অজনজাতি অসমীয়াৰ জ্যাতিভিমান ✍ ড° প্ৰফুল্ল মহন্ত

আজি আৰু অস্বীকাৰ কৰা নাযায় যে অসমৰ জাতীয় জীৱনলৈ নামি আহিছে বিভিন্ন ধৰণৰ অবাঞ্চিত বিৰ্পয্যয় ৷ জনজাতিসকলক অৱজ্ঞা কৰা লগতে বহিৰাগত প্ৰবজনকাৰীসকলক গুৰুত্ব দি অহাৰ ফলতে আজি অসমত অসমীয়া জাতিয়ে অস্তিত্বৰ সংকটত ভুগিছে ৷ অস্তিত্বৰ প্ৰতি ভাৱুকি অকল বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ পৰাই অহা নাই, বৰ্ণ হিন্দু আধিপত্যবাদে সৃষ্টি কৰা জনজাতীয় সংঘাতেও ভাবুকি কঢ়িয়াই আনিছে ৷ পৃথক জাতিগত পৰিচয় আৰু ৰাজনৈতিক অধিকাৰৰ দাবীত জনজাতীয় ৰাইজে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিছে ৷ দীঘলীয়া এক জাতীয় আত্মপ্ৰতিষ্ঠাৰ অন্তত পৃথক এটা জাতি আৰু ৰাজনৈতিক গোট হিচাপে আত্মপ্ৰকাশ কৰা বড়োসকলক অসমীয়া বৰ্ণহিন্দু সমাজখনে কোনো কালেই অসমীয়া জাতিৰ অংগ বুলি ভৱাটো দূৰৰ কথা, অসমীয়া বুলিও গণ্য কৰা নাই ৷ অকল বড়োসকলক কিয়, অসমৰ কোনো এটা জনগোষ্ঠীক এই বৰ্ণহিন্দু সমাজখনে অসমীয়া বুলি গণ্য কৰা নাছিল ৷ সেইকাৰণে বড়োসকলৰ লগতে আন জনজাতি সমূহৰ জাতিগত পৰিচয়ক অজনজাতি অসমীয়াই স্বীকাৰ কৰি লব পৰা নাই ৷
গুৰুত্বপূৰ্ণ কথাটো হ'ল অসমীয়া জাতিটো ভাষিক জাতি হ'লেও আৰ্যমূলীয় হিন্দু জাতি ৷ ২০০৬ চনত বিধায়ক কৰেন্দ্ৰ বসুমতাৰীৰ সকিয়নিত হে বড়োসকলৰ লগতে অান জনজাতিসকল অসমীয়া নহয়, অজনজাতিয় অসমীয়া সকলৰ সম্বিত ঘুৰি আহিল যে কোনোকালেই বড়ো তথা আন জনজাতি সকলক অসমীয়া হিচাপে গণ্য কৰা হোৱা নাই ৷ অসম চুক্তিৰ ৬ নং দফাত যেতিয়া কোৱা হ'ল— " অসমীয়া ৰাইজৰ সাংস্কৃতিক, সামাজিক, ভাষিক অস্তিত্ব আৰু ঐতিহ্যৰ সংৰক্ষণ আৰু সংবধৰ্নৰ বাবে উপযুক্ত সাংবিধানিক বিধায়িনী আৰু প্ৰশাসনীক নিৰাপত্তা প্ৰদান কৰা হ'ব ৷ " তেতিয়াই প্ৰশ্ন উঠিল কোন এই অসমীয়া সমাজ? কেন্দ্ৰীয় চৰকাৰৰ প্ৰশ্ন অবান্তৰ নাছিল ৷ বড়ো, দেউৰী, চুতীয়া , কছাৰী, আহোম