চৌ-চৈলানলৈ বিদ্ৰোহৰ চিঠি নিওঁতে ১৮৩০ চনৰ ২০ ফ্ৰেব্ৰুৱাৰীত (vide secret consultation 12 March, 1830) তেওঁ শদিয়াত বন্দী হয়। বংগৰ ৰংপুৰ জেইললৈ প্ৰেৰিত হয়।
হৰকান্ত পানীফুকন নগা পাহাৰত আত্মগোপন কৰে । ১৮৫৭ৰ চিপাহী বিদ্ৰোহত কন্দৰ্পেশ্বৰ সিংহক সহায় কৰিবলৈ আহি, পিয়লী বৰুৱাক লগ কৰাৰ তথ্যও পোৱা গৈছে।
পিয়লি বৰফুকন আৰু জীউৰাম দুলীয়া বৰুৱাঃ
ৰঙাচিলা দুৱৰাৰ ঘৰত ওপজা বদন বৰফুকনৰ পুত্ৰ পিয়লি বা পোৱালীয়ে গুৱাহাটীৰ বৰফুকনৰ হাউলিৰ বালক দা, নামৰ হাতীটো বলাবলৈ যাওঁতে দুৰ্ঘটনাগ্ৰস্ত হৈ চালোকা হ’ল। কিন্ত তেওঁ দেশখন চালোকা হবলৈ এৰি দিব নোৱাৰি বিদ্ৰোহৰ চিন্তানায়ক হৈ পৰে। গোমধৰ কোঁৱৰৰ বিদ্ৰোহ বিফল হোৱাৰ পিছতো ৰূপচান্দ কোঁৱৰকে ভাৱী স্বৰ্গদেউৰূপে লৈ বৃটিছ খাৰঘৰত জুই দিলে। গেলেকী আৰু জবকাত অস্ত্ৰ কাৰখানা সজা, তিৰুপথাৰত লৌহ নিস্কষণ কৰা গোপন খাৰঘৰ সজা, পাহাৰ ভৈয়ামৰ ৰজা, গাম, প্ৰজা সকলোকে বৃটিছৰ বিৰুদ্ধে জগাই তোলা কেঁচুৰ ৰসেৰে গোপন চিঠি লিখা আদি কৃতি পিয়লিৰ । সমালোচনাত্মক বুৰঞ্জী দৃষ্টান্ত দিবলৈ গৈ ইতিহাসঃ ৰচনা বিধি আৰু ক্ৰমবিকাশ পুথিত ড° হেৰম্বকান্ত বৰ পুজাৰীয়ে নীলকুমুদ বৰুৱাৰ জীৱনাদৰ্শ নামৰ নিৱন্ধৰ এছোৱা এনেদৰে তুলি ধৰিছে- “পিয়লিৰ সম্পৰ্কে নীলকুমুদে মন্তব্য কৰিছেঃ ‘ইংৰাজৰ ক্ষমতা কিমান, ইংৰাজৰ ৰাজ্যৰ সুখ কি, নতুন অৱস্থাত এওঁলোকে বিষয়টো বুজা নাছিল। নতুনকৈ পৰাধীন হোৱাত স্বাধীনতাৰ তপত তেজ কেইটোপালমানৰ দপদপনিতে এওঁ আৰু কেইজনমানক লৈ ইংৰাজক খেদিবলৈ কাৰবাৰ কৰিছিল। খৰিকাবাৰীৰে পৰ্বত হেঁচুকিবলৈ চাইছিল। পিয়লি ফুকনৰ কাৰ্যক কোনো জ্ঞানীয়ে নশলাগে। এওঁক ফাঁচী দিয়া কাৰ্যও আমি প্ৰতিবাদ নকৰোঁ, ৰাজদ্ৰোহীৰ প্ৰাণদণ্ডই উচিত শাস্তি”।
১৮৩০ চনৰ ২৮ জুলাইত জীউৰাম ডুলীয়া বৰুৱাৰ সৈতে যুৰীয়া শালত শিৱসাগৰত পিয়লি বৰফুকনৰ ফাঁচী হয়। জীউৰামৰ পিতৃৰ নাম বৃটিছ তথ্যত ফেদেলা বোলা হৈছে। তেওঁক কৰবাত ধনঞ্জয়ৰ জোঁৱাই আৰু কৰবাত হৰনাথৰ জোঁৱাই বোলা হৈছে। তেওঁ মাজুলিৰ মিছিং ডেকাসকলক বিদ্ৰোহৰ বাবে একত্ৰিত কৰিছিল। পৰিতাপৰ কথা এইয়ে ‘পিয়লি ফুকন’ নাটকত জীউৰাম দুলীয়া বৰুৱাৰ নামটোও নগাঁও নাট্যগোষ্ঠীয়ে উল্লেখ নকৰিলে। পিয়লিৰ সমাধিৰ স্মৃতিফলকতো জীউৰামৰ কোনো কথাই উল্লেখ নাই। এয়া বৰ অন্যায় কথা।
ধৰ্মধৰ মন্ত্ৰীঃ
ধৰ্মধৰ ৰাজগুৰু ফুকন। গোমধৰ মন্ত্ৰীসভাত বয়সস্থ পাত্ৰমন্ত্ৰী, অক্লান্ত যোদ্ধা। গোমধৰৰ লগতে নিৰ্বাসিত হয়।
পিয়ালী বৰুৱা বা মহেশ্বৰ গাভৰুমেলীয়া বৰুৱাঃ
গোমধৰ সম্পৰ্কীয় বৃটিছ তথ্যত পিয়লী বৰুৱা নাম নাই কিন্ত কুমৌ কুবানত ‘দুই পিয়লি’ বুলি লিখা আছে বাবে তেওঁক বয়সত কনিষ্ঠ বুলি ভবা হৈছে। পিয়লি ফুকন আৰু মণিৰাম উভয়ৰ সৈতে ঘনিষ্ঠ আছিল। ৰসেন্দ্ৰ পৰিয়ালৰ প্ৰতিভাসম্পন্ন লৰা। পুৰন্দৰ সিংহৰ ৰাজসভাত মহেশ্বৰে গীত গাইছিল। পিছলৈ সৈন্যবাহিনীৰ শিবিৰত গোলাঘাটৰ নাগোৰাত গীত গোৱাৰ কথা পোৱা যায। ১৮৫৭ ৰ চিপাহী বিদ্ৰোহত অসমৰ হৈ যুঁজিবলৈ গৈ চিপজৰী পিন্ধিব লগা হয়। মণিৰাম দেৱনৰ ফাঁচীও একেলগেই হৈছিল।
গদাধৰ কোঁৱৰঃ
কুমৌ-কুবানত ‘ধতুৰাৰ পুতেক গদাধৰ’ৰ উল্লেখ গোমধৰ, গদাধৰক কাষ চপাই আনে। ধুতুৰা কোঁৱৰ গোহাঁই, মান ৰজাৰ শহুৰ তৰাৱতী আইদেউৰ পিতৃ, তেওঁক নিজ ৰাজ্যলৈ নি এখন প্ৰদেশৰ চাওফা পাতে, গদাধৰকো হোৱাং গমেঞ্জে নাম দি আন এখন প্ৰদেশৰ চাওফা পাতে । কিন্ত নিজ দেশ স্বাধীন কৰিবলৈ তেওঁ বৌদ্ধ সন্যাসীৰ বেশ ধৰি ঘূৰি ফুৰে। জালিম সিং নামৰ এজন হিন্দুস্তানীক ধৰ্মশিক্ষা দিয়াৰ চেলুৰে তেওঁ বৃটিছৰ বিৰুদ্ধে যুঁজিলে হিন্দুস্তানী সৈন্যক অধিক দৰমহা দিয়াৰ প্ৰলোভন দেখুৱায়। জালিম সিঙে বিশ্বাসঘাতকতা কৰি গদাধৰক বন্দী কৰোৱায়। ১৮৩০ চনৰ ২৫ জুনত ডেভিদ স্কটে জৰেজ চুইংটনলৈ দিয়া চিঠিত গদাধৰৰ কথা সবিস্তাৰে লিখিছে।
তলত কেইজনমান বিদ্ৰোহী নাম মাত্ৰ শ্ৰদ্ধাৰে উল্লেখ কৰিলোঁ।
দেওৰাং দিহিঙ্গীয়া ফুকন- নিৰ্বাসিত হয়।
মইনা খাৰঘৰীয়া ফুকন-
মনৱৰ ওৰফে কান্দুৰা ফুকন-
হৰিবৰ
বাঘ ডেকা
খামতি বৰবৰুৱা/বুঢ়াগোহাঁই
লেফেৰা বৰবৰুৱা
গঁফলা ফুকন- জবকাৰ খাৰঘৰৰ তদাৰক কৰোঁতা।
অজলা কোঁৱৰ, বগা কোঁৱৰ
দহাঁ কোঁৱৰ- বৃটিছ তথ্যত ‘Appears to have been the principal mover of this wild scheme” বুলি অভিহিত হৈছিল। এওঁক বন্দী কৰি নিৰ্মামভাৱে হত্যা কৰা হয়। অসমৰ প্ৰথম বৃটিছ বিৰোধী ছহিদ।
ধেনুৰাম কোঁৱৰ- দ্বিতীয়জন ছহিদ
মঃ আব্দুল হাজৰিকাঃ ডেবেৰাপাৰত ঘৰ, তৰাতলীৰ অস্ত্ৰগাৰৰ দায়িত্বত আছিল নিৰ্বাসিত হল।
গোমধৰৰ সংগীবৃন্দৰ বহুজনৰ নাম এই নিবন্ধই সামৰিব নোৱাৰিলোঁ। জ্ঞাত-অজ্ঞাত এইসকল পুলিন পুথাও, পূন্যাত্মালৈ সশ্ৰদ্ধ নমনেৰে নিবন্ধ সামৰিলোঁ। কষ্ট আৰ্জিত স্বাধীনতা ধন যেন অমি কথাঞ্চিতো নেহেৰুৱাওঁ তাৰবাবে এই ডামচাও সকলে সৰগধামৰ পৰাই আশীৰ্বাদ।
সম্পূৰ্ণকৈ পঢ়ক »

আহোম সকলেই বিহুৰ উদ্ভাৱক ✍ তীৰ্থ ফুকন

আহোমসকলে বিহুত গায়----
“লাহে লাহে ঐ
বিহু কোনে ঢালে আহে?
পূবে পশ্চিমে উত্তৰে দক্ষিণে
বিহু কোনে ঢালে আহে?
মান দেশত আছিলে মানতৰা এযুৰি
আছিলে নৰিয়াত পৰি,
যেতিয়া শুনিলে বিহুৰে বতৰা
আহিলে কাছুৰি ধৰি।”
ইয়াৰ পৰাই বুজা যায় বিহু মানদেশৰ ফালৰ পৰাই আহিছে। মানে মান দেশৰ ফালৰ পৰা আহোমসকলৰ লগতেই আহিছে। বুৰঞ্জীত বিচাৰ কৰিলেও তাকেই পোৱা যাব।
দেও বুৰঞ্জী (ফী বুৰঞ্জী): ঢোল-মাদলী
অসম তথা ভাৰততেই প্ৰণালীবদ্ধ বুৰঞ্জী প্ৰণয়নৰ প্ৰথা তাই সকলেই প্ৰথমে প্ৰৱৰ্তন কৰে বুলি পণ্ডিতসকল একমত। আহোম ভাষাত লিখিত বুৰঞ্জী সমূহক দুটা ভাগত ভাগ কৰা হৈছে। দেও বুৰঞ্জী আৰু দিন বুৰঞ্জী। পৃথিৱীৰ সৃষ্টিৰ পৰা খুনলুং খুনলাই আহি ম্যুংৰিমুংৰামত ৰাজ্য স্থাপন কৰালৈকে বিৱৰণ থকা অংশক দেও বুৰঞ্জী নাৰু তাৰ পিছৰ কালৰ আহোম ৰাজত্বৰ বিৱৰণ থকা বুৰঞ্জী (দ্যুন) অৰ্থাৎ পৃথিৱীৰ বুৰঞ্জী বুলি আহোম বুৰঞ্জীবিদসকলে কৈ গৈছে।
দেও বুৰঞ্জীৰ মতে তাই আহোমসকলৰ আদি পুৰুষ খুনলুং আৰু খুনলাই। ৫৬৮ খৃষ্টাব্দতে য়ুন্নান দেশৰ (গৰম পানীৰ উহ থকা ঠাই) ম্যুংৰি-মুংৰামত (ম্যুং-দেশ,ৰি-এৰা, ম্যুং-দেশ, ৰাম-নিৰ্জন) প্ৰথম ৰাজ্য স্থাপন কৰা খুনলুং খুনলায়ে লেংদনৰ পৰা পাইছিল- চুম ফ্ৰাৰুংচেংম্যুঙ (চুমদেও), হেংদান, কাইছেংমুঙ(কুকুৰা) আৰু এযোৰ ঢোল। সেই দিন ধৰি অসমত আহোম স্বৰ্গদেও সকলৰ ছশ বছৰীয়া ৰাজত্ব কাললৈকে চুমদেউৰ পূজা, হেংদান, কাইছেংমুঙ আৰু ঢোলৰ ব্যৱহাৰ আহোম সমাজত অপৰিহাৰ্য আছিল। উল্লেখযোগ্য যে আহোম ভাষা-সংস্কৃতিৰ চৰ্চা পৰম্পৰাগত ভাৱে চলি অহা উজনি অসমৰ বহুতো অঞ্চলত আজিও এই পৰমপৰা বিদ্যমান। বগা ম’হ বলি দি আজিও লাকুৱাৰ ওচৰৰ ৰজাদিনতে স্থাপিত ৰঙাগড়া দেওশালত ওমফা পূজা কৰা হয়। চকলং প্ৰথাৰ বিবাহ অনুস্থানত হেংদান প্ৰয়োজন হয়, দেওধাই পণ্ডিতে আজিও কুকুৰা কাটি মংগল চায় আৰু দেওশালত পূজাৰ সময়ত মাদলী (ঢোল) আজিও বজোৱা হয়।
আহোম সমাজৰ অতি পৱিত্ৰ এই সম্পদ কেইপদৰ বিষয়ে দেও বুৰঞ্জীত বিশেষ উল্লেখ আছে। ৰায় চাহাব গোপাল চন্দ্ৰ বৰুৱাৰ দ্বাৰা ইংৰাজীত অনুদিত আৰু সম্পাদিত ১৯৩০ চনতে প্ৰকাশিত “আহোম বুৰঞ্জী”ত (একেখন কিতাপতে বাওঁফালৰ স্তম্ভত আহোম লিপিত আহোম ভাষাৰ বুৰঞ্জী আৰু সোঁফালৰ স্তম্ভত সমান্তৰালভাৱে ইংৰাজী অনুবাদ তকা) লেংদনে খুনলুং আৰু খুনলাইক এই দৰে উপদেশ দিয়া বুলি লিখিত আছে—
“.... I give a tusked elephant. I give you a Kaichengmung (foul of holy country) to take with you, You will calculate future events with their beaks, entails and legs. I give you an embroidered cloth. I give you a pair of drums, when you may be in war with a neighbouring tribe you must inform me by beating drum or if any tribe seek war with you. When there will be no rain if you inform by beating the drums there will be rain. I give you chumphrarungshengmung (Sumdeo). You will never leave the idol. The idol is put in a box. You will open the box at the end of every year. I give you a sword…….” (Ahom Buranji).
দেও বুৰঞ্জীৰ এইবোৰ বিৱৰণ কাল্পনিক বুলি কোনোৱে হয়তো মন্তব্য কৰিব। কিন্তু এই সত্যতা অস্বীকাৰ নকৰি নোৱাৰি যে তাই আহোম গোষ্ঠীৰ আদি পুৰুষ খুনলুং-খুনলাইৰ ৰাজ্যত ঢোল নামৰ বাদ্যটিৰ প্ৰচলন আছিল আৰু অনা বৃষ্টিৰ সময়ত ঢোল বজাই বৰষুণ আনিব পাৰি বুলি এক লোক বিশ্বাস জন্ম হৈছিল।
ম্যুংকং--ঢোলৰ দেশ
স্বৰ্গদেও ছ্যুকাফা ১১৫০ শকৰ আঘোন মাহত অসমলৈ আহে বুলি দিন বুৰঞ্জীত উল্লেখ আছে। দিন বুৰঞ্জীতে আৰু উল্লেখ আছে যে, খুনলুং খুনলাইৰ পিছত ছ্যুকাফাৰ জন্ম হোৱা লৈকে তাই-আহোম গোষ্ঠীৰ ৪০(চল্লিছ) জন ৰজাই ম্যুংৰি-ম্যুংৰাম, ম্যুংকং আদি ৰাজ্যৰ ৰাজপাট বহিছিল। এই ৰজাসকলৰ ভিতৰত খুনলুং পক্ষৰ আইখুনলুং, তাই তুংকুং, খনখুং, খনমকদা, খুনলা, খনুংগ, চাও চেঞ্চাও, খুনজাও, খুনজুন আদি পৰাক্ৰমী আছিল বুলি বুৰঞ্জীয়ে কয়। খুনলাইৰ সতি-সন্ততি বেছি নাছিল কিন্তু খুনলাই পক্ষৰ ৰজা আইজেপী লাকনি আছিল বিশেষ উল্লেখযোগ্য। বুৰঞ্জীবিদ হিতেশ্বৰ বৰবৰুৱাই ‘আহোমৰ দিন’ত লিখিছে—“শকাদিত্যৰ দৰে এইজনা ৰজাৰ দিনৰ পৰা সেই দেশত তেওঁৰ নিজৰ নাম অনুসৰি আইজেপী লাক নি অৰ্থাৎ লেংচং শক চলাবলৈ আৰম্ভ কৰে। এই লাকনি বা শক মান দেশত আৰু নৰা দেশত এতিয়াও চলিত হৈ আছে।”
এই মান দেশ আৰু নৰা দেশ ছ্যুকাফাৰ পিতৃ পুৰুষৰ দেশ। বুৰঞ্জীয়ে কয়—এটা সময়ত মতান্তৰ ঘটাত খুনলুঙে ম্যুংৰিম্যুংৰাম(ম্যুংৱান) শাসন ভাৰ ভায়েক খুনলাইক গটাই দি য়ুন্নানৰ নাময়াং উপত্যকাত এখন নতুন ৰাজ্য স্থাপন কৰি লয়। বৰ্তমান ব্ৰহ্মদেশৰ উত্তৰ অঞ্চলৰ খুনলুঙে স্থাপন কৰা এই ৰাজ্যখনৰ নাম আছিল ম্যুংক্বং। এই ৰাজ্য এসময়ত তাই সংস্কৃতিৰ স্নায়ুকেন্দ্ৰ আছিল বুলি জনা যায়।
তাই ভাষাত ম্যুং মানে দেশ আৰু ক্বং মানে ঢোল। সেই ৰাজ্যত ঢোলৰ ইমান চৰ্চা আছিল যে ৰাজ্যখনৰ নামেই হৈছিল গৈ ঢোলৰ দেশ। খুনলুঙৰ দিনৰ সেই পৰম্পৰা উত্তৰ ব্ৰহ্মত আজিও বিদ্যমান। আজিও তাত বহাগ বিহুৰ সময়তে পালন কৰা পয়ছাংকেন উৎসৱৰ অন্যতম অংগ ঢোল—ঠিক আমাৰ ৰঙালী বিহুৰ দৰেই।
জনা যায় যে ব্ৰ্হ্মদেশৰ (মানদেশৰ) দক্ষিণ উপকূলৰ অধিবাসী জনগোষ্ঠীৰ মাজতো ঢোলৰ প্ৰচলন আজিৰ অসোৰ দৰেই। কিন্তু আটাইতকৈ উল্লেখযোগ্য কথা হ’ল ব্ৰহ্মদেশত প্ৰচলিত ঢোলৰ আকাৰ, আয়তন অসমৰ বিহু ঢোলৰ সৈতে হুবহু একে। অসমৰ বিহুত বজোৱা পাতি ঢোল বজোৱাৰ দৰেই ঢোলৰ সোঁফালে ঢোলৰ মাৰিৰে ব্ৰহ্মদেশৰ ঢুলীয়াই ঢোল বজায়।
এই খুনলুঙৰে বংশোদ্ভৱ ম্যুংমিত কুপ ক্লিং ৰাজ্যৰ ৰজা ফুত্যাংখাঙৰ সৰু ৰাণী নাং কুঁৱৰীৰ গৰ্ভত জন্ম গ্ৰহণ কৰে ছ্যুকাফাই।
বুৰঞ্জীৰ পাত লুটিয়ালে বুজা যাৱ বিহু গীতত কিয় আজিও গোৱা হয় সেই গীত-পদ— “ মান দেশত আছিলে মানতৰা এযুৰি”।
ঢোলৰ মালিতাঃ ছ্যুকাফা
মান দেশৰ ৰজা খুত্যাংখাঙৰ পুত্ৰ ছ্যুকাফাই সসৈন্যে অসমলৈ আহোতে বুৰঞ্জী প্ৰণয়নৰ প্ৰথাকে ধৰি লগত লৈ আহিছিল তাই-মংগোলীয় সংস্কৃতিৰ এক সুৰীয়া ধাৰা। সংস্কৃতিৰ অন্যতম অংগ নৃত্য-গীতৰ বাবে অপৰিহাৰ্য বাদ্যযন্ত্ৰ। ছ্যুকাফাই যে লগত ঢোল আৰু ঢুলীয়া আনিছিল সেই কথা সেই কথা সহজেই অনুমেয়। কাৰণ ঢোল আছিল স্বয়ং লেংদন প্ৰদত্ত অন্যতম সম্পদ। উপৰি পুৰষৰ পূজা আৰু আজ্ঞা পালন আহোম সমাজৰ অন্যতম সামাজিক বিধান। আজিও পালন কৰা মে-দাম-মে-ফীয়েই এই কথাৰ জ্বলন্ত নিদৰ্শন।
আনহাতে লোক-সাহিত্য জাতিৰ অলিখিত সামাজিক-সাংস্কৃতিক ইতিহাস স্বৰূপ। আমাৰ সমাজত প্ৰচলিত বিভিন্ন বিষয়ৰ মালিতাৰাজি লোক-সাহিত্যৰ অনুপম সম্পদ। আজিও ঢুলীয়া ওজাসকলে মালিতা গাওঁতে এইদৰে গায়—
স্বৰ্গৰ পৰা নামি ছ্যুকাফা স্বৰ্গদেও
কৰিলা ৰাজত্ব যাৰ নাহি সম কেউ।
নানা বাদ্য বাজনা কৰা সভাত
ঢাক ঢোল কৰতাল বাদ্য অসংখ্যাত।
সোধন ঢুলীয়া নামৰ এজন ওজাই ছ্যুকাফাৰ ৰাজসভাত ঢোল বজাইছিল বুলি ঢোলৰ মালিতাত উল্লেখ আছে। আজিও আমাৰ ঢুলীয়া ওজাসকলে সোধন ওজাক গুৰু হিচাবে স্মৰণ কৰে। ঢুলীয়া ওজাসকলৰ বিশ্বাসমতে সোধন ওজাই ঢোলৰ হাত, চেও তথা ঢোল বাদনৰ নীতি-নিয়ম বান্ধি গৈছে। ওজাৰ মালিতাত শুনা যায়—
কলি যুগে ইন্দ্ৰবংশী ৰজা নামি যায়,
সোধন ওজাই ঢোল বাই আনিলে নমাই।
আদিতে আছিল মাত্ৰ ঢোলৰ বাজনা,
সোধন ওজাই বাদ্য কৰিলে ৰচনা।
উল্লেখ কৰিব পাৰি যে, তাই আহোম সমাজৰ লোক বিশ্বাসমতে ঢোল মাংগলিক বাদ্য। ঢোলৰ শব্দই প্ৰজনন শক্তি বৃদ্ধি কৰে, পৃথিৱীৰ মাটি কোমল আৰু উৰ্বৰা কৰে আৰু উন্মাদনা শক্তি বৃদ্ধি কৰে বুলি আহোম সমাজত জনবিশ্বাস আছে। ছোৱালীৰ নোৱা-তোলনী বিয়া পতা আহোম সমাজৰ অন্যতম নিয়ম আৰু নোৱা-তোলনী বিয়াত ঢোল-বাদন অপৰিহাৰ্য। বৰ বিয়াটো ঢোল বাদন অপৰিহাৰ্য। বিয়াত বজোৱা ঢোলৰ চেও সুকীয়া। বুলনি চাপৰ, চলনা হাত আদি কেতবোৰ বিশেষ চেওহে বিয়াত বজোৱা হয়। তেনেকৈ কোনো সন্মানিত ব্যক্তিক আদৰিলেও ঢোল-ডগৰৰ সুকীয়া চেও আছে। ওমফা পূজা, চোমদেউ পূজা আদিতো ঢোল-বাদন অপৰিহাৰ্য।
হুচৰি এ চ’ত
বহাগ বিহুক আগৰ দিনত কোনোৱে কোনোৱে চ’তৰ বিহু বিহুহে বুলিছিল। ‘হুচৰি এ চ’ত’- চ’তৰ বিহুলৈ ছমাহ বাকী’ আদি গীত-পদ আৰু খণ্ড বাক্যই ইয়াৰ ওমান দিয়ে। তদুপৰি মিছিং সকলৰ “আলি আই লৃগাং”, দেউৰী বিহু আদি প্ৰকৃততে চ’ত মাহতেই পালন কৰা হয় বুলি ক’ব পাৰি।
অস্বীকাৰ কৰি উপায় নাই যে চ’তৰ বিহুৱেই বোলক বা বহাগ বিহুৱেই বোলক আমাৰ ৰঙালী বিহুৰ আদিম উৎস কিন্তু লোক বিশ্বাসৰ আধাৰিত ধৰ্মীয় ভিত্তিহে। অসমৰ সকলো জনগোষ্ঠীৰ মাজতে ৰঙালী বিহুৰ সময়ত পালন কৰিব লগা কিছু ধৰ্মীয় অনুস্থান আছে। প্ৰয়োজন হ’লে ৰং-ৰহইচ-নৃত্য-গীত কোনবা বছৰ বাদ দিব পাৰে কিন্তু ধৰ্মীয় অনুস্থান বাদ দিয়া নাযায়। নিয়মটো হলেও পালন কৰিব লাগে। তাই আহোম সমাজৰ দেওধাই মহনসকলে বিহুত কুকুৰা বলি দি মৃতকৰ তৰ্পন অনুস্থান দাম পূজা কৰে, ভৈয়ামৰ কাৰ্বিসকলে ঘৰুৱাভাৱে মৃতকৰ পূজা কৰাৰ ওপৰিও সমজুৱাভাৱে পৰম্পৰাগতভাৱে বলি বিধানেৰে জহং উৎসৱ পাতে। দেউৰী সমাজতো চ’তৰ বিহু পালন কৰা হয় আৰু বহাগৰ প্ৰথমটো বুধবাৰে দেওঘৰত পূজা-পাৰ্বন কৰে।
তাই আহোমসকলে বছৰৰ শেষটো মাহত এই অনুষ্ঠান পালন কৰাৰ এক বিশেষ কাৰণ আছে। তাই আহোমসকলৰ বাবে এই বিষয়ত আছে উপৰি পুৰুষৰ আজ্ঞা। পূৰ্বে উল্লেখ কৰা দেও বুৰঞ্জীত এই আজ্ঞাৰ কথা লিপিবদ্ধ হৈ আছে। দক্ষিণ পূব এচিয়া তথা চীন দেশতে একেদিনাই পানী চটিওৱা উৎসৱ বা ৰঙালী বিহু পাতে।
তাই আহোমসকলৰ পৰম্পৰা মতে শিক্ষা-সংস্কৃতিৰ অধিষ্ঠাত্ৰী জাছিংফা। জাছিংফাই তাই আহোমসকলৰ আদি পুৰুষ খুনলুং আৰু খুনলাইক দিয়া নিৰ্দেশৰ গোলাপ চন্দ্ৰ বৰুৱাই কৰা আক্ষৰিক অনুবাদ এই ধৰণৰ—
“When the month of Dinha(Chaitra) comes and all sorts of flowers, the wild orchids and Shengpha(now known as Sinkara) begin to blow you must select a day and offer annual sacrifice to the gods and worship them(Ahom Buranji).’’
লেংদনেও বছৰৰ শেষত এবাৰ চোমদেও সযত্নে ৰখা পেৰাটো খুলিবলৈ আৰু বিধান অনুসৰি পূজা-পাতল কৰিবলৈ দিয়া নিৰ্দেশৰ কথা ওপৰত উল্লেখ কৰা হৈছে। চোমচেং পূজা, মে-দাম-মে-ফী আদি উৎসৱৰ মূল উৎস এয়েই।
ৰুছেংৰীঃ হুচৰি
লেংদন (ইন্দ্ৰ) আৰু জাচিংফাৰ(সৰস্বতী) আজ্ঞা খুনলুং-খুনলায়ে আখৰে আখৰে মানি চলিছিল বুলি বুৰঞ্জীয়ী কয়। অসমলৈ অহাৰ পিছতো ছ্যুকাফাই পূৰ্ব পুৰুষৰ বিধি-বিধান আন্তৰিকতাৰে মানিছিল। ছ্যুকাফাৰ পিছৰ ৰজাসকলেও বহু যুগলৈ এই পৰম্পৰা ৰক্ষা কৰি আহিছিল। পৰৱৰ্তীকালত হিন্দু ধৰ্মৰে প্ৰভাৱান্বিত হোৱাৰ ফলত তাই আহোমৰ এই অনুষ্ঠানবোৰৰ গুৰুত্ব কিছু হ্ৰাস পাইছিল যদিও আহোম সমাজৰ দেওধাই, মহন, বাইলুঙকে ধৰি কিছু ফৈদে পূৰ্বৰ ৰীতি-নীতি মানি থাকিল আৰু সেইবাবেই ওমফা পূজা, ৰিকখ্বন পূজা, মে-দাম-মে-ফী আদি অনুষ্ঠান আজিও পালিত হৈ আছে।
চুমফ্ৰাৰুঙছেংমুঙক চুমচেঙ বুলিও কোৱা হয় আৰু পৰৱৰ্তী কালত চুমদেও নামেৰেই জনাজাত হয়। চুমচেঙৰ পূজা চ’তৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়। এই পূজাত চুমচেঙক স্নান কৰোৱা হয় আৰু স্নান কৰোৱা পানীখিনি ৰাইজে গাত চতিয়াই লোৱাটো নিয়ম। এই পূজাত চুমচেঙৰ চাৰিওফালে ঘূৰি ঘূৰি নৃত্য-গীত কৰাটো অন্যতম নিয়ম আছিল। চুমচেঙৰ গুণ গৰিমা বৰ্ণনা কৰি গীত-পদ গাই গাই ঢোল মাদলীৰ চেৱে চেৱে নচা এই নৃত্যানুষ্ঠানক আহোম ভাষাত ৰুচেংৰি বোলা হয়। এই ৰুচেংৰি নৃত্যানুষ্ঠানেই পিছলৈ হুচৰি ৰূপত ৰূপান্তৰ ঘটে বুলি কৱাৰ নিশ্চয় যুক্তি আছে।
মন কৰিব লগীয়া কথা যে, ৰুচেংৰিত চুমচেঙ তথা সৃষ্টিকৰ্তা দেৱ –দেৱীৰ গুণানুকীৰ্তন কৰা হৈছিল আৰু ৰঙালী বিহুৰ হুচৰিতো সৰ্বপ্ৰথমে “প্ৰথমে প্ৰণামো আই সৰস্বতী, দ্বিতীয়ে প্ৰণামো হৰি”, “নামৰে কঠিয়া ব্ৰ্হ্মাই সৰজা” আদি দেৱদেৱী বন্দনামূলক গীত-পদ গোৱা হয়। ৰূপান্তৰৰ পৰশো বোধহয় ইয়াকেই কোৱা হয়।
ওপৰত উল্লেখ কৰা ৰুচেংৰিৰ উপৰিও ওমফা পূজা, দেও তোলা আদি পূজা-পাৰ্বণত ঢোল-মাদলীৰে নৃত্যগীত কৰা বিধান কিন্তু উজনিৰ আহোম সংস্কৃতিৰ চৰ্চা থকা অঞ্চলত আজিও আছে। অৱশ্যে এই কথা সত্য যে তাই আহোম সকলৰ শাসনাধিস্থ সকলে নিজৰ ভাষা-সংস্কৃতিৰ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব নিদি পৰিবৰ্তিত পৰিস্থিতিক স্বীকাৰ কৰি আৰু এখন বৰ অসম আৰু বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিছিল। সেই বাবেই পূৰ্বৰ ৰীতি-নীতি ত্যাগ নকৰি আহোম ভাষা-সংস্কৃতিৰ চৰ্চা কৰি থকা মহন, দেওধাই বাইলুং সকলৰ বাহিৰে আহোমৰ আনবোৰ ফৈদত তাঈ আহোম সংস্কৃতিৰ প্ৰকৃত নিদৰ্শন দেখা নাযায়। সেই বুলিয়ে তাই আহোমৰ উৎসৱত নৃত্যগীত নোহোৱা বুলি ক’ব নোৱাৰি। গতিকেই ক’ব পাৰি পৰিবৰ্তিত ৰূপত হুচৰি তথা বিহু নৃত্যগীতক জাতীয় উৎসৱৰ অংগৰ দৰে মৰ্যাদা দান কৰি ছ্যুকাফাৰ নাতি-পুতি সকলে ৰুচেংৰিকে ধৰি ৰাখিছিল। লাওচ,ম্যানমাৰ, ভিয়েটনাম, থাইলেণ্ডৰ তাঈ সকলেও হুচৰি গায়, ঘৰৰ মূৰে মূৰে গৃহস্থই শৰাই দিয়ে আৰু আশীৰ্বাদ লয়।
বিভিন্ন জনগোষ্ঠী আৰু ঢোল
স্বকীয়া বৈশিষ্ট্যপূৰ্ণ বিধি-বিধানৰ উৎসৱ-পাৰ্বন, নৃত্য-গীত, সাজ-পাৰ আদি পৰম্পৰাগত বৈশিষ্ট্যৰে সমৃদ্ধ অসমৰ সকলো জনগোষ্ঠীৰ মাজত ব্যৱহৃত একমাত্ৰ বাদ্যটো হৈছে ঢোল। কিন্তু মন কৰিবলগীয়া যে ঢোলৰ নিৰ্মাণ শৈলী তথা নিৰ্মাণৰ উপাদান, ঢোল বাদনৰ নীতি তথা কৌশল, ঢোল বাদনৰ চেও তথা লহৰি আৰু ঢোলৰ ব্যৱহাৰ সকলোৰে একে নহয়। আনকি বেলেগ বেলেগ জনগোষ্ঠীৰ ঢোলৰ শব্দও বেলেগ বেলেগ ধ্বনিৰ আৰু ঢোলৰ আকৃতি তথা আয়তনো বিভিন্ন।
অসমৰ জনজাতি সকলৰ ভিতৰত মিছিং সকলৰ মাজতেই বিহু নৃত্যৰ পয়োভৰ অধিক আৰু ঢোল মিছিং বিহুৰ অপৰিহাৰ্য অংগ। আদিতে মিছিং সকল বৰ্তমানৰ অৰুণাচলৰ বাসিন্দা আছিল আৰু ভৈয়ামলৈ নামি আহি বসবাস কৰিবলৈ লোৱাৰ পিছতহে মিছিংসকলে ঢোলৰ ব্যৱহাৰ কৰে বুলি অধ্যাপক নাহেন্দ্ৰ পাদুনে মন্তব্য কৰিছে। মিছিংসকলৰ পূৰ্ব পুৰুষ ৰূপে পৰিচিত অৰুণাচলৰ গালং আৰু মিঞংসকলৰ মাজত আজিও ঢোলৰ প্ৰচলন হোৱা নাই। সোনোৱালসকল অন্যতম প্ৰাচীন অধিবাসী আৰু বড়ো ভাষা গোষ্ঠীৰ অন্তৰ্ভুক্ত হিচাপে পৰিচিত। অজিকালি ৰঙালী বিহুৰ নৃত্যগীতৰ পয়োভৰ সোনোৱাল সকলৰ মাজতো হৈছে যদিও “হাইদাং হুচৰি” হে সোণোৱাল সকলৰ প্ৰাচীনতম পৰম্পৰাৰ বাহক। কিন্তু বিশেষভাৱে মন কৰিবলগীয়া যে, “হাইদাং হুচৰি”-ত ঢোল বজোৱা নহয়। বিহুৰ উদ্ভাৱক বড়ো-ভাষী গোষ্ঠী হোৱাহ’লে সোণোৱাল সকলৰ “হাইদাং হুচৰি”-তো নিশ্চয় ঢোলৰ ব্যৱহাৰ দেখা গ’লহেতেন।
দেউৰী সমাজত ঢোলৰ ব্যৱহাৰ আছে আৰু পৰম্পৰাগত পূজা তথা উৎসৱত ঢোল বাদনৰ বিধানো আছে। কিন্তু ঢোল বুলিলে যি আকৃতি আৰু আয়তনৰ বাদ্য বুজা যায় দেউৰীসকলে প্ৰাচীন কালত তেনে ধৰণৰ বাদ্য বজোৱা নাছিল। দেউৰীসকলৰ প্ৰাচীন কালৰ ঢোল কাঠৰ আৰু জন্তুৰ চামৰাৰ নাছিল, মেগেলা বা ঠৰঙা বনৰেহে বিশেষ ধৰণে সাজি লোৱা হৈছিল। “শালমৰা” নামৰ ঢোলৰ শব্দ ওলোৱা এই বাদ্যটি দেউৰী সমাজৰ কোনো কোনো বৃদ্ধলোকৰ ওচৰত আজিও আছে বুলি শুনা যায়। শাল মৰাৰ নিচিনাকৈ কুমলীয়া বাঁহৰ চুঙাৰেও এটি বাদ্য দেউৰী সমাজত অতীতত আছিল। ‘ঢোল তং’ নামৰ এই বাদ্যটি একালত দেউৰীসকলৰ উৎসৱ-পাৰ্বনত ব্যৱহাৰ কৰা হৈছিল।
কাৰ্বিসকল অসমৰ আদিতম অধিবাসী বুলি স্বীকৃত। কাৰ্বি আংলং পাহাৰৰ উপৰিও ভৈয়ামৰ বহুতো অঞ্চলত বসতি কৰা কাৰ্বিসকলৰ মাজত ঢোলৰ পৰম্পৰাগত ব্যৱহাৰ আছে। পাহাৰীয়া কাৰ্বিৰ সমাজত ৰঙালী বিহুৰ দৰে বহাগৰ উৎসৱ নাই। ভৈয়ামৰ কাৰ্বিসকলে বহাগত জহং উৎসৱ কৰে আৰু হুচৰিৰ দৰে ঘৰে ঘৰে নৃত্যগীতো কৰে। পাহাৰ আৰু ভৈয়ামৰ কাৰ্বি সমাজত ঢোলৰ ব্যৱহাৰ আছে। কিন্তু কাৰ্বিসকলৰ ঢোল নিৰ্মাণ শৈলী আৰু বাদন প্ৰথা তাঈ বিহুৰ ঢোলৰ দৰে নহয়। কাৰ্বিসকলৰ ছেং (ঢোল) ছাগলীৰ ছালৰ আৰু বজোৱা মাৰিডাল লিকলিকিয়া বাঁহৰ এচাৰিৰ দৰে। শিয়ালৰ ছালে নিৰ্মাণ কৰিব পাৰিলে কাৰ্বিসকলে গৌৰৱ অনুভৱ কৰে। বিহুৰ ঢোল কিন্তু গৰুৰ ছালৰ। গৰু ছালৰ ঢোল কাৰ্বিসমাজৰ বাবে নিষেধ। গৰুৰ ছালৰ ঢোল বিশ্বৰ অন্য তাই সকলেও বনাই। গৰু মাৰিলে ছাল চেলাই শুকুৱাই থোৱাটো যেন আহোমৰ উৎসৱহে। নামতো আছে—“গৰুৰ চালে চেলাবৰ ডবুৱা কটাৰী, পহু চেলাবলৈ মিত।”