প্ৰমুখ্যে এই অহিন্দু জনগোষ্ঠী সমূহক হিন্দু প্ৰধান অসমীয়া সমাজ তথা জাতিৰ বাহিৰত হে ঠাই দিয়া হৈছিল ৷ এতিয়া এই অহিন্দু জনগোষ্ঠী সমূহক হিন্দু প্ৰধান অসমীয়া সমাজখনে কোনসতে অসমীয়া বুলি আদৰি লয়? অভিবাসী, বাংলাদেশী মুছলমান সকলৰ মুখত অসমীয়া ভাষাটো সানি দি অসমীয়া জাতিক সংখ্যাগুৰু জাতিত পৰিণত কৰা অজনজাতিয় অসমীয়াই " অৰুণোদয় " উদ্ভাৱিত উমৈহতীয়া দেশী অসমীয়া ভাষাটোৰ লগতে জনগোষ্ঠীয় ভাষা কোৱা জনজাতিসকলক ভাষিক অসমীয়া জাতিৰ ভিতৰত সামৰি লব নোৱাৰিলে, আজিও লোৱা নাই , কোৱাও নাই ৷ আমাৰ আপত্তি সেইখিনিতেই ৷
কথা হ'ল অসমীয়া বিদ্বৎ সমাজৰ অধ্যয়ন আৰু গৱেষণাই কৈছে, সকলো জনগোষ্ঠীয় সংমিশ্ৰণত অসমীয়া জাতিটো গঢ় লৈ উঠিছে আৰু আজিৰ অসমীয়া ভাষাটো সকলোৱে মিলি গঢ়ি লোৱা ভাষা ৷ কিন্তু ইতিহাসে ইয়াৰ এটা মতো সমৰ্থন নকৰে ৷ সকলোৱে মিলি গঢ়ি লোৱা দেশী ভাষাটোক সংস্কৃত ব্যাকৰণৰ খুটিত আঁটি আঁটি বান্ধি অসমীয়া আৰ্যকুলৰ মাতৃভাষাত পৰিণত কৰা হৈছিল ৷ একেদৰেই মংগোলীয় আৰু আৰ্যসকল সকলোৱে জীয়াই থকাৰ তাগিদাত একলগে থাকোতে যিখন সমাজ গঢ় লৈ উঠিছিল, অসমীয়া নামলোৱা এইখন সমাজো আছিল উমৈহতীয়া ৷ সেইখন সমাজৰ বুকুতে সংস্কৃতীয়া অসমীয়া মাতৃভাষাটোক আৰ্যকুলে তেওঁলোকৰ মাতৃভাষাৰুপে খামোচ মাৰি ধৰি আৰ্যগোষ্ঠীয়েই গোটে গোটে অসমীয়া জাতিৰ ৰুপত ঠন ধৰি উঠে ৷ অসমীয়া জাতিটো এফালে যেনেকৈ হিন্দুত্বৰ খুটিট বান্ধ খাই আছিল, আছে তেনেকৈ সংস্কৃত সৰ্বস্ব অসমীয়া ভাষাটো ' ভাৰতবৰ্ষৰ আৰ্য বিলাকৰ ভাষা ' সংস্কৃতৰ খুটিত বান্ধ খাই আছে ৷ জাতিটো ভাষিক জাতি হ'লেও মূলতঃ হিন্দু তথা আৰ্য জাতি ৷ আৰু এঘৰীয়া হৈ থাকিল অহিন্দু জনজাতীয়সকল ৷