বড়োসকলৰ মাজত প্ৰচলিত ঢোলৰ আকাৰ আৰু আয়তন বিহুৰ ঢোলতকৈ বহুত ডাঙৰ। ‘খাম’ নামৰ এই বাদ্য ঢোলৰ দৰে মাৰিৰে বজোৱা নহয়, কেৱল হাতেৰে বজায়। বড়ো ঢোলৰ চাপৰ আৰু চেও বহু ঢোলৰ চেওৰ দৰে নহয়। তিৱা সকলৰ বৰ ঢোলৰ “খ্ৰামবাৰ” আৰু পাতিঢোল “পিচুখ্ৰাম” কেৱল হাতেৰেহে বজায় ; ঢোলৰ মাৰিৰে নবজায়। ৰাভাসকলৰো ঢোল “ৰাভা ঢাক” বা “খামৰ” আকৃতি দীঘলীয়া গঢ়ৰ আৰু কেৱল হাতেৰেহে বজোৱা হয়।
ইয়াৰ পৰা দেখা যায় যে অসমৰ সকলো জনগোষ্ঠীয়ে ব্যৱহাৰ কৰিলেও ঢোলৰ নিৰ্মাণ শৈলী আৰু বাদন প্ৰথাৰ বিভিন্নতা আছে। ৰঙালী বিহুত বজোৱা ঢোলৰ দীঘ ১৮/২০ ইঞ্চি আৰু ব্যাস ১২/১৪ ইঞ্চি হ’ব লাগে। ঢোলটোৰ মাৰিৰে বজোৱা সোঁফালৰ অংশ গৰুৰ ছালৰ আৰু হাতেৰে বজোৱা বাওঁফালৰ অংশ ছাগলীৰ ছালেৰে নিৰ্মিত। কঁঠাল, চাম আৰু আম গছৰ মাজ অংশ কাটি তাৰ মাজৰ অংশ ফোঁফোলা কৰি এই ঢোল নিৰ্মাণ কৰা হয়। বসন্ত কালতে ঢোল নিৰ্মাণ কৰাটো পৰম্পৰাগত বিধান।
প্ৰসংগক্ৰমে ক’ব পাৰি ঢোল নিৰ্মাণৰ এই পৰম্পৰা আহোম সকলৰ মাজত আজিও আছে। পূৰ্বতে উল্লেখ কৰা হৈছে যে অসমত বিহুৰ ঢোলৰ দৰে ঢোলৰ ব্যৱহাৰ ম্যানমাৰ, থাইলেণ্ড আদি তাই-মংগোলীয়া সমাজত আজিও আছে। ব্ৰ্হ্মদেশ, শ্যামদেশত আজিও প্ৰচলন থকা ঢোলৰ গঢ় আৰু আকৃতি, বাঁহৰ মাৰিৰে বজোৱা বাদন শৈলীৰ লগত অসমৰ বহুৰ ঢোলৰ ইমান সাদৃশ্যৰ কাৰণ মূলতঃ ঐতিহ্য বুলি ধাৰণা কৰাৰ যুক্তি নিশ্চয় আছে। ম্যানমাৰ আদি দেশৰ তাঈ সকলৰ মাজত অৱশ্যে বৌদ্ধ ধৰ্মৰ ভিন্ন অনুস্থানত বজোৱা এমুৰে বজোৱা ভিন্নধৰণৰ ঢোলো আছে।
সংগীত সাস্ত্ৰত অনবদ্য বাদ্য বুলি বৰ্ণিত জন্তুৰ ছালেৰে নিৰ্মিত ঢোল জাতীয় বাদ্য পৃথিৱীৰ প্ৰায় সকলোতে আছে। কিন্তু বিহুৰ ঢোলৰ দৰে আকৃতি-আকাৰ আৰু বাদন শৈলীৰ ঢোল ব্ৰ্হ্মদেশ আৰু অসমত থকা কথাই কথাই কিহইৰ ইংগিত দিয়ে ? উল্লেখ কৰিব পাৰি ২৪ খন ঘাই ঢোলৰ হাতৰ চৰ্চা পৰম্পৰাগত ভাৱে কৰি অসমত ঢোলৰ চৰ্চা ৰক্ষা কৰা ঢুলীয়া ওজা সকলৰ বেছিভাগেই তাই আহোম সম্প্ৰদায়ৰ। বুলনি চেও, পানীতোলা চেও, বলিকটা চেও বজোৱা এই ঢুলীয়া ওজা সকল নিশ্চয় ছ্যুকাফাৰ দিনৰ সোধন ওজাৰে সাংস্কৃতিক নাতি-পুতি তথা উত্তৰাধিকাৰী।
বিহুৰ গীত-পদঃ কথা আৰু সুৰ
লক্ষ্য কৰিলে দেখা যায় যে ৰচনা শৈলী আৰু সুৰৰ ক্ষেত্ৰত পুৰণি দিনৰ বিহুৰ গীতপদৰ লগত আহোম ভাষাৰ পৰমপৰাগত গীত-পদৰ বিশেষ মিল আছে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে মংগোলীয় গোষ্ঠীৰ ভাষাত ৰচিত গদ্য আৰু পদ্য সাহিত্যৰ বৈশিষ্ট্য চুটি চুটি বাদ্য। চীন, জাপানৰ সাম্প্ৰতিক সাহিত্যতো এউ বৈশিষ্ট্যটো বিদ্যমান। সেইবাবেও মংগোলীয় গোষ্ঠীভুক্ত আহোম ভাষাৰ সাহিত্যৰ বাক্যও চুটি চুটি। আহোম ভাষাৰ ৰচনা শৈলীৰ আর্হিৰে আহোম যুগত ৰচিত অসমীয়া ভাষাৰ বুৰঞ্জীবোৰৰো বাক্য সেই কাৰণেই চুটি চুটি।
পুৰণি যুগৰ বিহুৰ গীত-পদবোৰ চুটি চুটি বাক্যত ৰচিত। সাধাৰণতে এফাঁকি পদত দুটাহে বাক্য থাকে—সিও চুটি চুটি। এয়া নিশ্চয় তাই আহোম ভাষাৰ গীত-পদৰে পৰিবৰ্তিত ৰূপ। তলৰ বিহুগীত কেইফাকিয়েই ইয়াৰ নিদৰ্শন—
“হোৰাই লৈ সৰগৰ তৰা
চাই থাক ঐ নিলগৰ পৰা।”
“লাহে লাহে ঐ
বিহু কোন ঢালে আহে।”
“বাঁহপাত ঐ বিচন দৈ ঐ
চিকন সৰিয়হৰ তেলে ঐ”
“চ’ত গ’ল
বহাগত জীয়ৰী মুকলি হ’ল।”
এই গীত-পদবোৰৰ সুৰৰ লগত আহোম ভাষাৰ পৰম্পৰাগত গীত-পদৰ সুৰৰ অদ্ভুত মিল আছে। অসমীয়া ভাষা নজনা শ্ৰুতাই কোনটো বিহুগীত কোনোটো আহোম ভাষাৰ গীত সতকাই ধৰাই টান। এই সম্পৰ্কে সুধীসমাজৰ আলোচনা আৰু বিচাৰৰ বাবে আজিও ঠায়ে ঠায়ে তাঈ আহোম সকলে হুচৰিত গোৱা তাঈ আহোম ভাষাৰ পৰমপৰাগত গীত-পদ দুফাকি মান উল্লেখ কৰা হ’ল—
লাতখাম(ঘোষা)
ছেং কেঞ ঐ ছেংফী ঐ
ৰুপি, লাপি মাথেং চাম ঐ।
চাওফা ঐ ছ্যুকাফা ঐ
মুংদুন চুনখাম লেতিমা কই ঐ।
ফুৰা লুং ঐ ফাতু ছেং ঐ
খ্ৰুপতাং বই মঔ চাও কাও ঐ।
প্ৰসংগক্ৰমে উল্লেখ কৰিব খোজো যে মংগোলীয় গোষ্ঠীৰ ভাষা বিলাক সুৰীয়া ভাষা (Tonal language) আৰু তাঈ ভাষাত সুৰৰ প্ৰাধান্য অলপ বেছি। তাঈ আহোমৰ পূজা পাতলৰ মন্ত্ৰবোৰ সুৰত গোৱা হয়। আনকি তাই আহোম ভাষাৰ বৰ্ণমালাও সুৰতেই পাঠ কৰা হয়।
বিহুত গৰু আৰু ম’হ
দেও বুৰঞ্জীৰ বিধান আৰু দিন বুৰঞ্জীৰ বৰ্ণনাৰ মতে গৰু আৰু ম’হ দুয়োবিধ পোহনীয়া জন্তুৱেই তাঈ আহোম সমাজৰ বাবে সমানেই প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ। পুৰণি কালত কেবাটাও পূজাত গৰু আৰু ম’হ বলি দিয়াৰ নিয়ম আছিল। আজিও ওমফা পূজাত এই নিয়মেৰে বলি দিয়াৰ নিয়ম আছে। কৃষিজীৱি আহোম সকলে দ’ চানেকীয়া মাটিত গৰুৰ হাল বাই মাটি চহাই আহিছে। ম’হৰ কল্যাণৰ বাবে হাঁহৰ মাংসৰে ভকতক “চাউল খোওৱা’’ আৰু গৰুৰ কল্যাণৰ বাবে গৰখীয়া ল’ৰাক বিশিষ্ট ভকত হিচাপে নিমন্ত্ৰণ কৰি “গৰখীয়া সবাহ” পতাটো আহোম সকলৰ এক অন্যতম পৰম্পৰাগত প্ৰথা। দেও বুৰঞ্জীৰ দিনৰ পৰা ম’হ পালন কৰা, ম’হৰ হাল বাই খেতি কৰা আৰু ম’হ বলি দি পূজা পাৰ্বন কৰি অহা তাঈ আহোমসকলৰ হাততেই ম’হৰ শিঙৰ পেঁপাটোৰো জন্ম বুলি ধাৰণা কৰা নিশ্চয় ভূল নহ’ব। ম’হ যখ বোলা এজন দেৱতাৰ পৰম্পৰাগত পূজা এই প্ৰসংগতে উল্লেখ কৰিব পাৰি। তদুপৰি ম’হ, গৰু, কুকুৰা, হাঁহ তাঈ আহোমসকলৰ ভালেমান পূজাৰ উপাচাৰ। পূজাত বলি দিয়া এই প্ৰাণী কেইবিধ পবিত্ৰ সম্পদ হিচাপেই এই সমাজত যুগে যুগে পৰিগণিত। গতিকেই গৰু ছালৰ দ্বাৰা নিৰ্মিত বহু ঢোলৰ এক সুকীয়া বৈশিষ্ট্য আছে, কিয়নো আনবোৰ আনদ্ধ বাদ্য আন আন জনগোষ্ঠীৰ ঢোলৰ বাবে গৰুৰ ছাল গ্ৰহণীয় নহয়। বিহুৰ দিনা চীনদেশৰ বহু ঠাইত গৰুকো মানুহৰ লগতে গা-ধুৱাই পূজা কৰে।
চ’তৰ বিহুঃ জীয়াৰী বিহুঃ ৰাতি বিহু
প্ৰায় এশবছৰৰ আগতে অসমত ডেকা-গাভৰুৱে একেলগে মুকলি পথাৰত বিহু মাৰিছিল বুলি জনা যায়। গাঁৱৰ মাজত গঞা-জ্ঞাতিৰ ঘৰৰ চোতালত গোৱা হুচৰিৰ শৃংখলাবদ্ধতাৰ মাজত পৰিতৃপ্ত হ’ব নোৱাৰি ডেকাবোৰে কেতিয়াবা মুকলিভাৱে নৃত্য-গীত কৰিবলৈনিলগৰ পথাৰলৈ গৈছিল আৰু পথাৰৰ মাজৰ পৰা ভাঁহি অহা ঢোলৰ চাপৰ, পেপাঁৰ সুৰে ঢেকীশালত চিৰা খুন্দি থকা তাহানিৰ গাভৰুসকলৰ মনপ্ৰাণ নচুৱাইছিল আৰু তেওঁলোকে ঘৰত কব নোৱাৰাকৈ মনে মনে এপাক নাচি আহিছিলগৈ।
নহ’লে জীয়াৰী বিহুৰ দৰে সুকীয়া নৃত্যানুষ্ঠান্ৰ সৃষ্টিৰ উৎস বা যুক্তি ক’ত? উজনি অসমৰ তাঈ আহোমৰ বসতি প্ৰধান বহুতো অঞ্চলত আজিও গাভৰুসকলৰ একান্ত আছুতীয়া জীয়াৰী বিহু বা জেং বিহু দেখা যায়। কেৱল বাঁহৰ টকা আৰু গগণাহে ব্যৱহাৰ কৰা গাভৰুহঁতৰ এই বিহুৰো চোক কিন্তু কম নহয়। “চ’ত গ’ল বহাগত জীয়াৰী মুকলি হ’ল”, “হাতৰে চাপৰি আহক যেনে কৰি, ভৰিৰ গিৰিপনি মাৰা হেৰা লগৰীয়া” আদি জীয়াৰী বিহুৰ গীত-পদো তাঈ মংগোলীয় ৰচনা শৈলীৰ দৰে চুটি চুটি। কম শব্দৰ।
জীয়াৰী বিহুৰ সম্পৰ্কত তাঈ আহোম সমাজত প্ৰচলিত এটি কিম্বদন্তিৰ উল্লেখ হ’ব পাৰে। সৃষ্টিকৰ্তা ব্ৰ্হ্মাৰ জীয়েক কলিমতী আছিল “নাৱৰ টিঙত উভতি নাচোতী। কাটিবলৈ নিয়াক উভতাই আনোতী। সাগৰ ভাঙি নগৰ কৰা। নগৰ ভাঙি সাগৰ কৰা” ক্ষমতাৰ অধিকাৰিণী। কলিমতীয়ে বাই-ভনী সকলৰ সৈতে মুকলি ভাৱে নৃত্যগীত কৰিছিল। এই কিম্বদন্তিৰ মতেই ঢোলৰ স্ৰষ্টাও ফ্ৰি ফ্ৰেং : চামৰু অৰ্থাৎ বৰ যখ। আজিৰ জীয়াৰী বিহুত কলিমতীৰ নৃত্যৰ ছন্দ শুনা যায়।
তাঈ আহোমৰ পৰম্পৰা অনুসৰিও সাত বিহুৰ সপ্তম অৰ্থাৎ শেষৰ দিনটোক মাইকী বিহু বোলা হয়। সাত বিহুৰ পৰাহে জীয়াৰী বিহু আৰম্ভ হয়। থাইলেণ্ড, চীনতো ছোৱালীয়ে বিহু গাই ডেকাৰ লগত প্ৰতিযোগিতা কৰে।
লক্ষ্মী আই সুন্দৰী মৰাণৰ জীয়াৰী
এই প্ৰসংগতে আহোমসকলে ছ্যুকাফাৰ নেতৃত্বত অসমত প্ৰবেশ কৰিয়েই লগ পোৱা বৰাহী, মৰাণসকলৰ বিহুৰ বিষয়েও আলচ কৰা যুগুত হ’ব। আহোমসকলৰ আগমনৰ আগৰে পৰাই অসমত বসতি কৰি থকা মৰাণ আৰু বৰাহীসকল বড়োভাষী গোষ্ঠীৰ লোক হিচাপে পৰিচিত। ছ্যুকাফাই অসমৰ এই প্ৰাচীন অধিবাসীসকলক যুদ্ধত পৰাজয় কৰে আৰু পিছত মিত্ৰতাৰ ডোলেৰে বান্ধি আপোন কৰি লয় বুলি গেইটৰ বুৰঞ্জীত লিখা আছে —
“The neighbouring country was at this time the possession of the Morans, whose king was named Bodoucha and of the Borahisa who were then ruled by Thakumtha. The Moran still survive as a separate tribe. Many now profess to be Ahoms and they adopted many Ahom rites and customs; their language however is unmistakably Bodo. Sukapha taught with and defeated these tribes in turn, after which he wisely adopted conciliatory measures and by treating them as equals and encouraging intermarriage.’’
মৰাণসকলে ঝুমখেতি কৰিছিল আৰু কিছু দিনৰ আগলৈকে কিছু মৰাণ কৃষকে এই পদ্ধতিৰে খেতি কৰি আছিল বুলি জনা যায়। লোক সাহিত্য সমাজৰ অলিখিত বুৰঞ্জী বাবেই হয়তো তাঈ আহোম সমাজত পৰম্পৰাগতভাৱে পালিত হৈ অহা লখিমী আদৰা উছবৰ মালিতা জাতীয় গীতৰ আৰম্ভণিতে মৰাণসকলৰ ঝুমখেতি আৰু মৰাণসকলৰ লগত আহোমসকলে গঢ়ি তোলা মৈত্ৰীৰ সম্পৰ্কৰ আভাষ পোৱা যায়।
লক্ষ্মী আই সুন্দৰী মৰাণৰ জীয়াৰী
খোৰা হোচোংগৰে জী
থিয় পৰেবতত আছিলা লক্ষ্মী আই
কচলু কোমোৰা খাই,
আমাৰে ৰজালৈ আহিলা লক্ষ্মী আই
কলে পিঠাগুৰি পাই।
তাঈ আহোমৰ সৈতে বৈবাহিক সম্বন্ধকে ধৰি অন্যান্য আদান প্ৰদান ঘটিলেও আৰু পিছৰ কালত মোৱামৰীয়া গোঁসাইৰ শিষ্যত্ব গ্ৰহণ কৰিলেও মৰাণসকলে নিজস্ব পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্য একেবআৰে বিসৰ্জন দিয়া নাছিল। ইয়াৰ নিদৰ্শন মৰানসকলে পালন কৰা বহাগৰ বিহু। আজিও মৰাণ সমাজত তিনি দিনীয়া কাৰ্যসূচীৰে বহাগৰ বিহু পাতে। কিন্তু বহাগৰ প্ৰথম দিন যোৱাৰ পিছত কোনোবা এটা মংগলবাৰে মৰাণ সকলে বিহু উৎসৱ আৰম্ভ কৰে আৰু তিনি দিনৰ অন্তত বৃহস্পতিবাৰে অন্ত পেলায়। ইয়াৰ বাবে আকৌ গাঁৱৰ মাজত এটা অস্থায়ী ঘৰো সাজি ল’ব লাগে। তাৰ পিছতহে ঘৰে ঘৰে গৈ হুচৰি গায়। হুচৰিৰ গীত-পদত তাঈ-মংগোলীয় ৰচনা শৈলীহে দেখা যায়—
“হুচৰি ঐ চ’ত, বিচতি ঐ চ’ত
বুধ বৃহস্পতি, মংগলে উৰুকা
বিহু গৈ আছিলি ক’ত?
বহাগ বহুয়েই মৰাণ সকলৰ সকলৰ প্ৰধান উৎসৱ। মৰাণসকলে চ’তৰ সংক্ৰান্তি আৰু প্ৰথম বহাগৰ পৰা বহাগৰ বিহু পালন নকৰাৰ কেইবাটাও কাৰণ আছে বুলি শুনা যায়। শ্ৰীৰাম কুমাৰ দহোতীয়াৰ মতে প্ৰথম বিহুৰ দিনাই আহোমসকলে হুচৰি গোৱাৰ চলেৰে ৰাঘৱ মৰাণক হত্যা কৰাৰ বাবেই তেতিয়াৰ পৰা আহোম ৰজাই পতা সময়ত বিহু নাপাতিবলৈ মৰাণসকলে প্ৰতিজ্ঞা কৰে।
আৰু এটা কথাই এই ধাৰণাত সহায় কৰে। সেইয়া হ’ল-- মৰাণসকলৰ মাজত মাঘৰ বিহু উৎসৱ হিচাপে স্বীকৃত নহয়। শ্ৰীদহোতীয়াৰ ভাষাত – “মৰাণসকলে মাঘ বিহু উৎসৱো জাক জমকতাৰে পালন নকৰি মাত্ৰ আলু আদি পুৰি খায়েই বিহু শেষ কৰে। কাতি বিহু প্ৰায় নাপাতে বুলিলেও বঢ়াই কোৱা নহয়।” ঝুমখেতিৰে জীৱন নিৰ্বাহ কৰা মৰাণসকোলে পানীখেতিৰ লগত পৰিচিত হোৱা নাছিল বাবেই হয়তো পানীখেতিৰ লগতহে জড়িত মাঘবিহু আৰু কাতি বিহুক উৎসৱ হিচাপে গ্ৰহণ কৰিব নোৱাৰিলে। আনফালে ঢোল-পেঁপাৰ সুৰে মতলীয়া কৰা বহাগ বিহুৰ প্ৰচণ্ড প্ৰভাৱক হয়তো মৰাণসকলে আদৰি নলৈ থাকিব নোৱাৰিলে।
কনফুচিয়াচ আৰু বিহুৰ অনুষ্ঠান
আগতেই উল্লেখ কৰি অহা হৈছে যে বহাগৰ বিহুত নৃত্য-গীত অপৰিহাৰ্য নহয়। কিন্তু উপৰিপুৰুষ তথা মৃতকৰ তৰ্পন অপৰিহাৰ্য। তাঈ আহোমসকলৰ বাহিৰেও অসমৰ সকলো পুৰণি জন-গোষ্ঠীৰ মাজত বহাগৰ বিহুত পৰম্পৰাগত বিধানেৰে মৃতকক তৰ্পণ জনোৱাটো এৰাব নোৱাৰা নিয়ম। এই নিয়ম পালন নকৰিলে অপায় অমংগল ঘটে বুলি গভীৰ জনবিশ্বাস প্ৰচলিত। গাঁৱৰ কাৰোবাৰ মৃত্যু হলে, গাঁৱত বসন্তৰ দৰে ৰোগে দেখা দিলে বা তেনে ধৰণৰ বিশেষ কাৰণত বহাগৰ ৰং-ৰহইচ নৃত্য-গীত সেই বছৰৰ বাবে বন্ধ কৰাও অন্যতম পৰম্পৰাগত সামাজিক নীতি। কিন্তু সামান্যভাৱে হলেও তৰ্পন অনুষ্ঠান পালিবই লাগে।
এই বিষয়ত বিশ্ববৰেণ্য দাৰ্শনিক কনফুচিয়াচৰ দৰ্শন আৰু মতবাদৰ কথা আহিব পাৰে। চীনদেশৰ বৰ্তমান চানতু প্ৰদেশত খৃঃপূঃ ৫৫১ চনতে কুংফুং-ৎজে-কুং নামেৰে জন্ম হোৱা আৰু পিছলৈ কনফুচিয়াচ নামেৰে জনাজাত হোৱা এইগৰাকী পণ্ডিতে উপৰি পুৰুষৰ পৰা চলি অহা ৰীতি-নীতিবোৰৰ মাজত সভ্যতা আৰু জ্ঞানৰ চানেকি আছে বুলি মত পোষণ কৰিছিল আৰু সেই ৰীতি-নীতিবোৰ মানি চলিবলৈ উপদেশ দিছিল। তাঈ জাতি আৰু তাঈসংস্কৃতিক অপৰিসীম প্ৰভাৱ পেলোৱা কনফুচিয়াচৰ আজীৱন জ্ঞান সাধনাৰ ফলশ্ৰুতি পাঁচখন গ্ৰন্থক “মহান তাঈ জাতিৰ পুৰণি নথি-পত্ৰ” (Collection of the ancient records of the great Tais) বোলা হয়। কনফুচিয়াচৰ সেই বাণী ম্যুংৰিম্যুংৰাম, য়ুন্নান, ম্যুংকং আদি গছকি অহা তাঈ আহোম সকলে লগত লৈ আহিছিল নেকি বাৰু?
পৰিশেষত ক’ব খোজো যে কোনো জনগোষ্ঠীয়ে ব্যৱহাৰ নকৰা আৰু বাঁহৰ মাৰিৰে বজোৱা গৰুৰ ছালৰ ঢোলৰ চেওঁ, ম’হৰ শিঙৰ পেঁপাৰ লহৰ, তাঈ-মংগোলীয় সাহিত্যিৰ ৰচনা শৈলীৰ চুটি চুটি পংক্তিৰ পুৰণি দিনৰ গীত-পদৰ সুৰে সুৰে নাচি-বাগি-গাই কৰা বিহুৰ নৃত্য-গীতৰ অনুষ্ঠান আৰু মৃতকৰ প্ৰতি জনোৱা তৰ্পন অনুষ্ঠান অবিচ্ছেদ্য অংগ হৈ থকা আজিৰ বহাগ বিহু আৰু হুচৰিৰ মূল উৎসৱ পুৰণি দিনৰ ৰীতি-নীতি মানি ছিংকৰা ফুল ফুলা চ’তৰ শেষত চুমচেঙৰ চাৰিও ফালে ঘূৰি ঘূৰি নাচি পালন কৰা ৰুচেংৰি নামৰ অনুষ্ঠানেই বুলি ধাৰণা কৰাৰ থল নিশ্চয় আছে। সময়ৰ পৰিবৰ্তনত হয়তো মূল ৰূপটোৰ ৰূপান্তৰ ঘটিছে আৰু ৰূপান্তৰ নঘটাহে অস্বাভাৱিক। তাহানি “মানদেশত আছিল মান তৰা এযুৰি” আদি পুৰণি গীত-পদে ম্যানমাৰ, থাইলেণ্ডত হুবহু বিহুৰ গীত, নৃত্য, ঢোলৰ ব্যৱহাৰ আজিও থকাৰ কথাই এই ধাৰণা অধিক গভীৰ কৰি তোলে যে অসমত বিহুৰ উদ্ভাৱক আহোমসকল।
সম্পূৰ্ণকৈ পঢ়ক »

তোক ভালপোৱাৰ বাবেই ✍ চাও ৰুপজ্যোতি চাংমাই, শিৱসাগৰ

তোক ভালপোৱাতোৱেই হেনো
মোৰ অপৰাধ,
তই মোৰ তেজত থকাতোৱেই হেনো
মোৰ অভিশাপ !
সেয়ে মোৰ বুকুত পৰে বুট জোটাৰ প্রচণ্ড গোৰ, বেয়নেটৰ খোচ ।
যৌৱনৰ বহু বিষন্ন আবেলি আৰু ক্লান্ত
পথিকৰ ছায়া দেখিলো
সময়বোৰো কেতিয়াবা থমকি ৰোৱা দেখিলো,
কংক্রিতৰ মাজতো মৰুভুমিক দেখিলো,
হৃদয়বোৰো পাথৰ হোৱা দেখিলো য'ত
কেতিয়াবা উজুতিও খাইছো।
তথাপি ভাগৰি পৰিবলৈ নিশিকিলো।
সুর্যমুখী পৃথিৱীখন কাষৰ পৰা চোৱাৰ
হেঁপাহে মোক লৈ গল
এদিন মোৰ পুলিন পুঠাও সঁতে অহা বাটেৰে ।
তোক ভালপোৱাৰ বাবেই আজি
মই অপৰাধী
তোৰ বান্ধি থোৱা শিকলিবোৰ ছিঙিপেলাব খোজো
বাবেই হেনো মই দেশদ্রোহী।
সেয়ে শক্রৰ প্রতিটো বুলেটত
মোৰ নাম লিখা থাকে
মাথো তোক ভালপোৱাৰ বাবেই. .
মাথো তোক ভালপোৱাৰ বাবেই. . .!
সম্পূৰ্ণকৈ পঢ়ক »

"পুথাও ডাম চাও গন্ধেশ্বৰ দেওধাই ফুকন" ✍ নাং ধৰিত্ৰী গগৈ, পাটসাঁকো

এই মহান আহোম মলুঙজনৰ জন্ম ১৯০৮চনত জজঁলী লেচাইহাবি গাওঁ ,মৰাণ ; বৰ্তমান চৰাইদেউ জিলাৰ অন্তৰ্গত এখন অখ্যাত গাৱঁত । তেখেতৰ পিতৃৰ নাম "ডাম পদেশ্বৰ দেওধাই ফুকন" আৰু দৌতিয়েক আছিল "ডাম মনসিং দেওধাই ফুকন" ।
গুৰু-গোসাঁই নমনা দেওধাইৰ জাত বুলি আন আহোমসকলে ঘৃণা-নিন্দা কৰাৰ সময়তে তেওঁ বন্ধুসম ককায়েক ,তাই ভাষা-সংস্কৃতিৰ একান্ত সাধক , "মহন-দেওধাই-বাইলুঙ সন্মিলন ,অসম ; কেন্দ্ৰীয় তাই একাডেমী ,পাটসাকোঁ ; পূৰ্বাঞ্চল তাই সাহিত্য সভা"ৰ মুখ্য প্ৰতিষ্ঠাপক "ডাম চাও ডম্বৰুধৰ দেওধাই ফুকন"ৰ সৈতে আলোচনা কৰি কেনেদৰে আহোম জাতিটোৰ ভাষা-সংস্কৃতি-ধৰ্মৰ বিষয়ে এটা সংগঠিত ৰূপ দিব পাৰে তাৰ আলোচনাত মগ্ন হৈছিল ।
তাই আহোম ভাষাৰ প্ৰথম নেওতা পুথিখন প্ৰস্তুত কৰি উলিয়াইছিলএইজন মহান মলুঙে ১৯৫২চনতে আৰু প্ৰকাশ কৰিছিল ১৯৫৩চনত । লগে লগে আন এখন মূল্যবান পুথি "তাই সংস্কৃতিৰ বিহু" প্ৰস্তুতকৰণৰ কামো চলাই নিয়ে আৰু প্ৰকাশ কৰিলে ১৯৫৯চনত ।
পুথিখনত বিহুৰ বিষয়ে সহজ-সৰলকৈ সেই সময়ৰ কথিত ভাষাৰে বৰ্ণনা কৰি সেই সময়ত প্ৰচলিত বিহুনামবোৰো লিপিবদ্ধ কৰি থৈ গৈছে । সেই সময়ত আহোমৰ "ফি"সকলৰ ওপৰিও দেৱী সৰস্বতী , পাৰ্বতী আদিক উদ্দেশ্যিও ৰাইজে বিহুনাম গাবলৈ আৰম্ভ কৰিছিল ।
বিভিন্ন ৰসৰ বিহুনামেৰে ভৰা পুথিখনিত কাৰ বিষয়ে এফাকি বিহুনাম নাই ??? প্ৰকৃতিৰপৰা আৰম্ভ কৰি নাহৰ চেনিমুৱা , স্বৰ্গদেও , জোন-তৰা , নগা-নাগিনী , মিচিমি , মণিৰাম , অভিধান ,নভেল , পাউডাৰ ,হাই হিল , অসম-অসমীয়া ,স্বাধীনতা আদি শব্দেৰে ভৰা নামসমূহ পঢ়িলে গম পোৱা যায় , নুন্যতম শিক্ষাগত অৰ্হতাসম্পন্ন এইজন মলুঙে কেনেদৰে সৃষ্টি কৰি থৈ গ'ল এই মহামূল্যবান পুথি "তাই সংস্কৃতিৰ বিহু" ।
মাত্ৰ পঞ্চাশ বছৰ বয়সতে এই মহান মলুঙজনে ডাম হয় ১৯৬২চনত আৰু তেওঁৰ সৃষ্টিৰাজীও থমকি ৰয় । তেওঁৰ অপ্ৰকাশিত হৈ ৰোৱা পুথি হ'ল - - -১/তাই কৃষ্টি
২/তাই ভাষা অনুবাদ
৩/ শিশু ৰাজ্য ।
সম্পূৰ্ণকৈ পঢ়ক »

বৰ্ণবাদ বনাম বিহু ✍ টুুনুজ্যোতি গগৈ

অসমৰ প্ৰচাৰ মাধ্যমত শেহতীয়াভাবে ‘ব্ৰাহ্মণ্যবাদ' শব্দটো সঘনাই উচ্চাৰিত আৰু উল্লেখিত হোৱাৰ ফলত সৰ্বসাধাৰণৰ মাজত এই শব্দটোক লৈ বিভিন্নধৰণৰ চৰ্চা পৰিলক্ষিত হৈছে৷ অজ্ঞতা আৰু অনুমানৰ ভেটিত হোৱা চৰ্চাবোৰ মূলতঃ এনেধৰণৰ –‘বিজেপি ক্ষমতালৈ আহিলে ব্ৰাহ্মণ্যবাদে অসমীয়া জাতিক ধ্বংসৰ গহ্বৰলৈ ঠেলি পঠিয়াব', ‘আগতে অসমত ‘ব্ৰাহ্মণ্যবাদ' বুলি কোনো শব্দই নাছিল, অখিল গগৈয়েহে এই শব্দটো প্ৰথম প্ৰচলন কৰিছে' ইত্যাদি৷ বহুতে আকৌ ‘ব্ৰাহ্মণ' আৰু ‘ব্ৰাহ্মণ্যবাদ' শব্দ দুটা একাকাৰ কৰি পেলাইছে৷ এই আপাহতে ‘ব্ৰাহ্মণ্যবাদ' মানেনো কি আৰু এই ব্ৰাহ্মণ্যবাদ ব্যৱস্থা অসমত কেতিয়াৰ পৰা আৰু কেনেদৰে প্ৰচলিত হৈ আহিছে, সেই সম্পৰ্কে আলোচনাৰ প্ৰয়োজন আছে৷
ভাৰতীয় সমাজ ব্যৱস্থাৰ আদিতে আৰ্য বা আদিবাসী অনাৰ্যসকলৰ মাজত কোনো শ্ৰম বিভাজন নাছিল – প্ৰতিজন ব্যক্তিয়েই পূজাৰী, যুঁজাৰু আৰু শ্ৰমকাৰী আছিল৷ পাছলৈ ব্যক্তিৰ পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰিয়েই আৰ্য সমাজত শ্ৰম বিভাজনৰ সূচনা হ'ল৷ অৰ্থাৎ আদিবাসী অনাৰ্যসকলৰ সৈতে প্ৰতিনিয়ত যুদ্ধত লিপ্ত হৈ থাকিব লগা হোৱাত সকলো ব্যক্তিয়ে সকলোবোৰ কাম কৰিব নোৱাৰা হৈ পৰিল৷ অধ্যয়নপ্ৰিয় আৰু সংস্কৃতিবান ব্যক্তিসকলে যাগ-যজ্ঞত ব্যস্ত হৈ ব্ৰাহ্মণ সম্প্ৰদায়ৰূপে পৰিচিত হোৱাৰ বিপৰীতে দৈহিকভাৱে সবল আৰু পৰাক্ৰমী ব্যক্তিসকল যুঁজ-বাগৰত লিপ্ত হৈ ক্ষত্ৰিয় সম্প্ৰদায়ৰূপে পৰিচিত হ'ল আৰু তেওঁলোক যাগ-যজ্ঞৰ পৰা আঁতৰি থাকিল৷ কৃষি কাৰ্য আৰু কুটিৰ শিল্পত জড়িত ব্যক্তিসকল বৈশ্য সম্প্ৰদায়ৰূপে পৰিচিত হোৱাৰ বিপৰীতে যুদ্ধত পৰাজিত অনাৰ্যসকল হৈ পৰিল শূদ্ৰ বা দাস শ্ৰেণীভূক্ত৷ এই শূদ্ৰ বা দাসসকলক সকলো ধৰণৰ বৈদিক সংস্কাৰ আৰু সামাজিক অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা হ'ল৷ সময়ৰ সোঁতত এই শ্ৰম বিভাজন জন্মগত হৈ পৰাত মানসিকভাৱে কিছু আগবঢ়া ব্ৰাহ্মণসকলে নিজকে শ্ৰেষ্ঠ বুলি দাবী কৰিবলৈ ধৰিলে৷ ব্ৰাহ্মণসকলৰ এই দাবীক ক্ষত্ৰিয়সকলে সহজে মানি ল'বলৈ টান পাইছিল বাবেই ব্ৰাহ্মণ-ক্ষত্ৰিয়ৰ মাজত সামৰিক তথা আধ্যাত্মিক সংঘাত ব্যাপক ৰূপত সংঘটিত হৈছিল৷ ঋষি পৰশুৰামে ক্ষত্ৰিয় নিধনৰ অভিযান চলোৱা, ৰজা কীৰ্তবীৰ্যাৰ্জুনে ব্ৰাহ্মণ নিধনৰ বাবে যুদ্ধ কৰা আদি ৰূপকথাই ব্ৰাহ্মণ-ক্ষত্ৰিয়ৰ মাজৰ সংঘাতকে সূচায়৷ ব্ৰাহ্মণ-ক্ষত্ৰিয়ৰ মাজৰ সংঘাতৰ প্ৰতিক্ৰিয়া তদানীন্তন ভাব জগততো প্ৰতিফলিত হৈছিল৷ ক্ষত্ৰিয়সকলৰ দাৰ্শনিক ভাবনাৰ বিকাশ ঘটিছিল উপনিষদৰ জৰিয়তে৷ উপনিষদে সজোৰে ঘোষণা কৰিছিল যে পৰম সত্যৰ কাষত বৈদিক কৰ্ম-কাণ্ডৰ কোনো স্থান নাই আৰু আত্মাৰ মুক্তিৰ বাবে ব্ৰাহ্মণসকলৰ সহায়ৰো প্ৰয়োজন নাই৷ লক্ষ্যণীয় যে ক্ষত্ৰিয়সকলে ব্ৰাহ্মণৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰাৰ সময়ত বৈশ্য আৰু শূদ্ৰসকলে সামাজিক মুক্তিৰ সন্ধান কৰা নাছিল: বৰং নিজস্ব দৰ্শনক বেদান্ত আখ্যা দি বেদৰ আধিপত্যহে প্ৰচাৰ কৰিছিল৷
লক্ষ্যণীয় যে আৰ্য সমাজত ঋকবেদৰ যুগতে শ্ৰম বিভাজন সূচনা হ'লেও তেতিয়া সেই বিভাজন বহু পৰিমাণে নমনীয় আছিল আৰু তেনে বিভাজনৰ ক্ষেত্ৰত বৰ্ণ অৰ্থাৎ গাৰ ছালৰ বৰণে প্ৰাধান্য পাইছিল৷ [http://adaniel.tripod.com/india.htm] বুদ্ধি-বৃত্তিত আগবঢ়া গৌৰবৰ্ণীসকলে যথেষ্ট কায়িক পৰিশ্ৰম প্ৰয়োজন হোৱা কামবোৰ থলুৱা কৃষ্ণবৰ্ণী জনগোষ্ঠীৰ লোকসকলক বিভিন্ন মন্ত্ৰণাৰে কৰিবলৈ বাধ্য কৰাইছিল আৰু কালক্ৰমত তেনে মন্ত্ৰণা গভীৰ আৰু ব্যাপক হৈ পৰিছিল৷ শ্ৰম বিভাজনে এক স্তৰীকৃত ৰূপ লোৱাৰ পাছত ব্ৰাহ্মণৰ শ্ৰেষ্ঠত্ব সাব্যস্ত হোৱাৰ লগতে কায়িক শ্ৰমক হেয়জ্ঞান কৰি মানসিক শ্ৰম অৰ্থাৎ জ্ঞান-চৰ্চাৰ ধ্বজা উত্তোলিত হয়৷ উৎপাদন প্ৰক্ৰিয়াৰ ক্ৰমবিকাশৰ সমান্তৰালভাৱে উদ্বৃত স্ৰষ্টা আৰু উদ্বৃত উপভোক্তাৰ মাজত বিস্তৰ ব্যৱধানৰ সৃষ্টি হয়৷ সেইদৰে, চৰম বিচ্ছেদ সংঘটিত হয় কায়িক আৰু মানসিক শ্ৰমৰ মাজতো৷ শ্ৰেণীশোষণৰ এনে অমানুষিক ব্যৱস্থাটোৱেই ব্ৰাহ্মণ্যবাদ ৰূপে পৰিচিত হৈ আহিলেও আমাৰ এই আলোচনাত এতিয়াৰ পৰা ব্ৰাহ্মণ্যবাদৰ সমাৰ্থক শব্দ বৰ্ণবাদহে ব্যৱহাৰ কৰা হ'ব৷[শৰ্মা, কিশোৰী মোহনঃ মানৱতাৰ বধ্যভূমি বৰ্ণবাদী ভাৰতত এভুমুকি, ডিব্ৰুগড়, ১৯৮৬ চন৷ পৃ. ৩-৯]
প্ৰখ্যাত ইতিহাসবিদ ডঃ দামোদৰ ধৰ্মানন্দ কৌশাম্বীৰ মতে, বৰ্ণবাদৰ ভূমিকা প্ৰাৰম্ভণিতে প্ৰগতিশীলেই আছিল৷ ‘নতুন পুৰোহিত' শ্ৰেণীটোৱে আৰ্য আৰু অনাৰ্য জনগোষ্ঠীসমূহৰ সংমিশ্ৰণত গঠিত সমাজখনৰ বিকাশত বহু পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰিছিল৷ এই শ্ৰেণীটোৰ একমাত্ৰ লক্ষ্য আছিল জীৱিকাৰ সন্ধান কৰা৷ বেদৰ দীঘলীয়া আৰু কঠিন শিক্ষাই তেওঁলোকক জনজাতীয় সমাজৰ আগোচৰে ঐক্যবদ্ধ হ'বলৈ প্ৰেৰণা যোগাইছিল আৰু তেনে প্ৰেৰণাই জনজাতীয় বান্ধোন ক্ৰমশঃ শিথিল কৰি এখন নতুন সমাজ গঠনৰ ক্ষেত্ৰতো অৰিহণা যোগাইছিল৷ তেওঁলোকেই জনজাতীয় সমাজখনক খাদ্য সংগ্ৰহকাৰী সমাজৰ পৰিৱৰ্তে খাদ্য উৎপাদনকাৰী সমাজলৈ ৰূপান্তৰিত কৰিলে৷ [কৌশাম্বী, ডঃ দামোদৰ ধৰ্মানন্দঃ ভাৰতৰ ইতিহাস [অসমীয়া অনুবাদঃ ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য], গুৱাহাটী, ১৯৮১ চন৷ পৃ. ১৪৯]
বৰ্ণবাদৰ এনে প্ৰগতিশীল ভূমিকা কম সময়ৰ ভিতৰতে প্ৰতিক্ৰিয়াশীল হৈ পৰিল৷ কেৱল সামাজিক উৎপাদনৰ স্বাৰ্থত আৰম্ভ হোৱা নমনীয় আৰু পাৰস্পৰিক পৰিৱৰ্তনীয় শ্ৰম বিভাজন হৈ পৰিল অলংঘনীয়, অপৰিৱৰ্তনীয় আৰু স্তৰবিন্যস্ত৷ এই প্ৰসংগত ডঃ হীৰেন গোহাঁইৰ এটি মন্তব্য প্ৰণিধানযোগ্য– ‘... ব্ৰাহ্মণ্যবাদ পিছলৈ জনসাধাৰণৰ বাবে এক নিষ্পেষণকাৰী শক্তি হৈ পৰিছিল৷ প্ৰথমৰে পৰা তাৰ লগত জড়িত আৰ্থিক শোষণ আৰু সামাজিক অৱদমনে পিছলৈ এক সৰ্বগ্ৰাহী ৰূপ লৈ জনসাধাৰণৰ মনত ক্ষোভ আৰু হতাশাৰ জন্ম দিছিল৷ বিশেষকৈ ব্যাপক ভূমিদান আৰু অন্যান্য উপায়ে সম্পত্তি অৰ্জন কৰি ব্ৰাহ্মণ্য ধাৰণামতে শ্ৰেষ্ঠ জাতি বুলি বিবেচিত ব্ৰাহ্মণসকলে সমাজৰ ওপৰত বিশেষ প্ৰতিপত্তি চলাবলৈ সক্ষম হ'ল৷'[গোহাঁই, ডঃ হীৰেনঃ অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, গুৱাহাটী, ১৯৯১ চন৷ পৃ. ৪৪-৪৫] সন্দেহ নাই যে বৰ্ণবাদৰ কঠোৰ আৰু অমানুষিক অনুশাসনবোৰে শ্ৰেণী সংগ্ৰামৰ স্বাভাৱিক গতিক একেবাৰে ৰুদ্ধ কৰি তুলিব নোৱাৰিলেও প্ৰচণ্ড বাধাৰ সৃষ্টি কৰিলে৷