এতিয়া লাখটকীয়া প্ৰশ্নটো হ'ল জনজাতিসকল যদি অসমীয়া নহয় , তেনেহ'লে তেওঁলোক অসমীয়া জাতিৰ লগত কিয় থাকিব বা কেনেকৈ থাকিব? সেইসকল জনজাতিৰ ওপৰত অসমীয়া ভাষাটো জাপি দি সকলোকে অসমীয়াকৰণেৰে সামগ্ৰিক ভাৱে অসমত বৰ্ণহিন্দু প্ৰধান অসমীয়া মধ্যশ্ৰেণীৰ প্ৰভুত্ব প্ৰতিষ্ঠা কৰিবলৈ গৈ জনজাতিসকলক পৃথকত্ববাদৰ মুখলৈ ঠেলি দিছে ৷ জনজাতিসকলে অজনজাতি অসমীয়া মধ্যশ্ৰেণীৰ মাতব্বৰী সহ্য কৰি থাকিবলৈ সাজু নহয় কাৰণ অসমখন বৰ্ণাশ্ৰয়ী আৰ্যকুলৰ পৈতৃক সম্পত্তি নহয়, জনজাতিসকলৰ প্ৰাকৃতিক গৃহভূমি ৷ নিজগৃহভূমিত নিজ নিজ পৃথক জাতিগত পৰিচয়ৰে, সকলোলে সম মৰ্যদা, আৰু সমঅধিকাৰ লৈ অসমৰ অসমীয়া হৈ বাচি থাকিব বিচাৰিছিল ৷ কিন্তু অজনজাতীয় আৰ্য সমাজখনে জনজাতি সকলৰ সেই আকাংক্ষাক সন্মান জনাব নোৱাৰিলে যাৰ ফলত জনজাতীয় ৰাইজে অজনজাতিয় অসমীয়া ৰাইজৰ ওপৰত বিশ্বাস হেৰুৱাই পেলালে ৷ জনজাতি সকলৰ বিশ্বাস ঘুৰাই আনিবলৈ হ'লে তেওঁলোকৰ ক্ষোভ আৰু ন্যায্য অধিকাৰক স্বীকৃতি দি, পৃথক জাতিগত পৰিচয়ৰ আকাংক্ষাক সন্মান জনাই সকলোকে সমমৰ্যাদাৰে অসমীয়া জাতিৰ বুকুত আদৰি লব লাগিব ৷ সকলো জনগোষ্ঠীক স্বায়ত্ব শাসনৰ ব্যৱস্থা কৰি সকলোকে অসমৰ ৰাজনৈতিক ক্ষমতাৰ সমভাগ দি ফেডাৰেল আৰ্হিত অসমৰ প্ৰশাসনীয় ব্যৱস্থাটোৰ পুনৰ গঠন কৰিব পৰাৰ ওপৰতে জনজাতি- অজনজাতিৰ ঐক্য সংহতি ৰক্ষা কৰিব পৰাটো নিৰ্ভৰ কৰিছে ৷ শেষত নকবলগীয়া এষাৰ ৷ এই অস্পৃশ্য জনজাতিসকলক স্পৰ্শ কৰিলে বৰ্ণহিন্দুসকল চুৱা, অশুচি হয়, সেয়ে কাপোৰ তিয়াই গা ধুব লাগে ৷ জনাবুজা হোৱাৰ পৰাই অসমীয়া বৰ্ণহিন্দু সমাজৰ এই নগ্ন ৰুপটো অহিন্দু জনজাতি সকলৰ চকুত পৰি আহিছিল ৷ ফলস্বৰুপে একেখন সমাজতে থাকিও এইসকলৰ লগত বৰ্ণহিন্দু সমাজখনৰ সম্পৰ্ক আছিল তেলপানীৰ দৰে ৷ কোনো ভাৱ বিনিময়ৰে দুয়োটা গোটৰ মাজত এখন সেতু নিৰ্মাণৰ কাৰণে কোনেও আন্তৰিক প্ৰয়াস কৰা দেখা নগ'ল ৷ জনজাতি - অজনজাতিৰ মাজৰ ঐক্য সংহতি ৰক্ষা কৰি সকলোকে সামৰি এখন বহুৰঙী অসমীয়া সমাজৰ সপোন বাস্তৱায়িত কৰিবলৈ হ'লে অসমীয়া বৰ্ণহিন্দু সমাজখনে জাত্যভিমান আৰু আধিপত্যবাদী মানসিকতা পৰিহাৰ সচেতনভাৱে পৰিহাৰ কৰিব লাগিব ৷