পাঁচহেজাৰ বছৰীয়া প্ৰাচীন বুলি কোৱা ভাৰতীয় সভ্যতাৰ সবাতোকৈ ক্ষয়ংকৰী উপাদান বৰ্ণবাদে অসমভূমিত মধ্যযুগৰ আহোম আৰু কোচ ৰাজ প্ৰশাসনত পোখা মেলিছিল৷ বৰ্ণবাদে পোখা মেলাৰ পূৰ্বে সাতৰাজ সামৰি এক ৰাজ কৰা আহোম প্ৰশাসন ব্যৱস্থাত পাইক প্ৰথা বৰ্তি থাকিলেও বেদপন্থী আৰ্য সমাজত থকাৰ দৰে জাতিভেদ প্ৰথা বা শ্ৰম বিভাজনৰ অস্তিত্ব তেনেকৈ নাছিল৷ তিব্বতবৰ্মী মংগোলীয় জনগোষ্ঠীসমূহৰ সকলোনৰ-নাৰীয়ে পৰিয়াল বা সমাজৰ উৎপাদন প্ৰক্ৰিয়াত প্ৰত্যক্ষভাৱে জড়িত আছিল আৰু উভয়ে সমানে কায়িক শ্ৰম কৰিছিল৷ পথাৰ-সমাৰত ব্যস্ত হৈ থকা ভিন্ন জনগোষ্ঠীৰ নৰ-নাৰীৰ প্ৰেম-প্ৰীতি, বিৰহ-বেদনা, শ্ৰম-অৱসাদৰ ছন্দে ছন্দে গীত-নৃত্যৰ সৃষ্টি হৈছিল আৰু সেইবোৰেই কালক্ৰমত কৃষি উৎসৱৰূপে পৰিগণিত হৈছিল৷ খেতিৰ বতৰতে পালিত সেই উৎসৱবোৰৰ কোনো উমৈহতীয়া সময়পঞ্জী বা ৰীতি-নীতি নাছিল, সিবোৰ সংশ্লিষ্ট জনগোষ্ঠীসমূেহ বছৰ বছৰ ধৰি নিজৰ মাজত পালন কৰি আহিছিল৷
মূলতঃ উজনি অসমৰ ভিন্ন জনগোষ্ঠীসমূহৰ মাজত প্ৰচলিত হৈ অহা বসন্তকালীন কৃষি উৎসৱসমূেহ আহোম ৰাজতন্ত্ৰৰ পৃষ্ঠপোষকতাত বিহু ৰূপে এক সামূহিক চৰিত্ৰ লাভ কৰিলে৷ এই প্ৰসংগত ডাঃ মাণিক চন্দ্ৰ চেতিয়াই লেখিছে যে চুক্লেংমুং [১৫৩৯-১৫৫২ চন] ৰজাৰ দিনত অসমৰ কছাৰী, চুতীয়া, মৰাণ, মটক, বৰাহী, মিচিং, দেউৰী, মিচিমি আদি জনগোষ্ঠীৰ পাইকসকলে চ'ত মাহৰ শেষৰ পৰা ব'হাগৰ সাত দিন ৰাজকীয় কামলৈ নোযোৱাত আলি বন্ধা, পুখুৰী খন্দা, দ'ল-দেৱালয় নিৰ্মাণ আদিত বাধা পৰিছিল৷ ৰজাই পাইকসকল কামলৈ নহাৰ বিষয়ে খা-খবৰ কৰি গম পালে যে তেওঁলোকৰ গাত ‘পিহু' [‘পি' মানে পান কৰা আৰু ‘হু' মানে মনৰ দুখ-বেদনা] লাগিছে, সেয়ে সাত দিন তেওঁলোকে পিহুঁত ব্যস্ত থাকে৷ ৰজাই পিহুস্থলীলৈ গৈ দেখিলে যে পুৰুষসকলে কুলি, কেতেকী, ভোমোৰা, জিলিৰ সুললিত কলৰবৰ মাজত ঢোল, পেঁপা, গগনা, টকা, বাঁহী, সুতুলী, তাল লৈ নাচি-বাগি আনন্দ বিভোৰ হৈ আছে৷ ৰজাই সেই দৃশ্য দেখি বৰ আনন্দ পালে আৰু তাতেই পিহুঁক নকৈ জন্ম দিব বুলি ঘোষণা কৰিলে৷ [বিহুৰ উৎপত্তি সম্পৰ্কে জানেনে ?, পাটকাই, ১৪ জুলাই, ২০০৯ চন ] আহোম স্বৰ্গদেৱ ৰুদ্ৰসিংহ [১৬৯৬-১৭১৪ চন]ৰ দিনত ৰংঘৰ বাকৰিত বিহুৱে আনুষ্ঠানিকভাৱে সামাজিক মৰ্যাদাপ্ৰাপ্ত হোৱাৰ পাছৰ পৰাই হাবি বা পথাৰৰ বিহু মানুহৰ চোতাল পালেহি৷
কৃষিজীৱী জনজাতীয় সমাজৰ পৰা উদ্ভূত এই বিহুৰ সৈতে আৰ্যমূলীয় কোনো সমাজৰে কোনো সম্পৰ্ক নাছিল বাবেই বৰ্ণবাদী পৰম্পৰাৰে উঠি অহা আৰু ইংৰাজী শিক্ষাৰে শিক্ষিত নব্য অসমীয়া মধ্যশ্ৰেণীয়ে বিহুৰ প্ৰতি তীব্ৰ বিদ্বেষ প্ৰকাশ কৰিছিল৷ অথচ, অসম বাসীৰ মনত ভাষা-ভিত্তিক জাতীয় চেতনা সৃষ্টিত এই মধ্যশ্ৰেণীয়েই অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল৷ মিছনাৰীসকলৰ সহযোগত আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা আদিয়ে অসমীয়া ভাষাৰ হৃত মৰ্যাদা ফিৰাই আনিবৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল৷
ঊনবিংশ শতিকাত অসমত বৰ্ণবাদ প্ৰথা ইমান গভীৰলৈকে শিপাইছিল যে অষ্টম দৰিদ্ৰ এজনেও একে জাতৰ নহ'লে ভিক্ষা গ্ৰহণ নকৰিছিল৷ মৃতপ্ৰায় ৰোগীয়ে জাত যোৱাৰ ভয়তে ধৰ্মপ্ৰচাৰৰ উদ্দেশ্যে অহা খ্ৰীষ্টান মিছনাৰীসকলৰ দৰৱো খোৱা নাছিল৷ সেইদৰে, বেদপন্থী আৰ্যমূলীয় সমাজত বাল্যবিবাহৰ দৰে কুপ্ৰথা প্ৰচলিত হৈ থকাৰ বিপৰীতে বিধৱা নাৰীৰ প্ৰতি পোষণ কৰা হৈছিল চৰম অমানৱীয় দৃষ্টিভংগী৷ তেনে এখন সমাজত মুকলিমূৰীয়া প্ৰেম-প্ৰীতি-বিৰহ-বেদনাৰ কথা ভাবিবই নোৱাৰি৷ অথচ, জনজাতীয় সমাজত গাভৰু ছোৱালীয়ে পুষ্পিতা হোৱাৰ পাছতো পথাৰে-সমাৰে ডেকাৰ সমানে সমানে মুকলিমুৰীয়াকৈ ঘূৰি ফুৰিছিল৷ অবিবাহিতা নাৰীয়ে নিজৰ যৌন বাসনা বিহুনামৰ জৰিয়তে নিৰ্দ্বিধাই প্ৰকাশ কৰিছিল–
তোমাৰ তিনিখন আমাৰ তিনিখন
ছখনি কাপোৰৰ জাপ
তোমাৰ তিনিখন লোৱা বাছি বাছি
কুকুৰাই দিলেহি ডাক৷
জনজাতীয় সমাজত পৰিলক্ষিত নৰ-নাৰীৰ এনে মুক্ত বিচৰণ আৰু আচৰণক আৰ্যমূলীয় সমােজ সহজভাৱে ল'ব পৰা নাছিল৷ তেনেস্থলত সেই সমাজে জনজাতীয় সমাজৰ পৰা উদ্ভূত বিহুক আদৰি লোৱাৰ প্ৰশ্নই নুঠে৷ সেয়ে বেদপন্থীসকলে বিহুক অসমৰ পৰা নিষেধ আৰু নিঃশেষ কৰিবলৈ ঔপনিৱেশিক-সাম্ৰাজ্যবাদী ইংৰাজ শাসকসকলক কাকুতি-মিনতি কৰাৰ লগতে বিহু সম্পৰ্কে দৃষ্টিকটু মন্তব্য কৰি থৈ গৈছে৷
ঊনবিংশ শতিকাৰ শিক্ষিত পুৰুষ হলিৰাম ঢেকীয়াল ফুকন[১৮০২-১৮৩২]-এ লোক উৎসৱ বিহুক গ্ৰামাঞ্চলত বসবাস কৰা ইতৰ শ্ৰেণীৰ লম্পট স্ত্ৰী-পুৰুষৰ যৌনাচাৰ বুলিহে আখ্যা দিছিল৷ লক্ষ্যণীয় যে ঢেকীয়াল ফুকনৰ দৰে এচাম ব্ৰিটিছ অনুগত অসমীয়া আমোলা-বিষয়াই নিজা মাতৃভাষা বৰ্জন কৰি বঙালী ভাষাক বুকুৰ আপোন কৰি লৈছিল৷ তেওঁ বঙালী ভাষাত প্ৰকাশিত ‘আসাম বুৰঞ্জী'[১৮২৯ খৃঃ]ত বিহু সম্পৰ্কে লেখিছে–‘সাধারণ লোকের স্ত্ৰীলোক ও লম্পট পুরুষসকল একত্ৰ হইয়া অত্যন্ত জুগুপ্সিত নৃত্য-গীত করিয়া থাকে৷ পল্লীগ্ৰামে সৰ্ব্বপেক্ষা এই পৰ্ব্ব অধিক কিন্তু এই কুরীতি কামরূপে নাই সৌমারে অধিক৷' ‘অসম হাবি গুচি ফুলবাৰী' হওক বুলি আশা কৰা আনন্দৰাম ঢেকীয়াল ফুকনৰো বিহুৰ প্ৰতি ভাল ভাৱ নাছিল৷ তেওঁ লেখিছিল– ‘এই অসম দেসৰ অনেক ঠাইত বচৰি বিহুত জিসকল বিভিচাৰ ক্ৰিয়া কৰে তাক সকলে জানে৷ এই কুৰিতি আন কোনো দেসত নাই আৰু সি অসমৰ এক মহা কলংক হৈচে৷ সদালোকসকলে কি এই কুচিত কথাত একে বেলিএ চকু মুদিলে? বিহুৰ অকৰমৰ কথাত কাৰ চিতে বিসম নেপাব? হে দেসস্থ বৰ লোকসকল তোমালোকে এই কুকৰম একে বেলিয়ে গুচাবৰ পুৰুসাৰ্থ কৰা৷'
আনন্দৰাম ঢেকীয়াল ফুকন [১৮২৯-১৮৫৯]ৰ জীৱনীকাৰ গুণাভিৰাম বৰুৱা [১৮৩৮-১৮৯৮]ই কৈছে যে ঢেকীয়াল ফুকনে অশ্লীলতা বৰ বেয়া পাইছিল৷ তেওঁ নগাঁৱৰ বিভিন্ন অঞ্চলত বিহু নিষিদ্ধ কৰাৰ লগতে ই অপকাৰী ৰীতি বুলি ৰাইজক বুজাইছিল৷ ঢেকিয়াল ফুকনৰ সুৰত সুৰ মিলাই বৰুৱাই মন্তব্য কৰিছিল– ‘চৈত্ৰৰ বিহুত সংক্ৰান্তিৰ পৰা সাতদিন কোনো ঠাইৰ ইতৰ লোকসকলে স্ত্ৰী-পুৰুষে কোনো প্ৰকাশ্য স্থানলৈ গৈ নৃত্য-গীত কৰে৷ সি সময়ত অবাচ্য আৰু অশ্লীল গীত গোৱা আৰু নিল্লৰ্জ ভাৱভংগী দেখুৱা হয়৷' অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যই অন্য ক্ষেত্ৰত তেওঁৰ বিপ্লৱী চেতনাৰ পৰিচয় দিলেও বিহুক কাহানিও সাংস্কৃতিকভাৱে সহজে ল'ব পৰা নাছিল৷ ভট্টাচাৰ্যই লেখিছিল– ‘বিহুৰ ছবিটো অাঁকি এবাৰ চকুৰ আগত উলিয়ালে কেনে নাক কটাৰ সমান লাজ ধৰে, শিক্ষিত ডেকাসকল এবাৰ ভাবি চোৱাচোন৷ বিদেশী বিলাকে বিহু দেখি আমাক বৰ নিন্দা কৰে৷....স্কুলৰ ছাত্ৰবিলাকক বিহুৱে বৰ অনিষ্ট কৰিছে৷ শিক্ষিত ভাইসকল বিহুৰ সলনি উপকাৰী ধেমালি এটা সমুৱাই বিহুক সোনকালে আঁতৰাবৰ চেষ্টা কৰা৷' ভট্টাচাৰ্যই বিহুৰ নিলাজ গীত-মাতবোৰে অসমীয়া সতীসকলক ভ্ৰষ্ট কৰিব বুলিও উদ্বিগ্নতা প্ৰকাশ কৰিছিল৷
সত্ৰ-সংস্কৃতিৰ সন্তান, সাহিত্যিক ৰত্নেশ্বৰ মহন্তই ‘গাৰোবৃতান্ত’ ৰচনাত গাৰোসকলক ‘অসভ্য, বৰ্বৰ' আখ্যা দি কৈছিল –‘এই অসভ্য গাৰোহঁতে বিহুত যি উৎসৱ কৰে, আমাৰ সভ্য বিলাকৰ উৎসৱতকৈ সি বহুত গুণে ভাল৷ আমাৰ সভ্য ৰুচিৰে ভায়েকে ভনীয়েকক ঢোল কোবাই নচোৱাকে ভাল দেখে, ভায়েকৰ আগত ভনীয়েকে নিলাজ গীত গোৱাকো শলাগে, সৰ্বসাধাৰণৰ আগত বিহু হাটত বিহুগীত গাই উৎকট বিকটৰূপে চিয়ঁৰি চিয়ঁৰি টকা কোবাই অশ্বিল অঙ্গি-ভঙ্গি কৰি নচাকো অনেক ভদ্ৰ সন্তানে হাবিয়াস কৰি চাবলৈ যায়, কিন্তু অসভ্য পব্বৰ্তীয়া হানাহঁতৰ এনে নহয়৷'[শইকীয়া, নগেন [পুনঃ সম্পা.], আসাম বন্ধু, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ১৯৮৪ চন]
‘‘Anglo Assamese’' অভিধান প্ৰণেতা বুদ্ধীন্দ্ৰনাথ দিলিহিয়াল ভট্টাচাৰ্যই ইংলেণ্ডৰ`The National Guardian`[২৪ আগষ্ট, ১৮৯৮ চন] কাকতত প্ৰকাশিত `The Assamese Bihoo` শীৰ্ষক নিবন্ধটোত বিহুৰ বিৰুদ্ধে এনেদৰে নিৰ্মম মন্তব্য কৰিছিল– '...When the dancing wakes high, the dancers, both men and women, become frenzied and behave very indecently. Some time it is amusing as well as sorrowful to hear that some of these girl have eloped and other abducted from these groups amid wailing and head breaking....This notorious Bihoo greatly demoralizes the Assamese, especially the lower classes, where grown up girls are free in their movement as long as they live with their parents.' এই নিবন্ধটোৰ জৰিয়তে ভট্টাচাৰ্যই বিহুক নিষিদ্ধ কৰিবৰ বাবে ব্ৰিটিছ চৰকাৰক অনুৰোধ কৰিছিল৷
সন্দেহ নাই, আহোম ৰাজত্বৰ বেলি মাৰ যোৱাৰ পাছত অৰ্থাৎ ১৮২৬ চনত ব্ৰিটিছ কোম্পানীৰ শাসন আৰম্ভ হোৱাৰ কেই বছৰমানৰ ভিতৰতে আৰ্যমূলীয় সমাজৰ পৰা মধ্যবিত্ত শ্ৰেণীলৈ উন্নীত হোৱা নব্য শিক্ষিত অসমীয়াসকলৰ মাজত বিহুৰ লগতে জনজাতীয় সংস্কৃতিৰ অন্যান্য উপাদানৰ প্ৰতি পূৰ্বৰে পৰা থকা ঘৃণা-বিদ্বেষ অধিক বৃদ্ধি পাইছিল৷ কোম্পানীৰ শাসনে বাণিজ্যিক পণ্য সৰবৰাহৰ স্বাৰ্থত অসমৰ যোগাযোগ আৰু পৰিবহনৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তনৰ সূচনা কৰিছিল– নৈত গুমগুমাইছিল কোম্পানীৰ জাহাজ, ভৈয়ামত উকিয়াই উকিয়াই চলিছিল কেৰেলুৱা ৰে'ল আদি৷ আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিয়ে কঢ়িয়াই অনা এনে চমকপ্ৰদ পৰিৱৰ্তনে উদীয়মান অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ মনত পশ্চিমীয়া সভ্যতা-সংস্কৃতিৰ প্ৰতি বিস্ময়মিশ্ৰিত অনুৰাগ আৰু শ্ৰদ্ধা বঢ়াই তুলিছিল৷ তেওঁলোকৰ দৃষ্টিভংগী হৈ পৰিছিল এনেকুৱা– ব্ৰিটিছ বা ইংলেণ্ডৰ সকলো ভাল, থলুৱা জনগোষ্ঠী বা অসমৰ সকলো বেয়া৷
এইসকল ব্ৰিটিছ অনুগত বিদ্বান লোকে বিহু সম্পৰ্কে দুৰ্ভাগ্যজনক আৰু অসমৰ সমাজ জীৱনৰ বাবে ক্ষতিকাৰক মন্তব্য কৰাৰ বিপৰীতে এচাম বিদ্যোৎসাহীয়ে অৱলম্বন কৰিছিল মধ্যমপন্থা৷ তেওঁলোকে বিহুক সম্পূৰ্ণ মৰ্যাদা নিদিলেও ইয়াক অনাদৰ নকৰি আদৰি লোৱাৰ সপক্ষে মত পোষণ কৰিলে৷ এইচামৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা অন্যতম আছিল৷ বেজবৰুৱাৰ ৰচনাৱলীত অসমৰ সম্প্ৰদায় বিশেষৰ প্ৰতি কেতবোৰ উন্নাসিক মন্তব্য পৰিলক্ষিত হ'লেও তেওঁ অসমৰ গণজীৱনৰ হিয়াৰ উমেৰে লালিত-পালিত¸ লোক সংস্কৃতিৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু আস্থা পোষণ কৰিছিল৷ বেজবৰুৱাৰ ধৰ্ম-বৰ্ণ-মত নিৰপেক্ষ এনে উদাৰ দৃষ্টিভংগীৰ অাঁৰৰ কাৰণ প্ৰধানতঃ দুটা আছিল৷ প্ৰথম, তেওঁৰ জন্ম হৈছিল শংকৰ-মাধৱে সৃষ্টি কৰি থৈ যোৱা এক সাত্বিক বৈষ্ণৱ পৰিৱেশত৷ দ্বিতীয়, পশ্চিম বংগৰ প্ৰখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞাসুন্দৰীৰ লগত হোৱা তেওঁৰ পৰিণয়ে তেওঁক ব্ৰাহ্মধৰ্মৰ লগত ভালদৰে পৰিচয় কৰাই দিছিল, যি পৰিচয়ৰ পোহৰত অসমীয়া সমাজ-জীৱনত গুৰুৰূপে স্বীকৃত শংকৰদেৱক আৰু অধিক উজ্জ্বল পোহৰত দাঙি ধৰাৰ প্ৰেৰণা তেওঁ অনুভৱ কৰিলে৷ [শইকীয়া, নগেনঃ অবিস্মৰণীয় বেজবৰুৱা, গ্ৰন্থম, ১৫ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলা, ২০১৩ চন, পৃঃ ২]
বেজবৰুৱাই ‘বৰুৱাৰ বিহু', ‘বিহু', ‘বৰবৰুৱাৰ গাত চ'ত বিহু' আদি ৰচনা লেখি বিহুক জনপ্ৰিয়কৰণ আৰু মৰ্যাদাপ্ৰদানৰ ক্ষেত্ৰত উদ্যোগ লৈছিল৷ তেওঁৰ ‘বাঁহী' আলোচনীৰ ২০ শ বছৰৰ ৮ম সংখ্যাত ১৮৫৩ শকত প্ৰকাশিত ‘বিহু' ৰচনাখনিৰ কাহিনীভাগত বৰবৰুৱাৰ দুই সতিনীয়েকৰ বৰ্ণনা পোৱা যায়৷ বৰবৰুৱাৰ দুই পত্নীৰ বিহুৰ প্ৰতি ভিন্ন আৰু বিপৰীতধৰ্মী দৃষ্টিভংগী আছে৷ প্ৰথম পত্নী পানেশৈৰ বিহুৰ প্ৰতি থকা দৃষ্টিভংগী আত্মকেন্দ্ৰিক একমুখী আৰু ঋণাত্মক৷ তেওঁ বৰবৰুৱাক কৈছে–‘অসমীয়া বিহুটো বৰ বেয়া৷ বিহুটো মানে, আমতলত টকা কোবাই, ঢোল বজাই বিহু মৰাটোৰ কথা মই কৈছোঁ৷ গীতবোৰো সিহঁতে কিবা নিলাজ গায়৷ আপুনি কিন্তু তেনে বিহুলৈ নেযাব দেই৷ বিহুৰ দিনা ঘৰতে ময়ে অকলে যি পাৰোঁ সান্দহ-চিৰা এমুঠি খুন্দি দিম, এডোখৰ দুডোখৰ পিঠা ভাজি দিম, তাকে খাব৷ নিজহাতে সূতা কাটি গামোছা এখন বৈয়ে থৈছোঁ, তাকে মূৰত মাৰিব৷' বৰপত্নীৰ এনে দৃষ্টিভংগী সমাজমুখিতাৰ পৰিচায়ক নহ'লেও সামাজিক দিশৰ [বৰ্ণহিন্দু শিক্ষিত সমাজৰ?] প্ৰকাশ বুলিব পাৰি৷
সৰুজনী পত্নীৰ বিহুৰ প্ৰতি থকা মনোভাৱ বৰজনীতকৈ পৃথক৷ সৰু পত্নীৰ বিহুৰ প্ৰতি থকা ধাৰণাই সমাজমুখী ধাৰণাকেই প্ৰকাশ কৰে৷ সৰুজনীয়ে বৰবৰুৱাক কয়–‘মই কওঁ, আমাৰ বিহুটো যেনে আছে তেনেকুৱাই থাকক, চৰা-ঘৰীয়াটো চৰাঘৰীয়াই থাকক৷ মামৰে ধৰিলে, ঘঁহি-মচি মামৰ গুচাই দিলেই হ'ব৷ আমি যি আছো বুকু ফিন্দাই তেনে হৈয়েই থাকিম৷ লোকক দেখি লাজ পাবৰ সকাম কি? আমাৰ দৈন্যই আমাৰ সম্পত্তি৷ এই পৃথিৱীত কোনো একেবাৰেই খপা সোণ নহয়৷ সুখে-দুখে, শুধে-অশুধে আমি অসমীয়া অসমীয়াই৷'
বেজবৰুৱাৰ এই ৰচনাখনিৰ কাহিনীভাগ মুখ্যতঃ তিনিটা চৰিত্ৰ ক্ৰমে বৰবৰুৱা, বৰবৰুৱাৰ বৰপত্নী পানেশৈ আৰু বৰবৰুৱাৰ সৰুঘৈণীয়েকক কেন্দ্ৰ কৰিয়ে গঢ় লৈ উঠিছে৷ বৰপত্নীয়ে বিহুৰ দিনা সমাজমুখী হ'ব নিবিচৰাৰ কথা বৰবৰুৱাই মানি লৈ এনেদৰে প্ৰতু্যত্তৰ দিছে–‘আমাৰ ঘৰত আৰু আন আন ভাল মানুহৰ ঘৰতো কোনো পুৰুষতে কেতিয়াও এনে বিহুক লাই দিয়া নাই৷ ময়ো নিদিওঁ৷ তাৰ নাম শুনিলেই বুজি যে সি অশ্লীল, পঙ্কিল, পচিল, গেলিল আৰু দুৰ্গন্ধিল৷ তুমি কোনো চিন্তা নকৰিবা৷ মই তাৰ কাষলৈকে নেযাওঁ আৰু মোৰ চিনা-জনা আনকো যাবলৈ হাক দিম৷'
বলি নাৰায়ণ বৰা, ৰজনীকান্ত বৰদলৈ, জ্যোতিপ্ৰসাদ আগৰৱালা আদিয়েও বিহুক নতুন দৃষ্টিভংগীৰে চাইছিল৷ বলি নাৰায়ণ বৰাই ‘আসাম বন্ধু'ত লিখা ‘বিহু' প্ৰবন্ধত বৈজ্ঞানিক আৰু সামাজিক দিশ সামৰি তিনিওটা বিহুৰ বৈশিষ্ট্যবোৰৰ ভিত্তিত ‘ভোগালী', ৰঙালী' আৰু ‘কঙালী' বিহু বুলি নামকৰণ কৰিছিল৷ ‘অশ্লীল', ‘নিলাজ' আদি তুচ্ছাৰ্থ বৰ্জন কৰি বৰাই কৈছিল–‘বৈজ্ঞানিক তথা সামাজিক যিভাৱে চোৱা সেইভাৱেই, ‘বিহু' চিন্তাৰ বিষয়৷ প্ৰাকৃতিৰে সৈতে উল্লসিত হই আমি ‘বিহু' প্ৰতিপালন কৰো৷ সকলো অনুষ্ঠানৰে প্ৰথম অৱস্থা সামান্য ভাল৷ ক্ৰমে কালৰ গতিত কোতোবিলাক অকামিলা কথা যোগ হই অনুষ্ঠানবোৰ দূষিত কৰে৷ এতেকে সমাজ সংস্কাৰকসকলে বিহুৰ সাৰ ভাগক ৰাখি অসাৰ ভাগ পৰিত্যাগ কৰিবলৈ যত্নৱান হোৱা উচিত৷'
অসমীয়া উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈয়ে বিহুক জীৱন শক্তিৰ এক সুন্দৰ প্ৰকাশ বুলি কৈ ‘মিৰি জীয়ৰী'ৰ নায়িকাৰ মুখতো বিহু নাম তুলি দিছিল৷ বৰদলৈয়ে এই সম্পৰ্কত কৈছিল– ‘...মিৰি জীয়ৰী'য়ে আজি-কালিৰ নব্য ধৰণেৰে বঙালা গান গাবলৈ নিশিকিলে৷ দুখ লাগিলে তাই আধা আধা ভঙা অসমীয়া মাতেৰেহে সামান্য বিহুনাম গাব জানে৷...সেই দেখি; আৰু ভাই৷ তুমি এইবিলাক গীত বিহু নামেৰে কলংকিত হ'লেও শুনিবলৈ ভাল পোৱা বুলি জানিহে ইয়াত কেইটামান বিহুনাম দিলো৷ কুৰুচি বুলি তুমি মোৰ দোষ নধৰিবা৷ গাভৰুৱে বেয়া বিহুনাম নাগায় আৰু গালেও মোৰ একো উপায় নাই৷'
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি জ্ঞানদাভিৰাম বৰুৱাই তেওঁৰ পিতৃ গুণাভিৰাম বৰুৱাৰ তীব্ৰ বিহু বিৰোধিতাৰ বিপৰীতে প্ৰশ্ন কৰিলে– এনে কোনো অসমীয়া আছে নেকি যে যি বিহু' শব্দটো শুনিলেই বলিয়া নহৈ পৰে? বিহু শব্দটোৱেই বুঢ়াক ডেকা নকৰেনে? পৰৱৰ্তী সময়ত অসম সাহিত্য সভাৰ সভাপতি ডিম্বেশ্বৰ নেওগ, অতুল চন্দ্ৰ হাজৰিকা, সূৰ্য কুমাৰ ভূঞা, নকুল চন্দ্ৰ ভূঞা আদিৰ অভিভাষণতো বিহুৰ সপক্ষে মন্তব্য পৰিলক্ষিত হয়৷ উল্লেখ্য যে নকুল চন্দ্ৰ ভূঞাই ২৯৪ টা বিহুনাম সংগ্ৰহ কৰি ‘ব'হাগী' নামৰ এখন সংকলন যুগুত কৰিছিল৷ ১৯২৪ চনত এই সংকলনখনি প্ৰকাশৰ লগে লগে বিপুল সমাদৰ লাভ কৰিছিল আৰু কেইবছৰমানৰ ভিতৰতে ‘ব'হাগী'ৰ তিনিটা সংস্কৰণ শেষ হৈছিল৷
জ্যোতিপ্ৰসাদ আগৰৱালাই বিহু নাম আৰু বিহু নাচক এক নতুন মাত্ৰা দিছিল৷ তেওঁ বিহু নামৰ সুৰ আৰু নাচ ‘শোণিত কুঁৱৰী'ত নতুন সাজত ব্যৱহাৰ কৰি মঞ্চত তুলিছিল৷ জ্যোতিপ্ৰসাদে কৈছিল –‘অসমীয়া বিহু উৎসৱত অসমীয়া উচ্চ সংস্কৃতিৰ লগতে থাকে জন সংস্কৃতিৰ পোহৰ৷ অসমীয়া বিহু উৎসৱ আচলতে এখন অসমীয়া সাংস্কৃতিক মেলা–য'ত উচ্চ সংস্কৃতি আৰু জন সংস্কৃতিৰ বছৰেকীয়া মিলন হয়৷ সেই কাৰণেই বিহু উৎসৱ অসমীয়া সাংস্কৃতিক জীৱনৰ এটা বছৰেকীয়া সমাবেশ৷'
পাশ্চাত্য শিক্ষাৰে শিক্ষিত বিহু বিদ্বেষী বৰ্ণহিন্দু শ্ৰেণীটোৰ সকলোধৰণৰ ষড়যন্ত্ৰ, কুৎসা ৰটনা আৰু উন্নাসিকতাক আওকাণ কৰি কৃষিজীৱী ৰাইজৰ প্ৰাণৰ উৎসৱ বিহু আপোন মহিমাৰে জীয়াই থাকিল৷ বিহুৰ আদি ৰসক অশ্লীল আখ্যা দি বিহুক বৰ্জন কৰিবলৈ আহ্বান জনোৱাসকলক ব্যংগ কৰি বিহুৱাসকলে গালে–
পৰথমে ইচৰে জগত সৰজিলে
তাৰ পাছত সৰজিলে জীৱ
সেইজন ইচৰে পীৰিতি কৰিলে
আমিনো নকৰিম কিয়?
মুকলি পথাৰত বিহুৱা ডেকা-গাভৰুৰ মিলা-মিচা বেদপন্থী নৈতিক আৰক্ষীসকলে নিষিদ্ধ কৰিবলৈ উঠি-পৰি লগাত মুক্তমনা বিহুৱাই বিহুনামৰ জৰিয়তেই সজোৰে প্ৰতিবাদ কৰিলে–
তোমালৈ চাওঁতে জপনা দেওঁতে
বিন্ধিলে অঘৈয়া হুলে
তোমাৰো মনে গ'লে মোৰো মনে গ'লে
কি কৰিব অজাতি কুলে?
সময়ে সময়ে বিভিন্ন প্ৰাকৃতিক-ৰাজনৈতিক-সামাজিক-অৰ্থনৈতিক দুৰ্যোগ আৰু সংঘাতে অসমৰ সমাজ জীৱনক জোকাৰি গৈছে৷ কিন্তু, এনে হেজাৰ দুৰ্যোগ আৰু সংঘাতেও বিহুৰ ঐতিহ্যক ম্লান কৰিব নোৱাৰিলে, বৰং বিহুৰ বল-বিক্ৰম পূৰ্বতকৈ বৃদ্ধিহে হ'ল৷ এই প্ৰসংগত হেমাংগ বিশ্বাসৰ এটি মন্তব্য প্ৰণিধানযোগ্য–‘আহিল ধনতান্ত্ৰিক বৈষম্য৷ দাৰিদ্ৰ, শোষণ, অনাহাৰ, মেলেৰিয়া আৰু বেকাৰি৷ বিহুৰ আনন্দতো যেন ভেটা পৰিল৷
বিহুৱতী চৰায়ে কৰে বিহু বিহু
আমাৰ বিহু কাপোৰ নাই৷
বিহুৱতী চৰায়ে বিহুৰ গান গাইছে, কিন্তু মোৰ বিহুৰ কাপোৰ নাই৷ অথবা– ‘কেৰাণীও হ'ব নোৱাৰিলো, মহৰীও হ'ব নোৱাৰিলো, প্ৰিয়াক কেনেকৈ পাম·'... এই দাৰিদ্ৰ, ব্যাধি, অনাহাৰ আৰু প্ৰাকৃতিক বিপৰ্যয়ৰ মাজতো অসমৰ গাঁৱৰ বলিষ্ঠ মানুহে তেওঁলোকৰ লৌকিক ঐতিহ্য বিহুৰ বৈশিষ্ট্যক বচাই ৰাখিছে৷ কাৰণ, বিহুৰ প্ৰাণশক্তি, দূৰন্ত আশাবাদে, জীৱনৰ প্ৰতি গভীৰ ভালপোৱাই তেওঁলোকৰ নিজৰেই জীৱনদৰ্শনক প্ৰতিফলিত কৰে৷’[ৰঙালী বিহু [অনুঃ ৰত্নেশ্বৰ মেধি], ‘বিহুৱা' (বেলতলা ব'হাগী উৎসৱ সমিতিৰ মুখপত্ৰ), সম্পাদকঃ মন্মথ বৈশ্য, ২০১১ চন]
লক্ষ্যণীয় যে বিহুক নিষিদ্ধ বা নিঃশেষ কৰিবলৈ অপচেষ্টা চলাই চূড়ান্তভাৱে ব্যৰ্থ হোৱা বৰ্ণবাদৰ প্ৰবক্তাসকলে বিহুৰ বিকল্পৰূপে আৰু অসমৰ জাতীয় উৎসৱৰূপে বৈদিক আচাৰ সৰ্বস্ব অনুষ্ঠান দুৰ্গা পূজাক প্ৰক্ষেপৰ অপচেষ্টাও কৰিছিল৷ বৰপেটীয়া চাহ বাগিচাৰ মালিক গংগাৰাম চৌধুৰীৰ পৃষ্ঠপোষকতাত ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত ‘আসাম বান্ধৱ' আলোচনীখন দুৰ্গা পূজা পন্থীসকলৰ মুখপত্ৰলৈ পৰিণত হৈছিল৷ এই আলোচনীখনৰ পাততে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ প্ৰসংগত উজনি-নামনি দ্বন্দ্বৰ প্ৰতিফলন ঘটিছিল আৰু অসমীয়া ভাষাৰ ওপৰত উজনিৰ আধিপত্যৰ বিৰুদ্ধে ‘আসাম বান্ধৱ' সঠিকভাৱেই সোচ্চাৰ হৈ উঠিছিল৷ কিন্তু এই উপভাষিক দ্বন্দ্বই জাতীয় উৎসৱ সম্পৰ্কীয় অবাঞ্চিত বিতৰ্কলৈ মোৰ সলাইছিল ৷ ‘আলোচনী' নামৰ আলোচনীখনে দুৰ্গা পূজাক অসমলৈ নতুন আমদানি বুলি মন্তব্য কৰাত ‘আসাম বান্ধৱ'-এ দুৰ্গা পূজাক বিহুতকৈয়ো পুৰণি বুলি আখ্যা দিছিল৷ ‘আসাম বান্ধৱ'ৰ যুক্তি আছিল যে দুৰ্গা পূজাক জাতি-বৰ্ণ, ধনী-দুখীয়া নিৰ্বিশেষে সকলো অসমীয়াই উদযাপন কৰে৷ ‘আসাম বান্ধৱ'ৰ এই যুক্তিক ‘আলোচনী'য়ে এনেদৰে প্ৰত্যাহ্বান জনাইছিল–‘কোন সাহসত বান্ধৱে তেনেকৈ কয়? মহাপুৰুষীয়াসকলে দুৰ্গা পূজা নামানে৷ মুছলিমসকল দুৰ্গা পূজাতকৈ বিহুৰ প্ৰতি অধিক আগ্ৰহী, সত্যৰ খাতিৰত এই কথা বান্ধৱৰ সম্পাদকেও মানিব লাগিব৷'[সম্পাদকীয়, আলোচনীঃ অষ্টম বছৰ, নৱম সংখ্যা, ১৯৩৯ শক]
‘আসাম বান্ধৱ'ৰ সম্পাদকে সেই সত্য মানি লওক বা নলওক, ‘আলোচনী'য়ে মন্তব্য কৰাৰ দৰেই বিহু জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অসমৰ জাতীয় উৎসৱৰূপে পৰিগণিত হৈ থাকিল৷ বিহুৰ সাৰ্বজনীনতাৰ প্ৰসংগত হেমাংগ বিশ্বাসৰ আন এটি মন্তব্য উদ্ধৃত কৰিব পাৰি–‘ধৰ্ম প্ৰভাৱ মুক্ত ইহজাগতিকতা আৰু শ্ৰমশীল জীৱনৰ প্ৰতি অসীম মমতা–এয়াই হ'ল বিহুৰ দৰ্শন৷ আদিম প্ৰাক্ আৰ্য উৎসৱবোৰ, কৃষি সমাজৰ ঋতু উৎসৱবোৰ হিন্দু ধৰ্মৰ উৎসৱত পৰিণত হৈছে৷....কিন্তু ধৰ্মীয় আচাৰ-বিচাৰ, দেৱ-দেৱী, উপদেৱতা বা অপদেৱতাৰ প্ৰভাৱৰ পৰা বিহু মুক্ত৷'
বৰ্ণবাদৰ প্ৰবক্তাসকলে বিহুক নিঃশেষ কৰাটো দূৰৈৰ কথা, বিহুৰ মৰ্যাদাও তিলমাত্ৰ লাঘব কৰিব নোৱৰাত, হিন্দুধৰ্মৰ বৈদিক আচাৰ-অনুষ্ঠানৰ ঘোৰ বিৰোধী বুদ্ধকেই বিষ্ণুৰ অৱতাৰ ৰূপে প্ৰক্ষেপ কৰাৰ দৰে, এইবাৰ অনাৰ্য জনজাতীয় সমাজৰ পৰা উদ্ভূত বিহুক আৰ্যীকৰণৰ চেষ্টা চলালে৷ ঊনবিংশ শতিকাত বিহুক ‘অশ্লীল', ‘ইতৰজনৰ নিলাজ গীত-মাত' আদি আখ্যা দিয়া বৰ্ণহিন্দু শিক্ষিত চামৰ উত্তৰসুৰীসকলেই ‘বিহু' শব্দটো সংস্কৃত ‘বিষুৱণ', ‘বিষুৱ' বা ‘বিষু' শব্দৰপৰা, ‘মেজি' শব্দটো সংস্কৃত ‘মেধ্য' শব্দৰপৰা, ‘ভেলাঘৰ' শব্দটো ‘মেঘগৃহ' শব্দৰপৰা আহিছে বুলি পৰিকল্পিতভাৱে প্ৰচাৰ চলাবলৈ ধৰিলে৷ নিতুল চাংমাইৰ মতে, ‘শেহতীয়াভাৱে আন কেইজনমান পণ্ডিতে বিহুক ‘বেদ'ৰ লগত সাঙুৰি একাকাৰ কৰিব খুজিছে৷ ‘বিহু' শব্দটো আহিব পৰা সম্ভাব্য আন বৈজ্ঞানিক উৎসবোৰক একাষৰীয়া কৰি, জ্যোতিৰ্বিজ্ঞানৰ দোহাই দি ‘বিষুৱ'ক বিহুৰ লগত সাঙুৰি বৈজ্ঞানিকভাৱে [নে অবৈজ্ঞানিকভাৱে?] প্ৰমাণ কৰি দেখুৱাব খুজিছে যে প্ৰাচীন কালৰ পৰাই বিহুত বৈদিক আৰ্যৰ প্ৰভাৱ আছে৷ তেনেদৰে বিহুনাম আৰু হুঁচৰিৰ পৰম্পৰা সামবেদৰ ‘বেয়গীত'ৰ লগত সম্পৰ্ক আছে বুলি ক'ব খোজে৷' [বিহুৰ বুৎপত্তিগত উৎস, ‘বিহুতলী', গুৱাহাটী বিহু সন্মিলনীৰ বাৰ্ষিক মুখপত্ৰ, ২০১৬ চন, পৃঃ ৪৮]
বৰ্ণবাদী চিন্তা-চেতনাৰে পৰিচালিত এই গৱেষক-পণ্ডিতসকলে ‘বিহু' শব্দটো সংস্কৃত ‘বিষুৱণ' বা ‘বিষুৱ' বা ‘বিষু' শব্দৰপৰা আহিছে বুলি প্ৰকাশ কৰি অহা মতৰ সমৰ্থনত কেৱল বেদ বা হিন্দু শাস্ত্ৰকেইখনৰ কেইটিমান উদ্ধৃতিেহ দিয়ে, কিন্তু কোনো যুক্তি আৰু তথ্যনিৰ্ভৰ বিজ্ঞানসন্মত প্ৰমাণ দাঙি ধৰিব নোৱাৰে৷ এই প্ৰসংগত ডঃ নগেন শইকীয়াই লেখিছে–‘সেই সময়ত ‘বিষু' শব্দৰ দৰে সংস্কৃতীয়া শব্দ এটাৰ ব্যৱহাৰৰ কোনো প্ৰশ্নই নুঠে৷...অসমলৈ প্ৰব্ৰজন কৰি অহা আলপাইন, ককেচাচ বা ডেড্ডিত নৃ-গোষ্ঠীৰ লোকসকলৰ পৰাও খ্ৰীষ্টপূৰ্ব কালতে ‘বিষুব' বা ‘বিষু' শব্দ ব্যৱহৃত হোৱাৰো কোনো সম্ভাৱনা নাই৷' [অসমীয়া মানুহৰ ইতিহাস, কথা প্ৰকাশন , গুৱাহাটী] ব'হাগ বিহুক বড়োসকলে ‘বৈছাগু', দেউৰীসকলে ‘বিছু', ৰাভাসকলে ‘বৈখু', ডিমাছাসকলে ‘বুচু' আৰু টাইসকলে ‘পয়হু' বা ‘বৈহু' ৰূপে পালন কৰে বুলি উল্লেখ কৰি ডঃ শইকীয়াই এই সিদ্ধান্তত উপনীত হৈছে যে ‘বৈছাগু', ‘বিছু' বা ‘বুচু'ৰ পৰা বিহু হোৱাতকৈ টাই শব্দ ‘পয়হু'ৰ পৰা বিহু হোৱাৰ সম্ভাৱনা প্ৰবল৷ বিহু বিশেষজ্ঞ জয়কান্ত গন্ধীয়ায়ো এনে সম্ভাৱনাই ব্যক্ত কৰিছে৷
ইপিনে, ডঃ লীলা গগৈয়ে ‘বিহু' শব্দটো ‘বৈহু' শব্দৰপৰা আহিছে বুলি মত প্ৰকাশ কৰিছে৷ টাই ভাষাত ‘বৈ' মানে পূজা বা উপাসনা আৰু ‘হু' মানে গৰু৷ টাই সংস্কৃতিৰ বিশিষ্ট গৱেষক ডঃ পদ্মেশ্বৰ গগৈ, ডঃ পুষ্প গগৈ, বৌউনথন গগৈ, ডঃ নোমল গগৈ আদিয়েও ‘বিহু' শব্দটো টাই ভাষাৰপৰা আহিছে বুলি অনেক যুক্তি দাঙি ধৰিছে৷ মৰাণ জনগোষ্ঠীৰ গৱেষকসকলে মৰাণসকলৰ ‘পিহু' শব্দৰ পৰা বিহু আহিছে বুলি মত পোষণ কৰে৷ আনহাতে, মেদিনী মোহন চৌধুৰীয়ে বড়ো ভাষাত ‘বী' মানে খোজা আৰু ‘হো' মানে দিয়া অৰ্থাৎ বীহো বা বিহু মানে সামাজিক আদান-প্ৰদানৰ অনুষ্ঠান বুলি উল্লেখ কৰি যথাৰ্থভাৱেই মন্তব্য কৰিছে যে বিহু আৰ্য অনুষ্ঠান হোৱােহঁতেন কামৰূপত বিহুৰ প্ৰভাৱ আটাইতকৈ বেছি হ'লেহঁতেন৷ য'ত নৱগ্ৰহ আছে, কামাখ্যা আছে, উমানন্দ, অশ্বক্লান্ত আদি আছে, তাত বিহু নাথাকি অসমৰ বাৰু ক'ত থাকিলেহেঁতেন? বিহুক আৰ্য অনুষ্ঠান বুলি যি এক বুৎপত্তিগত অৰ্থ আৰোপ কৰা হয়, সেইটো মানি ল'ব লাগিলে বিহু তিনিটা নহৈ সূৰ্যৰ বিভিন্ন অৱস্থান অনুসৰি চাৰিটা হ'লহেঁতেন৷
সংস্কৃত ‘বিষুৱণ' বা ‘বিষুৱ' বা ‘বিষু'ৰ পৰা যে ‘বিহু' শব্দ অহা নাই, সেয়া অসমৰ লোক-সংস্কৃতিৰ বস্তুনিষ্ঠ গৱেষক ডঃ নিৰ্মলপ্ৰভা বৰদলৈ, শশী শৰ্মা, ডঃ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য আদিয়েও যুক্তিসহকাৰে প্ৰমাণ কৰিছে৷ শশী শৰ্মাৰ মতে, ‘আৰ্য ‘বিষুৱণ'ৰ পৰা বিহু হোৱােহঁতেন অন্ততঃ আৰ্যবসতি প্ৰধান সমগ্ৰ উত্তৰ ভাৰতত বিহু উৎসৱ পালন কৰিলেহেঁতেন আৰু একাংশ আৰ্য নামধাৰী লোকে বিহুক ‘ইতৰ জনৰ নিলাজ নৃত্য-গীত' বুলি তুচ্ছ-তাচ্ছিল্য কৰাৰো কোনো যুক্তি নাথাকিলহেঁতেন৷' উল্লেখ্য যে ঐতিৰেয় ব্ৰাহ্মণ আৰু অৰ্থব বেদৰ মতে ‘বিষুুৱণ' শব্দই যাগ-যজ্ঞ কৰা এটা বিশেষ দিনকহে বুজায়৷ কিন্তু বিহুৰ সৈতে বৈদিক যাগ-যজ্ঞৰ সম্পৰ্ক কোনো দিনেই নাছিল৷ অৱশ্যে, পোন্ধৰ শতিকাত শংকৰদেৱে প্ৰচাৰ কৰা নৱ বৈষ্ণৱ ধৰ্মই বিহুৰ হুঁচৰিৰ অংশত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল৷ ইছমাইল হোছেইনৰ মতে– ‘হুঁচৰি নামত যিখিনি ধৰ্মীয় প্ৰভাৱ পৰিছে, সেইখিনি মূলতঃ শংকৰী ধৰ্ম আৰু সংস্কৃতিৰহে প্ৰভাৱ৷ তেনে প্ৰভাৱক একেমুখে আৰ্য প্ৰভাৱ বুলি কৈ দিয়াটো অন্যায়েই নহয়; বিহুৰ প্ৰকৃতিগত বৈশিষ্ট্য আৰু ধৰ্ম নিৰপেক্ষ চৰিত্ৰক উলাই কৰাৰ এক নব্য চতুৰালি আৰু কৌশল৷'
মূলতঃ অষ্ট্ৰীয়-মংগোলীয় জনগোষ্ঠী অধ্যুষিত অসমভূমি 
আৰ্যীকৰণৰ প্ৰক্ৰিয়া খৰতকীয়া কৰি তুলিবলৈ বৰ্ণবাদী বিদ্বৎমহলে বিভিন্নপ্ৰকাৰে চেষ্টা চলাইছিল৷ তেওঁলোকে থলুৱা জনগোষ্ঠীসমূহক হিন্দু সমাজৰ আওতালৈ অনাৰ লক্ষ্যৰে থলুৱা জনগোষ্ঠীসমূহৰ পূৰ্ব পুৰুষক বিভিন্ন হিন্দু দেৱতাৰ সন্তান হিচাপে দেখুৱাই বিভিন্নধৰণৰ উদ্ভট কিম্বদন্তী প্ৰচাৰ কৰিছিল৷ এই বিদ্বৎমহলটোৱে বিহুক লৈও তেনেধৰণৰ কেতবোৰ কিম্বদন্তী সৃষ্টি কৰিছিল৷ দৃষ্টান্তস্বৰূপে সোণোৱাল কছাৰীৰ বিহু হুঁচৰি সৰ্ম্পকে সৃষ্টি কৰা কিম্বদন্তীটো উল্লেখ কৰিব পাৰি – ব্ৰক্ষ্মাৰ ঔৰসত অপ্সৰাৰ গৰ্ভত এটি ৰূপৱতী কন্যাৰ জন্ম হৈছিল৷ যৌৱনোদ্দীপ্ত কন্যাৰ ৰূপ-লাৱণ্যই ব্ৰহ্মাক আকৃষ্ট কৰিলে আৰু কাম বাসনা পৰিতৃপ্ত হোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে৷ ধৰ্মৰাজে এই ব্যভিচাৰৰ বিচাৰ কৰি যুৱতীগৰাকীকহে দোষী সাব্যস্ত কৰিলে৷ বসন্ত ঋতুত প্ৰকৃতিৰ বিনন্দীয়া ৰূপে মানুহৰ মনলৈ আনন্দ কঢ়িয়াই আনিলেও এই দুৰ্ভগীয়া যুৱতীগৰাকীৰ মনলৈ বসন্তই বিষাদ আৰু মলিনতাহে কঢ়িয়াই আনিলে৷ সুন্দৰী যুবতীগৰাকীৰ তেনে অৱস্থা দেখি সৰগৰ দেৱতাসকলৰ দয়া উপজিল৷ দেৱতাসকল ভগৱান বিষ্ণুৰ ওচৰলৈ যোৱাত বিষ্ণুৱে তেওঁলোকক বাথৌৰ [মহাদেৱ] ওচৰলৈহে পঠিয়ালে৷ দেৱতাসকলে এজোপা বটবৃক্ষৰ তলত তপস্যাৰত মহাদেৱক অভাগিনী যুৱতীগৰাকীৰ বিপত্তিৰ কথা বিবৰি ক'লেগৈ৷ তেতিয়া মহাদেৱে দেৱতাসকলক হুঁচৰি আৰু নৃত্য-গীতৰ শিক্ষা দিলে আৰু দেৱতাসকলেও হুঁচৰি আৰু নৃত্য-গীত পৰিৱেশন কৰি ব্ৰক্ষ্মাদি দেৱতাসকলক মোহিত কৰিলে৷ মহাদেৱৰ কৃপাত যুৱতীগৰাকী পুনঃসংস্থাপিত হ'ল আৰু তেওঁৰ আত্মপ্ৰত্যয় ঘূৰি আহিল৷ তেওঁ আনন্দতে নৃত্য কৰিবলৈ ধৰিলে আৰু দেৱতাসকলেও নানা বাদ্য লৈ নৃত্যৰ তাল ধৰিলে৷ এই নৃত্য-গীতত ধৰ্মৰজাৰো অন্তৰত অনুকম্পা জাগিল আৰু গাভৰুগৰাকীক পুনৰ স্বৰ্গত স্থান দিলে৷ সেয়ে মহাদেৱৰ প্ৰিয় শিষ্য সোণোৱাল কছাৰীসকলৰ মাজত এই হুঁচৰি চিৰকাল মৰ্ত্যত থাকি গ'ল৷ [Goswami, Dr. P. D. : Essays on the Folklore and Culture of North-East India, Spectrum Publications, Guwahati:,1982]
শেহতীয়াভাৱে দেশৰ চুকে-কোণে হিন্দুত্ববাদী শক্তিসমূহ মূৰ দাঙি উঠাত বৰ্ণবাদে অসমৰ বাপতি সাহোন বিহুৰ প্ৰতি পুনৰ প্ৰত্যাহ্বান কঢ়িয়াই অনাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ বিহুৰ লোকাচাৰৰ সৈতে গো-পূজনৰ দৰে বৈদিক আচাৰ-অনুষ্ঠান সংযুক্ত হোৱাৰ বা বিহুৰ বিকল্পৰূপে বাসন্তী পূজাক প্ৰক্ষেপ কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ অসমত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে পালিত হৈ অহা আৰু অসমীয়া জাতিৰ আয়ুসৰেখা হিচাপে পৰিচিত হোৱা বিহুক বৰ্ণবাদৰ সম্ভাব্য অক্টোপাচ খামোচৰ পৰা মুক্ত কৰি ৰাখিবৰ বাবে বিহুৰ উদ্ভৱকালৰ ইতিহাস নিৰ্মোহভাৱে অধ্যয়ন কৰিবই লাগিব৷
গভীৰ উদ্বেগ আৰু পৰিতাপৰ বিষয় যে ‘হিন্দুত্ব'ৰ দৰে এক ৰক্ষণশীল সাংস্কৃতিক চেতনাক কেৱল ক্ষমতাসীন ৰাষ্ট্ৰযন্ত্ৰই পৃষ্ঠপোষকতা কৰা নাই; সৰ্বসাধাৰণৰ সাংস্কৃতিক পশ্চাদগমন, বস্তুনিষ্ঠ ইতিহাস চৰ্চাৰ প্ৰতি অনীহা আদিয়ে ইয়াত সাৰ-পানী যোগাই গৈছে৷ কিন্তু, দেশৰ সংখ্যাগৰিষ্ঠ জনগণে বৰ্তমান জীৱন নিৰ্বাহৰ মৌলিক সমস্যাসমূহ সমাধানৰ বাবে প্ৰতিবাদী অন্দোলন গঢ়ি তোলাৰ প্ৰশ্নত ‘হিন্দুত্ব'ৰ আৱৰণৰ বিৰুদ্ধে অসমৰ জাতীয় উৎসৱ বিহুৰ দৰে বিকল্প সংস্কৃতি নিৰ্মাণ কৰাটো প্ৰয়োজন হৈ পৰিছে৷ এনে প্ৰসংগতে ডঃ অমৰ্ত্য সেনে কৈছিল যে উত্তৰ আধুনিক ইতিহাস চৰ্চাৰ বিজ্ঞান বৈৰীতাৰ সৈতে সংযুক্ত হৈছে ঊনবিংশ শতিকাৰ উপনিৱেশবাদ বিৰুদ্ধ প্ৰতিক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ দিশ, যি ভাৰতীয়ৰ আত্ম-পৰিচয় গঢ় দিয়াৰ ক্ষেত্ৰত যুক্তিনিষ্ঠ আলোচনাতকৈ আধ্যাত্মিকতাৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰে৷ ঊনবিংশ শতিকাৰ পটভূমিত তাৰ কিছু প্ৰাসংগিকতা থাকিলেও আজিৰ তাৰিখত এনেধৰণৰ নেতিবাচক দৰ্শনে সৰ্বসাধাৰণৰ আত্মপ্ৰত্যয় জগাই নোতোলে, বৰং আত্মপৰিচয়ৰ সংকটহে গভীৰ কৰি তুলিব৷ [On Interpretin g India`s Past, Calcutta, 1996,P-31] এই ব'হাগেই উল্লিখিত কথাবোৰ দকৈ ভাবি-গমি চোৱাৰ আৰু বৰ্ণবাদৰ বিৰুদ্ধে বিহুক অস্ত্ৰৰূপে লৈ এঘড়ী যুঁজ দিয়াৰ উপযুক্ত সময়৷
সমল গ্ৰন্থ আৰু আলোচনীঃ
১. কলিতা, ডঃ ৰমেশ চন্দ্ৰঃ ঊনবিংশ শতিকাৰ অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ দৃষ্টিত বিহু, অনুভূতি [আজিৰ দৈনিক বাতৰিৰ বসন্ত বিশেষ], ২০১১ চন৷
২. গগৈ, লীলাঃ বিহু এটি সমীক্ষা, গ্ৰন্থপীঠ, গুৱাহাটী, দ্বিতীয় প্ৰকাশ, ১৯৮৭ চন৷
৩.গোহাঁই, ডঃ হীৰেন [সম্পা.]ঃ জ্যোতিপ্ৰসাদ ৰচনাৱলী, সপ্তম সংস্কৰণ, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ২০০৭ চন৷
৪. চাংমাই, নিতুলঃ বিহুৰ বুৎপত্তিগত উৎস, বিহুতলী, গুৱাহাটী বিহু সন্মিলনীৰ বাৰ্ষিক মুখপত্ৰ, ২০১৬ চন৷
৫. নেওগ, মহেশ্বৰ [পুনঃ সম্পা.]ঃ অৰুনোদই [১৮৪৬-১৮৫৪], অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ১৯৮৩ চন৷
৬. বৰদলৈ, ৰজনীকান্তঃ মিৰি জীয়ৰী, সাহিত্য প্ৰকাশ, গুৱাহাটী৷
৭. বৰপূজাৰী, ডঃ সূৰ্যকান্ত, ভাৰত বুৰঞ্জী [প্ৰথম খণ্ড], চতুৰ্থ সংস্কৰণ, বিশ্ববিদ্যালয় প্ৰকাশন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, ২০০১ চন৷
৮. বৰপূজাৰী, ডঃ হেৰম্বকান্ত, আমেৰিকান মিছনেৰীসকল আৰু ঊনবিংশ শতিকাৰ অসম, অসম সাহিত্য সভা, যোৰহাট, ১৯৮৩ চন৷
৯. বেজবৰুৱা গ্ৰন্থাৱলী, সাহিত্য প্ৰকাশ, ৩য় খণ্ড, গুৱাহাটী,২০০৫ চন৷
১০. শইকীয়া, চন্দ্ৰ প্ৰসাদ [সম্পা.]ঃ অসমৰ বাতৰি কাকত-আলোচনীৰ ডেৰশ বছৰীয়া ইতিহাস, প্ৰথম প্ৰকাশ, অসমৰ বাতৰি কাকতৰ ডেৰশ বছৰীয়া উদযাপন সমিতি, ১৯৯৮ চন ৷
১১. হাজৰিকা, অতুল চন্দ্ৰঃ ভাষণমালা, প্ৰথম সংস্কৰণ, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ১৯৬০ চন৷
সম্পূৰ্ণকৈ পঢ়ক »

বিহু— ঐতিহ্য পৰম্পৰাৰ সন্ধানত ✍চাও সঞ্জীৱ বৰুৱা, ( জু তাঙ) শিৱসাগৰ

" মোৰ ধন কলীয়া, আলসৰ দেৱতা
নিলগত আছিলে ৰৈ
কলিমতীক লগ পায়
ৰঙালীক লগত লৈ
কলিয়াবৰতে ৰহিলা ঐ "
বিহু অসমীয়া জাতিৰ কৃষি উৎসৱ আৰু বিহু অসমীয়াৰ প্ৰাণৰো প্ৰাণ বুকুৰ আপোন সৰ্বোত্তম লোকসংস্কৃতি ৷ এই লোকসংস্কৃতিৰ আলম লৈ এতিয়া এচাম বেপাৰীৰ নিচিনা লোকে আৰম্ভ কৰিছে কিছুমান বজৰুৱা ৰীতিনীতি ৷ গোসাই বিহুৰ কথা আমি কস্মীন কালেও শুনা নাছিলো ৷ পৰম্পৰাগত ভাৱে পালিত হৈ থকা বিহুক চাও ফা প্ৰমত্তসিংহই ৰংঘৰ নিৰ্মাণ কৰি ৰাজকীয় মৰ্যদাৰে বিহুক ৰাইজৰ মাজলৈ উলিয়াই দিছিল ৷ বিহু আছিল মুলত সাত প্ৰকাৰৰ ৷
১৷ চ'ত বিহু— এসময়ত চ'তৰ মাহ সোমোৱাৰ লগে লগে উজনি অসমৰ ডেকা গাভৰুসকলে বিহুৰ আখৰা আৰম্ভ কৰিছিল ৷ বিহুৰ আখৰা আৰম্ভ কৰাদিনটোক চ'ত বিহু বোলে ৷
২৷ ৰাতিবিহু— চ'তৰ বিহুৰ আৰম্ভণিৰে পৰা ডেকা গাভৰুৱে ৰাতি ৰাতি কৰা আখৰা বিহুক ৰাতি বিহু বোলে ৷
৩৷ গৰু বিহু—চ'ত মাহৰ সংক্ৰান্তিত দিনাখন গাঁও, নগৰ সকলো অঞ্চলতে ৰাতিপুৱা মাহহালধিৰে নোওৱাই গধূলীলৈ নতুন তৰাগছৰ পঘাৰে বান্ধি নানান নিয়মৰে গো সেৱা কৰে ৷ সেইদিনটোক গৰু বিহু বোলে ৷
৪৷ মানুহ বিহু বা চেনেহী বিহু - ব'হাগৰ এক তাৰিখটোৱে মানুহৰ বিহু বোলা হয় ৷ সেইদিনা ইজনে সিজনক আদৰ সন্মান মৰমচেনেহ শ্ৰদ্ধা ভক্তি কৰে ৷ সেইদিনাই পৰাই গৃহস্থৰ ঘৰে ঘৰে চোতালত হুঁচৰি গোৱাৰ পৰম্পৰা আছে আৰু এসময়ত গছ তলৰ গাভৰু বিহুও ব'হাগৰ এক তাৰিখৰ পৰায়ে গাভৰুসকলে আৰম্ভ কৰিছিল
৫৷ কুটুম বিহু— ব'হাগৰ দ্বিতীয়া দিনাখন সাধাৰণতে ঘৰৰ মিতিৰ কুটুমৰ ঘৰলৈ ফুৰিবলৈ যোৱা বাবে কুটুম বিহু বুলি কোৱা হয় ৷
৬৷ হাট বিহু বা মেলা বিহু—ব'হাগৰ দ্বিতীয় দিনটোত নিজৰ যাৱতী়য় নীতি নিয়ম সমূহ শেষ মুকলিমুৰীয়াকৈ সকলোৱে চলা ফুৰা কৰিব পৰা হয় কাৰণে মেলা বিহু বুলি কোৱা হয় ৷
৭৷ চেৰা বিহু— বিহুৰ সাতদিনৰ শেষত বিহু উৰুৱাই দিয়াৰ নিয়ম আছিল ৷ সেইকাৰণে সেইদিনটোক চেৰা বিহু বুলি কোৱা হৈছিল ৷
ঐতিহ্যৰে পৰিপূৰ্ণ বিহুক এতিয়া বহুতে নতুন নতুন পৰম্পৰা সংযোগ কৰি বিহুক বিজতৰীয়া ৰুপ দিবলৈ চেষ্টা কৰাটো খুবেই দুখৰ বিষয় ৷ ঘৰে ঘৰে হুঁচৰি গোৱা পৰম্পৰা লাহে লাহে নোহোৱা হৈ পৰিছে ৷ ঠেলা নাম, যোৰা নাম সমূহ এচাম ব্যৱসায়িক মনোবৃত্তিৰ লোকৰ ক্ষেত্ৰভিত্তিক অধ্যয়নহীনতাৰ বাবে ক্ৰমশঃ লোপ পাবলৈ আৰম্ভ কৰিছে ৷ মন কৰিবলগীয়া কথা হ'ল এচাম বিহু বিচাৰকে অসমৰ বিভিন্ন আঞ্চলিক বিহু সমূহৰ বিষয়ে অধ্যয়ন নকৰাকৈ কেৱল নিজৰ মতামতক শুদ্ধ বুলি গণ্য কৰি বিহুৰ চলতি প্ৰথাক অপমান কৰিব বিচাৰে ৷ বিহু নাচ স্বত:স্ফুত নচানাচ
বিহু নাচ ভংগিমাযুক্ত মুদ্ৰাযুক্ত নাচ নহয় ৷ কিন্তু বৰ্তমান কালৰ এচাম ব্যৱসায়ীক বিহুৱা বিহুৱতীয়ে বিহুনাচত কিছুমান নাভুত নাশ্ৰুত মুদ্ৰা সংযোগ কৰি বিহুৰ নাচকে বিকৃতি কৰিছে ৷
বিলুপ্ত হ'ব অসমীয়া লোক সংস্কৃতিৰ বিহু ৷ গতিকে গ্ৰাম্য সংস্কৃতি বিজতৰীয়া হোৱাৰ আগতেই সময় থাকোতে প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগে ৷ ৰুপান্তৰ মানেই কেৱল পৰিবৰ্তন নহয়, পুৰণি ভেঁটীতে নতুনৰ সৃষ্টিহে ৰুপান্তৰ এই কথাৰ গূহাৰ্থ বুজাই আজিৰ যুৱ সমাজক চোতালৰ হুঁচৰিলৈ টানি আনি লোক সংস্কৃতিৰ নেতৃত্ব দিলে আমাৰ বিহু নিশ্চয় সুৰক্ষিত হৈ থাকিব ৷
প্ৰকৃতিৰ পৰিবৰ্তনত নহয়, মানুহৰ উৎপাতত সাতদিনৰ বিহু আজিৰ তাৰিখত ডেৰমহীয়া হ'ল অৰ্থাৎ পহিলা ব'হাগৰ পৰা জেঠৰ কুৰিদিনলৈ চলি থাকিব বসন্ত উৎসৱ, ব'হাগী বিদায়ৰ নামত ব'হাগৰ কিছুমানৰ বাবে ৰমৰমীয়া ব্যৱসায় ৷ সংস্কৃতি গ্ৰহণৰ নামত কিছুমান অপসংস্কৃতি সৃষ্টি কৰাসকলৰ বিহু সম্পৰ্কীয় জ্ঞানৰ নমুনাও মানিব লগীয়া ৷
বিহু অসমীয়া জাতিৰ কৃষিভিত্তিক উৎসৱ, গৰু বিহুৰ দিনা গৰুক নোওৱাই ,ধুওৱাই সাতদিনলৈ গাঁৱৰ প্ৰতিঘৰত চোতালত হুঁচৰি গাই গৃহস্থক মাংগলিক আৰ্শীবাদ জনাই বছৰটিলৈ খেতিৰ বাবে সাজু কৰাৰ সময় এটা সময় অসমত আছিল ৷ আমিও আজিও সেই পৰম্পৰা জীয়াই ৰাখিবলৈ চেষ্টা নকৰাকৈ থকা নাই ৷ কিন্তু বৰ্তমানৰ আধুনিক শিক্ষাৰে শিক্ষিত এচাম ফটোৱা বিহু বিশেষজ্ঞ, বিচাৰক গৱেষক পণ্ডিতৰ অতপালিত বিহু পৰ্যবেসিত হৈছে ব্যৱসায়লৈ, ক্ৰমান্বয়ে বিহুৱে স্বকীয় বৈশিষ্ট্য ৰক্ষাৰ সীমা অতিক্ৰম কৰিছে ৷ বিহুনামৰ যি মালিত্য সেইয়া ৰক্ষাত গুৰুত্ব নিদি কেৱল প্ৰতিযোগিতাৰ নামত মাজৰাতিলৈকে গাভৰু ছোৱালী নাচ চাই বিচাৰৰ ৰায় দিয়াসকলক নাকী লগোওৱাৰ সময় সমাগত ৷
আমাৰ নিজস্ব অভিজ্ঞতা তথা সুদীৰ্ঘ সময়ছোৱাত বিহু প্ৰাণকেন্দ্ৰ স্বৰুপ শিৱসাগৰ, তিনিচুকীয়া জিলাৰ বিভিন্ন হুঁচৰি লগত জড়িত হৈ এটা কথা অনুভৱ কৰোঁ বিহুৰ ঢোলৰ, পেপাৰ লগতে নাচৰ আঞ্চলিক বৈশিষ্ট্যৰে পৰিপূৰ্ণ, এটা অঞ্চলৰ পেপাৰ সুৰ , ঢোলৰ চেও আন এটা অঞ্চলৰ লগত সম্পূৰ্ণ পাৰ্থক্য আছিল ৷ আহোম, মৰাণ , মটক, মিছিং, দেউৰী সকলোৰে ঢোলৰ ছেও, পেপাৰ লহৰ আদি বেলেগ বেলেগ ৷ আনহাতে অসমৰ জিলাৰ কথা বাদেই, এটা অঞ্চলৰে এখন গাঁৱৰ ঢোলৰ ছেও, পেঁপাৰ লহৰ নিমিলে ৷ ওচৰা-ওচৰিকৈ থকা দুখন গাঁৱতো সেই একেদৰে ছেও-ছাপৰ নিমিলিছিল ৷ সেইকাৰণেই আগৰ বুঢ়াসকলে ঢোলৰ ছাপৰ শুনিয়েই কৈ দিব পাৰিছিল কোন যোৰা বিহু কোন গাঁৱৰ আৰু এইয়া কেৱল সম্ভৱ হৈছিল কেৱল বিহুৰ ঢোলৰ ছেওত আঞ্চলিক বৈশিষ্ট্য থকা বাবে ৷
অতীজৰে পৰা বিহুৰ নামৰ সুৰবোৰো সকলো ঠাইতে একে নাছিল ৷ একেটা নামকে বিভিন্ন ঠাইত বিভিন্ন সুৰত গোৱা হয় ৷ আনহাতে অসমৰ প্ৰায়বোৰ ঠাইত যোজনাবোৰক জোঙলা নাম বুলি কোৱা হৈছিল ৷ ঠিক তেনেকৈয়ে যোৰানামক কোনো ঠাইত ঠেলা নাম আৰু কিছুমান ঠাইত বাগী গীত বুলিও কোৱা হৈছিল ৷ আমাৰ সমাজত বৰ্তমান এনে কিছুমান বিহু বিশেষজ্ঞৰ আৰ্ৱিভাৱ হৈছে যিসকলে ক্ষেত্ৰভিত্তিক অধ্যয়ন নকৰাকৈ নিজৰ মতটোক শুদ্ধ বুলি ভাৱি আনকো অনুসৰণ কৰোওৱাৰ চেষ্টা কৰিছে ৷ আনহাতে এইসকলৰ এচামে বিহুৰ আঞ্চলিক বৈশিষ্ট্য সমূহক আওকাণ কৰি বিহুৰ কৰ্মশালা পাতি বিহুৰ স্বকীয় বৈশিষ্ট্যত বিকৃত ৰুপ দিয়াত ইন্ধন যোগাইছে ৷ এনে এচাম লোকৰ বাবেই আজি বিহু নাচে লোকসংস্কৃতি তথা লোকনৃত্যৰ চৰিত্ৰ হেৰুৱাই দলৱদ্ধ নাচৰ পৰিবৰ্তে একক পৰিৱেশ্য কলালৈ ৰুপান্তৰ ঘটাইছে ৷ গতিকে এইক্ষেত্ৰত সচেতন সকলৰ কৰিবলগীয়া বহুত আছে ৷ নহ'লে অদূৰ ভৱিষ্যতে চোতালৰ সেই চেনেহৰ হুঁচৰিযোৰা বিচাৰি আমি হিয়া ঢাকুৰি কান্দিলেও বিচাৰি যে নাপাম সেইয়া নিশ্চিত ৷
সাময়িক প্ৰেক্ষাপটত কিছুমান পৰিৱেশে বাধ্য কৰাই কিছুমান কথা প্ৰকাশ কৰিবলৈ যিবোৰ কিছুমানৰ মতে অকথ্য ৷ বিগত বৰ্ষৰ কিছু সংখ্যক বিহু মঞ্চত প্ৰতিযোগী সকলক প্ৰশ্নোত্তৰ শিতানত বিচাৰকৰ প্ৰশ্ন কিছুমান শুনি কাণত ঠিলা লগাব হৈছিল ৷ যেনে- এই নাচটো এনেকৈ কাৰ পৰা শিকিলা, ককালটো তেনেকৈ নাভাঙিবা, ঢোলৰ চেওটো ভুল হৈছে, অমুকটো, তমুকটো ঢেৰ ৷ যেনিবা সেই মহা পণ্ডিত কেইজনে বিহুৰ ভূ ভাৰস্তহে আয়ত্ব কৰিলে ৷
বিহু অসমীয়াৰ লোক কৃষ্টি ৷ ঢোল, পেঁপা গগনা আদি অসমীয়াৰ লোককৃষ্টিৰ লোকবাদ্য ৷ বিহুনাচ অসমীয়াৰ লোকনাচ ৷ এটা শিশুক যেনেকৈ হাঁহিবলৈ, বগাবলৈ শিকাব নালাগে ঠিক তেনেকৈ লোকনাচ নাচিবলৈও কাকো শিকাব নালাগে ৷ কিন্তু পৰিতাপৰ বিষয় বাপোতিসাহোন, অসমীয়াৰ প্ৰাণস্বৰুপ বিহু নাচো আজি আমি শিকিব লগা হৈছে ৷ সেইবুলিয়ে জানো আমি নিজৰ ঐতিহ্য পৰম্পৰাকো ত্যাগ কৰিম ৷ এই ঐতিহ্য পৰম্পৰা ত্যাগ কৰিলে বিহুটি লোককৃষ্টি হৈ নাথাকিব ৷
বৰ্তমান বিহুৰ কৰ্মশালা পাতি বিহু শিকাবলৈ লোৱাটো অসমীয়া জাতিৰ বাবে সুভ লক্ষণ ৷ এইক্ষেত্ৰত সকলোৱে সহায় সহযোগ কৰাটো উচিত ৷ কিন্তু মনত ৰখা ভাল যে ঢোল পেঁপা বজাব জানিলেই বা লাখ টকাৰ বিহু সমাজ্ঞীৰ পুৰষ্কাৰ পালেই তেওঁ বিহু বিশেষজ্ঞ, গৱেষক, বিহু সৰ্বস্ব হব নোৱাৰে ৷ বিহুৰ ঐতিহ্য পৰম্পৰাৰ বিষয়ে জানিবলৈ বা হুঁচৰি, গছতলৰ গাভৰু বিহু আৰু ডেকা গাভৰুৰ মুকলি বিহুৰ বিষয়ে জানিবলৈ হলে নিজৰ অঞ্চলৰ বয়োজেষ্ঠ বৃদ্ধসকলক কৰ্মশালালৈ মাতিব লাগে ৷ বিহুৰ ঢোলৰ ছেও আদিৰ আঞ্চলিক বৈশিষ্ট্যৰ কথা আগতে উল্লেখ কৰি আহিছোঁ ৷ গতিকে বিহু কৰ্মশালা পাতিলে সেই অঞ্চলৰ বয়োজেষ্ঠ্য বিহুৱা সকলৰ পুৰণি ঢোলৰ ছেও আদিও শিকোওৱাৰ ব্যৱস্থা কৰিব লাগে ৷ অগত্যা বিহুত থকা অসমৰ আঞ্চলিক বৈশিষ্ট্য সমূহ লোপ পোৱাটো নিশ্চিত ৷
যি চহা গাঁৱৰ হোজা খেতিয়ক শ্ৰেণীয়ে বিহু সৃষ্টি কৰিছিল সেইসকলৰ হাতৰ পৰা বৰ্তমান যাওঁ যাওঁ ৷ গাঁৱলীয়া হোজা সহজ সৰল লোকসকল এতিয়া বিহুৰ কাৰণে এলাগী হৈ পৰিছে ৷ বিহু এতিয়া নগৰীয়া মধ্যবিত্ত শ্ৰেণীৰহে উৎসৱ ৷ বিশ্বায়নৰ প্ৰৱল হেঁচা তথা বহুজাতিক নিগম ,ব্যৱসায়িক প্ৰতিষ্ঠান কিছুমানে ব্যৱসায়ৰ স্বাৰ্থত বিহু পৃষ্ঠপোষকতাৰ বাবে ওলাই আহিছে ৷ এইসকলৰ একমাত্ৰ উদেশ্য হ'ল ব্যৱসায়ৰ ক্ষেত্ৰ বহুলোৱা ৷ অসমীয়া কৃষ্টি সংস্কৃতি ঐতিহ্য পৰম্পৰাৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই ৷ বিশ্বায়নৰ সৈতে সম্পৰ্ক থকা দুটামান অসমীয়া চেনেলে কিছুবছৰৰ পৰা আৰম্ভ কৰিছে লাখটকীয়া বিহুৱতী প্ৰতিযোগিতা, ইয়াৰ বাবে পুৰষ্কাৰৰ বাবে এচাম ডেকা গাভৰু বলীয়া হোৱাৰ দৰে হৈছে ৷ কেনেকৈ পুৰষ্কাৰ পাব পাৰি, টিভিত ওলাব পাৰি তাৰ চিন্তাত বিভোৰ একাংশ ডেকা গাভৰু ৷ গাঁৱত বিহু হওক নহওক, বিহুৰ পৰম্পৰা থাকক নাথাকক তালৈ কাৰো ভ্ৰুক্ষেপ নাই ৷ গাঁৱতেই হওক, চহৰতেই হওক বিহুৰ আখৰা আজি কালি চলে কেৱল সেই প্ৰতিযোগিতাৰ বাবে ৷ গাঁৱৰ গৃহস্থৰ চোতালে চোতালে হুঁচৰি গাবলৈ নহয় ৷ ইয়াৰ উপৰিও বৰ্তমান কালৰ এচাম বিহু বিশেষজ্ঞে হুঁচৰি আৰু অতীতৰ গছ তলৰ গাভৰু বিহুৰ পাৰ্থক্য বুজি নোলোৱাকৈ গৃহস্থৰ চোতালৰ মাংগলিক অনুষ্ঠান হুঁচৰিৰ মাজত গাভৰু ছোৱালী নচুৱাই হুঁচৰিৰ প্ৰৱিত্ৰতা নষ্ট কৰিছে ৷ আমি এটা কথা সদায় মনত ৰখা ভাল যে জেং বিহু বা গাভৰু বিহুত যেনেকৈ পুৰুষৰ স্থান নাই ঠিক তেনেকৈ পুৰুষৰ হুঁচৰিতো গাভৰুৰ স্থান নাই ৷ প্ৰকৃততে ই এটা বিহু বিজতৰীয়া ৰুপহে গঢ়ি তোলা হৈছে ৷ এই বিজতৰীয়া পৰম্পৰাই অসমৰ খিলঞ্জীয়া মৰাণ, মটক, সোণোৱাল কছাৰী আদিক হেয় প্ৰতিপন্ন কৰা হৈছে ৷
কাৰণ এই জনগোষ্ঠীৰ লোক সকলে আজিকোপতি গৃহস্থৰ চোতালত গোৱা মাংগলিক অনুষ্ঠান হুঁচৰি অতীতৰ দৰেই পালন কৰি আহিছে আৰু হুঁচৰিত মহিলাক প্ৰৱেশ কৰিবলৈ নিদিয়ে ৷ যিসকল বিহু প্ৰশিক্ষক, গৱেষক পণ্ডিতে এই বিষয়ে নাজানে তেওঁলোকে ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শন কৰা উচিত ৷
নহ'লে অনাগত বিহু হৈ পৰিব ঐতিহ্য পৰম্পৰাহীন এক লোককৃষ্টি ৷
সম্পূৰ্ণকৈ পঢ়ক »